Terrorism is the biggest problem facing the world: PM Modi
There is a need to ensure that countries supporting and assisting terrorists are held guilty: PM Modi
PM underlines need for reform of the UN Security Council as well as multilateral bodies like the World Trade Organisation and the International Monetary Fund

মান্যবৰ ৰাষ্ট্ৰপতি পুটিন,

মান্যবৰ ৰাষ্ট্ৰপতি জি,

মান্যবৰ ৰাষ্ট্ৰপতি ৰামাফোছা,

মান্যবৰ ৰাষ্ট্ৰপতি বলছোনাৰ

সৰ্বপ্ৰথমে ব্ৰিকছৰ সফল সঞ্চালনাৰ বাবে ৰাষ্ট্ৰপতি পুটিনক অভিনন্দন জনাইছো। আপোনাৰ তত্বাৱধান আৰু প্ৰচেষ্টাৰ বাবে বিশ্ব মহামাৰীৰ সময়তো ব্ৰিকছে নিজৰ গতি অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। মোৰ ভাষণ আগবঢ়োৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামাফোছাক জন্মদিনৰ শুভকামনা জনাইছো।

মান্যবৰ,

এইবছৰৰ এই সন্মিলনৰ বিষয়বস্তু বিশ্বজনীৰ সুস্থিৰতা, সামূহিক নিৰাপত্তা আৰু অভিনৱ বিকাশৰ বাবে ব্ৰিকছৰ সহযোগিতাৰ প্ৰাসংগিকতাটো আছেই, তাতোকৈ ই দূৰদৰ্শী। বিশ্বত গুৰুত্বপূৰ্ণ জিঅ’–ষ্ট্ৰেটেজিক পৰিৱৰ্তন আহি আছে, যাৰ প্ৰভাৱ সুস্থিৰতা, নিৰাপত্তা আৰু বিকাশত পৰিব আৰু এই তিনিটা ক্ষেত্ৰত ব্ৰিকছে মুখ্য ভূমিকা পালন কৰিব।

মান্যবৰ,
এই বছৰ দ্বিতীয় বিশ্বযুদ্ধৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আমি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ইউৰোপ, আফ্ৰিকা আৰু দক্ষিণ-পূব এছিয়াৰ দৰে একাধিক দিশত ভাৰতৰো ২.৫ মিলিয়নতকৈ অধিক বীৰে অগ্ৰণী ভূমিকা পালন কৰিছিল। এই বছৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰো ৭৫তম বৰ্ষপূৰ্তি।

ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে ভাৰতে বহুপাক্ষিকতাৰ দৃঢ় সমৰ্থক। ভাৰতীয় সংস্কৃতিক সমগ্ৰ বিশ্বক এটা পৰিয়াল হিচাপে বিশ্বাস কৰা হয়, সেয়েহে আমাৰ বাবে ৰাষ্ট্ৰসংঘৰ দৰে সংস্থাৰ সমৰ্থন কৰাটো স্বাভাৱিক আছিল। ৰাষ্ট্ৰসংঘৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি অটল আছে-শান্তিৰক্ষা অভিযানত সৰ্বাধিক বীৰ সৈনিক ভাৰতে হেৰুৱাইছে। কিন্তু আজি বহুপাক্ষিক পদ্ধতিয়ে এক সংকটৰ মাজেৰে দিন অতিবাহিত কৰিছে।

বিশ্ব প্ৰশাসনৰ এই সংস্থাৰ বিশ্বাসযোগ্যতা আৰু সক্ৰিয়তা দুয়োটা দিশক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ প্ৰধান কাৰণ এই যে সময়ৰ লগে লগে ইয়াৰ উচিত পৰিৱৰ্তন হোৱা নাই। সংস্থাটো এতিয়াও ৭৫ বছৰৰ পুৰণি বিশ্বৰ মানসিকতা আৰু বাস্তৱিকতাৰ ওপৰত আধাৰিত হৈ আছে।

ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অনিবাৰ্য সংস্কাৰত বিশ্বাসী। এই বিষয়ত আমি আমাৰ ব্ৰিকছ সহযোগী দেশসমূহৰ সমৰ্থন বিচাৰো। ৰাষ্ট্ৰসংঘৰ বাহিৰে বাকী কোনো আন্তঃৰাষ্ট্ৰীয় সংস্থাই বৰ্তমান বাস্তৱসন্মত কাম কৰি থকা নাই। ডব্লিউটিঅ’, আইএমএফ, হুৰ দৰে সংস্থাসমূহো সংস্কাৰ হ’ব লাগে।

মান্যবৰ,

সন্ত্ৰাসবাদ বৰ্তমান বিশ্বৰ সন্মুখত আটাইতকৈ ডাঙৰ সমস্যা। আমি এইটো সুনিশ্চিত কৰিব লাগিব যে সন্ত্ৰাসবাদক সমৰ্থন ততা সহায় কৰা দেশসমূহকো দোষী সাব্যস্ত কৰিব লাগিব আৰু এই সমস্যাক সংগঠিত ৰূপত মোকাবিলা কৰিব লাগিব। মই আনন্দিত যে ৰাছিয়াৰ অধ্যক্ষতাৰ সময়ত ব্ৰিকছ সন্ত্ৰাসবাদ বিৰোধী কৌশলৰ অন্তিম ৰূপ প্ৰদান কৰা হৈছে। এয়া এক গুৰুত্বপূৰ্ণ অভিজ্ঞতা। ভাৰতে এই কাম নিজৰ অধ্যক্ষতাৰ সময়ত আৰু আগুৱাই নিব।

মান্যবৰ,

ক’ভিডৰ পাছত বিশ্বৰ পুনৰুত্থানত ব্ৰিকছ অৰ্থনীতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। আমাৰ দেশসমূহত বিশ্বৰ ৪২শতাংশতকৈ অধিক লোক বসবাস কৰে আৰু আমাৰ দেশ বিশ্ব অৰ্থনীতিৰ মুখ্য ইঞ্জিনসমূহৰ অন্যতম। ব্ৰিকছ দেশসমূহৰ মাজৰ পাৰস্পৰিক ব্যৱসায় বৃদ্ধিৰ যথেষ্ট পৰিসৰ আছে।

আমাৰ পাৰস্পৰিক সংস্থা আৰু পদ্ধতি যেনে-ব্ৰিকছ ইণ্টাৰ বেংক সহযোগিতা ব্যৱস্থা, নিউ ডেভেলপমেণ্ট বেংক, কণ্টিনেণ্ট ৰিজাৰ্ভ এৰেঞ্জমেণ্ট আৰু শুল্ক সহযোগিতা আদিতো গোলকীয় পুনৰুত্থানত আমাৰ সহযোগিতা ফলপ্ৰসূ কৰিব পাৰো।

ভাৰতত আমি ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযানৰ অধীনত  এক ব্যাপক সংস্কাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই অভিযান এই বিষয়ৰ ওপৰত আধাৰিত যে এখন আত্মনিৰ্ভৰ ভাৰত ক’ভিডৰ পাছৰ অৰ্থনীতিৰ বাবে ফৰ্চ মাল্টিপ্লায়াৰত পৰিণত হ’ব পাৰে আৰু  বিশ্ব মূল্য শৃংখলাত এক শক্তিশালী অৱদান আগবঢ়াব পাৰে। ইয়াৰ উদাহৰণ আমি ক’ভিডৰ সময়ছোৱাত প্ৰত্যক্ষ কৰিছো, যেতিয়া ভাৰতীয় ফাৰ্মা উদ্যোগৰ ক্ষমতাৰ বাবে আমি ১৫০তকৈ অধিক দেশৰ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিবলৈ সক্ষম হৈছো।

মই পূৰ্বতে কৈছো আমাৰ ভেকচিন উৎপাদন আৰু বিতৰণ ক্ষমতাও সেইদৰে মানৱতাৰ হিতাৰ্থে কামত আহিব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাই ক’ভিড-১৯ ভেকচিন, চিকিৎসা তথা অনুসন্ধান সম্পৰ্কীয় বৌদ্ধিক সম্পত্তি চুক্তিত ৰেহাই দিয়াৰ প্ৰস্তাৱ লৈছে। মোৰ আশা এই যে ব্ৰিকছৰ অন্য দেশসমূহেও এই দিশত সমৰ্থন কৰিব।

আমাৰ নেতৃত্ব অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনৰ সময়ত ভাৰতে ডিজিটেল স্বাস্থ্য আৰু পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত ব্ৰিকছৰ সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত কাম কৰিব। এই সমস্যাবহুল বৰ্ষতো ৰাছিয়াৰ অধ্যক্ষতাত মানুহৰ মাজৰ সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা লোৱা হৈছে। সেইবোৰৰ ভিতৰত ছবি মহোৎসৱ আৰু  বৈজ্ঞানিক আৰু যুৱ নাগৰিকৰ দৰে কাৰ্যসূচী অন্যতম। ইয়াৰ বাবে ৰাষ্ট্ৰপতি পুটিনক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

মান্যবৰ,

২০২১ চনত ব্ৰিকছৰ ১৫ বছৰ সম্পূৰ্ণ হ’ব। বিগত বৰ্ষসমূহত আমি গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ মূল্যাংকন কৰাৰ বাবে আমাৰ অভিজ্ঞ ব্যক্তিসকলে এক প্ৰতিবেদন প্ৰস্তুত কৰিব পাৰে। ২০২১ত আমাৰ অধ্যক্ষতাৰ সময়ত আমি ব্ৰিকছৰ তিনিওটা স্তম্ভৰ আন্তঃব্ৰিকছ সহযোগিতাক শক্তিশালী কৰাৰ প্ৰচেষ্টা হাতত ল’ম। আমি আন্তঃব্ৰিকছৰ ঐক্যতা বৃদ্ধি আৰু এই উদ্দেশ্যে গাঁথনিগত পৰিকাঠামোৰ বিকাশৰ বাবে প্ৰচেষ্টা হাতত ল’ম। পুনৰবাৰ ৰাষ্ট্ৰপতি পুটিনৰ সকলো প্ৰয়াসৰ অভিনন্দন জনাই মোৰ ভাষণ সামৰিলো। ধন্যবাদ।

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'

Media Coverage

PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Tiruvallur district of Tamil Nadu
June 21, 2026

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to a mishap in Tiruvallur district of Tamil Nadu.

The Prime Minister conveyed his condolences to those who have lost their loved ones.

Shri Modi also prayed for the speedy recovery of the injured.

The Prime Minister’s Office posted on X;

“Deeply pained to hear about the loss of lives due to a mishap in Tiruvallur district of Tamil Nadu. My condolences to those who have lost their loved ones. Praying for the speedy recovery of the injured: PM @narendramodi”