নেতাজী সুভাষ চন্দ্ৰ বসু কেৱল স্বাধীনতা সংগ্ৰামৰ এজন মহান নায়ক নাছিল , তেওঁ স্বাধীন ভাৰতৰ দূৰদৃষ্টি সম্পন্ন নেতাও আছিল, তেওঁ আধুনিক অথচ ভাৰতৰ প্ৰাচীন চেতনা শিপাই থকা এখন দেশৰ কল্পনা কৰিছিল: প্ৰধানমন্ত্ৰী
পৰাক্ৰম দিৱসৰ প্ৰেৰণাই ভাৰতৰ উন্নয়নৰ সংকল্পক শক্তিশালী কৰি যাব: প্ৰধানমন্ত্ৰী
আজি ভাৰতে শক্তি বিকশিত কৰিব জানে, শক্তিক কিদৰে পৰিচালনা কৰিব লাগে আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানে: প্ৰধানমন্ত্ৰী

নমস্কাৰ,

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেণ্ট গৱৰ্ণৰ এডমিৰেল ডি.কে. যোশী,  নেতাজী সুভাষ চন্দ্ৰ বসু আই এন এ ট্ৰাষ্টৰ অধ্যক্ষ, ব্ৰিগেডিয়াৰ আৰ এছ ছিকাৰা জী; ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশগ্ৰহণকাৰী তথা আই এন এৰ চিৰন্তন উজ্জ্বল পুৰুষ লেফটেনেণ্ট আৰ মাধৱন জী,

২৩ জানুৱাৰীৰ এই গৌৰৱময় তাৰিখটোতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী। নেতাজীৰ শক্তি, তেওঁৰ বীৰত্ব—আদি কথাবোৰে আজিৰ তাৰিখটোত আমাক অনুপ্ৰাণিত কৰে আৰু নেতাজীৰ প্ৰতি শ্ৰদ্ধাবোধেৰেও মন ভৰাই তোলে।

বন্ধুসকল,

বিগত বছৰবোৰত পৰাক্ৰম দিৱস  দেশৰ জাতীয় মনোভাৱৰ এক অবিচ্ছেদ্য উৎসৱত পৰিণত হৈছে। ২৩ জানুৱাৰীত পৰাক্ৰম দিৱসৰ পৰা আৰম্ভ কৰি  ২৫ জানুৱাৰীত ভোটাৰ দিৱস, ২৬ জানুৱাৰীত গণৰাজ্য দিৱস, ২৯ জানুৱাৰীত বিটিং ৰিট্ৰিট, তাৰ পিছত ৩০ জানুৱাৰীত পূজনীয় বাপুৰ মৃত্যু বাৰ্ষিকীলৈকে গণৰাজ্যৰ মহান উৎসৱ উদযাপনৰ এক নতুন পৰম্পৰা প্ৰতিষ্ঠা হোৱাটো এক সুখকৰ কাকতালীয়া পৰিঘটনা হিচাবে পৰিগণিত হৈছে। আপোনালোক সকলোকে আৰু সকলো দেশবাসীলৈ পৰাক্ৰম দিৱসৰ বাবে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

ভাতৃ-ভগ্নীসকল,

২০২৬ চনত আন্দামান আৰু নিকোবৰত পৰাক্ৰম দিৱসৰ মূল অনুষ্ঠান অনুষ্ঠিত হৈছে। আন্দামান আৰু নিকোবৰৰ ইতিহাস, শৌৰ্য্য, শক্তি আৰু ত্যাগৰ দ্বাৰা মহিমামণ্ডিত। ইয়াৰ চেলুলাৰ জেলত বীৰ সাৱৰকাৰৰ দৰে অগণন দেশপ্ৰেমিকৰ কাহিনী জৰিত হৈ আছে; নেতাজী সুভাষ চন্দ্ৰ বসুৰ সৈতে ইয়াৰ সংযোগ—এইবোৰ কথাই পৰাক্ৰম দিৱসৰ এই অনুষ্ঠানটোক আৰু অধিক বিশেষ কৰি তুলিছে।

আন্দামান ভূমি  স্বাধীনতাৰ ধাৰণা কেতিয়াও শেষ নোহোৱা ভূমি হিচাবে বিশ্বাসৰ প্ৰতীক হৈ আছে। ইয়াত বহু বিপ্লৱীক অত্যাচাৰ কৰা হৈছিল, বহু  যোদ্ধাই ইয়াত প্ৰাণ আহুতি দিছিল, কিন্তু স্বাধীনতাৰ উদ্যম নিৰ্বাপিত হোৱাৰ পৰিৱৰ্তে স্বাধীনতা সংগ্ৰামৰ স্ফুলিংগ শক্তিশালী হৈয়েই থাকিল। আৰু ইয়াৰ ফলত আন্দামান আৰু নিকোবৰৰ এই ভূমিয়েই স্বাধীন ভাৰতৰ প্ৰথম সূৰ্য্য উদয়ৰ সাক্ষী হৈ পৰিছিল। ১৯৪৭ চনৰ আগতেও ১৯৪৩ চনৰ ৩০ ডিচেম্বৰত সাগৰৰ ঢৌক সাক্ষী হিচাপে কৰি ইয়াত  ভাৰতৰ ত্ৰিৰংগা উৰুওৱা হৈছিল। মনত আছে, ২০১৮ চনত যেতিয়া এই মহান অনুষ্ঠানৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছিল, তাৰ পিছত  ৩০ ডিচেম্বৰৰ দিনটোত আন্দামানৰ একেটা ঠাইতে ত্ৰিৰংগা  উৰুওৱাৰ  কৰাৰ সৌভাগ্য হৈছিল। সাগৰৰ পাৰত জাতীয় সংগীতৰ সুৰৰ মাজতে  প্ৰচণ্ড বতাহত সেই ত্ৰিৰংগাই যেন সেই কথাকেই মনত পেলাই দিছিল, আজি  বহু অগণন স্বাধীনতা সংগ্ৰামীৰ সপোন পূৰণ হ’ল।

ভাতৃ-ভগ্নীসকল,

স্বাধীনতাৰ পিছত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ এই গৌৰৱময় ইতিহাস সংৰক্ষিত হ’ব লাগিছিল। কিন্তু, সেই যুগত ক্ষমতাত উপনীত হোৱা জনসাধাৰণৰ ভিতৰত নিৰাপত্তাহীনতাৰ ভাৱ এটা আছিল। তেওঁলোকে স্বাধীনতাৰ কৃতিত্ব কেৱল এটা পৰিয়ালতে সীমাবদ্ধ ৰাখিব বিচাৰিছিল। এই ৰাজনৈতিক স্বাৰ্থপৰতাৰ ফলত  দেশৰ ইতিহাস অৱহেলিত হৈ পৰিল! আন্দামান আৰু নিকোবৰকো দাসত্বৰ পৰিচয়ৰ সৈতে  জড়িত হৈ থাকিবলৈ দিয়া হৈছিল!স্বাধীনতাৰ ৭০ বছৰৰ পাছতো ইয়াৰ দ্বীপসমূহ ব্ৰিটিছ বিষয়াৰ নামেৰে জনাজাত আছিল। আমি ইতিহাসৰ এই অন্যায়ৰ অন্ত পেলালোঁ। সেইবাবেই প’ৰ্ট ব্লেয়াৰ আজি শ্ৰী বিজয়াপুৰম হৈ পৰিছে। শ্ৰী বিজয়াপুৰম, এই নতুন নাম, এই পৰিচয়ে নেতাজীৰ বিজয়ৰ কথা মনত পেলাই দিয়ে। একেদৰে আন দ্বীপসমূহৰ নামো স্বৰাজ দ্বীপ, শ্বহীদ দ্বীপ, আৰু সুভাষ দ্বীপ বুলি ৰখা হৈছিল। ২০২৩ চনত আন্দামানৰ ২১টা দ্বীপৰ নামো ভাৰতীয় সেনাৰ সাহসী ২১জন পৰম বীৰ চক্ৰ বিজয়ীৰ নামেৰে ৰখা হৈছিল। আজি আন্দামান-নিকোবৰত দাসত্বৰ নাম মচি পেলোৱা হৈছে; স্বাধীন ভাৰতৰ নতুন নামবোৰে নিজৰ পৰিচয় গঢ়ি তুলিছে।

বন্ধুসকল,

স্বাধীনতা সংগ্ৰামৰ মহান নায়ক হোৱাৰ সমান্তৰালকৈ নেতাজী সুভাষ চন্দ্ৰ বসু স্বাধীন ভাৰতৰ এজন মহান দূৰদৃষ্টি সম্পন্ন নেতা  আছিল। তেওঁ এনে এখন ভাৰতৰ ধাৰণা কৰিছিল যাৰ ৰূপ আধুনিক হ’ব আৰু ইয়াৰ আত্মা ভাৰতৰ প্ৰাচীন চেতনাৰ সৈতে সংযুক্ত হ’ব! আজিৰ প্ৰজন্মক নেতাজীৰ এই দৃষ্টিভংগীৰ সৈতে পৰিচয় কৰাই দিয়াটো আমাৰ সকলোৰে দায়িত্ব।  মই সুখী যে আমাৰ চৰকাৰে এই দায়িত্ব অতি সুন্দৰভাৱে পালন কৰি আছে। আমি দিল্লীৰ লালকিল্লাত নেতাজী সুভাষৰ প্ৰতি উৎসৰ্গিত সংগ্ৰহালয় নিৰ্মাণ কৰিছো। ইণ্ডিয়া গেটৰ সমীপত স্থাপন কৰা হৈছে নেতাজীৰ এটা  প্ৰতিমূৰ্তি।

গণৰাজ্য দিৱসৰ পেৰেডত আজাদ হিন্দ ফৌজৰ ​​অৱদানৰ কথাও দেশবাসীয়ে স্মৰণ কৰিছে। আমি সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰো আৰম্ভ কৰিছো। এই বিভিন্ন পদক্ষেপ কেৱল নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি শ্ৰদ্ধা নহয়। এইবোৰ আমাৰ নৱ প্ৰজন্মৰ বাবে আৰু ভৱিষ্যতৰ বাবেও চিৰন্তন প্ৰেৰণাৰ উৎস। আমাৰ আদৰ্শৰ প্ৰতি এই সন্মান, তাৰ পৰা লাভ কৰা  প্ৰেৰণা—এয়াই আমাৰ উন্নত ভাৰতৰ সংকল্পক শক্তি আৰু আত্মবিশ্বাসেৰে ভৰাই তুলিছে।

বন্ধুসকল,

দুৰ্বল দেশে  লক্ষ্যত উপনীত হোৱাটো কঠিন। সেয়ে নেতাজী সুভাষে সদায় এখন  শক্তিশালী দেশৰ সপোন দেখিছিল। আজি একবিংশ শতিকাৰ ভাৰতেও শক্তিশালী আৰু দৃঢ়প্ৰতিজ্ঞ দেশ  হিচাপে নিজৰ পৰিচয় গঢ়ি তুলিছে। আপোনালোকে  অলপতে দেখিছে, অপাৰেচন সিন্দূৰ, ভাৰতক আঘাত দিয়াসকলৰ ঘৰত প্ৰৱেশ কৰি, আমি সিঁহতক  ধ্বংস কৰিলোঁ। আজিৰ ভাৰতে শক্তি বৃদ্ধি কৰিব জানে, শক্তি পৰিচালনা কৰিব জানে আৰু ইয়াক ব্যৱহাৰ কৰিবলৈ জানে।

নেতাজী সুভাষৰ সক্ষম ভাৰতৰ দৃষ্টিভংগীৰ দিশত খোজ দি আজি আমি প্ৰতিৰক্ষা খণ্ডক স্বাৱলম্বী কৰি তোলাত নিয়োজিত হৈছো। আগতে ভাৰত কেৱল বহিঃদেশৰ পৰা অস্ত্ৰ আমদানিৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল। আজি আমাৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে ২৩ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। ভাৰতত নিৰ্মিত ব্ৰহ্মছ  আৰু অন্যান্য ক্ষেপণাস্ত্ৰই বহু  দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। আমি থলুৱা শক্তিৰে ভাৰতৰ সেনাবাহিনীক আধুনিকীকৰণ কৰিছো।

ভাতৃ-ভগ্নীসকল,

আজি আমি ১৪০ কোটি দেশবাসীয়ে এক উন্নত ভাৰতৰ সংকল্পৰ বাবে একেলগে কাম কৰি আছো। উন্নত ভাৰতৰ এই পথ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দ্বাৰা শক্তিশালী হৈছে; ই স্বাধীনতাৰ মন্ত্ৰৰ পৰা শক্তি লাভ কৰিছে। মোৰ বিশ্বাস যে এখন উন্নত ভাৰতৰ এই যাত্ৰাত পৰাক্ৰম দিৱসৰ প্ৰেৰণাই আমাক একেদৰেই শক্তি প্ৰদান কৰি যাব। নেতাজী সুভাষৰ জন্ম বাৰ্ষিকীত আপোনালোক সকলোকে আকৌ এবাৰ বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ।

ভাৰত মাতাৰ বিজয়!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."