Share
 
Comments
"শিক্ষাৰ ক্ষেত্ৰত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰচেষ্টাই আমাৰ সকলোকে অনুপ্ৰাণিত কৰে"
"ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি যি এজন শিক্ষকো, তেওঁক সম্বৰ্ধনা জনোৱাটো অধিক গুৰুত্বপূৰ্ণ"
"এজন শিক্ষকৰ ভূমিকা হৈছে এজন ব্যক্তিক পোহৰ প্ৰদৰ্শন কৰা, আৰু তেওঁলোকেই সপোনবোৰ ৰোপণ কৰে আৰু তেওঁলোকক সপোনবোৰ সমাধানলৈ পৰিৱৰ্তন কৰিবলৈ শিকায়"
"ৰাষ্ট্ৰীয় শৈক্ষিক নীতি এনেদৰে আত্মস্থ কৰাৰ প্ৰয়োজন আছে যাতে এই চৰকাৰী দস্তাবেজখন শিক্ষাৰ্থীসকলৰ জীৱনৰ আধাৰত পৰিণত হয়"
"সমগ্ৰ দেশত এনে কোনো শিক্ষাৰ্থী থাকিব নালাগে যাৰ ২০৪৭ চনৰ বাবে কোনো সপোন নাই"
"দাণ্ডি যাত্ৰা আৰু ভাৰত ত্যাগৰ মাজৰ বছৰবোৰত দেশক আৱৰি ধৰা আত্মাক পুনৰ সৃষ্টি কৰিব লাগিব"

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী ধৰ্মেন্দ্ৰ জী, অন্নপূৰ্ণা দেৱী জী আৰু দেশজুৰি অহা মোৰ সকলো শিক্ষক বন্ধুসকল আৰু আপোনালোকৰ মাধ্যমত এক প্ৰকাৰে মই আজি দেশৰ সকলো শিক্ষকৰ সৈতেও কথা পাতি আছো।

দেশে আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ ডক্টৰ ৰাধাকৃষ্ণণ জীক তেওঁৰ জন্ম দিৱসত আদৰাঞ্জলি দি আছে আৰু এয়া আমাৰ সৌভাগ্য যে আমাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিও টিচাৰ। তেওঁৰ জীৱনৰ প্ৰাৰম্ভিক কাল তেওঁ শিক্ষক হিচাপে কাম কৰিলে আৰু সেয়াও দূৰ-সুদূৰ উৰিষ্যাৰ ভিতৰুৱা অঞ্চলত আৰু তাৰ পৰাই তেওঁৰ জীৱন বিভিন্ন প্ৰকাৰে আমাৰ বাবে সুখদায়ক সংযোগ আৰু এনে টিচাৰ ৰাষ্ট্ৰপতিৰ হাতেৰে আপোনালোকৰ সন্মান হৈছে যেতিয়া এয়া আপোনালোকৰ বাবে গৌৰৱৰ কথা।

চাওক, আজি যি সময়ত দেশে স্বাধীনতাৰ অমৃত কালৰ নিজৰ বৃহৎ সপোন সাকাৰ কৰিবলৈ একত্ৰিত হৈছে, সেই সময়ত শিক্ষাৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণ জীৰ প্ৰয়াসে আমাক সকলোকে অনুপ্ৰাণিত কৰিছে। এই উপলক্ষে মই ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আপোনালোক সকলো শিক্ষকক, ৰাজ্যসমূহতো এনে ধৰণৰ পুৰস্কাৰ দিয়া হয়, সেই সকলকো মই বহুত বহুত অভিনন্দন জনাইছো।

বন্ধুসকল,

এতিয়া মই বহু শিক্ষকৰ সৈতে কথাপতাৰ সুযোগ পালো। সকলো বেলেগ বেলেগ ভাষা কয়, বেলেগ বেলেগ প্ৰয়োগ কৰা লোক। ভাষা বেলেগ হ'ব, ক্ষেত্ৰ বেলেগ হ'ব, সমস্যা বেলেগ হ'ব, কিন্তু এইটোও আছে যে ইয়াৰ মাজত আপোনালোক যিমানেই নহওক, আপোনালোক সকলোৰে মাজত এটা সমতা আছে আৰু সেয়া হৈছে আপোনালোকৰ কৰ্ম, আপোনালোকৰ বিদ্যাৰ্থীৰ প্ৰতি সমৰ্পণ আৰু এই সমতাই আপোনালোকৰ ভিতৰত যি সবাতোকৈ ডাঙৰ কথা আৰু আপোনালোকে হয়তো দেখিছে যি সফল টিচাৰ হৈছে তেওঁ কেতিয়াও শিশুক এই কথা নকয় যে এয়া তুমি পৰা কাম নহয়, নকয়। টিচাৰৰ সকলোতকৈ ডাঙৰ শক্তি হৈছে, সেয়া হৈছে পজিটিভিটি, সকাৰাত্মকতা। কিমান শিশু লিখা-পঢ়াত সম্পূৰ্ণ নহওক…আৰে কৰা বোপাই হৈ যাব। আৰে চোৱা তেওঁ কৰিলে তুমিও কৰা, হৈ যাব।

অৰ্থাৎ আপুনি চাব তেওঁ নাজানেই, কিন্তু টিচাৰৰ গুণত থাকে। তেওঁ প্ৰতিবাৰেই পজিটিভেই ক'ব, তেওঁ কেতিয়াও কাকো নিগেটিভ কমেণ্ট কৰি নিৰাশ কৰা বা হতাশ কৰি দিয়াটো তেওঁৰ প্ৰকৃতিত নাই। আৰু এজন শিক্ষকৰ ভূমিকাই ব্যক্তিক পোহৰ দেখুওৱাৰ কাম কৰে। তেওঁলোকে সপোন সৃষ্টি কৰে, শিক্ষকে প্ৰতিজন শিশুৰ ভিতৰত সপোন সৃষ্টি কৰে আৰু সেয়া সংকল্পলৈ পৰিৱৰ্তিত কৰাৰ প্ৰশিক্ষণ দিয়ে যে চোৱা এই সপোন সম্পূৰ্ণ হ'ব পাৰে, তুমি এবাৰ সংকল্প লোৱা, লাগি যোৱা। আপোনালোকে হয়তো দেখিছে যে সেই শিশুৱে সপোনক সংকল্পলৈ পৰিৱৰ্তিত কৰে আৰু টিচাৰে যি পথ দেখুৱায়, তাৰ জৰিয়তে তেওঁ সেয়া সিদ্ধ কৰে। অৰ্থাৎ সপোনৰ পৰা সিদ্ধিলৈকে এই সম্পূৰ্ণ যাত্ৰা সেই প্ৰকাশ পুঞ্জৰ সৈতে থাকে, যি কোনো টিচাৰে তেওঁৰ জীৱনত সপোন সৃষ্টি কৰিছিল, দ্বীপ জ্বলাইছিল। যি তেওঁক কিমান প্ৰত্যাহ্বান আৰু আন্ধাৰৰ মাজত পথ দেখুৱাইছিল।

আৰু আজি দেশেও নতুন সপোন, নতুন সংকল্প লৈ এনেকুৱা এটা কেঁকুৰিত থিয় দিছে যে আজি যি প্ৰজন্ম আছে, যিসকল বিদ্যাৰ্থী অৱস্থাত আছে, ২০৪৭ত হিন্দুস্তান কেনেকুৱা হ'ব, এয়া তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিব। আৰু তেওঁলোকৰ জীৱন আপোনালোকৰ হাতত। ইয়াৰ অৰ্থ হৈছে এইটো যে ২০৪৭ত দেশ গঢ়াৰ কাম আজি যিসকল টিচাৰ, যি অনাগত ১০ বছৰ, ২০ বছৰ সেৱা দিব, তেওঁলোকৰ হাতত ২০৪৭ৰ ভৱিষ্যৎ নিৰ্ণয় হ'ব।

আৰু সেয়ে আপোনালোকে এখন স্কুলত চাকৰি কৰে, এনেকুৱা নহয়, আপোনালোকে এটা শ্ৰেণীকোঠাত শিশুসকলক পঢ়ায়, এনেকুৱা নহয়, আপোনালোকে এটা পাঠ্যক্ৰম এটেণ্ড কৰে, এনেকুৱা নহয়। আপোনালোকে তেওঁলোকৰ সৈতে সংযুক্ত হৈ, তেওঁলোকৰ জীৱন গঢ়াৰ কাম আৰু তেওঁলোকৰ জীৱনৰ মাধ্যমত দেশ গঢ়াৰ সপোন লৈ আগবাঢ়ে। যি টিচাৰৰ সপোন নিজৰে সৰু হয়, তেওঁৰ মগজুত ১০ৰ পৰা ৫লৈকেহে সোমাই থাকে। আজি চাৰিটা পিৰিয়ড ল'বলগা আছে, সিমানতে থাকে। তেতিয়া তেওঁলোকে, তাৰবাবে যদিও দৰমহা লয়, এক তাৰিখলৈ তেওঁলোকে অপেক্ষা কৰে, কিন্তু তেওঁলোকৰ আনন্দ নাথাকে, তেওঁলোকক সেই বস্তুবোৰ বোজা যেন লাগে। কিন্তু যেতিয়া তেওঁলোকৰ সপোনৰ সৈতে তেওঁলোক জড়িত হৈ পৰে, তেতিয়া এইবোৰ একো বস্তু তেওঁলোকৰ বোজা যেন নালাগে। তেওঁলোকৰ লাগে যেন আৰে! মোৰ এই কামেৰে তো মই দেশক ইমান ডাঙৰ অৰিহণা যোগাম। যদি মই খেলৰ পথাৰত এজন খেলুৱৈ সৃষ্টি কৰো আৰু মই সপোন সজালে এদিন নহয় এদিন মই সেয়া পৃথিৱীত ক'ৰবাত নহয় ক'ৰবাত ত্ৰিৰংগা পতাকাৰ সন্মুখত থিয় হোৱাটো চাব বিচাৰো…আপোনালোকে কল্পনা কৰিব পাৰে যে, আপোনালোকে সেই কামৰ কিমান আনন্দ পাব। আপোনালোকে ৰাতি ৰাতি সাৰে থকাৰ কিমান আনন্দ পাব।

আৰু সেয়ে টিচাৰৰ মনত কেৱল সেই শ্ৰেণীকোঠা, সেই নিজৰ পিৰিয়ড, চাৰিটা ল'ব লাগিব, পাঁচটা ল'ব লাগিব,  তেওঁ আজি অহা নাই সেয়ে তেওঁৰ সলনি মই যাব লাগিব, এই সকলো বোজাৰ পৰা মুক্ত কৰি…মই আপোনালোকৰ জটিলতা জানো, সেয়ে কৈ আছো…সেই বোজাৰ পৰা মুক্ত হৈ যদি আমি এই শিশুসকলৰ সৈতে, তেওঁলোকৰ জীৱনৰ সৈতে সংযুক্ত হওঁ।

দ্বিতীয়তে, আল্টিমেটলি আমি শিশুসকলক পঢ়াবতো লাগিবই, জ্ঞান দিবই লাগিব, কিন্তু আমি তেওঁলোকৰ জীৱন গঢ়িব লাগিব। চাওক, আইচলেচনত, নিঃসংগতাত জীৱন নহয়। শ্ৰেণীকোঠাত তেওঁ এটা চাই ল'ব, স্কুল পৰিসৰত বেলেগ এটা দেখিব, ঘৰ পৰিৱেশত কিবা বেলেগ দেখিলে, তেতিয়া শিশু কনফ্লিক্ট আৰু কনট্ৰেডিকচনত আবদ্ধ হৈ পৰে। তেওঁৰ ধাৰণা হয়, মাইতো এইবুলি কৈ আছিল আৰু টিচাৰেতো এইবুলি কৈ আছিল আৰু শ্ৰেণীত বাকী যিসকল লোক আছিল, তেওঁলোকে তো এনেকৈ কৈ আছিল। সেই শিশুক দ্বিধাৰ জীৱনৰ পৰা বাহিৰলৈ উলিওৱাই আমাৰ কাম। কিন্তু তাৰ কোনো ইনজেকচন নাই যে আজি এই ইনজেকচন লৈ লোৱা, তুমি দ্বিধাৰ পৰা বাহিৰ। টীকা লগাই দিয়া, দ্বিধাৰ পৰা বাহিৰ, এনেকুৱা তো নহয়। আৰু ইয়াৰ বাবে টিচাৰৰ বাবে অত্যন্ত দৰকাৰ যে কিবা ইণ্টেগ্ৰেটেড এপ্ৰোচ ইয়াৰ থাকিব লাগিব।

কিমান টিচাৰ আছে, যি ষ্টুডেণ্টছৰ পৰিয়ালক জানে, কেতিয়াবা পৰিয়ালক লগ পাইছে, কেতিয়াবা তেওঁলোকক সুধিছে যে ঘৰলৈ আহি কি কৰে, কেনেকুৱা কৰে, আপোনালোকৰ কি ভাব হয়। আৰু কেতিয়াবা এই কথা কৈছেনে যে চাওক, মোৰ ক্লাছলৈ আপোনাৰ শিশু আহে, এওঁৰ এইটো বহুত ভাল শক্তি। আপুনি অলপ এওঁক ঘৰতো চাব, বহুত আগবাঢ়িব। মই তো আছোৱেই, টিচাৰৰ ফালৰ পৰা মই কোনো অভাৱ নাৰাখো, কিন্তু আপুনি অলপ মোৰ সহায় কৰক।

তেতিয়াই সেই ঘৰৰ লোকসকলৰ ভিতৰতো এটা সপোন সৃষ্টি কৰি আপুনি আহি যায় আৰু তেওঁলোক আপোনাৰ সহযাত্ৰী হৈ পৰে। তেতিয়া ঘৰো নিজে নিজেই পাঠশালা সংস্কাৰৰ হৈ পৰে। যি সপোন আপোনালোকে শ্ৰেণীকোঠাত সৃষ্টি কৰে, সেই সপোন সেই ঘৰৰ ভিতৰত ফুলবাৰী হৈ ফুলকলি হ'বলৈ আৰম্ভ কৰে। আৰু সেইবাবে আমি চেষ্টা কৰোনে, আৰু আপোনালোকে হয়তো দেখিছে যে কিছুমান ষ্টুডেণ্টে আপোনালোকক বহুত অসুবিধা কৰা দেখা যায়, এওঁলোক এনেকুৱাই, সময় বেয়া কৰি দিয়ে, ক্লাছলৈ আহোতেই প্ৰথম দৃষ্টি সেইফালে গ'লেই আধা মগজু তাতে বেয়া হৈ যায়। মই আপোনালোকৰ ভিতৰৰ পৰা কৈ আছো। আৰু তেওঁলোকো এনেকুৱাই যে আগৰ বেঞ্চতহে বহিব, তেওঁলোকৰো লাগে যেন এই টিচাৰজনে মোক পছন্দ নকৰে যিহেতু প্ৰথমেই সন্মুখলৈ আহিব তেওঁ। আৰু আপোনাৰ আধা সময় তেৱেঁই খাই দিয়ে।

এনেকুৱাত সেই বাকী শিশুসকলৰ ওপৰত অন্যায় হৈ যায়…কাৰণ কি, মোৰ পছন্দ অপছন্দ। সফল টিচাৰ সেইজন, যাৰ শিশু সন্দৰ্ভত, ষ্টুডেণ্ট সন্দৰ্ভত না কোনোবা পছন্দ থাকে, না কোনো অপছন্দৰ থাকে। তেওঁৰ বাবে তেওঁলোক সকলো সমান। মই এনেকুৱা টিচাৰ দেখিছো, যাৰ নিজৰ সন্তানো সেই শ্ৰেণীকোঠাত থাকে। কিন্তু সেই টিচাৰে শ্ৰেণীকোঠাত নিজৰ সন্তানকো সেই ট্ৰিটমেণ্ট দিয়ে, যি সকলো ষ্টুডেণ্টক দিয়ে।

যদি চাৰিজন লোকক সুধিব লাগে, তেতিয়া তেওঁৰ পাল আহিলে তেওঁক সোধে, স্পেচিয়েলি তেওঁক কেতিয়াও নকয় যে তুমি এইটো কোৱা, তুমি এইটো কৰা, কেতিয়াও নহয়। কিয়নো তেওঁ জানে যে তেওঁক এগৰাকী ভাল মাতৃৰ দৰকাৰ, এজন ভাল পিতৃৰ দৰকাৰ, কিন্তু ভাল টিচাৰৰো দৰকাৰ। সেয়ে তেৱোঁ চেষ্টা কৰে যে ঘৰত মই পিতৃ-মাতৃৰ ভূমিকা সম্পূৰ্ণ কৰিম, কিন্তু ক্লাছত তো তেওঁৰ আৰু মোৰ মাজত সম্পৰ্ক শিক্ষক আৰু ছাত্ৰৰ হোৱা উচিত, সেই ঘৰৰ সম্পৰ্ক ইয়ালৈ আহিব নালাগে।

এয়া টিচাৰৰ বহুত ডাঙৰ ত্যাগ, তেতিয়াহে সম্ভৱ হয়। এয়া নিজক চম্ভালি এনেদৰে কাম কৰা, এয়া তেতিয়াহে সম্ভৱ হয়। আৰু সেয়ে আমাৰ যি শিক্ষা ব্যৱস্থা, ভাৰতৰ যি পৰম্পৰা আছে সেয়া কিতাপতে সীমিত কেতিয়াও থকা নাই, কেতিয়াও থকা নাই। সেয়া এক প্ৰকাৰে আমাৰ বাবে এটা সাৰথি। আমি বহুত বস্তু…আৰু আজি প্ৰযুক্তিৰ কাৰণে ই বহুত সম্ভৱপৰ হৈছে। আৰু মই দেখিছো যে প্ৰযুক্তিৰ কাৰণে বহুত ডাঙৰ মাত্ৰাত আমাৰ গাঁৱৰ টিচাৰো যি নিজে প্ৰযুক্তিত পঢ়া নাছিল, কিন্তু কৰি কৰি তেওঁলোকে শিকি গ'ল। আৰু তেওঁলোকেও ভাবিছে যে ভাই, কিয়নো তেওঁলোকৰ মগজুত ষ্টুডেণ্ট ভৰি আছে, তেওঁলোকৰ মগজুত পাঠ্যক্ৰম ভৰি আছে, সেয়ে সেই বস্তুবিলাকে প্ৰডাক্ট প্ৰস্তুত কৰে যিবোৰ সেই শিশুসকলৰ কামত আহে।

ইয়াত চৰকাৰত থকা লোকসকলৰ মগজুত কি থাকে, পৰিসংখ্যা থাকে যে ভাই কিমান টিচাৰ ভৰ্তি কৰিবলৈ বাকী আছে, কিমান ষ্টুডেণ্টৰ ড্ৰপ আউট হ'ল, কন্যাৰ ভৰ্তি হৈছে নে নাই, তেওঁলোকৰ মগজুত সেয়া থাকে, কিন্তু টিচাৰৰ মগজুত তেওঁলোকৰ জীৱন থাকে…বহুত ডাঙৰ ব্যৱধান। আৰু সেয়ে যদি টিচাৰে এই সকলো দায়িত্ব মনোযোগেৰে বহন কৰে।

এতিয়া আমাৰ যি ৰাষ্ট্ৰীয় শিক্ষা নীতি আহিছে, ইয়াৰ ইমানেই প্ৰশংসা হৈ আছে, ইমানেই প্ৰশংসা হৈ আছে, কিয় হৈ আছে, তাত একো নাটনি নাথাকিব, এইবুলি তো মই দাবী কৰিব নোৱাৰো, কোনেও দাবী কৰিব নোৱাৰে। কিন্তু যি মানুহৰ মনত পৰি আছিল, তেওঁলোকৰ ধাৰণা, এয়া কিবা সঠিক দিশত গৈ আছে। ব'লক, এই পথত আমি অগ্ৰসৰ হওঁ।

আমাৰ পুৰণা অভ্যাস ইমানেই হৈ গৈছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিক এবাৰ পঢ়িলে শুনিলেই নহ'ব। মহাত্মা গান্ধীজীক এবাৰ কোনোবাই সুধিছিল যে আপোনাৰ মনত কিবা সংশয় থাকিলে, সমস্যা থাকিলে, তেতিয়া কি কৰে। তেতিয়া তেওঁ কৈছিল, মই ভাগৱত গীতাৰ পৰা বহুত কথা পাওঁ। ইয়াৰ অৰ্থ হৈছে তেওঁ বাৰে বাৰে সেয়া পঢ়ে, বাৰে বাৰে তাৰ অৰ্থ সলনি কৰে, বাৰে বাৰে নতুন অৰ্থ দেখে, বাৰে বাৰে নতুন প্ৰকাশবান পুঞ্জ সন্মুখত থিয় হৈ যায়।

এই ৰাষ্ট্ৰীয় শিক্ষা নীতিও, যেতিয়ালৈকে শিক্ষা জগতৰ লোকে তাত প্ৰতিটো সমস্যাৰ সমাধান আছেনে, দহবাৰ পঢ়ে, ১২বাৰ পঢ়ে, ১৫বাৰ পঢ়ে, সমাধান ইয়াত আছেনেকি। ইয়াক আমি সেই ৰূপত দেখা পাম। এবাৰ আহিছে, ঠিক আছে চাৰ্কুলাৰ আহে, তেনেদৰে চালে নহ'ব। তাক আমি আমাৰ শিৰত সুমুৱাই ল'ব লাগিব, আমাৰ আত্মাত সুমুৱাই ল'ব লাগিব। যদি এই প্ৰয়াস হয় তেন্তে মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি বনোৱাত আমাৰ দেশৰ টিচাৰসকলৰ বহুত ডাঙৰ ভূমিকা আছে। লাখ লাখ হিচাপত টিচাৰসকলে অৰিহণা যোগাইছে, ইয়াক বনোৱাত।

প্ৰথমবাৰ দেশত ইমান ডাঙৰ মন্থন হৈছে। যিসকল টিচাৰে ইয়াক বনাইছে, সেই টিচাৰসকলৰ কাম হৈছে যে চৰকাৰী ভাষা ইত্যাদি শিশুৰ কাম নহ'ব, আপোনাৰ মাধ্যম হ'ব লাগিব যে এই যি চৰকাৰী নথি, সেয়া তেওঁলোকৰ জীৱনৰ আধাৰ কেনেকৈ হ'ব মই সেয়া ট্ৰেন্সলেট কৰিব লাগিব, মই তাক ফুলষ্টপ, কমাৰে ধৰিও তাক সহজ, সৰল ৰূপত তেওঁলোকক বুজাব লাগিব। আৰু মই ধাৰণা কৰো যে যেতিয়াই কিবা নাট্য প্ৰয়োগ হয়, কিবা ৰচনা লেখা হয়, কিবা ব্যক্তিগত প্ৰতিযোগিতা হয়, শিশুসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত আলোচনা কৰা দৰকাৰ। কিয়নো টিচাৰে তেওঁলোকক সাজু কৰিব, যেতিয়া তেওঁলোকে ক'ব তেতিয়া কিছুমান বস্তুৰ নতুনকৈও উদ্ভৱ হ'ব। সেয়ে এইটো এটা প্ৰয়াস কৰা দৰকাৰ।

আপোনালোকে জানে যে অলপতে মই ১৫ আগষ্টত স্বাধীনতাৰ ৭৫ বছৰৰ মোৰ যি ভাষণ আছিল তাত মোৰ নিজা এটা সুকীয়া মেজাজো আছিল। সেয়ে মই ২০৪৭ক মনত ৰাখি কথা কৈছিলো। আৰু তাত মই আহ্বান জনাইছিলো যে পঞ্চ প্ৰণৰ আলোচনা কৰিছিলো। সেই পঞ্চ প্ৰণ, আমাৰ ক্লাছ ৰূমত ইয়াৰ আলোচনা হ'ব পাৰেনে। এছেম্বলী যেতিয়া হয়, ব'লক ভাই আজি অমুক বিদ্যাৰ্থী আৰু তমুক টিচাৰে প্ৰথম প্ৰণ ক'ব, মংগলবাৰে দ্বিতীয় প্ৰণত, বুধবাৰে তৃতীয় প্ৰণৰ ওপৰত, শুকুৰবাৰে পঞ্চম প্ৰণৰ ওপৰত আৰু আকৌ পৰৱৰ্তী সপ্তাহত আকৌ প্ৰথম প্ৰণৰ ওপৰত এইজন টিচাৰে-এইজন টিচাৰ। অৰ্থাৎ বছৰজুৰি ইয়াৰ অৰ্থ কি, আমি কি কৰিব লাগিব, এই পঞ্চ প্ৰণ আমাৰ, আমাৰো তো প্ৰণ তত্ত্ব হোৱা উচিত, প্ৰতিজন নাগৰিকৰ হোৱা উচিত।

এনেকৈ যদি আমি কৰিব পাৰো তেন্তে মই ভাবো যে তাৰ প্ৰশংসা হৈ আছে, সকলোৱে কৈ আছে হয়, এই পাঁচ প্ৰণ এনেকুৱা যে আমি আগলৈ যোৱাৰ পথ বনাই দিয়ে। সেয়ে এই পাঁচ প্ৰণ সেই শ্ৰমিকসকলৰ ওচৰ কেনেকৈ পায়, তেওঁলোকৰ জীৱনলৈ কেনেকৈ আহে, ইয়াক সংযুক্ত কৰাৰ কাম কেনেকৈ কৰে।

দ্বিতীয়তে, হিন্দুস্তানত এতিয়া কোনো স্কুলত শিশু এনেকুৱা হ'ব নালাগে, যাৰ মগজুত ২০৪৭ৰ সপোন নাথাকিব। তেওঁলোকক ক'ব লাগে, কোৱাচোন তুমি, ২০৪৭ত তোমাৰ বয়স কিমান হ'ব, তেওঁক সুধিব লাগে। হিচাপ কৰা, তোমাৰ ওচৰত ইমান বছৰ আছে, তুমি কোৱাচোন ইমান বছৰত তুমি তোমাৰ বাবে কি কৰিবা আৰু দেশৰ বাবে কি কৰিবা। হিচাপ কৰা, ২০৪৭ৰ পূৰ্বে তোমাৰ ওচৰত কিমান বছৰ আছে, কিমান মাহ আছে, কিমান দিন আছে, কিমান ঘণ্টা আছে, তুমি এটা এটা ঘণ্টাক যোগ কৰি কোৱা, তুমি কি কৰিবা। তুৰন্তে ইয়াৰ এখন সম্পূৰ্ণ ছবি প্ৰস্তুত হৈ যাব যে হয়, আজি এঘণ্টা পাৰ হৈ গ'ল, মোৰ ২০৪৭ ওচৰ চাপি আহিল। আজি দুঘণ্টা গুছিগ'ল, মোৰ ২০৪৭ চাপি আহিল। মই ২০৪৭ত এনেকৈ যাব লাগিব, এনেকৈ কৰিব লাগিব।

যদি এই ভাব আমি শিশুৰ মন মন্দিৰত ভৰাই দিওঁ, এটা নতুন শক্তিৰে, এটা নতুন আশাৰে, তেতিয়া শিশু লাগি যাব ইয়াৰ পিছত। আৰু পৃথিৱীত, প্ৰগতি তেওঁলোকৰেই হয় যি ডাঙৰ সপোন দেখে, ডাঙৰ সংকল্প লয় আৰু দূৰৰ চিন্তা কৰি জীৱনক সঁপি দিবলৈ সাজু থাকে।

হিন্দুস্তানত ১৯৪৭ৰ আগতে এক প্ৰকাৰৰ ডাণ্ডী যাত্ৰা-১৯৩০ আৰু ১৯৪২, ইংৰাজ ভাৰত ত্যাগ কৰা, এই যি ১২ বছৰ…আপোনালোকে চাওক, সমগ্ৰ হিন্দুস্তান জপিয়াই পৰিছিল, স্বাধীনতাক বাদদি কোনো মন্ত্ৰ নাছিল। জীৱনৰ প্ৰতিটো কামত স্বাধীনতা, স্বতন্ত্ৰতা, এনে এটা মেজাজ হৈ গৈছিল। তেনেকুৱা মেজাজেই, সুশাসন, ৰাষ্ট্ৰৰ গৌৰৱ মোৰ দেশ মই ইয়াত, এয়া সময় হৈছে আমি এই ভাব সৃষ্টি কৰাৰ।

আৰু মোৰ বিশ্বাস আমাৰ শিক্ষক বন্ধুসকলৰ ওপৰত বেছি আছে, শিক্ষক জগতৰ ওপৰত বেছি আছে। যদি আপোনালোক এই প্ৰয়াসত একত্ৰিত হয়, তেন্তে মোৰ সম্পূৰ্ণ বিশ্বাস যে আমি সেই সপোন সাকাৰ কৰিব পাৰিম আৰু কণ্ঠ গাঁৱে গাঁৱে ধ্বনিত হ'ব। এতিয়া দেশে থমকি ৰ'ব নিবিচাৰে। এতিয়া চাওক দুদিন আগতে- ২৫০ বছৰধৰি যি আমাৰ ওপৰত শাসন কৰি গ'ল, ২৫০ বছৰধৰি…তেওঁলোকক পিছপেলাই আমি বিশ্বৰ অৰ্থনীতিত অগ্ৰসৰ হ'লো। ৬ নম্বৰৰ পৰা ৫ নম্বৰলৈ অহাৰ যিটো আনন্দ, তাতকৈ বেছি ইয়াত হ'ল, কিয়। ৬ৰ পৰা ৫ হোৱাহেঁতেন অলপ আনন্দ হ'ল হেঁতেন, কিন্তু এই ৫টো বিশেষ। কিয়নো আমি তেওঁলোকক পিছপেলাই আহিছো, আমাৰ মগজুত সেই ভাব সোমাই আছে, সেই ত্ৰিৰংগাযুক্ত ১৫ আগষ্টৰ।

১৫ আগষ্টৰ ত্ৰিৰংগাৰ যি আন্দোলন আছিল, তাৰ আলোকত এই ৫ম নম্বৰ আহিছে আৰু সেয়ে তাৰ ভিতৰত সেই জেদ সোমাই গ'ল যে চোৱা, মোৰ ত্ৰিৰংগাই আৰু ঢৌ তুলিছে। এই মেজাজ বহুত আৱশ্যকীয় আৰু সেয়ে ১৯৩০ৰ পৰা ১৯৪২লৈকে দেশৰ যি মুড আছিল, দেশৰ বাবে জীয়াৰ, দেশৰ বাবে যুঁজাৰ, আৰু প্ৰয়োজন সাপেক্ষে দেশৰ বাবে মৰাৰ, আজি সেই মেজাজ লাগে।

মই মোৰ দেশক পিছত থাকিবলৈ নিদিওঁ। কেইবা হাজাৰ বছৰৰ দাসত্বৰ পৰা বাহিৰ ওলাইছে, এতিয়া সুযোগ আছে আমি নৰওঁ, আমি অগ্ৰসৰ হ'ম। এই মেজাজ পোৱাই দিয়াৰ কাম, সকলো আমাৰ শিক্ষক বৰ্গৰ দ্বাৰা হ'লে শক্তি বহুগুণ বাঢ়ি যাব, বহুগুণ বাঢ়ি যাব।

মই আকৌ এবাৰ, আপোনালোকে ইমান কাম কৰি কৰি এৱাৰ্ড প্ৰাপ্ত কৰিছে, কিন্তু এৱাৰ্ড প্ৰাপ্ত কৰিছে, সেয়ে মই বেছি কাম দিছো। যি কাম কৰে, তেওঁকেই কাম দিবলৈ মন যায়, যি নকৰে, তেওঁক কোনে দিয়ে। আৰু শিক্ষকৰ ওপৰত মোৰ ভৰষা আছে যে তেওঁলোকে যদি দায়িত্ব লয় তেন্তে সম্পূৰ্ণ কৰিবই। সেয়ে মই আপোনালোকক কৈছো, মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা।

বহুত-বহুত ধন্যবাদ!

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
FPIs pump in over ₹36,200 cr in equities in Nov, continue as net buyers in Dec

Media Coverage

FPIs pump in over ₹36,200 cr in equities in Nov, continue as net buyers in Dec
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ডিচেম্বৰ 2022
December 03, 2022
Share
 
Comments

India’s G20 Presidency: A Moment of Pride For All Indians

India Witnessing Transformative Change With The Modi Govt’s Thrust Towards Good Governance