Rajmata Scindia proved that for people's representatives not 'Raj Satta' but 'Jan Seva' is important: PM
Rajmata had turned down many posts with humility: PM Modi
There is lots to learn from several aspects of Rajmata's life: PM Modi

নমস্কাৰ!

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগীসকল, বেলেগ বেলেগ ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীসকল, দেশ-বিদেশেৰে জড়িত ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া জীৰ প্ৰশংসক তথা পৰিয়ালৰ সদস্য, তেওঁৰ স্নেহভাজন আৰু মোৰ মৰমৰ ভাই-ভনীসকল।

 

আজি ইয়াত এই কাৰ্যক্ৰমলৈ অহাৰ পূৰ্বে মই বিজয়াৰাজে জীৰ জীৱনী কিছু ফঁহিয়াই চাইছিলো। কিছুমান পৃষ্ঠাত মোৰ চকু পৰে। তাত এটা প্ৰসংগ আছে একতা যাত্ৰাৰ য'ত তেওঁ মোৰ পৰিচয় গুজৰাটৰ যুৱনেতা নৰেন্দ্ৰ মোদী হিচাপে কৰাইছে।

 

আজি ইমান বছৰৰ পিছত, তেওঁৰ সেই নৰেন্দ্ৰ দেশৰ প্ৰধান সেৱক হৈ, তেওঁৰ বহু স্মৃতিৰ সৈতে আজি আপোনালোকৰ সন্মুখত আছে। আপোনালোকে হয়তো জানে যেতিয়া কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ এটা যাত্ৰা আৰম্ভ হৈছিল ড৹ মুৰলী মনোহৰ যোশীজীৰ নেতৃত্বত আৰু মই ব্যৱস্থা চোৱাচিতা কৰিছিলো।

 

ৰাজমাতা জী সেই কাৰ্যক্ৰমৰ বাবে কন্যাকুমাৰীলৈ আহিছিল। আৰু পিছত যেতিয়া আমি শ্ৰীনগৰলৈ গৈ আছিলো, জম্মুত বিদায় দিবলৈও আহিছিল। তেওঁ একেৰাহে আমাৰ উৎসাহ বৃদ্ধি কৰিছিল। তেতিয়া আমাৰ সপোন আছিল লাল চ'কত পতাকা উৰুওৱা, আমাৰ লক্ষ্য আছিল ধাৰা-৩৭০ৰ পৰা মুক্তি লাভ হওক। ৰাজমাতা জীয়ে সেই যাত্ৰাত বিদায় দিছিল। যি সপোন আছিল সেয়া পূৰ্ণ হ'ল।

আজি যেতিয়া মই কিতাপত আৰু কিবাকিবি চাই আছিলো তেতিয়া দেখিলো এঠাইত তেওঁ লিখিছে-''এদিন এই শৰীৰ ইয়াতে থাকি যাব, আত্মা য'ৰ পৰা আহিছে তালৈ গুচি যাব…শূন্যৰ পৰা শূন্যলৈ। স্মৃতি ৰৈ যাব। নিজৰ এই স্মৃতিৰাজি মই তেওঁলোকৰ বাবে এৰি থৈ যাম যাৰ সৈতে মোৰ সম্বন্ধ আছে, যাৰ মই সম্বন্ধীয়।''

 

আজি ৰাজমাতা জী য'তেই আছে, আমাক দেখি আছে, আমাক আশীৰ্বাদ দি আছে। আমি সকলো মানুহ যাৰ তেওঁৰ সৈতে সম্বন্ধ আছে, যাৰ তেওঁ সম্বন্ধীয়, সেইসকলৰ ইয়াত এই বিশেষ কাৰ্যক্ৰমত কিছু লোক আহিব পাৰিছে আৰু উপস্থিতো আছে, আৰু দেশৰ বিভিন্ন প্ৰান্তত, চুকে-কোনে আজি এই দিনটো ভাৰ্চুৱেলী পালন কৰা হৈছে।

 

আমাৰ মাজৰ বহুতৰ তেওঁৰ সৈতে অতি ঘনিষ্ঠতাৰে সংলগ্ন হোৱাৰ, তেওঁৰ সেৱাত, তেওঁৰ বাৎসল্যক অনুভৱ কৰাৰ সৌভাগ্য প্ৰাপ্ত হৈছে। আজি তেওঁৰ পৰিয়ালৰ, তেওঁৰ ওচৰ সম্পৰ্কীয় এই কাৰ্যক্ৰমত আছে কিন্তু তেওঁৰ বাবে আমি সকলো, প্ৰতিজন দেশবাসী তেওঁৰ পৰিয়ালেই আছিল। ৰাজমাতাই কৈছিলো, ''মই এটা পুত্ৰৰ নহয়, মইতো সহস্ৰ পুত্ৰৰ মা, সিহঁতৰ প্ৰেমত আকণ্ঠ ডুবি থাকো।'' আমি সকলো তেওঁৰ পুত্ৰ-কন্যাই, তেওঁৰ পৰিয়ালেই হয়।

 

সেয়ে এয়া মোৰ বহুত ডাঙৰ সৌভাগ্য যে মই ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া জীৰ স্মৃতিত ১০০ টকাৰ বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰাৰ সুযোগ লাভ কৰিছো। সম্প্ৰতি মই নিজকে আজি সীমাবদ্ধ যেন অনুভৱ কৰিছো, বহুত সীমাবদ্ধ যেন অনুভৱ কৰিছো, কিয়নো মই জানো যে যদি কৰোণা মহামাৰী নহ'ল হেতেন, তেনেহ'লে এই কাৰ্যক্ৰমৰ স্বৰূপ কিমান ডাঙৰ হ'ল হেতেন, কিমান ভব্য হ'ল হেতেন। কিন্তু এই কথা মই স্বীকাৰ কৰো যে যিমান মোৰ ৰাজমাতা চাহাবৰ সৈতে সম্পৰ্ক আছে, কাৰ্যক্ৰম ভব্য কৰিবতো পৰা নাই, কিন্তু এই কাৰ্যক্ৰম নিশ্চিতভাৱেই দিব্য, ইয়াত দিব্যতা আছে।

 

বন্ধুসকল, যোৱা শতিকাত ভাৰতক দিশ দেখুওৱা কিছুসংখ্যক লোকৰ মাজত ৰাজমাতা বিজয়াৰাজে সিন্ধিয়াও আছে। ৰাজমাতা জী কেৱল বাৎসল্য মূৰ্ত্তিয়েই নাছিল, তেওঁ এগৰাকী নিৰ্ণায়ক নেতা আছিল আৰু দক্ষ প্ৰশাসকো আছিল। স্বতন্ত্ৰতা আন্দোলনৰ পৰা আৰম্ভ কৰি স্বাধীনতাৰ ইমান দশকলৈকে, ভাৰতীয় ৰাজনীতিৰ প্ৰতিটো বিশেষ পদক্ষেপত তেওঁ সাক্ষী আছিল। স্বাধীনতাৰ পূৰ্বে বিদেশী কাপোৰৰ দ'ম জলোৱাৰ পৰা আৰম্ভ কৰি আপাতকাল আৰু ৰাম মন্দিৰ আন্দোলনলৈকে, ৰাজমাতাৰ অনুভৱৰ ব্যাপক বিস্তাৰ আছে।

আমি সকলো যি তেওঁৰ সৈতে জড়িত হৈ আছো, যি তেওঁৰ ঘনিষ্ঠ, তেওঁলোকে তেওঁক ভালদৰে জানে, তেওঁৰ সৈতে জড়িত হৈ থকা কথাবিলাক ভালদৰে জানে। কিন্তু এয়াও বহুত জৰুৰী যে ৰাজমাতাৰ জীৱন যাত্ৰাক, তেওঁৰ জীৱন বাৰ্তাক দেশৰ আজিৰ প্ৰজন্ময়ো জানক, তেওঁৰ পৰা প্ৰেৰণা লওক, তেওঁৰ পৰা শিকক। সেয়ে তেওঁৰ বিষয়ে, তেওঁৰ অনুভৱৰ বিষয়ে বাৰেবাৰে আলোচনা কৰা দৰকাৰ। কেইদিনমানৰ পূৰ্বে ''মন কী বাত'' কাৰ্যক্ৰমত মই বহুত বিস্তাৰিতভাবে তেওঁৰ স্নেহৰ ওপৰত আলোচনা কৰিছিলো।

 

বিবাহৰ পূৰ্বে ৰাজমাতা জী কোনো ৰাজ পৰিয়ালৰ নাছিল, এটা সামান্য পৰিয়ালৰ পৰা আহিছিল। কিন্তু বিবাহৰ পিছত তেওঁ সকলোকে আপোনো কৰে আৰু এই পাঠো পঢ়ায় যে জনসেৱাৰ বাবে, ৰাজকীয় দায়িত্বৰ বাবে কোনো বিশেষ পৰিয়ালত জন্ম লোৱাটোৱেই জৰুৰী নহয়।

 

যিকোনো সাধাৰণ লোক, যাৰ ভিতৰত যোগ্যতা আছে, প্ৰতিভা আছে, দেশসৱাৰ ভাবনা আছে তেওঁ এই গণতন্ত্ৰত শাসনকো সেৱাৰ মাধ্যম কৰি তুলিব পাৰে। আপুনি কল্পনা কৰক, শাসন ক্ষমতা আছিল, সম্পত্তি আছিল, সামৰ্থ্য আছিল, কিন্তু সেই সকলোতকৈ অধিক যি ৰাজমাতাৰ সম্পদ আছিল, সেয়া আছিল সংস্কাৰ, সেৱা আৰু স্নেহৰ সোঁত।

 

এই চিন্তা, এই আদৰ্শ তেওঁৰ জীৱনৰ প্ৰতিটো খোজত আমি দেখা পাওঁ। ইমান ডাঙৰ ৰাজ পৰিয়ালৰ মুৰব্বী হিচাপে তেওঁৰ ওচৰত বহুত কৰ্মচাৰী আছিল, ভব্য মহল আছিল, সকলো সুবিধা আছিল। কিন্তু তেওঁ সামান্য মানুহৰ সৈতে গাঁও-গৰীবৰ সৈতে লগ হৈ জীৱন যাপন কৰিছিল, তেওঁলোকৰ বাবে নিজৰ জীৱন সমৰ্পন কৰি দিছিল।

 

ৰাজমাতাই এই কথা প্ৰমাণ কৰিলে যে জনপ্ৰতিনিধিৰ বাবে শাসনৰ অধিকাৰ নহয়, জনসেৱা সবাতোকৈ গুৰুত্বপূৰ্ণ। তেওঁ এটা ৰাজ পৰিয়ালৰ মহাৰাণী আছিল, ৰাজশাহী পৰম্পৰাৰ পৰা আছিল, কিন্তু তেওঁ সংঘৰ্ষ গণতন্ত্ৰ ৰক্ষাৰ বাবে কৰে। জীৱনৰ গুৰুত্বপূৰ্ণ সময় জে'লত কটায়।

 

বিপদৰ সময়ত তেওঁ যিবোৰ সহ্য কৰিলে, তাৰ সাক্ষী আমাৰ মাজত বহুত লোক আছে। ইমাৰ্জেঞ্চীৰ সময়ত তিহাৰ জে'লৰ পৰা তেওঁ নিজৰ জীয়াৰীলৈ চিঠি লিখিছিল। সম্ভৱতঃ উষা ৰাজে জী, বসুন্ধৰা ৰাজে জী বা যশোধৰা ৰাজে জীৰ সেই চিঠি মনত আছে।

 

ৰাজমাতাই যি লিখিছিল তাত বহু ডাঙৰ শিক্ষা আছিল। তেওঁ লিখিছিল- ''নিজৰ ভাবী প্ৰজন্মই বুকু ফিন্দাই জীয়াই থকাৰ প্ৰেৰণা পাওক, এই উদ্দেশ্যৰে আমি আজিৰ বিপদক ধৈৰ্যসহকাৰে মোকাবিলা কৰিব লাগিব।''

 

ৰাষ্ট্ৰৰ ভৱিষ্যতৰ বাবে ৰাজমাতাই নিজৰ বৰ্তমান সমৰ্পিত কৰিছিল। দেশৰ ভাবী প্ৰজন্মৰ বাবে তেওঁ নিজৰ সকলো সুখ ত্যাগ কৰিছিল। ৰাজমাতাই পদ আৰু প্ৰতিষ্ঠাৰ বাবে না জীৱন অতিবাহিত কৰিছিল, না কেতিয়াবা তেওঁ ৰাজনীতিৰ পথ বাচি লৈছিল। এনে বহু সুযোগ আহিছিল যেতিয়া পদবী তেওঁৰ ওচৰলৈ সন্মুখৰ পৰা আহিছিল। কিন্তু তেওঁ সেয়া বিনম্ৰতাৰে অস্বীকাৰ কৰে। এবাৰ স্বয়ং অটল বিহাৰী বাজপেয়ী জী আৰু লাল কৃষ্ণ আদবাণী জীয়ে তেওঁক বহুত আগ্ৰহ প্ৰকাশ কৰিছিল যে তেওঁ জনসংঘৰ অধ্যক্ষ হ'ব লাগে। কিন্তু তেওঁ এগৰাকী কৰ্মকৰ্তাৰ ৰূপতেই জনসংঘৰ সেৱা কৰিবলৈ ইচ্ছা কৰে।

 

যদি ৰাজমাতাই বিচাৰিলে হেতেন তেন্তে তেওঁৰ বাবে ডাঙৰতকৈও ডাঙৰ পদ পৰ্যন্ত আহৰণ কৰাটো কঠিন নহ'ল হেতেন। কিন্তু তেওঁ মানুহৰ মাজত থাকি, গাঁও আৰু গৰীবৰ সৈতে জড়িত হৈ থাকি তেওঁলোকৰ সেৱা কৰাটো পছন্দ কৰে।

 

বন্ধুসকল, আমি ৰাজমাতাৰ জীৱনৰ প্ৰতিটো পদক্ষেপৰ পৰা প্ৰতি মুহূৰ্ততে বহুত কথা শিকিব পাৰো। তেওঁৰ এনে বহু কাহিনী আছে, জীৱনৰ ঘটনাৱলী আছে, যিবোৰ তেওঁৰ সৈতে জড়িত মানুহে কৈ থাকে।

 

একতা যাত্ৰাৰে আৰু এটা কাহিনী আছে, যেতিয়া তেওঁ জম্মুত আছিল তেতিয়া দুজন নতুন কৰ্মকৰ্তাও তেওঁৰ লগত আছিল। ৰাজমাতাই দ্বিতীয়জন কৰ্মকৰ্তাৰ কেতিয়াবা কেতিয়াবা নাম পাহৰি গৈছিল তেতিয়া বাৰেবাৰে প্ৰথমজন কৰ্মকৰ্তাক সুধিছিল যে তুমি গলু নহয়নে, আৰু সিজনৰ নাম কি? তেওঁ নিজৰ সৰুতকৈও সৰু সংগীক তেওঁৰ নামেৰে জনাটো, চিনি পোৱাটো পছন্দ কৰিছিল। লগৰ মানুহে কৈছিলো যে আপুনি কিয় নামৰ কথা ইমান চিন্তা কৰে? আপুনি কেৱল মাত দিলেই হ'ল। কিন্তু ৰাজমাতাই তেওঁলোকক উত্তৰ দিছিল যে মোৰ কৰ্মকৰ্তাই মোক সহায় কৰি আছে আৰু মই তেওঁক চিনিও নোপোৱাটো ভাল কথা নহ'ব নহয়।

 

মই ধাৰণা কৰো যে সামাজিক জীৱনত যদি আপুনি থাকে, লাগে আপুনি যিকোনো দলৰে হওক, সাধাৰণতকৈও সাধাৰণ কৰ্মকৰ্তাৰ প্ৰতি এই ধাৰণা এই চিন্তা আমাৰ সকলোৰে মনত হোৱা উচিত। অভিমান নহয় সন্মান, এই ৰাজনীতিৰ মূল মন্ত্ৰ তেওঁ দেখুৱাই গৈছে।

 

বন্ধুসকল, ৰাজমাতা, তেওঁৰ জীৱনত আধ্যাত্মিকতাৰ অধিস্থান আছিল। আধ্যাত্মিকতাৰ সৈতে তেওঁৰ সংযোগ আছিল।

 

সাধনা, উপাসনা, ভক্তি তেওঁৰ অন্তৰমনত ব্যাপ্ত হৈ আছিল। কিন্তু যেতিয়া তেওঁ ভগবানৰ উপাসনা কৰিছিল, তেতিয়া তেওঁৰ পূজা মন্দিৰত এখন ছবি ভাৰত মাতাৰো আছিল। ভাৰত মাতাৰো উপাসনা তেওঁৰ বাবে একেই আস্থাৰ বিষয় আছিল।

 

মোক এবাৰ তেওঁৰ সৈতে জড়িত এটা কথা বন্ধুসকলে কৈছিল, আৰু মই যেতিয়া সেই কথাটো মনত পেলাওঁ, মোৰ ভাব হয় ময়ো আপোনালোকক কওঁ। এবাৰ তেওঁ পাৰ্টিৰ কাৰ্যক্ৰমত মথুৰালৈ গৈছিল। স্বাভাৱিক আছিল যে তাত ৰাজমাতাই বাঁকেবিহাৰী জীৰ দৰ্শন কৰিবলৈও গৈছিল। মন্দিৰত তেওঁ বাঁকেবিহাৰী জীৰ পৰা যি কামনা কৰিছিল, তাৰ মৰ্ম বুজি পোৱাটো বহুত আৱশ্যকীয়।

 

ৰাজমাতাই তেতিয়া ভগবান কৃষ্ণক প্ৰাৰ্থনা কৰি কি কৈছিল, আমি সকলোৰে বাবে ৰাজমাতাৰ জীৱনক বুজিবৰ বাবে এই কথা বহুত কামত আহিব-তেওঁ ভগবান কৃষ্ণৰ সন্মুখত থিয় হৈ আছে, বৰ ভক্তি ভাবেৰে থিয় হৈ আছে, আধ্যাত্মিকতা চেতনা জাগি উঠিছে আৰু তেওঁ ভগবান কৃষ্ণৰ সন্মুখত কি প্ৰাৰ্থনা কৰিছে, তেওঁ কৈছে-''হে কৃষ্ণ, এনেকৈ বাঁহী বজোৱা যেন সমগ্ৰ ভাৰতৰ সকলো নৰনাৰী পুনৰ জাগ্ৰত হৈ উঠে।''

 

আপুনি ভাবক, নিজৰ বাবে কোনো কামনা নাই। যি বিচাৰিলে দেশৰ বাবে বিচাৰিলে, জনগণৰ বাবে বিচাৰিলে আৰু তাকো চেতনা জাগ্ৰত কৰাৰ কথা ক'লে। যিয়েই কৰিলে, দেশৰ বাবেই কৰিলে। এখন জাগ্ৰত দেশ, এখন জাগ্ৰত দেশৰ নাগৰিকে কি কৰিব পাৰে, তেওঁ সেই কথা জানিছিল, বুজি পাইছিল।

 

আজি যেতিয়া আমি ৰাজমাতা জীৰ জন্ম শতবাৰ্ষিকী পালন কৰিছো, পূৰ্ণতাৰ দিশত আছো, সেই সময়ত আমি সন্তুষ্টি লাভ কৰিছো যে ভাৰতৰ নাগৰিকৰ জাগৃতিক লৈ তেওঁৰ যি কামনা আছিল, বাঁকেবিহাৰীৰ ওচৰত তেওঁৰ যি কামনা আছিল, প্ৰাৰ্থনা আছিল, আজি ধাৰণা হৈছে যে ধৰাতলত চেতনাৰ ৰূপত সেয়া অনুভৱ হৈ আছে।

 

বিগত বৰ্ষবোৰত দেশত যিবোৰ পৰিৱৰ্তন হৈছে, যি অনেক অভিযান আৰু পৰিকল্পনা সফল হৈছে, তাৰ আধাৰ এই জনসচেতনতা, জনজাগৃতি, জন আন্দোলন।

 

নাৰী শক্তিৰ বিষয়েতো তেওঁ বিশেষভাৱে কৈছিল- ''যি হাতে দোলনা ঝুলাব পাৰে, সি বিশ্বত শাসনো কৰিব পাৰে।'' আজি ভাৰতৰ এই নাৰী শক্তি সকলো ক্ষেত্ৰতে আগবাঢ়ি আছে, দেশক আগুৱাই আছে।

 

দেশৰ একতা-অখণ্ডতাৰ বাবে, ভাৰতৰ একতাৰ বাবে তেওঁ যি সংঘৰ্ষ কৰিলে, যি প্ৰয়াস কৰিলে, তাৰ পৰিণাম আজি আমি দেখি আছো। এয়াও কিমান অদ্ভুত সংযোগ যে ৰাম জন্মভূমি মন্দিৰ নিৰ্মাণৰ বাবে তেওঁ যি সংঘৰ্ষ কৰিছিল, তেওঁৰ জন্ম শতবাৰ্ষিকী বছৰতে তেওঁৰ এই সপোনো ফলিয়ালে।

 

আৰু যিহেতু ৰাম জন্মভূমিৰ কথা ওলাইছেই তেনেহ'লে মই জৰুৰ ক'ব বিচাৰিম যে যেতিয়া আদবাণী জীয়ে সোমনাথৰ পৰা অযোধ্যালৈ যাত্ৰা কৰিছিল আৰু ৰাজমাতা চাহাব সেই কাৰ্যক্ৰমত থকাটো আমাৰ সকলোৰে ইচ্ছা আছিল আৰু ৰাজমাতা জীয়েও বিচাৰিছিল যে এনেকুৱা গুৰুত্বপূৰ্ণ অনুষ্ঠানত তেওঁ থাকিব লাগে। কিন্তু কঠিনতা এয়া আছিল যে সেই সময়ত নৱৰাত্ৰিৰ পৰ্ব চলি আছিল আৰু ৰাজমাতা চাহাবে নৱৰাত্ৰিত অনুষ্ঠান কৰিছিল। আৰু তেওঁ যি স্থানত অনুষ্ঠান কৰিছিল, তাত সম্পূৰ্ণ সেই অনুষ্ঠানৰ সময়ত এৰা নাছিল।

 

তেতিয়া ৰাজমাতা চাহাবৰ সৈতে যেতিয়া মই কথা পাতিছিলো, তেওঁ কৈছিল যে চোৱা ভাই, মইতো আহিব নোৱাৰিম কিন্তু মই অহাটো জৰুৰী। মই ক'লো, ৰাস্তা কওক। তেওঁ ক'লে মই গোটেই নৱৰাত্ৰিৰ বাবে গোৱালিয়ৰৰ পৰা ওলাই সোমনাথলৈ গৈ থাকিব বিচাৰোঁ। তাতে সম্পূৰ্ণ নৱৰাত্ৰি কৰিম আৰু তাৰ পৰাই যিহেতু নৱৰাত্ৰিৰ সময়তে এই ৰথযাত্ৰা আৰম্ভ হ'ব, মই তাতে কাৰ্যক্ৰমত সন্মিলিত হ'ম।

 

ৰাজমাতা জীৰ উপবাসো কঠিন আছিল। মই সেই সময়ত নতুন নতুন ৰাজনীতিলৈ আহিছিলো। এজন কৰ্মকৰ্তা হিচাপে ব্যৱস্থা চোৱাচিতা কৰিছিলো। মই ৰাজমাতা চাহাবৰ সোমনাথৰ ব্যৱস্থা চম্ভালিছিলো। সেই সময় আছিল যেতিয়া মই ৰাজমাতা চাহাবৰ অতি ওচৰলৈ যাবলৈ সুযোগ পাইছিলো। তেতিয়া মই দেখিছিলো যে সেই সময়ত তেওঁৰ সেই সম্পূৰ্ণ পূজা, গোটেই নৱৰাত্ৰিৰ অনুষ্ঠান একপ্ৰকাৰ অযোধ্যা ৰথযাত্ৰাক, ৰাম মন্দিৰক সমৰ্পিত কৰি দিছিল। সকলো মই নিজ চকুৰে দেখিছো।

 

বন্ধুসকল, ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া জীৰ সপোন সম্পূৰ্ণ কৰিবলৈ আমি সকলোৱে লগ হৈ এই গতিৰেই আগবাঢ়িব লাগিব। শক্তিশালী, সুৰক্ষিত, সমৃৃদ্ধ ভাৰত তেওঁৰ সপোন আছিল। তেওঁৰ এই সপোনক আমি আত্মনিৰ্ভৰ ভাৰতৰ সফলতাৰে সম্পূৰ্ণ কৰিম। ৰাজমাতাৰ প্ৰেৰণা আমাৰ লগত আছে, তেওঁৰ আশীৰ্বাদ আমাৰ লগত আছে।

 

এই শুভ কামনাৰে, মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো আৰু ৰাজমাতা চাহাবে যেনেকুৱা জীৱন যাপন কৰিছিল, কল্পনা কৰক, আজি এটা তেহছিলৰ অধ্যক্ষও যদি হয়, তেওঁৰো মেজাজ কি হৈ যায়। ৰাজমাতা ইমান ডাঙৰ পৰিয়াল, ইমান ডাঙৰ ক্ষমতা, সম্পত্তি, আটাইবোৰৰ পিছতো তেওঁক যিসকলে ওচৰৰ পৰা পাইছে, কি নম্ৰতা আছিল, কি বিবেক আছিল, কি সংস্কাৰ আছিল…জীৱনক প্ৰেৰণা দিয়া।

 

আহক, আমাৰ নতুন প্ৰজন্মৰ সৈতে এই কথাবিলাকৰ চৰ্চা কৰো। আৰু বিষয় কেৱল কোনোবা ৰাজনৈতিক দলৰ নহয়, ই আমাৰ আহিবলগীয়া প্ৰজন্মৰ বিষয়। আজি ভাৰত চৰকাৰৰ এয়া সৌভাগ্য যে আমি ৰাজমাতা জীৰ সন্মানাৰ্থে এই মুদ্ৰা দেশৰ সন্মুখত ৰখাৰ সুযোগ পাইছো।

 

মই আকৌ এবাৰ ৰাজমাতা জীক সাদৰেৰে নমন কৰি মোৰ বক্তব্য সামৰিছো।

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UP becomes the first state to record more than 50,000 solar rooftop installations for 3 consecutive months

Media Coverage

UP becomes the first state to record more than 50,000 solar rooftop installations for 3 consecutive months
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister’s Departure Statement ahead of his visit to Seychelles
June 27, 2026

At the invitation of my friend, H.E. Dr. Patrick Herminie, President of the Republic of Seychelles, I will undertake a State Visit to Seychelles from 27-29 June 2026 to participate in the Golden Jubilee celebrations of the National Day of Seychelles as the Guest of Honour.

Seychelles is a valued maritime neighbour and a key partner in our Vision MAHASAGAR and our shared commitment to the Global South. This year, we also mark the 50th anniversary of the establishment of our diplomatic relations which are rooted in mutual trust, shared democratic values, respect for diversity and deep affinity between our peoples.

Building on the successful State visit of President Herminie to India in February 2026, I look forward to our discussions aimed at further strengthening our enduring friendship. Together, we will work to advance the progress of our peoples, and promote security and prosperity in the Indian Ocean region.

During the visit, I will have the honour of becoming the first Indian Prime Minister to address the National Assembly of Seychelles. This historic opportunity reflects the strong democratic values and parliamentary traditions that bind our two nations.

I also look forward to interacting with the vibrant Indian community in Seychelles, who have been nurturing the special friendship between India and Seychelles for generations, and serving as a living bridge between our two nations.

I am confident that my visit will further deepen the longstanding bonds between the two countries, enhance maritime cooperation in the Indian Ocean region, and advance our shared vision of a secure, peaceful and prosperous Indian Ocean region.