প্ৰধানমন্ত্ৰীয়ে প্ৰত্যেক দেশ, সমাজ আৰু ব্যক্তিৰ সুস্বাস্থ্য কামনা কৰে
প্ৰধানমন্ত্ৰীয়ে এম-যোগ এপৰ ঘোষণা কৰে, কয় যে এই এপে 'এক বিশ্ব-এক স্বাস্থ্য'ক আহৰণ কৰাত সহায় কৰিব
বিশ্বজুৰি মহামাৰীৰে যুঁজ দিয়াত যোগে মানুহক আত্মবিশ্বাস আৰু শক্তি দিছেঃ প্ৰধানমন্ত্ৰী
আগশাৰীৰ কৰোণা যোদ্ধাসকলে যোগক কৰি লৈছে নিজৰ কৱচ, তেওঁলোকে নিজৰ ৰোগীকো সহায় কৰিছেঃ প্ৰধানমন্ত্ৰী
'বসুদৈৱ কুটুম্বকম'ৰ মন্ত্ৰক সমগ্ৰ বিশ্বত স্বীকৃতিঃ প্ৰধানমন্ত্ৰী
অনলাইন পাঠদানৰ সময়ত যোগৰ দ্বাৰা শিশুসকলে কৰোণাৰে যুঁজিবলৈ শক্তি লাভ কৰেঃ প্ৰধানমন্ত্ৰী
সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ

নমস্কাৰ!

আপোনালোক সকলোলৈকে সপ্তম ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ শুভেচ্ছা জ্ঞাপন কৰিছো।

আজি যি সময়ত সমগ্ৰ বিশ্বই ক’ৰোনা মহামাৰীৰে যুঁজি থাকিবলগীয়া হৈছে, সেই সময়ত ‘যোগ’-য়ে আশাৰ এক কিৰণো জগাই তুলিছে। বিগত দুটা বছৰত পৃথিৱীৰ দেশসমূহৰ লগতে ভাৰততো বিস্তৃত পৰিসৰত সাৰ্বজনীন ভাবে কাৰ্যক্ৰম অনুষ্ঠিত হোৱা নাই যদিও ‘যোগ দিৱস’ৰ প্ৰতি তিল মাত্ৰও উত্সাহৰ হীন-দেঢ়ি ঘটা পৰিলক্ষিত হোৱা নাই। ক’ৰোনাৰ ধামখুমিয়াৰ মাজতো, এই বেলি গ্ৰহণ কৰা ‘যোগ দিৱস’ৰ প্ৰাতিপাদ্য বিষয়বস্তু "Yoga for wellness"- “কল্যাণৰ বাবে যোগ”-য়ে কোটি কোটিজনক ‘যোগ’-ৰ প্ৰতি উত্সাহ আৰু অধিক বৃদ্ধি কৰি তুলিছে। ‘যোগ দিৱস’ৰ এই মুহূৰ্তত মই আজি প্ৰতিখন দেশ, প্ৰতিখন সমাজ আৰু প্ৰতিগৰাকী ব্যক্তিয়েই সুস্থ-সবল হোৱাৰ কামনা কৰাৰ লগতে সকলোৱেই একত্ৰিত হৈ প্ৰত্যেকেই পৰস্পৰৰ বাবে নিৰাপত্তাৰ বুনিয়াদ হোৱাৰ কামনা কৰিছো।

 

বন্ধুসকল,

আমাৰ ঋষি-মুনিসকলে যোগৰ বাবে “সমত্বম যোগ উচ্যতে”-ৰ পৰিভাষা প্ৰদান কৰিছিল। তেওঁলোকে “দুখতো, সুখতো এক চিত্ত হৈ থকা; সংযমক একপ্ৰকাৰ যোগৰ মাপ-দণ্ড হিচাপে গণ্য কৰা”ৰ পোষকতা কৰিছিল।বিশ্ব জুৰি সৃষ্টি হোৱা আজিৰ প্ৰেক্ষাপটটোতো ‘যোগ’-য়ে এই কথাৰ প্ৰাসংগিকতা প্ৰতিপন্ন কৰি দেখুৱাইছে। ক’ৰোনাৰ এই ডেৰটা বছৰত ভাৰতৰ লগতে কিমানখন দেশেযে এই বৃহত্ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে।

 

বন্ধুসকল,

পৃথিৱীৰ অধিকাংশ দেশৰ বাবেই ‘যোগ দিৱস’ কেতিয়াও তেওঁলোকৰ শতিকা পূৰণা সাংস্কৃতিক পৰ্ব নাছিল। এই সংকটকালত; ইমান সমস্যাৰ মাজত তেওঁলোকে ইয়াক সহজেই পাহৰি যাব পাৰিলেহেতেন, ইয়াক নিশ্চয় উপেক্ষা কৰিব পাৰিলেহেতেন। কিন্তু, ইয়াৰ বিপৰীতে, ৰাইজৰ মাজত ‘যোগ’ৰ প্ৰতি উত্সাহ আৰু অধিক বৃদ্ধিহে হৈছে, ‘যোগ’ৰ প্ৰতি প্ৰেম বাঢ়িছেহে। বিগত ডেৰটা বছৰত পৃথিৱীৰ প্ৰান্তে প্ৰান্তে লাখ লাখ নতুন ‘যোগ সাধক’ৰ জন্মহে হৈছে। ‘যোগ’ৰ প্ৰথমটো পৰ্যায়—‘সংযম আৰু অনুশাসনক’, সকলোৱে নিজৰ জীৱনত ধাৰণ কৰাৰ বাবে প্ৰয়াসৰতহে হৈছে।

বন্ধুসকল,

ক’ৰোনাৰ অদৃশ্য ভাইৰাছে যেতিয়া পৃথিৱীত পদাৰ্পণ কৰিছিল, তেতিয়া যিকোনো দেশেই, সংসাধন, সামৰ্থ্য কিম্বা মানসিক ভাবে ইয়াৰ বাবে প্ৰস্তুত নাছিল। আমি সকলোৱেই দেখিছিলো যে, এনে কঠিন পৰিস্থিতিত, ‘যোগ’ আত্মবলৰ এক বহুত ডাঙৰ মাধ্যম হিচাপে পৰিগণিত হৈছিল। ‘যোগ’-য়ে ৰাইজৰ মাজত এই ভৰসাৰ সৃষ্টি কৰিছিল যে ‘আমি এই ব্যাধিৰে নিশ্চয় যুঁজ দিব পাৰিম’।

মই যেতিয়া আগশাৰীত থাকি সেৱা আগবঢ়োৱা কৰ্মীসকলৰে, চিকিত্সকসকলৰে কথা-বতৰা পাতিছিলো, তেতিয়া তেওঁলোকে মোক কৈছিল যে, ক’ৰোনাৰ বিৰুদ্ধে হোৱা যুঁজত অৱতীৰ্ণ হ’বলৈ যাওতে তেওঁলোকে ‘যোগ’-ক নিজৰ সুৰক্ষা-কৱচ হিচাপে গণ্য কৰিছিল। চিকিত্সকসকলে ‘যোগ’-ৰে নিজকে শক্তিশালী কৰাৰ লগতে তেওঁলোকৰ ৰোগীসকলক সোনকালে সুস্থ কৰি তোলাৰ ক্ষেত্ৰ্ত ইয়াৰ সদ্ব্যৱহাৰ কৰিছিল। আজি বহু চিকিত্সালয়ৰ পৰা চিকিত্সক, নাৰ্ছ আৰু ৰোগীয়ে ‘যোগ’ শিকি থকা অথবা ৰোগীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি থকাৰ দৰে দৃশ্য দেখিবলৈ পোৱা যায়। ‘প্ৰাণায়াম’, ‘অনুলোম-বিলোম’ৰ দৰে শ্বাসন-ব্যায়ামৰে আমাৰ শ্বসন-তন্ত্ৰই কিমান শক্তি লাভ কৰিব পাৰে, সেই কথা পৃথিৱীৰ বিশেষজ্ঞসকলে নিজেই আজি ব্যক্ত কৰিবলৈ লৈছে।

 

বন্ধুসকল,

মহান তামিল সন্ত শ্ৰী থিৰুৱল্লৱৰে কৈছিল-

“নোই নাড়ী, নোই সুদল নাড়ী, হদু তনিক্কুম, ৱায় নাড়ী ৱায়পচ্চয়ল” অৰ্থাত্, “যদি কিবা বেমাৰ হয় তেন্তে তাক চিনাক্ত কৰা, তাৰ মূল কাৰণ পৰ্যন্ত অনুসন্ধান কৰা, বেমাৰতোনো কি কৰণে হ’বলৈ পালে তাক নিৰ্ণয় কৰা, আৰু তাক নিবাৰণৰ বাবে যথোচিত উপচাৰৰ ব্যৱস্থা কৰা”। ‘যোগ’-য়ে এই পথৰেই সন্ধান দিয়ে। আজিকালি চিকিত্সা বিজ্ঞানেও উপচাৰৰ লগতে নিবাৰণৰ ক্ষেত্ৰতো সিমানেই গুৰুত্ব প্ৰদান কৰে আৰু ‘যোগ’ নিবাৰণৰ ক্ষেত্ৰত অতিকে উপকাৰী বুলি পৰিগণিত হৈ আহিছে। মোৰ ভাল লাগিছে যে, এতিয়া ‘যোগ’ৰ এই বিশেষ দিশটো সন্দৰ্ভত পৃথিৱীৰ বিশেষজ্ঞসকলে অনেক প্ৰকাৰৰ বৈজ্ঞানিক গৱেষণা কৰি আছে, এই সন্দৰ্ভত কাম কৰি আছে।

ক’ৰোনা-কালত, ‘যোগ’ৰ দ্বাৰা আমাৰ শৰীৰত হ’ব পৰা কল্যাণ সন্দৰ্ভত, আমাৰ ‘ইমিউনিটী’ৰ ক্ষেত্ৰত হ’ব পৰা ইতিবাচক প্ৰভাৱ সন্দৰ্ভত বহু অধ্যয়ণ চলি আছে। আজিকালি আমি দেখিবলৈ পাও যে বহু স্কুলৰ ‘অনলাইন’ পাঠৰ আৰম্ভণীতে ১০-১৫ মিনিটৰ বাবে ল’ৰা-ছোৱালীবোৰক যোগ-প্ৰাণায়াম কৰোৱা হয়। এয়া ক’ৰোনাৰে যুঁজাৰ বাবে ল’ৰা-ছোৱালীখিনিক প্ৰস্তুত কৰাৰ এক প্ৰয়াস বুলিও ক’ব পাৰি।

বন্ধুসকল,

ভাৰতৰ ঋষিসকলে আমাক শিকাইছিল-

“ব্যায়ামাত্ লভতে স্বাস্থ্যম্,

দীৰ্ঘ আয়ুষ্যম বলম্ সুখম্।

আৰোগ্যম্ পৰমম্ ভাগ্যম্,

স্বাস্থ্যম্ সৰ্বাৰ্থ সাধনম্”।।

 

অৰ্থাত্, “যোগ-ব্যায়ম’ৰ জৰিয়তে আমি সু স্বাস্থ্য লাভ কৰো, সামৰ্থ্য লাভ কৰো আৰু সুদীৰ্ঘ সুখী জীৱনৰ গৰাকী হ’ব পাৰো। আমাৰ বাবে স্বাস্থ্যই সকলোতকৈ ডাঙৰ ভাগ্য, আৰু সু-স্বাস্থ্যই সকলো সফলতাৰ মাধ্যম”। ভাৰতৰ ঋষিসকলে; ভাৰতে যেতিয়া স্বাস্থ্যৰ কথা কয়, ইয়াৰ অৰ্থই শাৰিৰীক স্বাস্থ্যৰ কথাকে কেৱল নকয়। সেয়ে, ‘যোগ’ৰ জৰিয়তে শাৰিৰীক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো সমানেই গুৰুত্ব প্ৰদান কৰি অহা হৈছে। যেতিয়া আমি প্ৰাণায়াম কৰো, ধ্যান কৰো, অথবা অন্য কোনো যৌগিক ক্ৰিয়া সমাপণ কৰো, তেতিয়াই আমি অন্তৰ-চেতনাকো অনুভৱ কৰো। ‘যোগ’ৰ জৰিয়তে আমাৰ বিচাৰ শক্তি, আমাৰ আন্তৰিক সামৰ্থ্য ইমানেই অধিক হয় যে পৃথিৱীৰ কোনো সমস্যাই, কোনো নেতিবাচকতাই আমাক বিপৰ্যস্ত কৰিব নোৱাৰে। ‘যোগ’-য়ে আমাক ‘চাপৰ পৰা সামৰ্থ্যৰ, নেতিবাচকতাৰ পৰা সৃষ্টিশীলতাৰ পথ প্ৰদৰ্শিত কৰায়’।

 

বন্ধুসকল,

‘যোগ’-য়ে আমাক কয় যে, বিভিন্ন সমস্যা নিশ্চয় থাকিব পাৰে, পিচে, আমাৰ অভ্যন্তৰতো অসংখ্য সমাধানসূত্ৰ আছে। আমাৰ ব্ৰহ্মাণ্ডত আমি নিজেই আমাৰ শক্তিৰ বৃহত্তম উত্স। বহু বিভাজনৰ উপস্থিতিৰ বাবেইহে আমি এই শক্তিক উপলব্ধি কৰিব নোৱাৰো। মানুহৰ জীৱন বিক্ষিপ্ততাৰে ভৰি থাকে। এই বিভাজিত শক্তি সামগ্ৰিক ভাবে ব্যক্তিত্বত প্ৰতিফলিত হয়। এই বিক্ষপ্ততাৰ একাত্মতালৈ হোৱা ৰূপান্তৰেই হৈছে ‘যোগ’। এক প্ৰত্যায়িত অভিজ্ঞতা, একাত্মতাৰ উপলব্ধিয়েই হৈছে ‘যোগ’।

মহান গুৰুদেৱ, ঠাকুৰৰ এষাৰ কথা মনলৈ আহে, তেওঁ কৈছিল-

“ঈশ্বৰ আৰু অন্যান্যৰ পৰা পৃথককৈ আমাৰ সত্তাৰ অৰ্থ উলিয়াব নোৱাৰি, বৰং, ‘যোগ’-ৰ দ্বাৰা নিৰন্তৰ  অনুভূত একাত্মতাৰেহে ইয়াক উপলব্ধি কৰিব পাৰি”।

পুৰাতন কালৰে পৰা ভাৰতে সাৰোগত কৰি অহা ‘বসুধৈৱ কুটুম্বকম’-ৰ মন্ত্ৰই এতিয়া গোলকীয় গ্ৰহণযোগ্যতা লাভ কৰিছে। মানৱতাৰ বিৰুদ্ধে যদি কোনো ভাবুকী আহে তেন্তে, আমি প্ৰত্যেকেই পৰস্পৰৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰো,

‘যোগ’-য়ে সততে আমাক বৃহত্তৰ স্বাস্থ্য সুৰক্ষাৰ পথ দেখুৱায়। ‘যোগ’-য়ে আমাক অধিক সুখী জীৱনশৈলীৰ সন্ধান দিয়ে। ‘যোগ’-য়ে সদায়ে ইয়াৰ নিবাৰণমূলক ভূমিকা পালন কৰাৰ দৰেই জনগণৰ সামগ্ৰিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰি যাব বুলি মই ন-দি ক’ব পাৰো।

বন্ধুসকল,

যোগ বিজ্ঞান সমগ্ৰ বিশ্বৰ বাবেই সুলভ হোৱাৰ কামনাৰেই ভাৰতে ‘ৰাষ্ট্ৰসংঘ’ত ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ প্ৰস্তাৱ উথ্থাপন কৰিছিল। আজি, সেই দিশতে ভাৰতে ‘ৰাষ্ট্ৰসংঘ’, ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ সৈতে মিলি এক মহত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

এতিয়া বিশ্বই ‘এম-যোগা’ ‘এপ্’-ৰ সুবিধা ল’ব পাৰিব। এই ‘এপ্’-ত ‘কমন যোগা প্ৰটোক’ল-ৰ আধাৰত যোগ প্ৰশিক্ষণৰ বহুবোৰ ভিডিঅ’ পৃথিৱীৰ বিভিন্ন ভাষাত উপলব্ধ হ’ব। ই আধুনিক প্ৰযুক্তি আৰু প্ৰাচীন বিজ্ঞানৰ এক ‘ফিউজন’ৰো এক উত্কৃষ্ট উদাহৰণ হিচাপে পৰিগণিত হ’ব। ‘এম-যোগা’ ‘এপ্’-য়ে ‘যোগ’ৰ প্ৰসাৰ পৃথিৱী জুৰি কৰাৰ লগতে ‘এক বিশ্ব, এক স্বাস্থ্য’ৰ প্ৰয়াসকো সফল কৰাৰ ক্ষেত্ৰত বৃহত্ ভূমিকা পালন কৰিব পাৰিব বুলি মোৰ বিশ্বাস হৈছে।

 

বন্ধুসকল,

গীতাত কোৱা হৈছে-

“তঁ বিদ্যাদ্ দুঃখ সংযোগ-

বিয়োগ যোগ সংজ্ঞীতম্”।

অৰ্থাত্, “দুখৰ পৰা বিয়োগক, মুক্তিকহে যোগ আখ্যা দিয়া হয়”। সকলোকে লগত লৈ আগবঢ়া মানৱতাৰ এই ‘যোগ’ যাত্ৰাক আমি এনেকৈয়ে নিৰন্তৰ আগবঢ়াই নিব লাগিব। লাগিলে যিয়েই স্থান নহওক কিয়, যি পৰিস্থিতিয়েই নহওক কিয়, যিকোনো বয়সৰে নহওক কিয়, সকলোৰে বাবে ‘যোগ’ৰ ওচৰত কিবা নহয় কিবা সমাধান নিশ্চয় থাকিবই। আজি বিশ্বত ‘যোগ’ৰ প্ৰতি জিজ্ঞাসা থকা ব্যক্তিৰ সংখ্যা বহুত বাঢ়িবলৈ লৈছে। দেশ-বিদেশত ‘যোগ’ প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এনে প্ৰেক্ষাপটত ‘যোগ’-ৰ মূলভূত তত্বজ্ঞান, মূল সিদ্ধান্তক অক্ষুন্ন ৰাখি ‘যোগ’-ক প্ৰত্যেকৰ জীৱন স্পৰ্শ কৰিব পৰাকৈ, নিৰন্তৰ ৰূপত প্ৰসাৰিত কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰাতো আৱশ্যক। আৰু এই কাম ‘যোগ’-ৰে জড়িতসকলে, ‘যোগ’ৰ আচাৰ্যসকলে, প্ৰচাৰকসকলে সকলোৱে মিলি কৰা উচিত। আমি নিজেও ‘যোগ’ৰ সংকল্প ল’ব লাগিব, আৰু নিজকে এই সংকল্পৰে জড়িত কৰিব লাগিব। ‘যোগৰ পৰা সহযোগ পৰ্যন্ত’ৰ এই মন্ত্ৰই আমাক এক নতুন ভৱিষ্যতৰ পথ দেখুৱাব, মানৱতাক শক্তিশালী কৰিব।

এই শুভ কামনাৰেই, আজি ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত সমগ্ৰ মানৱ জাতিক, আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states

Media Coverage

'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam honoring Sage Patanjali and the virtues of Yoga
June 04, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam paying homage to Sage Patanjali and highlighting the profound benefits of Yoga. Shri Modi observed that the regular practice of Yoga keeps the body healthy and the mind calm, noting that making it a part of one's daily routine makes life balanced and energetic.

The Prime Minister posted on X:

"योग का नियमित अभ्यास तन को स्वस्थ और मन को शांत रखता है। इसे अपनी दिनचर्या का हिस्सा बनाने से जीवन संतुलित और ऊर्जावान बनता है।

योगेन चित्तस्य पदेन वाचां
मलं शरीरस्य च वैद्यकेन।

योऽपाकरोत् तं परवरं मुनीनां
पतञ्जलिं प्राञ्जलिरानतोऽस्मि॥"

I bow down with folded palms to Sage Patanjali, the most exalted among the contemplative sages, who has removed impurity of the mind-content through Yoga, of speech through grammar and of the body through Ayurveda.