“গোলকীয় মহামাৰী নথকা সময়তো স্বাস্থ্যৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী সাৰ্বজনীন আছিল”
“ভাৰতৰ লক্ষ্য হৈছে শাৰীৰিক, মানসিক আৰু সামাজিক মংগল” “ভাৰতত সংস্কৃতি, জলবায়ু আৰু সামাজিক গতিশীলতাৰ সাংঘাতিক বৈচিত্ৰ্যতা আছে”
“প্ৰকৃত অগ্ৰগতি হৈছে নাগৰিককেন্দ্ৰিক। চিকিৎসা বিজ্ঞানত যিমানেই অগ্ৰগতি নহওক কিয়, দূৰ্গম অঞ্চলৰ শেষ ব্যক্তিজনেও সুবিধা লাভ কৰিব লাগিব”
“যোগ আৰু ধ্যান আধুনিক বিশ্বৰ বাবে প্ৰাচীন ভাৰতৰ উপহাৰ, যি এতিয়া এক বিশ্বব্যাপী আন্দোলনলৈ পৰিণত হৈছে”
“ভাৰতৰ পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থাই মানসিক চাপ আৰু জীৱনশৈলীজনিত ৰোগৰ বহু সমাধান দিয়ে”
“ভাৰতৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱাক সুলভ আৰু সহজলভ্য কৰি তোলা, কেৱল আমাৰ নাগৰিকৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবে”

মহামান্য, বিশ্বৰ বিভিন্ন দেশৰ স্বাস্থ্য মন্ত্ৰী, পশ্চিম এছিয়া, চাৰ্ক, আছিয়ান আৰু আফ্ৰিকান অঞ্চলৰ বিশিষ্ট প্ৰতিনিধিসকল, মই আপোনালোক সকলোকে ভাৰতলৈ উষ্ম আদৰণি জনাইছো। মোৰ কেবিনেটৰ সহকৰ্মী আৰু ভাৰতীয় স্বাস্থ্যসেৱা উদ্যোগৰ প্ৰতিনিধিসকলক শুভেচ্ছা জনাইছো!

বন্ধুসকল,

ভাৰতীয় শাস্ত্ৰত উল্লেখ কৰা হৈছে:

सर्वे भवन्तु सुखिनः । सर्वे सन्तु निरामयाः ।

सर्वे भद्राणि पश्यन्तु । मा कश्चित् दुःख भाग्भवेत् ॥

ইয়াৰ অৰ্থ হৈছে: সকলোৱে সুখী হওঁক, সকলোৱে ৰোগৰ পৰা মুক্ত হওঁক, সকলোৰে সৈতে ভাল কাম কৰিব পাৰে আৰু কোনেও ভুগিব নালাগে। ই এক সামগ্ৰিক দৃষ্টিভংগী। আনকি হাজাৰ হাজাৰ বছৰ আগতে, যেতিয়া কোনো বিশ্বব্যাপী মহামাৰী নাছিল, তেতিয়াও ভাৰতৰ স্বাস্থ্যক্ষেত্ৰৰ দৃষ্টিভংগী সাৰ্বজনীন আছিল। আজি যেতিয়া আমি এক পৃথিৱী, এক স্বাস্থ্যৰ কথা কওঁ, তেতিয়াও একে ধাৰণাই কাম কৰে। তদুপৰি, আমাৰ দৃষ্টি কেৱল মানুহৰ মাজতেই সীমাবদ্ধ নহয়। ই আমাৰ সমগ্ৰ পৰিস্থিতিতন্ত্ৰলৈ বিস্তাৰিত হয়। উদ্ভিদৰ পৰা জীৱ-জন্তুলৈকে, মাটিৰ পৰা নদীলৈকে, যেতিয়া আমাৰ চাৰিওফালৰ সকলোবোৰ স্বাস্থ্যকৰ হয়, তেতিয়াহে আমি স্বাস্থ্যৱান হৈ থাকিব পাৰোঁ।

বন্ধুসকল,

এইটো এটা জনবিশ্বাস যে ৰোগহীনতাই সুস্বাস্থ্যৰ দৰে একে। অৱশ্যে, স্বাস্থ্যৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী এই ৰোগহীনতা নাইকিয়া কৰাই নহয়। ৰোগৰ পৰা নিৰাময় লাভ কৰাটো সুস্থতাৰ পথত মাত্ৰ এটা পদক্ষেপ। আমাৰ লক্ষ্য হৈছে সকলোৰে বাবে সুস্বাস্থ্য আৰু সুস্থতা। আমাৰ লক্ষ্য হৈছে শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতা।

বন্ধুসকল,

ভাৰতে 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত' বিষয়বস্তুৰে জি-২০ প্ৰেচিডেন্সি যাত্ৰা আৰম্ভ কৰিছিল। আমি এই দৃষ্টিভংগী পূৰণৰ ক্ষেত্ৰত শক্তিশালী আৰু সহনীয় গোলকীয় স্বাস্থ্য সেৱা প্ৰণালীৰ গুৰুত্বক স্বীকৃতি দিছো। ভাৰতে চিকিৎসা ভ্ৰমণ আৰু স্বাস্থ্য কৰ্মশক্তিৰ গতিশীলতাক এক স্বাস্থ্যকৰ গ্ৰহ (Planet) ৰ বাবে গুৰুত্বপূৰ্ণ বুলি ভাবে। এক পৃথিৱী, এক স্বাস্থ্য: এডভাণ্টেজ হেল্থকেয়াৰ ইণ্ডিয়া ২০২৩ হৈছে এই দিশত এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা। এই আয়োজন ভাৰতৰ জি-২০ প্ৰেচিডেন্সিৰ বিষয়বস্তুৰ সৈতে একেই। বহুতো দেশৰ শ শ অংশগ্ৰহণকাৰী ইয়াত আছে। পেছাদাৰী আৰু শৈক্ষিক খণ্ডৰ পৰা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডলৈকে অংশীদাৰসকল ইয়াত অংশগ্ৰহণ কৰাটো নিতান্তই প্ৰসংশনীয়। ই 'বসুদৈৱ কুটুম্বকম'ৰ ভাৰতীয় দৰ্শনৰ প্ৰতীক, যাৰ অৰ্থ হৈছে সমগ্ৰ বিশ্ব এটা পৰিয়াল।

বন্ধুসকল,

যেতিয়া সামগ্ৰিক স্বাস্থ্যসেৱাৰ কথা আহে, ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষমতা আছে। আমাৰ প্ৰতিভা আছে। আমাৰ ওচৰত প্ৰযুক্তি আছে। আমাৰ এটা ট্ৰেক ৰেকৰ্ড আছে। এইটো আমাৰ পৰম্পৰা। বন্ধুসকল, যেতিয়া প্ৰতিভাৰ কথা আহে, সমগ্ৰ বিশ্বই ভাৰতীয় চিকিৎসকসকলৰ প্ৰভাৱ দেখিছে। ভাৰত আৰু বিদেশত আমাৰ চিকিৎসকসকলক তেওঁলোকৰ দক্ষতা আৰু প্ৰতিশ্ৰুতিৰ বাবে বিশেষভাৱে সমীহ কৰা হয়। একেদৰে, ভাৰতৰ নাৰ্চ আৰু অন্যান্য যতন লওঁতাসকলও বিখ্যাত। বিশ্বজুৰি এনে বহুতো স্বাস্থ্য সেৱা প্ৰণালী আছে, যি ভাৰতীয় পেছাদাৰীসকলৰ প্ৰতিভাৰ পৰা লাভান্বিত হয়। সংস্কৃতি, জলবায়ু আৰু সামাজিক গতিশীলতাৰ ক্ষেত্ৰত ভাৰত যথেষ্ট বৈচিত্ৰ্যপূৰ্ণ। ভাৰতত প্ৰশিক্ষিত স্বাস্থ্যসেৱা পেছাদাৰীসকল বিভিন্ন অভিজ্ঞতাৰ সমূখীন হৈছে। ই তেওঁলোকক দক্ষতা বিকাশ কৰাত সহায় কৰে, যি বিভিন্ন পৰিস্থিতিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হয়। এইকাৰণে ভাৰতীয় স্বাস্থ্যসেৱা প্ৰতিভাই বিশ্বৰ আস্থা জিনিছে।

বন্ধুসকল,

শতিকাত এবাৰ হোৱা এই মহামাৰীয়ে পৃথিৱীখনক বহুতো সত্যৰে মুখামুখি কৰাইছে। ই আমাক দেখুৱাইছিল যে এক আন্তঃসংযোগযুক্ত পৃথিৱীত, সীমাই স্বাস্থ্যৰ প্ৰতি অহা ভাবুকি প্ৰতিৰোধ কৰিব নোৱাৰে। সংকটৰ সময়ত, বিশ্বব্যাপী দক্ষিণৰ দেশবোৰে কেনেদৰে অসুবিধা আৰু আনকি সম্পদৰ অভাৱৰ সন্মুখীন হ'ব লগা হৈছিল সেয়াও বিশ্বই দেখিছিল। প্ৰকৃত প্ৰগতি হৈছে মানুহ-কেন্দ্ৰিক। চিকিৎসা বিজ্ঞানত যিমানেই অগ্ৰগতি নহওঁক, দূৰৱৰ্তী এলেকাৰ অন্তিম ব্যক্তিজনৰ প্ৰৱেশাধিকাৰ নিশ্চিত কৰিব লাগে। এইটো এটা সময় আছিল যেতিয়া বহুতো দেশে স্বাস্থ্যসেৱা খণ্ডত এজন নিৰ্ভৰযোগ্য অংশীদাৰৰ গুৰুত্ব উপলব্ধি কৰিছিল। ভেকছিন আৰু ঔষধৰ জৰিয়তে জীৱন ৰক্ষাৰ মহৎ কামত ভাৰত বহুতো দেশৰ অংশীদাৰ হিচাপে গৌৰৱান্বিত। আমাৰ বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডৰ দ্বাৰা মেড-ইন-ইণ্ডিয়া ভেকছিন প্ৰস্তুত কৰা হৈছিল। বিশ্বৰ সৰ্ববৃহৎ আৰু দ্ৰুততম কোভিড-১৯ টিকাকৰণ অভিযান দেশখনত সম্পন্ন কৰা হৈছিল। আমি ১০০ খনতকৈও অধিক দেশলৈ ৩০০ নিযুত কোভিড-১৯ ভেকছিনৰ পালি প্ৰেৰণ কৰিছিলো। ই আমাৰ সামৰ্থ্য আৰু প্ৰতিশ্ৰুতি দুয়োটা প্ৰদৰ্শন কৰে। আমি প্ৰতিখন দেশৰ বিশ্বাসী বন্ধু হৈ থাকিম যিয়ে ইয়াৰ নাগৰিকসকলৰ বাবে সুস্বাস্থ্য বিচাৰে।

বন্ধুসকল,

হাজাৰ হাজাৰ বছৰ ধৰি, স্বাস্থ্যৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী সামগ্ৰিকতাৰ ওপৰত আধাৰিত হৈ আহিছে। আমাৰ প্ৰতিৰোধমূলক আৰু আবেগিক স্বাস্থ্যৰ এক মহান পৰম্পৰা আছে। যোগ আৰু ধ্যানৰ দৰে প্ৰণালীবোৰ এতিয়া গোলকীয় অভিযানত পৰিণত হৈছে। সেইবোৰ আধুনিক বিশ্বৰ বাবে প্ৰাচীন ভাৰতৰ উপহাৰ। একেদৰে, আমাৰ আয়ুৰ্বেদ প্ৰণালী হৈছে সুস্থতাৰ এক সামগ্ৰিক বিষয়। ই স্বাস্থ্যৰ শাৰীৰিক আৰু মানসিক দিশবোৰৰ যত্ন লয়। পৃথিৱীয়ে চাপ আৰু জীৱনশৈলীৰ ৰোগৰ সমাধান বিচাৰি আছে। ভাৰতৰ পৰম্পৰাগত স্বাস্থ্যসেৱা প্ৰণালীত বহুতো বিকল্প আছে। আমাৰ পৰম্পৰাগত আহাৰ, য'ত মিলেট শস্য অন্তৰ্ভুক্ত থাকে, খাদ্য সুৰক্ষা আৰু পুষ্টিৰ সৈতেও সহায় কৰিব পাৰে।

বন্ধুসকল,

প্ৰতিভা, প্ৰযুক্তি, ট্ৰেক ৰেকৰ্ড আৰু পৰম্পৰাৰ উপৰিও, ভাৰতৰ স্বাস্থ্যসেৱা প্ৰণালীবদ্ধ আৰু সুলভ। এইটো আমাৰ ঘৰুৱা প্ৰচেষ্টাতে দেখা যায়। ভাৰতত বিশ্বৰ সৰ্ববৃহৎ চৰকাৰী অনুদানপ্ৰাপ্ত স্বাস্থ্য বীমা কভাৰেজ আঁচনি আছে। আয়ুষ্মান ভাৰত উদ্যোগৰ অধীনত, ৫০০ নিযুতৰো অধিক লোকে বিনামূলীয়া চিকিৎসা ৰক্ষা কৰিব পাৰিব। ৪০ নিযুতৰো অধিক লোকে ইতিমধ্যে নগদবিহীন আৰু নথি-বিহীন প্ৰকাৰে সেৱাসমূহ লাভ কৰিছে। ই ইতিমধ্যে আমাৰ নাগৰিকসকলৰ বাবে প্ৰায় ৭ বিলিয়ন ডলাৰ ৰাহি কৰিছে।

বন্ধুসকল,

স্বাস্থ্য প্ৰত্যাহ্বানৰ দিশত বিশ্বব্যাপী ব্যৱস্থা আৰু প্ৰচেষ্টাক এককভাৱে ৰাখিব নোৱাৰি। এয়া হৈছে এক একত্ৰিত, সামগ্ৰিক আৰু প্ৰতিষ্ঠানগত প্ৰচেষ্টা কৰাৰ সময়। আমাৰ জি-২০ প্ৰেচিডেন্সিৰ সময়ত এইটো আমাৰ অন্যতম গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। আমাৰ লক্ষ্য হৈছে কেৱল আমাৰ নাগৰিকৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে স্বাস্থ্যসেৱা সুলভ কৰা। বৈষম্য হ্ৰাস কৰাটো ভাৰতৰ অগ্ৰাধিকাৰ। যিসকলে সেৱাৰ পৰা বঞ্চিত হৈছে তেওঁলোকক সেৱা কৰাটো আমাৰ বাবে বিশ্বাসৰ বিষয়। মই নিশ্চিত যে এই সন্মিলনে এই দিশত বিশ্বব্যাপী অংশীদাৰীত্ব শক্তিশালী কৰিব। আমি 'এক পৃথিৱী-এক স্বাস্থ্য'ৰ আমাৰ অংশীদাৰী কাৰ্যসূচীত আপোনাৰ অংশগ্ৰহণ বিচাৰো। মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এক গঠনমূলক আলোচনাৰ বাবে অপেক্ষা কৰিলো। বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of Prime Minister's statement during the G7 Summit Session on Ensuring a Safe, Rapid and Efficient Rollout of AI
June 17, 2026

Excellencies,

मैं इस महत्वपूर्ण विषय को हमारी चर्चा का भाग बनाने के लिए मेरे मित्र राष्ट्रपति मैक्रों का अभिनंदन करता हूँ। इसमें कोई शक नहीं है कि Artificial Intelligence मनुष्य द्वारा बनाई गई सबसे परिवर्तनकारी technologies में से एक है।

आज मानव जीवन का शायद ही कोई पहलू होगा, जिसे AI ने स्पर्श न किया हो। AI scientific रिसर्च को अभूतपूर्व गति दे रही है। Governance को अधिक effective और responsive बना रही है। स्वास्थ्य, शिक्षा, manufacturing जैसे क्षेत्रों को नई ताकत प्रदान कर रही है।

किन्तु, AI की वास्तविक कसौटी यह नहीं है कि हमारी मशीनें कितनी शक्तिशाली बनेंगी। इसकी असली कसौटी यह है कि सामान्य मानवी कितना empowered होगा। इस वर्ष भारत द्वारा आयोजित AI Impact Summit में हमने इसी सोच के साथ human-centric AI बनाने पर बल दिया। इस समिट में भारत ने अपना MANAV विज़न प्रस्तुत किया। यह vision AI में भारत के सभी प्रयासों को प्रेरित करता है।

हाल ही में “हिज़ होलीनेस द पोप” ने AI के विषय पर अपने पत्र में human values, inclusivity और meaningful human control को AI के विकास का आधार बनाने पर बल दिया है। भारत का MANAV vision और हिज़ होलीनेस का संदेश, दोनों एक ही मूल विचार को अभिव्यक्त करते हैं: टेक्नोलॉजी कितनी भी advanced क्यों न हो, उसके केंद्र में मानव ही रहना चाहिए।

Friends,

AI rollout में बच्चों के लिए safety सुनिश्चित करना अत्यंत आवश्यक है। AI बच्चों को उनकी अपनी भाषा में शिक्षा दे सकती है, उनकी creativity को बढ़ा सकती है, और learning को personalised बना सकती है। लेकिन safeguards के बिना यही टेक्नॉलजी उन्हें misinformation, deepfakes और exploitation के खतरे में डाल सकती है।

इन दोनों scenarios में फ़र्क टेक्नॉलजी का नहीं है। फ़र्क values का है, design का है, और governance का है। Digital space को हमें बच्चों के लिए learning का playground बनाना होगा, manipulation का tool नहीं।

Friends,

Frontier AI Models से Cyber Security के क्षेत्र में अभूतपूर्व संभावनाएं बन रही हैं। लेकिन Cyber Space में कोई भी देश तब तक पूरी तरह सुरक्षित नहीं हो सकता, जब तक सभी देश सुरक्षित न हों। इसलिए भारत ने हमेशा से Cyberspace को एक Global Public Good के रूप में देखा है। इसलिए इन महत्वपूर्ण AI Technologies तक पहुंच भी व्यापक और समावेशी होनी चाहिए। सभी लोकतांत्रिक देशों को ऐसे AI Models का access मिलना चाहिए, ताकि वे अपनी Critical Information Infrastructure की सुरक्षा कर सकें और बढ़ते Cyber Threats का सामना कर सकें।

Friends,

Safety, speed और efficiency की integrated approach पर आगे बढ़ने के लिए मैं कुछ सुझाव रखना चाहूँगा:

पहला, हमें safe-by-design AI systems को बढ़ावा देना चाहिए। Safety को बाद में जोड़ा गया feature नहीं, बल्कि design का मूल तत्व बनाना होगा।

दूसरा, AI deployment के लिए हमें common standards, testing frameworks और regulatory sandboxes विकसित करने चाहिए, ताकि innovation और governance साथ-साथ आगे बढ़ें। हमारे सामने सिविल एविएशन और मेरीटाइम ट्रांसपोर्ट ऐसे उदाहरण है जहाँ हमने global rules सफलतापूर्वक विकसित किये, और पूरे विश्व को इसका लाभ मिला।

तीसरा, deepfakes, misinformation और cyber fraud के विरुद्ध वैश्विक सहयोग को मजबूत करना होगा। हमें वॉटरमार्क्स जैसी टेक्नोलॉजीज़ को बढ़ावा देना चाहिए ताकि deepfakes से बचा जा सके।

चौथा, हमारा प्रयास होना चाहिए कि AI का लाभ ग्लोबल साउथ के सभी देशों तक पहुंचे, ताकि वह विभाजनकारी नहीं समावेशी शक्ति बने।

Friends,

AI के विषय में हमारी सोच और नीति स्पष्ट होनी चाहिए। AI must expand human potential, empower human choice, and protect human dignity. हम इस अत्यंत महत्वपूर्ण विषय पर सभी पार्टनर्स के साथ संवाद और सहयोग जारी रखेंगे।

बहुत-बहुत धन्यवाद।