সহযোগিতা, সংঘবদ্ধ প্ৰয়াস আৰু মাৰ বান্ধি কাম কৰিবলৈ আগুৱাই অহাৰ বাবে ৰাজ্যসমূহক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীসকলে
মহাৰাষ্ট্ৰ আৰু কেৰালাত সংক্ৰমণৰ বৃদ্ধিৰ প্ৰৱণতা অব্যাহত থকা কথা নিতান্তই চিন্তা উদ্ৰেককাৰী : প্ৰধানমন্ত্ৰী
পৰীক্ষণ-অনুসৰণ, চিকিত্সা আৰু টীকাকৰণ সময়-সিদ্ধ আৰু প্ৰমাণিত ৰণকৌশল-প্ৰধানমন্ত্ৰী
সাম্ভাৱ্য তৃতীয় লহৰ প্ৰতিৰোধ কৰাৰ বাবে আমি সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছো : প্ৰধানমন্ত্ৰী
আন্তঃগাঁথনিৰ অভাৱ পূৰণ কৰক, বিশেষকৈ গ্ৰামাঞ্চলত থকা অভাৱ আঁতৰোৱাত মনোনিৱেশ কৰক : প্ৰধানমন্ত্ৰী
ক’ৰোনাৰ অন্ত পৰা নাই, ‘তলা-মুকলি’ৰ পৰৱৰ্তি পৰিস্থিতিত প্ৰদৰ্শিত আচৰণ নিতান্তই উদ্ৰেকসৃষ্টিকাৰী : প্ৰধানমন্ত্ৰী

নমস্কাৰ জী!

ক’ৰোনাৰ বিৰুদ্ধে দেশখনৰ যুঁজত আপোনালোক সকলোৱে বহু গুৰুত্বপূৰ্ণ প্ৰসংগত আপোনালোকৰ স্থিতি দাঙি ধৰিছে। মাথো দুদিন পূৰ্বে, মই উত্তৰ পূবৰ সকলো সন্মানীয় মুখ্যমন্ত্ৰীসকলৰ সৈতেও এই প্ৰসংগত আলোচনা কৰিবলৈ সুযোগ পাইছিলো। মই ইয়াৰ যিকেইখন ৰাজ্যত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে, সেইকেইখনৰ ক্ষেত্ৰত বিশেষভাৱে কৈছো।

বন্ধুসকল,

যোৱা ডেৰ বছৰে, দেশখনে মাথো পাৰস্পৰিক সহযোগিতা আৰু সমন্বিত প্ৰচেষ্টাৰ বলত এনে এটা ব্যাপক মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আহিছে। যিভাৱে সকলোবোৰ ৰাজ্য চৰকাৰে পৰস্পৰে পৰস্পৰৰপৰা শিকিবলৈ, উত্তম পন্থা বুজিবলৈ আৰু পৰস্পৰে পৰস্পৰক সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছে, সেয়া প্ৰশংসনীয় আৰু আমি অভিজ্ঞতাৰপৰা এটা কথা ক’ব পাৰো যে মাথো এনে প্ৰচেষ্টাৰেইহে এই যুঁজত আমি জয়ী হ’ব পাৰো।

বন্ধুসকল,

আপোনালোক সকলোৰে জ্ঞাত যে আমি এটা তৃতীয় ঢৌৱে নিয়মীয়াকৈ প্ৰকাশিতৰ ভীতিৰ সন্ধিক্ষণত আছো। দেশখনৰ বহু ৰাজ্যত যি ধৰণেৰে ঘটনাসমূহৰ সংখ্যা হ্ৰাস হৈ পৰিছে, সি অলপ মানসিক স্বস্তি প্ৰদান কৰিছে। এই হ্ৰস্বমুখী প্ৰৱণতাৰ পৰিপ্ৰেক্ষিতত, বিশেষজ্ঞসকলে ইয়াৰো অনুমান কৰিছে যে দেশখনে শীঘ্ৰেই দ্বিতীয়টো ঢৌৰপৰা মুক্ত হৈ উঠিব। কিন্তু কেতবোৰ ৰাজ্যত ঘটনাসমূহৰ বৰ্ধিত সংখ্যা এতিয়াও উদ্বেগৰ কাৰণ হৈয়ে ৰৈছে।

বন্ধুসকল,

আজি এই আলোচনাৰ অৰ্থে আমাৰ সৈতে ছখন ৰাজ্য আছে। যোৱা সপ্তাহটোত আপোনালোকৰ ৰাজ্যকেইখনৰপৰা প্ৰায় ৮০ শতাংশ নতুন ঘটনাৰ তথ্য লাভ কৰা গৈছে। এই ৰাজ্যকেইখনত তদুপৰি চৌৰাশী শতাংশ মৰ্মান্তিক বিয়োগৰ ঘটনা সংঘটিত হৈছে। আৰম্ভণিতে, বিশেষজ্ঞসকলে অনুমান কৰিছিল যে যি স্থানৰপৰা দ্বিতীয়টো ঢৌৰ উৎপত্তি হৈছিল, তাত আন ৰাজ্যসমূহতকৈ অতি সোনকালেই পৰিস্থিতি নিয়ন্ত্ৰণৰ অধীন হৈ পৰিব। পিছে মহাৰাষ্ট্ৰ আৰু কেৰালাত ঘটনাসমূহ একেৰাহে বৃদ্ধি পাই আছে। ই দৰাচলতে আমাৰ সকলোৰে বাবে আৰু দেশখনৰ বাবে গভীৰ উদ্বেগৰ প্ৰসংগ। আপোনালোক সকলোৰে জ্ঞাত যে দ্বিতীয়টো ঢৌৰ পূৰ্বেও একেদৰে জানুৱাৰী-ফেব্ৰুৱাৰীত একে প্ৰৱণতা প্ৰত্যক্ষ কৰা হৈছিল। সেয়েহে, স্বাভাৱিকতে এই আশংকা বৃদ্ধি হৈছে যে যদিহে এই পৰিস্থিতিক শীঘ্ৰেই নিয়ন্ত্ৰণৰ অধীনলৈ অনা নহয়, তেতিয়া ই জটিল হৈ উঠিব পাৰে। এটা কথা অতি গুৰুত্বপূৰ্ণ যে যিসমূহ ৰাজ্যত ঘটনাসমূহ বৃদ্ধি পাই আছে, সেইসমূহে তৃতীয়টো ঢৌৰ যিকোনো সম্ভাৱনা প্ৰতিৰোধ কৰিবলৈ অতিশয় সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

বন্ধুসকল,

বিশেষজ্ঞসকলে ক’ৰোনাভাইৰাছটোৰ পৰিৱৰ্তনৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰু কৈছে যে যদিহে দীঘলীয়া সময়ৰ বাবে ঘটনাসমূহ একেৰাহে বৃদ্ধি পাই থাকে, তেতিয়া নতুন প্ৰজাতিসমূহৰ সম্ভাৱনা বৃদ্ধি পাব। সেয়েহে, তৃতীয়টো ঢৌ প্ৰতিৰোধ কৰিবলৈ ক’ৰোনাৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাটো অৱশ্যেই জৰুৰী। এই দিশত কৌশল, আপোনালোকৰ ৰাজ্যসমূহত আপোনালোকে যি অভিযোজনা কৰিছে আৰু সমগ্ৰ দেশখনতে যি ৰূপায়ণ কৰা হৈছে তাৰ সৈতে একে। লগতে আমাৰ ইয়াৰ অভিজ্ঞতাও আছে। তদুপৰি ই আপোনালোকৰ বাবে পৰীক্ষাকৃত আৰু প্ৰামাণিক পদ্ধতি। আমি ভেকচিনৰ সৈতে টেষ্ট, ট্ৰেক আৰু ট্ৰিট সন্দৰ্ভত কৌশলত গুৰুত্ব আৰোপেৰে আগুৱাই যাব লাগে। আমি ক্ষুদ্ৰ-কন্টেইনমেন্ট জ’নত বিশেষ মনোযোগ প্ৰদান কৰিব লাগে। পজিটিভিটি হাৰ অধিক লাভ কৰা জিলাসমূহত আৰু ঘটনাসমূহৰ বৰ্ধিত সংখ্যা লাভ কৰা অঞ্চলসমূহত অধিক গুৰুত্ব আৰোপ কৰা উচিত। মই যেতিয়া উত্তৰ পূবৰ সতীৰ্থসকলৰ সৈতে বাৰ্তালাপ কৰিছিলো, এটা কথা জানিবপৰা গৈছিল যে কেতবোৰ ৰাজ্যই লকডাউন বলবৎ কৰা নাছিল আৰু ইয়াৰ পৰিৱৰ্তে তেওঁলোকে ক্ষুদ্ৰ কন্টেইনমেন্ট জ’নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে আৰু ইয়াৰ বাবে তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিছে। এনে জিলাসমূহত বিশেষ মনোযোগ প্ৰদানেৰে সমগ্ৰ ৰাজ্যখনতে যিমান সম্ভৱ সিমান টেষ্টিং বৃদ্ধি কৰাটো উচিত। সংক্ৰমণ অধিক হোৱা জিলাসমূহত, আমাৰ বাবে ভেকচিনটোও এটা কৌশলী আহিলা। ক’ৰোনা সৃষ্ট জটিলতাসমূহ ভেকচিনৰ ফলপ্ৰসূ ব্যৱহাৰেৰে মোকাবিলা কৰিব পাৰি। বহু ৰাজ্যই নিজ-নিজ আৰটি-পিচিআৰ টেষ্টিঙৰ ক্ষমতা বৃদ্ধি কৰিবলৈ তদুপৰি এইবাৰ এই সুযোগ ব্যৱহাৰ কৰিছে। ই তদুপৰি এটা প্ৰশংসনীয় আৰু আৱশ্যকীয় পদক্ষেপ। ভাইৰাছটোক ৰুদ্ধ কৰাত আৰটি-পিচিআৰ টেষ্টিং বৃদ্ধি অতিশয় ফলপ্ৰসূ হ’ব পাৰে।

বন্ধুসকল,

নতুন আইচিইউ বেডৰ ব্যৱস্থা, টেষ্টিং ক্ষমতা বৃদ্ধি কৰা আৰু আন সকলোবোৰ প্ৰয়োজনীয়তাৰ অৰ্থে দেশখনৰ সকলো ৰাজ্যলৈ পুঁজি মোকলাই দিয়া হৈছে। শেহতীয়াকৈ, কেন্দ্ৰীয় চৰকাৰখনে ২৩,০০০ কোটিৰো অধিক টকাৰ এটা জৰুৰীকালীন ক’ভিড সঁহাৰি পেকেজো মুকলি কৰি দিয়ে। মই এই বাজেট স্বাস্থ্য আন্তঃগাঁথনিৰ অধিক সুদৃঢ়কৰণ, যিসমূহ ৰাজ্যৰ গ্ৰামাঞ্চলসমূহত তাৎক্ষণিক আৰু বিশেষভাৱে ‘আন্তঃগাঁথনিগত যতি’ পূৰ কৰাত আমি অধিক মনোযোগ প্ৰদান কৰাটো আৱশ্যকীয়, সেই ক্ষেত্ৰত ব্যৱহাৰ হোৱাটো বিচাৰিছো। একেদৰে, সকলো ৰাজ্যৰে আইটি চিষ্টেম, নিয়ন্ত্ৰণ কক্ষ আৰু কল চেন্টাৰসমূহৰ নেটৱৰ্ক সুদৃঢ় কৰাটো সমানেই গুৰুত্বপূৰ্ণ, কিয়নো তেতিয়াহে নাগৰিকসকলৰ অৰ্থে সম্পদসমূহৰ তথ্য স্বচ্ছভাৱে উপলব্ধ হ’ব। চিকিৎসাৰ বাবে ৰোগী আৰু আত্মীয় চিন্তাত পৰিবলগীয়া নহয়।

বন্ধুসকল,

মই কৈছিলো যে আপোনালোকৰ ৰাজ্যকেইখনলৈ আবন্টন জনোৱা ৩৩২ টা পিএছএ প্লান্টৰ ভিতৰত, ৫৩ টা কাৰ্য্যক্ষম হৈ উঠিছে। মই সকলো ৰাজ্যকে এই পিএছএ অক্সিজেন প্লান্টসমূহ অতি সোনকালে স্থাপন কৰিবলৈ অনুৰোধ জনাইছো। বিশেষকৈ এই কামৰ বাবে এজন জ্যেষ্ঠ বিষয়াক নিযুক্ত কৰক আৰু মিছন ম’ডত ১৫-২০ দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰি তোলক।

বন্ধুসকল,

শিশুসকলক লৈয়ো একেদৰে আন এটা উদ্বেগৰ সৃষ্টি হৈছে। আমি ক’ৰোনাৰ সংক্ৰমণৰপৰা শিশুসকলক সুৰক্ষিত কৰিবলৈ আমাৰ ফালৰপৰা সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰিব লাগে।

বন্ধুসকল,

আমি যোৱা দুটা সপ্তাহত বহু ইউৰোপীয় দেশত ঘটনাসমূহৰ দ্ৰুত বৃদ্ধি প্ৰত্যক্ষ কৰিছো। যদি আমি পশ্চিমলৈ চাওঁ, তাতো ঘটনাসমূহ দ্ৰুত গতিৰে বৃদ্ধি পাইছে, ইউৰোপ বা আমেৰিকাৰ দেশসমূহ বা বাংলাদেশ, ম্যানমাৰ, ইণ্ডোনেছিয়া আৰু থাইলেণ্ডৰ দৰে পূবৰ দেশসমূহত একে দৃশ্য প্ৰত্যক্ষ কৰা গৈছে। আচলতে, কোনো দেশত চাৰি গুণ বৃদ্ধি পাইছে, কোনো দেশত আঠ গুণ আৰু কোনো দেশত দহ গুণ বৃদ্ধি পাইছে। এয়া সমগ্ৰ বিশ্বখনৰ বাবেই আৰু একেদৰে আমাৰ বাবে সতৰ্কবাণী। আমি জনসাধাৰণক বাৰম্বাৰ মনত পেলাই আছো যে ক’ৰোনা আমাৰ মাজৰপৰা যোৱা নাই। আনলকিঙৰ পাছত গৰিষ্ঠ সংখ্যক স্থানত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। মই এই সন্দৰ্ভত উত্তৰ পূবৰ সকলো বন্ধুৰ সৈতেও মোৰ এই উদ্বেগৰ কথা ব্যক্ত কৰিছিলো। আজিও, মই এই কথাটোত আকৌ-গুৰুত্ব প্ৰদান কৰিলো। আজি আমাৰ সৈতে সংযোজিত হোৱা ৰাজ্যকেইখনত বহু বৃহৎ মেট্ৰ’পলিটান চিটি আছে আৰু এইসমূহৰ জনসংখ্যাৰ ঘনত্ব অতি বেছি। আমি একদৰে এই কথাও মনত ৰাখিব লাগে। আমি ৰাজহুৱা স্থানত জন সমাগম প্ৰতিৰোধৰ ক্ষেত্ৰত সতৰ্ক আৰু কঠোৰ হ’ব লাগে।

আমি আন ৰাজনৈতিক দল, সামাজিক সংগঠন, এনজিঅ’ আৰু চিভিল চচাইটিৰ সহায়ত অবিৰতভাৱে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাটো প্ৰয়োজনীয়। মই নিশ্চিত যে আপোনালোকৰ বিস্তৃত অভিজ্ঞতা এই দিশত বহুলভাৱে উপযোগী হৈ উঠিব। এই গুৰুত্বপূৰ্ণ সভাখনৰ বাবে সময় উলিওৱাৰ অৰ্থে অশেষ ধন্যবাদ জনালো! সন্মানীয় সকলো মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি, মই সকলো মুহূৰ্ততে উপলব্ধ আৰু আপোনালোক সকলোৰে সৈতে যোগাযোগ অব্যাহত ৰাখিছো। তদুপৰি, আগলৈয়ো মই সদাই উপলব্ধ থাকিম, যাৰ জৰিয়তে এই অভিযানত একেলগে আমি আমাৰ সংশ্লিষ্ট ৰাজ্যসমূহ আৰু এই সংকটৰপৰা মানৱ জাতিক ৰক্ষা কৰিব পাৰো। মই আপোনালোক আটাইকে শুভেচ্ছা জনাইছো। অশেষ ধন্যবাদ!

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress