আজি ভাৰতে গ্ল’বেল স্পেচ-এভিয়েচন কনভাৰ্জেন্সত অগ্ৰণী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰত আজি বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ ঘৰুৱা বিমান বজাৰঃ প্ৰধানমন্ত্ৰী
উড়ান আঁচনিৰ সাফল্য ভাৰতীয় অসামৰিক বিমান পৰিবহণ খণ্ডৰ এক সোণালী অধ্যায়ঃ প্ৰধানমন্ত্ৰী
ভাৰতে বিশ্বৰ আগশাৰীৰ বিমান পৰিবহণ কোম্পানীসমূহৰ বাবে বিনিয়োগৰ এক বিশাল সুযোগ দাঙি ধৰিছেঃ প্ৰধানমন্ত্ৰী

মোৰ কেন্দ্ৰীয় কেবিনেটৰ সতীৰ্থ ৰাম মোহন নাইডু ডাঙৰীয়া, আইএটিএ-ৰ ব’ৰ্ড অৱ গভৰ্ণৰৰ অধ্যক্ষ মুৰুলীধৰ মোহল ডাঙৰীয়া, আইএটিএ-ৰ সঞ্চালক প্ৰধান পিটাৰ এলবাৰ্ছ ডাঙৰীয়া, ইণ্ডিগ’ৰ পৰিচালন সঞ্চালক উইলি ৱালছ ডাঙৰীয়া, ৰাহুল ভাটিয়া ডাঙৰীয়া, আন বিশিষ্ট ব্যক্তিসকল, ভদ্ৰলোক-ভদ্ৰ মহিলাসকল!

আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনত ভাগ ল’বলৈ ভাৰতলৈ অহা সকলো অতিথিকে আদৰণি জনাইছোঁ। আপোনাসৱক ইয়াত লগ পাই সন্তোষ লভিছোঁ। চাৰি দশকৰ অন্তত ভাৰতত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এই চাৰিটা দশকত ভাৰতত একাধিক পৰিৱৰ্তন সাধন হৈছে। আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসেৰে ভৰি পৰিছে। আমি কেৱল বিশ্ব বিমান পৰিবহণ ব্যৱস্থাৰ এক বিশাল বজাৰেই নহয়, বৰঞ্চ নীতি নেতৃত্ব, উদ্ভাৱন আৰু অন্তৰ্ভুক্ত উন্নয়নৰ প্ৰতীকো। আজি ভাৰতে বিশ্ব মহাকাশ-বিমান পৰিবহণৰ সমন্বয়ৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা দশকত ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ ঐতিহাসিক উত্থান সম্পৰ্কে আপোনালোক সকলো জ্ঞাত।

বন্ধুসকল,

এই সন্মিলন আৰু এই আলোচনা কেৱল বিমান পৰিবহণতে সীমাবদ্ধ নহয় — বৰঞ্চ আমাৰ বিশ্ব সহযোগিতা, জলবায়ু প্ৰতিশ্ৰুতি আৰু ন্যায্য বিকাশৰ সহভাজিত এজেণ্ডাক আগুৱাই নিয়াৰ এক মাধ্যমো। এই সন্মিলনত সম্পন্ন আলোচনাই বিশ্ব বিমান পৰিবহণক এক নতুন দিশ প্ৰদান কৰিব। মই নিশ্চিত যে আমি এই খণ্ডৰ অসীম সম্ভাৱনাসমূহ অন্বেষণেৰে অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ম।

 

বন্ধুসকল,

আজি আমি মাত্ৰ কেইঘন্টামানৰ ভিতৰতে শ-শ কিলোমিটাৰ দূৰত্ব আৰু আন্তঃমহাদেশীয় যাত্ৰা অতিক্ৰম কৰিছোঁ। কিন্তু একবিংশ শতিকাৰ পৃথিৱীৰ সপোন আৰু আমাৰ অসীম কল্পনা স্থৱিৰ হৈ পৰা নাই। আজি উদ্ভাৱন আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ গতি পূৰ্বতকৈ অধিক দ্ৰুত। আৰু আমাৰ গতি বাঢ়ি অহাৰ লগে-লগে আমি দূৰৈৰ গন্তব্যস্থানসমূহক আমাৰ গন্তব্যস্থানৰ অংশলৈ ৰূপান্তৰিত কৰিছোঁ। আমি এতিয়া এনে এটা স্থানত থিয় দিছোঁ য’ত আমাৰ ভ্ৰমণ পৰিকল্পনা কেৱল বিশ্বৰ চহৰসমূহতে সীমাবদ্ধ নহয়। মানৱ জাতিয়ে এতিয়া স্পেচ ফ্লাইট আৰু আন্তঃগ্ৰহ ভ্ৰমণৰ বাণিজ্যিকীকৰণৰ সপোন দেখিছে — এই ক্ষেত্ৰসমূহক অসামৰিক বিমান পৰিবহণৰ বাবে মুকলিৰ সপোন দেখা গৈছে। ইয়াৰ বাবে সময় লাগিব পাৰে যদিও ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে আগন্তুক সময়ত বিমান পৰিবহণ খণ্ডটো বৃহৎ পৰিৱৰ্তন আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’বলৈ সাজু হৈছে। এই সকলোবোৰ সম্ভাৱনাৰ বাবে ভাৰত সম্পূৰ্ণৰূপে সাজু। ভাৰতৰ তিনি শক্তিশালী স্তম্ভৰ ভিত্তিত মই ক’ব খুজিছোঁ যে প্ৰথমতে, ভাৰতৰ বজাৰ আছে — আৰু এই বজাৰখন কেৱল উপভোক্তাসকলৰ এটা গোটেই নহয়; বৰঞ্চ ই ভাৰতৰ গতিশীল আৰু অভিলাষী সমাজৰ আকাংক্ষাক প্ৰতিফলিত কৰে। দ্বিতীয়তে, আমাৰ হাতত প্ৰযুক্তি আৰু উদ্ভাৱনৰ জনগাঁথনি আৰু প্ৰতিভা আছে — আমাৰ যুৱক-যুৱতীসকল হৈছে নতুন যুগৰ উদ্ভাৱক, তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক্স আৰু স্বচ্ছ শক্তিৰ দৰে ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। তৃতীয়তে, উদ্যোগৰ বাবে আমাৰ হাতত মুকলি আৰু সহায়ক নীতিগত ব্যৱস্থা আছে। এই তিনিটা সামৰ্থ্যৰ শক্তিৰে আমি একেলগে কাম কৰি ভাৰতৰ বিমান পৰিবহণ খণ্ডক নতুন শিখৰলৈ নিব লাগিব।

বন্ধুসকল,

শেহতীয়া বছৰকেইটাত ভাৰতে অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পৰিৱৰ্তন সাধন কাৰ্য্য প্ৰত্যক্ষ কৰিছে। আজি ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ঘৰুৱা বিমান বজাৰ। আমাৰ উড়ান (UDAN-উড়ে দেশ কা আম নাগৰিক) আঁচনিৰ সফলতা ভাৰতীয় অসামৰিক বিমান পৰিবহণৰ এক সোণালী অধ্যায়। এই আঁচনিৰ অধীনত ১৫ নিযুতৰো অধিক যাত্ৰীয়ে সুলভ মূল্যৰ বিমান যাত্ৰাৰ সুবিধা লাভ কৰিছে আৰু বহু নাগৰিকে প্ৰথমবাৰৰ বাবে বিমান যাত্ৰা কৰিবলৈ সক্ষম হৈছে। আমাৰ বিমান সংস্থাসমূহৰ ধাৰাবাহিকভাৱে দুটা অংকৰ বৃদ্ধি প্ৰত্যক্ষ হৈছে। ভাৰত আৰু বিদেশী বিমান সংস্থাসমূহে একেলগে বছৰি প্ৰায় ২৪০ নিযুত যাত্ৰী কঢ়িয়াই — এই পৰিসংখ্যা বিশ্বৰ বেছিভাগ দেশৰ মুঠ জনসংখ্যাতকৈ অধিক। আৰু ২০৩০-ৰ ভিতৰত এই সংখ্যা ৫০০ নিযুত হোৱাৰ সম্ভাৱনা আছে। আজি ভাৰতত ৩.৫ নিযুত মেট্ৰিক টন সামগ্ৰী বিমানযোগে সৰবৰাহ কৰা হয় আৰু এই দশকৰ শেষৰ ফালে উক্ত পৰিসংখ্যা ১০ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে।

বন্ধুসকল,

এয়া কেৱল পৰিসংখ্যা নহয় — বৰঞ্চ নব্য ভাৰতৰ সম্ভাৱনাৰ আভাস। আৰু এই সম্ভাৱনাক সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিবলৈ ভাৰতে ভৱিষ্যতৰ ৰোডমেপৰ কাম কৰি আছে। আমি বিশ্বমানৰ বিমানবন্দৰৰ আন্তঃগাঁথনিত বিনিয়োগ কৰিছোঁ। নাইডু জীয়ে উল্লেখ কৰা অনুসৰি ২০১৪-লৈকে ভাৰতত ৭৪ টা কাৰ্য্যকৰী বিমানবন্দৰ আছিল। আজি এই সংখ্যা ১৬২-লৈ বৃদ্ধি পাইছে। ভাৰতীয় কেৰিয়াৰসমূহে ২০০০ ৰো অধিক নতুন বিমানৰ অৰ্ডাৰ দিছে। আৰু এয়া মাত্ৰ আৰম্ভণিহে। ভাৰতৰ বিমান পৰিবহণ খণ্ডটো টেক অফ পইন্টত থিয় হৈ আছে যি স্থানৰ পৰা ই বহু শিখৰলৈ উৰিবলৈ সাজু হৈছে। আৰু এই যাত্ৰাই কেৱল ভৌগোলিক সীমা অতিক্ৰমেই নহয়, বৰঞ্চ বিশ্বক বহনক্ষমতা, সেউজ গতিশীলতা আৰু ন্যায্য প্ৰৱেশৰ দিশতো ধাৱমান কৰিব।

 

বন্ধুসকল,

আজি আমাৰ বিমানবন্দৰসমূহৰ পৰিচালনা ক্ষমতা বছৰি ৫০০ নিযুত যাত্ৰী হৈছে। ভাৰত এতিয়া বিশ্বৰ নিৰ্বাচিত কেইখনমান দেশৰ অন্যতম যিয়ে প্ৰযুক্তিৰ জৰিয়তে ইউজাৰ অভিজ্ঞতাত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। আমি সুৰক্ষা, দক্ষতা আৰু বহনক্ষমতাৰ ক্ষেত্ৰত সমানে মনোনিৱেশ কৰিছোঁ। আমি বহনক্ষম বিমান ইন্ধনৰ দিশত আগবাঢ়িছোঁ, সেউজ প্ৰযুক্তিত বিনিয়োগ কৰিছোঁ, আমাৰ কাৰ্বন ফুটপ্ৰিন্ট হ্ৰাস কৰিছোঁ আৰু গ্ৰহটোৰ অগ্ৰগতি তথা ইয়াক সুৰক্ষা প্ৰদান উভয়কে নিশ্চিত কৰিছোঁ।

বন্ধুসকল,

ইয়াত সমবেত আমাৰ আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক মই বিশেষভাৱে ডিজি যাত্ৰা এপ-ৰ বিষয়ে জানিবলৈ উৎসাহিত কৰিব খুজিছোঁ। বিমান পৰিবহণৰ ক্ষেত্ৰত ডিজিটেল উদ্ভাৱনৰ নিদৰ্শন হৈছে ডিজি যাত্ৰা। ফেচিয়েল ভেৰিফিকেচন প্ৰযুক্তিৰ ব্যৱহাৰেৰে ই এক সম্পূৰ্ণ নিৰৱচ্ছিন্ন ভ্ৰমণ সমাধান প্ৰদান কৰে — বিমানবন্দৰৰ প্ৰৱেশৰ পৰা বৰ্ডিং গেটলৈকে সহায় আগবঢ়ায়। কাগজৰ নথি-পত্ৰ লৈ ফুৰিব নালাগে বা কোনো আইডি দেখুৱাব নালাগে। মই বিশ্বাস কৰোঁ যে ইমান বৃহৎ জনসংখ্যাক গুণগত সেৱা আগবঢ়োৱাৰ ভাৰতৰ অভিজ্ঞতাৰ পৰা জন্ম পোৱা এই ধৰণৰ উদ্ভাৱনে আন বহু দেশকো উপকৃত কৰিব পাৰে। এয়া এক নিৰাপদ আৰু স্মাৰ্ট সমাধান, আৰু ই গ্ল’বেল চাউথৰ বাবে আৰ্হি আৰু প্ৰেৰণা হিচাপে কাম কৰিব পাৰে।

বন্ধুসকল,

ভাৰতত বিমান পৰিবহণ খণ্ডৰ দ্ৰুত বৃদ্ধিৰ আঁৰৰ এটা প্ৰধান কাৰণ হৈছে ধাৰাবাহিক সংস্কাৰ সাধনৰ প্ৰতি আমাৰ দায়বদ্ধতা। আমি ভাৰতক বৈশ্বিক উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিছোঁ। এইবাৰৰ বাজেটত আমি মিছন মেনুফেকচাৰিঙৰ কথা ঘোষণা কৰিছোঁ। চলিত বৰ্ষৰ আৰম্ভণিতে নাইডু জীয়ে উল্লেখ কৰাৰ দৰে আমি ভাৰতীয় সংসদত এয়াৰক্ৰাফ্ট অবজেক্টছ বিল গৃহীত কৰিছিলোঁ। যিয়ে ভাৰতৰ কেপ টাউন কনভেনচনক আইনী শক্তি প্ৰদান কৰে। ইয়াৰ ফলশ্ৰুতিত বৈশ্বিক বিমান লিজিং কোম্পানীসমূহৰ বাবে ভাৰতত কাম কৰাৰ এক নতুন সুযোগ মুকলি হয়। গিফ্ট চিটি (GIFT City-গুজৰাট ইন্টাৰনেচনেল ফাইনেন্স টেক-চিটি) ত আগবঢ়োৱা প্ৰৰোচনা সম্পৰ্কে আপোনালোক ইতিমধ্যে জ্ঞাত। এই প্ৰৰোচনাসমূহে ভাৰতক বিমান লিজিঙৰ বাবে এক আকৰ্ষণীয় গন্তব্যস্থান কৰি তুলিছে।

বন্ধুসকল,

নতুন ভাৰতীয় বিমান আইনখনে আমাৰ বিমান আইনসমূহক বৈশ্বিক উত্তম পদ্ধতিৰ সৈতে সংপৃক্ত কৰি তুলিছে। অৰ্থাৎ ভাৰতৰ বিমান পৰিবহণৰ আইনসমূহ এতিয়া সহজ, নিয়মসমূহ অধিক ব্যৱসায় অনুকূল আৰু কৰ গাঁথনিক সুশৃংখলিত কৰা হৈছে। গতিকে বিশ্বৰ আগশাৰীৰ বিমান পৰিবহণ কোম্পানীসমূহৰ সন্মুখত ভাৰতত বিনিয়োগৰ এক উৎকৃষ্ট সুযোগে দেখা দিছে।

 

বন্ধুসকল,

বিমান পৰিবহণ খণ্ডৰ বিকাশৰ অৰ্থ হ’ল নতুন বিমান সেৱা, নতুন নিয়োগ আৰু নতুন সুযোগ। বিমান পৰিবহণ খণ্ডই পাইলট, ক্ৰু মেম্বাৰ, অভিযন্তা আৰু গ্ৰাউণ্ড কৰ্মচাৰীৰ বাবে নতুন পথ সৃষ্টি কৰিছে। আন এটা ছানৰাইজ খণ্ড হৈছে — এমআৰঅ’, অৰ্থাৎ ৰক্ষণাবেক্ষণ, মেৰামতি আৰু অভাৰহ’ল। আমাৰ নতুন এমআৰঅ’ নীতিয়ে ভাৰতক বিমান ৰক্ষণাবেক্ষণৰ বৈশ্বিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাক ত্বৰান্বিত কৰিছে। ২০১৪-ত ভাৰতত ৯৬ টা এমআৰঅ’-ৰ সুবিধা আছিল। আজি সেই সংখ্যা ১৫৪ লৈ বৃদ্ধি পাইছে। স্বয়ংক্ৰিয় পথৰ অধীনত ১০০% প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ, জিএছটি হ্ৰাস আৰু কৰ যুক্তিসংগতকৰণৰ দৰে সংস্কাৰ সাধনে এমআৰঅ’ খণ্ডক নতুন গতি প্ৰদান কৰিছে। এতিয়া আমাৰ লক্ষ্য হৈছে ২০৩০-ৰ ভিতৰত ভাৰতক ৪ বিলিয়ন ডলাৰৰ এমআৰঅ’ হাব হিচাপে গঢ়ি তোলা।

বন্ধুসকল,

আমি বিচাৰোঁ যে বিশ্বই ভাৰতক কেৱল বিমান বজাৰ হিচাপেই নহয়, বৰঞ্চ মূল্য শৃংখলৰ লিডাৰ হিচাপেও চাওঁক। ডিজাইনৰ পৰা ডেলিভাৰীলৈকে ভাৰত বিশ্ব বিমান পৰিবহণ যোগান শৃংখলৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। আমাৰ দিশ সঠিক, আমাৰ গতি সঠিক আৰু ই আমাক দ্ৰুতগতিত আগবাঢ়ি যাবলৈ আত্মবিশ্বাস প্ৰদান কৰে। মই সকলো বিমান কোম্পানীকে মেক ইন ইণ্ডিয়াৰ লগতে ডিজাইন ইন ইণ্ডিয়াতো গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছোঁ।

বন্ধুসকল,

ভাৰতৰ বিমান পৰিবহণ খণ্ডৰ এটা শক্তিশালী স্তম্ভ হ’ল ইয়াৰ অন্তৰ্ভুক্ত মডেল। আজি ভাৰতৰ ১৫%ৰো অধিক পাইলট হৈছে মহিলা — এয়া বিশ্বৰ গড়ৰ তিনিগুণ। সমগ্ৰ বিশ্বতে কেবিন ক্ৰুৰ ভূমিকাত মহিলাৰ গড় অংশগ্ৰহণ প্ৰায় ৭০%, আনহাতে ভাৰতৰ সংখ্যা ৮৬%। ভাৰতৰ এমআৰঅ’ খণ্ডত মহিলা অভিযন্তাৰ সংখ্যায়ো বিশ্বৰ গড়ক অতিক্ৰম কৰিছে।

 

বন্ধুসকল,

আজিৰ বিমান পৰিবহণ খণ্ডৰ আন এটা মূল উপাদান হ’ল ড্ৰোন প্ৰযুক্তি। ভাৰতে ড্ৰোন প্ৰযুক্তিক কেৱল প্ৰযুক্তিগত অগ্ৰগতিৰ বাবেই নহয়, বৰঞ্চ আৰ্থিক আৰু সামাজিক অন্তৰ্ভুক্তিৰ আহিলা হিচাপেও ব্যৱহাৰ কৰিছে। ড্ৰোনৰ জৰিয়তে আমি মহিলাৰ আত্ম-সহায়ক গোটসমূহক সবলীকৰণ কৰিছোঁ। ইয়াৰ ফলশ্ৰুতিত কৃষি, ডেলিভাৰী সেৱা আৰু আন-আন অত্যাৱশ্যকীয় ক্ষেত্ৰত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি পাইছে।

বন্ধুসকল,

বিমান পৰিবহণৰ ক্ষেত্ৰত আমি সদায় সুৰক্ষাক শীৰ্ষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছোঁ। ভাৰতে নিজৰ নিয়মসমূহ আইচিএঅ’-ৰ বৈশ্বিক মানদণ্ডৰ সৈতে খাপ খুৱাইছে। শেহতীয়াকৈ আইচিএঅ’-ৰ সুৰক্ষা অডিটে আমাৰ প্ৰচেষ্টাৰাজিৰ শলাগ লৈছে। এছিয়া-পেচিফিক মন্ত্ৰী সন্মিলনত দিল্লী ঘোষণাপত্ৰ গ্ৰহণ কাৰ্য্য ভাৰতৰ এই দৃঢ় অংগীকাৰৰ সাক্ষ্য। ভাৰতে সদায় অপেন স্কাই আৰু গ্ল’বেল কানেক্টিভিটিক সমৰ্থন জনাই আহিছে। আমি চিকাগো সন্মিলনৰ নীতিসমূহ অক্ষুণ্ণ ৰাখিছোঁ। আহক আমি একেলগে কাম কৰি এনে এটা ভৱিষ্যৎ গঢ়ি তোলোঁ য’ত বিমান যাত্ৰা সকলোৰে বাবে সুলভ, সুগম আৰু সুৰক্ষিত হৈ পৰিব। মোৰ বিশ্বাস যে আপোনালোক সকলোৱে বিমান পৰিবহণ খণ্ডক অধিক শিখৰত আৰোহণৰ বাবে নতুন সমাধান সূত্ৰ উলিয়াব। আপোনালোক সকলোলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Semiconductor Mission 2.0 to boost domestic chip manufacturing

Media Coverage

India Semiconductor Mission 2.0 to boost domestic chip manufacturing
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi receives a telephone call from the Prime Minister of Mauritius
February 09, 2026
The two leaders review progress in bilateral cooperation since their last meeting in Varanasi in September 2025.
They reaffirm their shared commitment to further advancing the India-Mauritius Enhanced Strategic Partnership.
PM Modi reiterates India’s continued support for Mauritius’ development priorities.
Both leaders agree to work closely towards peace and stability in the Indian Ocean Region.
PM Modi conveys that he looks forward to welcoming him in Delhi for the AI Impact Summit next week.

Prime Minister Shri Narendra Modi received a telephone call today from the Prime Minister of the Republic of Mauritius, H.E. Dr. Navinchandra Ramgoolam..

The two leaders reviewed progress in the wide-ranging bilateral cooperation since their last meeting in Varanasi in September 2025 with an emphasis on development partnership, capacity building and people-to-people exchanges.

They reaffirmed their shared commitment to further advancing the Enhanced Strategic Partnership between India and Mauritius for the benefit of the two peoples.

Prime Minister Modi reiterated India’s continued support for Mauritius’ development priorities in line with Vision MAHASAGAR, India’s Neighbourhood First policy and shared commitment to the Global South.

Both leaders agreed to continue working closely to achieve the shared objectives of peace and stability in the Indian Ocean Region.

Prime Minister Modi conveyed that he looked forward to welcoming him in Delhi for the AI Impact Summit next week.