PM inaugurates Omkareshwar floating solar project
PM lays foundation stone of 1153 Atal Gram Sushasan buildings
PM releases a commemorative stamp and coin marking the 100th birth anniversary of former Prime Minister Shri Atal Bihari Vajpayee
Today is a very inspiring day for all of us, today is the birth anniversary of respected Atal ji: PM
Ken-Betwa Link Project will open new doors of prosperity and happiness in Bundelkhand region: PM
The past decade will be remembered in the history of India as an unprecedented decade of water security and water conservation: PM
The Central Government is also constantly trying to increase facilities for all tourists from the country and abroad: PM

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

বীৰো কী ধৰতী ঈ বুণ্ডেলখণ্ড পে ৰেৱে ৱাৰে সবই জনন খোঁ হামাই তৰফ সে হাথ জোৰ কেঁ ৰাম ৰাম পৌচে। মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত মংগু ভাই পেটেল, ইয়াৰ কৰ্মথ মুখ্যমন্ত্ৰী ভাই মোহন যাদৱ জী, কেন্দ্ৰীয় মন্ত্ৰী ভাই শিৱৰাজ সিং জী, বীৰেন্দ্ৰ কুমাৰ জী, চি আৰ পাটিল জী, উপ মুখ্যমন্ত্ৰী জগদীশ দেওৰা জী, ৰাজেন্দ্ৰ শুক্লা জী, অন্যান্য মন্ত্ৰীগণ, সাংসদগণ, বিধায়কগণ, অন্য সকলো মহানুভৱ, পূজ্য সন্তগণ আৰু মধ্য প্ৰদেশৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল।

আজি সমগ্ৰ বিশ্বতে বৰদিনৰ উলহ-মালহ। মই দেশৰ লগতে সমগ্ৰ বিশ্বতে উপস্থিত খ্ৰীষ্টান সমাজলৈ বৰদিনৰ বহুত শুভেচ্ছা জনাইছোঁ। মোহন যাদৱ জীৰ নেতৃত্বত গঠিত ভাজপা চৰকাৰে এবছৰ সম্পূৰ্ণ কৰিলে। মধ্য প্ৰদেশৰ ৰাইজক, ভাজপাৰ কাৰ্যকৰ্তাসকলক মই বহুত বহুত অভিনন্দন জনাইছোঁ। এই এবছৰত মধ্য প্ৰদেশত উন্নয়নে এক নতুন গতি লাভ কৰিছে। আজিও ইয়াত হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হৈছে। আজি ঐতিহাসিক কেন বেতোৱা লিংক প্ৰকল্পৰ দৌধন বান্ধৰ আধাৰশিলাও স্থাপন কৰা হৈছে। ওমকাৰেশ্বৰ ভাসমান সৌৰ উদ্যোগো উদ্বোধন কৰা হৈছে আৰু ই মধ্যপ্ৰদেশৰ প্ৰথমটো ভাসমান উদ্যোগ। মই এই প্ৰকল্পসমূহৰ বাবে মধ্য প্ৰদেশৰ ৰাইজক বহুত অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

আজি আমাৰ সকলোৰে বাবে অতি প্ৰেৰণাদায়ক দিন। আজি শ্ৰদ্ধেয় অটল জীৰ জন্ম জয়ন্তী। আজি ভাৰত ৰত্ন অটল জীৰ জন্মৰ ১০০ বছৰ হৈ আছে। অটল জীৰ জয়ন্তীৰ এই উৎসৱ সুশাসনৰ সুসেৱাৰ আমাৰ প্ৰেৰণাৰো উৎসৱ। কিছুসময়ৰ আগতে যেতিয়া মই অটল জীৰ স্মৃতিত ডাক ডাকটিকট আৰু স্মাৰক মুদ্ৰা মুকলি কৰি আছিলোঁ, তেতিয়া বহু পুৰণি কথাই মোৰ মনত চলি আছিল। বছৰ বছৰ ধৰি তেওঁ মোৰ দৰে বহু কাৰ্যকৰ্তাক শিকাইছে, সংস্কাৰিত কৰিছে। দেশৰ উন্নয়নত অটল জীৰ অৱদান আমাৰ স্মৃতিত সদায় অমলিন হৈ থাকিব। মধ্যপ্ৰদেশত ১১০০ৰো অধিক অটল গ্ৰাম সেৱা সদনৰ নিৰ্মাণ কাৰ্য আজিৰ পৰা আৰম্ভ হৈছে, ইয়াৰ বাবে প্ৰথম কিস্তিও মুকলি কৰা হৈছে। অটল গ্ৰাম সেৱা সদনে গাঁৱৰ উন্নয়নত নতুন গতি প্ৰদান কৰিব।

বন্ধুসকল,

আমাৰ বাবে সুশাসন দিৱস কেৱল এদিনীয়া কাৰ্যসূচী নহয়। গুড গভৰ্ণেঞ্চ, সুশাসন, ভাজপা চৰকাৰৰ পৰিচয়। দেশৰ জনসাধাৰণে একেৰাহে তৃতীয়বাৰৰ বাবে কেন্দ্ৰত ভাজপাৰ চৰকাৰ গঠন কৰিলে। মধ্য প্ৰদেশত আপোনালোক সকলোৱে ধাৰাবাহিকভাৱে ভাজপাক নিৰ্বাচিত কৰি আছে, ইয়াৰ অন্তৰালত সুশাসনৰ ওপৰত ভৰসাই আটাইতকৈ প্ৰবল। আৰু মই তো যিসকল বিদ্বান লোক আছে, যিসকল লিখা-পঢ়া বিশ্লেষণ কৰাত পাৰ্গত, এনে দেশৰ গণ্যমান্য লোকক আহ্বান জনাম যে যিহেতু স্বাধীনতাৰ ৭৫ বছৰ হৈ গ’ল, সেয়ে এবাৰ মূল্যায়ন কৰা হওক। এক ১০০-২০০ বিকাশৰ জনস্বাৰ্থৰ, সুশাসনৰ পৰিমাপ উলিওৱা হওক আৰু তাৰ পিছত হিচাপ কৰি চাওঁ যে কংগ্ৰেছ চৰকাৰ য’ত থাকে, তাত কি কাম হয়, কি পৰিণাম হয়। য’ত বাওঁপন্থীয়ে চৰকাৰ চলাইছিল, কমিউনিষ্টে চৰকাৰ চলাইছিল, তাত কি হ’ল? য’ত পৰিয়ালবাদী দলে চৰকাৰ চলাইছিল তাত কি হ’ল? য'ত মিলি জুলি চৰকাৰ চলিছিল তাত কি হ’ল আৰু য'ত য’ত ভাজপাই চৰকাৰ চলোৱাৰ সুযোগ পালে তাত কি হ'ল।

মই নিশ্চিতভাৱে কওঁ যে দেশত যেতিয়াই ভাজপাই য’তেই সেৱা আগবঢ়োৱাৰ সুযোগ পাইছে, আমি সকলো পুৰণি অভিলেখ ভংগ কৰি জনস্বাৰ্থৰ, জনকল্যাণৰ আৰু উন্নয়নমূলক কামত সফলতা লাভ কৰিছোঁ। যদি নিশ্চিত মাপকাঠীত মূল্যায়ন কৰা হয়, তেন্তে দেশে দেখিব যে আমি জনসাধাৰণৰ প্ৰতি কিমান সমৰ্পিত। স্বাধীনতাপ্ৰেমীসকলে যি সপোন দেখিছিল সেই সপোনবোৰ বাস্তৱায়িত কৰিবলৈ আমি দিনে-ৰাতিয়ে ঘাম পেলাওঁ। যিসকলে দেশৰ বাবে তেজ দিলে, তেওঁলোকৰ ৰক্ত যাতে বিফলে নাযায়, আমি আমাৰ ঘামেৰে তেওঁলোকৰ সপোনবোৰ সিঞ্চন কৰি আছোঁ। আৰু সুশাসনৰ বাবে ভাল পৰিকল্পনাৰ লগতে সেইবোৰ ভালদৰে ৰূপায়ণ কৰাটোও গুৰুত্বপূৰ্ণ। চৰকাৰৰ আঁচনিৰ সুবিধা কিমানখিনিলৈকে যায় সেয়া সুশাসনৰ পৰিমাপ হয়। আগতে কংগ্ৰেছ চৰকাৰবোৰ ঘোষণা কৰাত পাৰ্গত আছিল। ঘোষণা কৰা, ফিতা কটা, বন্তি জ্বলোৱা, বাতৰি কাকতত ফটো প্ৰকাশ কৰা, তাতেই তেওঁলোকৰ কাম সম্পূৰ্ণ হৈছিল। আৰু মানুহে ইয়াৰ পৰা কেতিয়াও লাভৱান হ’ব পৰা নাছিল। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মই প্ৰগতিৰ কাৰ্যসূচীৰ বিশ্লেষণত পুৰণি প্ৰকল্পবোৰ চাওঁ। মই আচৰিত হৈছোঁ যে ৩৫-৩৫, ৪০-৪০ বছৰ আগতে যাৰ আধাৰশিলা স্থাপন কৰা হৈছিল, পিছত তাত এক ইঞ্চিও কাম কৰা নহ'ল। কংগ্ৰেছ চৰকাৰসমূহৰ আঁচনিসমূহ কাৰ্যকৰী কৰাৰ কোনো উদ্দেশ্য নাছিল, গুৰুত্বও নাছিল।

 

আজি আমি পিএম কিষাণ সন্মান নিধিৰ দৰে আঁচনিৰ সুফল দেখিবলৈ পাইছোঁ। মধ্য প্ৰদেশৰ কৃষকে কিষাণ সন্মান নিধিৰ পৰা লাভ কৰিছে ১২ হাজাৰ টকা। জন ধন বেংক একাউণ্ট খোলাৰ সময়তহে এয়াও সম্ভৱ হৈ উঠিছিল। ইয়াত মধ্য প্ৰদেশতে লাডলী বহনা যোজনা আছে। আমি যদি ভগ্নীসলৰ বেংক একাউণ্ট নোখুলিলোঁ হেঁতেন, তেওঁলোকক আধাৰ আৰু মোবাইলৰ সৈতে লিংক নকৰিলোহেঁতেন তেন্তে এই আঁচনি কাৰ্যকৰী হ’লহেঁতেননে? সস্তীয়া ৰেচনৰ আঁচনিখন আগৰেপৰাই চলি আছিল, কিন্তু দুখীয়াই ৰেচনৰ বাবে ঘূৰিফুৰিবলগীয়া হৈছিল। এতিয়া আজি চাওক, দুখীয়াই বিনামূলীয়া ৰেচন পাই আছে, সম্পূৰ্ণ পাৰদৰ্শিতাৰে পাই আছে। প্ৰযুক্তিৰ প্ৰৱৰ্তনৰ বাবে প্ৰৱঞ্চনা বন্ধ হোৱাতহে এয়া সম্ভৱ হ’ল। যেতিয়া এক দেশ, এক ৰেচন কাৰ্ডৰ দৰে দেশজোৰা সুবিধা মানুহে পালে।

বন্ধুসকল,

সুশাসনৰ অৰ্থই হৈছে নিজৰেই অধিকাৰৰ বাবে নাগৰিকে চৰকাৰৰ ওচৰত হাত আগবঢ়াবলগা নহওক, চৰকাৰী দপ্চৰলৈ তাঁতবাতি কাঢ়িবলগা নহওক। আৰু এয়াই হৈছে চেচুৰেচনৰ ১০০% হিতাধিকাৰীক ১০০% সুবিধাৰ সৈতে সংযোগ কৰাৰ আমাৰ নীতি। সুশাসনৰ এই মন্ত্ৰই ভাজপা চৰকাৰক আনৰ পৰা পৃথক কৰে। আজি সমগ্ৰ দেশে এয়া দেখি আছে, সেইবাবেই বাৰে বাৰে ভাজপাক বাছি লৈছে।

বন্ধুসকল,

য’ত সুশাসন আছে তাত বৰ্তমানৰ প্ৰত্যাহ্বানৰ লগতে ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ ওপৰতো কাম কৰা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে দেশত দীৰ্ঘদিন ধৰি কংগ্ৰেছ চৰকাৰ আছিল। কংগ্ৰেছে চৰকাৰৰ ওপৰত নিজৰ জন্মগত অধিকাৰ বুলি ভাবে কিন্তু শাসন ব্যৱস্থাৰ সৈতে তেওঁলোকৰ বিপৰীত সম্পৰ্ক আছে। য'ত কংগ্ৰেছ তাত শাসন ব্যৱস্থা হ’ব নোৱাৰে। ইয়াৰ বহুত ডাঙৰ পৰিণতি দশক দশক ধৰি ইয়াত বুণ্ডেলখণ্ডৰ জনসাধাৰণেও ভূগিছে। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ইয়াৰ কৃষক, ইয়াৰ মাতৃ-ভগ্নীসকলে প্ৰতিটোপাল পানীৰ বাবে সংগ্ৰাম কৰি আহিছে। কিয় এই পৰিস্থিতিৰ সৃষ্টি হ’ল? কাৰণ কংগ্ৰেছে কেতিয়াও জল সংকটৰ স্থায়ী সমাধানৰ কথা ভবাই নাছিল।

 

বন্ধুসকল,

ভাৰতৰ বাবে নদীৰ পানীৰ গুৰুত্ব কি সেই কথা বুজি পোৱা প্ৰথম মানুহৰ ভিতৰত এজন, আৰু আপোনালোককো ক’লে আচৰিত হ'ব, ইয়াত যিকোনো ব্যক্তিক সোধক, হিন্দুস্তানৰ যিকোনো ব্যক্তিক সোধক, দেশ স্বাধীন হোৱাৰ পিছত সৰ্বপ্ৰথমে জল শক্তি, পানীৰ সামৰ্থ্য, পানীৰ বাবে দূৰদৰ্শী আয়োজন, এই বিষয়ে কোনে ভাবিছিল, কোনে কাম কৰিছিল? আনকি মোৰ সাংবাদিক বন্ধুসকলেও উত্তৰ দিব নোৱাৰিব। কিয়, যি সত্য সেয়া দবাই ৰখা হ’ল, সেয়া লুকুৱাই ৰখা হ’ল আৰু মাত্ৰ এজন ব্যক্তিক ক্ৰেডিট দিয়াৰ নিচাত প্ৰকৃত সেৱকক পাহৰাই দিয়া হ’ল। আৰু আজি মই আপোনালোকক কওঁ, দেশ স্বাধীন হোৱাৰ পাছত, ভাৰতৰ জলশক্তি, ভাৰতৰ জলসম্পদ, ভাৰতত পানীৰ বাবে বান্ধ নিৰ্মাণ, এই সকলো দূৰদৰ্শিতা এজন মহান ব্যক্তিৰ কৃতিত্বলৈ যায়, সেই মহান ব্যক্তিজনৰ নাম হৈছে বাবা চাহেব আম্বেদকাৰ। ভাৰতত যি বৃহৎ নদী উপত্যকা প্ৰকল্পৰ নিৰ্মাণ হ’ল এই প্ৰকল্পসমূহৰ আঁৰত ড° বাবা চাহেব আম্বেদকাৰৰেই দৃষ্টিভংগী আছিল। আজি যি কেন্দ্ৰীয় জল আয়োগ আছে ইয়াৰ আঁৰতো আছিল ড° আম্বেদকাৰৰ প্ৰচেষ্টা। কিন্তু কংগ্ৰেছে কেতিয়াও জল সংৰক্ষণৰ সৈতে জড়িত প্ৰচেষ্টাৰ বাবে, ডাঙৰ বান্ধৰ বাবে বাবা চাহেবক কৃতিত্ব নিদিলে, কাকো এই বিষয়ে জানিবলৈও নিদিলে। কংগ্ৰেছে এই বিষয়ত কেতিয়াও গম্ভীৰ হোৱা নাছিল। আজি সাত দশকৰ পাছতো দেশৰ বহু ৰাজ্যৰ মাজত পানীক লৈ কিবা নহয় কিবা বিতৰ্ক আছে। যেতিয়া পঞ্চায়তৰ পৰা আৰম্ভ কৰি সংসদলৈকে কংগ্ৰেছৰে শাসন আছিল, তেতিয়া এই বিবাদবোৰ সহজে সমাধান কৰিব পৰা গ’লহেঁতেন। কিন্তু কংগ্ৰেছৰ উদ্দেশ্য বেয়া আছিল, সেয়ে তেওঁলোকে কেতিয়াও কোনো সুনিৰ্দিষ্ট প্ৰচেষ্টা নকৰিলে।

বন্ধুসকল,

দেশত যেতিয়া অটল জীৰ চৰকাৰ গঠন হৈছিল, তেতিয়া তেওঁ পানীৰ লগত জড়িত প্ৰত্যাহ্বানসমূহ সমাধানৰ বাবে গুৰুত্বসহকাৰে কাম কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু ২০০৪ চনৰ পিছত তেওঁৰ প্ৰয়াসসমূহকো যেতিয়াই অটল জীৰ চৰকাৰ গ’ল, সেই সকলোবোৰ পৰিকল্পনা আৰু সপোনত কংগ্ৰেছৰ মানুহে আহিয়েই চেঁচা পানী ঢালি দিলে। এতিয়া আজি আমাৰ চৰকাৰে সমগ্ৰ দেশৰ নদীসমূহক সংযোগ কৰাৰ অভিযান ত্বৰান্বিত কৰিছে। কেন-বেতোৱা লিংক প্ৰজেক্টৰ সপোনো এতিয়া বাস্তৱ হ’বলৈ ওলাইছে। কেন-বেতোৱা লিংক প্ৰজেক্টে বুণ্ডেলখণ্ড অঞ্চলত সমৃদ্ধি আৰু সুখৰ নতুন দুৱাৰ মুকলি কৰিব। ছটাৰপুৰ, টিকামগড়, নিৱাৰী, পান্না, দামোহ, সাগৰকে ধৰি মধ্য প্ৰদেশৰ ১০খন জিলাই জলসিঞ্চনৰ সুবিধা লাভ কৰিব। মই এইমাত্ৰ মঞ্চলৈ আহি আছিলোঁ। মই ইয়াত বিভিন্ন জিলাৰ কৃষকক লগ পোৱাৰ সুযোগ পালোঁ, মই তেওঁলোকৰ সুখ দেখি আছিলোঁ। তেওঁলোকৰ মুখত আনন্দ দেখিবলৈ পালোঁ। তেওঁলোকে অনুভৱ কৰিছিল যে আমাৰ অনাগত প্ৰজন্মৰ জীৱন গঢ় ল’লে।

 

বন্ধুসকল,

উত্তৰ প্ৰদেশত যি বুণ্ডেলখণ্ডৰ অংশ আছে, তাৰো বাণ্ডা, মহোবা, ললিতপুৰ আৰু ঝান্সী জিলা লাভৱান হ’বলৈ গৈ আছে।

বন্ধুসকল,

মধ্যপ্ৰদেশ দেশৰ প্ৰথমখন ৰাজ্য, য’ত নদীক সংযোগ কৰাৰ মহা অভিযানৰ অধীনত দুটা প্ৰকল্প আৰম্ভ হৈছে। মাত্ৰ কেইদিনমান আগতে মই ৰাজস্থানত আছিলোঁ, মোহন জীয়ে বিতংভাৱে তাৰ বৰ্ণনা কৰিলে। তাত পাৰ্বতী-কালিসিন্ধ-চম্বল আৰু কেন-বেতোৱা লিংক প্ৰকল্পৰ জৰিয়তে কেইবাখনো নদী সংযোগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই চুক্তিৰ বৃহৎ লাভ মধ্য প্ৰদেশৰো হ’বলৈ গৈ আছে।

বন্ধুসকল,

একবিংশ শতিকাৰ অন্যতম ডাঙৰ প্ৰত্যাহ্বান হৈছে– জল সুৰক্ষা। একবিংশ শতিকাত কেৱল সেই দেশ আৰু সেই অঞ্চলটোৱেই আগবাঢ়ি যাব পাৰিব, যাৰ ওচৰত পৰ্যাপ্ত পানী আৰু সঠিক জল প্ৰবন্ধন থাকিব। পানী থাকিলেহে পথাৰ আৰু ভঁৰালবোৰ সমৃদ্ধিশালী হ’ব, পানী থাকিলেহে উদ্যোগ আৰু ব্যৱসায় জাতিষ্কাৰ হৈ উঠিব, আৰু মইতো সেই গুজৰাটৰ পৰা আহিছোঁ, য’ত বেছিভাগ অংশ বছৰৰ বেছিভাগ সময়তে খৰাং হৈ আছিল। কিন্তু মধ্য প্ৰদেশৰ পৰা উৎপত্তি হোৱা মা নৰ্মদাৰ আশীৰ্বাদে গুজৰাটৰ ভাগ্য সলনি কৰি দিলে। মধ্য প্ৰদেশৰো খৰাং ক্ষতিগ্ৰস্ত অঞ্চলসমূহক জল সংকটৰ পৰা মুক্ত কৰাটো মই মোৰ দায়িত্ব বুলি গণ্য কৰোঁ। সেইবাবেই মই বুণ্ডেলখণ্ডৰ ভগ্নীসকলক, ইয়াৰ কৃষকসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই সম্পূৰ্ণ সততাৰে কাম কৰিম যাতে আপোনালোকৰ সমস্যা হ্ৰাস কৰিব পাৰোঁ। এই চিন্তাৰ অধীনত আমি বুণ্ডেলখণ্ডত পানীৰ সৈতে জড়িত প্ৰায় ৪৫ হাজাৰ কোটি টকাৰ পৰিকল্পনা কৰিছিলোঁ। মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰক আমি অহৰহ উৎসাহিত কৰিলোঁ। আৰু আজি কেন-বেতোৱা লিংক প্ৰজেক্টৰ অধীনত দৌধন বান্ধৰো আধাৰশিলা স্থাপন কৰা হৈছে। শ শ কিলোমিটাৰ দৈৰ্ঘ্যৰ খাল এই বান্ধৰ পৰা ওলাব। বান্ধৰ পানী প্ৰায় ১১ লাখ হেক্টৰ ভূমি পৰ্যন্ত গৈ পাব।

বন্ধুসকল,

বিগত দশকটো ভাৰতৰ ইতিহাসত জল সুৰক্ষা আৰু জল সংৰক্ষণৰ এক অভূতপূৰ্ব দশক হিচাপে স্মৰণীয় হৈ থাকিব। পূৰ্বৰ চৰকাৰৰ দিনত পানী সম্পৰ্কীয় দায়িত্ব বিভিন্ন বিভাগৰ মাজত বিভক্ত হৈছিল। ইয়াৰ বাবেই আমি জল শক্তি মন্ত্ৰালয় সৃষ্টি কৰিলোঁ। প্ৰথমবাৰৰ বাবে প্ৰতি ঘৰে ঘৰে নলৰ পানী যোগান ধৰাৰ বাবে ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰা হয়। স্বাধীনতাৰ পাছৰ সাতটা দশকত মাত্ৰ ৩ কোটি গ্ৰাম্য পৰিয়ালতহে টেপৰ পানীৰ সংযোগ আছিল। যোৱা ৫ বছৰত আমি ১২ কোটি নতুন পৰিয়ালক নলৰ পানী যোগান ধৰিছোঁ। এই আঁচনিৰ বাবে এতিয়ালৈকে ৩.৫ লাখ কোটিতকৈ অধিক ধন ব্যয় কৰা হৈছে। জল জীৱন মিছনৰ আন এটা দিশ আছে যিটোৰ বিষয়ে ইমান আলোচনা হোৱা নাই। অৰ্থাৎ পানীৰ গুণাগুণ পৰীক্ষা কৰা। খোৱাপানীৰ পৰীক্ষাৰ বাবে দেশজুৰি ২১০০টা পানীৰ গুণাগুণ লেব স্থাপন কৰা হৈছে। গাঁৱৰ ২৫ লাখ মহিলাক পানী পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ বাবেই দেশৰ হাজাৰ হাজাৰ গাঁও বিষাক্ত পানী খোৱাৰ বাধ্যবাধকতাৰ পৰা মুক্ত হৈছে। শিশু আৰু মানুহক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ এয়া কিমান ডাঙৰ কাম হৈছে, আপুনি কল্পনা কৰিব পাৰে।

 

বন্ধুসকল,

২০১৪ চনৰ আগতে দেশত প্ৰায় ১০০টা এনে বৃহৎ জলসিঞ্চন প্ৰকল্প আছিল, যিবোৰ বহু দশক ধৰি অসম্পূৰ্ণ হৈ পৰি আছিল। হাজাৰ কোটি টকা খৰচ কৰি আমি এই পুৰণি জলসিঞ্চন প্ৰকল্পবোৰ সম্পূৰ্ণ কৰি আছোঁ। আমি জলসিঞ্চনৰ আধুনিক পদ্ধতিৰ ব্যৱহাৰো বৃদ্ধি কৰিছোঁ। যোৱা ১০ বছৰত প্ৰায় এক কোটি হেক্টৰ মাটি ক্ষুদ্ৰ জলসিঞ্চনৰ সুবিধাৰ সৈতে সংযুক্ত কৰা হৈছে। মধ্য প্ৰদেশতো যোৱা ১০ বছৰত প্ৰায় ৫ লাখ হেক্টৰ মাটি ক্ষুদ্ৰ জলসিঞ্চনৰ সৈতে জড়িত হৈ পৰিছে। পানীৰ প্ৰতিটো টোপাল যাতে সঠিকভাৱে ব্যৱহাৰ হয় তাৰ বাবে নিৰন্তৰ কাম চলি আছে। স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰতিখন জিলাতে ৭৫টা অমৃত সৰোৱৰ নিৰ্মাণৰ অভিযানো আৰম্ভ কৰা হয়। ইয়াৰ অধীনত সমগ্ৰ দেশতে ৬০ হাজাৰৰো অধিক অমৃত সৰোৱৰ নিৰ্মাণ কৰা হ’ল। আমি দেশজুৰি মুকলি কৰিছোঁ জল শক্তি অভিযান: কেচ্চ দ্য ৰেইন। আজি সমগ্ৰ দেশতে ৩ লাখৰো অধিক ৰি-চাৰ্জ ৱেল নিৰ্মাণ কৰা হৈছে। আৰু ডাঙৰ কথাটো হ’ল এই অভিযানসমূহ ৰাইজে নিজেই নেতৃত্ব দি আছে, চহৰেই হওক বা গাঁও হওক, প্ৰতিটো অঞ্চলৰ লোকে উৎসাহেৰে এই অভিযানত অংশগ্ৰহণ কৰিছে। মধ্য প্ৰদেশকে ধৰি দেশৰ যিবোৰ ৰাজ্যত ভূজল স্তৰ সৰ্বনিম্ন আছিল, সেইবোৰত অটল ভূজল আঁচনি চলি আছে।

বন্ধুসকল,

পৰ্যটনৰ ক্ষেত্ৰত আমাৰ মধ্য প্ৰদেশ সদায় শীৰ্ষত আছে। আৰু মই খাজুৰাহোলৈ আহিছোঁ আৰু পৰ্যটনৰ বিষয়ে আলোচনা নকৰাটো সম্ভৱনে? পৰ্যটন এনে এক খণ্ড যিয়ে যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদান কৰাৰ লগতে দেশৰ অৰ্থনীতিও শক্তিশালী কৰে। এতিয়া যেতিয়া ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হ’বলৈ গৈ আছে, তেতিয়া বিশ্বত ভাৰতৰ প্ৰতি কৌতুহল বাঢ়িছে। আজি বিশ্বই ভাৰতক জানিব আৰু বুজিব বিচাৰিছে। ইয়াৰ পৰা মধ্য প্ৰদেশে যথেষ্ট লাভৱান হ’বলৈ গৈ আছে। শেহতীয়াকৈ আমেৰিকাৰ এখন কাকতত এটা প্ৰতিবেদন প্ৰকাশ পাইছে। আপুনি হয়তো মধ্য প্ৰদেশৰ বাতৰি কাকততো দেখিছে। এই আমেৰিকান কাকতত প্ৰকাশিত বাতৰিত লিখা হৈছে যে মধ্য প্ৰদেশক বিশ্বৰ দহটা আকৰ্ষণীয় পৰ্যটনস্থলীৰ ভিতৰত অন্যতম বুলি অভিহিত কৰা হৈছে। মোৰ মধ্য প্ৰদেশ বিশ্বৰ শীৰ্ষ ১০খনৰ ভিতৰত অন্যতম। মোক কওকচোন, মধ্য প্ৰদেশৰ প্ৰতিজন বাসিন্দা সুখী হ’ব নে নহয়? আপোনালোকৰ গৌৰৱ বাঢ়িব নে নাবাঢ়ে? আপোনালোকৰ সন্মান বাঢ়িব নে নাবাঢ়ে? আপোনালোকৰ ইয়াত পৰ্যটন বাঢ়িব নে নাবাঢ়ে? দুখীয়াৰো  দুখীয়াই কৰ্মসংস্থাপন পাব নে নাপায়?

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰেও অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যে দেশ আৰু বিদেশৰ সকলো পৰ্যটকৰ বাবে সুবিধা বৃদ্ধিৰ লগতে ইয়ালৈ অহা-যোৱা কৰাটো সহজ হওক। আমি বিদেশী পৰ্যটকৰ বাবে ই-ভিছাৰ দৰে আঁচনি বনাইছোঁ। ভাৰতত যি ঐতিহ্য আৰু বন্যপ্ৰাণী পৰ্যটন আছে সেয়া সম্প্ৰসাৰণ কৰি থকা হৈছে। ইয়াত মধ্য প্ৰদেশত তো ইয়াৰ বাবে অভূতপূৰ্ব সম্ভাৱনা আছে। খাজুৰাহোৰ এই অঞ্চলটোতে চাওকচোন, ইয়াত ইতিহাসৰ, বিশ্বাসৰ অমূল্য ঐতিহ্য আছে। কন্দৰিয়া মহাদেৱ, লক্ষ্মণ মন্দিৰ, চৌছাথ যোগিনী মন্দিৰ বহুতো বিশ্বাসৰ স্থান আছে। ভাৰতৰ পৰ্যটনৰ প্ৰচাৰ কৰিবলৈ আমি সমগ্ৰ দেশতে জি-২০ সভাৰ আয়োজন কৰিছিলোঁ। ইয়াত খাজুৰাহোতো এখন সভা অনুষ্ঠিত হৈছিল। ইয়াৰ বাবে খাজুৰাহোত এটা অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰও নিৰ্মাণ কৰা হয়।

 

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰৰ স্বাধীন দৰ্শন আঁচনিৰ অধীনত মধ্য প্ৰদেশক দিয়া হৈছে শ শ কোটি টকা। যাতে ইয়াত ইক’ টুৰিজিমৰ সুবিধা আৰু পৰ্যটকৰ বাবে নতুন সুবিধা সৃষ্টি কৰিব পৰা যায়। আজি সাঁচি আৰু অন্যান্য বৌদ্ধ স্থানসমূহ বৌদ্ধ চাৰ্কিটৰ সৈতে সংযোগ কৰা হৈছে। গান্ধীসাগৰ, ওমকাৰেশ্বৰ বান্ধ, ইন্দিৰাসাগৰ বান্ধ, ভেড়া ঘাট, বনসাগৰ বান্ধ, এইবোৰ ইক’ চাৰ্কিটৰ অংশ। খাজুৰাহো, গোৱালিয়ৰ, অৰ্ছা, চান্দেৰী, মাণ্ডু, এনে ঠাইক হেৰিটেজ চাৰ্কিট হিচাপে সংযোগ কৰা হৈছে। পান্না ৰাষ্ট্ৰীয় উদ্যানকো বন্যপ্ৰাণী চাৰ্কিটৰ সৈতে সংযুক্ত কৰা হৈছে। যোৱা বছৰ কেৱল পান্না টাইগাৰ ৰিজাৰ্ভলৈ প্ৰায় ২.৫ লাখ পৰ্যটক আহিছিল। মই সুখী যে ইয়াত নিৰ্মাণ হ’বলগীয়া লিংক খালটোত পান্না বাঘ সংৰক্ষিত বনাঞ্চলৰ জীৱ-জন্তুবোৰৰ কথাও মনত ৰখা হৈছে।

বন্ধুসকল,

পৰ্যটন বৃদ্ধিৰ এই সকলোবোৰ প্ৰচেষ্টাই স্থানীয় অৰ্থনীতিক এক ডাঙৰ শক্তি দিয়ে। যিসকল পৰ্যটক আহে তেওঁলোকেও ইয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰে। ইয়াত অটো, টেক্সিৰ পৰা আৰম্ভ কৰি হোটেল, ধাবা, হোম ষ্টে, গেষ্ট হাউছ, সকলোৱে উপকৃত হয়। ইয়াৰ পৰা কৃষকসকলেও যথেষ্ট লাভৱান হয়, কাৰণ তেওঁলোকে গাখীৰ-দৈৰ পৰা আৰম্ভ কৰি ফল-শাক-পাচলিলৈকে সকলো বস্তুৰ ভাল দাম পায়।

 

বন্ধুসকল,

যোৱা দুটা দশকত মধ্য প্ৰদেশে বহু পৰিমাপত উৎকৃষ্ট কাম কৰিছে। আগন্তুক দশকত মধ্য প্ৰদেশ দেশৰ অন্যতম শীৰ্ষ অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। ইয়াত বুণ্ডেলখণ্ডৰ বহুত ডাঙৰ ভূমিকা থাকিব। উন্নত ভাৰতৰ বাবে উন্নত মধ্য প্ৰদেশ হিচাপে গঢ়ি তোলাত বুণ্ডেলখণ্ডৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব। মই আপোনালোক সকলোকে আশ্বাস দিছোঁ যে ইয়াৰ বাবে ডাবল ইঞ্জিন চৰকাৰে সততাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব। আকৌ এবাৰ আপোনালোক সকলোলৈ বহুত শুভকামনা। এয়া আজিৰ যি কাৰ্যসূচী, ইমান ডাঙৰ কাৰ্যসূচী, এই কাৰ্যসূচীৰ অৰ্থ মই বুজি পাওঁ। ইমান বৃহৎ সংখ্যক মাতৃ-ভগ্নী অহাৰ অৰ্থ বুজি পাওঁ। কাৰণ এয়া পানীৰ লগত জড়িত কাম আৰু প্ৰতিটো জীৱনৰ লগত জড়িত হৈ আছে পানী আৰু এয়া আশীৰ্বাদ দিবলৈ মানুহ যে আহিছে, ইয়াৰ মূল কাৰণ হৈছে পানী, পানীৰ বাবে কাম কৰি আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত আমি এই কামবোৰ নিৰন্তৰ কৰি থাকিম, মোৰ লগত কওক –

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Samsung to manufacture AI data center HVAC products in India, expanding to Asia-Pacific

Media Coverage

Samsung to manufacture AI data center HVAC products in India, expanding to Asia-Pacific
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister recalls the courage of those impacted by Partition on Partition Horrors Remembrance Day
August 14, 2026
PM shares Sanskrit Subhashitam highlighting the power of hard work and human endeavor

Prime Minister Shri Narendra Modi today stated that as we mark Partition Horrors Remembrance Day, we recall the courage of all those who were impacted by Partition. He noted that it was a moment in history that tore apart several lives, where families were uprooted, loved ones were lost, and immense suffering was endured.

The Prime Minister highlighted that at the same time, overcoming this, people rebuilt their lives from nothing, turned adversity into achievement, and contributed immensely to our nation’s progress. He observed that their life journeys remind us of the strength of the human spirit. Shri Modi expressed hope that this day may deepen our resolve to preserve harmony and brotherhood in our nation and collectively work towards building a Viksit Bharat.

The Prime Minister offered his heartfelt tributes to all those countrymen who, emerging from that horrific period, made invaluable contributions to the progress of the country. He stated that through their courage and capability, they showed how resolutions are accomplished even in adverse circumstances. Shri Modi called upon everyone to further strengthen the national spirit of goodwill and solidarity.

Sharing a Subhashitam, the Prime Minister emphasized that it is through hard work, enterprise, and dedicated effort that diverse arts, science, technological skills, craftsmanship, and innovations flourish, paving the way for success. He added that therefore, one should not remain dependent on fate; rather, one should move steadily towards one's goals with courage, diligence, and persistent effort, for it is human endeavor that shapes destiny.

In a series of posts on X, the Prime Minister wrote:

"Today we mark #PartitionHorrorsRemembranceDay. We recall the courage of all those who were impacted by Partition. It was a moment in history that tore apart several lives…families were uprooted, loved ones were lost and immense suffering was endured.

At the same time, overcoming this, people rebuilt their lives from nothing, turned adversity into achievement and contributed immensely to our nation’s progress. Their life journeys remind us of the strength of the human spirit.

May this day deepen our resolve to preserve harmony and brotherhood in our nation and collectively work towards building a Viksit Bharat."

"विभाजन विभीषिका स्मृति दिवस पर उन सभी देशवासियों का हृदय से नमन, जिन्होंने उस वीभत्स दौर से निकलकर देश की प्रगति में अमूल्य योगदान दिया। उन्होंने अपने साहस और सामर्थ्य से दिखाया कि कैसे विपरीत परिस्थितियों में भी संकल्पों को सिद्ध किया जाता है। आइए, सद्भावना और एकजुटता की राष्ट्रीय भावना को और सशक्त करें।

उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः।
कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति॥”

It is through hard work, enterprise and dedicated effort that diverse arts, science, technological skills, craftsmanship and innovations flourish, paving the way for success. Therefore, one should not remain dependent on fate; rather, one should move steadily towards one's goals with courage, diligence and persistent effort, for it is human endeavor that shapes destiny.