আমাৰ সেনাই পাকিস্তানৰপৰা আমাৰ ভগ্নীৰ সিন্দুৰ মচাবোৰৰ আত্মগোপনৰ স্থান ধ্বংসাৱশেষত পৰিণত কৰিলেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ কন্যাৰ সিন্দুৰৰ শক্তি পাকিস্তানৰ লগতে বিশ্বই দেখিলে!: প্ৰধানমন্ত্ৰী
মাওবাদী হিংসা সম্পূৰ্ণৰূপে নিৰ্মূল তথা প্ৰতিখন গাঁৱতে স্থায়ী শান্তি, সুৰক্ষা, শিক্ষা আৰু উন্নয়নে বিৰাজ কৰিবলৈ বেছি দিন নাইঃ প্ৰধানমন্ত্ৰী
বিহাৰৰ জনসাধাৰণৰ পাটনা বিমানবন্দৰৰ টাৰ্মিনেলৰ আধুনিকীকৰণৰ দীৰ্ঘদিনীয়া দাবী এতিয়া পূৰণ হ’লঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে মাখনা ব'ৰ্ড স্থাপন, বিহাৰৰ মাখনাক জিআই টেগ প্ৰদানেৰে মাখনা কৃষকসকলক অধিক উপকৃত কৰিলেঃ প্ৰধানমন্ত্ৰী

বিহাৰৰ সকলো স্বাভিমানী আৰু কঠোৰ পৰিশ্ৰমী ভাই-ভনীসকলক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী শ্ৰী জিতন ৰাম মাঝি, লাল্লন সিং, গিৰিৰাজ সিং, চিৰাগ পাছৱান, নিত্যানন্দ ৰায়, সতীশ চন্দ্ৰ ডুবে, ৰাজভূষণ চৌধৰী, ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধাৰী, বিজয় কুমাৰ সিনহা, অন্যান্য মন্ত্ৰী, জনপ্ৰতিনিধি আৰু মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল!

আজি এই পবিত্ৰ ভূমিত বিহাৰৰ উন্নয়নক নতুন গতি প্ৰদান কৰাৰ সৌভাগ্য লাভ কৰিছো। ইয়াত আজি ৫০ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। আপোনালোক সকলোৱে আমাক আশীৰ্বাদ দিবলৈ আহিছে, আপোনালোকৰ এই স্নেহ, বিহাৰৰ এই প্ৰেম, মই ইয়াক সদায় উচ্চ সন্মান দিও। আজি বিহাৰত ইমান বৃহৎ সংখ্যক মাতৃ-ভগ্নীৰ আগমনৰ লগে লগে এইটো সঁচাকৈয়ে বিহাৰত মোৰ সকলো অনুষ্ঠানৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু দৰ্শনীয় অনুষ্ঠান। মাতৃ ভগ্নী সকললৈ মোৰ বিশেষ শ্ৰদ্ধা জনাইছে। আপোনালোক সকলোলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

এই চাচাৰাম ভূমিৰ নামত ৰাম আছে, চাচাৰাম। চাচাৰামৰ মানুহে জানে যে ভগৱান ৰাম আৰু তেওঁৰ বংশৰ প্ৰথা কি আছিল, প্ৰাণ জায়ে পৰ বচন ন যায়ে। অৰ্থাৎ এবাৰ দিয়া প্ৰতিশ্ৰুতি, সদায় পূৰণ হয়। ভগৱান শ্ৰীৰামৰ এই প্ৰথা এতিয়া নতুন ভাৰতৰ নীতিত পৰিণত হৈছে। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, গতিকে আমাৰ বহু নিৰীহ নাগৰিক নিহত হৈছিল, এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এদিন পিছত মই বিহাৰলৈ আহিছিলো আৰু বিহাৰৰ ভূমিৰ পৰা দেশবাসীক প্ৰতিশ্ৰুতি দিছিলোঁ। বিহাৰৰ ভূমিত, বিহাৰবাসীৰ চকুলৈ চাই মই কৈছিলোঁ, সন্ত্ৰাসৰ মালিকৰ গোপন ঘাটিসমূহ মাটিৰ সৈতে মিহলি কৰি দিয়া হ’ব। এই বিহাৰৰ ভূমিত, মই কৈছিলোঁ, তেওঁলোকে কল্পনাতকৈও ডাঙৰ শাস্তি পাব। আজি যেতিয়া মই বিহাৰলৈ আহিছো তেতিয়া মোৰ প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছো। যিসকলে পাকিস্তানত বহি আমাৰ ভগ্নীসকলৰ সেন্দুৰ মচিছিল, আমাৰ সেনাই তেওঁলোকৰ গোপন ঘাটি ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছে। পাকিস্তান আৰু বিশ্বই দেখিছে ভাৰতৰ কন্যাৰ সেন্দূৰৰ শক্তি। পাকিস্তানী সেনাৰ সুৰক্ষাত নিজকে নিৰাপদ বুলি ভবা সন্ত্ৰাসবাদী, আমাৰ সেনাই তেওঁলোকক এটা ষ্ট্ৰ’কতে আঁঠু লোৱালে। আমি কেইমিনিটমানৰ ভিতৰতে পাকিস্তানৰ এয়াৰবেছ, সন্ত্ৰাসবাদী লুকাই থকা ঠাইবোৰ ধ্বংস কৰিলোঁ। এয়াই নতুন ভাৰত, এয়াই নতুন ভাৰতৰ শক্তি।

 

বিহাৰৰ মোৰ মৰমৰ ভাই-ভনীসকল,

এই বিহাৰ বীৰ কোঁৱৰ সিং জীৰ ভূমি। ইয়াৰ হাজাৰ হাজাৰ যুৱকে দেশৰ নিৰাপত্তাৰ বাবে সেনাবাহিনীত, বিএছএফত নিজৰ যৌৱন কটায়। অপাৰেচন সিন্দুৰত আমাৰ বিএছএফৰ অভূতপূৰ্ব শৌৰ্য্য আৰু অদম্য সাহস বিশ্ববাসীয়েও দেখিছে। আমাৰ সীমান্তত নিয়োজিত সাহসী বি এছ এফৰ জোৱানসকল নিৰাপত্তাৰ এক অভেদ্য দূৰ্গ, আমাৰ বি এছ এফৰ জোৱানসকলৰ বাবে ভাৰত মাতাই সুৰক্ষা সৰ্বোচ্চ লাভ কৰিছে। মাতৃভূমি সেৱাৰ এই পবিত্ৰ কৰ্তব্য পালন কৰি থাকোঁতে বি এছ এফৰ উপ পৰিদৰ্শক ইমটিয়াজ ১০ মে’ত সীমান্তত শ্বহীদ হয়। বিহাৰৰ এই বীৰ সন্তানলৈ মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু আজি বিহাৰৰ মাটিৰ পৰা আওৰাই ক’ব বিচাৰিছো, অপাৰেচন সিন্দুৰত শত্ৰুৱে ভাৰতৰ শক্তি দেখিছে, কিন্তু শত্ৰুৱে বুজি পাওক যে এয়া আমাৰ কুইভাৰৰ মাত্ৰ এপাত কাঁড়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ শেষ হোৱা নাই, স্তব্ধ হোৱা নাই। যদি আকৌ সন্ত্ৰাসৰ হুড উঠি যায়, তেন্তে ভাৰতে ইয়াক গাঁতৰ পৰা উলিয়াই আনি থেতেলিয়াই পেলাব।

বন্ধুসকল,

আমাৰ যুঁজখন দেশৰ প্ৰতিজন শত্ৰুৰ বিৰুদ্ধে, সেয়া লাগিলে সীমান্তৰ সিপাৰে হওক বা দেশৰ ভিতৰতে হওক। বিগত বছৰবোৰত হিংসা আৰু অশান্তি বিয়পোৱাসকলক আমি কেনেকৈ নিঃশেষ কৰিলোঁ তাৰ সাক্ষী বিহাৰৰ জনসাধাৰণ৷ মনত আছে, কেইবছৰমান আগলৈকে সাছাৰাম, কাইমুৰ আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহৰ কেনে পৰিস্থিতি আছিল? নক্সালবাদ কেনেকৈ প্ৰধান আছিল, মুখত মাস্ক পিন্ধি হাতত বন্দুক লৈ নক্সালবাদী কেতিয়া ক’ত ৰাজপথলৈ ওলাই আহিব বুলি সকলোৱে ভয় খাইছিল। আগতে চৰকাৰী আঁচনি আহিছিল যদিও কেতিয়াও নাগৰিকৰ ওচৰ নাপালে। নক্সাল ক্ষতিগ্ৰস্ত গাঁওবোৰত চিকিৎসালয় বা ভ্ৰাম্যমাণ টাৱাৰ নাছিল। কেতিয়াবা স্কুল জ্বলিছিল, কেতিয়াবা ৰাস্তা নিৰ্মাণ কৰা লোকৰ মৃত্যু হৈছিল। এই লোকসকলৰ বাবা চাহেব আম্বেদকাৰৰ সংবিধানৰ ওপৰত কোনো বিশ্বাস নাছিল। নীতিশ জীয়ে সেই পৰিস্থিতিতো ইয়াত উন্নয়ন আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। ২০১৪ চনৰ পিছত আমি এই দিশত অধিক দ্ৰুতগতিত কাম কৰিলোঁ। আমি মাওবাদীক তেওঁলোকৰ কৰ্মৰ শাস্তি দিবলৈ আৰম্ভ কৰিলোঁ। আমি যুৱক-যুৱতীসকলকো উন্নয়নৰ মূলসুঁতিলৈ আনিলোঁ৷ আজি দেশে ১১ বছৰীয়া দৃঢ় প্ৰতিশ্ৰুতিৰ ফল পাবলৈ আৰম্ভ কৰিছে। ২০১৪ চনৰ আগতে দেশৰ ১২৫ খনতকৈও অধিক জিলা নক্সাল প্ৰভাৱিত আছিল, এতিয়া মাত্ৰ ১৮ খন জিলাহে নক্সাল প্ৰভাৱিত হৈ আছে। এতিয়া চৰকাৰেও পথ আৰু কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিছে। মাওবাদী হিংসা সম্পূৰ্ণৰূপে নিৰ্মূল হ’ব, কোনো বাধা নোহোৱাকৈ প্ৰতিখন গাঁৱতে শান্তি, নিৰাপত্তা, শিক্ষা-উন্নয়ন ঢুকি পোৱাৰ দিনটো বেছি দূৰত নহয়।

বন্ধুসকল,

যেতিয়া নিৰাপত্তা আৰু শান্তি আহিব, তেতিয়াহে উন্নয়নৰ নতুন পথ মুকলি হয়। নীতিশ জীৰ নেতৃত্বত যেতিয়া জংগলৰাজ চৰকাৰ আঁতৰাই দিয়া হ’ল, তেতিয়া বিহাৰেও প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ আৰম্ভ কৰিলে। ভগ্ন ঘাইপথ, বেয়া ৰে’লপথ, সীমিত বিমান সংযোগ, সেই যুগ এতিয়া ইতিহাসত পৰিণত হৈছে।

 

বন্ধুসকল,

এসময়ত বিহাৰত মাত্ৰ এটা বিমানবন্দৰ আছিল– পাটনা। আজি দাৰভাংগা বিমানবন্দৰতো আৰম্ভ হৈছে। এতিয়া ইয়াৰ পৰা দিল্লী, মুম্বাই, বেংগালুৰু আদি চহৰলৈ বিমান সেৱা উপলব্ধ। বিহাৰৰ ৰাইজে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল যে পাটনা বিমানবন্দৰৰ টাৰ্মিনেল আধুনিকীকৰণ কৰিব লাগে, এতিয়া এই দাবীও পূৰণ হ’ল। কালি সন্ধিয়া পাটনা বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। এই নতুন টাৰ্মিনেলত এতিয়া ১ কোটি যাত্ৰী চলাচল কৰিব পাৰিব। বিহটা বিমানবন্দৰতো ১৪০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে।

বন্ধুসকল,

আজি বিহাৰত সকলোতে ফ’ৰলেন আৰু ছয় লেনযুক্ত পথৰ নেটৱৰ্ক স্থাপন কৰা হৈছে। পাটনাৰ পৰা বাক্সাৰলৈ, গয়াজীৰ পৰা দোভিলৈ, পাটনাৰ পৰা বুদ্ধগয়ালৈ, পাটনা-আৰা-চাচাৰাম গ্ৰীণফিল্ড কৰিডৰ, সকলোতে দ্ৰুতগতিত কাম চলি আছে। গংগা, সোণ, গণ্ডক, কোছিকে ধৰি সকলো ডাঙৰ নদীত নতুন দলং নিৰ্মাণৰ কাম চলি আছে। হাজাৰ হাজাৰ কোটি টকাৰ এনে প্ৰকল্পই বিহাৰত নতুন সুযোগ আৰু সম্ভাৱনাৰ সৃষ্টি কৰিছে। এই প্ৰকল্পসমূহৰ পৰা হাজাৰ হাজাৰ যুৱকে কৰ্মসংস্থাপন লাভ কৰিব। ইয়াত পৰ্যটন আৰু ব্যৱসায় দুয়োটাই লাভৱান হ’ব।

বন্ধুসকল,

বিহাৰৰ ৰে’লপথৰ অৱস্থাও দ্ৰুতগতিত সলনি হৈছে। আজি বিহাৰত বিশ্বমানৰ বন্দে ভাৰত ৰে’ল চলি আছে, ৰে’ল লাইন দুগুণ আৰু তিনিগুণ হৈছে, চাপ্ৰা, মুজাফ্ফৰপুৰ, কাটিহাৰ আদি অঞ্চলত দ্ৰুতগতিত কাম চলি আছে। সোণ নগৰ আৰু আন্দালৰ মাজত মাল্টি ট্ৰেকিঙৰ কাম চলি আছে, যাৰ ফলত ৰে’লৰ চলাচল দ্ৰুত হ’ব। এতিয়া চাচাৰামত ১০০ৰো অধিক ৰে’ল ৰৈছে। অৰ্থাৎ আমি পুৰণি সমস্যা সমাধান কৰি আছো আৰু লগতে ৰে’লপথ আধুনিকীকৰণ কৰিছো।

ভাই-ভনীসকল,

এই কামবোৰ আগতেও কৰিব পৰা গ’লহেঁতেন। কিন্তু, যিসকলে বিহাৰক আধুনিক ৰে’ল দিয়াৰ দায়িত্ব লৈছিল, ৰে’লৱেত নিযুক্তিৰ নামত আপোনাৰ মাটি লুটি লৈছে, দুখীয়াৰ মাটি তেওঁলোকৰ নামত পঞ্জীয়ন কৰি লৈছে, এইবোৰ আছিল তেওঁলোকৰ সামাজিক ন্যায়ৰ পদ্ধতি, দুখীয়াক লুণ্ঠন, তেওঁলোকৰ অধিকাৰ লুণ্ঠন, তেওঁলোকৰ অসহায়তাৰ সুযোগ লৈ আৰু তাৰ পিছত ৰাজতন্ত্ৰৰ সুখ উপভোগ কৰিছে। আপোনালোক বিহাৰবাসীৰ বাবে জংগলৰাজ ৰাইজৰ মিছা আৰু প্ৰতাৰণাৰ প্ৰতি সতৰ্ক হৈ থকাটো অতি প্ৰয়োজনীয়।

 

বন্ধুসকল,

বিদ্যুৎ অবিহনে উন্নয়ন অসম্পূৰ্ণ। যেতিয়া বিদ্যুৎ থাকে তেতিয়া ঔদ্যোগিক বিকাশ হয়, যেতিয়া বিদ্যুৎ থাকে তেতিয়া জীৱনটো সহজ হৈ পৰে। আৰু একবিংশ শতিকাটো প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত শতিকা। গতিকে প্ৰতিটো খোজতে বিদ্যুতৰ প্ৰয়োজন হ’বলৈ গৈ আছে। বিগত বছৰবোৰত বিহাৰত বিদ্যুৎ উৎপাদনৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। আজি বিহাৰত বিদ্যুতৰ ব্যৱহাৰ ১০ বছৰৰ আগৰ তুলনাত চাৰিগুণ বৃদ্ধি পাইছে। নবীনগৰত এন টি পি চিৰ এটা বৃহৎ শক্তি প্ৰকল্প নিৰ্মাণ কৰা হৈছে, ইয়াৰ বাবে ৩০ হাজাৰ কোটি টকা খৰচ কৰা হ’ব। ইয়াৰ দ্বাৰা বিহাৰলৈ ১৫০০ মেগাৱাট বিদ্যুৎ যোগান ধৰা হ’ব। বক্সাৰ আৰু পিৰপাইণ্টিত নতুন তাপ শক্তি কেন্দ্ৰও আৰম্ভ কৰা হ’ব।

ভাই-ভনীসকল,

এতিয়া আমাৰ মনোযোগ ভৱিষ্যতৰ ওপৰত। আমি বিহাৰক সেউজ শক্তিৰ দিশে লৈ যাব লাগিব। আৰু সেইবাবেই কাজৰাত এখন সৌৰ উদ্যানো নিৰ্মাণ কৰা হৈছে। পিএম-কুসুম আঁচনিৰ অধীনত কৃষকসকলক সৌৰশক্তিৰ পৰা উপাৰ্জনৰ বিকল্প প্ৰদান কৰা হৈছে। নবীকৰণযোগ্য কৃষি ফিডাৰৰ পৰা পামসমূহে বিদ্যুৎ লাভ কৰিছে। আমাৰ এই প্ৰচেষ্টাৰ ফল হ’ল ইয়াৰ মানুহৰ জীৱন উন্নত হৈছে। মহিলাসকলে নিজকে নিৰাপদ অনুভৱ কৰিছে।

বন্ধুসকল,

যেতিয়া আধুনিক আন্তঃগাঁথনি ৰাজ্যলৈ আহে তেতিয়া গাঁও, দৰিদ্ৰ, কৃষক আৰু ক্ষুদ্ৰ উদ্যোগসমূহে সৰ্বাধিক লাভৱান হয়। কাৰণ, দেশ-বিদেশৰ বৃহৎ বজাৰৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে। ৰাজ্যলৈ যেতিয়া নতুন বিনিয়োগ আহে তেতিয়া নতুন সুযোগৰ সৃষ্টি হয়। আপুনি দেখিছে, যোৱা বছৰ অনুষ্ঠিত বিহাৰ ব্যৱসায়িক সন্মিলনত বৃহৎ সংখ্যক কোম্পানীয়ে ইয়াত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছিল, যেতিয়া ৰাজ্যলৈ উদ্যোগ আহে, মানুহে মজুৰিৰ বাবে প্ৰব্ৰজন কৰিব নালাগে, কৃষকসকলেও নতুন বিকল্প পায়। উন্নত পৰিবহণৰ সুবিধাৰ ফলত তেওঁলোকৰ উৎপাদিত সামগ্ৰীও দূৰ-দূৰণিৰ ঠাইলৈ যাবলৈ সক্ষম হৈছে।

ভাই-ভনীসকল,

আমাৰ চৰকাৰে বিহাৰৰ কৃষকৰ আয় বৃদ্ধিৰ বাবে অহৰহ কাম কৰি আছে। ইয়াত পিএম কিষাণ সন্মান নিধিৰ অধীনত ৭৫ লাখৰো অধিক কৃষকে আৰ্থিক সাহায্য লাভ কৰিছে। আমাৰ চৰকাৰে মখনা ব’ৰ্ড গঠনৰ কথা ঘোষণা কৰিছে। আমি বিহাৰৰ মখনাৰ জি আই টেগ দিলো, ইয়াৰ দ্বাৰা মখনা কৃষকসকলৰ যথেষ্ট উপকাৰ হৈছে। এইবাৰৰ বাজেটত আমি বিহাৰত এটা ৰাষ্ট্ৰীয় খাদ্য সংসাধন প্ৰতিষ্ঠানৰ কথাও ঘোষণা কৰিছো। মাত্ৰ দুই-তিনি দিন পূৰ্বে খাৰিফ বতৰৰ বাবে ধানকে ধৰি ১৪টা শস্যৰ এম এছ পি বৃদ্ধিৰ বাবে মন্ত্ৰীসভাই অনুমোদন জনাইছে। ইয়াৰ ফলত কৃষকসকলে তেওঁলোকৰ শস্যৰ উন্নত মূল্য লাভ কৰিব আৰু তেওঁলোকৰ আয়ো বৃদ্ধি পাব।

 

বন্ধুসকল,

যিসকল লোকে বিহাৰক আটাইতকৈ বেছি প্ৰতাৰণা কৰিছিল, যাৰ শাসন কালত বিহাৰৰ দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণীয়ে বিহাৰ এৰিব লগা হৈছিল, তেওঁলোকে আজি ক্ষমতা লাভৰ বাবে সামাজিক ন্যায়ৰ মিছা কথা কৈছে। দশক দশক ধৰি বিহাৰৰ দলিত, পিছপৰা আৰু জনজাতীয়সকলৰ শৌচাগাৰো নাছিল, দশক দশক ধৰি আমাৰ এই ভাই-ভনীসকলৰ বেংক একাউণ্ট নাছিল, বেংকত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল, দুৱাৰত সোমাবলৈও দিয়া হোৱা নাছিল। দলিত আৰু পিছপৰা শ্ৰেণীৰ বেছিভাগ মানুহেই বস্তিত বাস কৰিছিল, তেওঁলোকৰ স্থায়ী ঘৰো নাছিল, তেওঁলোক গৃহহীন আছিল, কোটি কোটি মানুহৰ মূৰৰ ওপৰত চালিও নাছিল। মই আপোনালোকক সুধিছো, বিহাৰৰ জনসাধাৰণৰ এই দুৰ্দশা, এই যন্ত্ৰণা, এই দুখ-কষ্ট, এইটোৱেই আছিল কংগ্ৰেছ আৰু আৰজেডিৰ সামাজিক ন্যায়? বন্ধুসকল, দৰিদ্ৰ লোকক এনে অসহায় অৱস্থাত জীয়াই থাকিবলৈ নীতি বনাবলৈ অভ্যস্ত মানুহ, ইয়াতকৈ অন্যায় একো হ’ব নোৱাৰে। কংগ্ৰেছ আৰু আৰজেডিৰ মানুহে কেতিয়াও দলিত আৰু পিছপৰা মানুহৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। এইসকল লোকে ইয়াৰ দৰিদ্ৰতা দেখুৱাবলৈ বিহাৰলৈ বিদেশীক আনিছিল। এতিয়া যেতিয়া দলিত, বঞ্চিত আৰু পিছপৰা সমাজে কংগ্ৰেছৰ পাপৰ বাবেই কংগ্ৰেছৰ পৰা আঁতৰি গৈছে, তেতিয়া তেওঁলোকে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সামাজিক ন্যায়ৰ কথা মনত পেলাইছে।

ভাই-ভনীসকল,

এন ডি এৰ যুগত বিহাৰৰ লগতে দেশত সামাজিক ন্যায়ৰ এক নতুন সূৰ্যোদয় দেখা গৈছে। আমি দুখীয়া লোকক জীৱনৰ লগত জড়িত মৌলিক সা-সুবিধা আগবঢ়াইছো। আমি ১০০% হিতাধিকাৰীক এই সুবিধাসমূহ প্ৰদান কৰিবলৈ কাম কৰি আছো। চাৰি কোটি নতুন ঘৰ, ৩ কোটি ভগ্নী লাখপতি দিদী বনোৱাৰ মিছন, ১২ কোটিতকৈও অধিক ঘৰত টেপ সংযোগ, ৭০ বছৰৰ ওপৰৰ প্ৰতিজন বৃদ্ধক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা, প্ৰতিমাহে বিনামূলীয়া ৰেচনৰ সুবিধা, আমাৰ চৰকাৰে প্ৰতিজন দুখীয়া আৰু আৰ্তজনৰ লগত থিয় দিছে।

 

বন্ধুসকল,

আমি বিচাৰো যে কোনো গাঁও এৰি নাযাব, কোনো প্ৰাপ্য পৰিয়াল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ব নালাগে। মই সুখী, এই চিন্তাৰে বিহাৰ চৰকাৰে আৰম্ভ কৰিছে ড° ভীমৰাও আম্বেদকাৰ সমগ্ৰ সেৱা অভিযান। এই অভিযানত চৰকাৰে ২২খন গুৰুত্বপূৰ্ণ আঁচনি একেলগে লৈ প্ৰতিখন গাঁও, প্ৰতিখন স্থানীয় অঞ্চললৈ গৈ আছে। আমাৰ লক্ষ্য প্ৰতিজন দলিত, মহাদলিত, পিছপৰা, অত্যন্ত পিছপৰা দৰিদ্ৰৰ ওচৰলৈ পোনপটীয়াকৈ যোগাযোগ কৰা। মোক কোৱা হৈছে যে এতিয়ালৈকে ৩০ হাজাৰৰো অধিক শিবিৰ আয়োজন কৰা হৈছে, লাখ লাখ লোকে এই অভিযানত যোগদান কৰিছে। যেতিয়া চৰকাৰে নিজেই হিতাধিকাৰীৰ ওচৰ পায়, তেতিয়া কোনো বৈষম্য নাই আৰু দুৰ্নীতিও নহয়। সেয়াহে প্ৰকৃত সামাজিক ন্যায়।

বন্ধুসকল,

আমি আমাৰ বিহাৰক বাবা চাহেব আম্বেদকাৰ, কৰ্পুৰী ঠাকুৰ, বাবু জগজীৱন ৰাম আৰু জে পিৰ সপোনৰ বিহাৰ হিচাপে গঢ়ি তুলিব লাগিব। আমাৰ লক্ষ্য-উন্নত বিহাৰ, উন্নত ভাৰত! কাৰণ, যেতিয়াই বিহাৰ আগবাঢ়িছে, তেতিয়াই ভাৰতে বিশ্বৰ শীৰ্ষত উপনীত হৈছে। মোৰ বিশ্বাস, আমি একেলগে উন্নয়নৰ গতি আৰু আগুৱাই লৈ যাম। এই উন্নয়নমূলক কামবোৰৰ বাবে আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছো। মোৰ ওচৰত দুয়োখন হাত ওপৰলৈ তুলি, মুঠি মাৰি কৰি কওক-

 

ভাৰত মাতা কী জয়।

মাতটো বহু দূৰলৈকে যাব লাগিব। সীমান্তত থিয় হৈ থকা আমাৰ জোৱানৰ বুকুখন গৌৰৱেৰে ফুলি উঠিব লাগিব।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

আপোনালোক সকলোকে অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rameswaram temple in backdrop as Modi welcomes leaders

Media Coverage

Rameswaram temple in backdrop as Modi welcomes leaders
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Women’s Cricket Team on winning Asia Cup
September 14, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women’s Cricket Team on winning the Asia Cup.

The Prime Minister said that the team’s confidence, consistency and remarkable spirit were on full display throughout the tournament.

Shri Modi expressed hope that this triumph would inspire millions of youngsters across the country to play more and shine.

In a post on X, Shri Modi said;

“A proud moment for Indian cricket!

Congratulations to the Women’s team on winning the Asia Cup. Their confidence, consistency and remarkable spirit were on full display throughout the tournament.

May this triumph inspire millions of youngsters across the country to play more and shine.”