ভাৰুচৰ মহিলাসকলে প্রধানমন্ত্রীক এক বৃহৎ ৰাখী উপহাৰ দিয়াৰ লগতে তেওঁলোকৰ মর্যাদা আৰু জীৱন-যাপনৰ মান উন্নয়নত আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জনায়
হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় প্রধানমন্ত্রীৰ
অর্থপূৰ্ণ সাফল্য তেতিয়াই পোৱা যায়, যেতিয়া চৰকাৰে আন্তৰিকতাৰে দৃঢ় সংকল্প লৈ হিতাধিকাৰীসকলৰ কাষত থিয় হয়
এইখন চৰকাৰৰ আঠ বছৰ সেৱা, সুশাসন আৰু দুখীয়া লোকৰ কল্যাণৰ নামত উৎসৰ্গিত
মোৰ সপোন হ’ল বিভিন্ন প্রকল্পৰ সৰ্বাংগীন ৰূপায়ন; আমি ১০০শতাংশ লোকক সামৰি লোৱাৰ লক্ষ্যৰে অগ্রসৰ হ’ব লাগিব; চৰকাৰী ব্যৱস্থা বিভিন্ন প্রকল্পৰ সৰ্বাংগীন ৰূপায়নত অভ্যস্ত হৈ পৰিব লাগিব আৰু সাধাৰণ জনতাৰ মাজত আস্থা গঢ়ি তুলিব লাগিব
হিতাধিকাৰীসকলক ১০০% সা-সুবিধা প্ৰদানৰ অর্থই হ’ল সবকা সাথ, সবকা বিকাশৰ প্ৰচেষ্টাৰ লগতে সমানভাৱে প্রতিটো ধর্ম আৰু প্রতিটো শ্রেণীৰ লোকক সেৱা প্ৰদান কৰা

নমস্কাৰ!

আজিৰ এই ‘উৎকর্ষ সমাৰোহ’ সঁচাকৈয়ে এক উত্তম সমাৱেশ আৰু এই সমাৱেশে প্রমাণ কৰিছে যে যিসময়ত চৰকাৰে সততাৰে এক সংকল্প লৈ হিতাধিকাৰীসকলৰ কাষত চাপে, তেতিয়া কিমান সার্থক ফল পোৱা যায়৷ মই ভাৰুচৰ জিলা প্রশাসন, গুজৰাট ৰাজ্য চৰকাৰক সামাজিক নিৰাপত্তাৰ সৈতে জড়িত চাৰিখন আঁচনিৰ ১০০ শতাংশ ‘ছেচুৰেচন কভাৰেজ’ৰ বাবে আপোনালোক সকলোকে যিমান শুভেচ্ছাই নজনাও কিয়, সেয়া কম হ’ব৷ আপোনালোক সকলো বহুত বহুত ধন্যবাদৰ পাত্ৰ৷ কিছু সময়ৰ পূৰ্বে মই যেতিয়া এই আচঁনিসমূহৰ হিতাধিকাৰীসকলৰ সৈতে কথা পাতিছিলো, তেতিয়া মই দেখিছিলো যে তেওঁলোকৰ মনত কিমান আনন্দ, কিমান আত্মবিশ্বাস। বহুত সমস্যাৰ মোকাবিলা কৰাৰ ক্ষেত্রত যেতিয়া চৰকাৰৰ পৰা সৰু সৰু সাহায্যও পোৱা যায়, তেতিয়া মানুহৰ মনত সাহস আৰু অধিক বৃদ্ধি হয় আৰু সমস্যা নিজেই অসহায় হৈ পৰে আৰু যিসকলে সেই সমস্যাসমূহৰ মোকাবিলা কৰে তেওঁলোক শক্তিশালী হৈ পৰে৷ এয়া মই আজি আপোনালোক সকলোৰে সৈতে কথা পতাৰ সময়ত অনুভৱ কৰিছিলো৷ এই চাৰিখন আঁচনিত যিসকল ভগ্নী উপকৃত হৈছে, যিসমূহ পৰিয়াল উপকৃত হৈছে, তেওঁলোক সকলোৱেই মোৰ জনজাতি সমাজৰ ভাই-ভনী, মোৰ দলিত, পিছ পৰা সমাজৰ ভাই-ভনী, মোৰ সংখ্যালঘু সমাজৰ ভাই-ভনী৷ আমি প্রায়ে দেখো যে সজাগতাৰ অভাৱত, সঠিক তথ্যৰ অভাৱত বহু লোকে বিভিন্ন আচঁনিৰ সুবিধাৰ পৰা বঞ্চিত হৈ থাকে৷ কেতিয়াবা কেতিয়াবাতো আচঁনিসমূহ কাগজতে থাকি যায়, আকৌ কেতিয়াবা কেতিয়াবা কিছু অসৎ লোকে প্রকৃত দাবীদাৰক আচঁনিসমূহৰ সুবিধাৰ পৰা বঞ্চিত কৰে৷ কিন্তু যেতিয়া ইচ্ছাশক্তি প্রৱল হয়, দৃষ্টিভংগী স্পষ্ট হয়, সততাৰে কাম কৰাৰ ইচ্ছা থাকে আৰু যি বিষয়ক লৈ মই সকলো সময়ত কাম কৰাৰ চেষ্টা কৰো, সেয়া হ’ল– ‘সবকা সাথ, সবকা বিকাশ’ৰ ভাৱনা, যাৰ পৰা নিশ্চিতভাবে ইতিবাচক ফল পোৱা যায়। যিকোনো আচঁনিক ১০০শতাংশ হিতাধিকাৰীৰ ওচৰ পোৱাৰ এটা বহুত ডাঙৰ লক্ষ্য। এই কাম অতি কঠিন কিন্তু এয়াই সঠিক পথ। মই সকলো হিতাধিকাৰীৰ ফালৰ পৰা প্রশাসনক এই সাফল্যৰ বাবে বহুত বহুত শুভেচ্ছা জনাব বিচাৰিছো৷

বন্ধুসকল,

আপোনালোক সকলোৱে জানে যে যিদিনা আপোনালোকে মোক গুজৰাটৰ পৰা দিল্লীলৈ সেৱা কৰাৰ বাবে পঠাইছিল, দেশৰ সেৱা কৰাৰ বাবে পঠাইছিল, আজি সেই শুভ দিনটোৰ আঠ বছৰ সম্পূৰ্ণ হোৱা দিশে গতি কৰিছে। আঠ বছৰৰ এই সেৱা, সুশাসন আৰু দুখীয়া লোকৰ কল্যাণৰ প্রতি সমর্পিত আছিল। আজি মই যি কৰিবলৈ সক্ষম হৈছো, সেই সকলোবোৰ আপোনালোকৰ পৰাই শিকিছো৷ আপোনালোকৰ মাজৰ পৰা উন্নয়ন কাক কয়, দুঃখ, শোক কাক কয়, দৰিদ্ৰতা কাক কয়, সমস্যাৰ পাহাৰ কাক কয়–এই সকলোবোৰ নিচেই কাষৰ পৰা অনুভৱ কৰিছো আৰু সেই অভিজ্ঞতাক সাৰথি কৰি আজি সমগ্ৰ দেশৰ বাবে, দেশৰ কোটি কোটি নাগৰিকৰ বাবে এজন পৰিয়ালৰ সদস্য হিচাপে কাম কৰি গৈছো৷ মোৰ চৰকাৰে নিৰন্তৰ চেষ্টা চলাই গৈছে, যাতে দুখীয়াসকলৰ কল্যাণৰ স্বার্থত ৰচিত আচঁনিসমূহৰ জৰিয়তে এইবোৰৰ দাবীদাৰ যিমান হিতাধিকাৰী আছে, সেই দাবীদাৰসকল কোনো যেন বাদ পৰি নাথাকে, সকলো দাবীদাৰ যেন উপকৃত হয় আৰু সকলো যেন সম্পূর্ণ ৰূপে উপকৃত হয়৷

মোৰ প্রিয় ভাই-ভনীসকল,

যেতিয়া আমি যিকোনো আচঁনিত ১০০ শতাংশ লক্ষ্য পূৰণ কৰো, তেতিয়াই সেয়া ১০০ শতাংশ হয়। এয়া এক কেৱল পৰিসংখ্যা নহয়, এয়া কেৱল খবৰৰ কাগজত বিজ্ঞাপন দিয়াৰ দৰে কোনো বিষয় নহয়, ইয়াৰ অৰ্থ হ’ল শাসন, প্রশাসন-যি অত্যন্ত সংবেদনশীল আৰু আপোনালোকৰ সকলো সুখ-দুঃখৰ লগৰী, এয়াই ইয়াৰ আটাইতকৈ ডাঙৰ প্রমাণ। আজি দেশত আমাৰ কেন্দ্রীয় চৰকাৰৰ আঠ বছৰ সম্পূর্ণ হৈছে৷ যিসময়ত আঠ বছৰ পূর্ণ হৈছে, সেই সময়ত আমি এক নতুন সংকল্পৰে, নতুন প্রাণশক্তিৰে আগুৱাই যোৱাৰ বাবে প্রস্তুতি চলাইছো৷ মোৰ সৈতে এদিন এগৰাকী বহুত ডাঙৰ নেতাৰ সাক্ষাৎ হৈছিল৷ যথেষ্ট বয়স্ক নেতা। তেওঁ প্ৰায়ে আমাক বিৰোধিতা কৰে, ৰাজনৈতিক দিশতো বিৰোধিতা কৰে, কিন্তু মই তেওঁক অতি শ্রদ্ধা আৰু সন্মান কৰো৷ এদিন কিছু বিষয়ক লৈ তেওঁ মোৰ ওপৰত ক্ষুব্ধ হৈ মোৰ সৈতে দেখা কৰিবলৈ আহে আৰু কয় যে মোদীজী এইটো কি কৰিম? দুবাৰকৈ আপোনাক দেশৰ জনতাই প্রধানমন্ত্রীৰ দায়িত্ব দিছে, এতিয়া কি কৰা হ’ব? তেওঁ ভাৱিছিল যে দুবাৰ প্রধানমন্ত্রী হৈ গৈছে মানে বহুত কিবা কিবি হৈ গৈছে। তেওঁ নাজানিছিল যে মোদী একেবাৰে বেলেগ মাটিৰে তৈয়াৰী৷ এই গুজৰাটৰ মাটিৰে তেওঁক গঢ় দিছে। সেইবাবে যি হৈছে ভালেই হৈছে৷ আহক, এতিয়া আৰাম কৰো৷ নহয়, মোৰ সপোন হ’ল ‘ছেচুৰেচন’! ১০০ শতাংশ লক্ষ্যৰে আমি আগুৱাই যাব লাগিব৷ চৰকাৰী ব্যৱস্থাক আমি এই অভ্যাসত অভ্যস্ত কৰিম। নাগৰিকসকলৰ মনতো আমি অটুট বিশ্বাসৰ জন্ম দিম৷ আপোনালোকে হয়তো ভাবিছে ২০১৪ চনত যেতিয়া আপোনালোকে মোক দেশ সেৱাৰ সুযোগ দিছিল, মোক দিল্লীলৈ পঠিয়াইছিল, তেতিয়া দেশৰ প্রায় অর্ধেক জনসংখ্যাই শৌচালয়ৰ সুবিধাৰ পৰা বঞ্চিত আছিল, টিকাকৰণৰ সুবিধাৰ পৰা বঞ্চিত আছিল, বিদ্যুৎ সংযোগৰ সুবিধাৰ পৰা বঞ্চিত আছিল, বেংক একাউণ্টৰ সুবিধা কেইবাশ মাইল দূৰত আছিল, অধিকাংশ দুখীয়া লোকে বেংক একাউণ্টৰ সুবিধাৰ পৰা বঞ্চিত আছিল। বিগত আঠ বছৰত আমি সকলোৰে প্রচেষ্টাত বহুত আঁচনিক ১০০শতাংশ ‘ছেচুৰেচন’ৰ সমানকৈ আনিব পাৰিছো৷ এতিয়া অষ্টম বর্ষপূর্তিৰ এই গুৰুত্বপূর্ণ মুহূর্তত আৰু এবাৰ কঁকাল বান্ধি, ‘সবকা সাথ’ বা সকলোৰে সৈতে, ‘সবকা প্রয়াস’ বা সকলোৰে প্রচেষ্টাৰ জৰিয়তে আগুৱাই যাব লাগিব আৰু প্রত্যেক দৰিদ্র লোকক, প্রত্যেক দাবীদাৰক তেওঁলোকৰ অধিকাৰ প্রদানৰ বাবে আপ্রাণ চেষ্টা কৰি যাব লাগিব। মই আগতেই কৈছো এই কাম যথেষ্ট কঠিন৷ ৰাজনৈতিক নেতাসকলেও এইবোৰত হাত দিবলৈ ভয় কয়ে৷ কিন্তু মই ৰাজনীতি কৰাৰ বাবে নহয়, মই কেৱল দেশবাসীৰ সেৱা কৰাৰ বাবে আহিছো৷ দেশে যেতিয়া সংকল্প গ্রহণ কৰিছে ১০০ শতাংশ দাবীদাৰৰ ওচৰ পোৱাৰ বাবে আৰু যেতিয়া সেয়া বাস্তবায়িত হয়, ১০০ শতাংশই পায়, তেতিয়া সৰ্বপ্ৰথমে যি মানসিক পৰিৱর্তন আহে, সেয়া অত্যন্ত গুৰুত্বপূর্ণ। সেই মানসিক অৱস্থাত দেশৰ নাগৰিকসকলে জটিল অৱস্থাৰ পৰা আগতে বাহিৰ হৈ আহে। দেশবাসীৰ মনত যি ভিক্ষাৰ শাৰীত থিয় দি থকাৰ মনোভাৱ, তাৰ পৰা মুক্তি পায়। তেওঁলোকৰ মনত এক আত্মবিশ্বাস সৃষ্টি হয় যে এয়া মোৰ দেশ, এই চৰকাৰ মোৰ, এই চৰকাৰৰ ধনৰ ওপৰত মোৰ অধিকাৰ আছে, মোৰ দেশৰ নাগৰিকসকলৰ প্রত্যেকৰে এই অধিকাৰ আছে। এই ভাৱ তেওঁলোকৰ মনৰ ভিতৰত জন্ম লয় আৰু সেই মনোভাৱে তেওঁলোকৰ ভিতৰত কর্তব্যৰ বীজো ৰোপণ কৰে৷

বন্ধুসকল,

যেতিয়া ‘ছেচুৰেচন’ আহে, তেতিয়া বৈষম্যৰ সকলো অভিযোগ শেষ হয়, কাৰোৰে পৰামৰ্শৰ প্রয়োজন নহয়৷ প্রত্যেকৰ মনত বিশ্বাস থাকে, অমুক হয়তো আগতে পাইছে, কিন্তু পাছত মইও পাম। হয়তো দুমাহ পাছত পাম, হয়তো ছমাহ পাঠত পাম, কিন্তু নিশ্চিতভাৱে পাম। সেইবাবে কাৰোৰে পৰামৰ্শৰ প্রয়োজন নহয়৷ যিসকলে দিব তেওঁলোকেও এইকথা ক’ব নোৱাৰে যে তুমি মোৰ নিজৰ, সেইবাবে দিছো আৰু অমুক মোৰ নিজৰ নহয়, সেইবাবে দিয়া নাই। এই বৈষম্য আৰু সম্ভৱ নহয়। আজি দেশে সংকল্প লৈছে যে সকলো দাবীদাৰক ১০০ শতাংশ আঁচনি সুবিধা প্ৰদান কৰা হ’ব৷ আজি যেতিয়া ১০০ শতাংশত আমি উপনীত হৈছো, তেতিয়া এই ক্ষেত্রত তুষ্টিকৰণৰ ৰাজনীতিৰ অন্ত পৰিছে৷ সেইবাবে তুষ্টিকৰণৰ আৰু কোনো স্থান বাকী নাই। ১০০ শতাংশ হিতাধিকাৰীৰ ওচৰ পোৱাৰ মানে হ’ল সমাজৰ প্ৰান্তীয় লোকৰ ওচৰ পাইছে, যিসকলৰ একো নাই, সর্বহাৰা, তেওঁলোকৰ বাবে চৰকাৰ আছে, তেওঁলোকৰ বাবে চৰকাৰৰ সংকল্প আছে, চৰকাকে তেওঁলোকৰ বিশ্বস্ত সহযোগী হৈ আগুৱাই গৈছে—এই মনোভাৱে দেশৰ দূৰ-দুৰণিৰ অৰণ্যাঞ্চলত বসবাস কৰা মোৰ জনজাতি ভাই-ভনীসকলৰ অনুভৱ কৰিব লাগিব বা বস্তিত বসবাস কৰা মোৰ দুখীয়া মা-ভগ্নীসকলেও হওক, বৃদ্ধাৱস্থাত অকলশৰীয়া জীৱন কটোৱা কোনো ব্যক্তিয়েই হওক প্রত্যেকৰ মনত এই বিশ্বাসৰ জন্ম দিব লাগিব যে তেওঁলোকৰ অধিকাৰৰ বস্তু তেওঁলোকৰ দুৱাৰত প্ৰদান কৰাৰ চেষ্টা কৰা হৈছে৷

বন্ধুসকল,

১০০ শতাংশ হিতাধিকাৰীক সামৰি লোৱা অর্থাৎ জাতি, ধর্ম, বর্ণ নির্বিশেষে সমানভাবে ‘সবকা সাথ, সবকা বিকাশ’, ১০০ শতাংশ সুবিধা দুখীয়া লোকসকলৰ কল্যাণৰ প্রত্যেক আঁচনিৰ পৰা কোনো যেন বাদ নপৰে, কোনো যেন পিছপৰি নাথাকে। এয়া বহুত ডাঙৰ সংকল্প৷ আজি আপোনালোকে যি ৰাখী পিন্ধালে, সমগ্ৰ বিধবা মাতৃসকলে যি পিন্ধালে, সকলো ভগ্নীয়ে মোৰ বাবে ইমান ডাঙৰ যি ৰাখী প্ৰস্তুত কৰিলে, এয়া সচাকৈয়ে এডাল সুতা নহয়, ইয়াৰ জৰিয়তে আপোনালোকে মোক এক শক্তি প্ৰদান কৰিছে, সামর্থ্য দিছে, আৰু মই যিবোৰ সপোন লৈ আগুৱাই গৈছো, সেই সপোনবোৰ ৰূপায়ণৰ শক্তি দিছে৷ সেইবাবে আজি আপোনালোকে মোক যি ৰাখী দিছে, সেয়া মই অতি অমূল্য উপহাৰ বুলি স্বীকাৰ কৰিছো৷ এই ৰাখীয়ে মোক সদায় দেশৰ দুখীয়া লোকসকলৰ সেৱা কৰাৰ বাবে ১০০ শতাংশ ‘ছেচুৰেচন’ৰ দিশত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰ আৰু স্থানীয় প্রশাসনক কাম কৰাৰ বাবে প্রেৰণাও যোগাব, সাহস দিব আৰু সংগ দিব। ইয়াকে মই কও, ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস’৷ আজি ৰাখীও সমগ্ৰ বিধবা মাতৃৰ প্রচেষ্টাত প্ৰস্তুত কৰা হৈছে আৰু মই যেতিয়া গুজৰাটত আছিলো, বাৰে বাৰে কৈছিলো, কেতিয়াবা কেতিয়াবা মোৰ বক্তব্য খবৰৰ কাগজত ছপা হৈছিল, টিভিত দেখুওৱা আৰু শুনোৱা হৈছিল, মোৰ বিৰুদ্ধে খবৰ, মোৰ নিৰাপত্তা লৈ খবৰ ছপোৱা হৈছিল, দু-এবাৰতো মোৰ অসুস্থতাৰ খবৰো ছপা হৈছে৷ তেতিয়া মই কৈছিলো যে ভাই, মোৰ ওচৰত কোটি কোটি মা-ভগ্নীৰ ৰক্ষাকবচ আছে। যেতিয়ালৈকে এই কোটি কোটি মা-ভগ্নীয়ে দিয়া ৰক্ষাকবচ মোৰ ওচৰত থাকিব, যিমানদিন মই এই ৰকম ৰক্ষাকবচ পাই থাকিম, সেই ৰক্ষাকবচ ভেদ কৰি কোনেও মোৰ একো কৰিব নোৱাৰে। আজ মই এইটো দেখিছো, প্রত্যেক পদক্ষেপত, প্রত্যেক মুহূর্তত, মোৰ প্রিয় মা-ভগ্নীসকলে সদায় তেওঁলোকৰ আশীর্বাদ মোক দি আহিছে৷ এই মা-ভগ্নীসকলৰ ওচৰত যিমান ঋণ স্বীকাৰ নকৰো কিয় সেয়া কম হ’ব৷ সেইবাবে বন্ধুসকল এই শিষ্টাচাৰৰ বাবেই মই এবাৰ লালকিল্লাৰ প্রাচীৰৰ পৰা এইকথা কোৱাৰ সাহস কৰিছিলো যে এয়া অতি কঠিন কাম মই কৰিছো, মই জানো এয়া কঠিন কাম, কিদৰে কৰা কঠিন সেয়াও মই জানো। সকলো ৰাজ্যক প্রেৰণা যোগোৱা, লগত লৈ যোৱা বহুত কঠিন কাম সেয়াও মই জানো। সকলো চৰকাৰী কর্মচাৰীক এই কামৰ বাবে লগোৱাটো বহুত কঠিন বুলি মই জানো, কিন্তু এয়া স্বাধীনতাৰ অমৃতকাল। স্বাধীনতাৰ ৭৫সংখ্যক বর্ষপূর্তি পালন উৎসৱ এতিয়া চলি আছে। এই অমৃতকালত দেশৰ জনগণৰ বাবে মৌলিক সুবিধাসমূহ প্রদানৰ আঁচনিসমূহক ‘ছেচুৰেচন’ত উপনীত কৰাৰ লক্ষ্যৰ কথা মই লালকিল্লাৰ প্রাচীৰৰ পৰা ঘোষণা কৰিছিলো। ১০০ শতাংশ সেৱাভাৱ লৈ আমাৰ এই অভিযান সামাজিক ন্যায়ৰ বহুত ডাঙৰ মাধ্যম। মই অতিশয় আনন্দিত যে আমাৰ গুজৰাটৰ সক্রিয় আৰু জনপ্রিয় মুখ্যমন্ত্রী শ্রী ভূপেন্দ্র ভাই পেটেলে তেওঁৰ নেতৃত্বত গুজৰাট ৰাজ্য চৰকাৰে এই সংকল্পক সিদ্ধ কৰাৰ ক্ষেত্রত সম্পূর্ণ নিষ্ঠাৰে কাম কৰে আহিছে৷

বন্ধুসকল,

আমাৰ চৰকাৰে সামাজিক নিৰাপত্তা ৰক্ষাৰ বাবে, জনকল্যাণ আৰু দুখীয়া লোকসকলৰ গৰিমা ৰক্ষাৰ বাবে এই সকলো ৰূপায়ণৰ ক্ষেত্রত ‘ছেচুৰেচন’ত উপনীত কৰাৰ অভিযান চলাই আছে। যদি মই এটা শব্দত ক’ব বিচাৰো তেতিয়াহ’লে এয়াই হ’ল দুখীয়াৰ আত্মমৰ্যাদা। দুখীয়াসকলৰ আত্মমৰ্যাদা ৰক্ষাৰ বাবেই আমাৰ চৰকাৰ৷ দুখীয়াসকলৰ আত্মমৰ্যাদা ৰক্ষাৰ বাবে সংকল্প আৰু দুখীয়াৰ আত্মমৰ্যাদা ৰক্ষাৰ বাবে শিষ্টাচাৰ৷ এইবোৰেই আমাক প্রেৰণা যোগায়। আগতে আমি যেতিয়া সামাজিক সুৰক্ষাৰ কথা শুনিছিলো তেতিয়া প্রায়ে অন্যান্য সৰু সৰু দেশৰ উদাহৰণ দিছিলো৷ ভাৰতত সেইবোৰ ৰূপায়ণৰ যিমানে প্রচেষ্টাই নহওক কিয়, সেইবোৰৰ পৰিধি আৰু প্রভাৱ ইমান দিনে অতি সীমিত আছিল। কিন্তু ২০১৪ চনৰ পাছৰ পৰা দেশে ইয়াৰ পৰিধিক বহুত ব্যাপক কৰিছে, বিস্তৃত কৰিছে। দেশে সকলোকৈ লগত লৈ আগুৱাই গৈছে। ইয়াৰ পৰিণাম আজি আমাৰ সকলোৰে সন্মুখত আছে। ৫০ কোটিৰো অধিক দেশবাসীক ৫লাখ টকালৈকে বিনামূল্যে চিকিৎসাৰ সুবিধা প্ৰদান কৰা হৈছে৷ কোটি কোটি লোক ৪লাখ টকালৈকে দুর্ঘটনা আৰু জীৱনবীমাৰ সুবিধা প্ৰদান কৰা হৈছে৷ কোটি কোটি ভাৰতীয়ক ৬০ বছৰ বয়সৰ পাছত এক নিশ্চিত পেন্সনৰ ব্যৱস্থা কৰা হৈছে৷ নিজৰ পকী গৃহ, শৌচালয়, ৰন্ধন গেছ সংযোগ, বিদ্যুৎ সংযোগ, ঘৰে ঘৰে নলসংযোগী খোৱাপানী, বেংকৰ একাউণ্টত এই ধৰণৰ সেৱাৰ বাবেতো দুখীয়াসকলে চৰকাৰী বিভাগসমূহত ঘুৰি ঘুৰি জোতা ক্ষয় হৈছিল৷ কোনো সুবিধা পাবলৈ বহু সময়ত তেওঁলোকে সমগ্ৰ জীৱন অতিবাহিত হৈছিল। তেওঁলোক হাৰি গৈছিল৷ আমাৰ চৰকাৰে এই সকলো পৰিস্থিতিক সলনি কৰিছে, আঁচনিসমূহত সংস্কাৰ আনিছে, নতুন নতুন লক্ষ্য স্থিৰ কৰিছে আৰু এতিয়া আমি নিৰন্তৰ সেই লক্ষ্য পূৰণৰ কাম সফলতাৰে কৰি আহিছো৷ এই পর্যায়ত কৃষকসকলৰ প্রথমবাৰ পোনপটীয়া সহায় কৰা হৈছে৷ ক্ষুদ্ৰ কৃষকসকলক আগতে কোনেও সোধা নাছিল ভাই আৰু আমাৰ দেশৰ ৯০ শতাংশই ক্ষুদ্র কৃষক৷ ৮০ শতাংশতকৈ অধিক প্রায় ৯০ শতাংশ যিসকলৰ ২ একৰ ভূমিও নাই। সেই ক্ষুদ্র কৃষকসকলৰ বাবে আমি এক আঁচনি প্ৰস্তুত কৰিছো৷ আমাৰ মৎস্যজীৱি ভাই-ভনীসকলক বেংকৰ লোকসকলে কেতিয়াও পাত্তা দিয়া নাছিল। আমি ‘কিষাণ ক্রেডিট কার্ড’ৰ দৰে এক সেৱা সৰ্বপ্ৰথমে মৎস্যজীৱিসকলৰ পৰা আৰম্ভ কৰিছো৷ কেৱল ইমানেই নহয়, ঠেলাৱলা, পদপথ আৰু ৰে’ল লাইনৰ কাষত জুপুৰী সাজি বসবাস কৰা ক্ষুদ্র ব্যৱসায়ীসকলক ‘পিএম স্বনিধি যোজনা’ৰ জৰিয়তে বেংকৰ পৰা প্রথমবাৰলৈ সহায় প্ৰদান কৰা হৈছে৷ মই বিচাৰো আৰু আমাৰ ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সভাপতি শ্রী চি আৰু পাটিলজীয়ে এইটো সুনিশ্চিত কৰিব যে আমাৰ কর্মকর্তাসকলে এই বিষয়টো চাব, যাতে ৰাজ্যৰ সকলো নগৰত এই ঠেলাৱলা, পদপথ আৰু ৰে’ল লাইনৰ কাষত জুপুৰী সাজিয় থকা ক্ষুদ্র ব্যৱসায়ীসকলে ‘পিএম স্বনিধি যোজনা’ৰ জৰিয়তে ঋণ লাভ কৰিব, তেওঁলোকৰ ব্যৱসায় যেন মহাজনী প্ৰথাৰ সুদৰ চক্কৰৰ পৰা মুক্ত হৈ যায়। এই ঠেলাৱলা, পদপথ আৰু ৰে’ল লাইনৰ কাষত জুপুৰী সাজি থা ক্ষুদ্র ব্যৱসায়ীসকলে যিমান পৰিশ্রম কৰে, সেয়া যেন তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ কাম লাগে। সেইবাবে আমি এই যি অভিযান আৰম্ভ কৰিছো, মই বিচাৰো যে ভৰুচৰ পৰা আৰম্ভ কৰি অংকলেশ্বৰ, ৱালিয়াৰ দৰে আমাৰ সকলো নগৰত ব্যৱসায় কৰা এই ঠোলাৱলা, পদপথ আৰু ৰে’ল লাইনৰ কাষত জুপুৰী সাজি থকা ক্ষুদ্র ব্যৱসায়ীসকলৰ লাভন্বিত হয়৷ সেইবাবেই ভাৰুচত মই আপোনালোকৰ সৈতে সাক্ষাৎ কথা ক’ব পাৰিছো৷

মই ইয়ালৈ অহা বেচি সময় হোৱা নাই, তথাপিতো মই ইচ্ছা কৰিছো কাৰণ ভাৰুচৰ সৈতে মোৰ সম্পর্ক অতি পুৰণি আৰু ভাৰুচ তো আমাৰ নিজা সাংস্কৃতিক ঐতিহ্য, গুজৰাটৰ বাণিজ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ কেইবাহাজাৰ বছৰ পুৰণি কেন্দ্র আছিল। এটা সময় আছিল যেতিয়া সমগ্ৰ বিশ্বত সংযোগ স্থাপনৰ বাবে ভাৰুচৰ নাম উল্লেখযোগ্য আছিল। আমাৰ সাংস্কৃতিক ঐতিহ্য, আমাৰ কৃষক ভাই-ভনী, আমাৰ জনজাতি ভাই-ভনী আৰু এতিয়াতো বাণিজ্য উদ্যোগৰ ৰমৰমীয়া পৰিৱেশ চলিছে ভাৰুচ আৰু অংকলেশ্বৰত৷বাণিজ্যই ভাৰুচ আৰু অংকলেশ্বৰক টুইন চিটীত পৰিণত কৰিছে যি আগতে কোনেও কল্পনাও কৰা নাছিল৷ মই যিমান দিন ইয়াত আছিলো, সেইবোৰ পুৰণি দিনৰ কথা সকলো মনত আছে।

আজি আধুনিক উন্নয়নৰ বাবে ভাৰুচ জিলাৰ বহুত নাম হৈছে৷ ইয়াত বহুত উন্নয়নৰ কাম হৈছে আৰু স্বাভাৱিকতে ভাৰুচলৈ যেতিয়া আহো, ভাৰুচৰ জনগণৰ কাষলৈ আহো, তেতিয়া সকলো পুৰণি লোকৰ কথা মনত পৰে। বহুতৰ কথা মনত পৰে৷ মোৰ বহুত পুৰণি  বন্ধু, বহুত বয়স্ক বন্ধু আছে, এতিয়াও মাজে মাজে তেওঁলোকৰ সৈতে মোৰ কথাবার্তা হয়। বহু বছৰৰ পূৰ্বে যেতিয়া মই সংঘৰ কাম কৰিছিলো, তেতিয়া বাছৰ পৰা নামিয়েই খোজ কাঢ়ি মুক্তিনগৰ ছ’চাইটিলৈ গৈছিলো, আমাৰ মূলচান্দভাই চৌহানৰ ঘৰলৈ গৈছিলো, আমাৰ বিপীন ভাই শ্বাহৰ ঘৰলৈ গৈছিলো, আমাৰ শংকৰ ভাই গান্ধীৰ ঘৰলৈ গৈছিলো। ইয়াত মোৰ এনে বহুত বন্ধু আছে। সকলো পুৰণি বন্ধু।  যেতিয়া আপোনালোকক দেখো তেতিয়া মোৰ সাহসী সতীৰ্থ শ্রী শিৰিশ বাঙালীৰ কথা মনত পৰে, যি কেৱল সমাজৰ বাবে জীয়াই আছিল, সমাজৰ বাবে কাম কৰাৰ নামত জীৱন উৎসর্গ কৰিছিল৷ মই জানো লাল্লু ভাইৰ গলিৰ পৰা ওলাই আহিলেই তেতিয়া আমাৰ পাঁচবত্তি বিস্তাৰ৷ এতিয়া যিসকল যুৱক-যুৱতীৰ বয়স ২০-২৫ বছৰ, তেওঁলোকে হয়তো জনা নাই যে এই পাঁচবত্তি আৰু লাল্লু ভাইৰ গলিৰ তেতিয়া কি অৱস্থা আছিল। একেবাৰে সৰু পথ আছিল। স্কুটাৰ চলাই যাবলৈও কষ্ট হৈছিল৷ ইমান ঠেক আছিল। কিন্তু মই নিয়মীয়াকৈ গৈছিলো৷ মোৰ মনত আছে। আগতে আৰু মোৰ কোনো ৰাজহুৱা সভা কৰা বা তাত বক্তৃতা দিয়াৰ সুযোগ নহৈছিল৷ বহু বছৰ পূৰ্বে এই ভাৰুচৰ জনতাই আমাৰ শক্তিনগৰ ছ’চাইটিত এদিন মোক বক্তৃতা দিয়াৰ বাবে জোৰ কৰে৷ তেতিয়া মই ৰাজনীতিলৈ অহা নাই। প্রায় ৪০ বছৰ আগৰ কথা। শক্তিনগৰ ছ’চাইটিত এখন সভা হৈছিল আৰু মই আচৰিত হৈছিলো, সেই ছ’চাইটিত তেতিয়া ইমান ভিৰ হৈছিল যে থিয় দিবলৈ
ঠাই নহৈছিল৷ ইমান মানুহ! বহুত মানুহে একেলগে মোক আশীর্বাদ দিবলৈ আহিছিল। মোৰ কোনো নাম নাছিল, কোনেও চিনি পোৱা নাছিল, জনা নাছিল, তথাপিটো জোৰ কৰিয়েই তেওঁলোকৰ চাপত পৰি বক্তৃতা দিছিলো আৰু বহুত ডাঙৰ সভা হৈছিল। সেই সময়ততো মই ৰাজনীতিত একো নাছিলো৷ নতুন নতুন দলৰ কাম কৰিছিলো, প্রতিদিনে বহুত কিছু নতুন কথা শিকিছিলো৷ সেই সময়ত মোৰ ভাষণ শেষ হোৱাৰ পাছত বহু সাংবাদিক বন্ধুৱে মোক সাক্ষাৎ কৰে৷ মই তেওঁলোকক ক’লো আপোনালোক লিখি ৰাখক এই ভাৰুচত কেতিয়াও কংগ্রেছ নিজিকে৷ সেই সময়ত থিয় হৈয়ে মই এইকথা কৈছিলো৷ আজিৰ পৰা ৪০ বছৰ আগতে। তেতিয়া সকলোৱে হাঁহিবলৈ আৰম্ভ কৰে, মোক লৈ বিদ্রূপ কৰে আৰু আজি মই বুক ফুলাই ক’ব পাৰো যে ভাৰুচৰ জনগণৰ এই মৰম আৰু আশীর্বাদৰ ফলতে মোৰ সেই ভৱিষ্যদ্বাণী সঠিক প্রমাণিত হৈছে৷

 

ইমান মৰম! ভাৰুচ আৰু ইয়াৰ পার্শ্ববর্তী এলেকাৰ জনজাতি পৰিয়ালসমূহৰ পৰা মই সেই স্পন্দন অনুভৱ কৰিছিলো। মই তেতিয়া বহুত গাঁৱে গাঁৱে ঘুৰিছিলো। তেতিয়া বহুত জনজাতি পৰিয়ালৰ মাজত থকাৰ সুযোগ পাইছিলো, তেওঁলোকৰ সুখ-দুঃখৰ সংগী হোৱা, তেওঁলোকৰ হৈ কাম কৰাৰ সুযোগ পাইছিলো। আগতে ইয়াত আমাৰ এজন অগ্রজ কর্মী আছিল শ্রী চন্দু ভাই দেশমুখ। মোৰ তেওঁলোকৰ সৈতে কাম কৰাৰ সৌভাগ্য হৈছে৷ তাৰপাছৰ পৰাই আমাৰ মনসুখ ভায়ে সকলো কাম চম্ভালি লৈছে। মোৰ বহুত দায়িত্ব তেওঁ নিজে কান্ধ পাতি লৈছে আৰু ইমান সংখ্যক বন্ধু, ইমান সংখ্যক মানুহৰ সৈতে কাম কৰিছে, সেইবোৰ দিনত যেতিয়া আপোনালোকৰ মাজলৈ আহিছিলো, যেতিয়া আপোনালোকৰ কাষলৈ আহিছিলো,কিমান ভাল লাগিছিল৷ এতিয়া আপোনালোকৰ পৰা ইমান দূৰত থাকো যে আপোনালোক কথা মনত পৰি স্মৃতিকাতৰ হৈ পৰো৷ সেই সময়ৰ কথা মনত পৰে, যিসকলে শাক-পাছলি বিক্ৰী কৰিছিল তেওঁলোকৰ বাবে এতিয়াৰ ৰাস্তাঘাট ইমানেই বেয়া আছিল যে তেওঁলোক ফেৰীৱলা হৈ আহিতে শাক-পাছলি পথত পৰি গৈছিল৷ ইমান বেয়া অৱস্থা আছিল। মই যেতিয়া এই পথেৰে গৈছিলো তেতিয়া দেখিছিলো যে বহুত দুখীয়া মানুহৰ বস্তা বাগৰি পৰিছে৷ তেতিয়া মই শাক-পাছলি বুটলি দিছিলো, তেওঁলোকৰ বস্তা ধৰি দিছিলো। সেই সময়তে মই ভাৰুচত কাম কৰিছিলো৷ আজি ভাৰুচত চাৰিওফালে উন্নয়নৰ জোৱাৰে উঠিছে। পথবোৰ মসৃণ হৈছে৷ জীৱনযাত্রাৰ মান বহুত উন্নত হৈছে, বহু শিক্ষা প্রতিষ্ঠান, বহুত উন্নত চিকিৎসা ব্যৱস্থা, তীব্র গতিত আমাৰ ভাৰুচ জিলা আগুৱাই গৈছে। মই জানো সকলো জনজাতি এলেকা– সেই ওমৰগাঁৱৰ পৰা অম্বাজিলৈকে সমগ্ৰ জনজাতি এলেকাত মই ঘুৰিছিলো৷ আমাৰ গুজৰাটত এই জনজাতি সম্প্রদায়ৰ পৰা মুখ্যমন্ত্রীও হৈছে৷ কিন্তু এই এলেকাবোৰত কোনো বিজ্ঞানৰ স্কুল নাছিল৷ আপোনালোকেই কওক বিজ্ঞানৰ স্কুল আছিল নে? মই মুখ্যমন্ত্রী হোৱাৰ পাছত প্রথমে এই জিলাত বিজ্ঞানৰ স্কুল আৰম্ভ কৰাৰ সৌভাগ্য হৈছে৷ য’ত বিজ্ঞানেৰ স্কুল নাথাকে, তাৰ পৰা ল’ৰা-ছোৱালী কিদৰে ইঞ্জিনিয়াৰ হ’ব, কিদৰে চিকিৎসক হ’ব? অলপ সময়ৰ পূৰ্বে আমাৰ ইয়াকুব ভায়ে মোৰ সৈতে কথা পাতিছিল৷ তেওঁ কন্যাক চিকিৎসক কৰিব বিচাৰে৷ কিদৰে? কাৰণ, এতিয়া ভাৰুচবাসীৰ বাবে ল’ৰা-ছোৱালীৰ চিকিৎসক গঢ় দিয়াৰ সম্ভাৱনা বাঢ়িছে। কাৰণ এতিয়া এইটো অভ্যাসত পৰিণত হৈছে। সেইবাবে ইয়াকুব ভাইৰ কন্যাইও ঠিক কৰিছে যে তেওঁ চিকিৎসক হ’ব।

আজি প্রকৃত পৰিৱর্তন আহিছে, নহয় নে? একেদৰে ভাৰুচৰ উদ্যোগৰ উন্নয়ন ত্বৰান্বিত হৈছে আৰু এতিয়া আমাৰ ভাৰুচত ৰে’লৰ বহুত মুল লাইন আছে, ফ্রণ্ট কৰিডৰ আছে, আনকি বুলেট ৰে’লো চলাৰ দিশত গতি কৰিছে। এক্সপ্রেছৱে আছে। এনে কোনো যাতায়াতৰ মাধ্যম নাই যি ভাৰুচক স্পর্শ কৰা নাই। সেইবাবে ভাৰুচে আজি এক প্রকাৰ নৱ প্রজন্মৰ সপোনৰ জিলাত পৰিণত হৈ পৰিছে। উঠি অহা যুৱক-যুৱতীৰ আকাংক্ষাৰ চহৰত পৰিণত হৈছে। এই আকাংক্ষা প্রতিদিনে বিস্তাৰ লাভ কৰিছে। মা নর্মদাৰ বুকুত ষ্টেছ্যু অফ ইউনিটী নিৰ্মাণ কৰাৰ পাছৰে পৰা আমাৰ ভাৰুচৰ পৰা আৰম্ভ কৰি ৰাজপিপলাৰ নাম সমগ্ৰ ভাৰতৰ লগতে বিশ্বৰ মানুহে জানিবলৈ সক্ষম হৈছে৷

আৰে ভাই, ষ্টেছ্যু অফ ইউনিটী যাবলৈ হ’লে কোন পিনে যাব লাগিব?

উত্তৰ-ভাৰুচ হৈ, ৰাজপিপলা হৈ যাব লাগিব! এতিয়া ই দ্বিতীয় আকর্ষণৰ কেন্দ্রবিন্দু হৈছে৷ মোৰ মনত পৰে ভাৰুচ নর্মদাৰ পাৰত হোৱা সত্ত্বেও ইয়াত খোৱাপানীৰ কিমান সমস্যা আছিল। এবাৰ কথাটো ভাৱক! মা নর্মদাৰ পাৰত থকা এখন চহৰ য’ত খোৱাপানীৰ সমস্যা আছিল। সেই কথা মানি ল’ব পাৰিনে? তেতিয়াহ’লে এই সমস্যা সমাধানৰ উপায় কি? সেই উপায় আমি বিচাৰি উলিয়াইছো। আমি সমুদ্রৰ ওপৰৰে ডাঙৰ বেৰ বনাইছো যাতে সমুদ্রৰ লৱণযুক্ত পানী উজাই আহিব নোৱাৰে আৰু নর্মদাৰ মিঠা জলক ৰক্ষা কৰা যায়, সংৰক্ষণ কৰিব পৰা যায়। নর্মদাৰ সকলো পানী আহি কেৱড়িয়াত জমা হয়। ফলত কেতিয়াও যেন খোৱাপানীৰ সমস্যা নহয়, সেই ব্যৱস্থা কৰা হৈছে৷ তাৰ কাম চলি আছে। মই ভূপেন্দ্র ভাইৰ সুযোগ্য নেতৃত্বক অভিনন্দন জনাইছো। তেওঁ এই কাম আগুৱাই নিছে। এয়া সম্পূর্ণ হ’লে এই এলেকাৰ মানুহৰ কিমান উপকাৰ হ’ব সেয়া আপোনালোকে কল্পনাও কৰিব নোৱাৰিব৷ সেইবাবে বন্ধুসকল আজি আপোনালোকৰ সৈতে দেখা কৰাৰ যি সৌভাগ্য হৈছে তাৰবাবে মই অত্যন্ত আনন্দিত। বহুত পুৰণি বন্ধুসকলৰ সৈতে দেখা হৈছে সেইবাবে মই অতিশয় আনন্দিত৷ পুৰণিসকলৰ মনত পৰাটো অতি স্বাভাৱিক।

এতিয়া আমাৰ চৰকাৰৰ প্ৰচেষ্টাত সমগ্ৰ দেশৰ সমুদ্র উপকূলৱৰ্তী এলেকাত নীল অর্থনীতিক লৈ যি কাম চলিছে তাতো ভাৰুচ জিলাই বহুত কিবা কিবি কৰাৰ সম্ভাৱনা আছে। সমুদ্রত যিমান সম্পদ আছে, আমাৰ ‘সাগৰ খেৰু’ আচঁনিৰ জৰিয়তে তাৰ পৰা আমি উপকৃত হোৱাৰ বাবে আগুৱাই যাব লাগিব। সকলোৰে শিক্ষাৰ পৰা আৰম্ভ কৰি সকলোৰে উন্নত স্বাস্থ্য, এই এলেকাত ব্যৱসায়ৰ ক্ষেত্রত উন্নয়ন, যোগাযোগৰ ক্ষেত্রত উন্নয়ন ইত্যাদি প্রতিটো ক্ষেত্রত অতি ক্ষিপ্ৰতাৰে আমি আগুৱাই যাব লাগিব। আজি মই অতিশয় আনন্দিত যে ভাৰুচ জিলাই খুব ভালদৰে প্ৰচেষ্টা হাতত লৈছে। আপোনালোক সকলোকে বহুত বহুত অভিনন্দন আৰু শুভকামনা জনাইছো।

জয় জয় গর্বী গুজৰাট,

বন্দে মাতৰম!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Zojila Tunnel achieves final breakthrough at 11,578 feet, bringing Kashmir-Ladakh link closer

Media Coverage

Zojila Tunnel achieves final breakthrough at 11,578 feet, bringing Kashmir-Ladakh link closer
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses gratitude to Vice President Thiru CP Radhakrishnan Ji for his warm wishes
June 10, 2026

Prime Minister Shri Narendra Modi today expressed gratitude to Vice President Thiru CP Radhakrishnan Ji for his warm wishes. The Prime Minister stated that the trust and blessings of the people of India inspire him to work harder in service of the nation.

Shri Modi noted that all his efforts will continue to be guided by the aim of building a Viksit Bharat that is prosperous and proud of our civilisational heritage. The Prime Minister affirmed that no stone will be left unturned in fulfilling the dreams and aspirations of our fellow Indians.

The Prime Minister posted on X:

"Thank you for your warm wishes, Vice President Thiru CP Radhakrishnan Ji.

The trust and blessings of the people of India inspire me to work harder in service of the nation. All my efforts will continue to be guided by the aim of building a Viksit Bharat that is prosperous and proud of our civilisational heritage. No stone will be left unturned in fulfilling the dreams and aspirations of our fellow Indians.

@VPIndia

@CPR_VP"