India has emerged as the nerve centre of global health: PM Modi
The last day of 2020 is dedicated to all health workers who are putting their lives at stake to keep us safe: PM Modi
In the recent years, more people have got access to health care facilities: PM Modi

নমস্কাৰ!

কেনে আছে, গুজৰাটত ঠাণ্ডা আছেনে নাই?

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, মুখ্যমন্ত্ৰী শ্ৰীমান বিজয় ৰূপানী জী, বিধানসভাৰ অধ্যক্ষ শ্ৰী ৰাজেন্দ্ৰ ত্ৰিবেদী জী, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা০ হৰ্ষবৰ্ধন জী, উপ–মুখ্যমন্ত্ৰী ভাই নীতিন পেটেল জী, মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰীমান অশ্বিনী চৌবে জী, মনুসুখ ভাই মাণ্ডাভিয়া জী, পুৰুষোত্তম ৰূপালা জী, গুজৰাট চৰকাৰৰ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ চুড়াচমা জী, শ্ৰী কিশোৰ কনানী জী, অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিশিষ্ট ব্যক্তি তথা ভাই–ভনীসকল,

নতুন বছৰ আহি উপস্থিত হৈছে৷ আজি দেশৰ চিকিৎসা আন্তঃগাঁথনিক শক্তিশালী কৰা আন এক প্ৰকল্প সংযোগ হৈছে৷ ৰাজকোটত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ আধাৰশিলাই গুজৰাটৰ লগতে সমগ্ৰ দেশৰ স্বাস্থ্য আৰু চিকিৎসা শিক্ষাৰ নেটৱৰ্কক শক্তি প্ৰদান কৰিব৷

ভাই–ভনীসকল,

২০২০ বৰ্ষক এক নতুন ৰাষ্ট্ৰীয় স্বাস্থ্য গাঁথনিৰে বিদায় দিয়াটো বছৰটোৰ প্ৰত্যাহ্বানকে সূচায় আৰু  নতুন বছৰৰ অগ্ৰাধিকাৰক ইংগিত বহন কৰে৷ এই বছৰটো সমগ্ৰ বিশ্বৰ বাবে স্বাস্থ্যৰ খণ্ডৰ অভূতপূৰ্ব প্ৰত্যাহ্বানৰ বছৰ আছিল৷ এই বছৰে দেখুৱালে যে স্বাস্থ্যই সম্পদ বুলি আমাৰ পূৰ্ব–পূৰুষসকলে কিয় কৈছিল, সেয়া আমাক বাৰে বাৰে মনত পেলাই দিয়ে আৰু ২০২০ বৰ্ষই আমাক ভালদৰে শিকালে৷ স্বাস্থ্যখণ্ডত যেতিয়া অভাৱে দেখা দিয়ে, তেতিয়া জীৱনৰ প্ৰতিটো ক্ষেত্ৰত বেয়াকৈ প্ৰভাৱিত হয় আৰু কেৱল পৰিয়ালেই নহয় সমগ্ৰ সামাজিক ব্যৱস্থা তাত সোমাই পৰে আৰু সেইবাবে বছৰৰ এই অন্তিম দিনটো ভাৰতৰ সেই লাখ লাখ চিকিৎসক, স্বাস্থ্য খণ্ডৰ যোদ্ধা চাফাই কৰ্মী, ঔষধৰ দোকানত কাম কৰা লোক আৰু অন্যান্য ক’ৰোনা যোদ্ধাসকলক মনত ৰাখিব লাগিব, যিসকলে মানৱতাৰ ৰক্ষাৰ বাবে একেৰাহে নিজৰ জীৱন উচৰ্গা কৰিছিল৷ কৰ্তব্যৰ বাবে যিসকলে নিজৰ জীৱন আহূতি দিলে, মই আজি সেই সকলোকে বিনম্ৰতাৰে প্ৰণিপাত জনাইছো৷ আজি দেশৰ সেইসকল সতীৰ্থ, সেইসকল বৈজ্ঞানিক, সেইসকলক কৰ্মচাৰীক বাৰে বাৰে মনত পেলাইছো, যিসকলে ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ বাবে প্ৰয়োজনীয় চিকিৎসা আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ বাবে দিনে ৰাতিয়ে লাগি আছে৷ আজিৰ দিনটোত সেইসকলৰ প্ৰশংসা কৰা হৈছে, যিসকলে জটিল সময়ত দুখীয়া লোকসকলক ভোজন আৰু অন্যান্য সুবিধা প্ৰদান কৰাত দিশত সম্পূৰ্ণ সমৰ্পিতভাৱে কাম কৰিছিল৷ ইমান দীঘলীয়া সময়ত ইমান ডাঙৰ বিপদ সত্তেও এই সমাজৰ সংগঠিত সামূহিক শক্তি, সমাজৰ সেৱা ভাৱ, সমাজৰ সংবেদনশীলতাৰ ফলতে দেশবাসীয়ে কোনো দুখীয়া লোকক ইমান জটিলতাপূৰ্ণ দিনটো এদিনো ভোকাতুৰে থাকিবলৈ নিদিলে৷ এওঁলোক সেৱাৰ যোগ্য, আদৰৰ যোগ্য৷

বন্ধুসকল,

সমস্যাবহুল এই বছৰটোৱে দেখুৱাই দিলে যে ভাৰত যেতিয়া একেলগ হয়, তেতিয়া বৃহৎ সংকটৰ মুখামুখি কিমান কাৰ্যকৰীভাৱে কৰিব পাৰে৷ ভাৰতে ঐক্যবদ্ধভাৱে যিদৰে সময়মতে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ ফলস্বৰূপে আজি আমি বহু উন্নত অৱস্থাত আছো৷ যিখন দেশত ১৩০ কোটিতকৈ অধিক লোক আছে, ঘন বসতি আছে, তাৰ প্ৰায় এক কোটি লোক এই ৰোগ বিৰুদ্ধে জয়ী হৈছে৷ ক’ৰোনাত পীড়িত বন্ধুসকলক ৰক্ষা কৰাৰ ক্ষেত্ৰত ভাৰতৰ ৰেকৰ্ড বিশ্বৰ ভিতৰতে উন্নত হৈছে৷ সেইদৰে সংক্ৰমণৰ দিশতো ভাৰতত এই সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পাই আহিছে৷

ভাই–ভনীসকল,

২০২০ বৰ্ষত সংক্ৰমণৰ নিৰাশা আছিল, চিন্তা আছিল, চাৰিওফালে প্ৰশ্নবোধক হৈ পৰিছিল ২০২০ৰ পৰিচয়, কিন্তু ২০২১ত চিকিৎসাৰ আশা জাগ্ৰত হৈছে৷ ভেকচিনক লৈ ভাৰতত সকলো প্ৰকাৰৰ প্ৰস্তুতি চলি আছে৷ ভাৰতত প্ৰস্তুত কৰা ভেকচিন দ্ৰুতগতিত যাতে সকলো জৰুৰী শ্ৰেণীৰ ওচৰ পায়, তাৰবাবে প্ৰচেষ্টাৰ অন্তিম পৰ্যায়ত উপনীত হৈছে৷ বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান চলোৱাৰ বাবে ভাৰতৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে৷ মোৰ দৃঢ় বিশ্বাস যে যিদৰে বিগত বৰ্ষত সংক্ৰমণৰ ৰোধৰ বাবে আমি একেলগ হৈ প্ৰচেষ্টা লৈছিলো, সেইদৰে টিকাকৰণ সফল কৰাৰ বাবেও আমি সমগ্ৰ ভাৰত ঐক্যবদ্ধভাৱে আগবাঢ়ি যাম৷

বন্ধুসকল,

গুজৰাটতো সংক্ৰমণ ৰোধৰ বাবে আৰু এতিয়া টিকাকৰণৰ বাবে প্ৰস্তুতিক লৈ প্ৰশংসনীয় কাম হৈছে৷ বিগত দুই দশকক যিদৰে চিকিৎসা আন্তঃগাঁথনি গুজৰাটত গঢ়ি তোলা হৈছে, তাৰবাবেই গুজৰাটত ক’ৰোনাত প্ৰত্যাহ্বান সুন্দৰভাৱে সমাধান কৰিব পৰা গৈছে৷ এইমছ ৰাজকোট, গুজৰাটে হেল্থ নেটৱৰ্কক আৰু অধিক শক্তিশালী কৰিব৷ এতিয়া অতি গুৰুতৰ ৰোগীসকলৰ বাবে ৰাজকোটতে আধূনিক চিকিৎসা উপলব্ধ হ’ব৷ চিকিৎসা আৰু শিক্ষাৰ বাদেও ইয়াত সংস্থাপনৰ বহু সুযোগ সৃষ্টি হ’ব৷ নতুন হাস্পতালত কাম কৰাৰ ক্ষেত্ৰত প্ৰায় ৫হাজাৰ লোকে প্ৰত্যক্ষভাৱে সংস্থাপন লাভ কৰিব৷ ইয়াৰ লগতে থকা–মেলা, খোৱা–বোৱা, পৰিবহণ, চিকিৎসা সুবিধাৰ সৈতে জড়িত বহু পৰোক্ষ সংস্থাপনো ইয়াত গঢ় লৈ উঠিব আৰু আমি দেখিছো যে য’ত হাস্পতাল হ’ব, তাৰ বাহিৰত এক চহৰ গঢ় লৈ উঠে৷

ভাই–ভনীসকল,

চিকিৎসা খণ্ডত গুজৰাটৰ এই সফলতাৰ অন্তৰালত দুই দশকৰ অবিৰত প্ৰচেষ্টা, সমৰ্পন আৰু সংকল্প জড়িত হৈ আছে৷ বিগত ৬ বছৰত সমগ্ৰ দেশত যিদৰে চিকিৎসা আৰু চিকিৎসা আন্তঃগাঁথনিক লৈ যি হাৰত কাম হৈছে, তাৰ নিশ্চিত লাভ গুজৰাটে লাভ কৰিছে৷

বন্ধুসকল,

ডাঙৰ হাস্পতালৰ স্থিতি, তাত পৰা চাপৰ সন্দৰ্ভত আপোনালোকে ভালদৰে জানে৷ স্থিতি এনে আছিল যে স্বাধীনতা ইমান দশকৰ পাছতো দেশত কেৱল ৬খন এইমছ নিৰ্মাণ হৈছিল৷ ২০০৩ চনত অটলজী চৰকাৰে ৬খন অতিৰিক্ত এইমছ নিৰ্মাণৰ বাবে প্ৰচেষ্টা হাতত লয়৷ সেইবোৰ নিৰ্মাণ কৰোতে কৰোতে ২০১২ পালেগৈ, অৰ্থাৎ ৯ বছৰ লাগিল৷ বিগত ৬ বছৰত ১০খন নতুন এইমছ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল, ইয়াৰে কিছুমানৰ কাম আজি পুৰাদ্যমে আৰম্ভ হৈছে৷ এইমছৰ লগতে দেশত ২০খন এইমছৰ দৰে ছুপাৰ স্পেচিয়েলিটী হাস্পতাল নিৰ্মাণ কৰা হৈছে৷

বন্ধুসকল,

২০১৪ বৰ্ষৰ আগতে আমাৰ স্বাস্থ্য খণ্ডত পৃথক দিশত, পৃথক দৃষ্টিভংগীৰে কাম চলিছিল৷ প্ৰাথমিক চিকিৎসাৰ নিজা পদ্ধতি আছিল৷ গাঁৱত সুবিধা নথকাৰ দৰেই আছিল৷ আমি স্বাস্থ্য খণ্ডত  উৎকৰ্ষমূলকভাৱে কাম কৰিবলৈ আৰম্ভ কৰিলো৷ আমি যিদৰে এফালে প্ৰতিৰোধী ব্যৱস্থাৰ দিশত জোৰ দিছো, সেইদৰে চিকিৎসাৰ আধুনিক সুবিধাতো অগ্ৰাধিকাৰ দিছো৷ আমি যিদৰে দুখীয়া লোকৰ চিকিৎসাৰ ব্যয় কম কৰিছো, সেইদৰে এই দিশতো জোৰ দিছো যে চিকিৎসকৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি হওক৷

বন্ধুসকল,

আয়ুষ্মান ভাৰত যোজনাৰ অধীনত দেশজুৰি দূৰ–দুৰণিৰ এলেকাত প্ৰায় ডেৰলাখ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে চলি আছে৷ এতিয়ালৈকে ইয়াৰে ৫০হাজাৰ কেন্দ্ৰত সেৱা আৰম্ভ হৈছে, য’ত প্ৰায় ৫ হাজাৰ গুজৰাটৰ৷ এই যোজনাৰ জৰিয়তে এতিয়ালৈকে দেশত প্ৰায় ডেৰ কোটি দুখীয়া লোকে ৫লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লাভ কৰিছে৷ এই যোজনাই দুখীয়া ভাই–ভনীসকলক কিমান সহায় কৰিছে, তাৰ এক পৰিসংখ্যা মই দেশবাসীক ক’ব বিচাৰিছো৷

বন্ধুসকল,

আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে দুখীয়া লোকসকলৰ প্ৰায় ৩০,০০০ কোটি টকা ৰাহি হৈছে৷ ৩০ হাজাৰ বহুত টকা৷ আপোনালোকে ভাৱন, এই যোজনাই দুখীয়া লোকসকলক কিমান ডাঙৰ আৰ্থিক চিন্তাৰ পৰা মুক্ত কৰিলে৷ কেন্সাৰ হওক, হৃদ ৰোগ হওক, কিডনীৰ সমস্যা হওক, বহু গম্ভীৰ ৰোগৰ চিকিৎসা হওক, দুখীয়া লোকসকলে বিনামূলীয়াকৈ চিকিৎসা কৰাব পাৰিছে, তাকো উন্নত হাস্পতালত৷

বন্ধুসকল,

বেমাৰৰ সময়ত দুখীয়া লোকসকলৰ আন এক লগৰীয়া হৈছে জন ঔষধি কেন্দ্ৰ৷ দেশত প্ৰায় ৭ হাজাৰ জন ঔষধি কেন্দ্ৰই দুখীয়া লোকসকলৰ এতি কম মূল্যত ঔষধ যোগান ধৰি আহিছে৷ এই জন ঔষধি কেন্দ্ৰসমূহত ঔষধ প্ৰায় ৯০শতাংশলৈকে সস্তা হয়৷ অৰ্থাৎ ১০০টকাৰ ঔষধ ১০ টকাত লাভ কৰে৷ প্ৰতিদিনে ৩.৫০লাখতকৈ অধিক দুখীয়া ৰোগীয়ে এই কেন্দ্ৰসমূহৰ জৰিয়তে উপকৃত হৈছে আৰু এই কেন্দ্ৰসমূহৰ সুলভ মূল্যৰ বাবে দুখীয়া লোকসকলৰ প্ৰতি বছৰে ৩,৬০০ কোটি টকা ৰাহি হৈছে৷ আপোনালোকে অনুমান কৰকচোন কিমান ডাঙৰ সহায় হৈছে৷ সেইদৰে, একাংশ লোকৰ মনত প্ৰশ্ন উঠিব পাৰে যে চৰকাৰে চিকিৎসাৰ ব্যয় কম কৰা, ঔষধৰ ব্যয় কম কৰাৰ ক্ষেত্ৰত ইমান কিয় জোৰ দিছে?

বন্ধুসকল,

আমাৰ সমাজত অধিকাংশ লোক সেই পটভূমিৰ পৰা ওলোৱা সন্তান আছে৷ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে সদায় চিকিৎসাৰ খৰচক লৈ অধিক চিন্তা হৈ থাকে৷ যেতিয়া কোনো দুখীয়া লোক গুৰুতৰ ৰোগত আক্ৰান্ত হয়, তেতিয়া এইটোক লৈ অধিক চিন্তিত হয় যে তেওঁ চিকিৎসা কৰাব নে নকৰায়৷ চিকিৎসা কৰোৱাৰ বাবে পইচা নথকা, ঘৰৰ অন্যান্য খৰচ, নিজৰ দায়বদ্ধতাক লৈ চিন্তা, ব্যক্তিৰ ব্যৱহাৰত এই পৰিৱৰ্তন আহি পৰে আৰু আমি দেখিছো যে যেতিয়া দুখীয়া লোক ৰোগাক্ৰান্ত হয়, হাতত পইচা নাথাকে, তেওঁলোকে কি কৰে পূজা–পাতলৰ আশ্ৰয় লয়৷ তেওঁলোকে ভাৱে যে তাৰবাবেই ৰক্ষা পৰিম, কিন্তু তেওঁ এইবাবেই যায় যে তেওঁৰ হাতত সঠিক স্থানলৈ যোৱাৰ বাবে পইচা নাথাকে, দৰিদ্ৰতাই তেওঁলোকক সমস্যাত পেলায়৷

বন্ধুসকল,

আমি এইটোও দেখিছো যে যি ব্যৱহাৰ পইচা কম হোৱাৰ বাবে সলনি হয়, সেই ব্যৱহাৰ যেতিয়া দুখীয়া লোকসকলৰ ওচৰত এক সুৰক্ষা কৱচ থাকে, তেতিয়া সেইটো এক আত্মবিশ্বাসলৈ পৰিৱৰ্তন হয়৷ আয়ুষ্মান ভাৰত যোজনাই দুখীয়া লোকসকলৰ চিকিৎসাৰ চিন্তা, তেওঁলোকৰ ব্যৱহাৰ সলনি কৰাত সফল হৈছে৷ কেতিয়াবা কেতিয়াবা মই দেখিছো যে ঘৰৰ যিসকল জ্যেষ্ঠ ব্যক্তি, প্ৰায় ৪৫–৫০ বছৰ বয়সৰ ব্যক্তি, তেওঁলোকে ধাৰ হ’ব বুলি ঔষধ নিকিনে, কিয়নো ধাৰৰ বোজা তেওঁৰ সন্তানৰ ওপৰত পৰিব৷ সন্তানৰ ভৱিষ্যত ধ্বংস নহওক বুলি পিতৃ–মাতৃয়ে কষ্ট সহ্য কৰি থাকে আৰু সেই কষ্টৰেই মৃত্যুক আঁকোৱালি লয়৷ তাতকৈও ডাঙৰ কথাটো হ’ল ব্যক্তিগত চিকিৎসালয়ত যোৱাৰ বাবে দুখীয়া লোকসকলে পূৰ্বতে কেতিয়াও ভাৱিবই নাছিল৷ আয়ুষ্মান ভাৰতৰ পাছত এইটোও সলনি হৈ আছে৷

বন্ধুসকল,

নিজৰ স্বাস্থ্যৰ সুৰক্ষাৰ অনুভৱ, চিকিৎসাৰ বাবে পইচাৰ ইমান চিন্তা নকৰা আদিবোৰ কাৰকে সমাজৰ চিন্তাধাৰাক পৰিৱৰ্তন কৰিছে আৰু ইয়াৰ ফল আমি দেখিবলৈ পাইছো৷ বৰ্তমান স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰক লৈ এক সজাগতা আহিছে, গুৰুত্ব বৃদ্ধি পাইছে৷ আৰু এইবোৰ কেৱল চহৰতে হৈ আছে, এনে নহয়৷ অতি দূৰ্গম স্থানত থকা আমাৰ গাঁওসমূহতো এই সজাগতা আমি দেখিবলৈ পাইছো৷ ব্যৱহাৰৰ পৰিৱৰ্তনৰ এনে উদাহৰণ অন্য ক্ষেত্ৰতো পৰিলক্ষিত হৈছে৷ যিদৰে শৌচালয়ৰ পৰ্যাপ্ততাই জনসাধাৰণক স্বচ্চতাৰ বাবে সজাগ কৰিছে৷ ঘৰে ঘৰে জল অভিযানে বিশুদ্ধ পানী যোগান সুনিশ্চিত কৰিছে, পানীৰ পৰা হোৱা ৰোগ হ্ৰাস কৰিছে৷ ৰান্ধনিশালত গেছ লাভ কৰাৰ পাছত কেৱল আমাৰ ভগ্নী–কন্যাসকলৰ স্বাস্থ্যৰ সংস্কাৰ হোৱা নাই, বৰঞ্চ সমগ্ৰ পৰিয়ালত এক ইতিবাচক চিন্তা আহিছে৷ সেইদৰে প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানে গৰ্ভৱতী মহিলাসকলৰ নিয়মীয়া চেক আপ কৰাৰ বাবে প্ৰোৎসাহিত কৰিছে৷ চেক আপৰ বাবে তেওঁলোকক আগতীয়াকৈ গুৰুত্ব সহকাৰে জনোৱা হয় যে ইয়াৰ লাভ এইটো হৈছে যে গৰ্ভাৱস্থাৰ সময়ত যি জটিল কেচ থাকে, তেওঁলোকক ততাতৈয়াকৈ সময়মতে চিকিৎসা কৰা হয়৷ সেইদৰে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ দ্বাৰা এইটো সুনিশ্চিত কৰা হৈছে যে গৰ্ভৱতী মহিলাসকলে পৰ্যাপ্ত পুষ্টি লাভ কৰে, তেওঁলোকৰ তত্বাৱধান লয়৷ পুষ্টি অভিযানেও সেই সজাগতা বৃদ্ধি কৰিছে৷ এই সমগ্ৰ প্ৰচেষ্টাৰ এক বৃহৎ লাভ এইটো হৈছে যে দেশত মাতৃৰ মৃত্যৰ হাৰ পুৰ্বতকৈ যথেষ্ট পৰিমাণে কম হৈছে৷

বন্ধুসকল,

কেৱল ফলক লৈ গুৰুত্ব দিয়াটো যথেষ্ট নহয়৷ প্ৰভাৱ গুৰুত্বপূৰ্ণ, কিন্তু ৰূপায়ণো সিমানেই গুৰুত্বপূৰ্ণ আৰু সেইবাবে মই ভাৱো যে ব্যৱহাৰৰ ব্যাপক পৰিৱৰ্তনৰ বাবে আমি সৰ্বপ্ৰথমে প্ৰক্ৰিয়াৰ সংস্কাৰ কৰাটো আৱশ্যক৷ বিগত বৰ্ষসমূহত দেশত এই ক্ষেত্ৰত বহুত জোৰ দিয়া হৈছে৷ এই ফলস্বৰূপে আমি দেখিছো যে দেশত স্বাস্থ্য খণ্ডত যিমান পাৰি তৃণমূল পৰ্যায়ত পৰিৱৰ্তন আহিছে আৰু জনসাধাৰণে আটাইতকৈ ডাঙৰ বস্তু লাভ কৰিছে, সেয়া হৈছে ACCESS, অৰ্থাৎ স্বাস্থ্য সুবিধা লাভ কৰা৷ মই স্বাস্থ্য আৰু শিক্ষাৰ বিশেষজ্ঞসকলৰ পৰা আজি এইটো আহ্বান জনাম যে তেওঁ চৰকাৰৰ এই  যোজনাৰ, কন্যাসকলৰ শিক্ষাৰ যি প্ৰভাৱ, তাৰ যেন অধ্যয়ন কৰে৷ এই যোজনাসমূহে, এই সজাগতাৰ এক ডাঙৰ ফল হৈছে যে কন্যাসকলে আধাতে স্কুল এৰাটো কম হৈছে৷

বন্ধুসকল,

দেশত মেডিকেল শিক্ষাক উদ্গনি যোগোৱাৰ বাবে মিচন মোডত কাম চলি আছে৷ মেডিকেল শিক্ষাত প্ৰয়োজনীয় সংস্কাৰ কৰা হৈছে৷ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ গঠনৰ পাছত স্বাস্থ্য শিক্ষাৰ গুণাগুন উন্নত হ’ব আৰু সংখ্যাও বৃদ্ধি পাব৷ গ্ৰেজুৱেটসকলৰ বাবে নেচনেল এক্সিট টেষ্টৰ লগতে ২ বছৰীয়া পোষ্ট এমবিবিএছ ডিল্প’মাই হওক বা পোষ্ট গ্ৰেজুৱেট ডক্টৰৰ বাবে ডিষ্ট্ৰিক্ট ৰেছিডেন্সি স্কিমেই হওক, এনে নতুন পদক্ষেপৰ জৰিয়তে প্ৰয়োজনীয়তা আৰু গুণমান দুয়োটা স্তৰতে কাম কৰি থকা হৈছে৷

বন্ধুসকল,

লক্ষ্য এইটো লোৱা হৈছে যে প্ৰতিখন ৰাজ্যত এইমছ স্থাপন হওক আৰু প্ৰতি তিনিটা লোকসভা সমষ্টিৰ মাজত এখন মেডিকেল কলেজ স্থাপন হওক৷ এই প্ৰচেষ্টাৱলীৰ ফলতে বিগত ৬ বছৰত এমবিবিএছৰ ৩১ হাজাৰ নতুন আসন আৰু পোষ্ট গ্ৰেজুৱেটত ২৪ হাজাৰ নতুন আসন বৃদ্ধি কৰা হৈছে৷ বন্ধুসকল, ভাৰতৰ স্বাস্থ্য খণ্ডত তৃণমূল পৰ্যায়ত ডাঙৰ পৰিৱৰ্তন হৈছে৷ ২০২০ স্বাস্থ্য খণ্ডৰ বাবে প্ৰত্যাহ্বানস্বৰূপ আছিল বাবে ২০২১ বৰ্ষ স্বাস্থ্য সমাধানৰ বছৰ হ’বলৈ গৈ আছে৷ ২০২১ত বিশ্বই স্বাস্থ্যক লৈ আৰু অধিক সজাগ হৈ সমাধানৰ দিশে অগ্ৰসৰ হ’ব৷ ভাৰতেও যিদৰে ২০২০ৰ স্বাস্থ্য খণ্ডত প্ৰত্যাহ্বান নিৰ্মূলত নিজৰ অৱদান আগবঢ়াইছে, সেয়া বিশ্ববাসীয়ে দেখিছে৷ মই আৰম্ভণিতে ইয়াৰ প্ৰশংসা কৰিছো৷

বন্ধুসকল,

ভাৰতৰ এই অৱদান ২০২১ত স্বাস্থ্য সমাধানৰ বাবে, সমাধানৰ মাত্ৰাৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব৷ ভাৰতে স্বাস্থ্যৰ ভৱিষ্যত আৰু ভৱিষ্যতৰ স্বাস্থ্য– এই দুয়োটা দিশতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ ইয়াত বিশ্বৰ উপযুক্ত চিকিৎসা বৃত্তিৰ লোকো পাব, তেওঁলোকৰ সেৱা ভাৱো লাভ কৰিব৷ ইয়াত বিশ্বৰ বৃহৎ টিকাকৰণৰ অভিজ্ঞতাও পাব আৰু বিশেষজ্ঞও পাব৷ ইয়াত বিশ্বৰ স্বাস্থ্য সমাধান আৰু প্ৰযুক্তিৰ সংহত কৰা ষ্টাৰ্ট আপ আৰু ষ্টাৰ্ট আপৰ পৰিৱেশো পাব৷ এই ষ্টাৰ্টআপে স্বাস্থ্য সেৱাক অধিক আহৰণযোগ্য কৰি তুলিছে আৰু স্বাস্থ্যখণ্ডৰ ফলাফল উন্নত কৰি তুলিছে৷

বন্ধুসকল,

আজি আমি সকলোৱে এইটো দেখিছো যে ৰোগ এতিয়া কিদৰে বিশ্বজনীন হৈ আছে৷ সেইবাবে এতিয়া সময় এনে হৈছে যে স্বাস্থ্য সমাধানো বিশ্বজনীন হওক, বিশ্ববাসীয়ে একেলগে হৈ প্ৰচেষ্টা লয়, সঁহাৰি জনায়৷ এতিয়া অকলে অকলে কৰা, লেহেমীয়া গতিৰে কাম কৰিলে নহ’ব৷ পথ হৈছে সকলো একেলগ হৈ আগুৱাই যোৱা, সকলোৰে বাবে ভৱা আৰু ভাৰত আজি এনে এক গ্ল’বেল প্লেয়াৰ যি কৰি দেখুৱাইছে৷ ভাৰতে চাহিদাৰ হিচাপত ‘গ্ৰহণ, জড়িতকৰণ আৰু সম্প্ৰসাৰণ’ কৰাত ইয়াৰ ক্ষমতাৰ প্ৰমাণিত কৰিছে৷ আমি বিশ্বৰ সৈতে আগুৱাই গৈছো, সমূহীয়া প্ৰচেষ্টাত মূল্য সংযোজন কৰিছো আৰু সকলো বিষয়ৰ ঊৰ্ধ্বত থাকি আমি কেৱল মানৱতাক কেন্দ্ৰ হিচাপে লৈছো, মানৱতাৰ সেৱা কৰিছো৷ আজি ভাৰতৰ ওচৰত ক্ষমতাৰ লগতে সেৱা ভাৱনাও আছে৷ সেইবাবে, ভাৰত গ্ল’বেল স্বাস্থ্যৰ নতুন কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে৷ ২০২১ত আমি ভাৰতৰ এই ভাৱনাক আৰু অধিক শক্তিশালী কৰিব লাগিব৷

বন্ধুসকল,

আমাৰ শাস্ত্ৰত কোৱা কৈছে-'सर्वम् अन्य परित्यज्य शरीरम् पालयेदतः'॥ অৰ্থাৎ সৰ্বাধিক অগ্ৰাধিকাৰ হৈছে শৰীৰৰ স্বাস্থ্য ৰক্ষা কৰা৷ সকলো বাদ দি প্ৰথমে স্বাস্থ্যৰ কথাহে চিন্তা কৰিব লাগে৷ নতুন বছৰত আমি এই মন্ত্ৰক আমাৰ জীৱনত অগ্ৰাধিকাৰ দিব লাগিব৷ আমি সুস্থ থাকিলেহে দেশ সুস্থ থাকিব আৰু আমি এইটোও জানো যে যি ফিট ইণ্ডিয়া আন্দোলন চলি আছে, সেয়া কেৱল নৱপ্ৰজন্মৰ বাবে নহয়, সকলো বয়সৰ লোক ফিট ইণ্ডিয়া আন্দোলনৰ সৈতে জড়িত হ’ব লাগিব আৰু এই বতৰত ফিট ইণ্ডিয়া আন্দোলনক গতি প্ৰদানৰ বাবে অতি উপযুক্ত৷  কোনো পৰিয়াল এনে নহওক লাগিলে যোগৰ কথাই হওক, লাগিলে ফিট ইণ্ডিয়াই হওক, আমি নিজে নিজক সুস্থ ৰাখিব লাগিব৷ বেমাৰ হোৱাৰ পাছত যি অসুবিধা হয়, সুস্থ থকাৰ বাবে সিমান যত্ন ল’ব লগা নহয়৷ সেইবাবে ফিট ইণ্ডিয়াৰ এই কথা আমি সদায় মনত ৰাখিব লাগিব যে আমি নিজকে ফিট ৰাখিম, আমাৰ দেশক ফিট ৰাখিম, সেয়াও আমাৰ কৰ্তব্য৷ ৰাজকোটৰ মোৰ মৰমৰ ভাই–ভনীসকল, গুজৰাটৰ মোৰ মৰমৰ ভাই–ভনীসকল, এই কথা নাপাহৰিব যে ক’ৰোনাৰ সংক্ৰমণ কমিছে, কিন্তু ই এনেকুৱা ভাইৰাছ যি দ্ৰুতগতিত আকৌ বিয়পি পৰিব পাৰে৷ সেইবাবে দুই গজ দুৰত্ব, মাস্ক আৰু চেনিটেচনৰ ক্ষেত্ৰত অলপো শিথিলতা নানিব৷ নতুন বৰ্ষত আমাৰ সকলোৰে বাবে বহু সুখ লৈ আহে৷ আপোনালোকৰ লগতে দেশবাসীৰ বাবে নতুন বছৰ মংগল হওক৷ কিন্তু মই এইটোও কও যে মই আগতে কৈছিলো যেতিয়ালৈকে ঔষধ নাহে, তেতিয়ালৈকে শিথিলতা নকৰিব, বাৰে বাৰে কৈছিলো৷ এতিয়া ঔষধ ওলোৱাৰ পথত আছে৷ সেয়েহে আগতে কৈছিলো ঔষধ নাই যেতিয়া শিথিলতা নাই, কিন্তু এতিয়া পুনৰ কও ঔষধো আছে, কঠোৰতা আছে৷ কঠোৰো হ’ব লাগিব, ঔষধো ল’ব লাগিব৷ ঔষধ আহি গ’ল যেতিয়া ৰেহাই পালো, এই ভুল কেতিয়াও নকৰিব৷ বিশ্বই এই কথাকে কৈছে, বৈজ্ঞানিকে এই কথাকে কৈছে আৰু সেইবাবে ২০২১ত আমাৰ মন্ত্ৰ হ’ব, ঔষধো আছে আৰু কঠোৰতাও আছে৷

দ্বিতীয়তে এটা কথা যে আমাৰ দেশত অপপ্ৰচাৰৰ বজাৰখনৰ গতি ক্ষিপ্ৰ৷ মানুহে নিজৰ স্বাৰ্থৰ বাবে কেতিয়াবা এই অপপ্ৰচাৰ বিয়পায়৷ হ’ব পাৰে যেতিয়া ভেকচিনৰ কাম আৰম্ভ হ’ব, তেতিয়াও এই বজাৰখনৰ গতি বৃদ্ধি পাব৷ কাৰোবাৰ বেয়া দেখুৱাবলৈ হৈ সাধাৰণ জনতাৰ কিমান ক্ষতি হৈছে, তালৈ ভ্ৰূক্ষেপ নকৰি কাল্পনিক ভুল তথ্য প্ৰচাৰ কৰিব৷ কেতবোৰ আৰম্ভণিতে প্ৰচাৰ কৰিছিল৷ মই দেশবাসীক আহ্বান জনাও যে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ এক অজ্ঞাত শত্ৰু বিৰুদ্ধে কৰা যুঁজ৷ অপপ্ৰচাৰৰ যুঁজ গৰম হ’বলৈ নিদিব, আমি ছ’চিয়েল মিডিয়াত কেতবোৰ দেখিলো ফৰৱাৰ্ড নকৰো৷ আমি এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে অনাগত দিনসমূহত দেশত স্বাস্থ্যৰ যি অভিযান চলিব, আমি সকলোৱে নিজৰ অৱদান আগবঢ়াম৷ সকলোৱে নিজৰ দায়িত্ব পালন কৰক আৰু যিসকলক এই কথা প্ৰথমে জনাব লাগে সেই ক্ষেত্ৰত আমি সহায় কৰিম৷ যেনে, ভেকচিনৰ সন্দৰ্ভত সময়ে সময়ে দেশবাসীক তথ্য প্ৰদান কৰিম৷ মই পুনৰবাৰ ২০২১ বৰ্ষৰ বাবে আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনালো৷

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, the world does not suffer from a shortage of resources; it suffers from a shortage of trust: PM Modi at G7 Summit in Evian, France
June 16, 2026

राष्ट्रपति मैक्रों,
Your Excellencies,

नमस्कार!

G-7 समिट में हमारे गर्मजोशी भरे स्वागत के लिए मैं राष्ट्रपति मैक्रों का हार्दिक आभार व्यक्त करता हूँ।

Friends,

आज का विश्व पहले से कहीं अधिक inter-connected और inter-dependent है। किसी भी देश की ऊर्जा सुरक्षा, खाद्य सुरक्षा, स्वास्थ्य सुरक्षा, साइबर सुरक्षा और आर्थिक समृद्धि केवल उसकी सीमाओं के भीतर तय नहीं होती। Mobility, data, capital, technology, ये सभी हमें आपस में जोड़ते हैं।

ऐसे समय में Partnerships का महत्व स्वाभाविक रूप से बढ़ जाता है। लेकिन साझेदारियाँ तभी सफल होती हैं जब उनके केंद्र में विश्वास हो। आज सबसे महत्वपूर्ण Strategic Asset कोई mineral, technology या market नहीं, बल्कि आपसी विश्वास है।

विश्वास कि टेक्नॉलजी और supply chains को हथियार के रूप में नहीं, global good के लिए इस्तेमाल किया जाएगा। विश्वास कि विकास के अवसर कुछ देशों तक सीमित नहीं रहेंगे। विश्वास कि वैश्विक संस्थान सभी देशों की आकांक्षाओं को पूरा करने में सक्षम होंगे।

Friends,

पिछली सदी में मानवता को दो विश्व युद्धों से गुज़रना पड़ा। अनेक बलिदानों के बाद विश्व समुदाय ने शांति, स्थिरता और समृद्धि की ओर बढ़ने के लिए व्यवस्थाएं विकसित की। इन व्यवस्थाओं का आधार भी trust ही था।

किन्तु अनेक दशकों से, अनेक पीढ़ियों के योगदान से बनाए गए विश्वास को आज चोट पहुँच रही है। कोविड ने हमें आईना दिखाया कि trust और solidarity के दावे कितने खोखले थे।

Today the world does not suffer from a shortage of resources; it suffers from a shortage of trust. And the future of our partnerships depends on building this trust.

अमेरिका के राष्ट्रपति रोनल्ड रेगन ने कहा था: Trust but Verify. यह आज के समय में भी प्रासंगिक है। भावी पीढ़ियों के प्रति हमारा दायित्व है कि हम नए युग के अनुरूप trusted rules based order का निर्माण करें।

Friends,

भारत ने सदैव विश्व को एक परिवार के रूप में देखा है। हमारे सभी प्रयास “सर्वजन हिताय, सर्वजन सुखाय” यानि, welfare and happiness for all के मूल सिद्धांत पर आधारित रहे हैं।

भारत का अनुभव दिखाता है कि विकास सबसे अधिक प्रभावी तब होता है जब वह लोगों की आकांक्षाओं से जुड़ा हो। यही सिद्धांत हमारी अंतरराष्ट्रीय साझेदारियों का भी आधार है। इसी सोच के साथ भारत ने International Solar Alliance, Coalition for Disaster Resilient Infrastructure, ग्लोबल बायोफ्यूल्स एलायंस, Mission LiFE, और “एक पेड़ माँ के नाम” जैसी वैश्विक पहलों को आगे बढ़ाया है।

संकट के समय भारत ने First Responder के रूप में सभी देशों की सहायता करना अपना दायित्व समझा है। कोविड महामारी के दौरान भारत ने डेढ़ सौ से अधिक देशों को दवाइयाँ और vaccines उपलब्ध कराईं।

श्रीलंका में cyclone हो, अफगानिस्तान में भूकंप हो, मोज़ाम्बिक में floods हों, या क्यूबा और जमैका में hurricane, भारत ने सदैव "Humanity First" के सिद्धांत पर कार्य किया है। हमारी विकास साझेदारियाँ भी इसी भावना को प्रतिबिंबित करती हैं। हमारे प्रयास पार्टनर देशों में capacity building और कौशल विकास पर केन्द्रित रहे हैं।

भारत का मानना है: The true test of partnership is not what we build for others, but what we enable others to build for themselves.

Friends,

आज ग्लोबल साउथ की विश्व समुदाय से बहुत उम्मीदें हैं। किन्तु उनकी अपेक्षा सहारे की नहीं, साथ की है। वे वैश्विक विकास के लाभार्थी नहीं, उसके भागीदार बनना चाहते हैं।

हमें donor–recipient की सोच से आगे बढ़कर, equal पार्टनर्स के रूप में काम करना होगा। उनके पास-पास नहीं, साथ-साथ चलना होगा। साझेदारी को dependency के बजाय, dignity से जोड़ना होगा। इन प्रयासों से हम भावी पीढ़ियों के सतत विकास की मजबूत नींव रख सकेंगे।

Friends,

अंतरराष्ट्रीय साझेदारियाँ और वैश्विक एकजुटता तभी सार्थक बन सकती हैं, जब हम साझा चुनौतियों का मिलकर समाधान करें। भारत का दृढ विश्वास है कि विश्व के विभिन्न हिस्सों में चल रहे तनावों और युद्धों का स्थायी समाधान dialogue, diplomacy और अंतरराष्ट्रीय सहयोग के मार्ग से ही संभव है।

हम west asia में शांति प्रयासों में हुई प्रगति का स्वागत करते हैं। इस संघर्ष से west asia में हमारे मित्र देशों को जान-माल का नुकसान झेलना पड़ा है। होर्मुज़ स्ट्रेट में maritime ट्रेड में आई बाधा के कारण पूरे विश्व की अर्थव्यवस्था को नुकसान पहुंचा। भारत के कई civilians को जान गंवानी पड़ी। Global maritime ट्रेड के माध्यम से सभी देशों को आपस में जोड़ने वाले नाविकों की सुरक्षा हमारा दायित्व है। हमें यह सुनिश्चित करना होगा कि समुद्री मार्ग सुरक्षित रहें, और Seafarers बिना भय के अपना कार्य कर सकें।

Friends,

भारत इन विषयों पर सभी पार्टनर्स के साथ मिलकर काम करने के लिए पूरी तरह से तैयार है।

बहुत-बहुत धन्यवाद।