মহামান্য, প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সন,

দুয়োখন দেশৰ প্ৰতিনিধিসকল,


নমস্কাৰ !

কিয়া অ’ৰা!


মোক আৰু মোৰ প্ৰতিনিধি দলক আগবঢ়োৱা উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী লাক্সনৰ ওচৰত আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। তেওঁলোকৰ উষ্ণ স্বাগতমে অকলেণ্ডৰ শীতকালটোও আজি কিছু পৰিমাণে শান্ত কৰি তুলিছে। এই ভ্ৰমণৰ সময়ত নিউজিলেণ্ডৰ জনসাধাৰণৰ পৰা আমি লাভ মৰম সদায় আমাৰ হৃদয়ত থাকিব।

যোৱা বছৰ প্ৰধানমন্ত্ৰী লাক্সনৰ ভাৰত ভ্ৰমণে আমাৰ সম্পৰ্কৰ প্ৰতিটো ক্ষেত্ৰতে নতুন শক্তি কঢ়িয়াই আনিছে। তেওঁৰ নেতৃত্ব, স্পষ্ট দৃষ্টিভংগী আৰু দৃঢ় প্ৰতিশ্ৰুতিৰে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত বন্ধুত্বই নতুন গতি আৰু দিশ লাভ কৰিছে। আজি চল্লিশ বছৰৰ পাছত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ। আৰু মই সদায়ে কওঁ, মোৰ আগৰ মানুহে মোৰ বাবে এৰি থৈ যোৱা বহু ভাল কাম আছে যিবোৰ মই সম্পূৰ্ণ কৰি আছো। বন্ধুসকল, এয়া আমাৰ সম্পৰ্কৰ এক নতুন অধ্যায়ৰ আৰম্ভণি।

বন্ধুসকল,

গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত ভাৰত আৰু নিউজিলেণ্ডৰ দৃঢ় বিশ্বাসে আমাক একেলগে আগবাঢ়ি যোৱাৰ বাবে প্ৰাকৃতিকভাবে সকাহ প্ৰদান কৰিছে। বছৰ বছৰ ধৰি আমি আমাৰ সম্পৰ্কক অভূতপূৰ্ব গতি প্ৰদান কৰিছে।

আজিৰ বৈঠকত আমি আমাৰ সহযোগিতাক কেনেদৰে নতুন গভীৰতা আৰু প্ৰসাৰ দিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰিলো। আমি ভাৰত-নিউজিলেণ্ডৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ এক ঐতিহাসিক সিদ্ধান্ত লৈছো। ইয়াৰ অধীনত, আমি প্ৰতিটো ক্ষেত্ৰতে স্পষ্ট লক্ষ্য আৰু দৃঢ় ফলাফলৰ সৈতে আগবাঢ়ি যাম।

 

এই বছৰ, আমি অভিলেখ সময়ৰ ভিতৰত মুক্ত বাণিজ্য চুক্তি সম্পন্ন কৰিছো। এই সাফল্যই দুয়োখন দেশৰ উদ্যোগ, কৃষক আৰু যুৱক-যুৱতীসকলৰ বাবে নতুন দুৱাৰ মুকলি কৰিব। আমি বাণিজ্যৰ লগতে বিশ্বাস, প্ৰযুক্তি আৰু প্ৰতিভাৰ এক ব্লুপ্ৰিণ্ট সৃষ্টি কৰিছো।

যোৱা তিনি বছৰত আমাৰ বাণিজ্য ৫০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। আমি আত্মবিশ্বাসী যে এফটিএ-য়ে অহা পাঁচ বছৰৰ ভিতৰত আমাৰ বাণিজ্য দুগুণ কৰাৰ বাবে শক্তিশালী ভেটি গঠন কৰিব।

ভাৰতত নিউজিলেণ্ডে বিশ বিলিয়ন ডলাৰৰ বিনিয়োগৰ প্ৰতিশ্ৰুতিক আমি বিশেষভাবে আদৰণি জনাইছো। ই নিউজিলেণ্ডৰ কোম্পানীসমূহক ভাৰতৰ বিকাশৰ কাহিনীত দীৰ্ঘম্যাদী অংশীদাৰ হোৱাৰ সুযোগ প্ৰদান কৰিব।

বন্ধুসকল,

আমাৰ কৌশলগত অংশীদাৰিত্বক অৰ্থপূৰ্ণ কৰি তুলিবলৈ আমি দুয়োখন দেশৰ শক্তিক ব্যৱহাৰিক সহযোগিতালৈ ৰূপান্তৰিত কৰিছো। ফিনটেকৰ ক্ষেত্ৰত, আমি ভাৰতৰ ইউ পি আই আৰু নিউজিলেণ্ডৰ পৰিশোধ প্ৰণালীক সংযোগ কৰাৰ দিশত আগবাঢ়িছো।

কৃষি, দুগ্ধ আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত আমি সহযোগিতাৰ এক শক্তিশালী আৰ্হি সৃষ্টি কৰিছো। ইয়াৰ দ্বাৰা আমাৰ কৃষক আৰু গৰু-ম’হ পালনকাৰীসকল উপকৃত হ’ব।

নিউজিলেণ্ড আৰু ভাৰত দুয়োৰে পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্ৰত সমৃদ্ধ আৰু জীৱন্ত পৰম্পৰা আছে। আজি আমি আমাৰ স্বাস্থ্য সহযোগিতাৰ ক্ষেত্ৰত পৰম্পৰাগত ঔষধৰ ভূমিকা বৃদ্ধি কৰিবলৈ সন্মত হৈছো।

প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ বৰ্ধিত সহযোগিতা দুয়োখন দেশৰ গভীৰ কৌশলগত বিশ্বাসৰ প্ৰতীক। যোৱা বছৰ স্বাক্ষৰিত প্ৰতিৰক্ষা সহযোগিতা চুক্তিয়ে আমাৰ সহযোগিতাৰ বাবে এক শক্তিশালী পৰিকাঠামো সৃষ্টি কৰিছে। আজি আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সহযোগিতাৰ বাবে এক পৰিকাঠামোত সন্মতি জনাইছো। দ্বিপাক্ষিক নৌ অনুশীলন, লজিষ্টিক সমৰ্থন আৰু হাইড্ৰ’গ্ৰাফীত সহযোগিতাই আমাৰ পাৰস্পৰিক সমন্বয় বৃদ্ধি কৰিব।

 

বন্ধুসকল,

আমাৰ সম্পৰ্কৰ আটাইতকৈ শক্তিশালী দিশ হৈছে আমাৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক। ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ দ্বাৰা নিউজিলেণ্ডত এক বিশেষ স্থান দখল কৰিছে। মই প্ৰধানমন্ত্ৰী লাক্সন আৰু নিউজিলেণ্ডৰ চৰকাৰ তথা জনসাধাৰণক তেওঁলোকৰ যত্ন লোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো।

আজি স্বাক্ষৰিত হোৱা সাংস্কৃতিক সহযোগিতা বুজাবুজি চুক্তিয়ে দুয়োখন দেশৰ কলা, সংস্কৃতি, ঐতিহ্য আৰু সৃষ্টিশীল উদ্যোগৰ আদান-প্ৰদানক গতি প্ৰদান কৰিব। নিউজিলেণ্ড ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ গন্তব্যস্থান হৈ আহিছে। আমি নিউজিলেণ্ডৰ বিশ্ববিদ্যালয়সমূহক ভাৰতত কেম্পাছ স্থাপন কৰিবলৈ আমন্ত্ৰণ জনাইছো।


এই বছৰ আমি আমাৰ দুয়োখন দেশৰ মাজত ক্ৰীড়া সম্পৰ্কৰ শতবাৰ্ষিকী উদযাপন কৰিছো। মেজৰ ধ্যান চান্দৰ নেতৃত্বত হকী দলটোৱে এশ বছৰ পূৰ্বে ইয়াত সৃষ্টি কৰা ইতিহাসে আমাৰ ক্ৰীড়া অংশীদাৰিত্বক অনুপ্ৰাণিত কৰি আহিছে। এই উপলক্ষে আমি দুয়োখন দেশত কেইবাটাও ক্ৰীড়া অনুষ্ঠানৰ আয়োজন কৰিছো। ক্ৰিকেটৰ লগতে অন্যান্য ক্ৰীড়াতো সহযোগিতা বৃদ্ধি কৰিবলৈ আমি ক্ৰীড়া যুটীয়া কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিছো। শেহতীয়াকৈ ভুৱনেশ্বৰত নিউজিলেণ্ড ৰাগবী আৰু ৰাগবী ইণ্ডিয়াৰ প্ৰশিক্ষণ কাৰ্যসূচীয়ে এক ভাল আৰম্ভণি কৰিছে।

বন্ধুসকল,

বিশ্ব পৰ্যায়তো ভাৰত আৰু নিউজিলেণ্ড বিশ্বস্ত অংশীদাৰ আৰু ঘনিষ্ঠ বন্ধু। আমি বিশ্বাস কৰোঁ যে বৰ্তমান সময়ৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰসংঘকে ধৰি অন্যান্য বিশ্বজনীন প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ প্ৰয়োজনীয়।

আজি আমি সন্ত্ৰাসবাদৰ বিষয়ত কান্ধত কান্ধ মিলাই আগবাঢ়ি যাবলৈ যুটীয়া কৰ্মগোষ্ঠী গঠন কৰিছো। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সুস্থিৰতা আৰু নিৰাপত্তাৰ বাবে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত সহযোগিতা অতি গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

মই আপোনালোক সকলোকে মাওৰি নৱবৰ্ষ ‘মাতৰিকী’ ৰ উষ্ম শুভেচ্ছা জনাইছো। আপুনি উল্লেখ কৰাৰ দৰে ইয়াত ‘মাতৰিকী’ নামৰ নক্ষত্রপুঞ্জটো প্ৰাচীন কালৰ পৰাই ভাৰতত ‘কৃত্তিকা নক্ষত্ৰ’ নামেৰে জনাজাত হৈ আহিছে। মই নিশ্চিত যে ‘মাতৰিকী’ৰ এই উৎসৱে আমাৰ সম্পৰ্কক এই তাৰকাসমূহৰ দৰে উজ্জ্বল হ’বলৈ অনুপ্ৰাণিত কৰিব।

 

বন্ধুসকল,

মই আপোনালোক সকলোকে মাওৰি নৱবৰ্ষ ‘মাতৰিকী’ ৰ উষ্ম শুভেচ্ছা জনাইছো। আপুনি উল্লেখ কৰাৰ দৰে ইয়াত ‘মাতৰিকী’ নামৰ নক্ষত্রপুঞ্জটো প্ৰাচীন কালৰ পৰাই ভাৰতত ‘কৃত্তিকা নক্ষত্ৰ’ নামেৰে জনাজাত হৈ আহিছে। মই নিশ্চিত যে ‘মাতৰিকী’ৰ এই উৎসৱে আমাৰ সম্পৰ্কক এই তাৰকাসমূহৰ দৰে উজ্জ্বল হ’বলৈ অনুপ্ৰাণিত কৰিব।

প্ৰধানমন্ত্ৰী লাক্সন,

আপোনাৰ বন্ধুত্ব, আপোনাৰ প্ৰতিশ্ৰুতি আৰু মোৰ নিউজিলেণ্ড ভ্ৰমণক স্মৰণীয় কৰি তোলাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছো। যেনেকৈ ৰাগবীত দলীয় কৰ্ম আৰু বিশ্বাস অত্যাৱশ্যকীয়, আমি পাৰস্পৰিক বিশ্বাসৰ সৈতে আগবাঢ়ি যাম। আমি একেটা দলতে আছো, সেয়েহে সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিম।

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI expands to 11 countries as July transactions touch Rs 29.87 lakh crore

Media Coverage

UPI expands to 11 countries as July transactions touch Rs 29.87 lakh crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister invites citizens to share their UPI experiences as UPI completes a decade
August 25, 2026

The Prime Minister, Shri Narendra Modi recalled the transformative journey of the Unified Payments Interface (UPI), which was rolled out a decade ago and marked a major turning point in India’s digital payments journey.

Highlighting the scale and reach achieved by UPI over the past ten years, Shri Modi said that its remarkable journey is something every Indian can be proud of. The Prime Minister invited citizens to share their experiences of using UPI and how it has impacted their daily lives.

The Prime Minister posted on X:

A decade ago, UPI was rolled out, marking a major turning point in India’s digital payments journey.

The sheer scale and reach of UPI are something every Indian must be proud of.

Tell me about your UPI experience and how it impacted your life...

#10YearsOfUPI