আত্মবিশ্বাসী ভাৰত সন্দেহ আৰু হতাশাৰ পৰা মুক্ত হোৱাৰ ফলশ্ৰুতিত উন্নত ৰাষ্ট্ৰসমূহ ভাৰতৰ সৈতে বাণিজ্য চুক্তি স্বাক্ষৰিত কৰিবলৈ আগ্ৰহী হৈ উঠিছেঃ প্ৰধানমন্ত্ৰী
যোৱা ১১ বছৰত ৰাষ্ট্ৰৰ চেতনালৈ এক নতুন শক্তি প্ৰবাহিত হৈছে, ভাৰত স্বকীয় যথোচিত শক্তি পুনৰ আহৰণ কৰিবলৈ বদ্ধপৰিকৰঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আজি বিশ্বব্যাপী আলোচনাৰ বিষয় হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপক সমগ্ৰ বিশ্বই গভীৰ দৃষ্টিৰে চাই আৰু বিশ্লেষণ কৰে, এআই সন্মিলন হৈছে ইয়াৰ স্পষ্ট উদাহৰণঃ প্ৰধানমন্ত্ৰী
হ্ৰস্ব-ম্যাদী চিন্তাৰে ৰাষ্ট্ৰ-নিৰ্মাণ কেতিয়াও সম্ভৱ নহয়; দীৰ্ঘ-ম্যাদী দৃষ্টিভংগী, ধৈৰ্য্য আৰু সময়োপযোগী সিদ্ধান্তৰেহে এয়া সম্ভৱঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ!

নেটৱৰ্ক ১৮-ৰ সকলো সাংবাদিক, এই ব্যৱস্থা চোৱাচিতা কৰা সকলো সতীৰ্থ, ইয়াত উপস্থিত সকলো বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলা!

আপোনালোক সকলোৱে ৰাইজিং ইণ্ডিয়া সম্পৰ্কে আলোচনা কৰি আছে। আৰু ইয়াত আপোনাসৱৰ গুৰুত্ব অভ্যন্তৰীণ শক্তিৰ ওপৰত-সৰল ভাষাত ক’বলৈ গ’লে আপোনালোকৰ গুৰুত্ব ৰাষ্ট্ৰৰ নিজৰ অন্তৰ্নিহিত সামৰ্থ্যৰ ওপৰত। আমাৰ শাস্ত্ৰত কোৱা হৈছে- ত ত্বম অসী!-যি আমি ব্ৰহ্মত বিচাৰো, সেয়া আমাৰ ভিতৰতে আছে, সেয়া আমি নিজেই। শক্তি আমাৰ ভিতৰতে নিহিত হৈ আছে আৰু আমি ইয়াক চিনি পাব লাগিব। বিগত ১১ বছৰত ভাৰতে সেই শক্তিকে স্বীকাৰ কৰিছে আৰু আজি ৰাষ্ট্ৰই ইয়াক সবলীকৰণৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আছে।

 

বন্ধুসকল,

ৰাষ্ট্ৰ এখনৰ শক্তি হঠাতে উদয় নহয়; এয়া প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি গঢ় লৈ উঠে। জ্ঞান, পৰম্পৰা, কঠোৰ পৰিশ্ৰম, অভিজ্ঞতাৰ দ্বাৰা ইয়াক পৰিশোধন কৰা হয়। কিন্তু ইতিহাসৰ দীঘলীয়া সময়ছোৱাত শতিকাজুৰি দাসত্বৰ মাজেৰে শক্তিশালী হোৱাৰ মনোভাৱটো হীনমন্যতাৰে ভৰি পৰিছিল। আমদানিকৃত মতাদৰ্শই সমাজত গভীৰভাৱে এই বিশ্বাস জগাই তুলিছিল যে আমি অ-শিক্ষিত আৰু কেৱল অনুগামী। আমাৰ শাস্ত্ৰত কোৱা হৈছে- যাদৃশি ভৱন যাস্য, সিদ্ধিৰ ভাৱতি তাদৃষি-যেনেকৈ নিজৰ বিশ্বাস, সিদ্ধিও তেনেকুৱাই। যেতিয়া বিশ্বাস নিজেই নিম্ন আছিল, তেতিয়া সাফল্যও নিম্ন আছিল। আমি বিদেশী প্ৰযুক্তিৰ নকল কৰিছিলো, বিদেশী অনুমোদনৰ বাবে অপেক্ষা কৰিছিলো- এয়া আছিল কেৱল ৰাজনৈতিক বা ভৌগোলিকেই নহয়, বৰঞ্চ মানসিকভাৱেও দাসত্ব। দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ পাছতো ভাৰতে এই দাসত্বৰ মানসিকতাৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰিছিল। আৰু আমি এতিয়াও তাৰ মূল্য ভৰি আছো। বাণিজ্য চুক্তিক কেন্দ্ৰ কৰি হোৱা আলোচনাত এটা শেহতীয়া উদাহৰণ দেখা যায়। একাংশ লোক আচৰিত হৈছে-এয়া কেনেকৈ সম্ভৱ হ’ল, উন্নত ৰাষ্ট্ৰসমূহ ভাৰতৰ সৈতে বাণিজ্য চুক্তি স্বাক্ষৰিত কৰিবলৈ ইমান আগ্ৰহী কিয়? ইয়াৰ উত্তৰ নিহিত হৈ আছে এখনি আত্মবিশ্বাসী ভাৰতত, যি এতিয়া সন্দেহ আৰু হতাশাৰ পৰা ওলাই আহিছে। যদি দেশখন এতিয়াও ২০১৪-ৰ পূৰ্বৰ অন্ধকাৰতে আবদ্ধ হৈ থাকিলহেঁতেন, যদি দেশখনক নীতিগত পক্ষাঘাতত আবদ্ধ হৈ থকা “ভংগুৰ পাঁচ”ৰ ভিতৰত গণ্য কৰা হ’লহেঁতেন- আমাৰ সৈতে কোনে বাণিজ্য চুক্তি কৰিলেহেঁতেন, আনকি কোনেও আমাৰ ফালে নাচালেহেঁতেন?

কিন্তু বন্ধুসকল,

বিগত ১১ বছৰত ৰাষ্ট্ৰৰ চেতনালৈ নতুন শক্তি প্ৰবাহিত হৈছে। ভাৰতে এতিয়া হেৰুৱা শক্তি পুনৰ লাভ কৰিবলৈ চেষ্টা চলাইছে। এসময়ত যেতিয়া বিশ্ব অৰ্থনীতিত ভাৰতৰ সৰ্বাধিক আধিপত্য আছিল, তেতিয়া আমাৰ শক্তি কি আছিল? ভাৰতৰ উৎপাদন, ভাৰতীয় সামগ্ৰীৰ মানদণ্ড, ভাৰতৰ অৰ্থনৈতিক নীতিয়েই আছিল মূল। আজিৰ ভাৰতে আকৌ এবাৰ এইসমূহ দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেইবাবেই আমি মেনুফেকচাৰিং খণ্ডত কাম কৰিছিলো, মেক ইন ইণ্ডিয়াত গুৰুত্ব আৰোপ কৰিছিলো, আমাৰ বেংকিং ব্যৱস্থা শক্তিশালী কৰিছিলো, দুটা-অংকৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিছিলো, ভাৰতক বিশ্বৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তুলিছো। ভাৰতৰ এই শক্তিতে আগ্ৰহী হৈ আমাৰ সৈতে বাণিজ্য চুক্তি কৰিবলৈ নিজেই উন্নত ৰাষ্ট্ৰসমূহ আগবাঢ়ি আহিছে।

বন্ধুসকল,

যেতিয়া এখন ৰাষ্ট্ৰৰ সুপ্ত শক্তি জাগ্ৰত হয়, তেতিয়া ৰাষ্ট্ৰখনে নতুন মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হয়। মই আৰু কিছু উদাহৰণ দিওঁ। মই যেতিয়াই আন দেশৰ চৰকাৰৰ মুৰব্বীক লগ পাওঁ, তেতিয়াই তেওঁলোকে জন ধন, আধাৰ আৰু ম’বাইলৰ অসীম শক্তিৰ কথা শুনিবলৈ আগ্ৰহী হৈ পৰে। যিখন দেশত উন্নত ৰাষ্ট্ৰৰ তুলনাত এটিএম বহু পিছত আহিছিল, সেইখন দেশে ডিজিটেল পেমেন্টৰ ক্ষেত্ৰত কেনেকৈ বিশ্বব্যাপী নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হ’ল? য’ত চৰকাৰী সাহায্যৰ লিকেজক অপ্ৰিয় সত্য বুলি মানি লোৱা হৈছিল, সেইখন দেশে কেনেকৈ ডিবিটি-ৰ জৰিয়তে ২৪ ট্ৰিলিয়ন টকা হিতাধিকাৰী সকললৈ হস্তান্তৰ কৰিলে? ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আজি বিশ্বব্যাপী আলোচনাৰ বিষয় হৈ পৰিছে।

 

বন্ধুসকল,

আজি বিশ্ব আচৰিত হৈ পৰিছে- ২০১৪-লৈকে প্ৰায় ৩০ নিযুত পৰিয়ালে অন্ধকাৰত বসবাস কৰা ভাৰত আজি কেনেকৈ সৌৰশক্তি ক্ষমতা সম্পন্ন শীৰ্ষ দেশসমূহৰ অন্যতম হৈ পৰিল? যি ভাৰতৰ চহৰ সমূহত ৰাজহুৱা পৰিবহণৰ উন্নতিৰ আশা দেখা নগৈছিল, সেই ভাৰত কেনেকৈ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ মেট্ৰ’ নেটৱৰ্কৰ দেশ হিচাপে পৰিগণিত হ’ল? যাৰ ৰেলপথ কেৱল পলম আৰু লেহেমীয়া গতিৰ বাবে পৰিচিত আছিল, সেইখন ভাৰতে আজি কেনেকৈ বন্দে ভাৰত আৰু নমো ভাৰতেৰে ছেমি-হাইস্পীড সংযোগ লাভ কৰিলে?

বন্ধুসকল,

এটা সময় আছিল যেতিয়া ভাৰত কেৱল নতুন প্ৰযুক্তিৰ উপভোক্তা আছিল। কিন্তু আজি ভাৰতো নতুন প্ৰযুক্তিৰ সৃষ্টিকৰ্তা আৰু দেশখনে নতুন মানদণ্ড নিৰ্ধাৰণ কৰি আছে। ইয়াৰ কাৰণ হৈছে আমি আমাৰ নিজৰ শক্তিক চিনি পাইছিলো-আপোনালোকৰ ভিতৰৰ যি শক্তিৰ বিষয়ে আলোচনা কৰি আছে সেয়াই ইয়াৰ উদাহৰণ।

বন্ধুসকল,

আমি যেতিয়া গৌৰৱেৰে আগবাঢ়ি যাওঁ তেতিয়া বিশ্বই আমাক চোৱাৰ ধৰণটোও সলনি হয়। মনত ৰাখিব, মাত্ৰ কেইবছৰমানৰ আগতে বিশ্বৰ সংবাদ মাধ্যমে ভাৰতৰ পৰিঘটনাৰ বিষয়ে কমকৈ আলোচনা কৰিছিল। ভাৰতৰ অনুষ্ঠানক বিশেষ গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। আৰু আজি চাওক, ভাৰতৰ প্ৰতিটো কাৰ্য্যক বিশ্বজুৰি কেনেদৰে বিশ্লেষণ কৰা হৈছে। এআই ছামিট ইয়াৰ উদাহৰণ-এইটো ঠিক ইয়াতেই উক্ত সন্মিলন অনুষ্ঠিত হৈছিল। ১০০ খনৰো অধিক দেশে অংশগ্ৰহণ কৰিছিল। গ্ল’বেল নৰ্থেই হওক বা গ্ল’বেল চাউথেই হওক, সকলোৱে একেলগে এখন টেবুলত বহিছিল। বৃহৎ নিগমৰ পৰা আৰম্ভ কৰি সৰু ষ্টাৰ্টআপলৈকে সকলো একেলগে গোট খাইছিল।

বন্ধুসকল,

এতিয়ালৈকে হোৱা সকলো ঔদ্যোগিক বিপ্লৱত ভাৰত আৰু সমগ্ৰ গ্ল’বেল চাউথ কেৱল অনুগামী আছিল। কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত ভাৰত কেৱল সিদ্ধান্ত-গ্ৰহণ কাৰ্য্যৰ অংশীদাৰ হোৱাই নহয়, বৰঞ্চ সিদ্ধান্ত গ্ৰহণো কৰিছে। আজি আমাৰ নিজা এআই ষ্টাৰ্টআপ বাতাবৰণ আছে, ডাটা চেন্টাৰত বিনিয়োগ কৰাৰ শক্তি আছে আৰু আমি এআই ডাটা সংৰক্ষণ তথা প্ৰক্ৰিয়াকৰণৰ বাবে আটাইতকৈ প্ৰয়োজনীয় শক্তিৰ ওপৰত দ্ৰুতগতিত কাম কৰি আছো। আমি পাৰমাণৱিক শক্তি খণ্ডত যি সংস্কাৰ সাধন কৰিছো, সেই সংস্কাৰে ভাৰতৰ এআই বাতাবৰণক শক্তিশালী কৰাত সহায় কৰিব।

 

বন্ধুসকল,

এআই সন্মিলনৰ আয়োজন সমগ্ৰ ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে দেশৰ আটাইতকৈ পুৰণি দলটোৱে এই উদযাপনক কলংকিত কৰিবলৈ চেষ্টা কৰিছিল। বিদেশী অতিথিৰ সন্মুখত কংগ্ৰেছে কেৱল কাপোৰ খুলি দিয়াই নহয়, বৰঞ্চ মতাদৰ্শগত দেউলীয়া অৱস্থাৰ কথাও উদঙাই দিলে। যেতিয়া বিফলতাই হতাশাৰ জন্ম দিয়ে আৰু অহংকাৰে ঠাই লয়, তেতিয়া এনে চিন্তাৰ উন্মেষ ঘটে যিয়ে ৰাষ্ট্ৰখনৰ বদনাম কৰিব বিচাৰে। স্পষ্টভাৱে কংগ্ৰেছৰ এই কাৰ্য্যই দেশক ক্ষুব্ধ কৰি তুলিছে। নিজা পাপক ন্যায্যতা প্ৰদান কৰিবলৈ তেওঁলোকে মহাত্মা গান্ধীক আগুৱাই আনিলে। কংগ্ৰেছে সদায় এই কাম কৰে- যেতিয়া নিজৰ পাপ লুকুৱাব বিচাৰে তেতিয়া বাপুক আগুৱাই লৈ যায়; যেতিয়া ই নিজকে মহিমামণ্ডিত কৰিব বিচাৰে, তেতিয়া ই এটা পৰিয়ালক সকলো ক্ৰেডিট দিয়ে।

বন্ধুসকল,

কংগ্ৰেছে এতিয়া নিজকে মতাদৰ্শৰ নামত বিৰোধিতাৰ এক মাত্ৰ আহিলালৈ অৱনমিত কৰিছে। অন্ধ বিৰোধিতাৰ এই মানসিকতা ইমানেই বাঢ়িছে যে তেওঁলোকে প্ৰতিখন মঞ্চত, প্ৰতিটো খোজত ৰাষ্ট্ৰখনক তুচ্ছজ্ঞান কৰাৰ কোনো সুযোগ হেৰুৱাব নোৱাৰে। দেশৰ বাবে যি ভাল হ’ব, যি শুভ হ’ব, কংগ্ৰেছে কেৱল বিৰোধিতা কৰিব জানে।

বন্ধুসকল,

মোৰ এখন দীঘলীয়া তালিকা আছে- নতুন সংসদ ভৱন নিৰ্মাণ হ’ল, তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছিল। সংসদৰ ওপৰত অশোক স্তম্ভৰ সিংহ- তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছিল। যিসকলৰ সিংহই এসময়ত সাধাৰণ নাগৰিকক ভেঙুচালি কৰিছিল, তেওলোকেই এতিয়া সংসদৰ সিংহৰ দাঁতত ভয় খাইছে। কৰ্তব্য পথ নিৰ্মাণ হৈছিল, তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছিল। সশস্ত্ৰ বাহিনীয়ে চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল, তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছিল। বালাকোটত এয়াৰ ষ্ট্ৰাইক হৈছিল, তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছিল। অপাৰেচন সিন্দূৰ চলিছিল, তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছিল। মুঠতে ৰাষ্ট্ৰৰ প্ৰতিটো কৃতিত্বৰ বাবে কংগ্ৰেছৰ টুলকিটে মাত্ৰ এটা বস্তুহে উৎপন্ন কৰে- সেয়া হৈছে বিৰোধিতা।

বন্ধুসকল,

ৰাষ্ট্ৰই ৩৭০ নং অনুচ্ছেদৰ বাধা অতিক্ৰম কৰিলে, দেশ আনন্দিত হ’ল। কিন্তু কংগ্ৰেছে বিৰোধিতা কৰিছিল। আমি চিএএ আইন প্ৰণয়ন কৰিলো- তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিলে। আমি মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰিলো-তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিলে। আমি তিনি তালাকৰ বিৰুদ্ধে আইন আনিলো- তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিলে। আমি ইউপিআই আৰম্ভ কৰিলো-তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিলে। আমি স্বচ্ছ ভাৰত মিছনৰ উদ্যোগ লৈছিলো-তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছিল। দেশখনে নিজাববীয়াকৈ ক’ভিড ভেকচিন প্ৰস্তুত কৰিলে, আনকি তাৰ বিৰোধিতা কৰিলে।

 

বন্ধুসকল,

গণতন্ত্ৰত বিৰোধৰ অৰ্থ অন্ধ প্ৰতিৰোধ নহয়। গণতন্ত্ৰত বিৰোধিতা মানে বিকল্প দৃষ্টিভংগী দাঙি ধৰা। সেইবাবেই দেশৰ সচেতন নাগৰিকে কংগ্ৰেছক পাঠ দি আহিছে- কেৱল আজিয়েই নহয়, বিগত চাৰিটা দশক ধৰি ধাৰাবাহিকভাৱে। মই যি ক’বলৈ ওলাইছো, মই মোৰ সংবাদ মাধ্যমৰ সতীৰ্থসকলকো বিশ্লেষণ কৰিবলৈ আহ্বান জনাইছো। আপোনাসৱে দেখিব যে কংগ্ৰেছৰ ভোট চুৰি হোৱা নাই; বৰঞ্চ দেশৰ জনসাধাৰণে কংগ্ৰেছক আৰু নিজৰ ভোটৰ যোগ্য বুলি নাভাবে। আৰু এই হ্ৰাস ১৯৮৪-ৰ পিছত আৰম্ভ হৈছিল। ১৯৮৪-ত কংগ্ৰেছে ৩৯ শতাংশ ভোট আৰু ৪০০-ৰো অধিক আসন লাভ কৰিছিল। পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছৰ ভোটৰ অংশ হ্ৰাস পাই থাকিল। আৰু আজি কংগ্ৰেছৰ অৱস্থা এনেকুৱা যে মাত্ৰ চাৰিখন ৰাজ্যহে বাকী আছে য’ত কংগ্ৰেছৰ ৫০ জনৰো অধিক বিধায়ক আছে। যোৱা ৪০ বছৰত যুৱ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে, কংগ্ৰেছ ক্ৰমাগতভাৱে নোহোৱা হৈ আহিছে। কংগ্ৰেছ হৈ পৰিছে এটা পৰিয়ালৰ দাসত্বত থকা মানুহৰ ক্লাব। সেইবাবেই প্ৰথমে মিলেনিয়ামসকলে কংগ্ৰেছক পাঠ শিকাইছিল আৰু এতিয়া জেন জেডো সাজু হৈছে।

বন্ধুসকল,

কংগ্ৰেছ আৰু ইয়াৰ সহযোগীৰ মানসিকতা ইমানেই সংকীৰ্ণ যে দীৰ্ঘম্যাদী দৃষ্টিভংগীকো অপৰাধ হিচাপে গঢ়ি তুলিছে। আজি ২০৪৭-ৰ ভিতৰত এখন উন্নত ভাৰতৰ কথা কওঁতে একাংশ লোকে প্ৰশ্ন কৰে- “এতিয়াই ইমান আগৰ কিবা এটাৰ কথা কিয় কওঁ?” আনকি কিছুমানে কয়, “তেতিয়ালৈ মোদী জীয়াই নাথাকিব।” সত্যটো হ’ল হ্ৰস্বম্যাদী চিন্তাৰে ৰাষ্ট্ৰ-নিৰ্মাণ কেতিয়াও সম্ভৱ নহয়। এয়া এক গভীৰ দৃষ্টিভংগী, ধৈৰ্য্য আৰু সময়োপযোগী সিদ্ধান্তৰ জৰিয়তেহে সম্ভৱ। মই নেটৱৰ্ক ১৮-ৰ দৰ্শক সকলৰ আগত কেতবোৰ তথ্য দাঙি ধৰিব খুজিছো। পূৰ্বে প্ৰতি বছৰে ভাৰতে বহিঃৰাষ্ট্ৰৰ জাহাজৰ জৰিয়তে মাল সৰবৰাহৰ বাবে ৬ লাখ কোটিৰো অধিক টকা ব্যয় কৰিছিল। সাৰ আমদানিৰ ক্ষেত্ৰত বছৰি ২.২৫ লাখ কোটি টকা ব্যয় হৈছিল। পেট্ৰলিয়াম আমদানিৰ ক্ষেত্ৰত বছৰি ১১ লাখ কোটি টকা ব্যয় হৈছিল। অৰ্থাৎ প্ৰতিবছৰে কোটি-কোটি টকা দেশৰ বাহিৰলৈ ওলাই গৈছিল। এই বিনিয়োগ যদি ২০–২৫ বছৰ আগতে আত্ম-নিৰ্ভৰতাৰ দিশত সমৰ্পিত হ’লহেঁতেন, তেন্তে আজি ভাৰতৰ আন্তঃগাঁথনি, গৱেষণা, উদ্যোগ, কৃষক আৰু যুৱক-যুৱতীসকল শক্তিশালী হৈ উঠিলহেঁতেন। আজি আমাৰ চৰকাৰে এই দৃষ্টিভংগীৰে কাম কৰি আছে। বিদেশী জাহাজক ৬ লাখ কোটি টকা নিদিবলৈ ভাৰতীয় জাহাজ আৰু বন্দৰৰ আন্তঃগাঁথনিক শক্তিশালী কৰা হৈছে। ঘৰুৱা সাৰ উৎপাদন বৃদ্ধি কৰিবলৈ নতুন উদ্যোগ স্থাপন কৰা হৈছে আৰু নেন’-ইউৰিয়াৰ প্ৰচাৰ কৰা হৈছে। পেট্ৰলিয়ামৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ইথানল মিশ্ৰণ, গ্ৰীন হাইড্ৰজেন মিছন, সৌৰশক্তি আৰু বৈদ্যুতিক গতিশীলতাক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে।

আৰু বন্ধুসকল,

ভৱিষ্যতৰ কথা মনত ৰাখি আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। সেইবাবেই ভাৰতে অৰ্ধপৰিবাহী বাতাবৰণ গঢ়ি তুলিছে। প্ৰতিৰক্ষা উৎপাদন, ম’বাইল উৎপাদন, ড্ৰোন প্ৰযুক্তি, জটিল খনিজ খণ্ডত বিনিয়োগেৰে আমি অৰ্থনৈতিক সুৰক্ষাৰ ভেটি স্থাপন কৰিছো। ২০৪৭-ৰ লক্ষ্য ৰাজনৈতিক শ্ল’গান নহয়। এয়া কংগ্ৰেছ চৰকাৰে সময়মতে বিনিয়োগ কৰিব নোৱাৰা ঐতিহাসিক ভুলবোৰ শুধৰোৱাৰো সংকল্প। আজি যদি আমি থলুৱা জাহাজ নিৰ্মাণ কৰি, নিজৰ শক্তি উৎপাদন কৰি, নিজে নতুন প্ৰযুক্তি বিকশিত কৰো, তেন্তে ভৱিষ্যৎ প্ৰজন্মই আমদানিৰ বোজাৰ বিষয়ে নহয়, বৰঞ্চ ৰপ্তানি ক্ষমতাৰ বিষয়েহে আলোচনা কৰিব। এখন ৰাষ্ট্ৰৰ অগ্ৰগতি “আজিৰ সুবিধা”ৰ দ্বাৰা নহয়, বৰঞ্চ “কাইলৈৰ বাবে প্ৰস্তুতিৰ” দ্বাৰা নিৰ্ধাৰিত হয়। আৰু দূৰদৰ্শিতাৰে কৰা কঠোৰ পৰিশ্ৰমেই হৈছে ২০৪৭-ৰ এখনি আত্ম-নিৰ্ভৰ, শক্তিশালী, আৰু সমৃদ্ধিশালী ভাৰতৰ ভেটি। আৰু কংগ্ৰেছে প্ৰতিবাদত যিমানেই কাপোৰ ফালি নলওক কিয়, আমি অক্লান্তভাৱে কাম কৰি যাম।

 

বন্ধুসকল,

ৰাষ্ট্ৰ-নিৰ্মাণৰ এটা অতিশয় গুৰুত্বপূৰ্ণ চৰ্ত হ’ল উদ্দেশ্যৰ আন্তৰিকতা। ইয়াতো ব্যৰ্থ হৈছে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দল। কেতিয়াও আন্তৰিকতাৰে কাম কৰা নাছিল। দৰিদ্ৰ লোক সকলৰ দুখ-কষ্টৰ প্ৰতি তেওঁলোকৰ কোনো চিন্তা নাই। উদাহৰণস্বৰূপে বংগত আয়ুষ্মান ভাৰত আঁচনিক এতিয়াও কাৰ্য্যকৰী কৰা হোৱা নাই। যদি আন্তৰিকতা থাকিলহেঁতেন তেতিয়া দৰিদ্ৰ নাৰায়ণক ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আঁচনি এখনক তেওঁলোকে বাধা নিদিলেহেঁতেন? আপোনাসৱে এয়াও জানে যে পিএম আৱাস যোজনাৰ অধীনত দৰিদ্ৰ লোকসকলৰ বাবে স্থায়ী গৃহ নিৰ্মাণ কৰা হৈছে। মই নেটৱৰ্ক ১৮-ৰ দৰ্শক ৰাইজক আন এটা পৰিসংখ্যাৰ কথা অৱগত কৰিব খুজিছো। তামিলনাডুৰ দৰিদ্ৰ পৰিয়াল সমূহৰ বাবে প্ৰায় ৯.৫ লাখ স্থায়ী গৃহ আবন্টন জনোৱা হৈছে-৯.৫ লাখ। কিন্তু ইয়াৰে ৩ লাখ গৃহ নিৰ্মাণৰ কাম স্তব্ধ হৈ পৰিছে। কিয়? কাৰণ ডিএমকে চৰকাৰে দৰিদ্ৰৰ বাবে এই গৃহসমূহ নিৰ্মাণৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা নাই। আৰু কাৰণটো স্পষ্ট-তেওঁলোকৰ উদ্দেশ্য আন্তৰিক নহয়।

বন্ধুসকল,

মই কৃষি খণ্ডৰ পৰাও এটা উদাহৰণ দিওঁ। কংগ্ৰেছৰ সময়ত খেতি-বাতি নিজৰ ভাগ্যৰ ওপৰত এৰি দিয়া হৈছিল। ক্ষুদ্ৰ কৃষক সকলক আওকাণ কৰা হৈছিল, শস্যৰ বীমা হুলস্থুলীয়া হৈ পৰিছিল, এমএছপি সন্দৰ্ভত স্বামীনাথন কমিটিৰ প্ৰতিবেদনক ফাইলতে ৰখা হৈছিল। কংগ্ৰেছে বাজেটত ঘোষণা কৰিছিল, কিন্তু বাস্তৱত একো নহৈছিল- কাৰণ তেওঁলোকৰ আন্তৰিকতাৰ অভাৱ আছিল। আমি দেশৰ কৃষক ৰাইজৰ বাবে আন্তৰিকতাৰে কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু আজি বিশ্বই ইয়াৰ ফল প্ৰত্যক্ষ কৰিছে। আজি ভাৰত বিশ্বৰ অন্যতম প্ৰধান কৃষি ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে। আমি প্ৰতিটো স্তৰতে কৃষক সকলৰ বাবে এক সুৰক্ষা কৱচ সৃষ্টি কৰিছো। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে কৃষক সকলৰ একাউন্টত পোনপটীয়াকৈ ৪ লাখ কোটিৰো অধিক টকা জমা হৈছে। আমি ব্যয়ৰ ১.৫ গুণ অধিক এমএছপি-ৰ ব্যৱস্থা কৰিছিলো আৰু অভিলেখ পৰিমাণৰ শস্য ক্ৰয় কৰিছিলো। আৰু মাত্ৰ এটা পৰিসংখ্যা- শস্য প্ৰদান কৰিব খুজিছো। ইউপিএ চৰকাৰে ১০ বছৰত এমএছপি-ত মাত্ৰ ৬ লাখ মেট্ৰিক টন দাইল ক্ৰয় কৰিছিল। ইতিমধ্যে আমাৰ চৰকাৰে এমএছপি-ত প্ৰায় ১৭০ লাখ মেট্ৰিক টন দাইল ক্ৰয় কৰিছে-এয়া প্ৰায় ৩০ গুণ বেছি। এতিয়া আপোনাসৱে সিদ্ধান্ত লওক কোনে সঁচাকৈয়ে কৃষকৰ বাবে কাম কৰিছে।

বন্ধুসকল,

কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৃষকক সহায় আগবঢ়োৱাতো ইউপিএ চৰকাৰে কৃপণালি কৰিছিল। ইয়াৰ ১০ বছৰত ইউপিএ চৰকাৰে ৭ লাখ কোটি টকা কৃষি ঋণ-৭ লাখ কোটি টকা দিছিল। আনহাতে আমাৰ চৰকাৰে চাৰিগুণ বেছি-২৮ লাখ কোটি টকা দিছে। ইউপিএ-ৰ সময়ত ইয়াৰ দ্বাৰা মাত্ৰ ৫ কোটি কৃষকহে উপকৃত হৈছিল। আজি এই সংখ্যা দুগুণৰো অধিক বৃদ্ধি পাইছে। প্ৰায় ১২ কোটি কৃষক উপকৃত হৈছে। অৰ্থাৎ প্ৰথমবাৰৰ বাবে ক্ষুদ্ৰ কৃষকসকলেও সহায় লাভ কৰিছে। আমাৰ চৰকাৰে কৃষকসকলক প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰো সুৰক্ষা কৱচ প্ৰদান কৰিছে। ইয়াৰ অধীনত সংকটৰ সময়ত কৃষকসকলক ইতিমধ্যে প্ৰায় ২ লাখ কোটি টকা যোগান ধৰা হৈছে। কাৰণ আমি আন্তৰিকতাৰে কাম কৰি আছো, ভাৰতৰ কৃষকৰ আত্মবিশ্বাস বাঢ়িছে, তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি পাইছে আৰু তেওঁলোকৰ আয় বৃদ্ধি পাইছে।

বন্ধুসকল,

ইতিমধ্যে একবিংশ শতিকাৰ এক-চতুৰ্থাংশ পাৰ হৈ গৈছে। পৰৱৰ্তী পৰ্য্যায়টো হ’ল ভাৰতৰ বিকাশৰ নিৰ্ণায়ক সময়। আজি গ্ৰহণ কৰা সিদ্ধান্তই ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰিব। আমি আমাৰ শক্তিক চিনি পাই আৰু বৃদ্ধি কৰি আগবাঢ়ি যাব লাগিব। প্ৰতিজন ব্যক্তিয়ে নিজৰ ক্ষেত্ৰখনত উৎকৃষ্টতাৰ লক্ষ্য ৰাখিব লাগিব, প্ৰতিটো প্ৰতিষ্ঠানে উৎকৃষ্টতাক নিজৰ সংস্কৃতি হিচাপে গঢ়ি তুলিব লাগিব। আমি কেৱল সামগ্ৰী উৎপাদনতে সীমাবদ্ধ থাকিব নালাগে, বৰঞ্চ উন্নতমানৰ সামগ্ৰী উৎপাদন কৰা উচিত। আমি কেৱল ৰুটিনমাফিক কাম কৰাই নহয়, বিশ্বমানৰ কাম কৰা উচিত। আমি সামৰ্থ্যক প্ৰদৰ্শনলৈ ৰূপান্তৰিত কৰিব লাগিব। লালকিল্লাৰ পৰা কোৱাৰ দৰেই- এই সময়, সঠিক সময়। এই সময় ভাৰতক নতুন শিখৰত উপনীত কৰাৰ। আকৌ এবাৰ আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছো। নমস্কাৰ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM addresses an energy-packed public rally in Jalandhar, Punjab
July 17, 2026
The party ruling Punjab neither has honest intent nor clean governance: PM Modi's sharp criticism
Punjab’s farmers, youth and entrepreneurs can make the state one of India's strongest growth engines. For that, Punjab needs a double-engine BJP government: PM’s promise
Punjab's youth have extraordinary talent. From the sports goods capital of Jalandhar, I want to tell every young person that this is the time to seize new opportunities: PM
BJP-governed states are delivering faster development, better welfare and stronger support for farmers and employees: PM notes in Punjab

PM Modi addressed a massive public rally in Jalandhar, Punjab, where he highlighted the transformation of India's railway infrastructure, outlined the BJP's vision for a Viksit Punjab and called for a double-engine government to unlock the state's full potential. He also spoke about the growing opportunities for Punjab's youth through India's emerging sports economy.

The PM said Indian Railways, which serves millions of poor and middle-class families every day, had long suffered neglect under previous governments. He noted that while earlier governments limited themselves to announcing new trains, the BJP government has focused on modernising railway infrastructure across the country. He said the newly inaugurated Jalandhar Cantt station, alongside other stations, reflects the vision of a Viksit Bharat while also celebrating Punjab's cultural heritage. He added that these stations are becoming centres of commerce by creating opportunities for local artisans, Vishwakarma beneficiaries and women SHGs. He also recalled that the BJP government renamed Adampur Airport after Shri Guru Ravidass Maharaj Ji and Chandigarh International Airport after Shaheed Bhagat Singh, honouring India's great icons.

PM Modi strongly criticised the Punjab government over law and order, corruption and misgovernance. He said rising gang wars, extortion, attacks on police stations and the growing drug menace have put Punjab's future at risk. He alleged that corruption and criminal cases involving leaders of the ruling party have eroded public trust, while funds provided by the Centre for roads, irrigation, markets and welfare have not been utilised effectively. He further stated that central schemes were being rebranded instead of being implemented honestly, adding that even the Ayushman Bharat scheme had been subjected to political branding.

Calling for a double-engine government in Punjab, the PM said the state has immense potential through its farmers, youth and entrepreneurs. Drawing comparisons with BJP-governed states, he said double-engine governments have accelerated development, strengthened welfare delivery and ensured better support for farmers and employees. He alleged that promises made to women in Punjab remain unfulfilled, while Congress and other regional parties remain occupied with internal politics instead of serving the people. He said only the BJP can bring lasting development, attract fresh investment, generate employment and make Punjab a stronger and more self-reliant state.

Addressing the youth, he noted Jalandhar's globally recognised sports manufacturing ecosystem and said it is at the heart of India's emerging sports economy. He said initiatives such as ‘Khelo India’ are creating new opportunities across sports manufacturing, coaching, sports science, sports medicine, universities, centres of excellence and sports startups. Referring to his recent visits to Australia and New Zealand, he said several agreements had been signed to strengthen India's sports ecosystem and encouraged Punjab's youth to seize these opportunities and make the country proud on the global stage.