Stresses the need for insulating our planet against the next pandemic
During the pandemic digital technology helped us cope, connect, comfort and console: PM
Disruption does not have to mean despair, we must keep the focus on the twin foundations of repair and prepare: PM
The challenges our planet faces can only be overcome with a collective spirit and a human centric approach: PM
This pandemic is not only a test of our resilience, but also of our imagination. It is a chance to build a more inclusive, caring and sustainable future for all: PM
India is home to one of the world's largest start-up eco systems, India offers what innovators and investors need: PM
I invite the world to invest in India based on the five pillars of: Talent, Market, Capital, Eco-system and, Culture of openness: PM
France and Europe are our key partners, our partnerships must serve a larger purpose in service of humanity: PM

মহোদয়, মোৰ ভাল বন্ধু ৰাষ্ট্ৰপতি মেকৰ’ন,

মি. মৌৰিচ লেভি, পাবলিচিচ গ্ৰুপৰ অধ্যক্ষ,

বিশ্বৰ সকলো প্ৰান্তৰ অংশগ্ৰহণকাৰীসকল,

নমস্কাৰ!

এই কঠিন সময়ত সফলতাৰে ভিভাটেক আয়োজন কৰা বাবে আয়োজকসকললৈ অভিনন্দন৷

এই মঞ্চখনে ফ্ৰান্সৰ প্ৰযুক্তিগত কৰ্ম-আঁচনি প্ৰতিফলিত কৰে৷ ভাৰত আৰু ফ্ৰান্সে বিভিন্ন বিষয়বস্তুৰ উপৰত নিবিড়ভাৱে কাম কৰি আহিছে৷ এইবোৰৰ মাজত, প্ৰযুক্তি আৰু ডিজিটেলো সহযোগিতাৰ ক্ষেত্ৰখনসমূহ হিচাপে উদয় হৈছে৷ তেনে সহযোগিতা আৰু অধিক বৃদ্ধি পোৱাটো সময়ৰ এক আহ্বান৷ ইয়ে কেৱল আমাৰ দেশসমূহকে সহায় নকৰিব বৰঞ্চ সমগ্ৰ বিশ্বকো বহুলভাৱে সহায় কৰিব৷

বহু যুৱক-যুৱতীয়ে ফ্ৰান্স অ’পেন অতি উৎসাহেৰে উপভোগ কৰে৷ আমাৰ এক প্ৰযুক্তিগত কোম্পানীসমূহৰ মাজৰে এটা কোম্পানী, ইনফোচিচ এ এই প্ৰতিযোগীতাত প্ৰযুক্তিগত সহযোগীতা আগবঢ়াই৷ তেনেদৰে, ফ্ৰান্সৰ কোম্পানী এটোচ ভাৰতত ক্ষিপ্ৰতম চুপাৰ কম্পিউটাৰ তৈয়াৰ কৰা এক প্ৰকল্পত জড়িত৷ সেয়া লাগিলে ফ্ৰান্সৰ কেপগেমিনি এ হওঁক বা ভাৰতৰ টিচিএচ আৰু উইপ্ৰ’ ই হওঁক, আমাৰ আইটি প্ৰতিভাই কোম্পানীসমূহ আৰু সমগ্ৰ বিশ্বতে সেৱা আগবঢ়াই আহিছে৷

বন্ধুসকল,

মই বিশ্বাসী কৰো- যত প্ৰচলিত ব্যৱস্থা বিফল হয়, তাতে উদ্ভাৱনে সহায় কৰিব পাৰে৷ এইটো দেখা গ’ল ক’ভিড-১৯ বিশ্ব মহামাৰীৰ সময়ত, যিটো আমাৰ সময়ৰ আটাইতকৈ ডাঙৰ ব্যাঘাত৷ সকলো ৰাষ্ট্ৰই ক্ষতিগ্ৰস্থ হৈছে আৰু ভৱিষ্যতৰ বাবে উদ্বেগ অনুভৱ কৰিছিল৷ ক’ভিড-১৯ এ আমাৰ বহুতো প্ৰচলিত ব্যৱস্থাৰ পৰীক্ষা লৈছিল৷ তথাপিও, উদ্ভাৱনে আহি এইসমূহ ৰক্ষা কৰিলে৷ উদ্ভাৱন বুলি মই বুজাব বিছাৰিছো:

মহামাৰীৰ পূৰ্ববৰ্তী উদ্ভাৱন

মহামাৰীৰ পৰবৰ্তী উদ্ভাৱন

যেতিয়া মই মহামাৰীৰ পূৰ্ববৰ্তী উদ্ভাৱনৰ কথা কৈছো, তেতিয়া মই ইতিমধ্যে আমাৰ মাজত বিদ্যমান অগ্ৰগতিসমূহৰ কথা উল্লেখ কৰিছো যিয়ে আমাক মহামাৰীৰ সময়ত সহায় কৰিছিল৷ ডিজিটেল প্ৰযুক্তিয়ে আমাক মোকাবিলা কৰিবলৈ, সংযুক্ত হৈ থাকিবলৈ, স্বাচ্ছন্দ্যকৰভাৱে আৰু প্ৰবোধ প্ৰদানত সহায় কৰিছিল৷ জিজিটেল মাধ্যমেৰে, আমি কাম কৰিব পাৰো, আমাৰ প্ৰিয়জনৰ সৈতে কথা-বতৰা পাতিব পাৰো, আৰু আনক সহায় কৰিব পাৰো৷ ভাৰতৰ সাৰ্বজনীন তথা অনন্য বায়-মেট্ৰিক ডিজিটেল পৰিচয়ক প্ৰণালী- আধাৰ এ- দৰিদ্ৰসকলক সয়মমতে আৰ্থিক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিলে৷ আমি ৮০০ মিলিয়ন লোকক বিনামূলীয়া খাদ্য যোগান ধৰিব পাৰিছিলো, আৰু বহুতো পৰিয়ালক ৰন্ধ্ৰন-ইন্ধ্ৰনৰ আৰ্থিক সাহাৰ্য্যসমূহ প্ৰদান কৰিব পৰিছিলো৷ আমি শিক্ষাৰ্থীসকলৰ সহায়ৰ বাবে ভাৰতত দুটা ৰাজহুৱা শিক্ষা কাৰ্যসূচী- স্বয়ম আৰু দিক্ষা- কম সময়তে কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছিলো?

দ্বিতীয় অংশ, মহামাৰীৰ বাবে উদ্ভাৱনে কওঁতে বুজাই যে মানৱজাতিয়ে এই উপলক্ষত কিদৰে থিয় দিছিল আৰু ইয়াৰ বিৰূদ্ধে কিদৰে অধিক কাৰ্য্যকৰীভাৱে যুঁজ দিছিল৷ এই ক্ষেত্ৰত, আমাৰ ষ্টাৰ্টত-আপ খণ্ডৰ ভূমিকা, সৰ্বোচ্চ আছিল৷ আহক মই ভাৰতৰ এটা উদাহৰণ দিওঁ৷ যেতিয়া মহামাৰীয়ে আমাৰ উপকূলসমূহত আঘাট হানে, তেতিয়া আমাৰ পৰীক্ষা কৰাৰ ক্ষমতা পৰ্যাপ্ত পৰিমাণৰ নাছিল আৰু মাস্কসমূহ, পিপিই, ভেন্টিলেটসমূহ আৰু তেনেধৰণৰ সজুঁলিৰ অভাৱ আছিল৷ আমাৰ ব্যক্তিগত খণ্ডই এই অভাৱ পূৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ আমাৰ ডাক্তৰসকলে বিস্তৃতভাৱে টেলি-মেডিচিন গ্ৰহণ কৰিছিল যাতে কিছুমান কভিড আৰু কভিডৰ বাহিৰে অন্য সমস্যাসমূহ ভাৰ্চুৱেল পদ্ধতিৰে সম্বোধন কৰিব পাৰে৷ ভাৰতত দুটা ভেকচিন তৈয়াৰ কৰা হৈ আছে আৰু বহুতো বিকাশ বা ট্টায়েলৰ স্তৰত আছে৷ চৰকাৰৰ তৰফৰ পৰা, আমাৰ থলুৱা আইটি প্লেটফৰ্ম, আৰোগ্য-সেটু ই কাৰ্য্যকৰী সংস্পৰ্শ সন্ধান সক্ষম কৰিছে৷ আমাৰ COWIN ডিজিটেল প্লেটফৰ্মে ইতিমধ্যেই লক্ষ লক্ষ মানুহক ভেকচিন গ্ৰহণ কৰাত সহায় কৰিছে৷ যদি আমি উদ্ভাৱণ নকৰিলোহেতেন, তেনেহ’লে ক’ভিড-১৯ ৰ বিৰূদ্ধে আমাৰ যুঁজখন দূৰ্বল হৈ পৰিলহেতেন৷ আমি অৱশ্যেই এই উদ্ভাৱণী উদ্যম ত্যাগ নকৰা উচিত যাতে আমি পৰবৰ্তী আঘাতসমূহৰ বাবে অধিক সাজু হৈ থাকিব পাৰো৷

বন্ধুসকল,

প্ৰযুক্তি আৰু ষ্টাৰ্টত-আপ জগতত ভাৰতৰ গতিবিধিসমূহ সুপৰিচিত৷ আমাৰ দেশ বিশ্বৰ সৰ্ববৃহৎ ষ্টাৰ্টত-আপ পৰিস্থিতিতন্ত্ৰৰ আৱাসস্থল৷ সাম্প্ৰতিক বছৰসমূহত বহুতো ইউনিকৰ্ন আহিছে৷ উদ্ভাৱকসকল আৰু বিনিয়োগকাৰীসকলৰ যি প্ৰয়োজন ভাৰতে সেয়া প্ৰদান কৰে৷ মই পাঁচটা স্তম্ভঃ প্ৰতিভা, বজাৰ, মূলধন, পৰিস্থিতিতন্ত্ৰ আৰু, উন্মূক্ত সংস্কৃতিৰ উপৰত ভিত্তি কৰি ভাৰতত বিনিযোগৰ বাবে বিশ্বক আহ্বান জনাওঁ৷

ভাৰতৰ প্ৰযুক্তি প্ৰতিভাৰ যৌথ সম্পদ বিশ্বব্যাপী বিখ্যাত৷ ভাৰতীয় যুৱকসকলে বিশ্বৰ বহুতো জৰুৰীকালীন সমস্যাৰ প্ৰযুক্তিগত সমাধানসমূহ প্ৰদান কৰিছে৷ আজি, ভাৰতত এক দশমিক এক আঠ বিলিয়ন মোবাইল ফোন আছে আৰু সাত শ পসত্তৰ মিলিয়ন ইন্টাৰনেট ব্যৱহাৰকাৰী আছে৷ এইটো বহুটো দেশৰ জনসংখ্যাতকৈ অধিক৷ বিশ্বত ভাৰতত ডাটাৰ খৰচ সৰ্বাধিক আৰু সস্তীয়া৷ ভাৰতীয়সকল সামাজিক মাধ্যমৰ সৰ্ববৃহৎ ব্যৱহাৰকাৰী৷ এয়া এক বিচিত্ৰ আৰু বিস্তৃত বজাৰ যি আপোনাৰ বাবে ৰৈ আছে৷

বন্ধুসকল,

এই ডিজিটেল বিস্তাৰ পৰিচালনা কৰা হৈছে অত্যাধুনিক ৰাজহুৱা ডিজিটেল আন্তঃগাঠনি তৈয়াৰৰ দ্বাৰা৷ পাঁচশ তেইশ হাজাৰ কিলোমিটাৰ ফাইবাৰ অপটিক নেটৱৰ্ক ইতিমধ্যে আমাৰ এশ ছাপন্ন হাজাৰ গাওঁ পঞ্চায়তৰ সৈতে সংযোগ কৰা হৈছে৷ আহিব লগীয়া সময়ত আৰু বহুতো সংযোগ কৰা হ’ব৷ সমগ্ৰ দেশে ৰাজহুৱা ৱাই-ফাই আহি আছে৷ একেদৰে, ভাৰতে সক্ৰিয়ভাৱে কাম কৰি আছে উদ্ভাৱণৰ এক সংস্কৃতিক প্ৰতিপালনৰ বাবে৷ অটল উদ্ভাৱণী অভিযানৰ অধীনত সাত হাজাৰ পাঁচশ বিদ্যালয়ত অত্যাধুনিক উদ্ভাৱণী গৱেষণাগাৰ আছে৷ আমাৰ শিক্ষাৰ্থীসকলে, বিদেশৰ শিক্ষাৰ্থীসকলকো সামৰি অসংখ্য হেকাথ্ৰনত অংশগ্ৰহণ কৰে৷ এইটোই তেওঁলোকক অত্যন্ত প্ৰয়োজনীয় বিশ্ব প্ৰতিভা আৰু শ্ৰেষ্ঠ অনুশীলনসমূহৰ সংস্পৰ্শলৈ আনে৷

বন্ধুসকল,

যোৱা কিছুবছৰত, আমি বিভিন্ন ক্ষেত্ৰত বহুতো বাধাৰ সন্মূখীন হৈছো৷ ইয়াৰ বহুতো এতিয়াও আছে৷ তথাপিও, বাধা মানেই হতাশা নুবুজাই৷ তাৰ সলনি, আমি মেৰামতি আৰু সষ্টম এই দ্বৈত বুনিয়াদৰ উপৰত দৃষ্টি নিবন্ধ ৰাখিব লাগে৷ যোৱা বছৰ এইটো সময়ত, সমগ্ৰ বিশ্বই এক ভেকচিনৰ সন্ধান কৰিছিল৷ আজি, আমাৰ হাতত বেচ কেইটামান আছে৷ একেদৰে, আমি স্বাস্থ্য আন্তঃগাঠনি আৰু আমাৰ অৰ্থনীতিবোৰ মেৰামতি অব্যাহত ৰাখিব লগা হৈছে৷ আমাৰ ভাৰতত, খনন, মহাকাশ, বেংকিং, আণৱিক শক্তি আৰু বহুততে ক্ষেত্ৰকে ধৰি বিস্তৃত ক্ষেত্ৰসমূহত সংস্কাৰ বাস্তবায়িত কৰিছো৷ এইটোই ইয়াকে প্ৰতিপন্ন কৰে যে এখন ৰাষ্ট্ৰ হিচাপে ভাৰত অনুকূল আৰু গতিশীল, আনকি এনেধৰণৰ মহামাৰীৰ মাজতো৷ আৰু মই যেতিয়া কওঁ- সষ্টম- মই বুজাওঁ যেঃ পৰবৰ্তী মহামাৰীৰ বাবে আমাৰ গ্ৰহটোক নিলগাই ৰখা৷ পৰিবেশতান্ত্ৰিক অৱক্ষয় ৰোধ কৰাৰ বাবে আমাৰ দীৰ্ঘস্থায়ী জীৱনশৈলীসমূহৰ উপৰত দৃষ্টি ৰখাটো নিশ্চিত কৰা৷ তাৰোপৰি গৱেষণা তথা উদ্ভাৱণৰ বাবে সহযোগিতা শক্তিশালী কৰা৷

বন্ধুসকল,

আমাৰ গ্ৰহটোই মূখামূখী হোৱা প্ৰত্যাহ্বানসমূহৰ অতিক্ৰম কৰিব পাৰি কেৱলমাত্ৰ এক সন্মিলিত উদ্যম আৰু মানৱতা কেন্দ্ৰিক পদক্ষেপৰ জড়িয়তে৷ ইয়াৰ বাবে, মই ষ্টাৰ্টত-আপ সম্প্ৰদায়ক নেতৃত্ব ল’বলৈ আহ্বান জনাওঁ৷ ষ্টাৰ্টত-আপ ক্ষেত্ৰখনত যুৱকসকলৰ আধিপত্য আছে৷ এইসকলে মানুহ অতীতৰ বোজাৰ পৰা মুক্ত৷ তেওঁলোকৰ বাবে শ্ৰেষ্ঠ স্থান বিশ্ব ৰূপান্তৰ পৰিচালিত কৰা৷ আমাৰ ষ্টাৰ্টত-আপ এ স্বাস্থ্যখণ্ড, পৰিবেশ-হিতৈষী প্ৰযুক্তি আৱৰ্জনাৰ পুনৰ্ব্যৱহাৰ্য্যকৰণ সামৰি, কৃষি, শিক্ষাৰ বাবে নতুন যুগৰ সজুঁলিৰ দৰে ক্ষেত্ৰসমূহ নিশ্চয় অন্বেষণ কৰিব লাগে৷

বন্ধুসকল,

এক মুক্ত সমাজ আৰু অৰ্থনীতি হিচাপে, আন্তঃৰাষ্ট্ৰীয় প্ৰণালীৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ এক ৰাষ্ট্ৰ হিচাপে, ভাৰতৰ বাবে অংশীদাৰীত্ব গুৰুত্বপূৰ্ণ৷ ফ্ৰান্স আৰু ইউৰোপ আমাৰ গুৰু্ত্বপূৰ্ণ অংশীদাৰসকলৰ মাজত আছে৷ ৰাষ্ট্ৰপতি মেকৰ’ন সৈতে মোৰ কথোপকথনত, মে মাহত পাৰ্থোত ইউৰোপিয়ান সংঘৰ নেতৃত্ববৃন্দৰ সৈতে মোৰ সন্মিলনত, ষ্টাৰ্টত-আপৰ পৰা কোৱান্টাম কম্পিউটিংলৈ, ডিজিটেল অংশীদাৰীত্ব এক মূখ্য প্ৰাথমিকতা হিচাপে হিচাপে উদয় হৈছিল৷ ইতিহাসে দেখুৱাইছে যে নতুন প্ৰযুক্তিত নেতৃত্বই অৰ্থনৈতিক শক্তি, কৰ্মসংস্থাপন আৰু সমৃদ্ধি পৰিচালনা কৰে৷ কিন্তু, আমাৰ অংশীদাৰীত্বই অৱশ্যেই, মানৱতাৰ সেৱাত এক বৃহৎ উদ্দেশ্যেও পূৰণ কৰিব লাগে৷ এই মহামাৰীৰ কেৱল আমাৰ সহনশীলতাৰে নহয়, আনকি আমাৰ কল্পনাৰো পৰীক্ষা৷ এইটো আমাৰ সকলোৰে বাবে আৰু অধিক অন্তৰ্ভূক্ত, যত্নশীল আৰ দীৰ্ঘস্থায়ী ভৱিষ্যতত গঢ়ি তোলাৰ বাবে এক সুযোগ৷ ৰাষ্ট্ৰপতি মেকৰ’নৰ দৰে, মোৰ আমাৰ সেই ভৱিষ্যত অৰ্জনৰ বাবে বিজ্ঞানৰ শক্তিৰ আৰু উদ্ভাৱণৰ সম্ভাৱণাৰ উপৰত বিশ্বাস আছে৷

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways records highest-ever daily bookings, 22.26 lakh tickets booked

Media Coverage

Indian Railways records highest-ever daily bookings, 22.26 lakh tickets booked
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister remembers victims of 9/11 attacks, reiterates unwavering resolve to combat terrorism
September 11, 2026

The Prime Minister, Shri Narendra Modi has remembered and honoured the victims of the horrific 9/11 attacks on the 25th anniversary and expressed solidarity with the families whose lives were forever changed.

Shri Modi said that terrorism has claimed countless lives around the world and noted that, as a victim of cross-border terrorism, India has been at the forefront of the fight against terrorism for several decades.

He further added that while the threat of terrorism continues to evolve, India’s resolve and opposition to terrorism in all its forms and manifestations remain unwavering. He expressed solidarity with all efforts to combat this scourge.

The Prime Minister also shared glimpses from his visit to the 9/11 Memorial & Museum in 2014.

In a post on X, Shri Modi said;

“25 years on from the horrific 9/11 attacks, we remember and honour the victims and stand in solidarity with the families whose lives were forever changed.

Terrorism has claimed countless lives around the world. As a victim of cross-border terrorism, India has been at the forefront of this fight for several decades.

While the threat keeps evolving, our resolve and opposition to terrorism in all its forms and manifestations remain unwavering. We stand in solidarity with all efforts to combat this scourge.

Here are glimpses from my visit to the 9/11 Memorial & Museum in 2014.”