বিহাৰ সমৃদ্ধিশালী হ’ব আৰু দেশৰ সমৃদ্ধিৰ ক্ষেত্ৰতো ডাঙৰ ভূমিকা গ্ৰহণ কৰিবঃ প্ৰধানমন্ত্ৰী
বিগত দশকত অভিলেখ ২৫ কোটি ভাৰতীয়ই দৰিদ্ৰতাক পৰাস্ত কৰিছেঃ প্ৰধানমন্ত্ৰী
বিহাৰ মেড ইন ইণ্ডিয়াৰ এক ডাঙৰ কেন্দ্ৰ হৈ পৰিব,আজি মাৰহৌৰা ইঞ্জিন ফেক্টৰীৰ প্ৰথম ইঞ্জিন আফ্ৰিকালৈ ৰপ্তানি কৰা হৈছে: প্ৰধানমন্ত্ৰী

ভাৰত মাতা কি জয়!

 

ভাৰত মাতা কি জয়!

 

ভাৰত মাতা কি জয়!

 

সকলোকে প্ৰণাম জনাইছো। প্ৰথম ৰাষ্ট্ৰপতি দেশৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ পবিত্ৰ ভূমি বাবা মহেন্দ্ৰ নাথ, বাবা হন্সনাথ, সোহাগ্ৰা ধাম, মা থাৱে ভৱানী, মা অম্বিকা ভৱানীক প্ৰণাম জনাইছো।

 

বিহাৰৰ ৰাজ্যপাল শ্ৰীমান আৰিফ মহম্মদ খান ডাঙৰীয়া , মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ ডাঙৰীয়া ইয়াত ৰাইজৰ সেৱাত উৎসৰ্গিত, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জিতন ৰাম মাঝি ডাঙৰীয়া, গিৰিৰাজ সিং ডাঙৰীয়া, লল্লন সিং ডাঙৰীয়া, চিৰাগ পাছোৱান ডাঙৰীয়া, ৰামনাথ ঠাকুৰ ডাঙৰীয়া, নিত্যানন্দ ৰায় ডাঙৰীয়া, সতীশ চন্দ্ৰ ডুবে ডাঙৰীয়া, ৰাজভূষণ চৌধুৰী ডাঙৰীয়া, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী ডাঙৰীয়া, বিজয় কুমাৰ সিনহা ডাঙৰীয়া, সংসদত মোৰ সহযোগী উপেন্দ্ৰ কুশৱাহা ডাঙৰীয়া, বিহাৰ বিজেপিৰ সভাপতি দিলীপ জয়ছৱাল ডাঙৰীয়া, অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু বিহাৰৰ মোৰ  মৰমৰ ভাই-ভনীসকল!

 

এই ছিৱান ভূমি আমাৰ স্বাধীনতা সংগ্ৰামৰ প্ৰেৰণাদায়ক স্থান। এইখনেই আমাৰ গণতন্ত্ৰ, দেশ আৰু সংবিধানক শক্তি প্ৰদান কৰা ভূমি। ছিৱানে দেশক ৰাজেন্দ্ৰ বাবুৰ দৰে মহান সন্তান দিছে। সংবিধান সৃষ্টিৰ পৰাই দেশক সঠিক  দিশ দেখুৱাবলৈ ৰাজেন্দ্ৰ বাবুৱে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ছিৱানে দেশক ব্ৰজ কিশোৰ প্ৰসাদ ডাঙৰীয়াৰ দৰে মহান সমাজ সংস্কাৰকো দিছে। ব্ৰজ বাবুৱে নাৰী সবলীকৰণক জীৱনৰ লক্ষ্য কৰি লৈছিল।

 

বন্ধুসকল,

 

মই সুখী যে এন ডি এৰ এই ডাবল ইঞ্জিন চৰকাৰে দৃঢ়তাৰে এনে মহান আত্মাৰ জীৱন অভিযান আগুৱাই লৈ গৈছে। আজিৰ কাৰ্যসূচী এই প্ৰচেষ্টাৰ এটা অংশ। আজি এই মঞ্চৰ পৰাই হাজাৰ হাজাৰ কোটি টকাৰ আঁচনিৰ আধাৰশিলা আৰু উদ্বোধনীৰ কাম কৰা হৈছে। এই সকলোবোৰ উন্নয়ন প্ৰকল্পই বিহাৰক উজ্জ্বল ভৱিষ্যতৰ দিশে লৈ যাব, বিহাৰক সমৃদ্ধিশালী কৰি তুলিব। এই প্ৰকল্পসমূহে বিহাৰৰ ছিৱান, সাছাৰাম, বক্সাৰ, মতিহাৰী, বেটিয়া, আৰা আদি সকলো অঞ্চল বিকশিত উঠাত   ডাঙৰ ভূমিকা গ্ৰহণ কৰিব। এই প্ৰকল্পসমূহে  দৰিদ্ৰ, বঞ্চিত, দলিত, মহাদলিত, পিছপৰা, অত্যন্ত পিছপৰা, প্ৰতিটো সম্প্ৰদায়ৰ জীৱন সহজ কৰি তুলিব। এই প্ৰকল্পসমূহৰ বাবে বিহাৰবাসী, আপোনালোক সকলোকে অভিনন্দন জনাইছো। ঠিক যেতিয়া মই আপোনালোকৰ  মাজলৈ আহি আছিলো, কালি বৰষুণ দিলে। আজিও পুৱা কিছু বৰষুণৰ সুবিধা পাইছিলোঁ, ইয়াৰ পিছতো আপোনালোকে  ইমান বৃহৎ সংখ্যাত আহি আমাক আশীৰ্বাদ দিয়াত মই আপোনালোকক হৃদয়ৰ পৰা  ধন্যবাদ  জনাইছো।

 

ভাই-ভনীসকল,

 

আপোনালোকে সকলোৱে জানে যে মই  কালি বহিঃদেশৰ  পৰা উভতি আহিছো। এই ভ্ৰমণৰ সময়ত মই বিশ্বৰ বৃহৎ সমৃদ্ধিশালী দেশসমূহৰ নেতাসকলৰ সৈতে কথা পাতিলোঁ। ভাৰতৰ দ্ৰুত অগ্ৰগতি দেখি সকলো নেতাই অতিশয় আপ্লুত হৈছে । তেওঁলোকে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক মহাশক্তি হিচাপে পৰিগণিত হোৱা দেখিছে আৰু ইয়াত বিহাৰে নিশ্চিতভাৱে অতি ডাঙৰ ভূমিকা গ্ৰহণ কৰিবলৈ গৈ আছে। বিহাৰ সমৃদ্ধিশালী হ’ব আৰু লগতে দেশৰ সমৃদ্ধিৰ ক্ষেত্ৰতো ডাঙৰ ভূমিকা পালন কৰিব।

 

বন্ধুসকল,

 

মোৰ আত্মবিশ্বাসৰ ভিত্তিয়েই হৈছে  আপোনালোক সকলো বিহাৰবাসীৰ শক্তি। আপোনালোকে মিলি বিহাৰৰ জংঘলৰাজ নিৰ্মূল কৰিছে। আমাৰ ইয়াত থকা যুৱক-যুৱতীসকলে মাত্ৰ ২০ বছৰ আগৰ বিহাৰৰ দুৰ্দশাৰ কাহিনী শুনিছে। জংঘলৰাজে   বিহাৰক বহু পিছুৱাই নিলে । যুগ যুগ ধৰি ভাৰতৰ অগ্ৰগতিৰ নেতৃত্ব দিয়া বিহাৰখনক পিছুৱাই নিয়া হ'ল।

 

বন্ধুসকল,

 

বিহাৰত বসবাস কৰা প্ৰতিজন ব্যক্তিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁলোকৰ আত্মসন্মান। মোৰ বিহাৰী ভাই-ভনীসকলে অতি কঠিন পৰিস্থিতিত কাম কৰে। তেওঁলোকে কেতিয়াও নিজৰ আত্মসন্মানৰ সৈতে আপোচ নকৰে। কিন্তু জংঘলৰাজক সমৰ্থন কৰা মানুহবোৰে মিলি বিহাৰৰ আত্মসন্মানত আঘাত হানিলে। এই লোকসকলে এনে লুণ্ঠন চলাইছিল যে দৰিদ্ৰতা বিহাৰৰ দুৰ্ভাগ্য হৈ পৰিছিল। বহু প্ৰত্যাহ্বান অতিক্ৰম কৰি নীতিশ জীৰ নেতৃত্বত এন ডি এ চৰকাৰে বিহাৰক পুনৰ উন্নয়নৰ পথত আগবঢ়াই নিছে  আৰু মই আহিছো বিহাৰৰ ৰাইজক আস্থা দিবলৈ, আমি হয়তো বহুত কৰি আহিছো, কৰি যাম।   মোদী মনে মনে বহি  মানুহ মোদী   নহয়, এতিয়া যথেষ্ট হৈছে, মই বিহাৰৰ বাবে আৰু বহুত কাম কৰিব লাগিব, মই আপোনালোকৰ বাবে কৰিব লাগিব। কৰিব লাগিব ইয়াৰ প্ৰতিখন গাঁৱৰ বাবে, ইয়াৰ প্ৰতিটো ঘৰৰ বাবে, ইয়াৰ প্ৰতিজন যুৱকৰ বাবে কৰক। যদি মই কেৱল যোৱা ১০-১১ বছৰৰ কথা কওঁ, তেন্তে এই ১০ বছৰত বিহাৰত প্ৰায় ৫৫ হাজাৰ কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণ হৈছে, ১.৫ কোটিতকৈ অধিক ঘৰ বিদ্যুৎ সংযোগেৰে সংযোগ কৰা হৈছে, ১.৫ কোটি লোকক, তেওঁলোকৰ ঘৰত পানী সংযোগ দিয়া হৈছে, ৪৫ হাজাৰতকৈ অধিক কমন চাৰ্ভিচ চেণ্টাৰ নিৰ্মাণ কৰা হৈছে, আজি বিহাৰৰ সৰু চহৰবোৰত নতুন ষ্টাৰ্ট-আপ মুকলি কৰা হৈছে।

বন্ধুসকল,

বিহাৰৰ এই অগ্ৰগতিৰ গতি অহৰহ বাঢ়ি গৈ আছে, ইয়াক বাঢ়ি থাকিব লগা হৈছে আৰু একে সময়তে বিহাৰত জংঘলৰাজ অনা সকলে নিজৰ পুৰণি কৰ্মৰ কথা আওৰাই যোৱাৰ সুযোগ বিচাৰিছে। তেওঁলোকে বিহাৰৰ অৰ্থনৈতিক সম্পদ দখল কৰিবলৈ বিভিন্ন কৌশল গ্ৰহণ কৰিছে, গতিকে মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল, আপোনালোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে, আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে, আপোনালোকে অতি সাৱধান হ’ব লাগিব। সমৃদ্ধিশালী বিহাৰৰ যাত্ৰাত বাধা দিবলৈ  মাৰিবলৈ সাজু হোৱা  সকলক বহু মাইল দূৰত ৰাখিব লাগিব।

 

বন্ধুসকল,

 

আমাৰ দেশে দশক দশক ধৰি দৰিদ্ৰতা নিৰ্মূলৰ শ্লোগান শুনি আহিছে, আপোনালোকৰ দুটা, তিনিটা প্ৰজন্ম আহি গৰিবি হাটাও বুলি কৈছিল! গৰিবি হাটাও! প্ৰতিটো নিৰ্বাচনতে। কিন্তু যেতিয়া আপুনি আমাক এটা সুযোগ দিলে, এন ডি এক এটা সুযোগ দিলে, তেতিয়া এন ডি এ চৰকাৰে দেখুৱালে যে দৰিদ্ৰতাও হ্ৰাস কৰিব পাৰি। বিগত দশকত অভিলেখ সংখ্যক  ২৫ কোটি ভাৰতীয়ই দৰিদ্ৰতাক পৰাস্ত কৰিছে। বিশ্ব বেংকৰ দৰে বিশ্বৰ প্ৰখ্যাত প্ৰতিষ্ঠানসমূহে ভাৰতৰ এই মহান সাফল্যৰ প্ৰশংসা কৰিছে। আৰু ভাৰতে অৰ্জন কৰা এই আচৰিত কৃতিত্বত বিহাৰ আৰু আমাৰ নীতিশ ডাঙৰীয়াৰ  চৰকাৰে বহুখিনি অৱদান আগবঢ়াইছে। ইয়াৰ পূৰ্বে বিহাৰৰ আধাতকৈ অধিক জনসংখ্যা অত্যন্ত দৰিদ্ৰ শ্ৰেণীত আছিল। কিন্তু যোৱা এটা দশকত বিহাৰৰ প্ৰায় ৪.৭৫ কোটি জনসাধাৰণে নিজকে দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে।

 

বন্ধুসকল,

 

স্বাধীনতাৰ ইমান দশকৰ পাছতো ইমানবোৰ মানুহ দুখীয়া আছিল, শ্লোগানবোৰ প্ৰতিধ্বনিত হৈ থাকিল, দৰিদ্ৰতা বাঢ়ি গৈ থাকিল আৰু এয়া  নহ’ল , কাৰণ বিহাৰৰ জনসাধাৰণৰ ফালৰ পৰা  বা দেশবাসীৰ ফালৰ পৰা   কঠোৰ পৰিশ্ৰমৰ অভাৱ আছিল। বৰঞ্চ তেওঁলোকৰ আগবাঢ়ি যোৱাৰ কোনো উপায় নাছিল বাবেই পিছপৰি ৰৈছিল। দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ লাইচেন্স ৰাজে দেশখনক দুখীয়া কৰি ৰাখিছিল আৰু দুখীয়াক চৰম দৰিদ্ৰতাৰ মাজলৈ  ঠেলি দিছিল। তেতিয়া সকলো বস্তুৰ বাবে কোটা-পাৰমিট নিৰ্ধাৰণ কৰা হৈছিল। সৰু সৰু কামবোৰো কৰিবলৈ অনুমতি পত্ৰৰ প্ৰয়োজন হৈছিল। কংগ্ৰেছ-আৰজেডিৰ শাসনকালত দুখীয়াই ঘৰ নাপালে, মধ্যভোগীয়ে ৰেচনৰ সুবিধা হস্তগত কৰি পেলালে, চিকিৎসা দুখীয়াৰ হাতেৰে ঢুকিপোৱাৰ  বাহিৰলৈ গ'ল , শিক্ষা আৰু উপাৰ্জনৰ বাবে  সংগ্ৰাম কৰিবলগীয়া হৈছিল , বিদ্যুৎ বা পানীৰ সংযোগ পাবলৈ চৰকাৰী কাৰ্যালয়লৈ তাঁতবাতি কাঢ়িবলগীয়া  হৈছিল। বহুতে গেছ সংযোগৰ বাবে সাংসদৰ অনুমোদন  ল’বলগীয়া হৈছিল। উৎকোচ আৰু অনুমোদন অবিহনে কোনো লোকে  চাকৰি পাব পৰা নাছিল । আৰু ইয়াৰ আটাইতকৈ ডাঙৰ বলি কোন হৈছিল? এই বন্ধুসকলৰ অধিকাংশই আছিল মোৰ দলিত সম্প্ৰদায়ৰ, মহাদলিত সম্প্ৰদায়ৰ, পিছপৰা সম্প্ৰদায়ৰ, অতি পিছপৰা সম্প্ৰদায়ৰ, মোৰ এই ভাই-ভনীসকল ইয়াৰ বলি হৈছিল। তেওঁলোকক দৰিদ্ৰতা নিৰ্মূলৰ সপোন দেখুৱাই কিছুমান পৰিয়াল নিজেই কোটিপতি হৈ পৰিছিল।

 

বন্ধুসকল,

 

যোৱা ১১ বছৰে আমাৰ চৰকাৰে দুখীয়াৰ উত্থানৰ বাটত থকা প্ৰতিটো অসুবিধা দূৰ কৰাত নিয়োজিত হৈ আহিছে আৰু ভৱিষ্যতেও তেনেকৈয়ে কৰি যাব । আমি  ইমান কষ্ট কৰাৰ বাবে আজি এনে ভাল ফল দেখা গৈছে। এতিয়া দুখীয়াৰ নিজা ঘৰ আছে, যিবোৰ পৰিয়ালক ঘৰৰ চাবি দিয়াৰ সুযোগ পাইছিলোঁ, সেইবোৰ পৰিয়ালে ইমান আশীৰ্বাদ দিছিল, মুখত ইমান তৃপ্তি আছিল, আৱেগেৰে  মন আৱৰি ধৰিছিল।

 

বন্ধুসকল,

 

যোৱা এটা দশকত সমগ্ৰ দেশৰ চাৰি কোটিৰো অধিক দৰিদ্ৰ লোকে স্থায়ী ঘৰ লাভ কৰিছে। সুধিব পাৰোনে, উত্তৰ দিবনে? সুধিলে উত্তৰ দিব? মই মাত্ৰ ক’লোঁ, চাৰি কোটি মানুহ, অৰ্থাৎ চাৰি কোটি পৰিয়ালে স্থায়ী ঘৰ পাইছে, কিমান মানুহে, জোৰেৰে কওক, কিমান মানুহ? চাৰি কোটি! কল্পনা কৰকচোন, চাৰি কোটি মানুহে স্থায়ী ঘৰ পোৱাটো, ই কেৱল চাৰিখন দেৱাল নহয়, সেই ঘৰবোৰত সপোন সজাই তোলা হয়, সংকল্পবোৰ সেই ঘৰবোৰত লালন-পালন কৰা হয়। আগন্তুক সময়ত আৰু তিনি কোটি স্থায়ী ঘৰ সাজু হ’বলৈ গৈ আছে। আগতেই কৈছিলো, সেৱাৰ কামত মই থমকি ৰোৱা নাই। যি হৈছে সেয়া আগৰবোৰতকৈ বহুত ভাল হৈছে। তথাপিও মোদীয়ে শান্তিৰে শুব  পৰা নাই । তেওঁ দিনে নিশাই কাম কৰি থাকিব, তেওঁ আপোনালোকৰ বাবে কাম কৰি থাকিব । কাৰণ আপোনালোক মোৰ পৰিয়ালৰ সদস্য আৰু মোৰ এটা সপোন আছে যে মোৰ পৰিয়ালৰ এজনো সদস্যও পিছ পৰি থাকিব  নালাগিব বা দুখত থাকিব নালাগিব । মোৰ বিহাৰৰ দুখীয়া ভাই-ভনী, দলিত ভাই-ভনী, মহাদলিত ভাই-ভনী, পিছপৰা ভাই-ভনী, অত্যন্ত পিছপৰা ভাই-ভনী, মই যিবোৰ আঁচনি চলাই আছো, সেই সকলোবোৰ আঁচনিয়ে  প্ৰথমে তেওঁলোকক উপকৃত কৰি আছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বিহাৰত নিৰ্মাণ কৰা হৈছে ৫৭ লাখৰো অধিক পকী ঘৰ। ইয়াত ছিৱান জিলাতো দৰিদ্ৰ লোকৰ বাবে এক লাখ দহ হাজাৰৰো অধিক পকী ঘৰ নিৰ্মাণ কৰা হৈছে, মই এখন জিলাৰ কথাহে কৈছো আৰু এই কাম অবিৰতভাৱে চলি আছে। আজিও বিহাৰৰ ৫০ হাজাৰৰো অধিক পৰিয়ালক ঘৰৰ কিস্তি প্ৰদান কৰা হৈছে। মোৰ বাবে দুগুণ সুখৰ বিষয়  কি জানেনে? এই ঘৰবোৰ বেছিভাগেই মাতৃ-ভগ্নীৰ নামত দিয়া হৈছে। এয়া সময়ত যিসকলৰ নামত কেতিয়াও কোনো সম্পত্তি নাছিল , এতিয়া মোৰ ভগ্নী আৰু ছোৱালীবোৰঘৰৰ মালিক হৈ পৰিছে।

 

বন্ধুসকল,

 

ঘৰৰ লগতে আমাৰ চৰকাৰে বিনামূলীয়া ৰেচন, বিদ্যুৎ আৰু পানীৰ সুবিধাও আগবঢ়াইছে। যোৱা কেইবছৰমানৰ পৰা সমগ্ৰ দেশতে ১২ কোটিতকৈও অধিক নতুন পৰিয়ালত  নলৰ পানী পোৱা গৈছে। ইয়াৰ ভিতৰত ছিৱানৰ চাৰে  চাৰি লাখৰো অধিক পৰিয়ালেও প্ৰথমবাৰৰ বাবে নলৰ পানী লাভ কৰিছে। আমি এই লক্ষ্যৰ দিশত কাম কৰি আছো যে গাঁৱৰ প্ৰতিটো ঘৰতে নলৰ পানী আৰু চহৰত পৰ্যাপ্ত পৰিমাণৰ খোৱাপানী থাকিব লাগিব। যোৱা কেইবছৰমানৰ পৰা বিহাৰৰ বহু চহৰৰ বাবে পানীৰ পাইপলাইন আৰু নলা পৰিশোধন প্ৰকল্প নিৰ্মাণ কৰা হৈছিল। এতিয়া আৰু কেইবা ডজন চহৰৰ বাবে পাইপলাইন আৰু নলা পৰিশোধন প্ৰকল্পত  অনুমোদন দিয়া হৈছে। এই সকলোবোৰ প্ৰকল্পই দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ জীৱন আৰু অধিক উন্নত কৰি তুলিব।

 

ভাই-ভনীসকল,

 

আৰজেডি-কংগ্ৰেছৰ কাম-কাজ আৰু শোষণ বিহাৰ বিৰোধী, বিনিয়োগ বিৰোধী আছিল । এইসকল লোকে যেতিয়াই উন্নয়নৰ কথা কয় তেতিয়াই মানুহে দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগ ইত্যাদিত তলা লগোৱা দেখা গৈছিল। সেয়ে তেওঁলোকে কেতিয়াও বিহাৰৰ যুৱক-যুৱতীসকলৰ হৃদয়ত স্থান দখল কৰিব নোৱাৰিলে। দুৰ্বল আন্তঃগাঁথনি, মাফিয়াৰ শাসন, গুণ্ডা আৰু দুৰ্নীতিৰ পৃষ্ঠপোষক হৈ আহিছে এইসকল লোক।

 

বন্ধুসকল,

 

বিহাৰৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলে আজি  চলি থকা কামবোৰ চাই আৰু মূল্যায়ন কৰি  আনন্দিত হৈছে। এন ডি এই  কেনেধৰণৰ বিহাৰ নিৰ্মাণ কৰিছে তাৰ উদাহৰণ হ’ল মাধৌৰা ৰে’ল কাৰখানা। আজি মাধৌৰা ইঞ্জিন কাৰখানাৰ পৰা প্ৰথম ইঞ্জিন আফ্ৰিকালৈ ৰপ্তানি কৰা হৈছে।কল্পনা কৰকচোন, আফ্ৰিকাতো বিহাৰৰ  প্ৰশংসা হটবলৈ  গৈ আছে। এই কাৰখানাটো  আৰজেডিয়ে  পিছপৰা জিলা বুলি কৈ নিৰ্মাণ কৰিব নিবিচৰা একেখন চাৰণ জিলাতে নিৰ্মাণ কৰা হৈছে। আজি এই জিলাখনে বিশ্বৰ উৎপাদন আৰু ৰপ্তানিৰ মানচিত্ৰত নিজৰ স্থান দখল কৰিছে। জংগলৰাজে  বিহাৰৰ উন্নয়নৰ ইঞ্জিন স্তব্ধ কৰি পেলাইছিল, এতিয়া বিহাৰত নিৰ্মিত ইঞ্জিনে আফ্ৰিকাৰ ৰে'ল চলাব। এয়া অতি গৌৰৱৰ বিষয়, বিহাৰ যে মেড ইন ইণ্ডিয়াৰ এটা ডাঙৰ কেন্দ্ৰ হৈ পৰিব সেয়া মোৰ দৃঢ় বিশ্বাস। ইয়াৰ পৰা মাখানা আৰু ফল-মূল বিদেশলৈ যোৱাই নহয়, বিহাৰৰ কাৰখানাত নিৰ্মিত সামগ্ৰীও বিশ্বৰ বজাৰত প্ৰৱেশ কৰিব। বিহাৰৰ যুৱক-যুৱতীসকলে নিৰ্মাণ কৰা সামগ্ৰীয়ে স্বাৱলম্বী ভাৰতক শক্তি প্ৰদান কৰিব।

 

বন্ধুসকল,

 

বিহাৰত নিৰ্মাণ হৈ থকা আধুনিক আন্তঃগাঁথনি  অতি উপযোগী হ’ব। আজি বিহাৰত নানা ধৰণৰ  আন্তঃগাঁথনি, সেয়া পথ, ৰে'ল, বিমান  বা জলপথ, সকলোতে  অভূতপূৰ্ব বিনিয়োগ কৰা হৈছে। বিহাৰত অহৰহ নতুন নতুন ৰে’ল আহি আছে। ইয়াত বন্দে ভাৰতৰ দৰে আধুনিক ৰে'ল চলি আছে। আজি আমি আৰু এটা ডাঙৰ আৰম্ভণি কৰিবলৈ ওলাইছো। বাৰিষা আৰম্ভ হোৱাৰ আগতে আজি বাবা হৰিহৰনাথৰ ভূমি বাবা গোৰখনাথৰ ভূমিৰ সৈতে বন্দে ভাৰত ৰে'লযোগে সংযোগ কৰা হৈছে। পাটনাৰ পৰা গোৰখপুৰলৈ অহা নতুন বন্দে ভাৰত ৰে’লখন পূৰ্বাঞ্চলৰ শিৱভক্তসকলৰ বাবে বিশে। উপযোগী হৈ উঠিছে। এই ৰে'লখন ভগৱান বুদ্ধৰ তপভূমিক তেওঁৰ মহাপৰিনিৰ্বাণৰ ভূমি কুশীনগৰৰ সৈতে সংযোগ কৰাৰ এক মাধ্যমো।

 

বন্ধুসকল,

 

এনে প্ৰচেষ্টাই কেৱল বিহাৰৰ উদ্যোগসমূহক উন্নীত কৰাই নহয়, পৰ্যটন ক্ষেত্ৰ খনো  সৰ্বাধিক লাভাৱান্বিত  হ’ব। ইয়াৰ দ্বাৰা বিশ্ব পৰ্যটন মানচিত্ৰত বিহাৰ অধিক উজলি উঠিব । অৰ্থাৎ বিহাৰৰ যুৱক-যুৱতীসকলৰ বাবে অগণন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব।

 

বন্ধুসকল,

 

দেশৰ প্ৰত্যেকেই প্ৰগতিৰ সুযোগ পাব লাগে, কাৰো প্ৰতি কোনো বৈষম্য থাকিব নালাগে, এয়াই আমাৰ সংবিধানৰ অন্তৰ্নিহিত কথা। আমিও একে মনোভাৱেৰে কওঁ - সবকা সাথ, সবকা বিকাশ। কিন্তু জংঘলৰাজ কৰা মানুহবোৰে কয় - পৰিবাৰ কা সাথ, পৰিবাৰ কা বিকাশ। এইটোৱেই তেওঁলোকৰ ৰাজনীতিৰ ফল। নিজৰ পৰিয়ালৰ সুবিধাৰ বাবে দেশ আৰু বিহাৰৰ কোটি কোটি পৰিয়ালৰ ক্ষতি কৰিবলৈ কুণ্ঠাবোধ নকৰে তেওঁলোকে। বাবা চাহেব আম্বেদকাৰ নিজেও এই ধৰণৰ ৰাজনীতিৰ সম্পূৰ্ণ বিৰোধী আছিল। সেইবাবেই এই লোকসকলে প্ৰতিটো খোজতে বাবা চাহেবক অপমান কৰে। এতিয়া গোটেই দেশখনে দেখিছে যে বাবা চাহেবৰ ছবিখনৰ প্ৰতি আৰজেডিৰ মানুহে কেনে ব্যৱহাৰ কৰিছে। বাবা চাহেবক অপমান কৰাৰ বাবে বিহাৰত মানুহক ক্ষমা খুজিবলৈ পোষ্টাৰ দেখিলোঁ, কিন্তু মই জানো যে এইসকল লোকে কেতিয়াও ক্ষমা খুজিব নোৱাৰে । কাৰণ তেওঁলোকৰ দলিত, মহাদলিত, পিছপৰা আৰু অত্যন্ত পিছপৰা লোকৰ প্ৰতি কোনো সন্মান নাই। আৰজেডি আৰু কংগ্ৰেছে বাবা চাহেব আম্বেদকাৰৰ ছবি ভৰিৰ ওচৰত ৰাখিছে, আনহাতে মোদীয়ে বাবা চাহেব আম্বেদকাৰক হৃদয়ত স্থান দিছে । বাবা চাহেবক অপমান কৰি এই লোকসকলে নিজকে বাবা চাহেবতকৈও ডাঙৰ বুলি দেখুৱাব বিচাৰে। বাবা চাহেবৰ এই অপমান বিহাৰৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে।

 

বন্ধুসকল,

 

বিহাৰৰ দ্ৰুত অগ্ৰগতিৰ বাবে প্ৰয়োজনীয় মঞ্চ প্ৰস্তুত কৰা হৈছে নীতিশ ডাঙৰীয়াৰ  প্ৰচেষ্টাত। এতিয়া এন ডি এই একত্ৰিত হৈ বিহাৰক প্ৰগতিৰ নতুন উচ্চতালৈ লৈ যাব লাগিব। বিহাৰৰ যুৱক-যুৱতীসকলৰ ওপৰত মোৰ বিশ্বাস আছে। আমি একেলগে বিহাৰৰ প্ৰাচীন গৌৰৱ ঘূৰাই আনিম, বিহাৰক উন্নত ভাৰতৰ এক শক্তিশালী ইঞ্জিন কৰি তুলিম, এই বিশ্বাসেৰে, উন্নয়নৰ কামৰ বাবে আপোনালোক সকলোলৈ বহুত বহুত শুভেচ্ছা। হাত দাঙি মোৰ লগত কওক, ভাৰত মাতা কি জয়! যাৰ হাতত ত্ৰিৰংগা আছে সেয়াও  জোকাৰিব।

 

ভাৰত মাতা কি জয়!

 

ভাৰত মাতা কি জয়!

 

ভাৰত মাতা কি জয়!

 

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi: I forgive those who abused me & my mother, our job to guide them

Media Coverage

PM Modi: I forgive those who abused me & my mother, our job to guide them
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Yash Vir Singh on winning Bronze in Men’s Javelin at Commonwealth Games 2026
August 01, 2026

The Prime Minister, Shri Narendra Modi has congratulated Yash Vir Singh on winning the Bronze medal in the Men’s Javelin event at the Glasgow Commonwealth Games 2026.

The Prime Minister said that Yash Vir Singh produced an impressive throw, reflecting his zeal and dedication.

Shri Modi expressed confidence that his achievement would inspire many young athletes and wished him the very best for his future endeavours.

The Prime Minister wrote on X;

“Congratulations to Yash Vir Singh for winning the Bronze in the Men’s Javelin event! He produced an impressive throw, reflecting his zeal and dedication. His achievement will inspire many young athletes. All the best to him for the endeavours ahead.

#CWG2026”