Summit is an addition of a new chapter to the Indo-German Partnership: PM
Year 2024 marks the 25th anniversary of the Indo-German Strategic Partnership, making it a historic year: PM
Germany's "Focus on India" document reflects the world recognising the strategic importance of India: PM
India has made significant strides, becoming a leading country in mobile and electronics manufacturing: PM
India is making rapid advancements in physical, social, and digital infrastructure: PM
Prime Minister calls for a partnership between India's dynamism and Germany's precision

গুটেন এবেণ্ড!

ষ্টুটগাৰ্ট নিউজ9 গ্ল’বেল ছামিট (Stuttgart News9 Global Summit)লৈ অহা সকলো বন্ধুক মোৰ নমস্কাৰ!

মন্ত্ৰী উইনফ্ৰাইড, মোৰ কেবিনেট সহকৰ্মী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভদ্ৰ মহিলা আৰু সজ্জনসকল!

ভাৰত-জাৰ্মান অংশীদাৰিত্বত আজি এটা নতুন অধ্যায় সংযোজন কৰা হৈছে। ভাৰতৰ টিভি-৯ য়ে VfB Stuttgart, আৰু Baden-Württembergৰ সৈতে জাৰ্মানীত এই শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। মই সুখী যে ভাৰতৰ পৰা এটা মিডিয়া গ্ৰুপে আজিৰ তথ্য যুগত জাৰ্মানী আৰু জাৰ্মান জনসাধাৰণৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰিছে। ইয়াৰ দ্বাৰা ভাৰতৰ জনসাধাৰণেও জাৰ্মানী আৰু জাৰ্মানীৰ জনসাধাৰণক বুজিবলৈ এক মঞ্চ লাভ কৰিব। মই এই কথাক লৈও আনন্দিত যে News-9 ইংৰাজী নিউজ চেনেলো মুকলি কৰা হৈছে।

বন্ধুসকল,

এই ছামিটৰ বিষয়বস্তু হৈছে ভাৰত-জাৰ্মানী: বহনক্ষম বৃদ্ধিৰ বাবে এক ৰোডমেপ। আৰু এই বিষয়বস্তুও দুয়োখন দেশৰ দায়িত্বশীল অংশীদাৰিত্বৰ প্ৰতীক। যোৱা দুদিনত আপোনালোক সকলোৱে অৰ্থনৈতিক বিষয়ৰ লগতে ক্ৰীড়া আৰু মনোৰঞ্জনৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত অতি ইতিবাচক আলোচনা কৰিছে।

 

বন্ধুসকল,

ভূ-ৰাজনৈতিক সম্পৰ্ক আৰু বাণিজ্য আৰু বিনিয়োগ দুয়োটা দিশতে ইউৰোপ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ কৌশলগত অঞ্চল। আৰু জাৰ্মানী আমাৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ। ভাৰত-জাৰ্মান কৌশলগত অংশীদাৰিত্বই ২০২৪ চনত ২৫ বছৰ সম্পূৰ্ণ কৰে। আৰু এই অংশীদাৰিত্বৰ বাবে এই বছৰটো ঐতিহাসিক আৰু বিশেষ হৈ ৰ’ল৷ মাত্ৰ যোৱা মাহত চ্যান্সেলৰ শ্বোলজ তৃতীয়বাৰৰ বাবে ভাৰত ভ্ৰমণলৈ গৈছিল। ১২ বছৰৰ পাছত দিল্লীত জাৰ্মান বিজনেছৰ এছিয়া-পেচিফিক সন্মিলনৰ আয়োজন কৰা হয়। ইয়াত জাৰ্মানীয়ে ফ’কাচ অন ইণ্ডিয়া ডকুমেণ্ট প্ৰকাশ কৰে। কেৱল এয়াই নহয়, ভাৰতৰ বাবে দক্ষ শ্ৰমিকৰ কৌশলো মুকলি কৰা হ’ল। জাৰ্মানীয়ে প্ৰকাশ কৰা এইটোৱেই প্ৰথম দেশ নিৰ্দিষ্ট কৌশল।

বন্ধুসকল,

ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্ব হয়তো ২৫ বছৰ ধৰি প্ৰতিষ্ঠা হৈছে, কিন্তু আমাৰ ঘনিষ্ঠ সম্পৰ্ক শতিকা পুৰণি। ইউৰোপৰ প্ৰথম সংস্কৃত ব্যাকৰণ গ্ৰন্থ সৃষ্টি কৰা ব্যক্তিজন আছিল এজন জাৰ্মান। দুজন জাৰ্মান ব্যৱসায়ীৰ বাবে জাৰ্মানী ইউৰোপৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় য’ত তামিল আৰু তেলেগু ভাষাত কিতাপ প্ৰকাশ হয়। আজি জাৰ্মানীত প্ৰায় ৩ লাখ ভাৰতীয় বাস কৰে। ভাৰতৰ পৰা অহা ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে জাৰ্মান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে, আৰু ইয়াত অধ্যয়ন কৰা বিদেশী ছাত্ৰ-ছাত্ৰীৰ এইটোৱেই আটাইতকৈ ডাঙৰ গোটো। ভাৰত-জাৰ্মানী সম্পৰ্কৰ আন এটা দিশ ভাৰতত দেখা যায়। আজি ভাৰতত ১৮০০ৰো অধিক জাৰ্মান কোম্পানীয়ে কাম কৰি আছে। এই কোম্পানীসমূহেও যোৱা ৩-৪ বছৰত ১৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। আজি দুয়োখন দেশৰ মাজত প্ৰায় ৩৪ বিলিয়ন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য চলি আছে। অনাগত বছৰবোৰত এই ব্যৱসায় আৰু অধিক বৃদ্ধি পাব বুলি মোৰ বিশ্বাস। মই এই কথা কৈছোঁ কাৰণ ভাৰত আৰু জাৰ্মানীৰ পাৰস্পৰিক অংশীদাৰিত্ব বিগত কেইবছৰমানৰ পৰা ধাৰাবাহিকভাৱে শক্তিশালী হৈ আহিছে।

বন্ধুসকল,

আজি ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি। বিশ্বৰ প্ৰতিখন দেশেই উন্নয়নৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব কৰিব বিচাৰে। জাৰ্মানীৰ ফ’কাচ অন ইণ্ডিয়া নথিখনো ইয়াৰ এক ডাঙৰ উদাহৰণ। এই নথিখনে দেখুৱাইছে যে আজি সমগ্ৰ বিশ্বই ভাৰতৰ কৌশলগত গুৰুত্ব কেনেকৈ স্বীকাৰ কৰিছে। বিগত ১০ বছৰ ধৰি ভাৰতত চলি থকা সংস্কাৰ, পৰিবেশন, ৰূপান্তৰৰ মন্ত্ৰই বিশ্বৰ চিন্তাধাৰাৰ এই পৰিৱৰ্তনত ডাঙৰ ভূমিকা লৈছে। ভাৰতে প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো খণ্ডতে নতুন নীতি নিৰ্ধাৰণ কৰিলে। একবিংশ শতিকাত দ্ৰুত বৃদ্ধিৰ বাবে নিজকে প্ৰস্তুত কৰিছিল। আমি ৰেড টেপ নাইকিয়া কৰি ইজ অৱ ডুইং বিজনেছৰ উন্নতি কৰিলোঁ। ভাৰতে ত্ৰিশ হাজাৰতকৈও অধিক কম্প্লাইয়েন্স নাইকিয়া কৰিলে, ভাৰতে নিজৰ বেংকসমূহক শক্তিশালী কৰিলে যাতে সময়োপযোগী আৰু সুলভ মূল্যৰ মূলধন উন্নয়নৰ বাবে উপলব্ধ হয়। আমি জি এছ টিৰ কাৰ্যক্ষম ব্যৱস্থা আনি জটিল কৰ ব্যৱস্থাটো সলনি আৰু সৰল কৰিলোঁ। আমি দেশত এক প্ৰগতিশীল আৰু সুস্থিৰ নীতি নিৰ্মাণৰ পৰিৱেশ সৃষ্টি কৰিলোঁ, যাতে আমাৰ ব্যৱসায়সমূহে আগবাঢ়ি যাব পাৰে। আজি ভাৰতত এক শক্তিশালী ভেটি স্থাপন কৰা হৈছে, যাৰ ওপৰত উন্নত ভাৰতৰ ভব্য অট্টালিকা নিৰ্মাণ হ’ব। আৰু ইয়াত জাৰ্মানী ভাৰতৰ নিৰ্ভৰযোগ্য অংশীদাৰ হ’ব।

 

বন্ধুসকল,

জাৰ্মানীৰ উন্নয়ন যাত্ৰাত উৎপাদন আৰু অভিযান্ত্ৰিকতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতেও বিশ্বৰ এক প্ৰধান উৎপাদন কেন্দ্ৰ হোৱাৰ দিশত আগবাঢ়িছে। ভাৰতে আজি মেক ইন ইণ্ডিয়াত যোগদান কৰা নিৰ্মাতাসকলক উৎপাদন সম্পৰ্কীয় প্ৰৰোচনা প্ৰদান কৰে। আৰু মই আপোনালোকক ক’বলৈ পাই সুখী যে আমাৰ মেনুফেকচাৰিং লেণ্ডস্কেপত এক বৃহৎ পৰিৱৰ্তন হৈছে। আজি ভাৰত মোবাইল আৰু ইলেক্ট্ৰনিকছ নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ। আজি ভাৰত বিশ্বৰ সৰ্ববৃহৎ দুচকীয়া বাহন নিৰ্মাতা। ই দ্বিতীয় বৃহত্তম ষ্টীল আৰু চিমেণ্ট নিৰ্মাতা, আৰু চতুৰ্থ বৃহত্তম চাৰিচকীয়া বাহন নিৰ্মাতা। ভাৰতৰ অৰ্ধপৰিবাহী উদ্যোগেও অতি শীঘ্ৰে বিশ্বত পতাকা উত্তোলন কৰিবলৈ ওলাইছে। এইটো এনেকুৱা হ’ল কাৰণ, যোৱা কেইবছৰমানৰ পৰা আমাৰ চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, লজিষ্টিক খৰচ হ্ৰাস, ব্যৱসায় কৰাত সহজতা আৰু সুস্থিৰ শাসনৰ বাবে নীতি নিৰ্ধাৰণ আৰু নতুন সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। যিকোনো দেশৰ দ্ৰুত বিকাশৰ বাবে আমি ভৌতিক, সামাজিক আৰু ডিজিটেল আন্তঃগাঁথনিৰ ওপৰত বিনিয়োগ বৃদ্ধি কৰাটো প্ৰয়োজনীয়। ভাৰতত এই তিনিটা ফ্ৰণ্টত আন্তঃগাঁথনি সৃষ্টিৰ কাম অতি দ্ৰুতগতিত চলি আছে। আজি বিশ্বই আমাৰ বিনিয়োগ আৰু উদ্ভাৱনৰ প্ৰভাৱ ডিজিটেল প্ৰযুক্তিৰ ওপৰত দেখিবলৈ পাইছে। বিশ্বৰ আটাইতকৈ অনন্য ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি থকা দেশ ভাৰত।

 

বন্ধুসকল,

আজি ভাৰতত বহুতো জাৰ্মান কোম্পানী আছে। এই কোম্পানীবোৰক বিনিয়োগ আৰু বৃদ্ধিৰ বাবে আমন্ত্ৰণ জনাইছোঁ। ভাৰতত এতিয়াও বহু জাৰ্মান কোম্পানীয়ে ভেটি স্থাপন কৰা নাই। ভাৰতলৈ আহিবলৈ তেওঁলোককো মই নিমন্ত্ৰণ জনাইছোঁ। আৰু যেনেকৈ মই দিল্লীৰ এছিয়া পেচিফিক কনফাৰেন্স অফ জাৰ্মান কোম্পানীজতো কৈছিলোঁ, ভাৰতৰ প্ৰগতিৰ সৈতে সংযোগ স্থাপনৰ- এয়াই সময়, সঠিক সময়। ভাৰতৰ গতিশীলতাৰ সৈতে জাৰ্মানীৰ নিখুঁততা, জাৰ্মানীৰ অভিযান্ত্ৰিকতাৰ সংমিশ্ৰণত ভাৰতৰ উদ্ভাৱন, এইটো আমাৰ সকলোৰে প্ৰচেষ্টা হ’ব লাগে। বিশ্বৰ এক প্ৰাচীন সভ্যতা হিচাপে আমি সদায় সমগ্ৰ বিশ্বৰ মানুহক আদৰি লৈ আহিছোঁ আৰু তেওঁলোকক আমাৰ দেশৰ অংগ কৰি আহিছোঁ। মই আপোনালোকক বিশ্বৰ সমৃদ্ধিশালী ভৱিষ্যতৰ নিৰ্মাণত সহযোগী হ’বলৈ আমন্ত্ৰণ জনাইছোঁ।

ধন্যবাদ।

ডানকে!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India car sales to hit 4.7 million in FY26 despite bumps

Media Coverage

India car sales to hit 4.7 million in FY26 despite bumps
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets devotees and participants of Matua Dharma Mela
March 16, 2026

The Prime Minister, Shri Narendra Modi has greeted all the devotees and participants of the Matua Dharma Mela. This special occasion is associated with the Jayanti of Purna Brahma Shree Shree Harichand Thakur Ji. “I offer my humble Pranams to him. His thoughts and teachings continue to give strength and hope to several people. They awakened a powerful movement for dignity, equality and devotion. He inspired generations to walk the path of righteousness, harmony and collective upliftment”, Shri Modi stated.

The Prime Minister remarked that the rich and vibrant traditions of Matua culture reflect a deep spiritual strength and an unbreakable commitment to equality. It significantly enriches the social fabric of our nation. “Over the past decade, our Government has been deeply committed to the welfare, empowerment and dignity of the Matua community”, Shri Modi said.

The Prime Minister posted on X:

“My heartfelt greetings and best wishes to all devotees and participants of the Matua Dharma Mela.

This special occasion is associated with the Jayanti of Purna Brahma Shree Shree Harichand Thakur Ji. I offer my humble Pranams to him. His thoughts and teachings continue to give strength and hope to several people. They awakened a powerful movement for dignity, equality and devotion. He inspired generations to walk the path of righteousness, harmony and collective upliftment.

The rich and vibrant traditions of the Matua culture reflect a deep spiritual strength and an unbreakable commitment to equality. It significantly enriches the social fabric of our nation. Over the past decade, our Government has been deeply committed to the welfare, empowerment and dignity of the Matua community.” 

 

“মতুয়া ধর্মমেলায় আগত সমস্ত ভক্ত এবং অংশগ্রহণকারীদের জানাই আমার আন্তরিক শুভেচ্ছা ও অভিনন্দন।

এই বিশেষ তিথিটি পূর্ণ ব্রহ্ম শ্রী শ্রী হরিচাঁদ ঠাকুরজির জয়ন্তীর সঙ্গে যুক্ত। আমি তাঁকে আমার সশ্রদ্ধ প্রণাম নিবেদন করছি। তাঁর আদর্শ এবং শিক্ষা আজও অগণিত মানুষকে শক্তি ও আশার আলো দিয়ে চলেছে এবং সম্মান, সাম্য ও ভক্তির এক শক্তিশালী আন্দোলনের জন্ম ঘটিয়েছে। তিনি প্রজন্ম থেকে প্রজন্মান্তরকে ন্যায়ের পথ, সম্প্রীতি এবং সমষ্টিগত উন্নয়নের পথে চলার অনুপ্রেরণা জুগিয়েছেন।

মতুয়া সংস্কৃতির এই সমৃদ্ধ এবং প্রাণবন্ত ঐতিহ্য এক গভীর আধ্যাত্মিক শক্তি এবং সাম্যের প্রতি অটুট অঙ্গীকারকে প্রতিফলিত করে। এটি আমাদের দেশের সামাজিক কাঠামোকে উল্লেখযোগ্যভাবে সমৃদ্ধ করেছে। গত এক দশকে, আমাদের সরকার মতুয়া সম্প্রদায়ের কল্যাণ, ক্ষমতায়ন এবং মর্যাদার প্রতি সম্পূর্ণ দায়বদ্ধ থেকে কাজ করে চলেছে।”