Today, being the birth anniversary of the architect of our Constitution, Baba Saheb Ambedkar, is a very important day for all of us, for the entire country: PM
Today flights have started from Haryana to Ayodhya Dham, meaning now the holy land of Shri Krishna, Haryana, is directly connected to the city of Lord Ram: PM
On one hand, our government is emphasizing on connectivity and on the other hand, we are also ensuring welfare of the poor and social justice: PM

মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)

বাবাচাহেব আম্বেদকাৰ, অমৰ ৰহে! অমৰ ৰহে!

বাবাচাহেব আম্বেদকাৰ, অমৰ ৰহে! অমৰ ৰহে!

বাবাচাহেব আম্বেদকাৰ, অমৰ ৰহে! অমৰ ৰহে!

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নয়ব সিং ছাইনী ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী মুৰলীধৰ মোহল ডাঙৰীয়া, হাৰিয়ানা চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ-বিধায়ক আৰু মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল,

আমাৰ হাৰিয়ানাৰ ৰাইজক সম্ভাষণ জনালোঁ!

মহান সৈনিক, মহান খেলুৱৈ আৰু মহান ভ্ৰাতৃত্ববোধ, এয়াই হাৰিয়ানাৰ পৰিচয়!

লৱনীৰ এই অতিশয় ব্যস্ত সময়তো আপোনাসৱে আমাক আশীৰ্বাদ জনাবলৈ ইয়ালৈ আহিছে। আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ। লগতে গুৰু জম্ভেশ্বৰ, মহাৰাজ আগৰসেন আৰু অগ্ৰহ ধামলৈ প্ৰণাম জনাইছোঁ।

 

বন্ধুসকল,

হাৰিয়ানা আৰু হিছাৰৰ সৈতে মোৰ বহু স্মৃতি জড়িত হৈ আছে। ভাৰতীয় জনতা পাৰ্টিয়ে মোক হাৰিয়ানাৰ দায়িত্ব প্ৰদান কৰোঁতে মই ইয়াত একাধিক সতীৰ্থৰ সৈতে বহুদিন কাম কৰিছিলোঁ। এই সকলো সতীৰ্থৰ কঠোৰ পৰিশ্ৰমে হাৰিয়ানাত ভাৰতীয় জনতা পাৰ্টিৰ ভেটি সুদৃঢ় কৰি তুলিছিল। আৰু আজি মই গৌৰৱ অনুভৱ কৰিছোঁ যে বিজেপিয়ে এখনি উন্নত হাৰিয়ানা আৰু এখনি উন্নত ভাৰতৰ লক্ষ্যৰ দিশত সম্পূৰ্ণ গুৰুত্বসহকাৰে কাম কৰি আছে।

বন্ধুসকল,

আজি আমাৰ সকলোৰে বাবে, সমগ্ৰ দেশৰ বাবে আৰু বিশেষকৈ দলিত, নিপীড়িত, বঞ্চিত আৰু শোষিতসকলৰ বাবে এটা অতিশয় গুৰুত্বপূৰ্ণ দিন। এয়া তেওঁলোকৰ জীৱনৰ দ্বিতীয় দীপাৱলী। আজি সংবিধানৰ প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ জন্ম বাৰ্ষিকী। তেওঁৰ জীৱন, তেওঁৰ সংগ্ৰাম, তেওঁৰ জীৱন বাৰ্তা আমাৰ চৰকাৰৰ এঘাৰ বছৰীয়া যাত্ৰাৰ প্ৰেৰণাৰ আধাৰ হৈ আহিছে। প্ৰতিটো দিন, প্ৰতিটো সিদ্ধান্ত, প্ৰতিটো নীতি বাবাচাহেব আম্বেদকাৰৰ প্ৰতি উৎসৰ্গা কৰা হৈছে। বঞ্চিত, নিপীড়িত, শোষিত, দৰিদ্ৰ, জনজাতীয় আৰু মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন সাধনেৰে তেওঁলোকৰ সপোন পূৰণ কৰাই হৈছে আমাৰ উদ্দেশ্য। ইয়াৰ বাবে নিৰন্তৰ উন্নয়ন, দ্ৰুত বিকাশ বিজেপি চৰকাৰৰ মন্ত্ৰ হৈ পৰিছে।

বন্ধুসকল,

এই মন্ত্ৰ অনুসৰণেৰে আজি হাৰিয়ানাৰপৰা অযোধ্যা ধামলৈ বিমান যাত্ৰা আৰম্ভ হৈছে। অৰ্থাৎ এতিয়া শ্ৰীকৃষ্ণৰ পবিত্ৰ ভূমি ভগৱান ৰামৰ নগৰীৰে পোনপটীয়াকৈ সংযুক্ত হৈ পৰিছে। এতিয়া আগৰসেন বিমানবন্দৰৰ পৰা বাল্মিকী বিমানবন্দৰলৈ পোনপটীয়া বিমান চলাচল হৈছে। অতি সোনকালে ইয়াৰ পৰা আন চহৰলৈয়ো বিমান সেৱা আৰম্ভ হ’ব। আজি হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলাও স্থাপন কৰা হৈছে। হাৰিয়ানাৰ আকাংক্ষাক এক নতুন শিখৰলৈ নিয়াৰ আৰম্ভণি এয়া। এই নতুন আৰম্ভণিৰ বাবে হাৰিয়ানাৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

আপোনাসৱৰ ওচৰত মোৰ অংগীকাৰ এয়ে যে চেণ্ডেল পৰিধান কৰাসকলেও বিমানত উৰিব আৰু আমি সমগ্ৰ দেশতে এই অংগীকাৰ পৰিপূৰণ হোৱা দেখিবলৈ পাইছোঁ। যোৱা দহ বছৰত কোটি-কোটি ভাৰতীয়ই জীৱনত পোন-প্ৰথমবাৰৰ বাবে বিমানেৰে যাত্ৰা কৰিছে। যিসমূহ স্থানত উন্নত ৰেল ষ্টেচন নাছিল, সেইসমূহ ঠাইতো আমি নতুন বিমানবন্দৰ নিৰ্মাণ কৰিছোঁ। ২০১৪ৰ পূৰ্বে দেশত ৭৪ টা বিমানবন্দৰ আছিল। কল্পনা কৰকচোন, ৭০ বছৰত ৭৪ টা, আজি দেশৰ বিমানবন্দৰৰ সংখ্যাই ১৫০ অতিক্ৰম কৰিলে। দেশৰ প্ৰায় ৯০ টা বিমানবন্দৰ উড়ান যোজনাৰ অধীনত সংযোগ কৰা হৈছে। উড়ান যোজনাৰ অধীনত ৬০০ ৰো অধিক পথত বিমান সেৱা অব্যাহত আছে। জনসাধাৰণে অতি কম খৰচত বিমানযোগে যাত্ৰা কৰি আছে আৰু সেয়েহে প্ৰতি বছৰে বিমান ভ্ৰমণকাৰীৰ নতুন অভিলেখ সৃষ্টি হৈছে। আমাৰ বিমান কোম্পানীসমূহেও অভিলেখ সংখ্যক নতুন বিমানৰ অৰ্ডাৰ দিছে। আৰু যিমানেই নতুন বিমান আহিব, সিমানেই নিয়োগৰ সৃষ্টি হ’ব, সেয়া পাইলটেই হওঁক বা এয়াৰ হোষ্টেছ হিচাপেই হওঁক। শ-শ নতুন সেৱাও আছে। বিমান এখন উৰিলে গ্ৰাউণ্ড ষ্টাফ থাকে আৰু বহুখিনি কাম থাকে। এনে বহু সেৱাৰ বাবে যুৱক-যুৱতীসকলে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব। কেৱল এয়াই নহয়, বিমানৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত এটা বৃহৎ খণ্ডয়ো অগণন নিয়োগৰ সৃষ্টি কৰিব। হিছাৰৰ এই বিমানবন্দৰে হাৰিয়ানাৰ যুৱক-যুৱতীসকলৰ সপোনকো নতুন শিখৰত উপনীত কৰিব।

বন্ধুসকল,

এফালে আমাৰ চৰকাৰে যোগাযোগ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰিছে, আনফালে দৰিদ্ৰ লোকসকলৰ কল্যাণ আৰু সামাজিক ন্যায়ো সুনিশ্চিত কৰিছে। এয়া আছিল বাবাচাহেব আম্বেদকাৰৰ সপোন। এয়া আছিল আমাৰ সংবিধান প্ৰণেতাসকলৰ আকাংক্ষা। দেশৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু হোৱাসকলৰ এয়া আছিল সপোন, কিন্তু কংগ্ৰেছে বাবাচাহেব আম্বেদকাৰৰ ক্ষেত্ৰত কি কৰিছিল, সেই কথা আমি কেতিয়াও পাহৰিব নালাগে। বাবাচাহেব জীয়াই থকালৈকে কংগ্ৰেছে তেওঁক অপমান কৰিছিল। তেওঁক দুবাৰকৈ নিৰ্বাচনত পৰাস্ত কৰা হ’ল, সমগ্ৰ কংগ্ৰেছ চৰকাৰ তেওঁক উৎখাত কৰাত ব্যস্ত হৈ পৰিছিল। তেওঁক ব্যৱস্থাৰ পৰা আঁতৰাই ৰাখিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। যেতিয়া বাবাচাহেব আমাৰ মাজত নাছিল, তেতিয়া কংগ্ৰেছে তেওঁৰ স্মৃতিও মচি পেলাবলৈ অপচেষ্টা কৰিছিল। কংগ্ৰেছে বাবাচাহেবৰ ধাৰণাক চিৰদিনৰ বাবে বিনষ্ট কৰিবলৈয়ো অপচেষ্টা কৰিছিল। ডঃ আম্বেদকাৰ সংবিধানৰ ৰক্ষক আছিল। সংবিধান ধ্বংসকাৰী হৈ পৰিছিল কংগ্ৰেছ। ডঃ আম্বেদকাৰে সমতাৰ পোষকতা কৰিছিল যদিও কংগ্ৰেছে দেশত ভোট বেংকৰ ভাইৰাছ বিয়পাইছিল।

বন্ধুসকল,

বাবাচাহেবে বিচাৰিছিল প্ৰতিগৰাকী দৰিদ্ৰ, প্ৰতিগৰাকী বঞ্চিত ব্যক্তিয়ে মৰ্য্যাদা সহকাৰে জীয়াই থাকক, মূৰ তুলি জীয়াই থাকক, তেওঁলোকেও সপোন দেখি ইয়াক পৰিপূৰণ কৰক। কিন্তু কংগ্ৰেছে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি লোকসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি তুলিছিল। কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসন কালত কংগ্ৰেছ নেতাসকলৰ চুইমিং পুলত পানী আছিল যদিও গাঁৱে-ভূঞে নলৰ পানী নাছিল। স্বাধীনতাৰ ৭০ বছৰৰ পাছতো গাঁৱৰ ১৬ শতাংশ গৃহস্থীতহে নলৰ পানী আছিল। কল্পনা কৰকচোন, ১০০ খন ঘৰৰ ভিতৰত ১৬ টা ঘৰ! ইয়াৰ পৰিপ্ৰেক্ষিতত কোনবোৰ লোক আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল? ইয়াৰ পৰিণতিত আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল এছচি, এছটি, অ’বিচিসকল। সেয়াই আছিল তেওঁলোকৰ একমাত্ৰ চিন্তা। তেওঁলোকে অন্ততঃ মোৰ এছচি, এছটি, অ’বিচি ভাই-ভনীসকলৰ ঘৰত পানী যোগান ধৰিব লাগিছিল। আমাৰ চৰকাৰে ৬-৭ বছৰত গ্ৰামাঞ্চলৰ ১২ কোটিৰো অধিক গৃহস্থীত টেপ সংযোগ প্ৰদান কৰিছে। আজি এখন গাঁৱৰ ৮০ শতাংশ ঘৰত অৰ্থাৎ পূৰ্বে ১০০ ঘৰৰ ভিতৰত ১৬ ঘৰত আৰু আজি ১০০ ঘৰৰ ভিতৰত ৮০ ঘৰত নলৰ পানী আছে। আৰু বাবাচাহেবৰ আশীৰ্বাদত আমি প্ৰতিঘৰ গৃহস্থীতে নলৰ পানী যোগান ধৰিম। শৌচাগাৰৰ অভাৱতো আটাইতকৈ বেয়া পৰিস্থিতি সন্মুখীন হৈছিল অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি সমাজৰ লোকসকল। আমাৰ চৰকাৰে ১১ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণেৰে বঞ্চিতসকলক এটা মৰ্য্যাদাসম্পন্ন জীৱন প্ৰদান কৰিছে।

বন্ধুসকল,

কংগ্ৰেছৰ দিনত আনকি বেংকৰ দুৱাৰো এছচি, এছটি, অ’বিচি জনসাধাৰণৰ বাবে খোলা নাছিল। বীমা, ঋণ, সহায় এই সকলোবোৰ সপোন আছিল। কিন্তু এতিয়া জন ধন একাউন্টৰ সৰ্বাধিক হিতাধিকাৰী হৈছে মোৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি ভাই-ভনীসকল। আমাৰ এছচি, এছটি, অ’বিচি ভাই-ভনীসকলে আজি গৌৰৱেৰে পকেটৰ পৰা ৰূপে কাৰ্ড উলিয়াই দেখুৱাইছে। পূৰ্বে ধনী লোকৰহে পকেটত থকা ৰূপে কাৰ্ড এতিয়া মোৰ দৰিদ্ৰ ভাই-ভনীসকলেও দেখুৱাইছে।

 

বন্ধুসকল,

কংগ্ৰেছে আমাৰ পবিত্ৰ সংবিধানক ক্ষমতা অৰ্জনৰ অস্ত্ৰ কৰি তুলিছিল। কংগ্ৰেছে যেতিয়াই ক্ষমতাৰ সংকট হোৱা দেখিছিল, তেতিয়াই সংবিধানক থেতেলিয়াই পেলাইছিল। কংগ্ৰেছে জৰুৰীকালীন সময়ত সংবিধানৰ আত্মাক চেপি ধৰিছিল, যাতে ই কেনেবাকৈ ক্ষমতা ধৰি ৰাখিব পাৰে। সংবিধানৰ মনোভাৱ হ’ল সকলোৰে বাবে একেধৰণৰ নাগৰিক সংহিতা থাকিব লাগে, যাক মই ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতা বুলি কওঁ, কিন্তু কংগ্ৰেছে কেতিয়াও ইয়াৰ কাৰ্য্যকৰী কৰা নাছিল। উত্তৰাখণ্ডত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত চেকুলাৰ চিভিল ক’ড, ইউনিফৰ্ম চিভিল ক’ড কাৰ্য্যকৰী হ’ল, অতি ধুমধামেৰে কাৰ্য্যকৰী হ’ল। কিন্তু দেশৰ দুৰ্ভাগ্য এয়ে যে পকেটত সংবিধান লৈ বহি থকা নেতা, সংবিধানৰ ওপৰত বহি থকা নেতা, এইসকল কংগ্ৰেছীয়ে ইয়াৰো বিৰোধিতা কৰিছে।

বন্ধুসকল,

আমাৰ সংবিধানত এছচি, এছটি, অ’বিচি লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু কংগ্ৰেছে এই ক্ষেত্ৰত কেতিয়াও গুৰুত্ব নিদিছিল। তেওঁলোকক সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ল নে নাই, তেওঁলোকৰ সন্তানে শিক্ষাৰ সুবিধা পাইছে নে নাই, কোনো অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি ব্যক্তি নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে নেকি, তাত কোনেও গুৰুত্ব নিদিছিল। ৰাজনৈতিক খেল খেলাৰ স্বাৰ্থত কংগ্ৰেছে বাবা চাহেব আম্বেদকাৰৰ সপোন, সামাজিক ন্যায়ৰ বাবে সংবিধান প্ৰদত্ত ব্যৱস্থাটোক ছুৰীৰে আঘাত কৰি সংবিধানৰ সেই বিধানক তুষ্টিকৰণৰ মাধ্যম কৰি তুলিছিল। আপোনাসৱে শেহতীয়াকৈ বাতৰিত নিশ্চয় শুনিছে যে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি লোকৰ অধিকাৰ কাঢ়ি লৈ ​​নিবিদাত ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থা কৰিছে। কিন্তু বাবা চাহেব আম্বেদকাৰে সংবিধানত স্পষ্টকৈ কৈছিল যে এই সংবিধানত ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থা কৰা নহ’ব আৰু আমাৰ সংবিধানে ধৰ্মৰ ভিত্তিত সংৰক্ষণ নিষিদ্ধ কৰিছে।

বন্ধুসকল,

কংগ্ৰেছৰ এই তুষ্টিকৰণ নীতিৰ বাবে মুছলমান সমাজৰো যথেষ্ট ক্ষতি হৈছে। কংগ্ৰেছে মাত্ৰ কেইজনমান মৌলবাদীকহে সুখী কৰিলে। বাকী সমাজখন দৰিদ্ৰ, অশিক্ষিত আৰু দুখীয়া হৈয়েই থাকিল। কংগ্ৰেছৰ এই বেয়া নীতিৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হ’ল ৱাকফ আইন। দেশখনে স্বাধীনতা লাভৰ পিছত ২০১৩লৈকে ৱাকফ আইন বলবৎ আছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ স্বাৰ্থত, তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে, ভোট বেংকৰ ৰাজনীতিৰ বাবে ২০১৩ৰ শেষৰ ফালে, শেষৰ অধিৱেশনত কংগ্ৰেছে খৰখেদাকৈ ইমান বছৰে বলবৎ হৈ থকা ৱাকফ আইনখনক সংশোধন কৰিলে, যাতে নিৰ্বাচনত ভোট লাভ কৰিব পাৰে। ভোট বেংকক সন্তুষ্ট কৰিবলৈ এই আইনখন এনেদৰে সংশোধন কৰা হৈছিল যে বাবাচাহেব আম্বেদকাৰৰ সংবিধানক অৱমাননা কৰা হৈছিল। এয়াই আছিল বাবাচাহেবক আটাইতকৈ গুৰুতৰ অপমান কাৰ্য্য।

বন্ধুসকল,

তেওঁলোকে কয় যে তেওঁলোকে মুছলমানৰ স্বাৰ্থত এই কাম কৰিছিল। এই সকলো লোকক সুধিব বিচাৰিছোঁ, এই ভোট বেংকৰ ভোকাতুৰ ৰাজনীতিবিদসকলক ক’ব বিচাৰিছোঁ, যদি সঁচাকৈয়ে আপোনালোকৰ হৃদয়ত মুছলমানৰ প্ৰতি অলপো সহানুভূতি আছে, তেন্তে কংগ্ৰেছ দলে এজন মুছলমানক দলৰ সভাপতি কিয় নকৰে? সংসদৰ টিকট নিদিয়ে। মাথোঁ দেশ আৰু নাগৰিকৰ অধিকাৰ কাঢ়ি নিছে। এয়াই কংগ্ৰেছৰ সৰ্বোত্তম সত্য।

 

বন্ধুসকল,

সমগ্ৰ দেশতে ৱাকফৰ নামত লাখ-লাখ হেক্টৰ ভূমি আছে। এই মাটি, এই সম্পত্তিয়ে দৰিদ্ৰ, অসহায় মহিলা আৰু শিশুসকলক উপকৃত কৰিব লাগিছিল আৰু আজি যদি ইয়াক সৎভাৱে ব্যৱহাৰ কৰা হ’লহেঁতেন, তেন্তে মোৰ মুছলমান যুৱক-যুৱতীসকলে অসহায়ভাৱে জীৱন কটাব নালাগিলহেঁতেন। কিন্তু ইয়াৰ দ্বাৰা মাত্ৰ এমুঠিমান ভূমি মাফিয়াহে লাভৱান হ’ল। মুছলমান সমাজে কোনো লাভ নাপালে। আৰু এই ভূমি মাফিয়াবোৰে কাৰ মাটি লুট কৰিছিল? দলিত, পিছপৰা শ্ৰেণী, জনজাতীয় লোক, বিধৱাৰ সম্পত্তি লুণ্ঠন কৰিছিল। শ-শ মুছলমান বিধৱাই ভাৰত চৰকাৰলৈ চিঠি লিখিছিল, তেতিয়াহে এই আইনখন সন্দৰ্ভত আলোচনাৰ হৈছিল। ৱাকফ আইন সলনি হোৱাৰ পিছত দৰিদ্ৰ জনতাক কৰা এনে লুণ্ঠন ৰোধ হ’বলৈ আগবাঢ়িছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি এটা অতিশয় দায়িত্বশীল আৰু গুৰুত্বপূৰ্ণ কাম কৰিছোঁ। আমি ৱাকফ আইনখনত আন এটা বিধানৰ ব্যৱস্থা কৰিছোঁ। এতিয়া নতুন আইনৰ অধীনত, ৱাকফ আইন অনুসৰি, ৱাকফ ব’ৰ্ডে ভাৰতৰ কোনো প্ৰান্ততে কোনো জনজাতীয় লোকৰ মাটি, ঘৰ, সম্পত্তি স্পৰ্শ কৰিব নোৱাৰিব। আমি সংবিধানৰ পৰিসীমা অনুসৰণেৰে জনজাতীয় লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ এক বৃহৎ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ এই বিধানসমূহে ৱাকফৰ পবিত্ৰ মনোভাৱক সন্মান জনাব। মুছলমান সমাজৰ দুখীয়া পৰিয়াল, মুছলমান মহিলা, বিশেষকৈ মুছলমান বিধৱা, মুছলমান সন্তানে নিজৰ অধিকাৰ লাভ কৰিব আৰু ভৱিষ্যতে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত হ’ব। আৰু এয়াই হৈছে বাবাচাহেব আম্বেদকাৰে সংবিধানৰ মনোভাৱেৰে আমাক কৰিবলৈ দিয়া কাম। এয়াই হৈছে প্ৰকৃত আত্মা, এয়াই হৈছে প্ৰকৃত সামাজিক ন্যায়।

বন্ধুসকল,

২০১৪ৰ পিছত আমাৰ চৰকাৰে বাবাচাহেব আম্বেদকাৰৰ প্ৰেৰণাৰাজিক অনাগত প্ৰজন্মলৈ বিয়পাই দিবলৈ একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পূৰ্বে বাবাচাহেবৰ স্মৃতি বিজড়িত দেশ আৰু বিশ্বৰ সকলো ঠাইক অৱহেলা কৰা হৈছিল। সংবিধানৰ নামত ৰাজনৈতিক লাভালাভ অৰ্জন কৰিবলৈ ওলাই অহা সকলে বাবাচাহেবৰে জড়িত প্ৰতিটো স্থানক অপমানেৰে ইতিহাসৰ পাতৰপৰা মচি পেলাবলৈ চেষ্টা কৰিছে। পৰিস্থিতি এনেকুৱা আছিল যে মুম্বাইৰ ইন্দু মিলত বাবাচাহেব আম্বেদকাৰৰ স্মৃতিসৌধ স্থাপনৰ বাবে সমগ্ৰ দেশতে ৰাইজে দাবী সাব্যস্ত কৰিবলগীয়া হৈছিল। আমাৰ চৰকাৰখন ক্ষমতালৈ অহাৰ লগে-লগে ইন্দু মিলৰ লগতে আমি সকলো স্থানৰ উন্নয়ন সাধন কৰিলোঁ, সেয়া বাবাচাহেব আম্বেদকাৰৰ জন্মস্থান মহৌৱেই হওঁক, বাবাচাহেব আম্বেদকাৰৰ শিক্ষা গ্ৰহণৰ স্থান লণ্ডনেই হওঁক, দিল্লীস্থিত তেওঁৰ মহাপৰিনিৰ্বাণ স্থলেই হওঁক বা নাগপুৰৰ দীক্ষাভূমিয়েই হওঁক। এইসমূহ স্থানক পঞ্চতীৰ্থ হিচাপে বিকশিত কৰা হৈছে। মোৰ সৌভাগ্য যে কিছুদিন পূৰ্বে দীক্ষাভূমি তথা নাগপুৰ ভ্ৰমণেৰে বাবাচাহেবলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পাইছিলোঁ।

 

বন্ধুসকল,

কংগ্ৰেছৰ লোকে সামাজিক ন্যায় সন্দৰ্ভত ডাঙৰ-ডাঙৰ কথা কয়, কিন্তু আমি এইটোও মনত ৰাখিব লাগিব যে কংগ্ৰেছে ভাৰতৰত্ন বাবাচাহেব আম্বেদকাৰ আৰু চৌধুৰী চৰণ সিং জী এই দুগৰাকী মহাপুত্ৰক প্ৰদান কৰা নাছিল। কেন্দ্ৰত বিজেপি সমৰ্থিত চৰকাৰ গঠন হোৱাতহে বাবাচাহেব আম্বেদকাৰে ভাৰত ৰত্ন লাভ কৰিছিল। একে সময়তে আমি গৌৰৱান্বিত যে বিজেপি চৰকাৰেও চৌধুৰী চৰণ সিং জীক ভাৰতৰত্ন সন্মান প্ৰদান কৰিছে।

বন্ধুসকল,

হাৰিয়ানাৰ বিজেপি চৰকাৰেও সামাজিক ন্যায় আৰু দৰিদ্ৰ লোকৰ কল্যাণৰ অৰ্থে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰিছে। আপোনালোক সকলোৰে জ্ঞাত যে হাৰিয়ানাত চৰকাৰী চাকৰিৰ অৱস্থা কি আছিল। আগতে পৰিস্থিতি এনেকুৱা আছিল, চাকৰি এটা ল’ব বিচাৰিলে হয় কোনোবা এজন নেতাৰ ওচৰলৈ যাব লাগিছিল, নহয় টকা দিব লাগিছিল। পিতৃৰ মাটি আৰু মাতৃৰ গহনাও বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল। কিন্তু আজি মই সুখী যে নয়ব সিং ছাইনী জীৰ চৰকাৰে কংগ্ৰেছৰ দিনৰ এই ৰোগ নিৰাময় কৰিছে। কোনো খৰচ নোহোৱাকৈ আৰু কোনো স্লিপ নোহোৱাকৈ চাকৰি প্ৰদানৰ ক্ষেত্ৰত হাৰিয়ানাৰ ট্ৰেক ৰেকৰ্ড আশ্চৰ্য্যকৰ। আৰু মই গৌৰৱান্বিত যে মই এনেকুৱা বন্ধু, এনেকুৱা অংশীদাৰ-চৰকাৰ পাইছোঁ। ইয়াৰ ২৫ হাজাৰ যুৱক-যুৱতীয়ে যাতে চৰকাৰী চাকৰি লাভ নকৰে, তাৰ বাবে কংগ্ৰেছে যৎপৰোনাস্তি অপচেষ্টা কৰিছিল। কিন্তু এফালে মুখ্যমন্ত্রী নয়ব ছাইনী জীয়ে শপত গ্ৰহণ কৰিলে, আনফালে হাজাৰ-হাজাৰ যুৱক-যুৱতীলৈ নিযুক্তি পত্ৰ জাৰি হ’ল! এয়া বিজেপি চৰকাৰৰ সুশাসন। আৰু ভাল কথাটো হ'ল নয়ব সিং ছাইনী জীৰ চৰকাৰে অনাগত বছৰসমূহত হাজাৰ-হাজাৰ নতুন চাকৰিৰ বাবে ৰোডমেপ যুগুতৰ কাম কৰি আছে।

বন্ধুসকল,

হাৰিয়ানা এনে এখন ৰাজ্য য’ত গৰিষ্ঠ সংখ্যক যুৱক-যুৱতীয়ে সেনাবাহিনীত যোগদান কৰি দেশখনক সেৱা আগবঢ়ায়। ওৱান ৰেংক ওৱান পেঞ্চন সন্দৰ্ভত কংগ্ৰেছে দশক-দশক ধৰি প্ৰতাৰণা কৰি আহিছে। আমাৰ চৰকাৰেই ওৱান ৰেংক ওৱান পেঞ্চন আঁচনি ৰূপায়ণ কৰিছিল। এতিয়ালৈকে অ’আৰঅ’পি অৰ্থাৎ ওৱান ৰেংক ওৱান পেঞ্চন-ৰ অধীনত হাৰিয়ানাৰ প্ৰাক্তন সেনানীসকলক ১৩,৫০০ কোটি টকা প্ৰদান কৰা হৈছে। আপোনালোকৰ মনত আছে যে ঠিক এই আঁচনিখন সন্দৰ্ভতে মিছা কথা কৈ কংগ্ৰেছ চৰকাৰে সমগ্ৰ দেশৰ জোৱানৰ বাবে মাত্ৰ ৫০০ কোটি টকাৰ ব্যৱস্থা কৰিছিল। এতিয়া আপোনাসৱে ভাবকচোন, কেৱল হাৰিয়ানাত ১৩ হাজাৰ ৫০০ কোটি আৰু ক’ত ৫০০ কোটি, এয়া কেনেকুৱা কথা আছিল! কংগ্ৰেছৰ কাৰো সৈতে সম্পৰ্ক নাছিল, কেৱল ক্ষমতাৰ লগতহে জড়িত। দলিত লোকৰ লগত কংগ্ৰেছৰ সম্পৰ্ক নাই, পিছপৰা শ্ৰেণীৰ লগতো নাছিল, মোৰ দেশৰ মাতৃ-ভগ্নীসকলৰ লগতো ইয়াৰ সম্পৰ্ক নাছিল, মোৰ সেনানীসকলৰ লগতো কংগ্ৰেছৰ সম্পৰ্ক নাছিল।

 

বন্ধুসকল,

মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে হাৰিয়ানাই এখনি উন্নত ভাৰতৰ সংকল্পক সুদৃঢ় কৰিব। ক্ৰীড়াই হওঁক বা খেতিপথাৰেই হওঁক, হাৰিয়ানাৰ মাটিৰ সুগন্ধিয়ে সমগ্ৰ বিশ্বতে নিজৰ সুগন্ধি বিয়পাই থাকিব। মোৰ হাৰিয়ানাৰ পুত্ৰ-কন্যাসকলৰ ওপৰত গভীৰ বিশ্বাস আছে। এই নতুন বিমানবন্দৰে হাৰিয়ানাক পূৰ্ণ কৰাৰ লগতে ই হাৰিয়ানাৰ সপোন পৰিপূৰণৰ ক্ষেত্ৰত প্ৰেৰণা হিচাপে পৰিগণিত হ'ব আৰু মোৰ সৌভাগ্য যে আপোনাসৱে মোক আশীৰ্বাদ দিবলৈ ইয়ালৈ আহিছে। আপোনালোকক প্ৰণাম জনাই মূৰ দোঁৱাইছো। আৰু বহু সফলতাৰ বাবে শুভকামনা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ! মোৰ লগতে কওঁ আহক,

ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ!

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan

Media Coverage

'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's address to the nation
May 12, 2025
Today, every terrorist knows the consequences of wiping Sindoor from the foreheads of our sisters and daughters: PM
Operation Sindoor is an unwavering pledge for justice: PM
Terrorists dared to wipe the Sindoor from the foreheads of our sisters; that's why India destroyed the very headquarters of terror: PM
Pakistan had prepared to strike at our borders,but India hit them right at their core: PM
Operation Sindoor has redefined the fight against terror, setting a new benchmark, a new normal: PM
This is not an era of war, but it is not an era of terrorism either: PM
Zero tolerance against terrorism is the guarantee of a better world: PM
Any talks with Pakistan will focus on terrorism and PoK: PM

প্ৰিয় দেশবাসী,

নমস্কাৰ !

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

আমাৰ সাহসী জোৱানসকলে ‘অপাৰেচন সিন্দুৰ’ৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে। মই তেওঁলোকৰ বীৰত্বক, তেওঁলোকৰ সাহসক, তেওঁলোকৰ পৰাক্ৰমক সমৰ্পিত কৰিছো৷ মই তেওঁলোকৰ এই পৰাক্ৰমক , আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ, দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।

 

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷

বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰ্দোষ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে...

নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।

এয়া আছিল আতংকৰ এক বীভৎস ছবি, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷ এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা। মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ, প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ 'একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিলে।

সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিলো।

আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সেন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ'ব পাৰে ।

 

বন্ধুসকল,

অপাৰেচন সিন্দুৰ ...এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।

অপাৰেচন 'সিন্দুৰ' ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ গভীৰ নিশা.. ৭ মে’ৰ পুৱা.. সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞা ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে। ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।

তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে । সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।

ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।

 

বহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।

বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক , লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক, ক’ৰবাত নহয় ক’ৰবাত এই ঘটনাসমূহ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এই স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সেন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।

 

বন্ধুসকল,

ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।

পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰ, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে। বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে। ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল। ফলত পাকিস্তানী বায়ুসেনাৰ সেই বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল, যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷ প্ৰথম তিনিদিনতে যে ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিব সেয়া তেওঁলোকে কল্পনাও কৰা নাছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য কৰা নহ’ব ৷গতিকে ভাৰতেও এই কথা বিবেচনা কৰিলে। আৰু মই আকৌ কওঁ...আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা স্থগিতহে ৰাখিছো৷

অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷

 

বন্ধুসকল,

ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা, আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা, আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে। ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে। এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম কথা - ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।

সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব। তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।

'অপাৰেচন সিন্দুৰ'ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।

পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ। ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।

 

বন্ধুসকল,

আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷ লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

 

বন্ধুসকল,

আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য। এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷

 

বন্ধুসকল,

পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে৷

সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে। আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। আজি বিশ্ব সমাজকো ক'ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ'ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ'ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷

 

প্ৰিয় দেশবাসী,

আজি বুদ্ধ পূৰ্ণিমা।

ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে। শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷ যিয়ে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব৷

ইয়াৰ বাবে ভাৰত শক্তিশালী হ'ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।

ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

ধন্যবাদ...

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!