Prime Minister releases a commemorative coin and postage stamp on the occasion
“The country is moving ahead as per the teachings of the revered Gurus”
“India’s freedom from hundreds of years of slavery cannot be separated from its spiritual and cultural journey”
“In front of Aurangzeb's tyrannical thinking Guru Tegh Bahadur ji, acted as  'Hind di Chadar'”
“We feel blessings of Guru Tegh Bahadur ji everywhere in the aura of 'New India’”
“We see 'Ek Bharat' everywhere in the form of the wisdom and blessings of Gurus”
“Today's India strives for peace with complete stability even in the midst of global conflicts, and India is equally firm for defence and security of the country”

ৱাহে গুৰু জী কা খালছা।

ৱাহে গুৰু জী কা ফটহ।।

মঞ্চত উপৱিষ্ট মহানুভৱসকল, কাৰ্যক্ৰমত উপস্থিত থকা আইসকল, সজ্জনসকল আৰু ‘ভাৰচুৱেলী’ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা মহানুভৱমণ্ডলী!

গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০ সংখ্যক ‘প্ৰকাশ পূৰব’ৰ নামত সমৰ্পিত এই বিশাল আয়োজনলৈ মই আপোনালোক আটাইকে আন্তৰিকতাৰে স্বাগত জনাইছো। এইমাত্ৰ ‘শবদ কীৰ্তন’ শুনি যি শান্তি লাভ কৰিছো, তাক শব্দৰে ব্যক্ত কৰা আক্ষৰিক অৰ্থতে কঠিন হ’ব।

আজি মই গুৰুজনাৰ নামত উচৰ্গিত ডাক-টিকট আৰু মুদ্ৰা উন্মোচনৰো সৌভাগ্য লাভ কৰিছো।

মই এয়া গুৰুজনাৰ বিশেষ কৃপা বুলিয়েই গ্ৰহণ কৰিছো। ইয়াৰ আগতে ২০১৯ চনত আমি গুৰু ননক জীৰ ৫৫০ সংখ্যক ‘প্ৰকাশ পৰ্ব’ আৰু ২০১৭ চনত গুৰু গোৱিন্দ সিংহ জীৰ ৩৫০ সংখ্যক ‘প্ৰকাশ পৰ্ব’ উদযাপন কৰাৰ সৌভাগ্য লাভ কৰিছিলো।

মোৰ ভাল লাগিছে যে আজি আমাৰ দেশে সম্পূৰ্ণ নিষ্ঠাৰে আমাৰ গুৰুসকলে দেখুৱাই যোৱা পথেৰে আগবঢ়াৰ প্ৰয়াস কৰিছে। মই এই পূণ্য উপলক্ষত দহোগৰাকী গুৰুৰ চৰণত শ্ৰদ্ধাৰে প্ৰণিপাত কৰিছো। আপোনালোক সকলোকে, সকলো দেশবাসীকে আৰু সমগ্ৰ পৃথিৱীতে গুৰুবাণীৰে আ্স্থা ৰখা সকলো ব্যক্তিকে ‘প্ৰকাশ পৰ্ব’ৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল,

এইটো লালকিল্লা কিমান যে গুৰুত্বপূৰ্ণ সময়ৰ সাক্ষী হৈ আছে। এই কিল্লাই গুৰু তেগ বাহাদুৰ চাহাব জীৰ আত্মোতসৰ্গাকো দেখিছে আৰু দেশৰ বাবে জীৱন-পণ কৰা মানুহৰ সাহস আৰু উদ্যমকো প্ৰত্যক্ষ কৰিছে। স্বাধীনতাৰ পিচৰ ৭৫টা বছৰত ভাৰতৰ কিমান যে সপোনৰ গুণগুণনি ইয়াৰ পৰা প্ৰতিধ্বনিত হৈছে।

সেয়ে, ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ এই সময়ত লালকিল্লাৰ প্ৰংগণত কৰা এই আয়োজনে বিশেষ মাত্ৰা লাভ কৰিছে।

বন্ধুসকল,

আমি য’ত আছো, এয়া আমাৰ লাখ লাখ, কোটি কোটি স্বাধীনতা সেনানীৰ ত্যাগ আৰু বলিদানৰ কাৰণে সম্ভৱ হৈছে।

স্বাধীন হিন্দুস্তানে, নিজৰ সিদ্ধান্ত নিজে গ্ৰহণ কৰা হিন্দুস্তানে, গণতান্ত্ৰিক হিন্দুস্তানে, পৃথিৱীত পৰোপকাৰৰ বাৰ্তা প্ৰচাৰিত কৰা হিন্দুস্তানে, এনে এখন হিন্দুস্তানৰ সপোন বাস্তৱ হোৱাটো দেখাৰ বাবে

কোটি কোটি মানুহে নিজকে উচৰ্গিত কৰিছে।

এইখন ভাৰভূমি কেৱল এখন দেশেই নহয়, বৰং আমাৰ মহান ঐতিহ্যও হয়, পৰম্পৰাও হয়। ইয়াক আমাৰ ঋষি-মুনি আৰু গুৰুসকলে বহু হাজাৰ বছৰজোৰা তপস্যাৰে গঢ়ি তুলিছে, তেওঁলোকৰ চিন্তাৰে সমৃদ্ধ কৰিছে।

এই পৰম্পৰাৰ সন্মানৰ বাবে, তাৰ পৰিচিতিক ৰক্ষা কৰাৰ বাবে দহোগৰাকী গুৰুৱে নিজৰ জীৱন সমৰ্পিত কৰিছিল।

সেয়ে বন্ধুসকল,

বহু শতাব্দী জোৰা পৰাধীনতাৰ পৰা মুক্তিক, ভাৰতৰ স্বাধীনতাক, ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক যাত্ৰাৰে পৃথক কৰি চাব পৰা নাযায়। সেয়ে, আজি দেশৰ অমৃত মহোত্সৱক আৰু গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০ সংখ্যক ‘প্ৰকাশ পৰ্ব’ক একলগে উদযাপনৰ দিহা কৰা হৈছে, একে ধৰণৰ সংকল্পৰে উদযাপিত কৰা হৈছে।

বন্ধুসকল,

আমাৰ গুৰুসকলে সদায়ে জ্ঞান আৰু আধ্যাত্মৰ সৈতে সমাজ আৰু সংস্কৃতিৰো দায়বদ্ধতা স্বীকাৰ কৰি আহিছে।

তেওঁলোকে শক্তিক সেৱাৰ মাধ্যম কৰিছিল। যেতিয়া গুৰু তেগ্ বাহাদুৰ জীৰ জন্ম হৈছিল তেতিয়া গুৰুৰ পিতৃয়ে কৈছিল-

 

দীন ৰচ্ছ সংকট হৰণ।

 

অৰ্থাত্, এইগৰাকী এক মহান আত্মা। এওঁ দীন-দুখীয়াৰ ৰক্ষা কৰোতা, সংকট হৰণ কৰোতা হ’ব। সেয়ে, শ্ৰী গুৰু গোৱিন্দ চাহিবে তেওঁৰ নাম ‘ত্যাগমল’ ৰাখিছিল। এই ত্যাগ, গুৰু তেগ্ বাহাদুৰ জীয়ে নিজৰ জীৱনত চাৰিতাৰ্থ কৰি দেখুৱাইছিল। গুৰু গোৱিন্দ সিংহ জীয়েতো তেওঁৰ বিষয়ে লিখিছিল

 

তেগ্ বহাদুৰ সিমৰিয়ে, ঘৰ নৌ নিধি আৱৈ ধাই।

সব থাই হোই সহায়।।

 

অৰ্থাত্, গুৰু তেগ্ বাহাদুৰজীৰ স্মৰণেৰেই সকলো সিদ্ধি নিজে নিজেই প্ৰকট হ’বলৈ ধৰে।

গুৰু তেগ্ বাহাদুৰ জীৰ এনে অদ্ভুত আধ্যাত্মিক ব্যক্তিত্ব আছিল, তেওঁ তেনে বিশেষ প্ৰতিভাৰে সমৃদ্ধ আছিল।

বন্ধুসকল,

এই লালাকিল্লাৰ কাষতে এই স্থানতে গুৰু তেগ্ বাহাদুৰ জীৰ অমৰ বলিদানৰ প্ৰতীক ‘গুৰুদ্বাৰা শীশগঞ্জ চাহিবো’ আছে! এই পৱিত্ৰ গুৰুদ্বাৰাই আমাক মনত পেলাই দিয়ে যে আমাৰ মহান সংস্কৃতি ৰক্ষা কৰিবলৈকে গুৰু তেগ্ বাহাদুৰ জীৰ বলিদান কিমান বিশাল আছিল। সেই সময়ত দেশত ধৰ্মীয় গোড়ামীৰ ধুমুহা প্ৰবাহিত হৈছিল।

ধৰ্মক দৰ্শন, বিজ্ঞান আৰু আত্মশোধনৰ বিষয় হিচাপে গণ্য কৰা আমাৰ হিন্দুস্তানৰ সন্মুখত এনে লোক আছিল যিসকলে ধৰ্মৰ নামত হিংসা আৰু অত্যাচাৰৰ পৰাকাষ্ঠা প্ৰদৰ্শন কৰিছিল।

সেই সময়ত ভাৰতে নিজৰ পৰিচয় ৰক্ষাৰ বাবে গুৰু তেগ্ বাহাদুৰ জীৰ ৰূপত এক বৃহত্ ভৰসা দেখিবলৈ পাইছিল। ঔৰংজেৱৰ আততায়ী মনোভাৱৰ আগত সেই সময়ত তেগ্ বাহাদুৰ জী ‘হিন্দী দী চাদৰ’ হৈ এক  শিলাৰ প্ৰচীৰ হৈ থিয় দিছিল।

ইতিহাস সাক্ষী হৈ আছে, এই বৰ্তমান সময়েও সাক্ষ্য বহণ কৰিছে, আৰু এই লালকিল্লাও সাক্ষী যে ঔৰংগজেৱ আৰু তেওঁৰ দৰে অত্যাচাৰী সতীৰ্থৰ দলে তেওঁৰ শিৰ দেহৰ পৰা পৃথক কৰি দিছিল, কিন্তু আমাৰ আস্থাক সিহঁতবোৰে আমাৰ পৰা পৃথক কৰিব পৰা নাছিল। গুৰু তেগ্ বাহাদুৰ জীৰ বলিদানে ভাৰতৰ অনেক প্ৰজন্মক নিজৰ সংস্কৃতিৰ মৰ্যাদা ৰক্ষা কৰাৰ বাবে, ইয়াৰ মান-সন্মানৰ বাবে জীয়াই থকাৰ আৰু মৰণপণ কৰাৰ প্ৰেৰণা দি আহিছে।

ডাঙৰ ডাঙৰ সত্বা মাটিত মিলি গ’ল, কিন্তু ভাৰত আজিও অমৰ হৈ উচ্চ শিৰে থিয় আছে। আজি আকৌ  এবাৰ পৃথিৱীয়ে ভাৰতৰ পিনে চাবলৈ ধৰিছে, মানৱতাৰ মাৰ্গৰে পথ প্ৰদৰ্শনৰ আশা পোষণ কৰিছে।

গুৰু তেগ্ বাহাদুৰ জীৰ আশীৰ্বাদ আমাৰ নতুন ভাৰতৰ আভা মণ্ডলত সকলো দিশতে অনুভৱ কৰিব পাৰি।

 

ভাই-ভনীসকল,

 

আমাৰ দেশত প্ৰতিটো কালখণ্ডতে-

যেতিয়াই কোনো নতুন প্ৰত্যাহ্বানে দেখা দিয়ে তেতিয়াই কোনোবা নহয় কোনোবা মহান আত্মাই এই পুৰাতন দেশখনক নতুন পথ প্ৰদৰ্শন কৰাই আগুৱাই নিয়ে।

ভাৰতৰ প্ৰতিটো অঞ্চল, প্ৰতিটো প্ৰান্ত, আমাৰ গুৰুসকলৰ প্ৰভাৱ আৰু জ্ঞানৰে জ্যোতিষ্মান হৈ আছে।

গুৰু নানকদেৱ জীয়ে সমগ্ৰ দেশক এডাল সূতাৰে বান্ধিছিল। গুৰু তেগ্ বাহাদুৰৰ অনুগামী সকলো দিশেই বৃদ্ধি পাইছিল। পাটনাত ‘পাটনা চাহিব’ আৰু দিল্লীত ‘ৰকবগঞ্জ চাহিব’, আমি প্ৰতিটো স্থানতে গুৰুসকলৰ জ্ঞান আৰু আশীৰ্বাদৰ ৰূপত এক ভাৰতৰ দৰ্শন কৰিব পাৰো।

ভাই-ভনীসকল,

 

মই আমাৰ চৰকাৰখনৰ সৌভাগ্য বুলিয়েই ভাবো যে এইখন চৰকাৰে গুৰুসকল বাবে ইমানখিনি কৰাৰ সুযোগ লাভ কৰিছে।

যোৱাটো বৰ্ষত আমাৰ চৰকাৰে ‘চাহাজাদাৰ’ মহান বলিদানৰ স্মৃতিত ২৬ ডিচেম্বৰৰ দিনটোক ‘বাল দিৱস’ হিচাপে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শিখ পৰম্পৰাৰ তীৰ্থসমূহক সংযোজিত কৰাৰ বাবেও আমাৰ চৰকাৰে নিৰন্তৰ প্ৰয়াস কৰি আহিছে।

যিটো ‘কৰতাৰপুৰ চাহিব ক’ৰিডৰ’ৰ বাবে বহু দশক ধৰি প্ৰতীক্ষা কৰিবলগীয়া হৈছিল, তাৰো নিৰ্মাণ কৰি আমাৰ চৰকাৰে গুৰু সেৱাৰ বাবে থকা নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিলে।

আমাৰ চৰকাৰে ‘পাটনা চাহিব’কে ধৰি গুৰু গোৱিন্দ সিংহ জীৰে সম্পৰ্কিত স্থানসমূহত ৰে’ল সেৱাৰ আধুনিকীকৰণো কৰিছে। আমি ‘স্বদেশ দৰ্শন যোজনা’ৰ জৰিয়তে পঞ্জাৱত ‘আনন্দপুৰ চাহিব’ আৰু অমৃতসৰত ‘অমৃতসৰ চাহিব’সহ সকলো উল্লেকযোগ্য স্থানসমূহক সংযোজিত কৰি এটি ‘তীৰ্থ চক্ৰ’ও তৈয়াৰ কৰি আছে।

উত্তৰাখণ্ডত ‘হেমকুণ্ড চাহিব’ৰ বাবে ৰোপৱে’ নিৰ্মাণৰ কামো আগবাঢ়ি আছে।

বন্ধুসকল,

‘শ্ৰী গুৰুগ্ৰন্থ চাহিব জী’ আমাৰ বাবে আত্মকল্যাণৰ পথ প্ৰদৰ্শকৰ লগতে ভাৰতৰ বিবিধতা আৰু একতাৰো জীৱন্ত প্ৰতীক।

সেয়ে, যেতিয়া আফগানিস্তানত সংকটে দেখা দিছিল, আমাৰ পবিত্ৰ ‘গুৰুগ্ৰন্থ চাহিব’ৰ স্বৰূপ আনাৰ প্ৰয়োজনীয়তা উথ্থাপিত হৈছিল আৰু ভাৰত চৰকাৰে ইয়াৰ বাবে পূৰ্ণ শক্তি দিছিল আৰু ‘গুৰুগ্ৰন্থ চাহিব’ৰ স্বৰূপ সম্পূৰ্ণ সন্মান সহকাৰে শিৰত লৈ অনাৰ দিহা কৰা হ’ল, বৰঞ্চ সংকটত পতিত হোৱা আমাৰ শিখ ভাইসকলকো বচোৱাৰ দিহা কৰা হৈছিল।

‘নাগৰিকতা সংশোধন আইনে’ চুবুৰীয়া দেশবোৰৰ পৰা অহা শিখ আৰু সংখ্যালঘূ পৰিয়ালসমূহক দেশৰ নাগৰিকতা প্ৰদানৰ পথ মুকলি দিলে। এইবোৰ এইবাবেই সম্ভৱ হৈছে কিয়নো আমাৰ গুৰুসকলে আমাক মানৱতাক সকলোৰে ওপৰত ৰাখি কাম কৰাৰ শিক্ষা প্ৰদান কৰি গৈছে। প্ৰেম আৰু সৌহাৰ্দ্ আমাৰ সংস্কাৰৰ অভিন্ন অংগ।

বন্ধুসকল,

 

আমাৰ গুৰুৰ বাণী

ভে কাহু কো দেত নহি,

নহি ভে মানত আন।

কহু নানক সুনি ৰে  মনা,

জ্ঞানী তাহি বখানি।।

অৰ্থাত্, জ্ঞানী সেইসকলই হয়, যিসকলে কাকো ভয় নুখুৱাই আৰু কাকো ভয়ো নকৰে।

ভাৰতে কেতিয়াও কোনো দেশ বা সমাজৰ বাবে সংকটৰ সৃষ্টি কৰা নাই। আজিও আমি সমগ্ৰ বিশ্ব কল্যাণৰ বাবে চিন্তা কৰো। এটাই কামনা কৰো। আমি ‘আত্মনিৰ্ভৰ ভাৰত’ৰ কথা কওঁ যদিও তাতো সমগ্ৰ বিশ্বৰ প্ৰগতি লক্ষ্যকো সামৰি লওঁ। ভাৰতে বিশ্ব যোগৰ প্ৰচাৰ কৰি আহিছে মানে সমগ্ৰ বিশ্বৰ সুস্বাস্থ্য আৰু শান্তিকে কামনা কৰিছে।

কালি মাত্ৰ গুজৰাটৰ পৰা উভতিছোঁ। তাত বিশ্ব স্বাস্থ্য সংস্থাৰ পাৰম্পৰিক চিকিত্সাৰ ‘গ্লোবেল চেণ্টাৰ’ৰ উদ্বোধন কৰা হৈছে।

এতিয়া ভাৰতে বিশ্বৰ প্ৰান্তে প্ৰান্তে পাৰম্পৰিক চিকিত্সাৰ সুফল উপলব্ধ কৰাব, মানুহৰ স্বাস্থ্য সুৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

বন্ধুসকল,

 

আজি ভাৰতে গোলকীয় দ্বন্দ্বৰ মাজত সম্পূৰ্ণ স্থিৰতাৰে শান্তিৰ প্ৰয়াস কৰে, ইয়াৰ বাবে কাম কৰে।

আৰু ভাৰতে নিজৰ দেশৰ ৰক্ষা-সুৰক্ষাৰ বাবেও সিমানেই অটল হৈ থকাৰ দৃঢ়তা দেখুৱাই আহিছে।

আমাৰ সন্মুখত গুৰুসকলে দি যোৱা মহান শিকণ পৰম্পৰা আছে।

পুৰণি ভাৱনা, পুৰণি প্ৰথাক কাষৰীয়া কৰি থৈ গুৰুসকলে নতুন চিন্তা নতুন বিচাৰ সন্মুখত দাঙি ধৰিছিল।

তেওঁলোকৰ শিষ্যসকলে সেই শিক্ষা গ্ৰহণ কৰিছিল, সেইবোৰ শিকিছিল। নতুন চিন্তাৰ এই সামাজিক অভিযান এক বৈচাৰিক উদ্ভাৱনেই আছিল।

সেয়ে নতুন চিন্তা, কঠোৰ পৰিশ্ৰম আৰু এশ শতাংশ সমৰ্পণ এয়া আজিও আমাৰ শিখ সমাজৰ পৰিচিতি হৈ আহিছে।

‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ত আজি দেশেও এই সংকল্পই গ্ৰহণ কৰিছে।

আমি আমাৰ পৰিচয়ক লৈ গৰ্বিত হোৱা উচিত। আমি ‘লোকেল’ক লৈ গৰ্ব কৰা উচিত, ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণ কৰিব লাগিব।

আমি এনে এখন ভাৰত নিৰ্মাণ কৰিব লাগিব যাৰ সামৰ্থ্যক পৃথিৱীয়ে ৰ-লাগি চাই ৰয়, যিয়ে পৃথিৱীখনকে নতুন উচ্চতালৈ লৈ যাব পাৰে।

দেশৰ বিকাশ, দেশৰ দ্ৰুত প্ৰগতি, এয়া সকলোৰেই কৰ্তব্য। ইয়াৰ বাবে সকলোৰে প্ৰয়াসৰ প্ৰয়োজন আছে।

মোৰ সম্পূৰ্ণ ভৰসা আছে যে গুৰুসকলৰ আশীৰ্বাদৰে ভাৰতে নিজৰ গৌৰৱক শিখৰ পৰ্যন্ত লৈ যাব পাৰিব।

যেতিয়া আমি স্বাধীনতাৰ এশ বছৰ উদযাপন কৰিমগৈ তেতিয়া এখন নতুন ভাৰত আমাৰ সন্মুখত ভাস্বত হৈ উঠিব।

 

গুৰু তেগ্ বাহাদুৰে কৈছিল-

সাধো,

গোৱিন্দ কে গুণ গাও।

মানস জন্ম অমোল কপায়ো,

ব্যৰ্থা কাহে গঁৱাৱো।।

এই ভাৱনাৰেই আমি নিজৰ জীৱনৰ প্ৰতিটো ক্ষণ, দেশৰ বাবে উচৰ্গা কৰিব লাগিব, দেশৰ কামত নিয়োজিত কৰিব লাগিব।

আমি সকলো মিলি দেশৰ বিকাশক নতুন উচ্চতালৈ লৈ যাম, এই বিশ্বাসৰে আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিক শুভকামনা জনাই সামৰিছোঁ।

ৱাহে গুৰুজী কা খালছা।

ৱাহে গুৰু জী কী ফটহ।।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
As Naxalism ends in Chhattisgarh, village gets tap water for first time

Media Coverage

As Naxalism ends in Chhattisgarh, village gets tap water for first time
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Uttarakhand and UP on 14 April
April 13, 2026
PM to inaugurate Delhi–Dehradun Economic Corridor
Corridor to reduce travel time between Delhi and Dehradun from over 6 hours to around 2.5 hours
Corridor has been designed with several features aimed at significantly reducing man-animal conflict
Project include a 12 km long wildlife elevated corridor which is one of the longest in Asia
PM to also visit and undertake review of the Wildlife Corridor

Prime Minister Shri Narendra Modi, will visit Uttarakhand and Uttar Pradesh on 14 April 2026. At around 11:15 AM, the Prime Minister will visit Saharanpur in Uttar Pradesh to undertake a review of the Wildlife Corridor on the elevated section of the Delhi-Dehradun Economic Corridor. At around 11:40 AM, the Prime Minister will perform Darshan and Pooja at Jai Maa Daat Kali Temple near Dehradun. Thereafter, at around 12:30 PM, Prime Minister will inaugurate the Delhi-Dehradun Economic Corridor at a public function in Dehradun and will also address the gathering on the occasion.

The 213 km long six-lane access-controlled Delhi-Dehradun Economic Corridor has been developed at a cost of over ₹12,000 crore. The corridor traverses through the states of Delhi, Uttar Pradesh and Uttarakhand, and will reduce travel time between Delhi and Dehradun from over six hours at present to around two and a half hours.

Implementation of the project also includes the construction of 10 interchanges, three Railway Over Bridges (ROBs), four major bridges and 12 wayside amenities to enable seamless high-speed connectivity. The corridor is equipped with an Advanced Traffic Management System (ATMS) to provide a safer and more efficient travel experience for commuters.

Keeping in view the ecological sensitivity, rich biodiversity and wildlife in the region, the corridor has been designed with several features aimed at significantly reducing man-animal conflict. To ensure the free movement of wild animals, the project incorporates several dedicated wildlife protection features. These include a 12 km long wildlife elevated corridor, which is one of the longest in Asia. The corridor also includes eight animal passes, two elephant underpasses of 200 metres each, and a 370 metre long tunnel near the Daat Kali temple.

The Delhi-Dehradun Economic Corridor will play a pivotal role in strengthening regional economic growth by enhancing connectivity between major tourism and economic centres as well as opening new avenues for trade and development across the region. The project reflects the vision of the Prime Minister to develop next-generation infrastructure that combines high-speed connectivity with environmental sustainability and improved quality of life for citizens.