ৱেভছে বৈশ্বিক মঞ্চত ভাৰতৰ সৃষ্টিশীল শক্তিক উজ্জ্বল কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
ৱৰ্ল্ড অডিঅ'-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন অৰ্থাৎ ৱেভছ কেৱল এক সংক্ষিপ্ত ৰূপেই নহয়, বৰঞ্চ এয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু সৰ্বজনীন সংযোগৰ ঢৌঃ প্ৰধানমন্ত্ৰী
কোটি-কোটিৰো অধিক জনসংখ্যাৰ দেশ ভাৰত কোটি-কোটিৰো অধিক কাহিনীৰো দেশঃ প্ৰধানমন্ত্ৰী
এয়াই হৈছে ক্ৰিয়েট ইন ইণ্ডিয়া, ক্ৰিয়েট ফৰ দ্য ৱৰ্ল্ডৰ সঠিক সময়ঃ প্ৰধানমন্ত্ৰী
আজি বিশ্বই কাহিনী কথনৰ নতুন পন্থা অন্বেষণৰ সময়তে ভাৰতৰ হাজাৰ-হাজাৰ বছৰ পূৰ্বৰ কাহিনীৰ ভাণ্ডাৰ আছে, এই ভাণ্ডাৰ কালজয়ী, চিন্তা-উদ্ৰেগকাৰী আৰু সঁচাকৈয়ে বিশ্বব্যাপীঃ প্ৰধানমন্ত্ৰী
এই সময় হৈছে ভাৰতৰ অৰেঞ্জ অৰ্থনীতি, কন্টেন্ট, সৃষ্টিশীলতা আৰু সংস্কৃতিৰ প্ৰভাতৰ সময় - যি হৈছে অৰেঞ্জ অৰ্থনীতিৰ তিনিটা স্তম্ভঃ প্ৰধানমন্ত্ৰী
স্ক্ৰীনৰ আকাৰ সৰু হৈ আহিছে, কিন্তু স্ক’প অসীম হৈ পৰিছে, স্ক্ৰীন মাইক্ৰ’ হৈ পৰিছে, কিন্তু বাৰ্তাটো মেগা হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে চলচ্চিত্ৰ প্ৰযোজনা, ডিজিটেল কন্টেন্ট, গেমিং, ফেশ্বন, সংগীত আৰু লাইভ কনচাৰ্টৰ বিশ্ব কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছ
প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপনৰ লগতে ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি জনায়।

আজি মহাৰাষ্ট্ৰৰ প্ৰতিষ্ঠা দিৱস। এই ভূমিৰ ছত্ৰপতি শিৱাজী মহাৰাজৰ সকলো ভাই-ভনীক ‘মহাৰাষ্ট্ৰ দিৱস’ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ!

 

আজি গুজৰাটৰো প্ৰতিষ্ঠা দিৱস, সমগ্ৰ বিশ্বতে বিয়পি থকা সকলো গুজৰাটী ভাই-ভনীলৈকো ‘গুজৰাট প্ৰতিষ্ঠা দিৱস’ৰ শুভকামনা জনাইছোঁ।

 

‘ৱেভছ সন্মিলন’ত উপস্থিত থকা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি  ৰাধাকৃষ্ণণ জী, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিশজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী অশ্বিনী বৈষ্ণৱ জী, এল মুৰুগন জী, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ সিন্দে জী, অজিত পাৱাৰ জী, বিশ্বৰ প্ৰতিটো কোণৰ পৰা জড়িত সৃষ্টিশীল পৃথিৱীখনৰ দিগগজসকল, বিভিন্ন দেশৰ পৰা অহা তথ্য, যোগাযোগ, কলা আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰীসকল, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূতসকল, সৃষ্টিশীল পৃথিৱীৰ পুৰোধাসকল, মহানুভৱসকল, ভদ্ৰমহিলা আৰু সজ্জনসকল!

 

বন্ধুসকল,

 

আজি, ১০০ খনতকৈয়ো অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী আৰু নীতি প্ৰণেতাসকল আহি ইয়াত, মুম্বাইত একেখন ছাদৰ তলত সন্মিলিত হৈছেহি। এক প্ৰকাৰে আজি ইয়াত গোলকীয় প্ৰতিভা আৰু বিশ্বৰ সৃজনশীলতাৰ এক গোলকীয় পৰিস্থিতিতন্ত্ৰৰ ভেটি স্থাপন কৰা হৈছে। ‘ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট’ অৰ্থাৎ ‘ৱেভছ’, ই কেৱল এক ‘এক্ৰোনিম’-য়েই নহয়। এয়া প্ৰকৃতাৰ্থতে সংস্কৃতি, সৃজনশীলতা, ‘ইউনিভাৰ্চেল কানেক্ট’ৰ এক ‘ৱেভ’-য়েই। আৰু এই ‘ৱেভ’ হৈছে চলচ্চিত্ৰ, সংগীত, গে’মিং, এনিমেশ্যন, কাহিনীৰ বৰ্ণন, সৃষ্টিশীলতাৰ বিশাল পৃথিৱীৰ, এই ‘ৱেভ’ হৈছে এক গোলকীয় মঞ্চ যিখন মঞ্চ হৈছে প্ৰতিগৰাকী শিল্পীৰ, আপোনালোকৰ দৰে প্ৰতিগৰাকী নিৰ্মাতাৰ, য'ত প্ৰতিগৰাকী শিল্পী, প্ৰতিগৰাকী যুৱক-যুৱতীয়ে এটা নতুন ধাৰণাৰ সৈতে সংযোগ স্থাপন কৰিব। এই ঐতিহাসিক আৰু গৌৰৱময় আৰম্ভণিৰ বাবে মই দেশ-বিদেশৰ আপোনালোক সকলো মহানুভৱক অভিনন্দন জনাইছোঁ, আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।


বন্ধুসকল,

 

আজি এক মে’, আজিৰ পৰা ১১২ বছৰ আগতে, ৩ মে’ ১৯১৩ তাৰিখে ভাৰতৰ প্ৰথমখন কাহিনী চলচ্চিত্ৰ ‘ৰজা হৰিশ্চন্দ্ৰ’ই মুক্তি লাভ কৰিছিল। চলচ্চিত্ৰখনৰ নিৰ্মাতা আছিল দাদা সাহেব ফাল্কে, আৰু কালি মাত্ৰা তেওঁৰ জন্মজয়ন্তী আছিল। বিগত এটা শতিকাৰ ভিতৰত ভাৰতীয় চিনেমাই ভাৰতক পৃথিৱীৰ প্ৰান্তে প্ৰান্তে নিয়াৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে। ৰাছিয়াত ৰাজকপুৰ জীৰ জনপ্রিয়তা, কানত সত্যজিৎ ৰয়ৰ প'পুলাৰিটী, আৰু ‘অস্কাৰ’ত ‘আৰআৰআৰ’-ৰ সফলতা হৈছে ইয়াৰ প্ৰমাণ। গুৰু দত্তৰ ‘চিনেমাটিক পয়েট্ৰী’ বা ঋত্বিক ঘাটকৰ ‘ছ’চিয়েল ৰিফ্লেকশ্যন’, এ আৰ ৰহমানৰ সুৰেই হওক বা ৰাজামৌলীৰ ‘মহাগাঁথা’, প্ৰতিটো কাহিনী ভাৰতীয় সংস্কৃতিৰ কণ্ঠস্বৰ হৈ পৃথিৱীৰ কোটি কোটি লোকৰ হৃদয় স্পৰ্শ কৰিছেগৈ। আজিৰ ‘ৱেভছ’-ৰ এই মঞ্চত আমি ভাৰতীয় চিনেমাৰ বহু প্ৰতিষ্ঠিত ব্যক্তিত্বক ডাক-টিকটৰ মাধ্যমেৰে স্মৰণ কৰিছোঁ।

 

বন্ধুসকল,

 

যোৱা বছৰসমূহত মই কেতিয়াবা গে’মিং বিশ্বৰ লোকসকলৰ সৈতে মিলিত হৈছোঁ, কেতিয়াবা সংগীত বিশ্বৰ লোকসকলক লগ পাইছোঁ,  চলচিত্র নিৰ্মাতাসকলক সাক্ষাৎ কৰিছোঁ, কেতিয়াবা আকৌ পৰ্দাত জিলিকি থকা ব্যক্তিত্বসকলৰে মিলিত হৈছিলোঁ। এই আলোচনাসমূহত প্ৰায়েই ভাৰতৰ সৃষ্টিশীলতা, সৃষ্টিশীলতাৰ সামৰ্থ্য আৰু বিশ্বজোৰা সহযোগিতাৰ কথা উত্থাপিত হৈছিল। মই যেতিয়াই আপোনালোক সৃষ্টিশীল বিশ্বৰ লোকসকলৰে মিলিত হৈছিলোঁ, আপোনালোকৰ পৰা আইডিয়া লৈছিলোঁ, তেতিয়া মই নিজেও এই বিষয়বস্তুৰ গভীৰতালৈ যোৱাৰ সুযোগ পাইছিলোঁ। ইয়াৰ মাজতে মই এটা সম্পৰীক্ষাও কৰিছিলোঁ। ৬-৭ বছৰ আগতে যেতিয়া মহাত্মা গান্ধীজীৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে মই “বৈষ্ণৱ জনকো তেনে কহিয়ে” শীৰ্ষক গান্ধীজীৰ প্ৰিয় গীতটি গাবলৈ ১৫০খন দেশৰ গায়ক-গায়িকাসকলক অনুপ্ৰাণিত কৰিছিলোঁ। নৰসী মেহতাই ৰচনা কৰা এই গীতটি ৫০০-৬০০ বছৰৰ পূৰ্বৰ যদিও 'গান্ধী ১৫০'ৰ সময়ত পৃথিৱীজুৰি বহু কলাকাৰে গীতটি গাইছিল, আৰু ইয়াৰ এটি অত্যন্ত ডাঙৰ প্ৰভাৱ পৰিছিল, পৃথিৱী একত্ৰ হৈছিল। ইয়াতো বহু লোক বহি আছে, যিসকলেও নিজাববীয়াকৈ 'গান্ধী ১৫০'ৰ সময়ত ২-২, ৩-৩ মিনিটৰ ভিডিঅ’ যুগুতাইছিল, গান্ধীজীৰ চিন্তা-ভাবনাসমূহক আগবাঢ়াই নিছিল। ভাৰত আৰু পৃথিৱীজুৰি সৃজনশীল বিশ্বৰ শক্তিয়ে একেলগে কি আশ্চৰ্য্য কৰিব পাৰে তাৰ এক নমুনা আমি তেতিয়া দেখা পাইছিলোঁ। আজি সেই সময়ৰ কল্পনাসমূহেই ‘ৱেভছ’-ৰ ৰূপত বাস্তৱ হৈ ধৰা দিছে।

 

বন্ধুসকল,

যেনেকৈ পুৱাৰ বেলিয়ে উদিত হৈ আকাশক ৰং সানি দিয়ে তেনেকৈয়ে এইখন সন্মিলনো প্ৰথমটো ক্ষণৰ পৰাই উজলি উঠিছে। "প্ৰথমটো পলৰ পৰাই সন্মিলনখনে প্ৰতাপাদ্য উদ্দেশ্যৰ গৰ্জনি তুলিছে।" প্ৰথমটো সংস্কৰণতে ‘ৱেভছ’-য়ে বিশ্বৰ মনোযোগ আকৰ্ষণ কৰিছে। আমাৰ পৰামৰ্শদাতা পৰিষদৰ সৈতে জড়িত বন্ধু-বান্ধৱসকলে যি পৰিশ্ৰম কৰিছে, সেয়া আজি দৃষ্টিগোচৰ হৈছে। আপোনালোকে বিগত দিনবোৰত বিস্তৃত পৰিসৰত ‘ক্ৰিয়েটৰ্ছ চেলেঞ্জ’, ‘ক্ৰিয়েটোস্ফেয়াৰ’ৰ দৰে অভিযান চলাইছে, বিশ্বৰ প্ৰায় ৬০খন দেশৰ পৰা এক লাখ সৃষ্টিশীল লোকৰ ইয়াত উপস্থিতি হৈছে। আৰু ৩২টা ‘চেলেঞ্জ’ত ৮০০ গৰাকী ‘ফাইনেলিষ্ট’ক বাচনি কৰা হৈছে। মই সকলো ‘ফাইনেলিষ্ট’ক বহুত বহুত শুভেচ্ছা জনাইছোঁ। বিশ্ব জুৰি প্ৰভাৱিত কৰাৰ, কিবা অনন্য কৰি দেখুওৱাৰ সুযোগ আপোনালোকে পাইছে

 

বন্ধু-বান্ধৱীসকল,

 

মোক কোৱা হৈছে যে ইয়াত আপোনালোকে ‘ভাৰত পেভিলিয়ন’ত বহুতো নতুনৰ সৃষ্টি কৰিছে, নতুনকৈ গঢ় দিছে। মই এই সকলোবোৰ চোৱাৰ বাবে নিতান্তই উৎসুক হৈ আছোঁ, মই নিশ্চিতভাৱেই যাম। ‘ৱেভছ বজাৰ’ৰ উদ্যোগটোও অতি চিত্তাকৰ্ষক হৈছে। ইয়াৰ পৰা নতুন নিৰ্মাতাসকল অনুপ্ৰাণিত হ'ব, তেওঁলোকে নতুন বজাৰৰ সৈতে জড়িত হোৱাৰ সুযোগ পাব। কলাৰ ক্ষেত্ৰখনত ব্যৱসায়ীসকল আৰু বিক্ৰেতাসকলক সংযোগ কৰাৰ এই ‘আইডিয়া’ প্ৰকৃতাৰ্থতে খুব ভাল হৈছে।

 

বন্ধুসকল,

 

আমি দেখি আহিছো যে শিশু এটাৰ জীৱনৰ আৰম্ভণি, যেতিয়াই শিশুটিৰ জন্ম হয় তেতিয়াৰ পৰাই মাকৰ সৈতে তেওঁৰ সম্পৰ্কও নিচুকণি গীতেৰে আৰম্ভ হয়। মাতৃৰ পৰা যি শব্দ প্ৰথমে শুনে। তেওঁ প্ৰথমটো শব্দ সংগীতৰ পৰাই বুজিব পাৰে। এগৰাকী মাতৃয়েই এটি শিশুক সপোন বিভোৰ কৰে, ঠিক তেনে দৰেই সৃজনশীল বিশ্বৰ লোকসকলেও এটা যুগৰ সপোনবোৰক প্ৰতিপালিত কৰে। ‘ৱেভছ’-ৰ উদ্দেশ্য হৈছে তেনেবোৰ লোকক সন্মিলিত কৰা।

 

বন্ধুসকল,

 

লাল কিল্লাৰ পৰা মই ‘সকলোৰে প্ৰয়াস’ৰ কথা কৈছিলোঁ। আজি মোৰ এই বিশ্বাস আৰু দৃঢ় হৈছে যে আপোনালোকৰ সকলোৰে প্ৰয়াসে আগন্তুক বছৰসমূহত ‘ৱেভছ’-ক নতুন উচ্চতালৈ লৈ যাব। মই উদ্যোগটোৰ সঙ্গীসকলক এই আহ্বান নিশ্চয় জনাই থাকিম, আপোনালোকে যেনেকৈ প্ৰথমখন সন্মিলন হাতে-কামে লাগি আগবঢ়াই আনিছে সেই একে প্ৰয়াসেই আগলৈকো অব্যাহত ৰাখিব। এতিয়াও ‘ৱেভছ’-ত বহুধৰণৰ সুন্দৰ লহৰ আহিবলৈ বাকী আছেই, ভৱিষ্যতে ‘ৱেভছ  এৱাৰ্ড’-ও ঘোষণা কৰা হ'ব। এই বঁটা কলা আৰু সৃজনশীলতাৰ জগতখনত আটাইতকৈ প্ৰাতিষ্ঠিত বঁটা হৈ উঠিব। আমি সন্মিলিত হৈ থাকিব লাগিব, আমি বিশ্বৰ মন জিনিব লাগিব, প্ৰতিগৰাকী ব্যক্তিৰ মন জিনিব লাগিব।

 

বন্ধুসকল,

 

আজি ভাৰতে পৃথিৱীৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত দ্ৰুত গতিৰে আগবাঢ়িছে। আজিৰ ভাৰত ‘গ্ল'বেল ফিনটেক’ অভিগ্ৰহণৰ হাৰত প্ৰথম স্থানত আছে। পৃথিৱীৰ ‘দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাতা’ হৈছে। পৃথিৱীৰ ‘তৃতীয় সৰ্বাধিক বৃহত্তম ষ্টাৰ্টআপ ইক’ছীষ্টেম’ ভাৰতত আছে। বিকশিত ভাৰতৰ এই যাত্ৰা এতিয়ালৈকেতো আৰম্ভহে হৈছে। ভাৰতৰ হাতত ইয়াতকৈয়ো অধিক অৱদান আগবঢ়াবলৈ বহুবোৰ ভাল বস্তু আছে। ভাৰত এশকোটিৰো অধিক জনসংখ্যাৰ দেশ হোৱাৰ লগতে এশকোটিৰো অধিক কাহিনীৰো দেশ। দুহাজাৰ বছৰৰ পূৰ্বে যেতিয়া ভৰত মুনিয়ে ‘নাট্যশাস্ত্ৰ’ লিখিছিল তেতিয়া তেওঁৰ বাৰ্তা আছিল - "নাট্য ভাৱয়তি লোকম্" ইয়াৰ অৰ্থ হৈছে, ‘কলাই সংসাৰক ভাৱনা প্ৰদান কৰে, আবেগ প্ৰদান কৰে, অনুভৱ প্ৰদান কৰে’। বহু শতাব্দীৰ পূৰ্বে যেতিয়া কালিদাসে ‘অভিজ্ঞান-শকুন্তলম’ লিখিছিল, শকুন্তলম, তেতিয়া ভাৰতে ধ্ৰুপদী নাটকক এটা নতুন দিশ প্ৰদান কৰিছিল। ভাৰতৰ প্ৰত্যেকটো গলীত একোটা কাহিনী আছে, প্ৰত্যেক পৰ্বততেই একোটা গীত আছে, প্ৰত্যেক নদীয়ে কিবা নহয় কিবা এটা গুনগুনায়েই। আপোনালোকে যদি ভাৰতৰ ৬ লাখৰো অধিক গাঁৱলৈ যায়  তেন্তে প্ৰতিখন গাঁৱৰ নিজাববীয়া লোককলা আছে, সাধুকোৱাৰ একোটা বিশেষ পৰম্পৰা আছে। এইখন দেশত বেলেগ-বেলেগ সমাজে লোককথাৰ মাধ্যমেৰে নিজৰ ইতিহাসক পৰৱৰ্তী প্ৰজন্মৰ হাতত অৰ্পণ কৰি আহিছে। আমাৰ দেশত সংগীতো হৈছে এক সাধনা। ভজনেই হওক, গজলেই হওক, শাস্ত্ৰীয় বা সমকালীন যিয়েই নহওক কিয়, প্ৰতিটো সুৰত একোটা কাহিনী আছে, প্ৰতিটো তালত আছে আত্মা।

 

বন্ধুসকল,

 

আমাৰ দেশত ‘নাদ’ হৈছে ‘ব্ৰহ্ম’, অৰ্থাত্ এয়া হৈছে ‘ছাউণ্ড অব ডিভাইন’ৰ কল্পনা। আমাৰ ঈশ্বৰেও নিজকে সংগীত আৰু নৃত্যৰে অভিব্যক্ত কৰে। ভগবান শিৱৰ ‘ডম্বৰু’ হৈছে সৃষ্টিৰ প্ৰথমটো ধ্বনি, আই সৰস্বতীৰ ‘বীণা’ হৈছে বিৱেক আৰু বিদ্যাৰ লয়, শ্ৰীকৃষ্ণৰ ‘বাঁহী’ হৈছে প্ৰেম আৰু সৌন্দৰ্যৰ অমৰ বাৰ্তা, বিষ্ণুজীৰ ‘শংখ’, শংখধ্বনি হৈছে ইতিবাচকতাৰ আহ্বান, ইমানবোৰ সমল আছে আমাৰ হাতত, অলপ আগতে ইয়াত যি মনোমুগ্ধকৰ সাংস্কৃতিক কাৰ্যক্ৰম প্ৰদৰ্শিত হৈ গ’ল তাতো ইয়াৰ নমুনা পৰিলক্ষিত হৈছে। আৰু সেইকৰণেই মই কওঁ- ‘এয়াই হৈছে সময়, এয়াই হৈছে উচিত সময়’। এয়া হৈছে ‘ক্ৰিয়েট ইন ইণ্ডিয়া, ক্ৰিয়েট ফৰ ৱৰ্ল্ড’-ৰ বাবে উচিত সময়। আজি যেতিয়া পৃথিৱীয়ে কাহিনী কোৱাৰ বাবে নতুন পদ্ধতিৰ অন্বেষণ কৰি আছে, সেই মুহূৰ্তত ভাৰতৰ হাতত বহু সহস্ৰ বছৰৰ নিজা কাহিনীৰ মেটমৰা সম্ভাৰ আছে। আৰু এই সম্ভাৰ হৈছে কালাতীত সম্ভাৰ, চিন্তা-উদ্দীপক সম্ভাৰ আৰু আক্ষৰিক অৰ্থতে গোলকীয়ও। আৰু এনে নহয় যে এই সম্ভাৰত কেৱল সংস্কৃতিৰে বিজড়িত বিষয়েই আছে, ইয়াত বিজ্ঞানৰ পৃথিৱী আছে, ক্ৰীড়া আছে, শৌৰ্যৰ কাহিনী আছে ত্যাগ-তপস্যাৰ গাঁথা আছে। আমাৰ কাহিনীত বিজ্ঞানো আছে, ফিকশ্যনো আছে, সাহসো আছে বীৰত্বও আছে, ভাৰতৰ এই সমলৰ ভাণ্ডাৰটো নিতান্তই ডাঙৰ, বৰুকৈয়ে বৃহত্। এই সম্পদক পৃথিৱীৰ প্ৰান্তে প্ৰান্তে লৈ যোৱা, আগন্তুক প্ৰজন্মসমূহৰ কাষলৈ নতুন আৰু আমোদজনকভাৱে উপস্থাপন কৰাৰ ডাঙৰ দায়িত্ব আছে।

 

বন্ধুসকল,

 

আপোনালোকৰ সৰহ সংখ্যকেই জানে যে আমাৰ দেশত ‘পদ্ম সন্মান’ৰ পৰম্পৰা স্বাধীনতাৰ বছৰচেৰকৰ পাছৰে পৰাই আৰম্ভ হৈছিল। ইমান দিন ধৰি এই সন্মান প্ৰদান কৰি অহা হৈছে, পিচে আমি এই সন্মানক ‘পিপুলছ পদ্ম’ কৰি তুলিছো। যিসকল লোকে দেশৰ দূৰ-দূৰণিৰ এলেকাসমূহত, প্ৰান্তে প্ৰান্তে দেশৰ বাবে উত্সৰ্গিত হৈ জীৱন পাত কৰি আহিছে, সমাজৰ সেৱাত নিমগ্ন হৈ আহিছে, আমি তেওঁলোকক বিচাৰি উলিয়াইছোঁ, তেওঁলোকক প্ৰতিষ্ঠা প্ৰদান কৰিছো, তেনেদৰেই ‘পদ্ম সন্মান’ৰ পৰম্পৰাৰ স্বৰূপেই সলনি হৈ গৈছে। এতিয়া সমগ্ৰ দেশেই ইয়াক মুক্ত হৃদয়েৰে মান্যতা প্ৰদান কৰিছে, এতিয়া ই কেৱল এক আয়োজন হৈয়ে নাথাকি সমগ্ৰ দেশৰে উত্সৱ হৈ উঠিছে। সেইদৰেই ‘ৱেভছ’-ও হ’ব। ‘ৱেভছ’-য়ে ‘ক্ৰিয়েটিভ ৱৰ্ল্ড’ত, ফিল্মত, সংগীতত, এনিমেশ্যনত, গে’মিং-ত, ভাৰতৰ প্ৰান্তে প্ৰান্তে যিসকল প্ৰতিভা আছে তেওঁলোকক মঞ্চ প্ৰদান কৰিব, তেন্তে পৃথিৱীয়ে নিশ্চয় ইয়াক প্ৰশংসা কৰিব।

 

বন্ধুসকল,

 

‘কণ্টেণ্ট ক্ৰিয়েশ্যন’ত ভাৰতৰ আৰু এটা বিশেষত্ব আপোনালোকৰ বাবে বহুতেই সহায়ক হ’ব। আমি হৈছো “আ নো ভদ্ৰাঃ ক্ৰতৱো যন্তু বিশ্বতঃ”ৰ ধাৰণাক মানি অহা লোক। ইয়াৰ অৰ্থ হৈছে ‘চাৰিও দিশৰ পৰাই আমাৰ কাষলৈ শুভ ধাৰণা আহে’। এয়া হৈছে আমাৰ ‘চিভিলাইজেশ্যনেল অপেননেছ’ৰ  প্ৰমাণ। এই ভাৱনাকে সাৰোগত কৰি পাৰ্চীসকল আমাৰ দেশলৈ আহিছিল। আৰু আজিও পাৰ্চী সম্প্ৰদায়ে গৌৰৱৰে ভাৰতৰ প্ৰগতি সাধন কৰি আহিছে। ইয়ালৈ জিউছসকল আহিছিল আৰু ভাৰতৰ হৈ গ’ল। পৃথিৱীৰ সকলো সমাজ, সকলো দেশৰে নিজা নিজা সিদ্ধি থাকে। এই আয়োজনত ইয়াত ইমানবোৰ দেশৰ মন্ত্ৰীগণ আছে, প্ৰতিনিধি আছে, সেইসমূহ দেশৰ নিজাববীয়া সফলতা আছে, কিমান যে ধাৰণাক, কলাক আদৰণি জনোৱা, তেওঁলোকক সন্মান প্ৰদৰ্শন কৰা, এয়া হৈছে আমাৰ সংস্কৃতিৰ শক্তি। সেয়ে আমি সকলোৱে মিলি, প্ৰতিটো সংস্কৃতিৰ বেলেগ বেলেগ দেশৰ সাফল্যসমূহৰে বিজড়িত উত্কৃষ্ট ‘কণ্টেণ্টো ক্ৰিয়েট’ কৰিব পাৰিম। ইয়ে ‘গ্লোবেল কণ্টেণ্ট’ৰ আমাৰ এই ‘ভিজন’কো শক্তিশালী কৰিব।

 

বন্ধুসকল,

 

আজি মই ভাৰতৰ বাহিৰৰ সৃষ্টিশীল জগতৰ লোকসকলক আশ্বাস দিব বিচাৰো যে যেতিয়া আপোনালোকে ভাৰতৰ সৈতে সংযোগ স্থাপন কৰিব, যেতিয়া আপোনালোকে ভাৰতৰ কাহিনীবোৰ জানিব পাৰিব, আপোনালোকে এনে কাহিনী বিচাৰি পাব যে, আপোনালোকে অনুভৱ কৰিব যে মোৰ দেশতো এনেবোৰ হয়। আপোনালোকে ভাৰতৰ সৈতে অতি স্বাভাৱিক সংযোগ অনুভৱ কৰিব, তাৰ পিছত আপোনালোকে ‘ক্ৰিয়েট ইন ইণ্ডিয়া’ৰ আমাৰ এই মন্ত্ৰক অধিক আৰামদায়ক অনুভৱ কৰিব।

 

বন্ধুসকল,

 

এয়া হৈছে ভাৰতত ‘অৰেঞ্জ ইকনমী’-ৰ উদয় কাল। ‘কণ্টেণ্ট’, ‘ক্ৰিয়েটিভিটী’ আৰু ‘কালশ্যাৰ’ – এয়া হৈছে ‘অৰেঞ্জ ইকনমী’-ৰ তিনিটা জ্যোতি। ভাৰতীয় চলচ্চিত্ৰসমূহৰ পৰিমাপে এতিয়া পৃথিৱীৰ প্ৰান্তে প্ৰান্তে প্ৰসাৰ লাভ কৰিছে। আজিৰ দিনত শতাধিক দেশত ভাৰতীয় চলচ্চিত্ৰই মুক্তি লাভ কৰে। বিদেশী দর্শকসকলেও এতিয়া ভাৰতীয় চলচ্চিত্ৰসমূহক মাত্ৰ চাব লাগে বাবেই নাচায়, বৰং বুজিবলৈকো চেষ্টা কৰে। সেয়ে আজি বৃহৎ সংখ্যক বিদেশী দর্শক ভাৰতীয় ‘কণ্টেণ্ট’ ‘ছাবটাইটল্ছৰ সৈতে চাবলৈ বিচাৰে। ভাৰতত ‘অ’টিটি’ উদ্যোগে বিগত কিছু বছৰত ১০ গুণ হাৰত প্ৰসাৰ লাভ কৰিছে। স্ক্ৰীণৰ আকাৰ হয়তো সৰু হৈছে পিচে ‘স্কোপ’ কিন্তু অপৰিসীম হৈছে। ‘স্ক্ৰীন মাইক্ৰো’ হৈ গৈ আছে কিন্তু ‘মেছেজ মেগা’ হৈ গৈ আছে। আজিকালি ভাৰতীয় খাদ্য বিশ্বৰ প্ৰিয় হৈ উঠিছে। মই বিশ্বাস কৰোঁ যে অহা দিনসমূহত ভাৰতৰ গীতো বিশ্বৰ পৰিচয় হৈ উঠিব।

 

বন্ধুসকল,

 

ভাৰতৰ ‘ক্ৰিয়েটিভ ইকনমী’য়ে অহা বছৰসমূহত ‘জিডিপি’-ত ইয়াৰ অৱদান আৰু অধিককৈ আগবঢ়াব পাৰে। আজিৰ ভাৰত ছবিৰ নিৰ্মাণ, ডিজিটেল কণ্টেণ্ট, গে’মিং, ফেশ্বন আৰু সংগীতৰ গোলকীয় কেন্দ্ৰ হৈ উঠিছে। ‘লাইভ কনচাৰ্ট’-ৰ স’তে জড়িত উদ্যোগৰ বাবে বহু সম্ভাৱনা আমাৰ সন্মুখত আছে। আজি ‘গ্লোবেল এনিমেশ্যন মাৰ্কেট’-ৰ আকাৰ হৈছে চাৰিশ ত্ৰিশ বিলিয়ন ডলাৰৰো অধিক। অনুমান কৰা হৈছে যে অহা ১০ বছৰত এই পৰিমাণ দুগুণলৈ বৃদ্ধি হ'ব পাৰে। এইটো ভাৰতৰ ‘এনিমেশ্যন আৰু গ্ৰাফিকছ উদ্যোগ’ৰ বাবে অতি ডাঙৰ এখন সুযোগ।

 

সতীৰ্থসকল,

‘অৰেঞ্জ ইকনমী’-ৰ এই উথ্থানত মই ‘ৱেভছ’-ৰ এই মঞ্চৰ পৰা দেশৰ প্ৰত্যেকগৰাকী যুৱ নিৰ্মাতাক ক’ব বিচাৰো, আপুনি লাগিলে গুৱাহাটী মহানগৰীৰ সঙ্গীতজ্ঞ হ’ব পাৰে, কোচিৰ পডকাষ্টাৰ হ’ব, বেংগালূৰুত গে’ম ডিজাইন কৰি থকা ব্যক্তি হ’ব পাৰে বা পঞ্জাৱত ছবি নিৰ্মাণ কৰি থকা হ’ব পাৰে, আপোনালোক সকলোৱে ভাৰতৰ অৰ্থনীতিলৈ এটা নতুন ‘ৱেভ’ অনিছে – সেয়া হৈছে ‘ক্ৰিয়েটিভিটী-ৰ ৱেভ’, এনে এটা লহৰ যিয়ে আপোনাৰ পৰিশ্ৰম, আপোনাৰ উদ্যমশীলতাক আগবাঢ়িবলৈ সহায় কৰিছে। আৰু আমাৰ চৰকাৰো আপোনাৰ প্ৰতিটো প্ৰচেষ্টাত আপোনাৰ সৈতে আছে। ‘স্কিল ইণ্ডিয়া’-ৰ পৰা আৰম্ভ কৰি ‘ষ্টাৰ্টআপ সহযোগিতা’লৈ, ‘এবিজিচি ইণ্ডষ্ট্ৰী’ৰ বাবে নীতিৰ পৰা ‘ৱেভছ-ৰ দৰে প্লেটফৰ্ম’লৈ, আমি প্ৰতিটো পদক্ষেপত আপোনালোকৰ সপোনবোৰ সাৰ্থক কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টাত জড়িত হৈ আছোঁ। আমি এনে এক পৰিবেশ গঢ়ি তুলিছোঁ য'ত আপোনালোকৰ ‘আইডিয়া’ আৰু মননশীলতাৰ মূল্য আছে। যি নতুন সপোনবোৰক জন্ম দিয়ে, আৰু আপোনালোকক সেই সপোনবোৰ সাৰ্থক কৰাৰ সামৰ্থ্য যোগায়। ‘ৱেভছ সন্মিলন’ৰ জৰিয়তে আপোনালোকে এটা ডাঙৰ প্লেটফৰ্ম লাভ কৰিব। এনে এটা প্লেটফৰ্ম, য'ত ‘সৃষ্টিশীলতা আৰু কোডিং’ একেলগে থাকিব, য'ত ‘ছফটৱে’ৰ আৰু কাহিনী বৰ্ণনা’ও একেলগে থাকিব, য'ত ‘শিল্প আৰু অগমেণ্টেড ৰিয়েলিটী’ একেলগে থাকিব। আপোনালোকে এই প্লেটফৰ্মটোৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰক, ডাঙৰ সপোন দেখিবলৈ, সেইবোৰ বাস্তৱায়িত কৰিবলৈ সম্পূৰ্ণ সামৰ্থ্য প্ৰয়োগ কৰক।

 

বন্ধুসকল,

 

মোৰ সম্পূৰ্ণ বিশ্বাস আপোনালোকৰ ওপৰত আছে, কণ্টেন্ট সৃষ্টিকৰোঁতাসকলৰ ওপৰত আছে, আৰু তাৰ কাৰণো আছে। যুৱক-যুৱতীসকলৰ মনোভাৱত, তেওঁলোকৰ কৰ্ম পদ্ধতিত, কোনো বাধা, কোনো বোজা বা কোনো সীমা নাথাকে, সেয়েহে আপোনালোকৰ সৃজনশীলতাই সম্পূৰ্ণৰূপে মুক্তভাৱে কাৰ্য কৰে, ইয়াত কোনো দ্বিধা, কোনো অনিচ্ছা নাথাকে। মই নিজে সাম্প্রতিক সময়ত অনেক যুৱ নিৰ্মাতা, গে’মাৰ, আৰু এনে বহু লোকৰ সৈতে ব্যক্তিগতভাবে মত-বিনিময় কৰিছো। ‘ছ’চিয়েল মিডিয়া’তো মই আপোনালোকৰ সৃজনশীলতা দেখিবলৈ পাইছোঁ, আপোনালোকৰ শক্তি অনুভৱ কৰি আহিছোঁ, এয়া কোনো কাকতালীয় সংযোগ বুলি নহয় যে আজি ভাৰতৰ হাতত বিশ্বৰ আটাইতকৈ ডাঙৰ যুৱ জনসংখ্যা থকাৰ সময়তেই আমাৰ সৃজনশীলতাৰ নতুন নতুন দিশবোৰ সমুখলৈ আহিছে। ৰীল, প'ডকাষ্ট, গে’ম, এনিমেশ্যন, ষ্টাৰ্টআপ, ‘এআৰ-ভিআৰ’ৰ দৰে ফৰ্মেটসমূহ, আমাৰ যুৱক-যুৱতীসকলে এই সকলো ফৰ্মেটতে সুন্দৰ কাম কৰি আছে। সঠিক অৰ্থতে ‘ৱেভছ’ হৈছে আপোনালোকৰ প্ৰজন্মৰ বাবে, যাতে আপোনালোকে আপোনালোকৰ শক্তি, আপোনালোকৰ কার্যক্ষমতাৰে, সৃজনশীলতাৰ এই সম্পূৰ্ণ বিপ্লৱটোক পুনৰ কল্পনা কৰিব পাৰে, পুনৰ সংজ্ঞায়িত কৰিব পাৰে।

 

বন্ধুসকল,

 

সৃজনশীলতাৰ পৃথিৱীখনৰ আপোনালোক দিগগজসকলৰ সন্মুখত মই আৰু এটা বিষয়ৰ আলোচনা কৰিব বিচাৰিছোঁ। এই বিষয়টো হৈছে- সৃজনশীল দায়িত্ব, আমি সকলোৱে দেখিছো যে ২১ শতিকা, যিটো হৈছে প্ৰযুক্তি-সঞ্চালিত শতিকা। প্ৰত্যেক ব্যক্তিৰ জীৱনত প্ৰযুক্তিৰ ভূমিকা অবিৰতভাৱে বৃদ্ধি পাইছে। এনে পৰিস্থিতিত মানৱীয় সংবেদনাসমূহ অটুট ৰাখিবলৈ অতিৰিক্ত প্ৰচেষ্টাৰ প্ৰয়োজন। এয়া সৃজনশীল পৃথিৱীখনেই কেৱল কৰিব পাৰিব। আমি মানুহক ‘ৰবট’ হ’বলৈ দিব নোৱাৰো। আমি মানুহক যিমান পাৰো সিমান সংবেদনশীল কৰি তুলিব লাগিব, তেওঁলোকক আৰু অধিক সমৃদ্ধ কৰিব লাগিব। মানুহৰ এই সমৃদ্ধি, তথ্যৰ পাহাৰ পৰিসৰেৰে নহ’ব, ই প্ৰযুক্তিৰ গতি আৰু উপলব্ধতাৰেও নাহে, ইয়াৰ বাবে আমি গীত, সংগীত, শিল্প, নৃত্যক গুৰুত্ব দিব লাগিব। সহস্ৰ বছৰ ধৰি এই মানৱীয় সংবেদনাসমূহ জাগ্ৰত কৰি অহা হৈছে। আমি ইয়াক  অধিক শক্তিশালী কৰিব লাগিব। আমি আৰু এটা গুৰুত্বপূর্ণ কথা মনত ৰাখিব লাগিব। আজিৰ আমাৰ যুৱ প্ৰজন্মক কিছুমান মানবতা-বিৰোধী ভাবনাৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে। ‘ৱেভছ’ এনে এখন মঞ্চ যিয়ে এই কাম কৰিব পাৰিব। যদি আমি এতিয়া এই দায়িত্বৰ পৰা পিছ ভৰি দিওঁ তেন্তে, এই যুৱ প্ৰজন্মৰ বাবে ই অধিক ক্ষতিকাৰক হ’ব।

 

বন্ধু-বান্ধৱী সকল, 

 

আজিৰ প্ৰযুক্তিয়ে সৃজনশীল বিশ্বৰ বাবে মুকলি আকাশ সৃষ্টি কৰিছে, সেয়ে এতিয়া ‘গ্লোবেল সমন্বয়ো’ সিমানেই প্রয়োজনীয় হৈ উঠিছে। মই বিশ্বাস কৰোঁ, এইখন প্লেটফৰ্ম-য়ে আমাৰ নিৰ্মাতাসকলক ‘গ্লোবাল ষ্টৰীটেলাৰ’সকলৰ সৈতে সংযুক্ত কৰিব, আমাৰ ‘এনিমেটৰ’সকলক ‘গ্লোবেল ভিশ্বনাৰী’সকলৰৰ সৈতে জড়িত কৰিব, আমাৰ ‘গে’মাৰ’সকলক ‘গ্লোবেল চেম্পিয়ন’ত পৰিণত কৰিব। মই সকলো ‘গ্লোবেল বিনিয়োগকাৰী’ক, ‘গ্লোবেল ক্ৰিয়েটৰ্ছ’ক আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে ভাৰতক আপোনালোকৰ ‘কণ্টেণ্ট প্লে’গ্ৰাউণ্ড’ কৰি তোলক। বিশ্বৰ নিৰ্মাতাসকলৰ প্ৰতি আহ্বান – ‘ড্ৰীম বিগ এণ্ড ছেল ইঅ’ৰ ষ্টৰী’। বিনিয়োগকাৰীসকলৰ প্ৰতি আহ্বান  – ‘ইনভেষ্ট নট জাষ্ট ইন প্লেটফৰ্ম, বাট ইন পিপুল’। ভাৰতীয় যুৱক-যুৱতীসকলৰ প্ৰতি আহ্বান – ‘টেল ইঅ’ৰ ওৱান বিলিয়ন আনটল্ড ষ্টৰিজ টু দা ৱৰ্ল্ড’!

 

আপোনালোকে সকলোকে প্ৰথম ‘ৱেভছ সন্মিলন’ৰ বাবে শুভেচ্ছা জনাইছোঁ, পুনৰৰাই বহুত বহুত ধন্যবাদ জনাইছোঁ।

 

নমস্কাৰ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, the world does not suffer from a shortage of resources; it suffers from a shortage of trust: PM Modi at G7 Summit in Evian, France
June 16, 2026

राष्ट्रपति मैक्रों,
Your Excellencies,

नमस्कार!

G-7 समिट में हमारे गर्मजोशी भरे स्वागत के लिए मैं राष्ट्रपति मैक्रों का हार्दिक आभार व्यक्त करता हूँ।

Friends,

आज का विश्व पहले से कहीं अधिक inter-connected और inter-dependent है। किसी भी देश की ऊर्जा सुरक्षा, खाद्य सुरक्षा, स्वास्थ्य सुरक्षा, साइबर सुरक्षा और आर्थिक समृद्धि केवल उसकी सीमाओं के भीतर तय नहीं होती। Mobility, data, capital, technology, ये सभी हमें आपस में जोड़ते हैं।

ऐसे समय में Partnerships का महत्व स्वाभाविक रूप से बढ़ जाता है। लेकिन साझेदारियाँ तभी सफल होती हैं जब उनके केंद्र में विश्वास हो। आज सबसे महत्वपूर्ण Strategic Asset कोई mineral, technology या market नहीं, बल्कि आपसी विश्वास है।

विश्वास कि टेक्नॉलजी और supply chains को हथियार के रूप में नहीं, global good के लिए इस्तेमाल किया जाएगा। विश्वास कि विकास के अवसर कुछ देशों तक सीमित नहीं रहेंगे। विश्वास कि वैश्विक संस्थान सभी देशों की आकांक्षाओं को पूरा करने में सक्षम होंगे।

Friends,

पिछली सदी में मानवता को दो विश्व युद्धों से गुज़रना पड़ा। अनेक बलिदानों के बाद विश्व समुदाय ने शांति, स्थिरता और समृद्धि की ओर बढ़ने के लिए व्यवस्थाएं विकसित की। इन व्यवस्थाओं का आधार भी trust ही था।

किन्तु अनेक दशकों से, अनेक पीढ़ियों के योगदान से बनाए गए विश्वास को आज चोट पहुँच रही है। कोविड ने हमें आईना दिखाया कि trust और solidarity के दावे कितने खोखले थे।

Today the world does not suffer from a shortage of resources; it suffers from a shortage of trust. And the future of our partnerships depends on building this trust.

अमेरिका के राष्ट्रपति रोनल्ड रेगन ने कहा था: Trust but Verify. यह आज के समय में भी प्रासंगिक है। भावी पीढ़ियों के प्रति हमारा दायित्व है कि हम नए युग के अनुरूप trusted rules based order का निर्माण करें।

Friends,

भारत ने सदैव विश्व को एक परिवार के रूप में देखा है। हमारे सभी प्रयास “सर्वजन हिताय, सर्वजन सुखाय” यानि, welfare and happiness for all के मूल सिद्धांत पर आधारित रहे हैं।

भारत का अनुभव दिखाता है कि विकास सबसे अधिक प्रभावी तब होता है जब वह लोगों की आकांक्षाओं से जुड़ा हो। यही सिद्धांत हमारी अंतरराष्ट्रीय साझेदारियों का भी आधार है। इसी सोच के साथ भारत ने International Solar Alliance, Coalition for Disaster Resilient Infrastructure, ग्लोबल बायोफ्यूल्स एलायंस, Mission LiFE, और “एक पेड़ माँ के नाम” जैसी वैश्विक पहलों को आगे बढ़ाया है।

संकट के समय भारत ने First Responder के रूप में सभी देशों की सहायता करना अपना दायित्व समझा है। कोविड महामारी के दौरान भारत ने डेढ़ सौ से अधिक देशों को दवाइयाँ और vaccines उपलब्ध कराईं।

श्रीलंका में cyclone हो, अफगानिस्तान में भूकंप हो, मोज़ाम्बिक में floods हों, या क्यूबा और जमैका में hurricane, भारत ने सदैव "Humanity First" के सिद्धांत पर कार्य किया है। हमारी विकास साझेदारियाँ भी इसी भावना को प्रतिबिंबित करती हैं। हमारे प्रयास पार्टनर देशों में capacity building और कौशल विकास पर केन्द्रित रहे हैं।

भारत का मानना है: The true test of partnership is not what we build for others, but what we enable others to build for themselves.

Friends,

आज ग्लोबल साउथ की विश्व समुदाय से बहुत उम्मीदें हैं। किन्तु उनकी अपेक्षा सहारे की नहीं, साथ की है। वे वैश्विक विकास के लाभार्थी नहीं, उसके भागीदार बनना चाहते हैं।

हमें donor–recipient की सोच से आगे बढ़कर, equal पार्टनर्स के रूप में काम करना होगा। उनके पास-पास नहीं, साथ-साथ चलना होगा। साझेदारी को dependency के बजाय, dignity से जोड़ना होगा। इन प्रयासों से हम भावी पीढ़ियों के सतत विकास की मजबूत नींव रख सकेंगे।

Friends,

अंतरराष्ट्रीय साझेदारियाँ और वैश्विक एकजुटता तभी सार्थक बन सकती हैं, जब हम साझा चुनौतियों का मिलकर समाधान करें। भारत का दृढ विश्वास है कि विश्व के विभिन्न हिस्सों में चल रहे तनावों और युद्धों का स्थायी समाधान dialogue, diplomacy और अंतरराष्ट्रीय सहयोग के मार्ग से ही संभव है।

हम west asia में शांति प्रयासों में हुई प्रगति का स्वागत करते हैं। इस संघर्ष से west asia में हमारे मित्र देशों को जान-माल का नुकसान झेलना पड़ा है। होर्मुज़ स्ट्रेट में maritime ट्रेड में आई बाधा के कारण पूरे विश्व की अर्थव्यवस्था को नुकसान पहुंचा। भारत के कई civilians को जान गंवानी पड़ी। Global maritime ट्रेड के माध्यम से सभी देशों को आपस में जोड़ने वाले नाविकों की सुरक्षा हमारा दायित्व है। हमें यह सुनिश्चित करना होगा कि समुद्री मार्ग सुरक्षित रहें, और Seafarers बिना भय के अपना कार्य कर सकें।

Friends,

भारत इन विषयों पर सभी पार्टनर्स के साथ मिलकर काम करने के लिए पूरी तरह से तैयार है।

बहुत-बहुत धन्यवाद।