নতুন প্ৰজন্মৰ দক্ষতা বিকাশ ৰাষ্ট্ৰীয় আৱশ্যকতা আৰু আত্মনিৰ্ভৰ ভাৰতৰ ভেটীঃ প্ৰধানমন্ত্ৰী
দক্ষতাৰ সন্মান আমাৰ সংস্কৃতিৰ অংগঃ প্ৰধানমন্ত্ৰী
সমাজত দক্ষ কৰ্মীয়ে উচিত সন্মান পাওকঃ প্ৰধানমন্ত্ৰীৰ আহ্বান
'প্ৰধানমন্ত্ৰী দক্ষতা বিকাশ যোজনা'ৰ জৰিয়তে ১.২৫ কোটিতকৈ অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে বিশ্বক পাৰদৰ্শী আৰু দক্ষতাপূৰ্ণ শ্ৰম-শক্তি সমাধান দি আছে, যি আমাৰ যুৱক-যুৱতীসকলক দক্ষ কৰি তোলাৰ ৰণনীতিৰ বিশেষ অংশ হোৱা উচিতঃ প্ৰধানমন্ত্ৰী
দুৰ্বল শ্ৰেণীক দক্ষ কৰি তুলি 'স্কিল ইণ্ডিয়া মিছন'য়ে ডাঃ বাবাচাহেব আম্বেদকাৰৰ সপোনক সাকাৰ কৰি আছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে বিশ্বক পাৰদৰ্শী আৰু দক্ষতাপূৰ্ণ শ্ৰম-শক্তি সমাধান দি আছে, যি আমাৰ যুৱক-যুৱতীসকলক দক্ষ কৰি তোলাৰ ৰণনীতিৰ বিশেষ অংশ হোৱা উচিতঃ প্ৰধানমন্ত্ৰী
'প্ৰধানমন্ত্ৰী দক্ষতা বিকাশ যোজনা'ৰ জৰিয়তে ১.২৫ কোটিতকৈ অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছেঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ।

‘বিশ্ব যুৱ কৌশল দিৱস’ত সকলো যুৱ-বান্ধৱলৈ বহুত বহুত শুভ-কামনা জ্ঞাপন কৰিলো! এই দ্বিতীয় বাৰৰ বাবে আমি এই ক’ৰোনা মহামাৰীৰ মাজতে এই দিৱস উদযাপন কৰিবলগীয়া হ’ল।

বিশ্বজুৰি অব্যাহত এই মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানে ‘বিশ্ব যুৱ কৌশল দিৱস’ৰ গুৰুত্ব বহু গুণে বঢ়াই তুলিছে। আৰু এটা গুৰুত্বপূৰ্ম কথা হ’ল, আমি এই মুহূৰ্তত আমাৰ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষৰ পৰ্ব উদযাপন কৰি আছো। একৈশ শতিকাত জন্ম লাভ কৰা আজিৰ যুৱক-যুৱতীসকলে ভাৰতৰ বিকাশ যাত্ৰাক স্বাধীনতাৰ ১০০বৰ্ষ পূৰ্ণ হোৱা পৰ্যন্ত আগুৱাই নিয়াৰ দায়িত্ব বহণ কৰিব লাগিব। সেয়ে নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ কৌশল অথবা দক্ষতা বিকাশ, এক ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তা, ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বহুত ডাঙৰ বুনিয়াদ হিচাপেই পৰিগণিত হৈছে। যোৱা ৬টা বছৰত যি বুনিয়াদ গঢ়ি উঠিছে, যিবোৰ নতুন সংস্থান গঢ়ি উঠিছে, সেইবোৰৰ সমস্ত শক্তি একত্ৰিত কৰি আমি নতুন দৃষ্টিভংগীৰে ‘দক্ষ ভাৰত মিছন’ক আগুৱাই নিব লাগিব।

বন্ধুসকল,

যেতিয়া কোনো সমাজে দক্ষতা অথবা কৌশলক গুৰুত্ব প্ৰদান কৰিবলৈ লয় তেতিয়া সমাজৰ ‘আপ-স্কিলিং’-তো হয়েই, সেই সমাজৰ উন্নতিও সম্ভৱ হয়। পৃথিৱীয়ে এই কথা ভালকৈয়ে জানেও। কিন্তু ভাৰতৰ চিন্তা ইয়াতকৈয়ো দুখোজ আগবঢ়া। আমাৰ পূৰ্বজসকলে দক্ষতাক গুৰুত্ব প্ৰদান কৰাৰ লগতে তেওঁলোকে ইয়াক উদযাপনো কৰিছিল। এই কৌশলক সমাজৰ উল্লাসৰ অংগ কৰি তুলিছিল। আপোনালোকে চাওকচোন, আমি ‘বিজয়াদশমী’ৰ দিনা অস্ত্ৰ পূজা কৰো। ‘অক্ষয় তৃতীয়া’ত কৃষকসকলে ফচলৰ, কৃষি সা-সঁজুলিসমূহৰ পূজা কৰে। ভগৱান বিশ্বকৰ্মাৰ পূজা আমাৰ দেশত সকলো প্ৰকাৰৰ দক্ষতাৰ, কৌশলৰ, সকলো শিল্পৰে জড়িত লোকসকলৰ বাবে বহুত ডাঙৰ পৰ্ব হিচাপে পৰিগণিত হৈ আহিছে। আমাৰ দেশৰ শাস্ত্ৰত নিৰ্দেশ দিয়া হৈছে-

বিবাহদিশষু যজ্ঞষু, গৃহ আৰাম বিধায়কে।

সৰ্ব কৰ্মসু সম্পূজ্যো, বিশ্বকৰ্মা ইতি শ্ৰুতম্।।

অৰ্থাত, ‘বিয়াই হওক, গৃহপ্ৰৱেশেই হওক, অথবা আন কোনো যজ্ঞ-কাৰ্য, সামাজিক কাৰ্যই হওক, এই সকলোতে ভগৱান বিশ্বকৰ্মাৰ পূজা, তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন নিশ্চিত ভাবেই কৰা উচিত’। বিশ্বকৰ্মাৰ পূজা অৰ্থাত সমাজ জীৱনত বেলেগ বেলেগ সৃষ্টিশীল কাৰ্য কৰা আমাৰ বিশ্বকৰ্মাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন মানেই হৈছে দক্ষতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। কাঠৰ কাৰিকৰ, ধাতুৰ কাম কৰাসকল, ছাফাইকৰ্মীসকল, বাগিছা সুন্দৰ কৰা মালীসকল, মাটিৰ সাজ-বাচন তৈয়াৰ কৰা কুমাৰসকল, হাতেৰে কাপোৰ প্ৰস্তুত কৰা শিপিনীসকল, এনে কিমান ব্যক্তি আছে যিসকলক আমাৰ পৰম্পৰাই বিশেষ সন্মানৰ পাত্ৰ কৰি তুলিছে।

মহাভাৰতৰ এটি শ্লোকত কোৱা হৈছে-

বিশ্বকৰ্মা নমস্তেস্তু, বিশ্বাত্মা বিশ্ব সম্ভৱঃ।।

অৰ্থাত, ‘যাৰ কাৰণে বিশ্বত সকলো সম্ভৱ হৈছে, সেই বিশ্বকৰ্মাক নমস্কাৰ জনাইছো’। বিশ্বকৰ্মাক বিশ্বকৰ্মা বুলি এই কাৰণেই কোৱা হয়, কাৰণ তেওঁৰ কাম অবিহণে, দক্ষতা অবিহণে সমাজৰ অস্তিত্বই সম্ভৱ নহয়। কিন্তু দুৰ্ভাগ্যবশতঃ পৰাধীনতাৰ দীঘলীয়া সময়ছোৱাত দক্ষতা বিকাশৰ ব্যৱস্থা আমাৰ সামাজিক পদ্ধতিত, আমাৰ শিক্ষা ব্যৱস্থাত লাহে লাহে দুৰ্বল কৰি তোলা হৈছিল।

বন্ধুসকল,

শিক্ষাই যদি আমাক আমি কি কৰিব লাগে সেই কথাৰ সম্ভেদ দিয়ে, তেন্তে দক্ষতা বা কৌশলে আমাক সেই কাম বাস্তৱিকতে কেনেকৈ হ’ব সেই কথা শিকায়। ‘স্কিল ইণ্ডিয়া মিছন’ অথবা ‘দক্ষ ভাৰত মিছন’ এই সত্য, এই প্ৰয়োজনীয়তাৰ সৈতে খোজত খোজ মিলোৱাৰ বাবে কৰা অভিযান হয়। ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা’ৰ মাধ্যমৰে এই পৰ্যন্ত এককোটি পঁচিশ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছে।

বন্ধুসকল,

মই আৰু এটা কথা আপোনালোকক ক’ব বিচাৰিছো। এবাৰ কৌশল বিকাশ কাৰ্যক্ৰমৰে জড়িত এদল বিষয়াই মোক সাক্ষাত কৰিছিল। মই তেওঁলোকক কৈছিলো আপোনালোকে এই দিশত ইমানবোৰ কাম কৰিছে, যিবোৰ কৌশলক আমি আমাৰ জীৱনত প্ৰয়োগৰ বাবে গ্ৰহণ কৰিব পাৰো, তেনে কৌশলৰ এক তালিকা দেখোন আপোনালোকে প্ৰস্তুত কৰিব পাৰে। আপোনালোকে শুনি আচৰিত হ’ব যে, তেওঁলোকে যেতিয়া সুক্ষ্ম দৃষ্টিভংগীৰে এইবোৰৰ তালিকা প্ৰস্তুত কৰিলে, তেতিয়া এনে ৯০০ৰো অধিক কৌশলৰ সন্ধান পোৱা গ’ল যিবোৰ আমাৰ জীৱনৰ আৱশ্যকতা পূৰণৰ বাবে প্ৰয়োজনীয়। ভাবকচোন, কৌশল বিকাশৰ প্ৰয়োজনীয়তা দৰাচলতে আমাৰ জীৱনৰ বাবে কিমান গুৰুত্বপূৰ্ণ। সাম্প্ৰতিক সময়ত আমাৰ শিক্ষাৰ যাতে আমাৰ চাকৰিৰ লগতে সামৰণি নপৰে সেয়া নিশ্চিত হোৱাটো জৰুৰী হৈ উঠিছে। আজিৰ তাৰিখত পৃথিৱীত কৌশলৰ, দক্ষতাৰ ইমানেই চাহিদা বাহিছে যে উথ্থান দক্ষতাৰহে সম্ভৱ। এই কথা ব্যক্তিসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। পৃথিৱীৰ বাবে এক ‘স্মাৰ্ট’ আৰু দক্ষতা সম্পন্ন মানৱ-শক্তিৰ সমাধান যাতে ভাৰতে আগবঢ়াব পাৰে, এয়া আমাৰ নৱ প্ৰজন্মৰ বাবে প্ৰণিত ‘দক্ষতা-ৰণকৌশল’ৰ বাবে মূল লক্ষ্য হোৱা উচিত। এই কথাৰ প্ৰতি দৃষ্টি ৰাখিয়েই ‘গ্লোবেল স্কিল গেপ’-ৰ ‘আপ-স্কিলিং’ৰ মিছন নিৰবিচ্ছিন্ন ভাবে চলিাই ৰখা উচিত।

আজি ডাঙৰ ডাঙৰ বিশেষজ্ঞসকলে পূৰ্বানুমান কৰিছে যে প্ৰযুক্তিৰ যিধৰণে পৰিৱৰ্তন সাধন হ’বলৈ ধৰিছে অনাগত ৩-৪ বছৰত ব্যাপক হাৰত মানুহৰ ‘ৰি-স্কিলিঙ’ৰ প্ৰয়োজনীয়তা আহি পৰিব। ইয়াৰ বাবেও আমি দেশক সাজু কৰিব লাগিব। আৰু ক’ৰোনা কালতেই আমি সকলোৱে কৌশল আৰু কৌশল-সমৃদ্ধ কৰ্মবাহিনীৰ গুৰুত্ব বহুত কাষৰ পৰা প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছো, হৃদয়ংগম কৰিছো। দেশে ক’ৰোনাৰে ইমান প্ৰভাৱশালীতাৰে যুঁজিবলৈ সক্ষম হোৱাৰ ক্ষেত্ৰতো আমাৰ কৌশল সমৃদ্ধ কৰ্মবাহিনীৰ বহুত ডাঙৰ অৱদান আছে।

বন্ধুসকল,

বাবা চাহেব আম্বেডকাৰে যুৱ প্ৰজন্মৰ; দুৰ্বল শ্ৰেণীৰ দক্ষতা বিকাশৰ প্ৰসংগত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। আজি ‘কৌশল ভাৰত’-ৰ জৰিয়তে দেশে বাবা চাহাবৰ এই দূৰদৰ্শী স্বপ্ন পূৰণ কৰাৰ বাবে আন্তৰিকতাৰে প্ৰয়াস কৰিছে। উদাহৰণ স্বৰূপে, আদিবাসী সমাজৰ বাবে দেশে ‘গয়িং অনলাইন এজ লীডাৰ্ছ’ অৰ্থাত্, ‘জিঅ’এএল’ কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰিছে। এই কাৰ্যক্ৰম পৰম্পৰাগত কৌশল যেনে- কলাই হওক, সংস্কৃতিয়েই হওক, হস্তশিল্পই হওক, বস্ত্ৰশিল্পই হওক, এইবোৰ ক্ষেত্ৰত আদিবাসী ভাই-ভনীসকলক ‘ডিজিটেল লিটাৰেচী’ আৰু দক্ষতা বৃদ্ধিৰে সহযোগিতা আগবঢ়োৱা হ’ব, তেওঁলোকৰ মাজত উদ্যমশীলতাৰ বিকাশ ঘটোৱাৰ প্ৰয়াস কৰা হ’ব। সেইদৰে ‘বন্ধন যোজনা’য়ো আজি আদিবাসী সমাজক এক নতুন সুযোগৰে জড়িত কৰোৱাৰ প্ৰভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। আমি আহিবলগীয়া সময়ছোৱাত এনে ধৰণৰ অভিযানসমূহক আৰু অধিক ব্যাপক কৰিব লাগিব, দক্ষতাৰ জৰিয়তে নিজৰ লগতে দেশক আত্মনিৰ্ভৰ কৰি তুলিব লাগিব।

এই শুভকামনাৰে, আপোনালোক আটাইলৈকে বহুত বহুত ধন্যবাদ জনায় সামৰিলো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মে’ 2026
May 04, 2026

Green Roads, Smart Tolls, Trillion-Dollar Dreams: How PM Modi's Policies are Supercharging a Modern India