“দেশত আন্তঃগাঁথনি উন্নয়নৰ বৰ্তমানৰ গতি আৰু পৰিমাণ ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষাৰ সৈতে সম্পূৰ্ণৰূপে মিল খাই আছে”
“বন্দে ভাৰত ৰে’লে দেশৰ প্ৰতিটো অংশক সংযোগ কৰিবৰ বাবে আৰু বেছি দিন নাই”
“জি-২০ৰ সফলতাই ভাৰতৰ গণতন্ত্ৰ, জনগাঁথনি আৰু বৈচিত্ৰ্যৰ শক্তিকেই প্ৰদৰ্শন কৰিছে”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নখন বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰে। এই নতুন বন্দে ভাৰত ৰে’লসমূহ হৈছে সমগ্ৰ দেশতে সংযোগ উন্নত কৰা আৰু ৰে’ল যাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী উপলব্ধি কৰাৰ দিশত এক পদক্ষেপ। ফ্লেগ অফ কৰা নতুন ৰে’লবোৰ হৈছে:
তেওঁ কয় যে বন্দে ভাৰত ৰে’লত ১.১১ কোটিতকৈও অধিক লোকে ভ্ৰমণ কৰিছে আৰু বন্দে ভাৰতৰ প্ৰতি উৎসাহ বৃদ্ধি পোৱাত আনন্দ প্ৰকাশ কৰিছে।
তেওঁ বন্দে ভাৰতৰ সৈতে জড়িত ঠাইসমূহত পৰ্যটন আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ বৃদ্ধিৰ ওপৰতো আলোকপাত কৰে।
এই সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে বহুতো ৰে'ল ষ্টেচন মহিলা বিষয়াই চলাই আছে।
তেওঁ কয় যে এই সকলোবোৰ সাধাৰণ নাগৰিকৰ বাবে ভ্ৰমণৰ সহজতা উন্নত কৰা।

নমস্কাৰ! 

অনুষ্ঠানটোত উপস্থিত থকা বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকল, বিভিন্ন ৰাজ্যত উপস্থিত থকা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থসকল, ৰাজ্যসমূহৰ মন্ত্ৰীমণ্ডলী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ পৰিয়ালৰ সদস্যসকল। 

দেশত আধুনিক সংযোগ সম্প্ৰসাৰিত কৰাৰ এয়া হৈছে এক অভূতপূৰ্ব সুযোগ। আন্তঃগাঁথনি উন্নয়নৰ এই গতি আৰু পৰিমাপ ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষাৰ সৈতে সম্পূৰ্ণৰূপে সামঞ্জস্য ৰাখি হ’বলৈ ধৰিছে। আৰু আজিৰ ভাৰতে সেয়াই বিচাৰে। এইবোৰইতো হৈছে নৱ প্ৰজন্ম, উদ্যোগী, মহিলা, পেছাদাৰ, ব্যৱসায়ী, নতুন ভাৰতৰ নিযুক্তি আৰু বৃত্তিৰ সৈতে জড়িত লোকসকলৰ আশা-আকাংক্ষা। আজি একেলগে ৯খন ‘বন্দে ভাৰত ৰে'ল’ৰ শুভাৰম্ভ কৰাটোও হৈছে ইয়াৰ এক উদাহৰণ। আজি ৰাজস্থান, গুজৰাট, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, ওড়িশা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক আৰু কেৰালাৰ লোকসকলে ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ সুবিধা লাভ কৰিছে। আজি আৰম্ভ কৰা ৰে’লসমূহ আগৰ তুলনাত অধিক আধুনিক আৰু আৰামদায়ক। এই ‘বন্দে ভাৰত ৰে'ল’সমূহ নতুন উৎসাহ, নতুন উদ্দীপণা আৰু নতুন ভাৰতৰ নতুন উল্লাসৰ প্ৰতীক। মই সুখী যে ‘বন্দে ভাৰত’ৰ প্ৰতি আগ্ৰহ নিৰন্তৰ ভাৱে বাঢ়ি আহিছে। এই পৰ্যন্ত এক কোটি ১১ লাখতকৈয়ো অধিক যাত্ৰীয়ে ভ্ৰমণ কৰিছে, আৰু এই সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।

বন্ধুসকল, 

এই পৰ্যন্ত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকসকলে ২৫ খন ‘বন্দে ভাৰত ৰে’ল’ৰ সুবিধা লাভ কৰিছিল। এতিয়া ইয়াত আৰু ৯ খন ‘বন্দে ভাৰত এক্সপ্ৰেছ’ যোগ কৰা হ'ব। সেই দিনটো বেছি দূৰ নহয় যেতিয়া ‘বন্দে ভাৰত’-য়ে দেশৰ প্ৰতিটো অংশকে সংযোগ কৰিবগৈ। মই সুখী যে ‘বন্দে ভাৰত এক্সপ্ৰেছ’-য়ে ইয়াৰ উদ্দেশ্য ভালদৰেই পূৰণ কৰিছে। যিসকলে যিমান পাৰি কম সময়তে ভ্ৰমণ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই ৰে’লখন অতিকে গুৰুত্বপূৰ্ণ হৈ উঠিছে। যিসকলে আন এখন চহৰত কেইঘণ্টামানৰ ভিতৰতে কাম শেষ কৰি একেদিনাই ঘূৰি আহিব বিচাৰে তেওঁলোকৰ বাবেও এই ৰে’লখন এক ডাঙৰ প্ৰয়োজনীয়তা হৈ উঠিছে। ‘বন্দে ভাৰত ৰে’ল’সমূহে পৰ্যটন আৰু অৰ্থনৈতিক কাৰ্যকলাপকো বৃদ্ধি কৰিছে। ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ সুবিধা পোৱা ঠাইসমূহত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। 

মোৰ পৰিয়ালৰ সদস্যসকল,

আজিৰ তাৰিখত ভাৰতত সৃষ্টি হোৱা উৎসাহ আৰু আত্মবিশ্বাসৰ পৰিৱেশ বিগত কেইবা দশকত সৃষ্টি হোৱা নাছিল। আজি প্ৰতিগৰাকী ভাৰতীয়ই তেওঁলোকৰ নতুন ভাৰতৰ সাফল্যৰ বাবে গৌৰৱান্বিত। ‘চন্দ্ৰযান-৩’ৰ সফলতাই সাধাৰণ মানুহৰ আশা আকাশ পৰ্যন্ত বিস্তাৰিত কৰিছে। ‘আদিত্য এল-১’ৰ শুভাৰম্ভই উৎসাহিত কৰিছে যে যদি উদ্দেশ্য শক্তিশালী হয় তেন্তে, আটাইতকৈ কঠিন লক্ষ্যও প্ৰাপ্ত কৰিব পাৰি। ‘জি-২০’ সন্মিলনৰ সফলতাই গণতন্ত্ৰ, জনগাঁথনি আৰু বৈচিত্ৰ্যৰ শক্তি কিমান আশ্চৰ্যজনক সেয়া স্পষ্ট কৰি দি ভাৰতক আত্মবিশ্বাস প্ৰদান কৰিছে। আজি সমগ্ৰ বিশ্বতে ভাৰতৰ কূটনৈতিক দক্ষতা সন্দৰ্ভত আলোচনা কৰা হৈছে। মহিলাৰ নেতৃত্বত বিকাশৰ প্ৰতি আমি পোষণ কৰি অহা দৃষ্টিভংগীক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে। এই দৃষ্টিভংগী লৈ আগবাঢ়ি যোৱা চৰকাৰে সংসদত 'নাৰীশক্তি বন্দন আধিনিয়ম' উথ্থপন কৰিছে। ‘নাৰীশক্তি বন্দন অধিনিয়ম’ উথ্থাপনৰ পিছত প্ৰতিটো খণ্ডত মহিলাসকলৰ অৱদান আৰু তেওঁলোকৰ বৰ্ধিত ভূমিকাৰ বিষয়ে আলোচনা কৰা হৈছে। আজি বহুতো ৰে’ল ষ্টেশ্যন সম্পূৰ্ণৰূপে মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হবলৈ ধৰিছে। এনে ধৰণৰ প্ৰচেষ্টাৰ বাবে মই ৰে'লৱেক প্ৰশংসা কৰিছোঁ, ‘নাৰীশক্তি বন্দন অধিনিয়ম’ৰ বাবে দেশৰ সকলো মহিলাক মই আকৌ এবাৰ অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আত্মবিশ্বাসৰ এই পৰিৱেশৰ মাজতে অমৃতকালৰ ভাৰতে ইয়াৰ বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহৰ বাবে একেলগে কাম কৰি আছে। আন্তঃগাঁথনি পৰিকল্পনাৰ পৰা কাৰ্যকৰী কৰাৰ পৰা প্ৰতিগৰাকী অংশীদাৰৰ মাজত সমন্বয় নিশ্চিত কৰিবলৈ ‘প্ৰধানমন্ত্ৰী গীতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন’ প্ৰস্তুত কৰা হৈছে। আমাৰ ৰপ্তানিৰ ব্যয় হ্ৰাস কৰাৰ বাবে দেশত পৰিবহন ব্যয় হ্ৰাস কৰাৰ বাবে এক নতুন ‘লজিষ্টিক নীতি’ ৰূপায়ণ কৰা হৈছে। ‘মাল্টি-মডেল সংযোগ’ত গুৰুত্ব আৰোপ কৰা হৈছে যাতে দেশৰ এটা মাধ্যমৰ পৰিবহনে আনটোক সমৰ্থন আগঢ়াব পাৰে। এই সকলো প্ৰচেষ্টাৰ ডাঙৰ লক্ষ্য হৈছে ভাৰতৰ নাগৰিকৰ বাবে ভ্ৰমণৰ স্বাচ্ছন্দ্য বৃদ্ধি কৰা, তেওঁৰ মূল্যৱান সময় ৰাহি কৰা। এই ‘বন্দে ভাৰত ৰে’ল’সমূহ হৈছে এই ভাৱনাৰে প্ৰতিফলন।

বন্ধুসকল,

ভাৰতীয় ৰে’ল হৈছে দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ আটাইতকৈ বিশ্বাসী সহ-যাত্ৰী। আমাৰ দেশত দিনটোত যিমান সংখ্যক মানুহে ৰে’লত ভ্ৰমণ কৰে বহু দেশত সিমান পৰিমাণৰ জনসংখ্যাই নাই। এয়া দুৰ্ভাগ্যজনক যে আগতে ভাৰতীয় ৰে’লৰ আধুনিকীকৰণৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল। কিন্তু এতিয়া আমাৰ চৰকাৰ ভাৰতীয় ৰে’লৰ পৰিৱৰ্তন সাধনত নিয়োজিত হৈছে। চৰকাৰে ৰে'ল বাজেটত অভূতপূৰ্ব বৃদ্ধি সংযোজিত কৰিছে। এই বছৰ ৰে'লৱেৰ বাজেট ২০১৪ চনৰ ৰে'লৱেৰ বাজেটতকৈ ৮ গুণে অধিক দিয়া হৈছে। ৰে'লপথৰ দ্বৈতকৰণ, বৈদ্যুতিকীকৰণ, নতুন ৰে'ল চলোৱা বা নতুন পথ নিৰ্মাণ কৰাই হওক, দ্ৰুত গতিত কাম অব্যাহত ৰখা হৈছে। 

বন্ধুসকল,

ভাৰতীয় ৰে’লত, যদি ৰেলখন যাত্ৰীসকলৰ বাবে চলন্ত ঘৰ হয়, তেন্তে আমাৰ ৰেল ষ্টেশ্যনসমূহো তেওঁলোকৰ অস্থায়ী ঘৰৰ দৰেই। আপুনি আৰু মই জানো যে আমাৰ হাজাৰ হাজাৰ ৰেল ষ্টেশ্যন আছে যিবোৰ দাসত্বৰ সময়ৰ, যিবোৰৰ স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো বিশেষ পৰিৱৰ্তন হোৱা নাছিল। উন্নয়নশীল ভাৰতে এতিয়া ইয়াৰ ৰে’ল ষ্টেশ্যনসমূহৰ আধুনিকীকৰণ কৰিব লাগিব। এই চিন্তাধাৰাৰে প্ৰথমবাৰৰ বাবে, ভাৰতত ৰে'ল ষ্টেশ্যনৰ বিকাশ আৰু আধুনিকীকৰণৰ বাবে এক অভিযান আৰম্ভ কৰা হৈছে। আজি দেশৰ ৰে'ল যাত্ৰীসকলৰ সুবিধাৰ বাবে অভিলেখ সংখ্যক ‘ফুট অভাৰ ব্ৰীজ’, ‘লিফ্ট’ আৰু ‘এস্কেলেট’ৰ নিৰ্মাণ কৰা হৈছে। কেইদিনমান আগতে, দেশৰ ৫০০ৰো অধিক মুখ্য ষ্টেশ্যনৰ পুনৰ্বিকাশৰ কাম আৰম্ভ কৰা হৈছে। ‘অমৃতকাল’ত নিৰ্মিত এই নতুন ষ্টেশ্যনসমূহক ‘অমৃত ভাৰত ষ্টেশ্যন’ বুলি কোৱা হ'ব। এই ষ্টেশ্যনসমূহ অনাগত দিনত নতুন ভাৰতৰ পৰিচয় হৈ উঠিব। 

মোৰ পৰিয়ালৰ সদস্যসকল,

ৰে’ল ষ্টেশ্যন যিয়েই নহওঁক কিয় ইয়াৰ নিশ্চিতভাৱেই একোটা প্ৰতিষ্ঠা দিৱস, একোটা জন্মদিন থাকে। মই সুখী যে এতিয়া ৰে'লৱেই ৰে’ল ষ্টেশ্যনৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ, তামিলনাডুৰ কইম্বাটুৰ, মুম্বাইৰ ‘ছত্ৰপতি শিৱাজী টাৰ্মিনাস’, পুনেকে ধৰি বহুতো ষ্টেশ্যনৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। কইম্বাটুৰৰ ৰেল ষ্টেশ্যনে যাত্ৰীসকললৈ আগবঢ়োৱা ১৫০ বছৰৰ সেৱা সম্পূৰ্ণ কৰিছে। তাত থকা লোকসকল এনে ধৰণৰ সাফল্যৰ বাবে গৌৰৱান্বিত হোৱাটো স্বাভাৱিক। এতিয়া ৰে'ল ষ্টেশ্যনৰ জন্মদিন উদযাপনৰ এই পৰম্পৰা আৰু অধিক সম্প্ৰসাৰিত হ'ব, ইয়াৰ সৈতে অধিক সংখ্যক লোক সংযুক্ত হ'ব।

মোৰ পৰিয়ালৰ সদস্যসকল, 

‘অমৃত কাল’ত দেশখনে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগীক সংকল্পৰ জৰিয়তে পূৰণৰ মাধ্যম কৰি তুলিছে। ২০৪৭ চনলৈ দেশে যেতিয়া স্বাধীনতাৰ ১০০বছৰ উদযাপন কৰিবগৈ, ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে প্ৰতিখন ৰাজ্য, প্ৰতিখন ৰাজ্যৰ বাসিন্দাসকলৰ বিকাশো সমানেই গুৰুত্বপূৰ্ণ হ’বগৈ। আগৰ চৰকাৰসমূহত যেতিয়া কেবিনেট গঠন কৰা হৈছিল, কোনে ৰে'ল মন্ত্ৰালয় পাব সেই বিষয়ে যথেষ্ট আলোচনা হৈছিল। এইটো বিশ্বাস কৰা হৈছিল যে যিখন ৰাজ্যৰ পৰা ৰে'ল মন্ত্ৰী হ'ব সেইখন ৰাজ্যত অধিক ৰে’ল চলাচল কৰিব। পিচে, কি হ'ল! নতুন ৰে’লৰ ঘোষণা হয়তো কৰা হৈছিল, কিন্তু খুব কম সংখ্যক ৰেলহে ট্ৰেকত চলিছিল। এনে স্বাৰ্থপৰ চিন্তাই কেৱল ৰেলৱেৰে নহয় দেশৰো যথেষ্ট ক্ষতি কৰিছিল। তেওঁলোকে দেশৰ জনসাধাৰণক ক্ষতিগ্ৰস্ত কৰিছিল। এতিয়া দেশখনে কোনো ৰাজ্যক এৰি যাব নোৱাৰে। আমি 'সবকা সাথ, সবকা বিকাশ'ৰ দৃষ্টিৰে আগবাঢ়ি যাব লাগিব। 

মোৰ পৰিয়ালৰ সদস্যসকল,

আজি, মই আমাৰ পৰিশ্ৰমী ৰে'ল কৰ্মচাৰীসকলকো এটা কথা ক'ম। যেতিয়া কোনোবা লোকে আন এখন চহৰ বা দূৰৱৰ্তী ঠাই এখনৰ পৰা ভ্ৰমণ কৰি আহে, তেওঁলোকক প্ৰথম কথাটো সোধা হয় যে যাত্ৰাটো কেনে লাগিল। উত্তৰ সেই ব্যক্তিগৰাকীয়ে কেৱল তেওঁৰ যাত্ৰাৰ অভিজ্ঞতাই নকয়, তেওঁ ঘৰৰ পৰা ওলোৱাৰ পৰা গন্তব্যস্থানত উপনীত হোৱালৈকে গোটেই কথাখিনিকে কয়। তেওঁ কয় যে ৰে'ল ষ্টেশ্যনবোৰৰ কিমান পৰিৱৰ্তন হৈছে, তেওঁ কয় যে ৰে'লৰ পৰিচালনা কিমান সংগঠিত হৈছে। তেওঁৰ অভিজ্ঞতাৰ ভিতৰত থাকে টিটিৰ আচৰণ, হাতত কাগজৰ সলনি ‘টেবলেট’, সুৰক্ষা ব্যৱস্থা, খাদ্যৰ মান ইত্যাদি ইত্যাদি। সেয়েহে, আপোনাক ভ্ৰমণৰ স্বাচ্ছন্দ্য দান কৰিবৰ বাবে প্ৰতিগৰাকী ৰেল কৰ্মচাৰীয়েই নিৰন্তৰ সংবেদনশীল হ'ব লাগিব। আৰু আজিকালি, যেতিয়া আপুনি এইবোৰ কথা শুনিব, ই ইমান ভাল, ইমান ভাল, ইমান ভাল, তেতিয়া মনটোৱে একধৰণৰ সুখ অনুভৱ কৰে। আৰু সেয়েহে, মই এনে প্ৰতিশ্ৰুতিবদ্ধ কৰ্মচাৰীসকলক হৃদয়েৰে অভিনন্দন জনাইছোঁ।  

মোৰ পৰিয়ালৰ সদস্যসকল,

প্ৰতিগৰাকী দেশবাসীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ভাৰতীয় ৰে'লৱেই সৃষ্টি কৰা নতুন দৃষ্টান্তটোও লক্ষ্য কৰিছে। আমাৰ ষ্টেশ্যন, আমাৰ ৰে’লসমূহ আগতকৈ অধিক পৰিষ্কাৰ হৈছে। আপুনি জানে যে গান্ধী জয়ন্তীলৈ আৰু বেছি দূৰতদিন নাই। আমি গান্ধীজীৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি থকা জেদটোৰ বিষয়েও জানো। সেয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে কৰা প্ৰতিটো প্ৰচেষ্টাই হৈছে গান্ধীজীৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি। এই ভাৱনাৰ সৈতে আজিৰ পৰা কেইদিনমানৰ পিছত, অক্টোবৰৰ ১ তাৰিখে, পুৱা ১০ বজাত, পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় এটা ডাঙৰ অনুষ্ঠান অনুষ্ঠিত কৰা হব। এয়া দেশৰ প্ৰতিটো কোণত আৰু দেশবাসীৰ নেতৃত্বতে হৈলি আছে। মই আপোনালোকক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এই অভিযানত যোগদান কৰিবলৈ অনুৰোধ জনাইছো। ১ তাৰিখে ১০ বজাত, আৰু এতিয়াৰ পৰা সেয়া নিশ্চিত কৰক। গান্ধী জয়ন্তীত প্ৰতিগৰাকী দেশবাসীয়ে খাদী আৰু থলুৱা সামগ্ৰী ক্ৰয় কৰাৰ মন্ত্ৰটো পুনৰাই দোহাৰিব লাগিব। অক্টোবৰ ২ তাৰিখ হৈছে ‘গান্ধী জয়ন্তী’, ৩১ অক্টোবৰ হৈছে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিৱস। এক প্ৰকাৰে গোটেই মাহটোতে আমি খাদী কিনিবলৈ, হস্ততাঁতৰ বস্ত্ৰ কিনিবলৈ, হস্তশিল্প কিনিবলৈ চেষ্টা কৰিম। আমি ‘লোকেল’ৰ বাবে অধিক ভাবে ‘ভোকেল’ হ’ব লাগিব।

বন্ধুসকল,

মই নিশ্চিত যে ভাৰতীয় ৰে'ল আৰু সমাজৰ প্ৰতিটো স্তৰত হোৱা পৰিৱৰ্তনসমূহ উন্নত ভাৰতৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰমাণিত হ'ব। মই আকৌ এবাৰ নতুন বন্দে ভাৰত ৰেলৰ বাবে দেশৰ জনসাধাৰণক শুভেচ্ছা জনাইছো।

বহুত বহুত ধন্যবাদ। 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold

Media Coverage

India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Weightlifter, Bindyarani Devi Sorokhaibam on winning Bronze at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Weightlifter, Bindyarani Devi Sorokhaibam on winning the Bronze medal in the women’s 58 kg weightlifting event at the Commonwealth Games 2026.

The Prime Minister said that her success is the result of her hard work and determination.

Shri Modi extended his best wishes to her for her future endeavours.

The Prime Minister wrote on X;

“Yet another medal for India in Weightlifting! Proud of Bindyarani Devi Sorokhaibam for winning a Bronze in the Women's 58kg event at the Glasgow Commonwealth Games. Her success is due to her hard work and determination. Wishing her the very best for the endeavours ahead.

#CWG2026”