আমি এখনি আধুনিক আৰু বিকশিত দিল্লী গঢ়িবলৈ অংগীকাৰবদ্ধ; আজি শুভাৰম্ভ কৰা প্ৰকল্পসমূহে আন্তঃগাঁথনি সুদৃঢ়, যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিব আৰু মহানগৰখনৰ জনসাধাৰণৰ ইজ অৱ লিভিঙৰ বৰ্ধন ঘটাবঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ ‘নাৰী শক্তি’ প্ৰতিটো ক্ষেত্ৰতে এক নতুন শক্তিৰে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
দিল্লীৰ উন্নয়ন কেৱল এখন মহানগৰৰ উন্নয়ন নহয়; এয়া সমগ্ৰ দেশৰ ভাবমূৰ্তিৰ সৈতে সম্পৰ্কীয়ঃ প্ৰধানমন্ত্ৰী
আজিৰে পৰা আৰম্ভ হোৱা নতুন মেট্ৰ’ শাখাই ৰাজধানীৰ লাখ-লাখ লোক বিশেষভাৱে পূব আৰু উত্তৰ-পূব দিল্লীৰ জনসাধাৰণৰ বাবে ব্যাপক সুবিধা প্ৰশস্ত কৰিব, দৈনিক যাতায়াত এতিয়া পূৰ্বতকৈ অধিক সহজ হৈ পৰিবঃ প্ৰধানমন্ত্ৰী
চৰকাৰে আমাৰ পথ বিক্ৰেতা বন্ধুসকলক পিএম স্বনিধি ক্ৰেডিট কাৰ্ড প্ৰদানৰ অভিযানৰ শুভাৰম্ভ কৰিছে; এতিয়া তেওঁলোকৰ পকেটতে ক্ৰেডিট কাৰ্ড থাকিব, তেওঁলোকে নিজৰ প্ৰয়োজন অনুসৰি ইয়াক ব্যৱহাৰ কৰিব পাৰিবঃ প্ৰধানমন্ত্ৰী

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

 

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰ বিনয় ছাক্সেনা জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ মনোহৰ লাল জী, হৰ্ষ মালহোত্ৰ জী, টোখান চাহু জী, ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, সকলো সন্মানীয় সাংসদ, সন্মানীয় বিধায়ক আৰু দিল্লীৰ মোৰ মৰমৰ ভাই-ভনীসকল।

আজি আমি সকলোৱে দিল্লীত একত্ৰিত হৈ উন্নয়নক নতুন গতি প্ৰদান কৰিছো। মাত্ৰ অলপ সময়ৰ আগতে চাৰে-তেত্ৰিশ হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছিল। মেট্ৰ’ৰ সম্প্ৰসাৰণৰ পৰা হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে গৃহ নিৰ্মাণলৈকে ৰাজধানীখনে সুবিধাসমূহৰ নিৰন্তৰ সম্প্ৰসাৰণৰ সাক্ষী হৈ আছে, যাৰ ফলত ইয়াক নতুন স্থিতিস্থাপকতা প্ৰদান কৰা হৈছে। এবছৰৰ আগতে আপোনালোক দিল্লীবাসীয়ে ইয়াত বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰখন যি নতুন আশা আৰু সংকল্পৰে প্ৰতিষ্ঠা কৰিছিল, সেয়া এতিয়া এই উন্নয়নমূলক কামবোৰত দেখা গৈছে। এই নিৰৱচ্ছিন্ন প্ৰগতিৰ ধাৰাটোৰ বাবে দিল্লীৰ সকলো নাগৰিকলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

আজিৰ অনুষ্ঠানটো আন এটা কাৰণতো বিশেষ। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। আজি ভাৰতে লিখিছে নাৰী সবলীকৰণৰ এক নতুন কাহিনী। ৰেখা গুপ্তা জীৰ সফল নেতৃত্বত ৰাজধানীখন আগবাঢ়িছে। ৰাজনীতি, প্ৰশাসন, বিজ্ঞান, ক্ৰীড়া, সমাজসেৱাই হওক, ভাৰতৰ নাৰী শক্তি প্ৰতিটো ক্ষেত্ৰতে নতুন শক্তিৰে আগবাঢ়িছে। সমগ্ৰ ৰাষ্ট্ৰৰ নাৰী শক্তিক নাৰী দিৱসত আন্তৰিকতাৰে অভিনন্দন জনাইছো, ৰাষ্ট্ৰীয় উন্নয়নত তেওঁলোকৰ অপৰিসীম অৱদানক স্বীকাৰ কৰিছো আৰু অলেখ শুভেচ্ছা জনাইছো যাতে তেওঁলোকে সমাজ আৰু ৰাষ্ট্ৰক শক্তিশালী কৰি ৰাখে আৰু দেশখনক অধিক উন্নতিৰ পথত আগবঢ়াই নিবলৈ নতুন শক্তি প্ৰদান কৰে।

বন্ধুসকল,

বিশ্বৰ কোনোবাই যেতিয়াই ভাৰতৰ দৰে বিশাল গণতন্ত্ৰৰ কথা ভাবে তেতিয়াই প্ৰায়ে মনলৈ আহে দিল্লীৰ প্ৰতিচ্ছবি। দিল্লী কেৱল ভাৰতৰ ৰাজধানী নহয়। ই ভাৰতৰ পৰিচয়ো, ভাৰতৰ শক্তিৰ প্ৰতীক। গতিকে দিল্লীৰ উন্নয়ন কেৱল এখন চহৰৰ উন্নয়ন নহয়; ই সমগ্ৰ দেশৰ ভাবমূৰ্তিৰ সৈতে জড়িত। দিল্লী যিমানেই আধুনিক হ’ব, দিল্লী যিমানেই সুবিধাজনক হ’ব, দিল্লীৰ সংযোগ যিমানেই ভাল হ’ব, সিমানেই বিশ্বৰ আগত ভাৰতৰ আত্মবিশ্বাস শক্তিশালীভাৱে দেখা যাব। আৰু সেইবাবেই মই সুখী যে আজি আমাৰ দিল্লীয়ে সুবিধা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে। এটা সময় আছিল যেতিয়া দিল্লীৰ দুৰ্বল ব্যৱস্থাৰ বাবেহে আলোচনা হৈছিল। চহৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ যাত্ৰা কৰিবলৈ আগতে বহু ঘন্টা সময় লাগিছিল আৰু মাতৃ-ভগ্নীহঁতে বাছ ষ্টেণ্ডত বাছ আৰু অটোৰ বাবে অপেক্ষা কৰি সময় নষ্ট কৰিছিল। কিন্তু আজি দিল্লীৰ ছবিখন সলনি হৈছে৷ মাত্ৰ কেইদিনমানৰ আগতে দ্ৰুতবেগী নমো ভাৰত ৰেলৰ জৰিয়তে দিল্লীক মিৰাটৰ সৈতে সংযোগ কৰা হৈছিল। ইয়াৰ ফলত দিল্লী আৰু পশ্চিম উত্তৰ প্ৰদেশৰ মাজত যাতায়াত সহজ হৈ পৰিছে। আৰু আজি মেট্ৰ’ ফেজ ফ’ৰ আৰম্ভ হোৱাৰ লগে লগে দিল্লী মেট্ৰ’ৰ নেটৱৰ্ক ৩৭৫ কিমিৰো অধিক হৈছে। আনকি বিশ্বৰ বহু ডাঙৰ চহৰতো ইমান বৃহৎ মেট্ৰ’ নেটৱৰ্ক নাই।

 

বন্ধুসকল,

আজিৰ পৰা আৰম্ভ হোৱা নতুন মেট্ৰ’ ছেকচনে ৰাজধানীৰ লাখ লাখ লোকক যথেষ্ট সুবিধা প্ৰদান কৰিব। বিশেষকৈ পূব আৰু উত্তৰ-পূব দিল্লীৰ জনসাধাৰণৰ বাবে এতিয়া দৈনিক যাত্ৰা বহুত সহজ হ’ব। ইয়াৰ সমান্তৰালকৈ দিল্লী আৰু এনচিআৰ চহৰ যেনেঃ গাজিয়াবাদ, নয়ডা, ফৰিদাবাদ আৰু গুৰুগ্ৰামৰ মাজত অহা-যোৱা কৰাটোও অধিক সুবিধাজনক হৈ পৰিব।

বন্ধুসকল,

আজিৰ কাৰ্যসূচীয়ে প্ৰমাণ কৰিছে যে এবছৰৰ আগতে দিল্লী আপদ চৰকাৰৰ পৰা মুক্তি পোৱাটো কিমান প্ৰয়োজনীয় আছিল। ইয়াত আপদ চৰকাৰ নথকা হ’লে মেট্ৰ’ ফেজ-৪ প্ৰকল্পটো বহু আগতেই সম্পূৰ্ণ হ’লহেঁতেন। কিন্তু আপদ শাসকসকলে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে দিল্লীৰ লাখ লাখ মানুহৰ সুবিধা একাষৰীয়া কৰি ৰাখিলে। এতিয়া বিজেপি চৰকাৰ ইয়ালৈ অহাৰ পাছত দিল্লীৰ সৰ্বাংগীন উন্নয়নে যথেষ্ট গতি লাভ কৰিছে।

বন্ধুসকল,

ডাবল ইঞ্জিন চৰকাৰৰ অধীনত দিল্লীৰ প্ৰতিটো পৰিবহণ সুবিধা উন্নীত কৰা হৈছে। প্ৰতিদিনে দিল্লীত বাছেৰে লাখ লাখ লোকে যাত্ৰা কৰে। গতিকে আমাৰ প্ৰচেষ্টা দিল্লীবাসীক স্বচ্ছ, আৰামদায়ক আৰু আধুনিক বাছ সেৱা প্ৰদান কৰা। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা চাৰি হাজাৰৰো অধিক ইলেক্ট্ৰিক বাছে আজি দিল্লীবাসীক সেৱা আগবঢ়াইছে। আৰু মাত্ৰ যোৱা এটা বছৰতে দিল্লীৰ পথত প্ৰায় ১৮০০ খন নতুন বাছ প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ ভিতৰত আছে শ শ “দেৱী বাছ” যিয়ে দিল্লীৰ ভিন্ন প্ৰান্তক সংযোগ কৰি আছে।

বন্ধুসকল,

প্ৰায় দহ বছৰ ধৰি ইয়াৰ আপদ চৰকাৰে প্ৰতিটো উন্নয়নমূলক কাম স্থগিত ৰাখিছিল। এতিয়া আমাৰ চৰকাৰে দিল্লীৰ সৈতে জড়িত বিভিন্ন প্ৰত্যাহ্বানসমূহ সমাধানৰ বাবে মিছন মোডত কাম কৰি আছে। পেৰিফেৰেল এক্সপ্ৰেছৱে নিৰ্মাণৰ লগে লগে আৰু দিল্লীত প্ৰৱেশৰ প্ৰয়োজন নোহোৱা হ’ল লাখ লাখ বাহনৰ। বিজেপি চৰকাৰে যমুনা নদী পৰিষ্কাৰ কৰাৰ বাবে বৃহৎ পৰিসৰত কাম কৰি আছে। ইয়াৰ বাবে কোটি কোটি টকাৰ প্ৰকল্প আৰম্ভ কৰা হৈছে।

 

বন্ধুসকল,

দিল্লীৰ পূৰ্বৰ আপদ চৰকাৰখনে দৰিদ্ৰ, মধ্যবিত্ত বা আন কাৰোবাৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। আপদ চৰকাৰে স্বাস্থ্য খণ্ডও নষ্ট কৰি পেলাইছিল। আমি তেওঁলোকলৈ চিঠি লিখিছিলো, ভাৰত চৰকাৰে চিঠি লিখিছিলে, আয়ুষ্মান আঁচনি ৰূপায়ণ কৰিবলৈ আহ্বান জনাই এই চিঠি লিখা হৈছিল। কিন্তু আপদ শাসকসকলে কেতিয়াও দুখীয়াৰ যত্ন লোৱা নাছিল। মই সুখী যে ৰেখা জীৰ নেতৃত্বত বিজেপি চৰকাৰে পৰিস্থিতি সলনি কৰিবলৈ অহৰহ কাম কৰি আছে। মাত্ৰ যোৱা এটা বছৰতে ইয়াত অসংখ্য আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। ইয়াৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ যথেষ্ট উপকাৰ হৈছে। এতিয়া দিল্লীতো আয়ুষ্মান আঁচনি ৰূপায়ণ কৰা হৈছে। দিল্লীৰ ৰাইজে লাভ কৰিছে বিনামূলীয়া চিকিৎসা। পাৰ্থক্যটো স্পষ্ট। আপদ শাসকসকলৰ পথ আছিল-কাম কম, অজুহাত বেছি। আজি দিল্লীৰ মডেল হ’ল-অজুহাত বন্ধ হ’ল, কাম আৰম্ভ হ’ল। পূৰ্বৰ প্ৰকল্পসমূহ ফাইলত মৃত্যুমুখত পৰিছিল। আজি বাস্তৱত প্ৰকল্প ৰূপায়ণ কৰা হৈছে।

বন্ধুসকল,

আজি ইয়ালৈ অহাৰ আগতে মই সৰোজিনী নগৰলৈ গৈছিলো। তাত নতুনকৈ নিৰ্মাণ কৰা চৰকাৰী আৱাস গৃহ চাবলৈ সুযোগ পালো। প্ৰতিটো ৰাষ্ট্ৰীয় সংকল্প পূৰণৰ বাবে দিনে নিশাই কাম কৰা চৰকাৰী কৰ্মচাৰীৰ বাবে এই গৃহবোৰ নিৰ্মাণ কৰা হৈছে। তেওঁলোকে নিৰাপদ, পৰিষ্কাৰ আৰু সুবিধাজনক গৃহ পোৱাটো অতি প্ৰয়োজনীয়। আৰু সেইবাবেই এই নতুন আৰু আধুনিক অট্টালিকাবোৰ নিৰ্মাণ কৰা হৈছে। আজি এনে কেইবা হাজাৰ নতুন ফ্লেট হিতাধিকাৰীৰ হাতত গতাই দিয়া হৈছে। মোৰ বিশ্বাস এই নতুন গৃহবোৰে আমাৰ কৰ্মযোগীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ জীৱনলৈ নতুন সুখ আৰু নতুন আশা কঢ়িয়াই আনিব।

বন্ধুসকল,

আজি দেশৰ য'তেই বিজেপি চৰকাৰ আছে, প্ৰতিখন ৰাজ্যতে, প্ৰতিখন গাঁও-নগৰত কোনোবা নহয় কোনোবা আঁচনিৰ দ্বাৰা জনতা নিশ্চিতভাৱে উপকৃত হৈছে। আমাৰ দৰিদ্ৰ পৰিয়াল, আমাৰ মা-ভনী, আমাৰ শ্ৰমিক-কৃষক, আমাৰ ভাই-ভনীসকল-চৰকাৰে সকলোৰে বাবে কিবা এটা কৰি আছে। আমাৰ পথ বিক্ৰেতাসকলৰ উদাহৰণ দিওঁ। আমাৰ দৈনন্দিন জীৱনত তেওঁলোকৰ গুৰুত্ব আমি উপলব্ধি কৰিছিলো ক’ৰোনাৰ সময়ত। সৰু ব্যৱসায় এটা আৰম্ভ কৰিবলৈ তেওঁলোকে আনৰ পৰা অধিক সুতত টকা ধাৰে ল’ব লগা হৈছিল। কিন্তু আমাৰ চৰকাৰে তেওঁলোকৰ যন্ত্ৰণা বুজি বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰিলে। আজি প্ৰধানমন্ত্ৰীৰ স্বনিধি যোজনাৰ জৰিয়তে এনে হিতাধিকাৰীয়ে নিজৰ কামৰ বাবে সহজ ঋণ লাভ কৰিছে। দিল্লীতো এই আঁচনিৰ জৰিয়তে প্ৰায় ২ লাখ পথ বিক্ৰেতাই প্ৰায় ৩৫০ কোটি টকাৰ সাহায্য লাভ কৰিছে।

 

বন্ধুসকল,

মই ক্ষন্তেক পূৰ্বে কাম কৰা মহিলা একাংশৰ সৈতে মত-বিনিময় কৰাৰ সুযোগ পাইছিলো আৰু তেওঁলোকে কিমান সফলতাৰে আগবাঢ়িছে সেই কথা শুনি মোৰ হৃদয় গৌৰৱেৰে ভৰি পৰিছে।

বন্ধুসকল,

এই দিল্লীতে ডেবিট আৰু ক্ৰেডিট কাৰ্ড এসময়ত কেৱল ধনী মানুহৰ হাতত আছিল। কিন্তু আজি পৰিস্থিতি সলনি হৈছে। এতিয়া আমাৰ পথ বিক্ৰেতাসকলেও ক্ৰেডিট কাৰ্ডৰ সুবিধা লাভ কৰিছে। এই পথ বিক্ৰেতাসকলক স্বনিধি ক্ৰেডিট কাৰ্ড প্ৰদানৰ অভিযান আৰম্ভ কৰিছে চৰকাৰে। এতিয়া তেওঁলোকৰ পকেটত ক্ৰেডিট কাৰ্ড থাকিব, যিটো তেওঁলোকে নিজৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰিব। অলপ আগতে এই মঞ্চতে উক্ত স্বনিধি ক্ৰেডিট কাৰ্ড কেইখনমান মহিলাসকলক গতাই দিয়াৰ সৌভাগ্য হৈছিল। এই কাৰ্ড দৰিদ্ৰ জনসাধাৰণৰ মৰ্যাদাৰ নতুন মাধ্যম হৈ পৰিছে।

বন্ধুসকল,

এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মই সমগ্ৰ দেশৰ লাখ লাখ ভগ্নীক আন এক আনন্দৰ কথা ক’ব বিচাৰিছো। কেইবছৰমান আগতে আমি সংকল্প লৈছিলো যে দেশৰ ৩ কোটি মহিলাক “লাখপতি দিদি” কৰিম। বহুতে মোক ঠাট্টা কৰিছিল, গাঁৱৰ মহিলাসকল লাখপতি হোৱাটো মাথোঁ মোদীয়ে নিৰ্বাচনত জয়ী হ’বলৈ কোৱা কথা বুলি কৈছিল। মোক সমালোচনা কৰা হৈছিল, উপহাস কৰা হৈছিল, আৰু ছ’চিয়েল মিডিয়া কৌতুকেৰে ভৰি পৰিছিল। কিন্তু আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত গৌৰৱেৰে ঘোষণা কৰিছো যে মোৰ মা আৰু ভগ্নীসকলৰ শক্তি অপৰিসীম। সুযোগ পালে তেওঁলোকে অসাধাৰণ সাফল্য লাভ কৰিব পাৰে। ৩ কোটি মহিলাক “লাখপতি দিদি” কৰাৰ সংকল্প পূৰণ হোৱা বুলি ক’বলৈ পাই আনন্দিত হৈছো। ৩ কোটিৰো অধিক ভগ্নী এতিয়া লাখপতি হৈ পৰিছে।

বন্ধুসকল,

দশক দশক ধৰি গাঁৱে-ভূঞে আমাৰ ভনীহঁতৰ দক্ষতা আছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছিল যদিও তেওঁলোকৰ মূলধন আৰু সুযোগৰ অভাৱ আছিল। সেইবাবেই আমি তেওঁলোকক আত্মসহায়ক গোটৰ সৈতে সংযোগ কৰিলো, বেংকৰ সৈতে সংযোগ কৰিলো আৰু নতুন প্ৰশিক্ষণ, সুযোগ, বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিলো। আজি দেশৰ ১০ কোটিৰো অধিক মহিলা এনে গোটৰ সৈতে জড়িত হৈ আছে। এই আত্মসহায়ক গোটসমূহে লাভ কৰিছে লাখ লাখ কোটি টকাৰ আৰ্থিক সাহায্য। ফলত গ্ৰাম্য মহিলাসকল আত্ম-নিৰ্ভৰ হৈ পৰিছে, পৰিয়ালৰ আয় বৃদ্ধি কৰিছে আৰু “লাখপতি দিদি” হৈ গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিছে।

 

বন্ধুসকল,

আমাৰ ভগ্নীসকলৰ সফলতাই আমাক এক নতুন সংকল্প ল’বলৈ অনুপ্ৰাণিত কৰিছে। ৩ কোটি “লাখপতি দিদি” গঢ়াটো এসময়ত অসম্ভৱ যেন লাগিছিল, কিন্তু সেয়া সাধন হৈছে। এতিয়া চৰকাৰে আৰু ৩ কোটি যোগ কৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ ইতিমধ্যে লাখপতি হোৱা ৩ কোটিৰ উপৰিও আমি এতিয়া আৰু ৩ কোটিক লাখপতি কৰাৰ সংকল্প লৈছো। মোৰ সম্পূৰ্ণ বিশ্বাস যে আমাৰ ৰাষ্ট্ৰৰ নাৰী শক্তিৰ আশীৰ্বাদত এই সংকল্পও পূৰ্ণ হ’ব।

ভাই-ভনীসকল,

আজি ৰাষ্ট্ৰই আমাৰ মাতৃ, ভগ্নী, কন্যাৰ কৃতিত্বক উদযাপন কৰাৰ সময়তে দিল্লীবাসী আৰু দেশবাসীক এক বেদনাৰ কথা ব্যক্ত কৰিব বিচাৰিছো। এই যন্ত্ৰণা, এই দুখ, হৃদয়ৰ গভীৰ ঘা, যাক মই নাগৰিক সকলৰ আগত প্ৰকাশ কৰিব বিচাৰিছো। আজি ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰাৰ সময়তে কালি পশ্চিম বংগত টিএমচি চৰকাৰে ভাৰতৰ ৰাষ্ট্ৰপতি সন্মানীয় দ্ৰৌপদী মূৰ্মু জীক গুৰুতৰভাৱে অপমান কৰিলে। চাঁওতাল জনজাতীয় পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ উৎসৱত অংশগ্ৰহণ কৰিবলৈ তেওঁ বংগলৈ গৈছিল। কিন্তু ৰাষ্ট্ৰপতি আৰু এই গুৰুত্বপূৰ্ণ জনজাতীয় কাৰ্য্যসূচীক সন্মান জনোৱাৰ পৰিৱৰ্তে টিএমচিয়ে চাঁওতাল জনজাতিৰ পবিত্ৰ অনুষ্ঠান বৰ্জন কৰিলে। তেওঁ নিজেই জনজাতীয় সমাজৰ পৰা আহিছে আৰু চাঁওতাল জনজাতিৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। টিএমচি চৰকাৰে এই কাৰ্য্যসূচীক অৰাজকতাৰ মাজলৈ ঠেলি দিলে।

বন্ধুসকল,

এয়া কেৱল ৰাষ্ট্ৰপতিক অপমান নহয়, ভাৰতৰ সংবিধান, সংবিধানৰ মনোভাৱ আৰু গণতন্ত্ৰৰ মহান পৰম্পৰাক কৰা অপমান। উচ্চতা অৰ্জনৰ সংগ্ৰামৰ মাজেৰে অহা প্ৰতিগৰাকী ভগ্নী-কন্যাকো অপমান।

বন্ধুসকল,

আমাৰ পৰম্পৰাত কোৱা হৈছেঃ অহংকাৰে হতাঃ পুষ্টাঃ সমুলং চ বিনাশ্যতি-অৰ্থ, অহংকাৰে গ্ৰাস কৰা ব্যক্তি যিমানেই শক্তিশালী নহওক কিয়, শেষত বিনষ্ট হয়! আজি ৰাষ্ট্ৰৰ ৰাজধানীৰ পৰা আপোনালোক সকলোকে আহ্বান জনাইছোঃ এগৰাকী জনজাতীয় ৰাষ্ট্ৰপতিক অপমান কৰা টিএমচিৰ লেতেৰা ৰাজনীতি আৰু ক্ষমতাৰ অহংকাৰ অতি সোনকালে ছিন্নভিন্ন হ’ব। এগৰাকী নাৰীক অপমান কৰা, জনজাতীয়ক অপমান কৰা, ৰাষ্ট্ৰৰ পূজনীয় ৰাষ্ট্ৰপতিক অপমান কৰা টিএমচিক কেতিয়াও ক্ষমা নকৰে পশ্চিম বংগৰ জ্ঞান-দীপ্ত জনসাধাৰণে। দেশে কেতিয়াও ক্ষমা নকৰে, জনজাতীয় সমাজে কেতিয়াও ক্ষমা নকৰে, ৰাষ্ট্ৰৰ নাৰী শক্তিয়ে কেতিয়াও ক্ষমা নকৰে।

 

বন্ধুসকল,

আমাৰ সংস্কৃতিয়ে আমাক প্ৰতিটো শ্ৰেণী, প্ৰতিটো চিন্তাক সন্মান কৰিবলৈ শিকায়। আমাৰ সংস্কৃতিয়েও আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰিবলৈ শিকাইছে। ইয়াৰ পৰা অনুপ্ৰাণিত হৈ আজি আমি দিল্লীৰ ঐতিহ্য সংৰক্ষণৰ বাবেও কাম কৰি আছো। শেহতীয়া বছৰবোৰত কেন্দ্ৰৰ বিজেপি চৰকাৰে “ঐতিহ্যৰ লগতে উন্নয়ন”ৰ মন্ত্ৰৰে কাম কৰি দিল্লীৰ বহু ঐতিহাসিক স্থানৰ উন্নতি সাধন কৰিছে। দিল্লীতো বহু নতুন ঠাইৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰৰ বাবে প্ৰাণ আহুতি দিয়া বীৰসকলৰ সন্মানত নিৰ্মাণ কৰা হৈছে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক। নতুন সংসদ ভৱন, কৰ্তব্য পথ, কৰ্তব্য ভৱন, সেৱা তীৰ্থ এই সকলোবোৰে একবিংশ শতিকাৰ ভাৰতৰ নতুন দৃষ্টিভংগীক প্ৰতিফলিত কৰে। মাত্ৰ কেইদিনমানৰ আগতে ভাৰত মণ্ডপমত অনুষ্ঠিত হৈছিল ঐতিহাসিক গ্ল’বেল এআই সন্মিলন। ভাৰত মণ্ডপম আৰু যশোভূমিৰ দৰে স্থানসমূহ ভাৰতৰ সংস্কৃতি, বাণিজ্য আৰু সামৰ্থ্য বিশ্বৰ আগত প্ৰদৰ্শনৰ বাবে প্ৰধান মঞ্চত পৰিণত হৈছে। প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু যুগে-যুগে ভাৰত সংগ্ৰহালয়ৰ দৰে নতুন সংগ্ৰহালয়েও দিল্লীৰ পৰিচয় শক্তিশালী কৰি তুলিছে।

বন্ধুসকল,

দিল্লী ভাৰতৰ ঐতিহাসিক ক্ষেত্ৰ আৰু আজি এই দিল্লী ৰাষ্ট্ৰৰ নতুন যুগৰ সাক্ষী হৈ পৰিছে। এয়া নতুন ভাৰতৰ আত্মবিশ্বাসৰ যুগ। এই আত্মবিশ্বাসে আমাক উন্নত ভৱিষ্যতৰ দিশে লৈ যাব। গতিকে আমি সকলোৱে মিলি প্ৰতিটো সংকল্প পূৰণ কৰিব লাগিব। মোৰ বিশ্বাস ৰেখা গুপ্তা জী আৰু তেওঁৰ সমগ্ৰ টীমৰ নেতৃত্বত দিল্লীৰ প্ৰতিটো উন্নয়নমূলক কামে অধিক গতি লাভ কৰিব। দিল্লীৰ প্ৰতিটো পৰিয়ালৰ জীৱন উন্নত, সুখী আৰু অধিক সমৃদ্ধিশালী হৈ পৰিব। এই সমন্বয়ৰ মনোভাৱেৰে আকৌ এবাৰ আপোনালোক সকলোকে এই উন্নয়নমূলক কামৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ সৈতে ক’ব-

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead

Media Coverage

PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership
July 27, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how a person of noble character earns respect in society and is regarded as worthy of every responsibility.

The Prime Minister wrote on X;

"शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥"

A person of noble character earns respect in society and the esteem of the virtuous. Through integrity, humility and disciplined conduct, such an individual is regarded as worthy of every responsibility. Their personality is admirable, inspiring and worthy of emulation. In truth, noble character is the true foundation of lasting success, effective leadership, and enduring trust.