জলসিঞ্চন, শক্তি, পথ, ৰে’ল, পানী যোগান, কয়লা আৰু উদ্যোগৰ খণ্ডত সমগ্ৰ মধ্যপ্ৰদেশত প্ৰায় ১৭,০০০ কোটি টকাৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা
মধ্যপ্ৰদেশত আৰম্ভ হৈছে চাইবাৰ তহচিল প্ৰকল্প
"মানুহৰ কল্যাণৰ প্ৰতি দায়বদ্ধ মধ্যপ্ৰদেশৰ ডাবল ইঞ্জিন চৰকাৰ"
"ভাৰত তেতিয়াহে বিকশিত হ'ব যেতিয়া ইয়াৰ ৰাজ্যসমূহৰ বিকাশ হ'ব"
প্ৰধানমন্ত্ৰীয়ে কয়, "উজ্জয়িনৰ বিক্ৰমাদিত্য বৈদিক ঘড়ী 'কাল চক্ৰ'ৰ সাক্ষী হ'ব, যেতিয়া ভাৰতে উন্নত দেশ হোৱাৰ পথত আগবাঢ়িছে"
"ডাবল ইঞ্জিন চৰকাৰে দুগুণ গতিৰে উন্নয়নৰ কাম কৰি আছে"
"চৰকাৰে গাঁওবোৰক চহকী কৰি তোলাত বহুত গুৰুত্ব দিছে"
প্ৰধানমন্ত্ৰীয়ে কয় যে মধ্যপ্ৰদেশৰ জলসিঞ্চন খণ্ডত আমি এক বিপ্লৱৰ সাক্ষী হৈ আছো
"যোৱা ১০ বছৰত সমগ্ৰ বিশ্বতে ভাৰতৰ সুনাম যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে"

নমস্কাৰ!

'বিকশিত ৰাজ্যৰ পৰা বিকশিত ভাৰত অভিযান'ত আজি আমি মধ্যপ্ৰদেশৰ আমাৰ ভাতৃ-ভগ্নীসকলৰ সৈতে সংযুক্ত হৈছোঁ। কিন্তু এই বিষয়ে কোৱাৰ আগতে মই ডিন্দোৰি পথ দুৰ্ঘটনাক লৈ মোৰ দুখ প্ৰকাশ কৰিছোঁ। এই দুৰ্ঘটনাত যিসকল লোকে নিজৰ পৰিয়ালৰ সদস্যক হেৰুৱাইছে মোৰ সমবেদনা তেওঁলোকৰ সৈতে আছে। আহতসকলৰ চিকিৎসাৰ সকলো ব্যৱস্থা চৰকাৰে কৰি আছে। শোকৰ এই সময়ত মই মধ্যপ্ৰদেশৰ জনসাধাৰণৰ লগত আছোঁ।

বন্ধুসকল,

এই সময়ত মধ্যপ্ৰদেশৰ প্ৰতিখন লোকসভা-বিধানসভাৰ আসনতে বিকশিত মধ্যপ্ৰদেশৰ সংকল্পৰ সৈতে লাখ লাখ বন্ধু জড়িত হৈ আছে। যোৱা কেইদিনমানৰ পৰা দেশৰ বিভিন্ন ৰাজ্যই এনেদৰেই বিকাশৰ সংকল্প লৈছে। কাৰণ ৰাজ্যৰ বিকাশ হ’লেহে ভাৰতৰ বিকাশ হ’ব৷ আজি এই সংকল্প যাত্ৰাত মধ্যপ্ৰদেশে যোগদান কৰিছে। মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

কাইলৈৰ পৰাই মধ্যপ্ৰদেশত ৯ দিনৰ বিক্ৰমোৎসৱ আৰম্ভ হ'ব। এয়া আমাৰ গৌৰৱময় ঐতিহ্য আৰু বৰ্তমানৰ উন্নয়নৰ উদযাপন। আমাৰ চৰকাৰে ঐতিহ্য আৰু উন্নয়নক কেনেকৈ একেলগে লৈ আগবাঢ়ে তাৰ প্ৰমাণউ জ্জয়িনত স্থাপন কৰা বৈদিক ঘড়ীও। বাবা মহাকালৰ চহৰখন এসময়ত সমগ্ৰ বিশ্বৰ বাবে কাল গণনাৰ কেন্দ্ৰ আছিল। কিন্তু সেই গুৰুত্ব পাহৰাই দিয়া হৈছিল। এতিয়া আমি বিশ্বৰ প্ৰথম "বিক্ৰমাদিত্য বৈদিক ঘড়ী" পুনৰ প্ৰতিষ্ঠা কৰিছোঁ। ই কেৱল আমাৰ চহকী অতীতৰ কথা মনত পেলোৱাৰ সুযোগ নহয়, ই সেই কাল চক্ৰৰো সাক্ষী হ’বলৈ গৈ আছে, যিয়ে ভাৰতক বিকশিত কৰি তুলিব।

বন্ধুসকল,

আজি মধ্যপ্ৰদেশৰ লোকসভাৰ আটাইকেইখন আসনে একেলগে প্ৰায় ১৭ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প লাভ কৰিছে। ইয়াৰ ভিতৰত খোৱাপানী আৰু জলসিঞ্চন প্ৰকল্পও অন্যতম। ইয়াৰ ভিতৰত বিদ্যুৎ, পথ, ৰে'লৱে, ক্ৰীড়া কমপ্লেক্স, কমিউনিটি হল, আৰু অন্যান্য উদ্যোগৰ সৈতে জড়িত প্ৰকল্পসমূহো অন্তৰ্ভুক্ত। কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ ৩০টাতকৈও অধিক ৰে'ল ষ্টেচনৰ আধুনিকীকৰণৰ কামো আৰম্ভ হৈছে। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ বিকাশ দুগুণ গতিৰে। এই প্ৰকল্পসমূহে মধ্যপ্ৰদেশৰ জনসাধাৰণৰ জীৱন সহজ কৰি তুলিব, আৰু ইয়াত বিনিয়োগ আৰু চাকৰিৰ নতুন সুযোগ সৃষ্টি কৰিব। ইয়াৰ বাবে আপোনালোক সকলোকে অশেষ অভিনন্দন।

 

বন্ধুসকল,

আজি সকলোতে মাত্ৰ এটা কথা শুনা যায় - এইবাৰ ৪০০ পাৰ, এইবাৰ ৪০০ পাৰ! এইবাৰ জনসাধাৰণে নিজেই নিজৰ মৰমৰ চৰকাৰখন ঘূৰি অহাৰ বাবে এনে শ্লোগান উত্থাপন কৰিছে। এই শ্লোগান বিজেপিয়ে নহয় দেশৰ জনসাধাৰণে দিছে। মোদীৰ গেৰাণ্টীৰ প্ৰতি দেশৰ ইমান বিশ্বাস ভাব বিভোৰ কৰাধৰণৰ।

কিন্তু বন্ধুসকল,

আমাৰ বাবে এয়া মাত্ৰ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ লক্ষ্য, সেয়া নহয়। তৃতীয়বাৰৰ বাবে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি দেশখনক তৃতীয় বৃহত্তম অৰ্থনৈতিক মহাশক্তি হিচাপে গঢ়ি তুলিছোঁ। আমাৰ বাবে চৰকাৰ গঠন কৰাটো চূড়ান্ত লক্ষ্য নহয়, আমাৰ বাবে চৰকাৰ গঠন কৰাটো দেশ গঢ়াৰ এক মাধ্যম। মধ্যপ্ৰদেশতো আমি একেই দেখিবলৈ পাইছোঁ। যোৱা দুটা দশক ধৰি আপোনালোকে আমাক অবিৰতভাৱে সুযোগ দি আহিছে। আজিও আপোনালোকে দেখিছে যে নতুন চৰকাৰৰ যোৱা কেইমাহমানত উন্নয়নৰ প্ৰতি কিমান উদ্যম আৰু উৎসাহ আছে। আৰু এতিয়াই, মই মোৰ সন্মুখৰ পৰ্দাখনলৈ চাই আছোঁ, মই মাত্ৰ মানুহেই মানুহ দেখিছোঁ। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত ১৫ লাখৰো অধিক লোকক সংযোগ কৰা হৈছে, ২০০ৰো অধিক স্থানত সংযোগ কৰা হৈছে। এই ঘটনাটো স্বাভাৱিক নহয় আৰু মই ইয়াত টিভিত নিজ চকুৰে চাই আছোঁ। ইমান উৎসাহ, ইমান উদ্দীপনা, ইমান উদ্যম দেখা গৈছে, মই পুনৰবাৰ মধ্যপ্ৰদেশৰ ভাতৃসকলৰ এই মৰমক প্ৰণাম জনাইছোঁ, আপোনালোকৰ এই আশীৰ্বাদক প্ৰণাম জনাইছোঁ।

বন্ধুসকল,

বিকশিত মধ্যপ্ৰদেশ নিৰ্মাণৰ বাবে ডাবল ইঞ্জিন চৰকাৰে কৃষি, উদ্যোগ আৰু পৰ্যটনৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আজি মা নৰ্মদাত নিৰ্মাণ হৈ থকা তিনিটা জল প্ৰকল্পৰ ভূমি পূজন হৈছে। এই প্ৰকল্পসমূহে জনজাতীয় অঞ্চলৰ জলসিঞ্চনৰ লগতে খোৱাপানীৰ সমস্যা সমাধান কৰিব। মধ্যপ্ৰদেশত জলসিঞ্চনৰ ক্ষেত্ৰত এক নতুন বিপ্লৱ ঘটি থকা আমি দেখিবলৈ পাইছোঁ। বুণ্ডেলখণ্ডৰ লাখ লাখ পৰিয়ালৰ জীৱন সলনি কৰিবলৈ গৈ আছে কেন-বেতৱা লিংক প্ৰজেক্টে। কৃষকৰ পথাৰত যেতিয়া পানী পায়, ইয়াতকৈ ডাঙৰ সেৱা কি হ’ব পাৰে? জলসিঞ্চন আঁচনিখনো বিজেপি চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰৰ মাজত থকা পাৰ্থক্যৰ উদাহৰণ। ২০১৪ চনৰ আগৰ ১০ বছৰত দেশৰ প্ৰায় ৪০ লাখ হেক্টৰ মাটি ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনলৈ অনা হৈছিল। কিন্তু আমাৰ সেৱাৰ যোৱা ১০ বছৰত এই পৰিমাণ দুগুণ অৰ্থাৎ প্ৰায় ৯০ লাখ হেক্টৰ খেতি ক্ষুদ্ৰ জলসিঞ্চনৰ সৈতে জড়িত হৈ পৰিছে। ইয়াৰ পৰাই বুজা যায় বিজেপি চৰকাৰৰ অগ্ৰাধিকাৰ কি। ইয়াৰ পৰা বুজা যায় যে বিজেপি চৰকাৰ মানে গতি আৰু প্ৰগতি।

 

বন্ধুসকল,

ক্ষুদ্ৰ কৃষকৰ আন এটা ডাঙৰ সমস্যা হৈছে গুদামৰ অভাৱ। ইয়াৰ বাবেই ক্ষুদ্ৰ কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী পেলনীয়া দামত বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। এতিয়া আমি ষ্ট’ৰেজৰ সৈতে জড়িত বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিকল্পনাৰ কাম কৰি আছোঁ। অনাগত বছৰবোৰত দেশত নিৰ্মাণ হ’ব হাজাৰ হাজাৰ বৃহৎ গুদাম। ইয়াৰ লগে লগে দেশত ৭০০ লাখ মেট্ৰিক টন শস্য মজুত কৰাৰ ব্যৱস্থাৰ সৃষ্টি হ’ব। ইয়াৰ বাবে চৰকাৰে ১.২৫ লাখ কোটিতকৈ অধিক টকা ব্যয় কৰিবলৈ ওলাইছে।

বন্ধুসকল,

আমাৰ চৰকাৰে গাঁওবোৰক আত্মনিৰ্ভৰ কৰি তোলাত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে সহযোগিতা বৃদ্ধি কৰা হৈছে। এতিয়ালৈকে আমি গাখীৰ আৰু চুপাৰি খণ্ডত সহযোগিতাৰ লাভ দেখিবলৈ পাইছোঁ। শস্য, ফলমূল, শাক-পাচলি, মাছ আদি প্ৰতিটো খণ্ডতে সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বিজেপি চৰকাৰে। ইয়াৰ বাবে লাখ লাখ গাঁৱত সমবায় সমিতি আৰু সমবায় অনুষ্ঠান গঠন কৰা হৈছে।

খেতি হওক, পশুপালন হওক, মৌপালন হওক, হাঁহ-কুকুৰা, মীন পালন হওক, সকলো দিশতে গাঁৱৰ আয় বৃদ্ধিৰ প্ৰচেষ্টা।

বন্ধুসকল,

বিগত সময়ত গাঁওৰ বিকাশত আন এক বৃহৎ সমস্যাৰ সৃষ্টি হৈছিল। গাঁৱৰ মাটি আৰু গাঁৱৰ সম্পত্তিক লৈ বহু বিবাদৰ সৃষ্টি হৈছিল। গাঁৱৰ মানুহে তহচিলবোৰ ঘূৰি ফুৰিবলগীয়া হৈছিল সৰু সৰু মাটি সম্পৰ্কীয় কামৰ বাবে। এতিয়া আমাৰ ডাবল ইঞ্জিন চৰকাৰে পিএম স্বামীত্ব যোজনাৰ জৰিয়তে এনে সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে। আৰু মালিকানাধীন আঁচনিৰ অধীনত মধ্যপ্ৰদেশে বহুত ভাল কাম কৰি আছে। মধ্যপ্ৰদেশত ড্ৰ’ন ব্যৱহাৰ কৰি ১০০ শতাংশ গাঁৱৰ জৰীপ কৰা হৈছে। এই পৰ্যন্ত ২০ লাখৰো অধিক মালিকীস্বত্ব কাৰ্ড দিয়া হৈছে। গাঁৱৰ ঘৰৰ আইনী নথি-পত্ৰ লাভ কৰি দুখীয়া মানুহ বহু ধৰণৰ বিবাদৰ পৰা ৰক্ষা পৰিব। প্ৰতিটো বিপদৰ পৰা দুখীয়াক বচাবলৈ মোদীৰ গেৰাণ্টী। আজি মধ্যপ্ৰদেশৰ ৫৫খন জিলাতে চাইবাৰ তহচিল কাৰ্যসূচীও সম্প্ৰসাৰণ কৰা হৈছে। এতিয়া নাম স্থানান্তৰ আৰু পঞ্জীয়নৰ সৈতে জড়িত বিষয়সমূহ কেৱল ডিজিটেল মাধ্যমৰ জৰিয়তেহে সমাধান কৰা হ’ব। ইয়াৰ ফলত গ্ৰাম্য পৰিয়ালৰ সময় আৰু খৰচো ৰাহি হ’ব।

বন্ধুসকল,

মধ্যপ্ৰদেশৰ যুৱক-যুৱতীসকলে বিচাৰে যে এমপি দেশৰ অন্যতম আগশাৰীৰ ঔদ্যোগিক ৰাজ্য হওক। মধ্যপ্ৰদেশৰ প্রতিজন যুৱকক, বিশেষকৈ প্রথমবাৰৰ ভোটাৰক ক’ব বিচাৰিছোঁ যে বিজেপি চৰকাৰে আপোনালোকৰ বাবে নতুন সুযোগ সৃষ্টিৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই৷ আপোনালোকৰ সপোনেই মোদীৰ সংকল্প। মধ্যপ্ৰদেশ আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়াৰ এক শক্তিশালী স্তম্ভ হৈ পৰিব। মৰেনাৰ সীতাপুৰত মেগা লেদাৰ এণ্ড ফুটৱেৰ ক্লাষ্টাৰ, ইন্দোৰৰ ৰেডিমেড গাৰ্মেণ্ট ইণ্ডাষ্ট্ৰীৰ বাবে পাৰ্ক, মন্দসৌৰত ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক সম্প্ৰসাৰণ, ধৰ ঔদ্যোগিক উদ্যানৰ নতুন নিৰ্মাণ, এই সকলোবোৰ এই দিশত লোৱা পদক্ষেপ। আনকি কংগ্ৰেছ চৰকাৰসমূহে উৎপাদন ক্ষেত্ৰত আমাৰ পৰম্পৰাগত শক্তিকো ধ্বংস কৰি পেলাইছিল। আমাৰ ইয়াত খেলনা নিৰ্মাণৰ ইমান ডাঙৰ পৰম্পৰা আছে। কিন্তু পৰিস্থিতি এনেকুৱা আছিল যে কেইবছৰমান আগলৈকে আমাৰ বজাৰ আৰু ঘৰবোৰ বিদেশী খেলনাৰে ভৰি আছিল। আমি দেশৰ আমাৰ পৰম্পৰাগত খেলনা নিৰ্মাণৰ সহকৰ্মী বিশ্বকৰ্মা পৰিয়ালক সহায় কৰিলোঁ। আজি বিদেশৰ পৰা খেলনা আমদানি যথেষ্ট হ্ৰাস পাইছে। আচলতে আজি আমি আমদানি কৰা খেলনাতকৈ বেছি খেলনা ৰপ্তানি কৰিছোঁ। আমাৰ বুধনীৰ খেলনা বনোৱা বন্ধুসকলৰ বাবেও বহু সুযোগ সৃষ্টি হ’বলৈ গৈ আছে। আজি বুধনীত যিবোৰ সুবিধাৰ ওপৰত কাম আৰম্ভ হৈছে, সেইবোৰে খেলনা নিৰ্মাণৰ ক্ষেত্ৰত এক উত্থান দিব।

ভাতৃ আৰু ভগ্নীসকল,

যাক কোনেও নোসোধে, তেওঁক মোদীয়ে সুধিছে। এতিয়া দেশৰ এনে পৰম্পৰাগত কামৰ লগত জড়িত সহকৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ প্ৰচাৰৰ দায়িত্বও মোদীয়ে গ্ৰহণ কৰিছে। মই আপোনালোকৰ কলা আৰু আপোনালোকৰ দক্ষতাক দেশ আৰু বিশ্বত প্ৰচাৰ কৰি আছোঁ আৰু কৰি যাম। যেতিয়া মই বিদেশী অতিথিক উপহাৰ হিচাপে কটেজ উদ্যোগৰ সামগ্ৰী দিওঁ, তেতিয়া আপোনালোককো প্ৰচাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰোঁ। যেতিয়া মই লোকেলৰ বাবে ভোকেল হোৱাৰ কথা কওঁ তেতিয়া আপোনালোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰতিখন ঘৰলৈ একপ্ৰকাৰ বাৰ্তা প্ৰেৰণ কৰিছোঁ।

 

বন্ধুসকল,

যোৱা ১০ বছৰত সমগ্ৰ বিশ্বতে ভাৰতৰ সুনাম বহু পৰিমাণে বৃদ্ধি পাইছে। আজি বিশ্বৰ দেশবোৰে ভাৰতৰ লগত বন্ধুত্ব গঢ়িবলৈ ভাল পায়। আজি কোনো ভাৰতীয় যদি বিদেশলৈ যায় তেন্তে তেওঁ বহুত সন্মান লাভ কৰে। ভাৰতৰ এই বৰ্ধিত বিশ্বাসযোগ্যতাৰ প্ৰত্যক্ষ লাভ বিনিয়োগ আৰু পৰ্যটনত আছে। আজি অধিক সংখ্যক লোকে ভাৰতলৈ আহিব বিচাৰে। ভাৰতলৈ আহিলে মধ্যপ্ৰদেশলৈ অহাটো অতি স্বাভাৱিক। কাৰণ মধ্যপ্ৰদেশ আচৰিত, মধ্যপ্ৰদেশ ব্যতিক্ৰম। যোৱা কেইবছৰমানৰ পৰা ওমকাৰেশ্বৰ আৰু মমলেশ্বৰত ভক্তৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছে। ওমকাৰেশ্বৰ আদি গুৰু শংকৰাচাৰ্যৰ স্মৃতিত একাত্ম ধাম নিৰ্মাণৰ বিকাশৰ লগে লগে এই সংখ্যা আৰু বৃদ্ধি পাব। ২০২৮ চনত উজ্জয়িনতো অনুষ্ঠিত হ’ব লগা হৈছে সিংহস্থ কুম্ভ। ইন্দোৰৰ ইছাপুৰৰ পৰা ওমকাৰেশ্বৰলৈ ৪ লেনযুক্ত পথ নিৰ্মাণে ভক্তসকলক অধিক সুবিধা প্ৰদান কৰিব। আজি উদ্বোধন কৰা ৰে’ল প্ৰকল্পসমূহে মধ্যপ্ৰদেশৰ সংযোগ আৰু অধিক শক্তিশালী কৰিব। যেতিয়া সংযোগৰ উন্নতি হয়, সেয়া কৃষি হওক, পৰ্যটন হওক বা উদ্যোগ হওক, সকলোৱে লাভৱান হয়।

বন্ধুসকল,

যোৱা ১০ বছৰত আমাৰ নাৰী শক্তিৰ উত্থান ঘটিছে। মোদীৰ গেৰাণ্টী আছিল যে মই মাতৃ-ভগ্নীৰ জীৱনৰ প্ৰতিটো অসুবিধা আৰু প্ৰতিটো দুখ দূৰ কৰিবলৈ সৎ প্ৰচেষ্টা চলাম। এই গেৰাণ্টী মই সম্পূৰ্ণ সততাৰে পূৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু আগন্তুক ৫ বছৰ আমাৰ ভগ্নী আৰু কন্যাৰ অভূতপূৰ্ব সৱলীকৰণৰ হ'ব। আগন্তুক ৫ বছৰত প্ৰতিখন গাঁৱতে বহুতো লাখপতি দিদি সৃষ্টি হ'ব। আগন্তুক ৫ বছৰত গাঁৱৰ ভগ্নীসকল, নমো ড্ৰোন দিদি হৈ, খেতিৰ ক্ষেত্ৰত এক নতুন বিপ্লৱৰ আধাৰ হ’ব। অনাগত ৫ বছৰত ভগ্নীসকলৰ অৰ্থনৈতিক অৱস্থাত অভূতপূৰ্ব উন্নতি হ'ব। শেহতীয়াকৈ এটা ৰিপৰ্ট আহিছে। এই অনুযায়ী, বিগত ১০ বছৰত দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে কৰা কামৰ বাবে গাঁৱৰ দৰিদ্ৰ পৰিয়ালসমূহৰ উপাৰ্জন দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি, চহৰতকৈ গাঁৱৰ আয় দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱা ১০ বছৰত ২৫ কোটি দেশবাসী দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। তাৰমানে বিজেপি চৰকাৰে সঠিক দিশত কাম কৰি আছে। মোৰ বিশ্বাস যে মধ্যপ্ৰদেশে ইমান দ্ৰুত গতিৰে উন্নয়নৰ নতুন উচ্চতা অৰ্জন কৰি যাব। আকৌ এবাৰ আপোনালোক সকলোকে উন্নয়নমূলক কামৰ বাবে অভিনন্দন জনাইছোঁ। আৰু আজি আপোনালোক ইমান বৃহৎ সংখ্যাত ভিডিঅ’ কনফাৰেন্সৰ কাৰ্যসূচীলৈ আহিল, আপোনালোকে এটা নতুন ইতিহাস সৃষ্টি কৰিলে। মই আপোনালোক সকলো ভাতৃ-ভগ্নীক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles loss of lives in firecracker factory mishap in Kaushambi
August 31, 2026
PM announces ex-gratia from Prime Minister’s National Relief Fund

The Prime Minister, Shri Narendra Modi has expressed deep sorrow over the loss of lives in a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. Shri Modi conveyed his condolences to the bereaved families and prayed for the speedy recovery of the injured.

Shri Modi also announced an ex-gratia of ₹2 lakh from the Prime Minister’s National Relief Fund (PMNRF) to the next of kin of each deceased and ₹50,000 for the injured.

The Prime Minister posted on X;

Extremely saddened by the loss of lives due to a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi