“Going to Gurudwaras, spending time in ‘sewa’, getting langar, staying at the homes of Sikh families has been a part of my life”
“Our Gurus have taught us courage and service”
“New India is scaling new dimensions and is leaving its mark on the whole world”
“I have always considered our Indian diaspora as ‘Rashtrdoot’ of India. All of you are the strong voice and lofty identity of Maa Bharati abroad”
“Feet of Gurus sanctified this great land and inspired its people”
“Sikh tradition is a living tradition of ‘Ek Bharat Shreshth Bharat’”
​​​​​​​“Sikh community is synonymous with the courage, prowess and hard work of the country”

এনআইডি ফাউণ্ডেশ্যনৰ মুখ্য সংৰক্ষক তথা চণ্ডীগড় ইউনিভাৰছিটীৰ চেন্সেলৰ মোৰ মিত্ৰ শ্ৰী সতনাম সিংহসন্ধূজী, এনআইডি ফাউণ্ডেশ্যনৰ সদস্যগণ আৰু সন্মানীয় বন্ধুসকল! আপোনালোকৰ কেইজনমানক আগৰে পৰা জনাৰ, লগ পোৱাৰ সুযোগ মোৰ হৈছে। গুৰুদ্বাৰলৈ যোৱা, সেৱাত সময় দিয়া, লংগৰপানা, শিখ পৰিয়ালৰ ঘৰত থকা, এয়া মোৰ জীৱনৰ এটা বহুত ডাঙৰ স্বাভাৱিক অংশ হৈ আছে। ইয়াত প্ৰধানমন্ত্ৰী আৱাসতো সময়ে সময়ে শিখ সন্তসকলৰ চৰণত পৰি থাকো আৰু এয়া মোৰ বৃহৎ সৌভাগ্য হৈছে। তেওঁলোকৰ সংগতৰ সৌভাগ্য মোৰ প্ৰায়ে হৈ থাকে।

 

ভাতৃ ভগ্নীসকল,

যেতিয়া মই কোনো বিদেশ যাত্ৰাত যাওঁ, তাতো যেতিয়া শিখ সমাজৰ বন্ধুসকলৰ সৈতে লগ হওঁ তেতিয়া মন গৰ্বত ভৰি উঠে। ২০১৫ৰ মোৰ কানাডা যাত্ৰা আপোনালোকৰ কাৰোবাৰ মনত আছে চাগে! আৰু দলাই জীক তো মই মুখ্যমন্ত্ৰী নাছিলো তেতিয়াৰে পৰা জানো। এয়া কানাডাৰ বাবে চাৰি দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম standalone bilateral visit আছিল আৰু মই কেৱল Ottawa আৰু Torontoলৈকে যোৱা নাছিলো। মোৰ মনত আছে, তেতিয়া মই কৈছিলো যে মই Vancouverলৈ যাম আৰু মই তালৈ যাব বিচাৰো। মই তালৈ গ'লো, গুৰুদ্বাৰা খালসা দীৱানত মই মাথা ঠেকাৰ সৌভাগ্য পালো। সংগতৰ সদস্যসকলৰ সৈতে ভাল কথা হ'ল। এনেকৈ, ২০১৬ত যেতিয়া মই ইৰানলৈ যাওঁ তেতিয়া তাতো তেহৰাণত ভাই গংগা সিংহ সভা গুৰুদ্বাৰা যোৱাৰ মোৰ সৌভাগ্য হয়। মোৰ জীৱনৰ আৰু এটা অবিস্মৰণীয় ক্ষণ ফ্ৰান্সত নৱশপেল Indian Memorialৰ মোৰ যাত্ৰা। এই মেমৰিয়েলে বিশ্ব যুদ্ধৰ সময়ত ভাৰতীয় সৈনিকৰ বলিদানৰ বাবে তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিয়ে আৰু ইয়াতো এক বৃহৎ সংখ্যক আমাৰ শিখ ভাই-ভনী আছিল। এই অনুভৱ এই কথাৰ উদাহৰণ যে কেনেকৈ আমাৰ শিখ সমাজে ভাৰত আৰু অন্য দেশৰ সম্পৰ্কৰ এক শক্তিশালী বান্ধোন হোৱাৰ কাম কৰিছে। মোৰ সৌভাগ্য যে আজি মই এই বান্ধোনক আৰু শক্তিশালী কৰাৰ সুযোগ পাইছো আৰু মই ইয়াৰ বাবে সম্ভৱপৰ সকলো প্ৰয়াসো কৰি থাকো।

 

বন্ধুসকল,

আমাৰ গুৰুসকলে আমাক সাহস আৰু সেৱাৰ শিক্ষা দিলে। পৃথিৱীৰ বেলেগ বেলেগ অংশলৈ কোনো সম্পদ নোহোৱাকৈ আমাৰ ভাৰতৰ মানুহ গৈছে, আৰু নিজৰ শ্ৰমেৰে সফলতাৰ লক্ষ্য আহৰণ কৰিছে। এই স্পিৰিটেই আজি নতুন ভাৰতৰ স্পিৰিট হৈ পৰিছে। নতুন ভাৰতে নতুন উচ্চতা স্পৰ্শ কৰিছে, সমগ্ৰ পৃথিৱীত নিজৰ ছাপ ৰাখিছে। কৰোণা মহামাৰীৰ এই কালখণ্ড ইয়াৰ সবাতোকৈ ডাঙৰ উদাহৰণ। মহামাৰীৰ আৰম্ভণিতে পুৰণি চিন্তাধাৰাৰ মানুহে ভাৰতক লৈ চিন্তা প্ৰকাশ কৰিছিল। প্ৰত্যেকেই কিবা নহয় কিবা কৈছিল। কিন্তু, যেতিয়া মানুহে ভাৰতৰ উদাহৰণ দি পৃথিৱীক ক'লে যে চাওক ভাৰতে এনেকুৱা কৰিছে। আগতে কোৱা হৈছিল যে ভাৰতৰ ইমান বৃহৎ জনসংখ্যা, ভাৰতে ক'ৰপৰা ভেকচিন পাব, কেনেকৈ মানুহৰ জীৱন বাচিব? কিন্তু আজি ভাৰত ভেকচিনৰ সবাতোকৈ ডাঙৰ সুৰক্ষা কৱচ তৈয়াৰ কৰা দেশ হিচাপে উদ্ভৱ হৈছে। কোটি কোটি ভেকচিন ড'জ আমাৰ দেশত লগোৱা হৈছে। আপোনালোকৰো শুনি গৰ্ব হ'ব যে ইয়াতো ৯৯ শতাংশ ভেকচিনেচন আমাৰ নিজৰ মেড ইন ইণ্ডিয়া ভেকচিনৰ পৰা হৈছে। এই কালখণ্ডতে আমি পৃথিৱীৰ সবাতোকৈ ডাঙৰ ষ্টাৰ্টআপ ecosystemৰ অন্যতম হৈ উদ্ভৱ হৈছো। আমাৰ unicornsৰ সংখ্যা অহৰহ বাঢ়ি আছে। ভাৰতৰ এই বাঢ়ি থকা উচ্চতা, এই বাঢ়ি থকা উৎসাহ, ইয়াৰ বাবে সকলোতকৈ বেছি যদি কাৰোবাৰ শিৰ উচ্চ হয় তেন্তে সেয়া হৈছে আমাৰ diasporaৰ। কিয়নো, যেতিয়া দেশৰ সন্মান বাঢ়ে, তেতিয়া লাখ লাখ কোটি কোটি ভাৰতীয় মূলৰ মানুহৰো সিমানেই সন্মান বাঢ়ি যায়। তেওঁলোকৰ প্ৰতি পৃথিৱীৰ দৃষ্টি সলনি হৈ যায়। এই সন্মানৰ লগে লগে নতুন সুযোগো আহে, নতুন অংশীদাৰিত্বও আহে আৰু সুৰক্ষাৰ ভাবনাও মজবুত হয়। আমাৰ diasporaক তো মই সদায়েই ভাৰতৰ ৰাষ্ট্ৰদূত বুলি ভাবো। চৰকাৰে যাক পঠিয়ায় তেওঁ তো ৰাজদূত। কিন্তু আপোনালোক হৈছে ৰাষ্ট্ৰদূত। আপোনালোক সকলোৱে ভাৰতৰ বাহিৰত, মা ভাৰতীৰ শক্তিশালী কণ্ঠ, শক্তিশালী পৰিচয়। ভাৰতৰ প্ৰগতি দেখি আপোনালোকৰো বুকু ফুলে, আপোনালোকৰো শিৰ গৰ্বত ওখ হয়। পৰদেশত থাকি আপোনালোকে নিজৰ দেশৰো চিন্তা কৰে। সেয়ে বিদেশত থাকি ভাৰতৰ সফলতাক আগবঢ়াই নিয়াত, ভাৰতৰ ছবি আৰু মজবুত কৰাতো আপোনালোকৰ বহুত ডাঙৰ ভূমিকা আছে। আমি পৃথিৱীৰ য'তেই নাথাকো, India first, ৰাষ্ট্ৰ প্ৰথম আমাৰ আগতীয়া আস্থা হোৱা দৰকাৰ।

বন্ধুসকল,

আমাৰ দহজন গুৰুৱে ৰাষ্ট্ৰক সকলোৰে ওপৰত ৰাখি ভাৰতক এটা সূত্ৰত গঁঠিছিল। গুৰু নানকদেৱ জীয়ে সমগ্ৰ ৰাষ্ট্ৰৰ চেতনা জগাইছিল, সমগ্ৰ ৰাষ্ট্ৰক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ পথ দেখুৱাইছিল। আমাৰ গুৰুসকলে পূবৰ পৰা পশ্চিম, উত্তৰৰ পৰা দক্ষিণ সমগ্ৰ ভাৰত ভ্ৰমণ কৰে। য'লৈকে যাব তাতে তেওঁলোকৰ চিন আছে, তেওঁলোকৰ প্ৰেৰণা আছে, তেওঁলোকৰ বাবে আস্থা আছে। পঞ্জাবত গুৰুদ্বাৰা হৰমন্দিৰ চাহিবজীৰ পৰা লৈ উত্তৰাখণ্ডত গুৰুদ্বাৰা শ্ৰী হেমকুণ্ড চাহিবলৈকে, মহাৰাষ্ট্ৰত গুৰুদ্বাৰা হুজুৰ চাহিবৰ পৰা আৰম্ভ কৰি হিমাচলত গুৰুদ্বাৰা পোণ্টা চাহিবলৈকে, বিহাৰত তখ্ত শ্ৰী পাটনা চাহিবৰ পৰা আৰম্ভ কৰি গুজৰাটৰ কচ্ছত গুৰুদ্বাৰা লখপট চাহিবলৈকে, আমাৰ গুৰুসকলে মানুহক প্ৰেৰণা দিছে, নিজৰ চৰণৰ ধুলিৰে এই ভূমিক পৱিত্ৰ কৰিছে। সেয়ে, শিখ পৰম্পৰা বাস্তৱত 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ জীৱন্ত পৰম্পৰা।

 

ভাতৃ আৰু ভগ্নীসকল,

স্বাধীনতাৰ সংগ্ৰামত আৰু স্বাধীনতাৰ পিছতো শিখ সমাজৰ দেশৰ বাবে যি যোগদান আছে, তাৰ বাবে সমগ্ৰ ভাৰতে কৃতজ্ঞতা অনুভৱ কৰে। মহাৰাজা ৰণজিত সিংহৰ যোগদান হওক, ইংৰাজৰ বিৰুদ্ধে যুঁজ হওক, বা জালিয়ানৱালাবাগ হওক, এওঁলোকৰ অবিহনে ভাৰতৰ ইতিহাস সম্পূৰ্ণ নহয়, হিন্দুস্তান সম্পূৰ্ণ নহয়। আজিও সীমাত থিয় হৈ থকা শিখ সৈনিকৰ শৌৰ্যৰ পৰা আৰম্ভ কৰি দেশৰ অৰ্থনৈতিক ব্যৱস্থাত শিখ সমাজৰ অংশ আৰু শিখ এনআৰআইৰ যোগদানলৈকে, শিখ সমাজ দেশৰ সাহস, দেশৰ সামৰ্থ্য আৰু দেশৰ শ্ৰমৰ পৰ্যায় হৈ আছে।

 

বন্ধুসকল,

আজাদীৰ অমৃত মহোৎসৱ আমাৰ স্বতন্ত্ৰতা সংগ্ৰামৰ লগতে আমাৰ সংস্কৃতি আৰু ঐতিহ্যক উদযাপন কৰাৰো অৱসৰ। কিয়নো, স্বাধীনতাৰ বাবে ভাৰতৰ সংঘৰ্ষ কেৱল এটা সীমিত কালখণ্ডৰ ঘটনা নহয়। ইয়াৰ অন্তৰালত হাজাৰ হাজাৰ বছৰৰ চেতনা আৰু আদৰ্শ সংযুক্ত আছিল। ইয়াৰ অন্তৰালত আধ্যাত্মিক মূল্য আৰু কিমান যে তপ-ত্যাগ সংযুক্ত আছিল। সেয়ে, আজি যেতিয়া দেশে এফালে আজাদী কা অমৃত মহোৎসৱ পালন কৰিছে, তেতিয়া লগতে লালকিল্লাত গুৰু তেগবাহাদুৰ জীৰ ৪০০তম প্ৰকাশ পৰ্বও পালন কৰিছে। গুৰু তেগবাহাদুৰ জীৰ ৪০০তম প্ৰকাশ পৰ্বৰ আগতে আমি গুৰু নানকদেৱৰ ৫৫০তম প্ৰকাশ পৰ্বও সম্পূৰ্ণ শ্ৰদ্ধাসহকাৰে দেশ-বিদেশত পালন কৰিছিলো।

বন্ধুসকল,

ইয়াৰ লগতে, এই কালখণ্ডতে কৰতাৰপুৰ চাহিব কৰিডৰৰ নিৰ্মাণো হ'ল। আজি লাখ লাখ শ্ৰদ্ধালুৱে তাত মূৰ দোঁওৱাৰ সৌভাগ্য লাভ কৰিছে। লংগৰক টেক্স ফ্ৰী কৰাৰ পৰা আৰম্ভ কৰি, হৰমিন্দৰ চাহিবক FCRAৰ অনুমতিলৈকে, গুৰুদ্বাৰৰ আশেপাশে স্বচ্ছতা বঢ়োৱাৰ পৰা আৰম্ভ কৰি সিবিলাকক উন্নত আন্তঃগাঁথনিৰে সংলগ্ন কৰালৈকে, দেশে আজি যিমান সম্ভৱ প্ৰয়াস কৰি আছে আৰু মই সতনাম জীৰ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰো তেওঁ যেনেদৰে ভিডিঅ' সংকলিত কৰি দেখুৱালে। জানিব পাৰি যে সম্পূৰ্ণ শ্ৰদ্ধাসহকাৰে প্ৰতিটো ক্ষেত্ৰত কেনেধৰণৰ কাম হৈছে। আপোনালোকৰ পৰা সময়ে সময়ে যি পৰামৰ্শ পাওঁ, আজিও যথেষ্ট পৰামৰ্শ মোৰ ওচৰত আপোনালোকে দিছে। মোৰ প্ৰয়াস থাকে যে তাৰ আধাৰত দেশ সেৱাৰ পথত আগবাঢ়ি থাকিম।

 

বন্ধুসকল,

আমাৰ গুৰুসকলৰ জীৱনৰ যি সবাতোকৈ ডাঙৰ প্ৰেৰণা, সেয়া হৈছে আমাৰ কৰ্তব্যৰ বোধ। স্বাধীনতাৰ অমৃত কালত দেশেও আজি কৰ্তব্যক প্ৰাথমিকতা দিয়াৰ কথা কৈ আছে। 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস' এই মন্ত্ৰই আমাৰ সকলোকে ভাৰতৰ উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰে। এই কৰ্তব্য কেৱল আমাৰ বৰ্তমানৰ বাবে নহয়, এয়া আমাৰ আৰু আমাৰ দেশৰ ভৱিষ্যতৰ বাবেও। ই আমাৰ আহিবলগীয়া প্ৰজন্মৰ বাবেও। উদাহৰণ হিচাপে, আজি পৰিৱেশ দেশ আৰু পৃথিৱীৰ সন্মুখত এটা ডাঙৰ সংকট। ইয়াৰ সমাধান ভাৰতৰ সংস্কৃতি আৰু সংস্কাৰত আছে। শিখ সমাজ ইয়াৰ জাগ্ৰত উদাহৰণ। শিখ সমাজত আমি যিমান চিন্তা ঠাইৰ কৰো, সিমানেই পৰিৱেশ আৰু গ্ৰহৰো কৰো। প্ৰদূষণৰ বিৰুদ্ধে প্ৰয়াস হওক, কুপোষণৰ সৈতে যুঁজ হওক, বা নিজৰ সাংস্কৃতিক প্ৰমূল্যৰ ৰক্ষা হওক, আপোনালোক এনেকুৱা প্ৰতিটো প্ৰয়াসৰ সৈতে জড়িত হোৱা দেখা যায়। এই শৃংখলাতে মোৰ আপোনালোকৰ প্ৰতি আৰু এটা আহ্বান। আপোনালোকে জানে যে অমৃত মহোৎসৱত দেশে প্ৰতিখন জিলাত ৭৫টা অমৃত সৰোবৰৰ সংকল্প লৈছে। আপোনালোকেও নিজৰ ঠাইত অমৃত সৰোবৰৰ নিৰ্মাণৰ অভিযান চলাব পাৰে।

 

বন্ধুসকল,

আমাৰ গুৰুসকলে আমাক আত্মসন্মান আৰু মানৱ জীৱনৰ গৌৰৱৰ যি পাঠ পঢ়ালে, তাৰো প্ৰভাৱ আমি প্ৰত্যেক শিখৰ জীৱনত দেখিবলৈ পাওঁ। স্বাধীনতাৰ অমৃত কালত এয়াই দেশৰো সংকল্প। আমি আত্মনিৰ্ভৰ হ'ব লাগিব, দুখীয়াতকৈও দুখীয়াৰ জীৱন উন্নত কৰিব লাগিব। এই সকলো প্ৰয়াসত আপোনালোক সকলোৰে সক্ৰিয় অংশগ্ৰহণ বহুত অনিবাৰ্য আৰু আৱশ্যকীয়। মোৰ সম্পূৰ্ণ বিশ্বাস আছে, গুৰুসকলৰ আশীৰ্বাদত আমি সফল হ'ম আৰু সোনকালেই এখন নতুন ভাৰতৰ লক্ষ্যত উপনীত হ'ম। এই সংকল্পৰেই, আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছো। আপোনালোক ইয়ালৈ অহাটো মোৰ বাবে সংগততকৈও বহুত বেছি। আৰু সেয়ে আপোনালোকৰ কৃপা অব্যাহত থাকক আৰু মই সদায়েই কওঁ এয়া প্ৰধানমন্ত্ৰীৰ নিবাস স্থান এয়া মোদীৰ ঘৰ নহয়। এয়া আপোনালোকৰ অধিকাৰ ক্ষেত্ৰ এয়া আপোনালোকৰ। এই ভাবনাৰেই, এই আপোনতাৰে সদায়েই আমি লগ হৈ মা ভাৰতীৰ বাবে, আমাৰ দেশৰ গৰীবৰ বাবে, আমাৰ দেশৰ প্ৰতিখন সমাজৰ উত্থানৰ বাবে, আমি নিজৰ কাম কৰি যাম। গুৰুসকলৰ আশীৰ্বাদ আমাৰ ওপৰত অব্যাহত থাকক। এই ভাবনাৰেই মই আকৌ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো। ৱাহে গুৰু কা খালসা। ৱাহে গুৰু কী ফতহ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress

Media Coverage

Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in a building collapse incident in Prayagraj, Uttar Pradesh
March 23, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed deep sadness over the mishap caused by the collapse of a building in Prayagraj, Uttar Pradesh.

Expressing that his thoughts are with the affected families in this difficult hour, Shri Modi prayed for the speedy recovery of the injured and announced an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) for the next of kin of each deceased. The Prime Minister further noted that Rs. 50,000 would be provided to those who sustained injuries in the incident.

The Prime Minister wrote on X:

"Deeply saddened by the mishap due to the collapse of a building in Prayagraj, Uttar Pradesh. My thoughts are with the affected people and their families in this difficult hour. May those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM"