ত্ৰিনিদাদ আৰু টোবাগোৰ ভাৰতীয় সমাজৰ যাত্ৰা মনোবল আধাৰিতঃ প্ৰধানমন্ত্ৰী
৫০০ বছৰৰ পাছত অযোধ্যালৈ ৰাম ললাৰ প্ৰত্যাৱৰ্তনক আপোনালোক সকলোৱে পৰম আনন্দৰে আদৰণি জনাইছে বুলি মই নিশ্চিতঃ প্ৰধানমন্ত্ৰী
প্ৰবাসী ভাৰতীয়সকল হৈছে আমাৰ গৌৰৱঃ প্ৰধানমন্ত্ৰী
প্ৰবাসী ভাৰতীয় দিৱসত মই সমগ্ৰ বিশ্বৰ প্ৰব্ৰজিত সমাজক সন্মান জনাবলৈ আৰু তেওঁলোকৰ সৈতে সংযোগ স্থাপনৰ বাবে এলানি পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰিছোঁঃ প্ৰধানমন্ত্ৰী
মহাকাশত ভাৰতৰ সাফল্যই সমগ্ৰ বিশ্বকে উদ্দীপিত কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিছেছৰ ডাঙৰীয়াণী,

কেবিনেটৰ সদস্যসকল,

সকলো বিশিষ্ট ব্যক্তি,

প্ৰবাসী ভাৰতীয়সকল,

 

ভদ্ৰলোক আৰু মহিলাসকল,

 

নমস্কাৰ!

সীতা ৰাম!

জয় শ্ৰী ৰাম!

 

আজি সন্ধিয়াটো আপোনালোক সকলোৰে সৈতে কটাবলৈ পোৱাটো মোৰ বাবে অসীম গৌৰৱ আৰু আনন্দৰ কথা। প্ৰধানমন্ত্ৰী কমলা ডাঙৰীয়াণীক তেওঁৰ উষ্ম আতিথ্য আৰু সৌহাৰ্দ্যপূৰ্ণ কথা-বতৰাৰ বাবে ধন্যবাদ জনাইছোঁ।

 

মই ক্ষন্তেক পূৰ্বে হামিং বাৰ্ডৰ এই মনোমোহা ভূমিত উপস্থিত হৈছোঁ। আৰু, ইয়াৰ ভাৰতীয় সমাজখনৰ সৈতে মোৰ প্ৰথম কাৰ্য্যসূচী অনুষ্ঠিত হৈছে। ইয়াত এক সম্পূৰ্ণ স্বাভাৱিক পৰিবেশে বিৰাজ কৰিছে। কাৰণ আমি হৈছোঁ এটা পৰিয়ালৰ অংশ। আপোনাসৱৰ আগ্ৰহ আৰু মৰমৰ বাবে ধন্যবাদ জনাইছোঁ।

 

বন্ধুসকল,

 

মই জানো যে ত্ৰিনিদাদ আৰু টোবাগোৰ ভাৰতীয় সমাজখনৰ যাত্ৰা মনোবল আধাৰিত। আপোনাৰ পূৰ্বপুৰুষসকলে সন্মুখীন হোৱা পৰিস্থিতিয়ে তেওঁলোকৰ মনোবল ভাঙি পেলাব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে আশাৰে কষ্টৰ মুখামুখি হৈছিল। তেওঁলোকে অধ্যৱসায়েৰে সমস্যাৰ সন্মুখীন হৈছিল।

 

তেওঁলোকে গংগা আৰু যমুনাৰপৰা দূৰত থাকিও ৰামায়ণক হৃদয়ৰ মাজত কঢ়িয়াই লৈ ফুৰিছিল। তেওঁলোক নিজৰ ভূমিৰপৰা আঁতৰি আহিছিল, কিন্তু আত্মাৰে বিচ্ছিন্ন নহ’ল। তেওঁলোক কেৱল প্ৰব্ৰজনকাৰী নাছিল। তেওঁলোক আছিল এক কালজয়ী সভ্যতাৰ দূত। তেওঁলোকৰ অৱদানে এই দেশক উপকৃত কৰিছে - সাংস্কৃতিক, অৰ্থনৈতিক আৰু আধ্যাত্মিকভাৱে। আপোনালোক সকলোৱে এই সুন্দৰ ৰাষ্ট্ৰখনত প্ৰভাৱ পেলাইছে।

 

কমলা প্ৰসাদ-বিছেছৰ ডাঙৰীয়াণী - এই দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। মহামহিম ক্ৰিষ্টিন কাৰ্লা কাংগালু ডাঙৰীয়াণী - মহিলা ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হৈছে। কৃষকৰ সন্তান প্ৰয়াত বাসদেও পাণ্ডেৰ প্ৰধানমন্ত্ৰী আৰু এগৰাকী সন্মানীয় বিশ্ব নেতা হিচাপে উত্থান ঘটিছিল। বিশিষ্ট গণিতজ্ঞ ৰুদ্ৰনাথ কেপিলদেও, সংগীতজ্ঞ সুন্দৰ পোপ, ক্ৰিকেট তাৰকা ডেৰেন গংগা আৰু ভক্তিৰ মাধ্যমেৰে সমুদ্ৰত মন্দিৰ নিৰ্মাণ কৰা সেৱদাস সাধুৰ ভূমি এয়া। ইয়াৰ কৃতিমানসকলৰ তালিকাখন দীঘলীয়া।

 

আপোনালোক প্ৰব্ৰজিত সন্তানসকলক এতিয়া সংগ্ৰামেৰে সংজ্ঞায়িত কৰা নহয়। আপোনালোকৰ সফলতা, আপোনালোকৰ সেৱা আৰু আপোনালোকৰ প্ৰমূল্যবোধেৰেহে এতিয়া আপোনাসৱক সংজ্ঞায়িত কৰা হয়। আপোনাসৱে এই মহান ৰাষ্ট্ৰৰ সাফল্যৰ দুগুণ বৰ্ধন ঘটাইছে!

 

বন্ধুসকল,

 

বেনাৰস, পাটনা, কলকাতা, দিল্লী ভাৰতৰ চহৰ হ’ব পাৰে। কিন্তু ইয়াত এই নামেৰে ৰাস্তা আছে। ইয়াত নৱৰাত্ৰি, মহাশিৱৰাত্ৰি মহা-আড়ম্বৰেৰে পালন কৰা হয়।

 

মই বহু চিনাকি মুখ দেখিবলৈ পাইছোঁ। আৰু মই নৱ-প্ৰজন্মৰ উজ্জ্বল দুচকুত কৌতূহল প্ৰত্যক্ষ কৰিছোঁ। সঁচাকৈয়ে আমাৰ বন্ধন ভূগোল আৰু প্ৰজন্মৰো উৰ্ধত।

 

বন্ধুসকল,

 

প্ৰভু শ্ৰীৰামৰ প্ৰতি আপোনাসৱৰ গভীৰ বিশ্বাসৰ কথা মই জানো।

 

প্ৰভূ শ্ৰীৰামৰ পবিত্ৰ নগৰখন ইমানেই সুন্দৰ যে ইয়াৰ গৌৰৱ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। ৫০০ বছৰৰ পাছত ৰাম ললাৰ অযোধ্যালৈ প্ৰত্যাৱৰ্তনৰ পৰিঘটনাক আপোনালোক সকলোৱে অতিশয় আনন্দৰে আদৰণি জনাইছে বুলি মই নিশ্চিত।

 

মোৰ মনত পৰিছে, আপোনাসৱে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে পবিত্ৰ জল আৰু শিলা প্ৰেৰণ কৰিছিল। ময়ো ইয়ালৈ কিবা এটা আনিছো একেই ভক্তিবোধেৰে। ৰাম মন্দিৰৰ প্ৰতিৰূপ আৰু অযোধ্যাৰ সৰযু নদীৰ পানী আনিবলৈ পাই সন্তোষ লভিছোঁ।

 

প্ৰভু শ্ৰী ৰামে কৈছিল যে পবিত্ৰ সৰযুৰ পৰাই অযোধ্যাৰ মহিমাৰ উদ্ভৱ হৈছে। ইয়াত স্নান কৰোঁতাই শ্ৰীৰামৰ আশীৰ্বাদ লাভ কৰে।

 

আপোনালোক সকলোৰে জ্ঞাত যে এই বৰ্ষৰ আৰম্ভণিতে বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক সমাৱেশ মহা কুম্ভ অনুষ্ঠিত হৈছিল। সেই মহা কুম্ভৰ জলো মই আনিছোঁ। মই কমলা জীক ইয়াৰ গংগা ধাৰাত সৰযু নদী আৰু মহা কুম্ভৰ পৱিত্ৰ জল অৰ্পণ কৰিবলৈ অনুৰোধ জনালোঁ। এই পবিত্ৰ জলে ত্ৰিনিদাদ আৰু টোবাগোৰ জনসাধাৰণৰ মংগল সাধন কৰিব।

 

বন্ধুসকল,

 

আমাৰ প্ৰবাসীসকলৰ শক্তি আৰু সামৰ্থ্যক আমি গভীৰভাৱে গুৰুত্ব প্ৰদান কৰোঁ। সমগ্ৰ বিশ্বতে বিয়পি থকা ৩৫ নিযুতৰো অধিক লোকৰে প্ৰবাসী ভাৰতীয়সকল হৈছে আমাৰ গৌৰৱ। মই প্ৰায়ে কৈ অহাৰ দৰে আপোনালোকৰ প্ৰত্যেকেই একো-একোজন ৰাষ্ট্ৰদূত – ভাৰতৰ প্ৰমূল্যবোধ, সংস্কৃতি আৰু ঐতিহ্যৰ ৰাষ্ট্ৰদূত।

 

এইবাৰ আমি ভূৱনেশ্বৰত প্ৰবাসী ভাৰতীয় দিৱসৰ আয়োজনৰ সময়ত মহামহিম ৰাষ্ট্ৰপতি ক্ৰিষ্টিন কাৰ্লা কাংগালু জীয়ে এই কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। কেইবছৰমান পূৰ্বে প্ৰধানমন্ত্ৰী কমলা প্ৰসাগ-বিছেছৰ জীয়ে তেওঁৰ উপস্থিতিৰে আমাক আহ্লাদিত কৰিছিল।

 

প্ৰবাসী ভাৰতীয় দিৱসত মই সমগ্ৰ বিশ্বৰ প্ৰব্ৰজিত সমাজক সন্মান জনাবলৈ আৰু তেওঁলোকৰ সৈতে সংযোগ স্থাপনৰ বাবে এলানি পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰিছোঁ। আমি অতীতৰ মেপিং কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে জনতাক ওচৰ চপাই আনিছোঁ। আমি সক্ৰিয়ভাৱে প্ৰব্ৰজিত সমাজৰ এক বিস্তৃত তথ্যকোষ যুগুতৰ কাম কৰি আছোঁ। ভাৰতৰ যিসমূহ গাঁও আৰু নগৰৰ পৰা তেওঁলোকৰ পূৰ্বপুৰুষসকলে প্ৰব্ৰজন কৰিছিল, সেই তথ্য ইয়াত সন্নিৱিষ্ট কৰা, তেওঁলোকে বসতি স্থাপন কৰা ঠাইসমূহ চিনাক্ত কৰা, তেওঁলোকৰ পূৰ্বপুৰুষৰ উত্তৰাধিকাৰ অধ্যয়ন আৰু সংৰক্ষণ কৰা তথা নিয়মিতভাৱে বিশ্ব প্ৰব্ৰজিত সন্মিলন আয়োজনৰ বাবে কাম কৰাই হৈছে এই পদক্ষেপৰ উদ্দেশ্য। এই প্ৰচেষ্টাই ত্ৰিনিদাদ আৰু টোবাগোৰ আমাৰ ভাই-ভনীসকলৰ সৈতেও গভীৰ আৰু ঐতিহাসিক সম্পৰ্কক গভীৰ কৰি তুলিব।

 

আপোনাসৱক আজি মই এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়াৰেপৰা ত্ৰিনিদাদ আৰু টোবাগোৰ প্ৰবাসী ভাৰতীয়সকলৰ ৬ষ্ঠ প্ৰজন্মক অ’চিআই কাৰ্ড প্ৰদান কৰা হ’ব। ভাৰতে আপোনালোকলৈ চাই থাকে, ভাৰতে আপোনাসৱক আদৰি লয়।

 

বন্ধুসকল,

 

ভাৰতৰ লোকে প্ৰধানমন্ত্ৰী কমলা জীক বিহাৰৰ কন্যা বুলি গণ্য কৰে।

 

কমলা জীৰ দৰে ইয়াত একাধিক লোক আছে, যাৰ শিপা হৈছে বিহাৰ। বিহাৰৰ ঐতিহ্য আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়।

 

বন্ধুসকল,

 

মই নিশ্চিত যে আপোনালোকৰ মাজৰ সকলোৱে ভাৰতৰ বিকাশ হ’লে গৌৰৱ অনুভৱ কৰে। এখনি নব্য ভাৰতৰ সীমা আকাশৰো উৰ্ধত। ভাৰতৰ চন্দ্ৰযানে চন্দ্ৰত অৱতৰণৰ সময়ত আপোনালোক সকলোৱে নিশ্চয় উল্লাস কৰিছিল। চন্দ্ৰযানে যি স্থানত অৱতৰণ কৰিছিল, আমি সেই স্থানৰ নাম শিৱ শক্তি পইন্ট ৰাখিছোঁ।

 

শেহতীয়াকৈ আপোনাসৱে নিশ্চয় জানিব পাৰিছে যে আমি কথা পাতি থকাৰ সময়তো এজন ভাৰতীয় মহাকাশচাৰী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আছে। আমি এতিয়া মানৱবাহী মহাকাশ অভিযানৰ বাবে কাম কৰি আছোঁ – যাৰ নাম গগনযান। ভাৰতীয়ই চন্দ্ৰত খোজ কঢ়া আৰু ভাৰতৰ নিজা মহাকাশ ষ্টেচন হোৱাৰ দিনটোলৈ বেছি পৰ নাই।

 

মহাকাশত ভাৰতৰ কৃতিত্ব কেৱল আমাৰেই নহয়। আমি ইয়াৰ ফল বিশ্বৰ বাকী অংশৰ সৈতে ভাগ কৰি লৈছোঁ।

 

বন্ধুসকল,

 

ভাৰত হৈছে বিশ্বৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি। অতি সোনকালেই আমি বিশ্বৰ শীৰ্ষ তিনি অৰ্থনীতিৰ মাজত স্থান লাভ কৰিম। ভাৰতৰ বিকাশ আৰু প্ৰগতিৰ ফলে অতিশয় আৰ্তজনকো স্পৰ্শ কৰিছে।

 

বিশ্ব বেংকে লক্ষ্য কৰিছে যে ভাৰতে যোৱা দশকত ২৫০ নিযুতৰো অধিক লোকক চৰম দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত কৰিছে। ভাৰতৰ বিকাশক আমাৰ উদ্ভাৱনী আৰু শক্তিশালী যুৱক-যুৱতীসকলে চালিত কৰিছে।

 

আজি ভাৰত হৈছে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ হাব। এই ষ্টাৰ্টআপসমূহৰ প্ৰায় আধা সংখ্যক সঞ্চালক হৈছে মহিলা। প্ৰায় ১২০ টা ষ্টাৰ্টআপে ইউনিকৰ্নৰ মৰ্য্যাদা লাভ কৰিছে। এআই, ছেমিকণ্ডাক্টৰ আৰু কোৱান্টাম কম্পিউটিঙৰ বাবে ৰাষ্ট্ৰীয় অভিযানসমূহ বিকাশৰ নতুন ইঞ্জিন হৈ পৰিছে। এক প্ৰকাৰে উদ্ভাৱন এক গণ আন্দোলনলৈ পৰ্য্যবসিত হৈছে।

 

ভাৰতৰ ইউনিফাইড পেমেন্টছ ইন্টাৰফেছে (UPI) ডিজিটেল পেমেন্টৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে। বিশ্বৰ প্ৰায় ৫০% বাস্তৱ-সময়ৰ ডিজিটেল লেনদেন ভাৰতত সম্পন্ন হয়। ত্ৰিনিদাদ আৰু টোবাগোক ইউপিআই-ৰ অভিযোজনা কৰা অঞ্চলটোৰ প্ৰথমখন দেশ হোৱাৰ বাবে অভিনন্দন জনাইছোঁ। এতিয়া টকা প্ৰেৰণ কাৰ্য্য ‘গুড মৰ্নিং’ টেক্সট মেছেজ পঠোৱাৰ দৰেই সহজ হ’ব! আৰু মই প্ৰতিশ্ৰুতি দিছোঁ, ই ৱেষ্ট ইণ্ডিজৰ বলিংতকৈয়ো অধিক দ্ৰুত হ’ব।

 

বন্ধুসকল,

 

আমাৰ মিছন মেনুফেকচাৰিঙে ভাৰতক উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ কাম কৰি আছে। আমি বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ম’বাইল নিৰ্মাতা কোম্পানী হৈ পৰিছোঁ। আমি সমগ্ৰ বিশ্বলৈ ৰেলৰ ইঞ্জিন ৰপ্তানি কৰিছোঁ।

 

মাত্ৰ যোৱাটো দশকত আমাৰ প্ৰতিৰক্ষা ৰপ্তানি ২০ গুণ বৃদ্ধি পাইছে। আমি কেৱল ভাৰতৰ বাবে নিৰ্মাণ কৰা নাই। বৰঞ্চ আমি সমগ্ৰ বিশ্বৰ বাবে নিৰ্মাণ কৰিছোঁ। আমাৰ বিকাশৰ লগে-লগে আমি বিশ্বৰ বাবে ইয়াৰ উপযোগিতাও নিশ্চিত কৰিছোঁ।

 

বন্ধুসকল,

 

আজিৰ ভাৰত সুযোগৰ দেশ হিচাপে পৰিগণিত হৈছে। ব্যৱসায়েই হওঁক, পৰ্যটনেই হওঁক, শিক্ষাই হওঁক, স্বাস্থ্যসেৱাই হওঁক, ভাৰতত একাধিক সুযোগৰ উন্মেষ ঘটিছে।

 

আপোনালোকৰ পূৰ্বপুৰুষসকলে দীঘলীয়া আৰু কঠিন যাত্ৰা কৰিছিল। আজি সেই একে যাত্ৰাৰ বাবে মাত্ৰ কেইঘন্টামানহে সময় লাগে। মই আপোনালোক সকলোকে ভাৰত ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰিছোঁ, ব্যক্তিগতভাৱে, কেৱল ছ’চিয়েল মিডিয়াত নহয়!

 

আপোনালোকে আপোনালোকৰ পূৰ্বপুৰুষৰ গাঁও ভ্ৰমণ কৰক। তেওঁলোকে খোজ কঢ়া মাটিয়েদি আপোনালোকেও খোজ কাঢ়িব। ল’ৰা-ছোৱালী, ওচৰ-চুবুৰীয়াৰ কাষলৈ যাব। আমি আপোনালোক সকলোকে আদৰণি জনাম।

 

এই কথাখিনিৰে আপোনালোক সকলোকে মোক মৰম-চেনেহ যঁচাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ।

 

আপোনালোকৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটাৰে মোক সন্মান জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী কমলা জীক বিশেষ ধন্যবাদ জনাইছোঁ।

 

নমস্কাৰ !

সীতা ৰাম !

জয় শ্ৰী ৰাম !

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold

Media Coverage

India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Weightlifter, Bindyarani Devi Sorokhaibam on winning Bronze at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Weightlifter, Bindyarani Devi Sorokhaibam on winning the Bronze medal in the women’s 58 kg weightlifting event at the Commonwealth Games 2026.

The Prime Minister said that her success is the result of her hard work and determination.

Shri Modi extended his best wishes to her for her future endeavours.

The Prime Minister wrote on X;

“Yet another medal for India in Weightlifting! Proud of Bindyarani Devi Sorokhaibam for winning a Bronze in the Women's 58kg event at the Glasgow Commonwealth Games. Her success is due to her hard work and determination. Wishing her the very best for the endeavours ahead.

#CWG2026”