Dedicates to nation and lays foundation stone for multiple power projects across the country
Inaugurates 7 projects and also lays foundation stone for 1 project of Power Grid Corporation of India
Dedicates to nation and lays foundation stone for multiple renewable energy projects
Dedicates to nation and lays foundation stone for various rail and road projects
“Central Government is supporting in every way to fulfill the development dreams of people of Telangana”
“We are moving with the mantra of ‘Nation’s development through development of States”
“There is a global buzz around the high growth rate of the Indian economy”
“For us development means the development of the poorest of the poor, development of dalit, tribals, backwards and deprived”

তেলেংগানাৰ ৰাজ্যপাল তামিলিসাই সৌন্দৰ্যৰাজন জী, মুখ্যমন্ত্ৰী শ্ৰীমান ৰেৱন্ত ৰেড্ডীজী, মোৰ মন্ত্ৰীসভাৰ সহকৰ্মী জি কিষাণ ৰেড্ডীজী, সোয়ম বাপু ৰাও জী, পি শংকৰজী, সমৱেত গণ্যমান্য ব্যক্তিসকল, মহিলা আৰু ভদ্ৰলোকসকল!  

আজি আদিলাবাদৰ ভূমিত কেৱল তেলেংগানাৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ দেশেই বহু সংখ্যক উন্নয়নমূলক ধাৰাৰ সাক্ষী হৈছে। আজি মই আপোনালোকৰ মাজত ৩০ টাতকৈয়ো অধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছোঁ। ৫৬ হাজাৰ কোটি- ‘ফিফটী থাউজেণ্ড কৌৰৰ’ টকৰো অধিক ব্যয়সাপেক্ষ এই প্ৰকল্পসমূহে তেলেংগানাকে ধৰি দেশৰ বহুতো ৰাজ্যত উন্নয়নৰ এক নতুন অধ্যায় লিখিব। ইয়াৰ ভিতৰত আছে কেবাটাও বৃহৎ শক্তি সম্পৰ্কীয় প্ৰকল্প, পৰিৱেশ সুৰক্ষামূলক, আৰু তেলেংগানাত এক আধুনিক পথ নেটৱৰ্ক বিকশিত কৰা ঘাইপথ প্ৰকল্প। এই প্ৰকল্পসমূহৰ বাবে মই তেলেংগানাৰ মোৰ ভগ্নী আৰু ভাতৃসকলৰ লগতে মোৰ সকলো দেশবাসীক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

কেন্দ্ৰত আমাৰ চৰকাৰ আৰু তেলেংগানা ৰাজ্য গঠনৰ প্ৰায় ১০ বছৰ হ'ল। তেলেংগানাৰ মানুহে সপোন দেখি থকা উন্নয়ন বাস্তৱায়িত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সহযোগিতা আগবঢ়াই আহিছে। আজিও তেলেংগানাত ৮০০ মেগাৱাট বিদ্যুৎ উৎপাদন সামৰ্থ্য থকা ‘এনটিপিচি’ৰ প্ৰকল্পৰ দ্বিতীয় গোটটো উদ্বোধন কৰা হৈছে। ই তেলেংগানাৰ বিদ্যুৎ উৎপাদন সামৰ্থ্য আৰু বৃদ্ধি কৰিব আৰু ৰাজ্যখনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। ইতিমধ্যে ‘আম্বাৰী-আদিলাবাদ-পিম্পালকুট্টি ৰে'ল লাইনৰ বৈদ্যুতিকীকৰণ’ৰ কামো সম্পূৰ্ণ হৈছে। আজি ‘আদিলাবাদ-বেলা আৰু মুলুগু’ত দুটা নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলাও স্থাপন কৰা হৈছে। এই আধুনিক ৰে’ল আৰু স্থলপথ সুবিধাসমূহে সমগ্ৰ অঞ্চল আৰু তেলেংগানাৰ উন্নয়নত অধিক গতি প্ৰদান কৰিব। ই ভ্ৰমণৰ সময় হ্ৰাস কৰিব, উদ্যোগ আৰু পৰ্যটন বৃদ্ধি কৰিব, আৰু অগণন নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।

 

বন্ধুসকল,

কেন্দ্ৰত আমাৰ চৰকাৰখনৰ কাম-কাজ ‘ৰাজ্যসমূহৰ উন্নয়নৰে দেশৰ উন্নয়ন’ৰ মন্ত্ৰ সাৰোগত কৰি চলে। একেদৰে, যেতিয়া দেশৰ অৰ্থনীতি শক্তিশালী হয়, দেশৰ ওপৰত আস্থা বৃদ্ধি হয়, তেতিয়া ৰাজ্যসমূহেও ইয়াৰ সুবিধা লাভ কৰে, ৰাজ্যসমূহত বিনিয়োগও বৃদ্ধি পায়। আপোনালোকে দেখিছে যে যোৱা ৩-৪ দিন ধৰি সমগ্ৰ বিশ্বতে ভাৰতৰ দ্ৰুত বিকাশৰ হাৰৰ বিষয়ে আলোচনা কৰা হৈছে। যোৱা তিনিটামাহত ৮.৪ শতাংশ হাৰত বিকাশ গতি লাভ কৰা বিশ্বৰ একমাত্ৰ বৃহৎ অৰ্থনীতি হিচাপে ভাৰতে আত্মপ্ৰকাশ কৰিছে। এই গতিয়ে আমাৰ দেশ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ সম্ভাৱনা অধিক প্ৰগাঢ় কৰিছে। আৰু ইয়াৰ অৰ্থ হৈছে দেশৰ লগতে তেলেংগানাৰ অৰ্থনীতিৰো দ্ৰুত বিকাশ হ’ব।

 

বন্ধুসকল,

এই ১০টা বছৰত দেশৰ কাৰ্যশৈলী কেনেদৰে সলনি হৈছে সেয়া আজি তেলেংগানাবাসীয়েও প্ৰত্যক্ষ কৰিছে। আগতে  তেলেংগানাৰ দৰে আটাইতকৈ অৱহেলিত অঞ্চলবোৰে ইয়াৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। কিন্তু আমাৰ চৰকাৰে যোৱা ১০টা বছৰত তেলেংগানাৰ উন্নয়নৰ বাবে অধিক পৰিমাণে ব্যয় কৰিছে," তেওঁ কয়। আমাৰ বাবে উন্নয়নৰ অৰ্থ হৈছে আটাইতকৈ দৰিদ্ৰ লোকসকলৰ বিকাশ; দলিত, বঞ্চিত, জনজাতীয় লোকসকলৰ বিকাশ! এই প্ৰচেষ্টাৰ ফলস্বৰূপে আজি ২৫ কোটি লোক দাৰিদ্ৰ্যৰ কৰাল গ্ৰাসৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে। আমাৰ কল্যাণমূলক আঁচনিসমূহৰ বাবেই এয়া সম্ভৱ হৈছে। উন্নয়নৰ এই অভিযান অহা ৫ বছৰত আৰু অধিক হাৰত আগবঢ়াই নিয়া হ'ব। এই সংকল্পৰ সৈতে, মই আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ। ১০ মিনিটৰ পিছত মই এটা ৰাজহুৱা অনুষ্ঠানলৈ যাম। আন বহুতো বিষয় সেই মঞ্চৰ বাবে অধিক উপযুক্ত হ’ব। সেয়েহে, মই এই মঞ্চত ইমানখিনিকে কৈ মোৰ ভাষণ সমাপ্ত কৰিম। ১০ মিনিটৰ পিছতে মুকলি মনেৰে সেই মুকলি পথাৰত বহুত কথা পাতিবলৈ সুযোগ পাম। ইয়ালৈ আহিবলৈ সময় উলিওৱাৰ বাবে মই আকৌ এবাৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ।

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt

Media Coverage

UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits Pahadpur village in Odisha with President of India, Smt. Droupadi Murmu on her birthday
June 20, 2026

The Prime Minister, Shri Narendra Modi, said that he was honoured to be in Pahadpur village in Odisha with President of India, Smt. Droupadi Murmu on her birthday.

The Prime Minister noted that Pahadpur is the President’s village and said that the work done by her is truly inspiring.

Shri Modi prayed for the President’s long and healthy life.

The Prime Minister wrote on X;

“Honoured to be in Pahadpur village, Odisha with Rashtrapati Ji and that too on her birthday. This is her village and the work that she has done is truly inspiring.

Praying for her long and healthy life.

@rashtrapatibhvn”