“When efforts of an honest government and efforts of empowered poor come together, poverty is defeated”
“Campaign of providing pucca houses to the poor is not just a government scheme but a commitment to instil confidence in the rural poor”
“By aiming for saturation of the coverage of the schemes, the government is eliminating the possibility of discrimination and corruption”
Every state government, local body and panchayat to work for 75 Amrit Sarovars in every district


নমস্কাৰ,

মুখ্যমন্ত্ৰী শ্ৰীমান শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগীসকল, মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰীবৰ্গ, সাংসদৰ মোৰ সহযোগী, মধ্যপ্ৰদেশৰ বিধায়কসকল, অন্য বিশিষ্ট ব্যক্তিসকল আৰু মধ্যপ্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল,

বৰ্তমান মধ্যপ্ৰদেশৰ প্ৰায় ৫.২৫লাখ দুখীয়া পৰিয়ালে তেওঁলোকৰ সপোনৰ ঘৰ লাভ কৰিছে৷ কেইটামান দিনতে নতুন বছৰ, বিক্ৰম সৱন্ত ২০৭৯ আৰম্ভ হ’ব৷ নৱবৰ্ষত নতুন ঘৰত প্ৰৱেশ কৰাটো নিজৰ জীৱনৰ বাবেই এক অমূল্য ক্ষণ৷ এই সুন্দৰ ক্ষণত মই আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷

বন্ধুসকল,

আমাৰ দেশত একাংশ দলে দৰিদ্ৰতা দূৰ কৰাৰ বাবে বহুত শ্লোগান লগালে, কিন্তু দৰিদ্ৰ লোকসকলক শক্তিশালী কৰাৰ বাবে যিবোৰ থাকিব লাগে, সেয়া কৰিব নোৱাৰিলে৷ মোৰ বিশ্বাস যে এবাৰ যেতিয়া দৰিদ্ৰ লোকসকল সবল হয়, তেতিয়া তেওঁলোকৰ দৰিদ্ৰতাৰ সৈতে যুঁজাৰ সক্ষমতা আহে৷ এখন সৎ চৰকাৰৰ প্রচেষ্টাৰে এজন সবলীকৃত দৰিদ্ৰ মানুহৰ প্রচেষ্টা যেতিয়া যুক্ত হয়, এখন সৎ চৰকাৰৰ কামৰ সৈতে এজন সবল দৰিদ্ৰ মানুহৰ কাম যেতিয়া একেলগে মিলে, তেতিয়া দাৰিদ্ৰতাও পৰাজয় হয়। সেইবাবে কেন্দ্রৰ বিজেপি চৰকাৰেও হওক বা ৰাজ্যৰ ‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্রৰে আগুৱাই যোৱা বিজেপি চৰকাৰে দৰিদ্ৰ লোকসকলৰ সবলীকৰণ কৰাৰ কাম জঁপিয়াই পৰে৷ আজিৰ এই কর্মসূচীও এই ধৰণৰ অভিযানৰে অংগ৷ প্রধানমন্ত্রী আৱাস যোজনাৰ মাধ্যমেৰে গাঁৱে গাঁৱে নিৰ্মাণ কৰা এই ৫.২৫ লাখ ঘৰ সঁচাকৈয়ে এক পৰিসংখ্যা নহয়, আজি এই ৫.২৫লাখ আৱাস দেশত সবলীকৰণ হোৱা দৰিদ্ৰ লোকসকলৰ পৰিচয় হৈ পৰিছে৷ এই ৫.২৫ লাখ ঘৰ বিজেপি চৰকাৰৰ সেৱাভাৱৰ নিদর্শন। এই ৫.২৫ লাখ ঘৰ গাঁৱৰ মহিলাসকলৰ লাখপতি কৰি তোলাৰ অভিযানৰ এক প্রতিবিম্ব। মধ্যপ্রদেশৰ দূৰ-দুৰণিৰ গাঁৱত আমাৰ জনজাতি অধ্যুষিত অঞ্চলসমূহত বসবাসকাৰী দৰিদ্র লোকসকলৰ এইসমূহ ঘৰ নিৰ্মাণ কৰা হৈছে৷ মই মধ্যপ্রদেশৰ জনগণক এই ৫.২৫ লাখ আৱাসৰ বাবে বহুত বহুত অভিনন্দন জনাইছো৷

 

ভাই-ভনীসকল

 

দৰিদ্র লোকসকলৰ মুৰৰ ওপৰৰ ছাঁদ, নিজা পকী গৃহ নিৰ্মাণ কৰি দিয়াৰ এই অভিযান আজি সঁচাকৈয়ে এক চৰকাৰী প্রকল্প নহয়, এয়া আমাৰ গাঁৱৰ প্রতিজন দৰিদ্র মানুহৰ মনত আস্থা আৰু বিশ্বাস জগাই তোলাৰ দায়বদ্ধতা। এই দুখীয়া লোকসকলক দাৰিদ্ৰতাৰ পৰা বাহিৰ কৰি আনিবলৈ দাৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজাৰ হিম্মত যোগোৱাৰ এয়া প্রথমটো খোজ৷ যেতিয়া দৰিদ্র মানুহৰ মুৰৰ ওপৰত পকী ছাঁদ থাকে তেতিয়া তেওঁলোকে নিজাকৈ সম্পূর্ণ মনোযোগৰে ল’ৰা-ছোৱালীসকলৰ পঢ়া-শুনা আৰু অন্যান্য কাম লগাব পাৰে৷ যেতিয়া দুখীয়া লোকৰ নিজা ঘৰ বাৰী পায়, তেতিয়া তেওঁলোকৰ জীৱনত এক সুস্থিৰতা আহে৷ এই ভাৱনাৰ পৰাই আমাৰ চৰকাৰে পিএম আৱাস যোজনাক সর্বোচ্চ অগ্রাধিকাৰ দিছে৷ বিগত চৰকাৰে, মই অহাৰ পূৰ্বে যিসকল ক্ষমতাত আছিল, তেওঁলোকে নিজৰ কার্যকালত কেইবা লাখ আৱাস নিৰ্মাণ কৰিছিল৷ সেই স্থানত আমাৰ চৰকাৰে ইতিমধ্যে দেশৰ দৰিদ্র লোকসকলৰ প্রায় ২.৫০লাখ ঘৰ নিৰ্মাণ কৰিছে। ইয়াৰ ভিতৰত ২ কোটি ঘৰ দেশৰ গ্রামাঞ্চলত নিৰ্মাণ কৰা হৈছে৷ বিগত দুবছৰত ক’ৰোনা বিশ্ব মহামাৰীৰ বাবে আমি যিমান সমস্যাৰ সন্মুখীন নহওক কিয়, এই কামক কেতিয়া পলম হ’বলৈ দিয়া নহয়৷ মধ্যপ্রদেশতো প্রায় ৩০.৫০লাখ অনুমোদন দিয়া ঘৰৰ ভিতৰত ২৪ লাখতকৈ অধিক গৃহৰ নিৰ্মাণ ইতিমধ্যে সম্পূর্ণ হৈছে৷ এইবোৰৰ ভিতৰত মধ্যপ্রদেশৰ বৈগা, সহৰিয়া আৰু ভাৰিয়াৰ দৰে সমাজৰ দৰিদ্ৰ লোকসকল আটাইতকৈ বেচি লাভবান হৈছে, যিসকলে কেতিয়াও পকী ঘৰত থকাৰ কথা ভাৱিবও পৰা নাছিল৷

ভাই-ভনীসকল,

বিজেপি চৰকাৰ য’তেই আছে তাৰ বৈশিষ্ট্য এয়াই যে চৰকাৰে মাটিৰ সৈতে যুক্ত তৃণমূল পৰ্যায়ত কাম কৰে, দুখীয়া লোকসকলৰ হিতে, তেওঁলোকৰ প্রয়োজন পুৰণৰ বাবেই দিনে-ৰাতিয়ে কাম কৰে৷ পিএম আৱাস যোজনাত আমি এফালে লক্ষ্য ৰাখিছো যাতে দৰিদ্ৰ লোকসকলে যি ঘৰ লাভ কৰিব সেইবোৰ যেন তেওঁলোকৰ জীৱনৰ অন্যান্য প্রয়োজন পুৰণৰ ক্ষেত্রতো কামত লাগে। যেনে, এই নতুন নিৰ্মাণ কৰি দিয়া ঘৰসমূহত শৌচালয় আছে, এই ঘৰসমূহত ‘সৌভাগ্য’ যোজনাৰ জৰিয়তে বিদ্যুৎ সংযোগ দিয়া হৈছে, ‘উজ্বালা’ যোজনাৰ জৰিয়তে এলইডি বাল্ব লগোৱা হৈছে, ‘উজ্জ্বালা’ যোজনাৰ জৰিয়তে বিনামূলীয়াৰৈ ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে আৰু ‘ঘৰে ঘৰে ঘৰ পানী’ যোজনাৰ জৰিয়তে প্রতিটো ঘৰত নলৰ জৰিয়তে বিশুদ্ধ পানীৰ সংযোগো সুনিশ্চিত কৰা হৈছে৷ অর্থাৎ, দৰিদ্র হিতাধিকাৰীসকলৰ এই সেৱাসমূহৰ বাবে পৃথকে চৰকাৰী কাৰ্যালয়ৰ ঘূৰি থকাৰ প্রয়োজন নহয়৷ দৰিদ্ৰ লোকসকলৰ কল্যাণাৰ্থে সেৱা কৰাৰ এই ভাৱনাই আজি প্রতিগৰাকী দেশবাসীৰ জীৱন সহজ কৰি তোলাৰ কামত লগাইছে।

বন্ধুসকল,

ভাৰত শক্তি উপাসনাৰ দেশ। কিছুদিনৰ পাছতে নৱৰাত্রি আৰম্ভ হ’ব৷ আমাৰ দেৱীসকলে শত্রুৰ সংহাৰ কৰে, অস্ত্রশস্ত্রৰ উপাসক আছিল৷ আমাৰ দেৱীসকল জ্ঞান, কলা আৰু সংস্কৃতিৰ প্রেৰণাস্বৰূপ। একবিংশ শতিকাৰ ভাৰতে তেওঁলোকৰ পৰাই প্রেৰণা লৈ নিজকে আৰু ইয়াৰ নাৰীশক্তিকো সবলীকৰণ কৰাৰ কামত নিয়োজিত। প্রধানমন্ত্রী আৱাস যোজনাই এই অভিযানৰ এক গুৰুত্বপূর্ণ অংগ৷ আমাৰ চৰকাৰৰ পিএম আৱাস যোজনাৰ জৰিয়তে যিমান ঘৰ নিৰ্মাণ হৈছে সেইবোৰৰ ভিতৰত প্রায় ২ কোটি ৫০ লাখ ঘৰৰ মালিকীস্বত্ত্ব মহিলাসকলকে দিয়া হৈছে। সেইদৰে এই মালিকীস্বত্ত্ব ঘৰৰ অন্যান্য আর্থিক সিদ্ধান্ততো মহিলাসকলৰ অংশীদাৰিত্বক মজবুত কৰিছে৷ এয়া নিজৰ দৰে কৰাটো এক অতুলনীয় বিষয়, মই নিশ্চিত যে এই বিষয়বোৰে এদিন বিশ্বৰ ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ত গৱেষণাৰ বিষয় হৈ উঠিব, কেচ ষ্টাডীৰ বিষয় হৈ উঠিব৷ আমাৰ মধ্যপ্রদেশৰ বিশ্ববিদ্যালয়সমূহতো এই বিষয়ত নিশ্চিতভাৱে গৱেষণা হোৱা উচিৎ৷

 

ভাই-ভনীসকল,

 

মহিলাসকলৰ সমস্যা দূৰ কৰাৰ বাবে আমি দেশৰ প্রত্যেক ঘৰত নলৰ জৰিয়তে পানী প্ৰদান কৰাৰ অভিযান চলিছে৷ বিগত আঢ়ৈ বছৰত এই প্রকল্পৰ জৰিয়তে সমগ্ৰ দেশৰ ৬ কোটিৰো অধিক পৰিয়ালে বিশুদ্ধ খোৱাপানীৰ সংযোগ দিয়া পাইছে৷ এই প্রকল্প আৰম্ভ হোৱাৰ সময়ত মধ্যপ্রদেশত মাত্র ১৩ লাখ গ্রামীণ পৰিয়ালত নলৰ জৰিয়তে পানী লাভ কৰিছিল আৰু এতিয়া ৫০ লাখ গ্রামীণ পৰিয়ালত নলৰ জৰিয়তে পানী প্ৰদানৰ লক্ষ্য পূৰণৰ লক্ষ্যত উপনীত হৈছে৷ মধ্যপ্রদেশৰ প্রত্যেক গ্রামীণ পৰিয়ালত নলৰ জৰিয়তে পানী প্ৰদানৰ বাবে আমি দায়বদ্ধ।

 

বন্ধুসকল,

 

আজি মই মধ্যপ্রদেশকে ধৰি দেশৰ সেই সকল দৰিদ্ৰ পৰিয়ালক আশ্বাস দিব বিচাৰো যে আপোনালোকৰ বাবে ঘৰ নিৰ্মাণ অভিযান দ্রুতগতিত চলি আছে। এতিয়াও একাংশ লোকে পকী ঘৰ পোৱা নাই৷ কোনে পোৱা নাই এই সম্পর্কে সকলো তথ্য আমাৰ হাতত আছে। আজি মই আপোনালোকক ক’বলৈ আহিছো যে এই বছৰৰ বাজেটত সমগ্ৰ দেশত ৮০ লক্ষাধিক এনে ঘৰ নিৰ্মাণ কৰি দিয়াৰ বাবে ধন আৱণ্টৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ ভিতৰত মধ্যপ্রদেশৰো লাখ লাখ পৰিয়ালে নিশ্চিতভাবে উপকৃত হ’ব৷ এতিয়ালৈকে ১ লাখ ২৫ হাজাৰ কোটি টকাতকৈ অধিক ধন এই প্রকল্পত খৰচ কৰা হৈছে৷ এই ধন দেশৰ গাঁওসমূহত ব্যয় কৰা হৈছে৷ এই ধন আৱণ্টনে গ্রামীণ আৰ্থিক ব্যৱস্থাক শক্তি যোগাইছে। যেতিয়া এখন ঘৰ নিৰ্মাণ হয় তেতিয়া ইটা, বালি, চিমেণ্ট, ঘৰ নিৰ্মাণৰ শ্রমিক–সকলো স্থানীয়ভাৱে পোৱা যায়! সেইবাবে পিএম আৱাস যোজনাই গাঁৱে গাঁৱে কর্মসংস্থাপনৰ নতুন সুযোগো গঢ়ি তুলিছে।

 

বন্ধুসকল,

 

আমাৰ দেশত স্বাধীনতাৰ পাছত বহু দশক ধৰি বহু চৰকাৰ আমি দেখিছো৷ কিন্তু প্রথমবাৰলৈ দেশৰ জনসাধাৰণে এনে চৰকাৰ দেখিছে যে চৰকাৰে তেওঁলোকৰ সুখ-দুখৰ লগৰী হৈ, কান্ধত কান্ধ মিলাই তেওঁলোকৰ কাষত আছে। ক’ৰোনাৰ ইমান ডাঙৰ সংকটত বিজেপি চৰকাৰে আকৈ প্রমাণ কৰিছে যে দৰিদ্র লোকসকলৰ বাবে এই চৰকাৰে কিমান সংবেদনশীলতাৰে কাম কৰে৷ দৰিদ্ৰসকলক বিনামূল্যে টিকাকৰণৰ পৰা আৰম্ভ কৰি, তেওঁলোকৰ বাবে বিনামূল্যে ৰেচন বিতৰণ–এই কর্মসূচীসমূহৰ সম্পর্কে অলপ আগতে মাননীয় শিৱৰাজ জীয়ে অত্যন্ত বিস্তাৰিতভাবে বর্ণনা কৰিছে৷ দুদিন পূৰ্বে আমি সকলোৱে মিলি ঠিক কৰিছো যে অহা ছমাহ ধৰি ‘প্রধানমন্ত্রী দৰিদ্ৰ কল্যাণ অন্ন যোজনা’ৰ সময়সীমা বৃদ্ধি কৰা হ’ব যাতে দৰিদ্ৰসকলৰ ঘৰত চৌকা জ্বলে৷ আগতে ক’ৰোনাৰ ফলচ বিশ্ববাসী জটিল সমস্যাৰ সন্মুখীন হৈছে আৰু আজি সমগ্ৰ বিশ্বৰ লোকসকলে ৰাছিয়া-ইউক্রেইন যুদ্ধৰ ফলত প্রভাৱিত। সেইবাবেও আর্থিক ব্যৱস্থাত বহু ধৰণৰ নতুন সংকট নিৰ্মাণ হৈছে৷ সেয়েহে আমি চেষ্টা কৰিছো, ভাৰতৰ সাধাৰণ নাগৰিকসকলৰ ওপৰত আর্থিক বোজা যাতে কম কৰিব পৰা যায়, যিমানদূৰ সম্ভৱ কম কৰিব পৰাটো সুনিশ্চিত কৰা হৈছে৷ আমি আৰম্ভণিৰে পৰাই দেশৰ সাধাৰণ নাগৰিকসকলক সহায় কৰাৰ চেষ্টা কৰি আহিছো৷

 

ভাই-ভনীসকল,

১০০ বছৰৰ ভিতৰত অহা আটাইতকৈ ডাঙৰ বিশ্বব্যাপী মহামাৰীতে আমাৰ চৰকাৰ দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়া ৰেচন যোগানৰ বাবদ ইতিমধ্যে ২ লাখ ৬০ হাজাৰ কোটি টকা খৰচ কৰিছে৷ অহা ছয় মাহত এই বাবদ আৰু ৮০ হাজাৰ কোটি টকা খৰচ কৰা হ’ব। যিসকলে পূৰ্বে জনগণৰ ৰোজগাৰক লুণ্ঠন কৰিছিল, যিসকলে পূৰ্বকে জনগণৰ ৰোজগাৰৰ টকা নিজৰ ভঁৰাল ভৰাইছিল, তেওঁলোকে আজিও এই প্রকল্প লৈ কিবা নহয় কিবাকৈ হাঁহি-ঠাট্টা কৰিছিল, বিদ্রূপ কৰিছিল, মিছা কথা কৈছিল, গুজৱ উলিয়াইছিল-এইবোৰেই চলিছিল৷ মই আজি দেশবাসীক এক তথ্য জনাব বিচাৰে৷ আপোনালোকেও এয়া যথেষ্ট মনোযোগ দি শুনিব৷

বন্ধুসকল,

যেতিয়া এই মহান ব্যক্তিসকলৰ নেতৃত্বাধীন চৰকাৰ ক্ষমতাত আছিল, তেতিয়া তেওঁলোকে দৰিদ্ৰসকলৰ ৰেচন লুণ্ঠনৰ বাবে প্রায় ৪ কোটি ভুৱা মানুহৰ নাম নথিভুক্ত কৰিছিল৷ ৪ কোটি পৰিসংখ্যা বহুত ডাঙৰ হয় ভাই! ৪ কোটি এনে মানুহৰ নাম... যিসকলৰ কেতিয়াও জন্মই হোৱা নাছিল, এনে লোকৰ নাম নথিভুক্ত কৰা হৈছিল। ৪ কোটি ভুৱা নাম কাগজে-কলমে নথিভুক্ত হৈছিল। এই ৪ কোটি ভুৱা মানুহৰ নামত নিয়মীয়াকৈ ৰেচন উঠোৱা হৈছিল আৰু সেই ৰেচন চোৰাং পথেৰে বজাৰত বিক্ৰী কৰা হৈছিল আৰু সেই টকাৰে এইসকল লোকে বহু বিত্তীয় কেলেংকাৰী কৰিছিল, জালিয়াতি কৰিছিল, সেই টকা বক্ৰ পথেৰে তেওঁলোকৰ ভঁৰাল পাইছিলগৈ৷ ২০১৪চনত ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা আমাৰ চৰকাৰে এই ভুৱা নামবোৰ অনুসন্ধান কৰাৰ কাম আৰম্ভ কৰে আৰু তেওঁলোকৰ নাম ৰেচনৰ তালিকাৰ পৰা বাদ দিয়া হয়, যাতে প্রকৃত দৰিদ্র লোকসকলে তেওঁলোকৰ অধিকাৰ লাভ কৰিব পাৰে৷ আপোনালোকে ভাৱক, পূৰ্বতে এই দৰিদ্ৰসকলৰ মুখৰ খাদ্য কাঢ়ি নি প্ৰতিখন মাহত কিমান হাজাৰ কোটি টকা তেওঁলোকে লুণ্ঠন কৰিছিল! আমি ন্যায্য মূল্যৰ দোকানসমূহত আধুনিক মেচিন লগাই এয়াও সুনিশ্চিত কৰিছো যাতে আৰু ৰেচন চুৰি নহয়। আপোনালোক সকলোৱে হয়তো জানে যে আমি যেতিয়া এই মেচিন লগোৱাৰ অভিযান আৰম্ভ কৰিছিলো, তেতিয়া এইটোক লৈও তেওঁলোকে যথেষ্ট হাঁহি-ঠাট্টা, বিদ্রূপ কৰিছিল৷ কাৰণ, তেওঁলোকে জানিছিল যে যদি মেচিন আহে, যদি ইমান মানুহে আঙুলিৰ চাপ দি ৰেচন তুলিব লগা হয়, তেতিয়াহ’লে প্ৰকৃত সত্য বাহিৰ হ’ব আৰু সেইবোৰৰ ধৰা পৰাৰ ভয়তে তেওঁলোকে এই ধৰণৰ হাঁহি-ঠাট্টা, বিদ্রূপ তেওঁলোকে কৰিছে, গুজব উলিয়াইছে৷ এনে গুজব উলিয়াইছে যে আপোনালোক ৰেচন নিবলৈ গ’লে, বুঢ়া আঙুলৰ চাপ দিলে আঙুলিৰ জৰিয়তে শৰীৰত ক’ৰোনা আহিব। এতিয়া চাওকছোন, কি ধৰণৰ গুজব উলিয়াইছে৷ কিন্তু আমাৰ চৰকাৰে এই সকলোবোৰ জালিয়াতি বন্ধ কৰি দিছে। সেইবাবে এওঁলোক আমাৰ ওপৰত যথেষ্ট খঙত আছে৷ আপোনালোক কল্পনা কৰিব পাৰে, যদি ৰেচনৰ দোকানসমূহত এই স্বচ্ছতা নাহে, যদি সমগ্ৰ দেশত এই ৪ কোটি ভুৱা নামৰ ৰেচন কার্ড বাতিল কৰা নহ’লহেতেন, তেতিয়া হ’লে ক’ৰোনাৰ এই সংকটকালত দৰিদ্ৰ লোকসকলৰ কি অৱস্থা হ’লহেতেন? দৰিদ্ৰ লোকসকলৰ স্বার্থত সমর্পিত বিজেপি চৰকাৰে দিনে-ৰাতিয়ে দৰিদ্ৰ লোকসকলৰ বাবে কাম কৰে৷

 

ভাই-ভনীসকল,

 

আমি চেষ্টা কৰিছো যাতে স্বাধীনতাৰ অমৃতকালত অতি কমেও মৌলিক সেৱাসমূহ প্ৰতিখন হিতাধিকাৰীৰ বাবে দ্রুতগতিত প্ৰদান কৰা হওক৷ এই ধৰণৰ কামৰ ভিত্তিত, এই ধৰণৰ কামৰ শক্তিৰ ওপৰত নির্ভৰ কৰি আমি প্রকল্পসমূহৰ ১০০ শতাংশ যাতে হিতাধিকাৰীসকলে লাভ কৰে, সেই দিশত কাম কৰি আহিছো৷ গাঁৱত যি প্রকল্পত যিমান হিতাধিকাৰী আছে, যিমান প্রকল্পৰ পৰা সেৱা লাভ কৰে, তেওঁলোকৰ প্ৰতিখনৰ অধিকাৰ তেওঁলোকৰ ঘৰলৈকে পোৱা উচিৎ আৰু এই অধিকাৰ সুনিশ্চিত কৰাৰ কাম আমি কৰি আহিছো৷ ১০০ শতাংশ কাৰ্যকৰীকৰণৰ এই লক্ষ্যৰে আটাইতকৈ ডাঙৰ উপকাৰ এয়াই যে দেশৰ যিকোনো দৰিদ্ৰ লোকে এই প্রকল্পসমূহৰ আওঁতাৰ পৰা বাদ নপৰে৷ চৰকাৰ সকলোৰে কাষ পাবগৈ৷ ইয়াৰ ফলত বৈষম্যৰ সম্ভাৱনা আৰু নাথাকে, দুর্নীতিৰ সম্ভাৱনা আৰু নাথাকে৷ আজি সমাজৰ প্ৰান্তীয় লোকসকলে যেন লাভৱান হয়– তেনে নীতি লৈয়ে, তেনে মানসিকতা লৈ আমি কাম কৰি আহিছো৷ ইয়াত ‘সবকা সাথ’ আৰু ‘সবকা বিকাশ’ হ’ব।

বন্ধুসকল,

আমি গাঁওসমূহৰ ভূমিকাও ক্রমান্বয়ে সম্প্রসাৰণ কৰি আহিছো৷ দীর্ঘ সময় ধৰি গাঁৱৰ অৰ্থনীতি কেৱল খেতিৰ মাজতে সীমাবদ্ধ ৰখা হৈছিল৷ আমি কৃষিক, কৃষকসকলক, পশুপালকসকলক ড্রোনৰ দৰে আধুনিক প্রযুক্তি প্রদান কৰিছো আৰু প্রাকৃতিক কৃষিৰ দৰে পুৰণি ব্যৱস্থাক আৰু অধিক উৎসাহ যোগাইছো৷ লগতে, গাঁৱৰ অন্যান্য ক্ষমতাসমহকো আমি শক্তিশালী কৰি তুলিছো৷ দীর্ঘ সময় ধৰি গাঁৱৰ ঘৰসমূহ আৰু গাঁৱৰ কৃষি ভূমিত আর্থিক গতিবিধি অতি সীমিত আছিল কাৰণ, গাঁৱৰ সম্পত্তিৰ ৰেকর্ড সেইদৰে সুনিয়ন্ত্রিত আৰু সুব্যৱস্থিত নাছিল৷ সেইবাবে গাঁৱত ব্যৱসায় কৰিবলৈ, গাঁৱত উদ্যোগ আৰম্ভ কৰিবলৈ, বেংকৰ পৰা ঋণ ল’বলৈ বহু অসুবিধা হৈছিল৷ এতিয়া আমি আৰম্ভ কৰা ‘স্বামীত্ব’ যোজনাৰ জৰিয়তে গাঁৱৰ ঘৰসমূহৰ আইনী দলিল-দস্তাবেজ প্ৰস্তুত কৰা হৈছে৷ মধ্যপ্রদেশৰ সকলো জিলাৰ ৫০সহস্ৰাধিক গাঁৱত সমীক্ষা কৰা হৈছে, চৰ জমিনে সমীক্ষা কৰা হৈছে৷ ইতিমধ্যে প্রায় ৩ লাখ গাঁওবাসীক তেওঁলোকৰ সম্পত্তিৰ বিৱৰণ আৰু মানচিত্রসহ ‘সম্পত্তি কার্ড’ প্রদান কৰা হৈছে৷ এই ধৰণৰ ব্যৱস্থাৰ ফলত কৃষি আৰু বাস্তু ভূমি আৰু ঘৰলৈ যিমান বিবাদ, গোচৰ হৈছিল, সেইবোৰ হ্রাস পাব আৰু প্রয়োজন হ’লে মই আগতে যিদৰে কৈছিলো, বেংকসমূহৰ পৰা ঋণ লোৱাৰ প্রক্রিয়া বহুত সহজ হ’ব।

বন্ধুসকল,

মই আজি মাননীয় শিৱৰাজজীৰ নেতৃত্বাধীন চৰকাৰক আৰু এটা কামৰ বাবে অভিবাদন জনাব বিচাৰিছো৷ শস্যৰ চৰকাৰী ক্রয়ৰ ক্ষেত্ৰত মধ্যপ্রদেশে অসাধাৰণ কাম কৰিছে৷ নতুন অভিলেখ স্থাপন কৰিছে৷ দেশৰ বহুত ৰাজ্যক পিছ পেলাই দিছে। মধ্যপ্রদেশৰ কৃষকসকলৰ বেংক একাউণ্টত আজি আগৰ তুলনাত অধিক টকা জমা কৰা হৈছে৷ চৰকাৰী ক্রয় কেন্দ্রৰ সংখ্যা বৃদ্ধি পাইছে। ‘পিএম কিষাণ সন্মান নিধি’ও ক্ষুদ্র কৃষকসকলক যথেষ্ট সহায় কৰিছে। মধ্যপ্রদেশৰ প্রায় ৯০ লাখ ক্ষুদ্র কৃষকক ১৩ হাজাৰ কোটিৰো অধিক ধন তেওঁলোকৰ কৃষি আনুষংগিক সৰু সৰু ব্যয়ৰ বাবে প্রদান কৰা হৈছে৷

 

বন্ধুসকল,

বৰ্তমান দেশে ইয়াৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে। আমাক স্বাধীনতা আনি দিয়াৰ বাবে ভাৰতমাতাৰ লাখ লাখ বীৰপুত্র আৰু বীৰাংগনাসকলে তেওঁলোকৰ জীৱন, তেওঁলোকৰ সুখ-সুবিধা আহুতি দিছিল৷ সেই আহুতিয়ে আজি আমাৰ স্বাধীন জীৱন দিছে। এই অমৃত মহোৎসৱত আমিও এই সংকল্প লৈ আগুৱাই যোৱা উচিৎ, যাতে আমি সকলোৱে ভৱিষ্যৎ প্রজন্মক কিছু দিব যাব পাৰো৷ এই সময়ত আমি যিমান কাম কৰিম, সেইবোৰ যেন ভৱিষ্যৎ প্রজন্মৰ বাবে প্রেৰণা হৈ উঠে, তেওঁলোকৰ নিজৰ কর্তব্যসমূহ মনত পেলাই দিয়াটো অতি প্রয়োজনীয়। আমি সকলোৱে মিলি এই কাম অৱশ্যেই কৰিব পাৰো আৰু মই বিচাৰো যে আজি মধ্যপ্রদেশৰ লাখ লাখ পৰিয়ালৰ সৈতে মই যেতিয়া কথা পাতো, ইমান বিপুল সংখ্যক মানুহৰ সৈতে যেতিয়া মই কথা পাতিছো, তেতিয়া মই এটা সংকল্পৰ বাবে অনুৰোধ কৰিম৷ আমি সংকল্প নোৱাৰো নে যে এইবাৰ যেতিয়া নতুন বছৰ আৰম্ভ হ’ব তাৰ দুই-চাৰি দিন পাছৰ পৰা, বা এই বছৰৰ প্রথম মাহৰ যি প্রতিপদ, সেইদিনৰ পৰা আৰম্ভ কৰি অহা বছৰৰ প্রথম মাহৰ প্রতিপদলৈ, অর্থাৎ আমাৰ হাতত ১২ মাহ বা ৩৬৫ দিন আছে, আমি সংকল্প ল’ব নোৱাৰো নে যে দেশৰ প্রতিখন জিলাত স্বাধীনতাৰ অমৃত মহোৎসৱৰ স্মৰণত আমাৰ ভৱিষ্যৎ প্রজন্মক কিছু দি যোৱাৰ সংকল্প বাস্তবায়িত কৰাৰ বাবে কিবা এটা কৰিম? প্রতিখন জিলাত ৭৫টা ‘অমৃত সৰোবৰ’ খনন কৰিম আৰু মই বিচাৰিম যে সম্ভৱ হ’লে প্রতিখন জিলাত এই ‘অমৃত সৰোবৰ’ নতুন হওক, ডাঙৰ হওক। এইবোৰ গঢ়ি তুলিবলৈ চৰকাৰৰ ফালৰ পৰা যিমান সহায় কৰিব পাৰো কৰা হ’ব৷ যেনেকৈ ‘মনৰেগা’ৰ বাবদ যি ধন, তাৰ সহায়তো এই কাম কৰিব পৰা যায়৷ স্বাধীনতাৰ অমৃত মহোৎসৱত দেশৰ প্ৰতিখন জিলাত নতুন ৭৫খন ‘অমৃত সৰোবৰ’ নিৰ্মাণ কৰিব পাৰিলে সেয়া ভৱিষ্যৎ প্রজন্মৰ বাবে যথেষ্ট উপযোগী হ’ব। আমাৰ ধৰিত্রী মাতা ইয়াৰ ফলত যথেষ্ট উপকৃত হ’ব৷ আমাৰ ধৰিত্রী মাতাৰ তৃষ্ণা যথেষ্ট পুৰণ হ’ব৷ আমি মাৰ বুকৰ পৰা ইমান জল উলিয়াইছো যি এই ধৰিত্রী মাতাৰ বুকু শুকাই গৈছে। ধৰিত্ৰীৰ তৃষ্ণা পুৰণৰ দায়িত্বও ধৰিত্রী মাৰ সন্তানসকলেই ল’ব লাগিব। ধৰিত্রী মাৰ সন্তান ৰূপে এয়া আমাৰ কর্তব্য। ইয়াৰ ফলত প্রকৃতিৰ প্রাণো এতিয়া নতুন প্রাণশক্তিৰে সঞ্চাৰ হ’ব, এক নতুন চেতনা জাগ্ৰত হ’ব৷ ইয়াৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকল লাভৱান হ’ব৷ মহিলাসকলো লাভবান হ’ব৷ কেৱল ইমানে নহয়, এয়া জীৱৰ প্রতি দয়া প্রদর্শনৰ ডাঙৰ কাম হ’ব, পশু-পক্ষীসকলৰ জীৱনধাৰণৰ বাবে অতি সহায়ক হ’ব। অর্থাৎ, প্ৰতিখন জিলাত ৭৫ নতুন ‘অমৃত সৰোবৰ’ খনন মানৱতাৰ পক্ষে বহুত ডাঙৰ কাম, যি আমি নিশ্চিতভাৱে কৰা উচিৎ৷ মই সকলো ৰাজ্য চৰকাৰ, সকলো স্থানীয় প্রশাসনক, দেশৰ সকলো পঞ্চায়তক এই লক্ষ্যৰে কাম কৰাৰ বাবে অনুৰোধ জনাইছো৷

 

বন্ধুসকল,

এই অমৃতকাল ভাৰতৰ উজ্জ্বল ভৱিষ্যৎ গঢ়ি তোলাৰ কাল। ভাৰতৰ উজ্জ্বল ভৱিষ্যৎ তেতিয়াহে সম্ভৱ, যেতিয়া দেশৰ দৰিদ্র পৰিয়ালসমূহৰ ভৱিষ্যৎ উন্নত হ’ব। যেনেকৈ নতুন ঘৰে আপোনালোৰ পৰিয়ালক নতুন দিশ প্ৰদান কৰিব৷ আপোনালোকে নতুন লক্ষ্যৰে আগুৱাই যোৱাৰ সামর্থ্য অৰ্জন কৰিব৷ আপোনালোকৰ সন্তানৰ মাজত শিক্ষা, দক্ষতা আৰু আত্মবিশ্বাস সঞ্চাৰ কৰিব; আপোনালোক সকলোকে, সকলো হিতাধিকাৰীক এই নতুন গৃহ প্রৱেশৰ বাবে বহুত বহুত শুভকামনা জনাইছো৷

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO

Media Coverage

India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with Amir of Qatar
March 03, 2026

The Prime Minister, Shri Narendra Modi spoke with H.H. Sheikh Tamim bin Hamad Al Thani, the Amir of Qatar.

During the conversation, the Prime Minister conveyed that India stands firmly in solidarity with Qatar and strongly condemns any violation of its sovereignty and territorial integrity.

The two leaders emphasized the urgent need to restore peace and stability in the region through dialogue and diplomacy.

The Prime Minister also conveyed his appreciation for the continued support and care extended by the Qatari leadership to the Indian community in Qatar during this challenging time.

The Prime Minister wrote on X;

“Spoke with my brother, H.H. Sheikh Tamim bin Hamad Al Thani, the Amir of Qatar. We stand firmly in solidarity with Qatar and strongly condemn any violation of its sovereignty and territorial integrity. We emphasized the urgent need to restore peace and stability in the region through dialogue and diplomacy. I also conveyed my appreciation for his continued support and care for the Indian community in Qatar during this challenging time.

@TamimBinHamad”