Today, being the birth anniversary of the architect of our Constitution, Baba Saheb Ambedkar, is a very important day for all of us, for the entire country: PM
Today flights have started from Haryana to Ayodhya Dham, meaning now the holy land of Shri Krishna, Haryana, is directly connected to the city of Lord Ram: PM
On one hand, our government is emphasizing on connectivity and on the other hand, we are also ensuring welfare of the poor and social justice: PM

মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)

বাবাচাহেব আম্বেদকাৰ, অমৰ ৰহে! অমৰ ৰহে!

বাবাচাহেব আম্বেদকাৰ, অমৰ ৰহে! অমৰ ৰহে!

বাবাচাহেব আম্বেদকাৰ, অমৰ ৰহে! অমৰ ৰহে!

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নয়ব সিং ছাইনী ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী মুৰলীধৰ মোহল ডাঙৰীয়া, হাৰিয়ানা চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ-বিধায়ক আৰু মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল,

আমাৰ হাৰিয়ানাৰ ৰাইজক সম্ভাষণ জনালোঁ!

মহান সৈনিক, মহান খেলুৱৈ আৰু মহান ভ্ৰাতৃত্ববোধ, এয়াই হাৰিয়ানাৰ পৰিচয়!

লৱনীৰ এই অতিশয় ব্যস্ত সময়তো আপোনাসৱে আমাক আশীৰ্বাদ জনাবলৈ ইয়ালৈ আহিছে। আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ। লগতে গুৰু জম্ভেশ্বৰ, মহাৰাজ আগৰসেন আৰু অগ্ৰহ ধামলৈ প্ৰণাম জনাইছোঁ।

 

বন্ধুসকল,

হাৰিয়ানা আৰু হিছাৰৰ সৈতে মোৰ বহু স্মৃতি জড়িত হৈ আছে। ভাৰতীয় জনতা পাৰ্টিয়ে মোক হাৰিয়ানাৰ দায়িত্ব প্ৰদান কৰোঁতে মই ইয়াত একাধিক সতীৰ্থৰ সৈতে বহুদিন কাম কৰিছিলোঁ। এই সকলো সতীৰ্থৰ কঠোৰ পৰিশ্ৰমে হাৰিয়ানাত ভাৰতীয় জনতা পাৰ্টিৰ ভেটি সুদৃঢ় কৰি তুলিছিল। আৰু আজি মই গৌৰৱ অনুভৱ কৰিছোঁ যে বিজেপিয়ে এখনি উন্নত হাৰিয়ানা আৰু এখনি উন্নত ভাৰতৰ লক্ষ্যৰ দিশত সম্পূৰ্ণ গুৰুত্বসহকাৰে কাম কৰি আছে।

বন্ধুসকল,

আজি আমাৰ সকলোৰে বাবে, সমগ্ৰ দেশৰ বাবে আৰু বিশেষকৈ দলিত, নিপীড়িত, বঞ্চিত আৰু শোষিতসকলৰ বাবে এটা অতিশয় গুৰুত্বপূৰ্ণ দিন। এয়া তেওঁলোকৰ জীৱনৰ দ্বিতীয় দীপাৱলী। আজি সংবিধানৰ প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ জন্ম বাৰ্ষিকী। তেওঁৰ জীৱন, তেওঁৰ সংগ্ৰাম, তেওঁৰ জীৱন বাৰ্তা আমাৰ চৰকাৰৰ এঘাৰ বছৰীয়া যাত্ৰাৰ প্ৰেৰণাৰ আধাৰ হৈ আহিছে। প্ৰতিটো দিন, প্ৰতিটো সিদ্ধান্ত, প্ৰতিটো নীতি বাবাচাহেব আম্বেদকাৰৰ প্ৰতি উৎসৰ্গা কৰা হৈছে। বঞ্চিত, নিপীড়িত, শোষিত, দৰিদ্ৰ, জনজাতীয় আৰু মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন সাধনেৰে তেওঁলোকৰ সপোন পূৰণ কৰাই হৈছে আমাৰ উদ্দেশ্য। ইয়াৰ বাবে নিৰন্তৰ উন্নয়ন, দ্ৰুত বিকাশ বিজেপি চৰকাৰৰ মন্ত্ৰ হৈ পৰিছে।

বন্ধুসকল,

এই মন্ত্ৰ অনুসৰণেৰে আজি হাৰিয়ানাৰপৰা অযোধ্যা ধামলৈ বিমান যাত্ৰা আৰম্ভ হৈছে। অৰ্থাৎ এতিয়া শ্ৰীকৃষ্ণৰ পবিত্ৰ ভূমি ভগৱান ৰামৰ নগৰীৰে পোনপটীয়াকৈ সংযুক্ত হৈ পৰিছে। এতিয়া আগৰসেন বিমানবন্দৰৰ পৰা বাল্মিকী বিমানবন্দৰলৈ পোনপটীয়া বিমান চলাচল হৈছে। অতি সোনকালে ইয়াৰ পৰা আন চহৰলৈয়ো বিমান সেৱা আৰম্ভ হ’ব। আজি হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলাও স্থাপন কৰা হৈছে। হাৰিয়ানাৰ আকাংক্ষাক এক নতুন শিখৰলৈ নিয়াৰ আৰম্ভণি এয়া। এই নতুন আৰম্ভণিৰ বাবে হাৰিয়ানাৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

আপোনাসৱৰ ওচৰত মোৰ অংগীকাৰ এয়ে যে চেণ্ডেল পৰিধান কৰাসকলেও বিমানত উৰিব আৰু আমি সমগ্ৰ দেশতে এই অংগীকাৰ পৰিপূৰণ হোৱা দেখিবলৈ পাইছোঁ। যোৱা দহ বছৰত কোটি-কোটি ভাৰতীয়ই জীৱনত পোন-প্ৰথমবাৰৰ বাবে বিমানেৰে যাত্ৰা কৰিছে। যিসমূহ স্থানত উন্নত ৰেল ষ্টেচন নাছিল, সেইসমূহ ঠাইতো আমি নতুন বিমানবন্দৰ নিৰ্মাণ কৰিছোঁ। ২০১৪ৰ পূৰ্বে দেশত ৭৪ টা বিমানবন্দৰ আছিল। কল্পনা কৰকচোন, ৭০ বছৰত ৭৪ টা, আজি দেশৰ বিমানবন্দৰৰ সংখ্যাই ১৫০ অতিক্ৰম কৰিলে। দেশৰ প্ৰায় ৯০ টা বিমানবন্দৰ উড়ান যোজনাৰ অধীনত সংযোগ কৰা হৈছে। উড়ান যোজনাৰ অধীনত ৬০০ ৰো অধিক পথত বিমান সেৱা অব্যাহত আছে। জনসাধাৰণে অতি কম খৰচত বিমানযোগে যাত্ৰা কৰি আছে আৰু সেয়েহে প্ৰতি বছৰে বিমান ভ্ৰমণকাৰীৰ নতুন অভিলেখ সৃষ্টি হৈছে। আমাৰ বিমান কোম্পানীসমূহেও অভিলেখ সংখ্যক নতুন বিমানৰ অৰ্ডাৰ দিছে। আৰু যিমানেই নতুন বিমান আহিব, সিমানেই নিয়োগৰ সৃষ্টি হ’ব, সেয়া পাইলটেই হওঁক বা এয়াৰ হোষ্টেছ হিচাপেই হওঁক। শ-শ নতুন সেৱাও আছে। বিমান এখন উৰিলে গ্ৰাউণ্ড ষ্টাফ থাকে আৰু বহুখিনি কাম থাকে। এনে বহু সেৱাৰ বাবে যুৱক-যুৱতীসকলে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব। কেৱল এয়াই নহয়, বিমানৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত এটা বৃহৎ খণ্ডয়ো অগণন নিয়োগৰ সৃষ্টি কৰিব। হিছাৰৰ এই বিমানবন্দৰে হাৰিয়ানাৰ যুৱক-যুৱতীসকলৰ সপোনকো নতুন শিখৰত উপনীত কৰিব।

বন্ধুসকল,

এফালে আমাৰ চৰকাৰে যোগাযোগ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰিছে, আনফালে দৰিদ্ৰ লোকসকলৰ কল্যাণ আৰু সামাজিক ন্যায়ো সুনিশ্চিত কৰিছে। এয়া আছিল বাবাচাহেব আম্বেদকাৰৰ সপোন। এয়া আছিল আমাৰ সংবিধান প্ৰণেতাসকলৰ আকাংক্ষা। দেশৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু হোৱাসকলৰ এয়া আছিল সপোন, কিন্তু কংগ্ৰেছে বাবাচাহেব আম্বেদকাৰৰ ক্ষেত্ৰত কি কৰিছিল, সেই কথা আমি কেতিয়াও পাহৰিব নালাগে। বাবাচাহেব জীয়াই থকালৈকে কংগ্ৰেছে তেওঁক অপমান কৰিছিল। তেওঁক দুবাৰকৈ নিৰ্বাচনত পৰাস্ত কৰা হ’ল, সমগ্ৰ কংগ্ৰেছ চৰকাৰ তেওঁক উৎখাত কৰাত ব্যস্ত হৈ পৰিছিল। তেওঁক ব্যৱস্থাৰ পৰা আঁতৰাই ৰাখিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। যেতিয়া বাবাচাহেব আমাৰ মাজত নাছিল, তেতিয়া কংগ্ৰেছে তেওঁৰ স্মৃতিও মচি পেলাবলৈ অপচেষ্টা কৰিছিল। কংগ্ৰেছে বাবাচাহেবৰ ধাৰণাক চিৰদিনৰ বাবে বিনষ্ট কৰিবলৈয়ো অপচেষ্টা কৰিছিল। ডঃ আম্বেদকাৰ সংবিধানৰ ৰক্ষক আছিল। সংবিধান ধ্বংসকাৰী হৈ পৰিছিল কংগ্ৰেছ। ডঃ আম্বেদকাৰে সমতাৰ পোষকতা কৰিছিল যদিও কংগ্ৰেছে দেশত ভোট বেংকৰ ভাইৰাছ বিয়পাইছিল।

বন্ধুসকল,

বাবাচাহেবে বিচাৰিছিল প্ৰতিগৰাকী দৰিদ্ৰ, প্ৰতিগৰাকী বঞ্চিত ব্যক্তিয়ে মৰ্য্যাদা সহকাৰে জীয়াই থাকক, মূৰ তুলি জীয়াই থাকক, তেওঁলোকেও সপোন দেখি ইয়াক পৰিপূৰণ কৰক। কিন্তু কংগ্ৰেছে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি লোকসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি তুলিছিল। কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসন কালত কংগ্ৰেছ নেতাসকলৰ চুইমিং পুলত পানী আছিল যদিও গাঁৱে-ভূঞে নলৰ পানী নাছিল। স্বাধীনতাৰ ৭০ বছৰৰ পাছতো গাঁৱৰ ১৬ শতাংশ গৃহস্থীতহে নলৰ পানী আছিল। কল্পনা কৰকচোন, ১০০ খন ঘৰৰ ভিতৰত ১৬ টা ঘৰ! ইয়াৰ পৰিপ্ৰেক্ষিতত কোনবোৰ লোক আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল? ইয়াৰ পৰিণতিত আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল এছচি, এছটি, অ’বিচিসকল। সেয়াই আছিল তেওঁলোকৰ একমাত্ৰ চিন্তা। তেওঁলোকে অন্ততঃ মোৰ এছচি, এছটি, অ’বিচি ভাই-ভনীসকলৰ ঘৰত পানী যোগান ধৰিব লাগিছিল। আমাৰ চৰকাৰে ৬-৭ বছৰত গ্ৰামাঞ্চলৰ ১২ কোটিৰো অধিক গৃহস্থীত টেপ সংযোগ প্ৰদান কৰিছে। আজি এখন গাঁৱৰ ৮০ শতাংশ ঘৰত অৰ্থাৎ পূৰ্বে ১০০ ঘৰৰ ভিতৰত ১৬ ঘৰত আৰু আজি ১০০ ঘৰৰ ভিতৰত ৮০ ঘৰত নলৰ পানী আছে। আৰু বাবাচাহেবৰ আশীৰ্বাদত আমি প্ৰতিঘৰ গৃহস্থীতে নলৰ পানী যোগান ধৰিম। শৌচাগাৰৰ অভাৱতো আটাইতকৈ বেয়া পৰিস্থিতি সন্মুখীন হৈছিল অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি সমাজৰ লোকসকল। আমাৰ চৰকাৰে ১১ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণেৰে বঞ্চিতসকলক এটা মৰ্য্যাদাসম্পন্ন জীৱন প্ৰদান কৰিছে।

বন্ধুসকল,

কংগ্ৰেছৰ দিনত আনকি বেংকৰ দুৱাৰো এছচি, এছটি, অ’বিচি জনসাধাৰণৰ বাবে খোলা নাছিল। বীমা, ঋণ, সহায় এই সকলোবোৰ সপোন আছিল। কিন্তু এতিয়া জন ধন একাউন্টৰ সৰ্বাধিক হিতাধিকাৰী হৈছে মোৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি ভাই-ভনীসকল। আমাৰ এছচি, এছটি, অ’বিচি ভাই-ভনীসকলে আজি গৌৰৱেৰে পকেটৰ পৰা ৰূপে কাৰ্ড উলিয়াই দেখুৱাইছে। পূৰ্বে ধনী লোকৰহে পকেটত থকা ৰূপে কাৰ্ড এতিয়া মোৰ দৰিদ্ৰ ভাই-ভনীসকলেও দেখুৱাইছে।

 

বন্ধুসকল,

কংগ্ৰেছে আমাৰ পবিত্ৰ সংবিধানক ক্ষমতা অৰ্জনৰ অস্ত্ৰ কৰি তুলিছিল। কংগ্ৰেছে যেতিয়াই ক্ষমতাৰ সংকট হোৱা দেখিছিল, তেতিয়াই সংবিধানক থেতেলিয়াই পেলাইছিল। কংগ্ৰেছে জৰুৰীকালীন সময়ত সংবিধানৰ আত্মাক চেপি ধৰিছিল, যাতে ই কেনেবাকৈ ক্ষমতা ধৰি ৰাখিব পাৰে। সংবিধানৰ মনোভাৱ হ’ল সকলোৰে বাবে একেধৰণৰ নাগৰিক সংহিতা থাকিব লাগে, যাক মই ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতা বুলি কওঁ, কিন্তু কংগ্ৰেছে কেতিয়াও ইয়াৰ কাৰ্য্যকৰী কৰা নাছিল। উত্তৰাখণ্ডত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত চেকুলাৰ চিভিল ক’ড, ইউনিফৰ্ম চিভিল ক’ড কাৰ্য্যকৰী হ’ল, অতি ধুমধামেৰে কাৰ্য্যকৰী হ’ল। কিন্তু দেশৰ দুৰ্ভাগ্য এয়ে যে পকেটত সংবিধান লৈ বহি থকা নেতা, সংবিধানৰ ওপৰত বহি থকা নেতা, এইসকল কংগ্ৰেছীয়ে ইয়াৰো বিৰোধিতা কৰিছে।

বন্ধুসকল,

আমাৰ সংবিধানত এছচি, এছটি, অ’বিচি লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু কংগ্ৰেছে এই ক্ষেত্ৰত কেতিয়াও গুৰুত্ব নিদিছিল। তেওঁলোকক সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ল নে নাই, তেওঁলোকৰ সন্তানে শিক্ষাৰ সুবিধা পাইছে নে নাই, কোনো অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি ব্যক্তি নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে নেকি, তাত কোনেও গুৰুত্ব নিদিছিল। ৰাজনৈতিক খেল খেলাৰ স্বাৰ্থত কংগ্ৰেছে বাবা চাহেব আম্বেদকাৰৰ সপোন, সামাজিক ন্যায়ৰ বাবে সংবিধান প্ৰদত্ত ব্যৱস্থাটোক ছুৰীৰে আঘাত কৰি সংবিধানৰ সেই বিধানক তুষ্টিকৰণৰ মাধ্যম কৰি তুলিছিল। আপোনাসৱে শেহতীয়াকৈ বাতৰিত নিশ্চয় শুনিছে যে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি লোকৰ অধিকাৰ কাঢ়ি লৈ ​​নিবিদাত ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থা কৰিছে। কিন্তু বাবা চাহেব আম্বেদকাৰে সংবিধানত স্পষ্টকৈ কৈছিল যে এই সংবিধানত ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থা কৰা নহ’ব আৰু আমাৰ সংবিধানে ধৰ্মৰ ভিত্তিত সংৰক্ষণ নিষিদ্ধ কৰিছে।

বন্ধুসকল,

কংগ্ৰেছৰ এই তুষ্টিকৰণ নীতিৰ বাবে মুছলমান সমাজৰো যথেষ্ট ক্ষতি হৈছে। কংগ্ৰেছে মাত্ৰ কেইজনমান মৌলবাদীকহে সুখী কৰিলে। বাকী সমাজখন দৰিদ্ৰ, অশিক্ষিত আৰু দুখীয়া হৈয়েই থাকিল। কংগ্ৰেছৰ এই বেয়া নীতিৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হ’ল ৱাকফ আইন। দেশখনে স্বাধীনতা লাভৰ পিছত ২০১৩লৈকে ৱাকফ আইন বলবৎ আছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ স্বাৰ্থত, তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে, ভোট বেংকৰ ৰাজনীতিৰ বাবে ২০১৩ৰ শেষৰ ফালে, শেষৰ অধিৱেশনত কংগ্ৰেছে খৰখেদাকৈ ইমান বছৰে বলবৎ হৈ থকা ৱাকফ আইনখনক সংশোধন কৰিলে, যাতে নিৰ্বাচনত ভোট লাভ কৰিব পাৰে। ভোট বেংকক সন্তুষ্ট কৰিবলৈ এই আইনখন এনেদৰে সংশোধন কৰা হৈছিল যে বাবাচাহেব আম্বেদকাৰৰ সংবিধানক অৱমাননা কৰা হৈছিল। এয়াই আছিল বাবাচাহেবক আটাইতকৈ গুৰুতৰ অপমান কাৰ্য্য।

বন্ধুসকল,

তেওঁলোকে কয় যে তেওঁলোকে মুছলমানৰ স্বাৰ্থত এই কাম কৰিছিল। এই সকলো লোকক সুধিব বিচাৰিছোঁ, এই ভোট বেংকৰ ভোকাতুৰ ৰাজনীতিবিদসকলক ক’ব বিচাৰিছোঁ, যদি সঁচাকৈয়ে আপোনালোকৰ হৃদয়ত মুছলমানৰ প্ৰতি অলপো সহানুভূতি আছে, তেন্তে কংগ্ৰেছ দলে এজন মুছলমানক দলৰ সভাপতি কিয় নকৰে? সংসদৰ টিকট নিদিয়ে। মাথোঁ দেশ আৰু নাগৰিকৰ অধিকাৰ কাঢ়ি নিছে। এয়াই কংগ্ৰেছৰ সৰ্বোত্তম সত্য।

 

বন্ধুসকল,

সমগ্ৰ দেশতে ৱাকফৰ নামত লাখ-লাখ হেক্টৰ ভূমি আছে। এই মাটি, এই সম্পত্তিয়ে দৰিদ্ৰ, অসহায় মহিলা আৰু শিশুসকলক উপকৃত কৰিব লাগিছিল আৰু আজি যদি ইয়াক সৎভাৱে ব্যৱহাৰ কৰা হ’লহেঁতেন, তেন্তে মোৰ মুছলমান যুৱক-যুৱতীসকলে অসহায়ভাৱে জীৱন কটাব নালাগিলহেঁতেন। কিন্তু ইয়াৰ দ্বাৰা মাত্ৰ এমুঠিমান ভূমি মাফিয়াহে লাভৱান হ’ল। মুছলমান সমাজে কোনো লাভ নাপালে। আৰু এই ভূমি মাফিয়াবোৰে কাৰ মাটি লুট কৰিছিল? দলিত, পিছপৰা শ্ৰেণী, জনজাতীয় লোক, বিধৱাৰ সম্পত্তি লুণ্ঠন কৰিছিল। শ-শ মুছলমান বিধৱাই ভাৰত চৰকাৰলৈ চিঠি লিখিছিল, তেতিয়াহে এই আইনখন সন্দৰ্ভত আলোচনাৰ হৈছিল। ৱাকফ আইন সলনি হোৱাৰ পিছত দৰিদ্ৰ জনতাক কৰা এনে লুণ্ঠন ৰোধ হ’বলৈ আগবাঢ়িছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি এটা অতিশয় দায়িত্বশীল আৰু গুৰুত্বপূৰ্ণ কাম কৰিছোঁ। আমি ৱাকফ আইনখনত আন এটা বিধানৰ ব্যৱস্থা কৰিছোঁ। এতিয়া নতুন আইনৰ অধীনত, ৱাকফ আইন অনুসৰি, ৱাকফ ব’ৰ্ডে ভাৰতৰ কোনো প্ৰান্ততে কোনো জনজাতীয় লোকৰ মাটি, ঘৰ, সম্পত্তি স্পৰ্শ কৰিব নোৱাৰিব। আমি সংবিধানৰ পৰিসীমা অনুসৰণেৰে জনজাতীয় লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ এক বৃহৎ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ এই বিধানসমূহে ৱাকফৰ পবিত্ৰ মনোভাৱক সন্মান জনাব। মুছলমান সমাজৰ দুখীয়া পৰিয়াল, মুছলমান মহিলা, বিশেষকৈ মুছলমান বিধৱা, মুছলমান সন্তানে নিজৰ অধিকাৰ লাভ কৰিব আৰু ভৱিষ্যতে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত হ’ব। আৰু এয়াই হৈছে বাবাচাহেব আম্বেদকাৰে সংবিধানৰ মনোভাৱেৰে আমাক কৰিবলৈ দিয়া কাম। এয়াই হৈছে প্ৰকৃত আত্মা, এয়াই হৈছে প্ৰকৃত সামাজিক ন্যায়।

বন্ধুসকল,

২০১৪ৰ পিছত আমাৰ চৰকাৰে বাবাচাহেব আম্বেদকাৰৰ প্ৰেৰণাৰাজিক অনাগত প্ৰজন্মলৈ বিয়পাই দিবলৈ একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পূৰ্বে বাবাচাহেবৰ স্মৃতি বিজড়িত দেশ আৰু বিশ্বৰ সকলো ঠাইক অৱহেলা কৰা হৈছিল। সংবিধানৰ নামত ৰাজনৈতিক লাভালাভ অৰ্জন কৰিবলৈ ওলাই অহা সকলে বাবাচাহেবৰে জড়িত প্ৰতিটো স্থানক অপমানেৰে ইতিহাসৰ পাতৰপৰা মচি পেলাবলৈ চেষ্টা কৰিছে। পৰিস্থিতি এনেকুৱা আছিল যে মুম্বাইৰ ইন্দু মিলত বাবাচাহেব আম্বেদকাৰৰ স্মৃতিসৌধ স্থাপনৰ বাবে সমগ্ৰ দেশতে ৰাইজে দাবী সাব্যস্ত কৰিবলগীয়া হৈছিল। আমাৰ চৰকাৰখন ক্ষমতালৈ অহাৰ লগে-লগে ইন্দু মিলৰ লগতে আমি সকলো স্থানৰ উন্নয়ন সাধন কৰিলোঁ, সেয়া বাবাচাহেব আম্বেদকাৰৰ জন্মস্থান মহৌৱেই হওঁক, বাবাচাহেব আম্বেদকাৰৰ শিক্ষা গ্ৰহণৰ স্থান লণ্ডনেই হওঁক, দিল্লীস্থিত তেওঁৰ মহাপৰিনিৰ্বাণ স্থলেই হওঁক বা নাগপুৰৰ দীক্ষাভূমিয়েই হওঁক। এইসমূহ স্থানক পঞ্চতীৰ্থ হিচাপে বিকশিত কৰা হৈছে। মোৰ সৌভাগ্য যে কিছুদিন পূৰ্বে দীক্ষাভূমি তথা নাগপুৰ ভ্ৰমণেৰে বাবাচাহেবলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পাইছিলোঁ।

 

বন্ধুসকল,

কংগ্ৰেছৰ লোকে সামাজিক ন্যায় সন্দৰ্ভত ডাঙৰ-ডাঙৰ কথা কয়, কিন্তু আমি এইটোও মনত ৰাখিব লাগিব যে কংগ্ৰেছে ভাৰতৰত্ন বাবাচাহেব আম্বেদকাৰ আৰু চৌধুৰী চৰণ সিং জী এই দুগৰাকী মহাপুত্ৰক প্ৰদান কৰা নাছিল। কেন্দ্ৰত বিজেপি সমৰ্থিত চৰকাৰ গঠন হোৱাতহে বাবাচাহেব আম্বেদকাৰে ভাৰত ৰত্ন লাভ কৰিছিল। একে সময়তে আমি গৌৰৱান্বিত যে বিজেপি চৰকাৰেও চৌধুৰী চৰণ সিং জীক ভাৰতৰত্ন সন্মান প্ৰদান কৰিছে।

বন্ধুসকল,

হাৰিয়ানাৰ বিজেপি চৰকাৰেও সামাজিক ন্যায় আৰু দৰিদ্ৰ লোকৰ কল্যাণৰ অৰ্থে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰিছে। আপোনালোক সকলোৰে জ্ঞাত যে হাৰিয়ানাত চৰকাৰী চাকৰিৰ অৱস্থা কি আছিল। আগতে পৰিস্থিতি এনেকুৱা আছিল, চাকৰি এটা ল’ব বিচাৰিলে হয় কোনোবা এজন নেতাৰ ওচৰলৈ যাব লাগিছিল, নহয় টকা দিব লাগিছিল। পিতৃৰ মাটি আৰু মাতৃৰ গহনাও বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল। কিন্তু আজি মই সুখী যে নয়ব সিং ছাইনী জীৰ চৰকাৰে কংগ্ৰেছৰ দিনৰ এই ৰোগ নিৰাময় কৰিছে। কোনো খৰচ নোহোৱাকৈ আৰু কোনো স্লিপ নোহোৱাকৈ চাকৰি প্ৰদানৰ ক্ষেত্ৰত হাৰিয়ানাৰ ট্ৰেক ৰেকৰ্ড আশ্চৰ্য্যকৰ। আৰু মই গৌৰৱান্বিত যে মই এনেকুৱা বন্ধু, এনেকুৱা অংশীদাৰ-চৰকাৰ পাইছোঁ। ইয়াৰ ২৫ হাজাৰ যুৱক-যুৱতীয়ে যাতে চৰকাৰী চাকৰি লাভ নকৰে, তাৰ বাবে কংগ্ৰেছে যৎপৰোনাস্তি অপচেষ্টা কৰিছিল। কিন্তু এফালে মুখ্যমন্ত্রী নয়ব ছাইনী জীয়ে শপত গ্ৰহণ কৰিলে, আনফালে হাজাৰ-হাজাৰ যুৱক-যুৱতীলৈ নিযুক্তি পত্ৰ জাৰি হ’ল! এয়া বিজেপি চৰকাৰৰ সুশাসন। আৰু ভাল কথাটো হ'ল নয়ব সিং ছাইনী জীৰ চৰকাৰে অনাগত বছৰসমূহত হাজাৰ-হাজাৰ নতুন চাকৰিৰ বাবে ৰোডমেপ যুগুতৰ কাম কৰি আছে।

বন্ধুসকল,

হাৰিয়ানা এনে এখন ৰাজ্য য’ত গৰিষ্ঠ সংখ্যক যুৱক-যুৱতীয়ে সেনাবাহিনীত যোগদান কৰি দেশখনক সেৱা আগবঢ়ায়। ওৱান ৰেংক ওৱান পেঞ্চন সন্দৰ্ভত কংগ্ৰেছে দশক-দশক ধৰি প্ৰতাৰণা কৰি আহিছে। আমাৰ চৰকাৰেই ওৱান ৰেংক ওৱান পেঞ্চন আঁচনি ৰূপায়ণ কৰিছিল। এতিয়ালৈকে অ’আৰঅ’পি অৰ্থাৎ ওৱান ৰেংক ওৱান পেঞ্চন-ৰ অধীনত হাৰিয়ানাৰ প্ৰাক্তন সেনানীসকলক ১৩,৫০০ কোটি টকা প্ৰদান কৰা হৈছে। আপোনালোকৰ মনত আছে যে ঠিক এই আঁচনিখন সন্দৰ্ভতে মিছা কথা কৈ কংগ্ৰেছ চৰকাৰে সমগ্ৰ দেশৰ জোৱানৰ বাবে মাত্ৰ ৫০০ কোটি টকাৰ ব্যৱস্থা কৰিছিল। এতিয়া আপোনাসৱে ভাবকচোন, কেৱল হাৰিয়ানাত ১৩ হাজাৰ ৫০০ কোটি আৰু ক’ত ৫০০ কোটি, এয়া কেনেকুৱা কথা আছিল! কংগ্ৰেছৰ কাৰো সৈতে সম্পৰ্ক নাছিল, কেৱল ক্ষমতাৰ লগতহে জড়িত। দলিত লোকৰ লগত কংগ্ৰেছৰ সম্পৰ্ক নাই, পিছপৰা শ্ৰেণীৰ লগতো নাছিল, মোৰ দেশৰ মাতৃ-ভগ্নীসকলৰ লগতো ইয়াৰ সম্পৰ্ক নাছিল, মোৰ সেনানীসকলৰ লগতো কংগ্ৰেছৰ সম্পৰ্ক নাছিল।

 

বন্ধুসকল,

মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে হাৰিয়ানাই এখনি উন্নত ভাৰতৰ সংকল্পক সুদৃঢ় কৰিব। ক্ৰীড়াই হওঁক বা খেতিপথাৰেই হওঁক, হাৰিয়ানাৰ মাটিৰ সুগন্ধিয়ে সমগ্ৰ বিশ্বতে নিজৰ সুগন্ধি বিয়পাই থাকিব। মোৰ হাৰিয়ানাৰ পুত্ৰ-কন্যাসকলৰ ওপৰত গভীৰ বিশ্বাস আছে। এই নতুন বিমানবন্দৰে হাৰিয়ানাক পূৰ্ণ কৰাৰ লগতে ই হাৰিয়ানাৰ সপোন পৰিপূৰণৰ ক্ষেত্ৰত প্ৰেৰণা হিচাপে পৰিগণিত হ'ব আৰু মোৰ সৌভাগ্য যে আপোনাসৱে মোক আশীৰ্বাদ দিবলৈ ইয়ালৈ আহিছে। আপোনালোকক প্ৰণাম জনাই মূৰ দোঁৱাইছো। আৰু বহু সফলতাৰ বাবে শুভকামনা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ! মোৰ লগতে কওঁ আহক,

ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of Prime Minister addresses the Indian Community in Paris
June 18, 2026

नमस्ते!

बों जू!

ऐसा लग रहा है, आप सब छुट्टी के मूड में हैं।

साथियों,

ये पेरिस शहर, Lights का शहर है, रंगों का शहर है, यहां Art है, Ideas हैं, और innovation की प्रेरणा भी है। इस शहर को भारत के अलग-अलग राज्यों से आए आप सभी लोग और भी खूबसूरत बना देते हैं। नए नए रंगों से भर देते हैं।

कोई तमिल है, कोई पंजाबी है, कोई गुजराती है, तो कोई मराठी है, और कोई बंगाली है। भारत के हर कोने का प्रतिनिधित्व यहां दिखाई देता है।

साथियों,

मैं जब 14 जून को नीस पहुंचा था तो सबसे पहले भारत इनोवेट्स कार्यक्रम में शामिल हुआ था। आज जब मैं फ्रांस से वापसी की तैयारी में हूं तो लग रहा है जैसे भारत कनेक्ट्स कार्यक्रम में आ गया हूं।

फ्रांस में रहने वाले आप लोगों ने 21वीं सदी के भारत-फ्रांस रिश्तों को जिस तरह कनेक्ट किया है, वो हमारी Strategic Partnership की बहुत बड़ी ताकत बन रही है। मैं आप सभी के लिए भारत से 140 करोड़ देशवासियों की शुभकामनाएं लेकर आया हूं। इस आत्मीय स्वागत के लिए, मैं आप सभी का हृदय से आभार व्यक्त करता हूं।

साथियों,

आज मैं ऐसे समय में फ्रांस आया हूं जब कुछ ही दिन पहले हमारी सरकार के 12 वर्ष पूरे हुए हैं। चुने हुए प्रधानमंत्री के रूप निरंतर 12 साल तक देश की सेवा करना मेरे जीवन का बहुत बड़ा सौभाग्य रहा है। यह भारत के लोकतंत्र की शक्ति है जिसने एक चायवाले को यहां तक पहुंचा दिया।

साथियों,

बीते 12 वर्ष, 140 करोड़ भारतीयों के अद्भुत सामर्थ्य के रहे हैं। 12 साल के इस कालखंड में भारत का GDP दोगुना हुआ है। Airports की संख्या दोगुनी हुई है। Universities की संख्या भी दोगुनी हो गई है। Highway Construction की स्पीड तीन गुना बढ़ गई। और Metro Network, चार गुणा बड़ा हो गया है।

मैं आपको कुछ और फैक्ट्स दूंगा, उससे आप अंदाजा लगा पाएंगे कि भारत किस स्पीड और कितने बड़े स्केल पर काम कर रहा है। पिछले 12 वर्षों में भारत का Defence Export 35 गुणा यानि Thirty Five Times बढ़ गया है।

औऱ एक फैक्ट सुनिए भारत में मोबाइल मैन्यूफैक्टरिंग यूनिट्स में, 100 गुणा की बढ़ोतरी हुई है। 100 times. भारत अब दुनिया का दूसरा सबसे बड़ा mobile phone manufacturer है। इसी गति, इसी प्रगति का नतीजा है कि आज भारत दुनिया की Fastest Growing Major Economy है।

साथियों,

आज भारत की कहानी सिर्फ Economic Progress की कहानी नहीं है। सिर्फ यहाँ अटक नहीं जाती है। ये Social Transformation की भी कहानी है।

पिछले 12 साल में देश में 25 करोड़ लोग गरीबी से बाहर निकले हैं। यानि एक ऐसी प्रगति जिसका लाभ समाज के अंतिम व्यक्ति तक पहुंच रहा है। फ्रांस में जितने घर हैं, उससे भी अधिक पक्के घर बीते 12 वर्ष में हमने जरूरतमंदों के लिए बनाए हैं।

अब हर परिवार के पास, गरीब से गरीब क्यों न हो, Bank Account है। Financial Inclusion एक सरकारी कार्यक्रम नहीं, बल्कि सामाजिक परिवर्तन का अभियान बना है।

साथियों,

इन 12 वर्षों की उपलब्धियों में, एक उपलब्धि ऐसी भी है जिसे किसी आंकड़े से, या अंकों से, नहीं मापा जा सकता। वह है 140 करोड़ भारतीयों का आत्मविश्वास।

आज का भारत और आज के भारत का युवा बहुत बड़े सपने देख रहा है। भारत का किसान नई संभावनाओं के साथ आगे बढ़ रहा है। भारत की महिलाएं नए नेतृत्व का परिचय दे रही हैं। इसलिए ये सिर्फ Achievements के 12 साल नहीं हैं, ये भारत की एस्पिरेशन्स को नई बुलंदी देने का कालखंड रहा है।

साथियों,

एक समय था जब दूर-दराज के गांवों तक आधुनिक सुविधाएं पहुंचाना वाकई बहुत मुश्किल भरा था। आज उन्हीं गांवों में बिजली भी है, इंटरनेट भी है, और डिजिटल सेवाओं की पूरी दुनिया भी है। आज एक क्लिक पर, कभी भी, कहीं भी बैंकिंग सेवाएं उपलब्ध हैं।

आज मोबाइल फोन, भारत के नागरिकों को अनेक सुविधाओं से कनेक्ट कर रहा है। हमारे किसान, हमारे मछुआरे, हमारे dairy farmers, हमारी महिलाएं, हमारे स्टूडेंट्स, सभी टेक्नोलॉजी के माध्यम से सशक्त हो रहे हैं, और अपने लिए नए अवसर बना रहे हैं।

साथियों,

आपने 125 करोड़ से अधिक Aadhaar IDs के बारे में सुना है। लेकिन आज भारत सिर्फ पहचान को डिजिटल नहीं बना रहा। आज करीब 90 करोड़ भारतीयों की Unique Digital Health IDs बनाई जा चुकी हैं। जिससे मेडिकल रिकॉर्ड सुरक्षित और accessible बन गए हैं। इससे हेल्थकेयर डिलीवरी और अधिक आसान और efficient हो रही है।

साथियों,

इन उपलब्धियों की सबसे बड़ी विशेषता यह है कि इनमें से अधिकांश चीजें कुछ वर्ष पहले तक कल्पना जैसी लगती थीं। कौन सोच सकता था कि गांव-गांव तक हाई-स्पीड इंटरनेट पहुंचेगा ? कौन सोच सकता था कि दूर-सुदूर के गांवों में भी QR code जीवन का हिस्सा बन जायेगा ? गांव में कोई बहन, ड्रोन से खेती करने में मदद करेगी, ये भी असंभव लगता था।

लेकिन आज यह सब, भारत के करोड़ों लोगों के जीवन का सामान्य हिस्सा बनता जा रहा है। और आपको गर्व होगा साथियों, यही नए भारत की पहचान है।

जो कभी सपना था, वह आज सच्चाई है। जो कभी नामुमकिन लगता था, वो आज मुमकिन हुआ है, औऱ ये करने के पीछे सबसे बड़ी ताकत क्या है? किसकी वजह से ये सब संभव हुआ है? यह मोदी के कारण नहीं, वो ताकत है- भारत का लोकतंत्र, भारत की डेमोक्रेसी। इस डेमोक्रेसी में सबका साथ है, सबका विकास है।

साथियों,

आज से 50 या 100 साल बाद जब भारत के इस कालखंड की समीक्षा होगी, तो ये बात उभरकर सामने आएगी कि इस कालखंड को भारत की Aspirations ने ड्राइव किया। यह भारत के एस्पिरेशन्स का नया युग है।

जहां बिजली पहुंची है, वहां लोग सिर्फ बिजली नहीं चाहते, वे Smart Living चाहते हैं। जहां ट्रेन पहुंची है, वहां लोग High-Speed Connectivity चाहते हैं। जहां हाईवे बने हैं, वहां लोग World-Class Expressways चाहते हैं। जहां इंटरनेट पहुंचा है, वहां लोग AI और Digital Innovation में नेतृत्व चाहते हैं।

यानि आज भारत के लोग अपने जीवन को भी Next Level पर ले जाना चाहते हैं, और भारत को भी Next Level पर ले जाना उनका मकसद है, उनका संकल्प है, उनके सपने है।

और साथियों,

यही Aspirations आज भारत की विकास यात्रा की सबसे बड़ी शक्ति हैं। मैं आपको भारत की Space Journey का उदाहरण दूंगा।

भारत ने चंद्रयान को चंद्रमा के South Pole पर उतारा। दुनिया ने इसे एक बहुत बड़ी उपलब्धि माना। लेकिन भारत इसे अपनी मंजिल मानकर रुका नहीं। आज देश गगनयान की तैयारी कर रहा है। भारत अंतरिक्ष में अपना Space Station बनाने की दिशा में आगे बढ़ रहा है।

हमारे Space Startups Global Space Economy में अपनी जगह बनाने के लिए पुरजोश काम कर रहे हैं, आगे बढ़ रहे हैं।

साथियों,

Green Energy के क्षेत्र में भी भारत की यही एस्पिरेशंस दिखाई देती है। Solar Power में भारत की उपलब्धियों की दुनिया भर में लगातार चर्चा हो रही हैं। लेकिन भारत अगली छलांग की तैयारी कर रहा है।

Green Hydrogen में बड़े निवेश हो रहे हैं। Advanced Nuclear Energy पर तेजी से काम हो रहा है। आपने भारत के Fast Breeder nuclear Reactor से जुड़ी प्रोग्रेस के बारे में भी सुना ज़रूर होगा। ये भारत के न्यूक्लियर एनर्जी लैंडस्केप में क्रांतिकारी परिवर्तन करने का बहुत बड़ा अचीवमेंट हमारे सीसेन्टिस्टों ने किया है।

साथियों,

आज का भारत भविष्य का पूरा Ecosystem बना रहा है। भारत एक साथ हर उस क्षेत्र में निवेश कर रहा है, जो आने वाले दशकों की दिशा तय करेगा।

अभी आपने कुछ दिन पहले ही देखा है नीस में भारत इनोवेट्स का एक आयोजन किया। ये इवेंट भारत के डीप टेक सामर्थ्य को दुनिया तक पहुंचाने का एक और माध्यम था। इसमें भारत के 120 Deep-Tech Startups उपस्थित थे। Bharat Innovates में करीब एक हजार चार सौ B2B Meetings हुईं है। कई Startups के लिए Investment Commitments आगे बढ़ीं, Commercial Orders के लिए रास्ते खुले। French और European Universities तथा Incubators के साथ Engagements बढ़ रही हैं।

Student Exchanges, Joint Research, और Innovation Support के नए रास्ते बने। इसलिए Bharat Innovates सिर्फ एक Summit नहीं रहा। यह Innovation Diplomacy का एक नया मॉडल बना है।

और आज ही पेरिस में VivaTech इवेंट के जरिए, इस यात्रा को हमने और आगे बढ़ाया। नीस में हमने Ideas को Capital से जोड़ा और पेरिस में Indian Innovation को Global Scale से जोड़ा। आज दुनिया देख रही है भारत केवल भविष्य के लिए तैयार नहीं हो रहा है। भारत भविष्य को आकार दे रहा है।

साथियों,

एक समय था, जब देशों के बीच रिश्ते केवल व्यापार से तय होते थे। आज व्यापार के साथ-साथ Trust यानि भरोसा भी उतना ही महत्वपूर्ण हो गया है।

हर देश Reliable Supply Chains चाहता है। हर देश Stable Partnerships चाहता है। हर देश ऐसे साथियों की तलाश में है, जिन पर लंबे समय तक भरोसा किया जा सके। और ऐसे समय में, भारत विश्व में एक Trusted Partner के रूप में उभर रहा है।

एवियां में G7 बैठक के दौरान मैंने trust based partnerships बनाने पर ज़ोर दिया। ग्लोबल साउथ के देशों के साथ equal पार्टनर्स के रूप में आगे बढ़ने का आह्वान किया। भारत का G7 समिट में संदेश था Global Governance तभी प्रभावी होगी जब वह Inclusive होगी। Global Growth तभी Sustainable होगी जब वह शेयर्ड होगी। और Global Technology तभी मानवता के लिए उपयोगी होगी जब वह Trusted होगी।

साथियों,

भारत और दुनिया के बीच व्यापारिक रिश्तों में नई ऊर्जा नज़र आ रही है। फ्रांस के साथ भारत का ट्रेड लगतार बढ़ रहा है। पिछले कुछ वर्षों में भारत ने दुनिया के अनेक देशों के साथ Free Trade Agreements किए हैं। यूरोपियन यूनियन हो, यूनाइटेड किंगडम हो दुनिया के हर देश, हर रीजन के साथ भारत समझौते कर रहा है।

अगले महीने से भारत और UK के बीच ट्रेड एग्रीमेंट भी लागू हो जाएगा। यह एग्रीमेंट भारत के farmers, workers और innovators को अनेक नए अवसर प्रदान करेगा।

साथियों,

आज दुनिया Uncertainty और Disruption के दौर से गुजर रही है। ऐसे समय में भारत और फ्रांस की साझेदारी विश्वास, स्थिरता और सहयोग का एक मजबूत स्तंभ बन रहा है।

इस वर्ष हमने भारत और फ्रांस के संबंधों को Special Global Strategic Partnership का दर्जा दिया था। नीस में मेरे मित्र President Macron और मैंने हमारे संबंधों को force for global good बनाने पर चर्चा की। Defence से लेकर space और नुक्लियर तक AI और क्रिटीकल मिनरल्स से लेकर high speed railway तक, हर क्षेत्र में हम मिलकर आगे बढ़ेंगे।

साथियों,

Solar energy हो, या AI के क्षेत्र में सहयोग हो, भारत और फ्रांस मिलकर ऐसे समाधान विकसित कर रहे हैं जो पूरी मानवता के हित में हैं। पिछले वर्ष पेरिस में और इस वर्ष दिल्ली में हमने AI Summit को Co-chair किया।

अब हम साथ मिलकर अगले वर्ष “तृष्णा” satellite को लॉन्च करने जा रहें हैं। यह “तृष्णा” satellite जो विश्व में फूड और वाटर सिक्युरिटी सुनिश्चित करने में योगदान देगा।

और साथियों,

यह सभी गवर्नमेंट टू गवर्नमेंट पहलो में आप सभी का योगदान बहुत महत्वपूर्ण है। ये आप हैं जो भारत और यूरोप के बीच सबसे मजबूत सेतु हैं। आप दोनों समाजों को समझते हैं। दोनों बाजारों को समझते हैं। आने वाले समय में Talent, Trade, Technology, Tourism और Investment के नए अवसरों को आगे बढ़ाने में आपकी भूमिका लगातार बढ़ने वाली हैं।

साथियों,

भारत और फ्रांस के रिश्तों को साझा इतिहास, साझा मूल्यों और साझा विश्वास ने आगे बढ़ाया है। विश्व युद्धों के दौरान फ्रांस की धरती पर बलिदान देने वाले भारतीय सैनिकों की स्मृतियां आज भी हमें जोड़ती हैं।

मुझे पहले नव शापेल में श्रद्धांजलि देने का अवसर मिला, पिछले वर्ष प्रेसिडेंट मैक्रों के साथ मार्सेय के वॉर मेमोरियल जाने का अवसर भी मिला। ये हमारी साझा विरासत है।

फ्रांस, भारतीयों के योगदान को संजोता भी है और सराहता भी है। भारतीय मूल की नूर इनायत खान हों, जिन्होंने फ्रांस की Resistance के लिए अपना जीवन बलिदान किया, या महाराजा रणजीत सिंह के साथ काम करने वाले जनरल जां फ्रांस्वा अलार हों ये सभी भारत और फ्रांस की साझा विरासत के प्रतीक हैं।

भारत के राज्य पुडुचेरी में भी फ्रेंच विरासत की झलक दिखाई देती है। वहां का Architecture, वहां की कला-संस्कृति और खान-पान सभी में हमारे संबंधों की महेक है।

साथियों,

इस समय फ्रांस समेत पूरी दुनिया में International Yoga Day की तैयारी भी चल रही है। इस अवसर पर मैं, फ्रांस में योग को आगे बढ़ाने वाले श्रीमान महेश घाट्राड्याल जी को भी आदरपूर्वक श्रद्धांजलि देता हूं। मैं पद्म पुरस्कार से सम्मानित, शार्लोत शोपां जी को भी प्रणाम करता हूं। जिन्होंने सौ वर्ष की आयु में भी, योग के माध्यम से फ़्रांस को भारत की विरासत से जोड़ा है। उनका जीवन यह सिद्ध करता है: Yoga does not add years to life, it adds life to years.

साथियों,

मैं फ्रेद नेग्री जी को भी आदरपूर्वक श्रद्धापूर्वक याद करता हूं। भारतीय विरासत को संरक्षित करने में उनका योगदान अतुल्य रहा है।

साथियों,

भारत और फ्रांस को कनेक्ट करने वाली एक और चीज है, और वो है फुटबॉल। इस वक्त यहां फुटबॉल फीवर पूरे जोर पर है। फ्रांस में इसकी दीवानगी, चप्पे-चप्पे पर दिखती है। लेकिन भारत में भी फुटबॉल का क्रेज़ सिर चढ़कर बोलता है।

खासतौर पर फ्रांस की टीम के फैन्स भारत में बहुत अधिक हैं। फ़्रांस ने इस वर्ल्ड कप की शुरुआत एक जोरदार जीत से शुरू की है। मैं फ्रांस की टीम को बहुत-बहुत शुभकामनाएं देता हूं।

साथियों,

जाने से पहले, आप सभी के लिए कुछ और अच्छी खबरें भी लेकर के आया हूँ। वो आपके लिए हैं। पिछले वर्ष, मार्सेय में कॉन्सुलेट खोला गया, इससे काफी अधिक सुविधा मिल रही है। कुछ हफ्ते पहले, Indian Nationals के लिए French Airports पर Visa-free Transit की व्यवस्था शुरू हो गई है।

Students और Professionals की Mobility बढ़ाना हो, या Educational Qualifications की Mutual Recognition की बात हो, या फिर French Universities के भारत में Campus खोलना हो, इन सभी पर हम मिलकर आगे बढ़ रहें हैं।

अब फ्रांस में UPI के उपयोग का दायरा भी और बढ़ने जा रहा है। यानि भारत-फ्रांस कनेक्ट भी Instant और आपसी Payment भी Instant!

साथियों,

इन सभी पहलों से, हम भारत और फ़्रांस को और करीब ला रहें हैं। और मैं फिर कहूंगा इस साझेदारी की नींव, इस रिश्ते की असली ताकत आप सभी हैं। आप सब मेरे देशवासी हैं।

आज जब भारत तेज़ी से विकसित भारत के लक्ष्य की ओर बढ़ रहा है, तो मैं आप सभी से भारत के साथ और गहराई से जुडने का आग्रह करूंगा। इससे भारत की विकास यात्रा को नई शक्ति मिलेगी, और आपको अपनी पुरखों की धरती की सेवा करने का अवसर भी मिलेगा।

इन्हीं शब्दों के साथ आप सभी के प्रेम आपके उत्साह और इस आत्मीय स्वागत के लिए मैं एक बार फिर आप सभी का आभार व्यक्त करता हूं।

भारत माता की जय!

बहुत बहुत धन्यवाद।