We need to follow a new mantra - all those who have come in contact with an infected person should be traced and tested within 72 hours: PM
80% of active cases are from 10 states, if the virus is defeated here, the entire country will emerge victorious: PM
The target of bringing down the fatality rate below 1% can be achieved soon: PM
It has emerged from the discussion that there is an urgent need to ramp up testing in Bihar, Gujarat, UP, West Bengal, and Telangana: PM
Containment, contact tracing, and surveillance are the most effective weapons in this battle: PM
PM recounts the experience of Home Minister in preparing a roadmap for successfully tackling the pandemic together with Delhi and nearby states

নমস্কাৰ,

আপোনালোকৰ সৈতে কথা পাতি তৃণমূল পৰ্যায়ত এতিয়া কি পৰিস্থিত হৈ আছে সেই সম্পর্কে অধিক বিস্তৃতভাৱে জানিব পাৰিলো আৰু এইটো কথাও বুজি পালো যে আমি সঠিক দিশত আগুৱাই গৈছো৷ আমি একেৰাহে বৈঠকত মিলিত হোৱা, পাৰস্পৰিক মত বিনিময় তথা আলোচনা কৰা এইবোৰ অতি জৰুৰী! কাৰণ যিমানে সময় বাগৰিছে, ক’ৰোনা মহামাৰী প্ৰতিৰোধত নতুন নতুন পৰিস্থিতিৰ সৃষ্টি হৈছে৷

চিকিৎসালয়সমূহৰ ওপৰত চাপ বৃদ্ধি পাইছে। আমাৰ স্বাস্থ্যকর্মীসকলৰ ওপৰত চাপ বৃদ্ধি পাইছে৷ এতিয়াও সাধাৰণ গতিত দৈনন্দিন কামবোৰ আৰুম্ভ কৰা হোৱা নাই৷ এইদৰে প্ৰতিদিনে এটা নতুন সমস্যা সন্মুখত ধৰা দিছে৷ মই অতিশয় আনন্দিত যে প্ৰত্যেক ৰাজ্যই নিজৰ নিজৰ মতে মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। কেন্দ্রীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰ, আমি প্ৰতিনিয়ত অনুভৱ কৰিছো যে আমাৰ সদায় এটা টীমৰ দৰে একেলগে কাম কৰিব লাগিব আৰু ‘টীম স্পিৰিট’-এই টাম স্পিৰিটেই আমাক এটা ভাল ফলাফলৰ দিশে, সাফল্যৰ দিশে আগুৱাই যোৱাত সহায় কৰিছে৷ ইমান ডাঙৰ সংকটে আমি যিদৰে মোকাবিলা কৰিছো, এই ক্ষেত্রত সকলোৱে মিলি কাম কৰাটোৱেই আটাইতকৈ ডাঙৰ কথা৷

মাননীয় মুখ্যমন্ত্রীসকল, আজি মিলিত হোৱা এই ১০খন ৰাজ্যত দেশৰ ৮০ শতাংশ সক্রিয় ৰোগী আছে৷ সেই বাবে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত এইসমূহ ৰাজ্যৰ ভূমিকা যথেষ্ট বেছি৷ আজি দেশত সক্রিয় ৰোগীৰ সংখ্যা ৬ লাখতকৈ অধিক৷ ইয়াৰ ভিতৰত অধিকাংশই এই ১০খন ৰাজ্যৰ৷ সেই বাবে এই ১০ ৰাজ্যৰ প্ৰশাসনে একেলগে বহি সমীক্ষা আৰু আলোচনা কৰাটো প্ৰয়োজন৷ যি যেনেকৈ অধিক সফল হৈছে, সেই সাফল্যৰ অভিজ্ঞতা আনৰ সৈতে শ্বেয়াৰ কৰি লওক, যাতে সকলোৱে নিজাকৈ যুঁজ দিব পাৰে৷ প্ৰত্যেকে নিজৰ নিজৰ পদ্ধতিৰে যুঁজিছে৷ আজিৰ এই আলোচনাত আমি পৰস্পৰৰ অভিজ্ঞতাৰ পৰা বহু কথা শিকি-বুজি লোৱা সূযোগ পাইছো৷ ক’ৰবাত নহয় ক’ৰবাত এটা মনোভাৱ আমাৰ মাজত আহিছে যে আমি এই ১০ ৰাজ্যই মিলি ক’ৰোনাক পৰাজয় কৰিব পাৰিম, তেতিয়াই দেশো জয়ী হ’ব৷

বন্ধুসকল,

নমূনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি এতিয়া প্ৰতিদিনে ৭ লাখ হৈছে৷ এই সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ জৰিয়তে সংক্ৰমণ চিহ্নিত কৰা আৰু প্ৰতিৰোধ কৰাৰ ক্ষেত্রত সুবিধা হৈছে, আজি আমি ইয়াৰ পৰিনাম প্ৰত্যক্ষ কৰিছো৷ আমাৰ দেশত গড় মৃত্যুৰ হাৰ পূৰ্বতেও বিশ্বৰ তুলনাত যথেষ্ট কম আছিল। আনন্দৰ কথা এই যে এই হাৰ আৰু অধিক হ্রাস পাইছে৷

আক্ৰান্ত হৈ থকা ৰোগীৰ হাৰ হ্ৰাস পাইছে। আৰোগ্যৰ হাৰ নিয়মীয়াকৈ বৃদ্ধি পাইছে৷ ইয়াৰ অৰ্থ এয়ে যে আমি সকলোৰে প্ৰচেষ্টা সাফল্যৰ মুখ দেখিছে ! আটাইতকৈ গুৰুত্বপূর্ণ কথাটো এই যে ইয়াৰ ফলত মানুহৰ মনত এটা ভৰসা জাগিছে, আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু ভয় বহু পৰিমাণে হ্রাস পাইছে৷

আমি যিমানে পৰীক্ষাৰ মাত্ৰা বৃদ্ধি কৰিম আমাৰ এই সাফল্য ভৱিষ্যতে অধিক বৃদ্ধি পাব৷ আন এটা আনন্দৰ কথা আমি অনুভৱ কৰিছো, আমি মৃত্যু হাৰ ১ শতাংশৰ তললৈ অনাৰ যি লক্ষ্য লৈছো সেই দিশটো আমাৰ প্ৰচেষ্টা আৰু এটা বৃদ্ধি কৰিব পাৰি আমাৰ অগ্রাধিকাৰ আৰু যদি সুসংবদ্ধ হয়, তেতিয়া হ’লে এই লক্ষ্যত আমি উপনীত হ’ব পাৰিম৷ এতিয়া আমি কি কৰিব লাগিব কিদৰে আগুৱাব লাগিব৷ সেই বিষয়েও আমাৰ আলোচনাত অতি স্পষ্ট মতামত আহিছে। এতিয়া প্রায় তৃণমূল পৰ্যায়ত মানুহৰ মস্তিস্কত এই সজাগতা আহিছে, কেতিয়া কি কৰিব লাগিব, কিদৰে কৰিব লাগিব, কেতিয়া কৰিব লাগিব, এই সজাগতা আমি ইতিমধ্যে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ মনত সুমুৱাই দিব পাৰিছো৷

এতিয়া চাওক যিসমূহ ৰাজ্যত পৰীক্ষাৰ হাৰ কম, য’ত ক’ৰোনা পজিটিভ ৰোগী অধিক সেই ৰাজ্যত পৰীক্ষাৰ হাৰ বৃদ্ধি কৰাটো প্ৰয়োজন হৈছে৷ বিশেষকৈ আমাৰ আজিৰ আলোচনাত বিহাৰ, গুজৰাট, উত্তৰপ্ৰদেশ, পশ্চিমবংগ আৰু তেলেংগানা আদি ৰাজ্যত পৰীক্ষাৰ হাৰ আৰু অধিক বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে৷

বন্ধুসকল,

আমাৰ অভিজ্ঞতা অনুসৰি এতিয়ালৈকে ক’ৰোনাৰ বিৰুদ্ধে ‘কনটেইমেণ্ট, সংস্পৰ্শলৈ অহা ব্যক্তিৰ চিনাক্তকৰণ’ আৰু ‘নিৰীক্ষণ’ ইত্যাদিবোৰ ডাঙৰ হাঠিয়াৰ হিচাপে ধৰা দিছে। এতিয়া জনগনেও এই দিশবোৰ বুজিব পাৰিছে আৰু সম্পূর্ণ সহযোগিতাও কৰিছে৷ এই সচেতনতাৰ প্ৰচেষ্টাই আমাক ভাল পৰিণামৰ দিশত আগুৱাই নিছে৷ এনে কাৰণতে আমি হোম কোৱাৰাণ্টাইনৰ ব্যৱস্থা ইমান ভালকৈ আৰম্ভ কৰিবলৈ সক্ষম হৈছো৷

এতিয়া বিশেষজ্ঞসকলে এই কথা কৈছে যে যদি সংক্ৰমণৰ ৭২ ঘণ্টাৰ ভিতৰত ৰোগীক চিনাক্ত কৰিব পৰা যায় তেতিয়াহ’লে সংক্ৰমণ বহু পৰিমাণে কম হয়৷ সেই বাবে সকোলোকে অনুৰোধ জনাও যে নিয়মীয়া হাত ধোঁৱা, দুই গজ দূৰত্ব ৰক্ষা কৰা, নিয়মীয়াকৈ মাস্ক পৰিধান কৰা, য’তে-ত’তে থু নেপেলোৱা, এই অভ্যাসসমূহৰ লগতে চৰকাৰ আৰু চৰকাৰী ব্যৱস্থাত, ক’ৰোনা যোদ্ধাসকলৰ মাজত আৰু জনগণৰ মাজতো এটা নতুন মন্ত্ৰ আমি নিয়মীয়াকৈ প্ৰদান কৰিব লাগিব৷ তেনে ক্ষেত্ৰত ৭২ ঘণ্টাৰ ভিতৰত ৰোগীৰ সৈতে সম্পর্কীত সকলৰ পৰীক্ষা হোৱা উচিত। সেইসকলক চিনাক্ত কৰা উচিত আৰু সেইবাবে যি যি প্ৰয়োজন সকলো ব্যৱস্থা ল’ব লাগিব৷ যদি এই ৭২ ঘণ্টাৰ ফৰমূলাত আমি জোৰ দিও, তেতিয়াহ’লে বহু লোক সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা পৰিব৷

আজি পৰীক্ষা নেটৱর্কক বাদ দি আমাৰ আৰোগ্য সেতু এপো আছে৷ এই আৰোগ্য সেতুৰ সহায়ত আমাৰ এটা টীমে নিয়মীয়াকৈ ইয়াৰ বিশ্লেষণ কৰিলে অনেক সহজতে যি এলেকাৰ পৰা অভিযোগ আহে তাত পাব পাৰি৷ আমি দেখিছো যে হাৰিয়ানা, উত্তৰপ্ৰদেশৰ কেইবাখনো জিলা আৰু দিল্লীত এটা এনে সময় আহিছিল, যিটো অতি দুচিন্তাৰ বিষয় হৈ পৰিছিল। আনকি দিল্লী চৰকাৰে ঘোষণা কৰিছিল যে তেওঁলোক ডাঙৰ সংকটৰ মুখামুখি হৈছে৷ মই তেতিয়া এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰি আমাৰ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বত এটা টীম গঠন কৰি দিলো৷ তুন দৃষ্টিকোণেৰে সম্পূর্ণ সফলতাৰে কাম আৰুম্ভ হয়। সেই ৫খন জিলা আৰু চহৰ বিশেষকৈ দিল্লীত আমি যেনে ফল বিচাৰিছিলো, তেনে ফলেই পাবলৈ সক্ষম হৈছো৷

মই ভাৱিছো যে সমস্যা যিমানেই কঠিন নহওক কিয়, পদ্ধতিগতভাৱে আগুৱাই গ’লে আমি ১ সপ্তাহ বা ১০ দিনৰ ভিতৰতে পৰিস্থিতিক নিজেই নিয়ন্ত্ৰণলৈ আনিব পাৰো৷ আমাৰ অভিজ্ঞতা অনুসৰি এই ৰণনীতিৰ ভিত্তিত কনটেইনমেণ্ট জ’নসমূহ সম্পূর্ণৰূপে বিচ্ছিন্ন কৰি দিয়া আৰু য’ত য’ত প্ৰয়োজন, তাত মাইক্রো কনটেইনমেণ্টৰ ব্যৱস্থা কৰা, ১০০ শতাংশ স্ক্রিনিং কৰা, ৰিক্সা-অ’টোচালক আৰু ঘৰে ঘৰে সঠিকভাৱে কাম কৰিব যোৱা পৰিচাৰক-পৰিচাৰিকা আৰু অন্যান্য উচ্চ আশংকাপূৰ্ণ ব্যক্তিসকলৰ স্ক্রিনিং কৰাটো অতি জৰুৰী৷ এই প্ৰচেষ্টাৱলীৰ সুফল আজি আমাৰ সন্মুখতে আছে৷ চিকিৎসালয়ত উন্নত ব্যৱস্থাপনা, আইচিইউ বিছনাৰ সংখ্যা বৃদ্ধিৰ দৰে প্ৰচেষ্ঠাও অতি কার্যকৰী হৈছে৷

বন্ধুসকল,

আটাইতকৈ কাৰ্যকৰী হৈছে আপোনালোকৰ অভিজ্ঞতাপুষ্ট নেতৃত্ব৷ আপোনালোকৰ নেতৃত্বত ৰাজ্যসমূহত তৃণমূল পৰ্যায়ৰ বাস্তৱত পৰিস্থিতিক নিয়মীয়াকৈ তদাৰকী ব্যৱস্থাৰে সাফল্যৰ পথ গঢ় লৈ উঠিছে৷ আজি আমি যিমান কৰিব পাৰিছো, সেয়া আপোনালোক সকলোৰ অভিজ্ঞতাপুষ্ট নেতৃত্বৰ সহযোগিতাৰে ফল৷ মোৰ দৃঢ় বিশ্বাস আপোনালোকৰ এই অভিজ্ঞতাৰ শক্তিৰে দেশে এই যুঁজত সম্পূর্ণ জয়ী হ’ব৷ আন এক নতুন সূত্ৰপাত হ’ব৷ আপোনালোকৰ যদি আৰু কিবা পৰামর্শ থাকে, যিকোনো পৰামর্শ; মই পূৰ্বৰ দৰে সদায় আপোনালোকৰ মতামত গ্ৰহণৰ বাবে সাজু৷ আপনাৰা নিশ্চিতভাৱে জনাব আৰু মই আশ্বাস দিছো যে চৰকাৰৰ সকলো উচ্চপদস্থ বিষয়াও ইয়াত আছে৷

যিবোৰ বিষয় লৈ আপোনালোকে কৈছে যাক লৈ চিন্তা কৰিবলৈ কৈছে, এই টীমে দ্রুতগতিত সেই কাম আগুৱাই নিব৷ কিন্তু আমি জানো যে এতিয়া যি সময় চলিছে শাওন, ভাদ মাহ আৰু দীপাৱলীলৈকে কেতবোৰ ৰোগৰ প্ৰকোপ আৰু ৰোগৰ পৰিৱেশ থাকে, আমি সেইবোৰো চম্ভালিব লাগিব৷ মোক দৃঢ় বিশ্বাস, আমি সকলোৱে মিলি ক’ৰোনাৰ সংক্ৰমণত মৃত্যুৰ হাৰ ১ শতাংশৰ তললৈ অনাৰ যি লক্ষ্য লৈছো, আৰোগ্যৰ হাৰ বৃদ্ধিৰ যি লক্ষ্য লৈছো, ৭২ ঘণ্টাৰ ভিতৰত সংক্ৰমিত ৰোগীৰ সংস্পর্শলৈ অহা সকলো ব্যক্তিৰ চিনাক্ত কৰি তেওঁলোকৰ পৰীক্ষা কৰাৰ এই মন্ত্ৰৰে আমি যদি নিয়মিত কাম কৰো, তেতিয়াহ’লে আমাৰ এই ১০খন ৰাজ্যত য’ত দেশৰ ৮০ শতাংশতকৈও অধকি ৰোগী আছে, যিবোৰ ৰাজ্যত ৮২ শতাংশ মৃত্যু হৈছে, সেই ১০খন ৰাজ্যৰ পৰিস্থিতি আমি সলনি কৰিব পাৰিম৷ আমি ১০খন ৰাজ্যই মিলি ভাৰতক বিজয়ী কৰিব পাৰো৷ মোৰ দৃঢ় বিশ্বাস যে আমি এই কাম কৰিব পাৰিম৷ মই পুনৰবাৰ আপোনালোক সকলোকে মূল্যবান সময় উলিয়াই এই আলোচনাত অংশ গ্ৰহণ কৰাৰ বাবে আৰু ইমান সুন্দৰভাৱে নিজৰ নিজৰ বক্তব্য আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাইছো৷

আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold

Media Coverage

India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Weightlifter, Bindyarani Devi Sorokhaibam on winning Bronze at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Weightlifter, Bindyarani Devi Sorokhaibam on winning the Bronze medal in the women’s 58 kg weightlifting event at the Commonwealth Games 2026.

The Prime Minister said that her success is the result of her hard work and determination.

Shri Modi extended his best wishes to her for her future endeavours.

The Prime Minister wrote on X;

“Yet another medal for India in Weightlifting! Proud of Bindyarani Devi Sorokhaibam for winning a Bronze in the Women's 58kg event at the Glasgow Commonwealth Games. Her success is due to her hard work and determination. Wishing her the very best for the endeavours ahead.

#CWG2026”