PM dedicates IIIT Una to the nation
“Bulk Drug Park and Vande Bharat Train are symbols of our affection and dedication to Himachal Pradesh”
“The Double engine government is committed to improving railway connectivity across Himachal Pradesh”
“New India is overcoming challenges of the past and growing rapidly”
“Our government is fulfilling the aspirations of 21st century India”
“Earlier Himachal was valued less for its strength and more on the basis of the number of its Parliamentary seats”
“We are not only filling the gulf of development left by the previous governments but also building strong pillars of foundation for the state”
“The entire world has witnessed the strength of the medicines manufactured in Himachal Pradesh”
“ Himachal had to wait for the Double Engine government to get IIT, IIIT IIM, and AIIMS”
“I believe that the golden period of Himachal's development is about to begin in the Azadi Ka Amrit Mahotsav”

ভাৰত মাতা কী – জয়

ভাৰত মাতা কী – জয়

ভাৰত মাতা কী – জয়

আপোনালোক ভালে আছে? গুৰু নানক দেৱ জী এই ভূমিলৈ প্ৰণাম জনাইছো

বন্ধুসকল,

গুৰু নানকক স্মৰণ, গুৰু সকলক স্মৰণেৰে, আজি মাতৃ চিন্তপূৰ্ণীৰ চৰণত প্ৰণাম জনাই ধনতেৰাচ আৰু দীপাৱলীৰ পূৰ্বে হিমাচলক হাজাৰ কোটি টকা মূল্যৰ উপহাৰ প্ৰদান কৰিবলৈ পাই সন্তোষ পাইছো। আজি হিমাচলৰ উনাত আগতীয়াকৈ দীপাৱলীৰ সূচনা হৈছে। ইয়ালৈ বহু সংখ্যক দেৱীৰ ৰূপত আমাৰ মাতৃ-ভগ্নীসকলে আমাক আশীৰ্বাদ দিবলৈ আহিছে! আপোনালোক আটাইৰে এই আশীৰ্বাদ আমাৰ সকলোৰে বাবে এক গভীৰ আস্থা, এয়া এক অতিশয় পৰম শক্তি।

ভ্ৰাতৃ-ভগ্নীসকল,

উনাত বহুদিন কটোৱাৰ পৰিপ্ৰেক্ষিতত ইয়ালৈ আহিলেই চকুৰ সন্মুখত অতীতৰ স্মৃতিসমূহ ভাঁহি উঠে। মোৰ বহুবাৰ মাতৃ দেৱী চিন্তপূৰ্ণী দেৱীৰ সন্মুখত মূৰ দোৱাই আশীৰ্বাদ লাভৰ সৌভাগ্য হৈছে। ইয়াৰ কুঁহিয়াৰ সোৱাদ কোনেও পাহৰিব নোৱাৰে।

বন্ধুসকল,

হিমাচলত থাকোতে মই সদায়েই এটা কথা ভাবিছিলো যে প্ৰকৃতিয়ে এই দেৱভূমিক ইমান সুন্দৰ বৰদান দিছে! নৈ, জলপ্ৰপাত, উৰ্বৰা ভূমি, পথাৰ, পাহাৰ, পৰ্যটনৰ ইমান শক্তি ইয়াত আছে। কিন্তু কেতবোৰ প্ৰত্যাহ্বান প্ৰত্যক্ষ কৰি পূৰ্বে মোৰ বৰ বেয়া লাগিছিল, মোৰ মনটো তেতিয়া অনুশোচনাৰে ভৰি পৰিছিল। মই আগতে ভাবিছিলো, যিদিনা এই হিমাচল ভূমিৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটিব, যিদিনা হিমাচলত উদ্যোগ বাঢ়িব, যিদিনা হিমাচলৰ ল'ৰা-ছোৱালীয়ে পিতৃ-মাতৃ, নিজৰ গাওঁখন, বন্ধু-বান্ধৱীসকলৰ পৰা আঁতৰি বাহিৰলৈ যাবলগীয়া নহ’ব, সেইদিনাই হিমাচল ৰূপান্তৰিত হ’ব।

আৰু আজিৰ দিনটোলৈ চাওঁকচোন, মই আজি যোগাযোগ ব্যৱস্থা, শিক্ষানুষ্ঠানৰ কাম-কাজৰ সৈতে জড়িত এটা অনুষ্ঠানলৈ আহিছো আৰু লগতে ঔদ্যোগীকৰণৰ বাবে এটা উপহাৰ লৈ আহিছো। আজি ইয়াৰ উনাত দেশৰ দ্বিতীয় বাল্ক ড্ৰাগছ পাৰ্কৰ কামৰ শুভাৰম্ভ হৈছে। এতিয়া এবাৰ ভাবি চাওঁকচোন! প্ৰাকৃতিক বৈচিত্ৰ্যৰে ভৰা অথচ অসুবিধা পূৰ্ণ হিমাচলত ভাৰতৰ তিনি বাল্ক ড্ৰাগছ পাৰ্কৰ এটা আছে। ইয়াতকৈ ডাঙৰ উপহাৰ হ’ব পাৰেনে বন্ধুসকল? ইয়াতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ব পাৰেনে? এয়া হিমাচলৰ প্ৰতি থকা মৰম, সমৰ্পণৰ ফল।

কেইদিনমান পূৰ্বে ভাৰতৰ চতুৰ্থখন বন্দে ভাৰত ৰে’ল অম্ব-আন্দৌৰাৰপৰা দিল্লীলৈ ফ্লেগ অফৰ সৌভাগ্য মোৰ হৈছিল। এই কথাটোও ভাবি চাওঁকচোন, দেশৰ চতুৰ্থখন বন্দে ভাৰত ৰে’ল মোৰ হিমাচলৰ ভ্ৰাতৃ-ভগ্নীসকলে লাভ কৰিলে। আজি হিমাচলে আটাইতকৈ আধুনিক ৰে’লখন লাভ কৰিছে।

আজি হিমাচলৰ ট্ৰিপল আইটি (IIIT) ৰ স্থায়ী ভৱনটোও উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ হৈছে ডাবল ইঞ্জিনযুক্ত চৰকাৰখনে হিমাচলক শিখৰত আৰোহন কৰাব খোজাৰ প্ৰথম পদক্ষেপ। এই প্ৰকল্পসমূহে বিশেষকৈ হিমাচলৰ নৱ প্ৰজন্মৰ সপোনক এক নতুন মাত্ৰা প্ৰদান কৰিব। এই প্ৰকল্পসমূহ লাভৰ বাবে হিমাচল প্ৰদেশৰ উনাবাসীক মই অভিনন্দন জনালো।

বন্ধুসকল,

আমি সকলোৱে প্ৰয়োজন আৰু আশা-আকাংক্ষাৰ মাজৰ পাৰ্থক্যক বুজি পাওঁ। হিমাচলৰ পূৰ্বৰ চৰকাৰসমূহ আৰু দিল্লীত থকা সকলো ইয়াৰ জনসাধাৰণৰ প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত উদাসীনতা অৱলম্বন কৰিছিল আৰু তেওঁলোকে কেতিয়াও আপোনালোকৰ আশা আৰু আকাংক্ষাক হৃদয়ংগম কৰিবপৰা নাছিল, তেওঁলোকে কেতিয়াও ইয়াৰ প্ৰতি গুৰুত্ব আৰোপ কৰা নাছিল। ইয়াৰ বাবে হিমাচলৰ নৱ-প্ৰজন্ম, ইয়াৰ মা-ভগ্নীসকলৰ লোকচান হৈছিল।

কিন্তু এতিয়া সময় সলনি হৈছে। আমাৰ চৰকাৰখনে কেৱল জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণেই নহয়, বৰঞ্চ ৰাইজৰ আশা-আকাংক্ষাৰাজি পূৰণৰ বাবেও পূৰ্ণোদ্যমে কাম কৰি আহিছে। হিমাচলৰ অৱস্থা কেনেকুৱা আছিল, মোৰ আজি মনত পৰিছে। মই ইয়াত বাস কৰোতে কোনো উন্নয়নমূলক কাম দেখা পোৱা নাছিলো। অবিশ্বাসৰ ব্যৱধান, হতাশাৰ স্তূপ, উন্নয়নৰ আশাৰ মাজত এক বৃহৎ ব্যৱধানহে দেখা পাইছিলো। উন্নয়নৰ প্ৰয়োজনীয়তাৰ গাঁত পূৰণ কৰিবলৈ কেতিয়াও ভবা হোৱা নাছিল, ফলত ই পৰিত্যক্ত হৈ ৰৈছিল। আমি এতিয়া পূৰ্ণ কৰিছো। এতিয়া আমি হিমাচলত দৃঢ়তাৰে নতুন অট্টালিকা নিৰ্মাণ কৰি আছো।

বন্ধুসকল,

বিশ্বৰ বহু দেশে ২০ শতিকাতেই ইয়াৰ নাগৰিকসকলক এনে সুবিধা প্ৰদান কৰিছিল। যোৱা শতিকাটোতেই ভাৰতৰ গুজৰাটৰ দৰে বহু ৰাজ্যই গ্ৰাম্য পথ, বিশুদ্ধ খোৱাপানী, শৌচাগাৰ, আধুনিক চিকিৎসালয়ৰ সুবিধা লাভ কৰিছিল। কিন্তু ভাৰতৰে কিছুমান চৰকাৰ আছিল যাৰ গাফিলতিৰ বাবে সাধাৰণ মানুহে এই সুবিধাসমূহ লাভ কৰা নাছিল। এনে হোৱাৰ বাবেই আমাৰ পাহাৰীয়া অঞ্চলসমূহ ক্ষতিগ্ৰস্ত হৈছে। ইয়াত থাকোতে কেনেকৈ আমাৰ গৰ্ভৱতী মাতৃ-ভগ্নীসকলে ৰাস্তাৰ অভাৱত চিকিৎসালয়লৈ যোৱাৰ ক্ষেত্ৰত কষ্টৰ সন্মুখীন হৈছিল, আমাৰ বয়োজ্যেষ্ঠ লোকসকলে চিকিৎসালয় পোৱাৰ আগতেই মৃত্যুমুখত পৰিছিল, সেয়া প্ৰত্যক্ষ কৰিছিলো।

ভ্ৰাতৃ-ভগ্নীসকল,

পাহাৰত বসবাস কৰা লোকসকলে ৰে’ল সংযোগৰ অভাৱ বুজিব বাবে। ইয়াৰ বাবেই তেওঁলোক এক প্ৰকাৰে বিশ্বৰপৰা বিচ্ছিন্ন হৈ পৰে। নদী থকা অঞ্চলতো খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়।

বছৰ-বছৰ ধৰি ইয়াত চৰকাৰ চলোৱা লোকসকলে যেন হিমাচলবাসীৰ দুখ-কষ্ট অনুভৱ নকৰিলে। এতিয়া আজিৰ নব্য ভাৰতে এই সকলোবোৰ পুৰণি প্ৰত্যাহ্বানৰে ক্ষীপ্ৰতাৰে মোকাবিলা কৰিছে। যোৱা শতিকাতেই যিবোৰ সুবিধাই জনসাধাৰণক স্পৰ্শ কৰিব লাগিছিল, সেইসমূহ এতিয়াহে জনসাধাৰণৰ কাষ চাপিছে।

কিন্তু আমি এইখিনিতেই ৰৈ দিমনে? বহু কাম কৰিবলৈ বাকী আছে। কোনে কৰিব এই কাম ভাইসকল? আপোনালোক আৰু আমি একেলগে কৰিম। আমি ২০ শতিকাৰ সুবিধাও প্ৰদান কৰিম আৰু লগতে মোৰ হিমাচলক একবিংশ শতিকাৰ আধুনিকতাৰে সংযুক্ত কৰিম।

সেয়ে আজি হিমাচলত অভূতপূৰ্বভাৱে উন্নয়নমূলক কাম-কাজ অব্যাহত আছে। আজি হিমাচলত দুগুণ গতিৰে গ্ৰাম্য পথ নিৰ্মাণৰ কাম চলি থকাৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলৰ পঞ্চায়তসমূহকো ক্ষীপ্ৰতাৰে ব্ৰডবেণ্ডৰে সংযোজিত কৰা হৈছে। আজি হিমাচলত হাজাৰ-হাজাৰ শৌচাগাৰ নিৰ্মাণ কৰি থকাৰ সময়তে প্ৰতিখন গাঁৱতে বিদ্যুৎ ব্যৱস্থাৰ উন্নতি সাধন কৰা হৈছে। হিমাচলত আজি এফালে ড্ৰোনেৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ প্ৰত্যন্ত অঞ্চলসমূহলৈ সৰবৰাহৰ সমান্তৰালভাৱে বন্দে ভাৰতৰ দৰে ৰে’লসমূহে তীব্ৰবেগেৰে দিল্লীত উপস্থিত হৈছেগৈ।

আজি হিমাচলত এফালে টেপৰ পানী যোগানৰ অভিযান চলি আছে, আনফালে কমন চাৰ্ভিচ চেন্টাৰৰ জৰিয়তে চৰকাৰৰ সকলো সেৱা গাঁৱে-গাঁৱে উপলব্ধ কৰোৱা হৈছে। আমি কেৱল ২০ শতিকাৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, বৰঞ্চ একবিংশ শতিকাৰ আধুনিক সা-সুবিধাসমূহো হিমাচলত উপলব্ধ কৰিছো।

বন্ধুসকল,

বৰ্তমান ইয়াৰ হাৰোলীত এখন বিশাল বাল্ক ড্ৰাগছ পাৰ্ক ৰ আধাৰশিলা স্থাপন কৰা হৈছে। কেইদিনমান পূৰ্বে জয়ৰাম জীয়ে কোৱাৰ দৰে নলাগড়-বদ্দীৰ মেডিকেল ডিভাইচ পাৰ্কৰ কামো আৰম্ভ হৈছে। এই দুয়োটা প্ৰকল্পই দেশখনৰ লগতে সমগ্ৰ বিশ্বতে হিমাচলৰ নাম উজ্জ্বলাই তুলিব। বৰ্তমান এই বাল্ক ড্ৰাগছ পাৰ্কত ডাবল ইঞ্জিন চৰকাৰখনে প্ৰায় ২,০০০ কোটি টকা বিনিয়োগ কৰিছে। হিমাচলৰ দৰে সৰু ৰাজ্য এখনত এটা প্ৰকল্পৰ বাবে দুহাজাৰ কোটি টকা তথা আগন্তুক বছৰবোৰত ইয়াত ১০ হাজাৰ কোটিৰো অধিক টকাৰ বিনিয়োগ কৰিবলৈ পৰিকল্পনা কৰা হৈছে। হাজাৰ কোটি টকাৰ এই বিনিয়োগে হিমাচলৰ উনাক ৰূপান্তৰিত কৰিব। ইয়াৰ ফলত হাজাৰ-হাজাৰ নিয়োগৰ সুযোগৰ সৃষ্টি হ’ব, হাজাৰ-হাজাৰ আত্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।

বন্ধুসকল,

ক’ৰোনাৰ সময়ত হিমাচলত উৎপাদিত ঔষধৰ শক্তি সমগ্ৰ বিশ্বই দেখিবলৈ পালে। ঔষধ উৎপাদনৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ ভিতৰতে শীৰ্ষস্থান দখলত হিমাচলৰ ভূমিকা অধিক বৃদ্ধি পাবলৈ আগবাঢ়িছে। ইয়াৰ পূৰ্বলৈকে আমি ঔষধৰ বাবে প্ৰয়োজনীয় বেছিভাগ কেঁচামালৰ বাবে বিদেশী দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। এতিয়া কেঁচামাল হিমাচলতে উপলব্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ঔষধো হিমাচলতে উৎপাদন হ’ব, তেতিয়া ইয়াৰ ঔষধ উদ্যোগসমূহৰ বৰ্ধন ঘটিব আৰু ঔষধসমূহ অধিক সুলভো হৈ পৰিব।

আমাৰ চৰকাৰখনে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদানেৰে দৰিদ্ৰ লোকসকলৰ উদ্বেগ হ্ৰাসৰ প্ৰয়াস কৰিছে। এই বাল্ক ড্ৰাগছ পাৰ্কে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক সুলভ আৰু উন্নত চিকিৎসা প্ৰদানৰ অভিযানটোক অধিক সুদৃঢ় কৰি তুলিব।

বন্ধুসকল,

হিমাচলৰ সকলো লোকে কৃষিয়েই হওঁক বা উদ্যোগেই হওঁক, উন্নত যোগাযোগ অবিহনে উন্নয়নৰ গতি যে ত্বৰান্বিত হ’ব নোৱাৰে, সেয়া অনুভৱ কৰিব পাৰে। পূৰ্বৰ চৰকাৰে কেনেদৰে কাম কৰিছিল তাৰ এটা উদাহৰণ হ’ল আমাৰ নংগল বান্ধ তালোৱাৰী ৰে’লৱে লাইনটো। ৪০ বছৰ পূৰ্বেই দিল্লীৰ চৰকাৰে এই সৰু ৰেল লাইনটোৰ পৰিকল্পনা কৰিছিল, ফাইল সাজু কৰিছিল, স্বাক্ষৰ কৰিছিল আৰু নিৰ্বাচন আহিলেই ৰাইজৰ চকুত ধূলি মাৰিছিল। ভোট সৰকাইছিল। ৪০ বছৰৰো অধিক সময় পাৰ হ’ল, কিন্তু এটকাৰো কাম নকৰিলে। কেন্দ্ৰত আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত এতিয়া এই ৰেলপথ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে অব্যাহত আছে। কল্পনা কৰকচোন, যদি এই কামটো আগতেই কৰা হ’লহেঁতেন, তেন্তে উনাবাসী কিমান যে লাভৱান হ’লহেঁতেন!

বন্ধুসকল,

হিমাচলত ৰে’ল সেৱাৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ বাবে ডাবল ইঞ্জিনযুক্ত চৰকাৰখনে নিৰন্তৰভাৱে কাম কৰি আছে। আজি হিমাচলত তিনিটা নতুন ৰে’ল প্ৰকল্পৰ কাম অব্যাহত আছে। আজি দেশখনক মেড ইন ইণ্ডিয়া বন্দে ভাৰত ৰে’লৰ সৈতে সংযোগ কৰোতেও হিমাচল এয়া লাভ কৰা দেশৰ অন্যতম আগশাৰীৰ ৰাজ্য হৈ পৰিল। আমাৰ পবিত্ৰ স্থানসমূহ যেনেঃ নাইনা দেৱী, চিন্তপূৰ্ণী, জ্ৱাল্লাদেৱী, কংগাৰদেৱী আদি আমাৰ শক্তি পীঠসমূহৰ লগতে আমাৰ আনন্দপুৰ চাহিবলৈয়ো ভ্ৰমণ কৰাটো অতি সহজ হৈ উঠিব। গুৰু নানক দেৱ জীৰ বংশধৰসকলে বসবাস কৰা উনাৰ দৰে পবিত্ৰ নগৰৰ বাবে এয়া এক উপহাৰ।

এই বন্দে ভাৰত ৰেলখনেৰে আমাৰ চৰকাৰে কৰতাৰপুৰ কৰিডৰৰ জৰিয়তে যি সেৱা আগবঢ়াইছে তাৰ অধিক বৰ্ধন ঘটাব। মা বৈষ্ণো দেৱীৰ দৰ্শনৰ বাবে ইতিমধ্যে বন্দে ভাৰত এক্সপ্ৰেছ আছিল, এতিয়া ইয়াৰ শক্তিপীঠসমূহকো এই আধুনিক সেৱাই সংযোগ কৰিব। আন চহৰত কৰ্মৰত সতীৰ্থসকলেও বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে উপকৃত হ’ব।

বন্ধুসকল,

হিমাচলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষানুষ্ঠান সদায়েই সপোন হৈ আহিছে। আনকি আপোনালোকৰ এই আকাংক্ষাকো ইতিমধ্যে আওকাণ কৰা হৈছে। আমি আগৰ দৰেই ৰীতি-নীতি সলনি কৰি আছো। আবদ্ধ, ওলমি ৰোৱা, পাহৰি যোৱাটো আমাৰ পথ নহয়। আমি সিদ্ধান্ত, সংকল্প গ্ৰহণ কৰো, পূৰণ কৰো আৰু লগতে ফলাফল দেখুৱাওঁ। হিমাচলৰ যুৱক-যুৱতীসকলক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰপৰা দীৰ্ঘদিন ধৰি বঞ্চিত কৰি ৰখাৰ কাৰণ কি আছিল? ইয়াৰ যুৱক-যুৱতীসকলে কিয় চুবুৰীয়া ৰাজ্যলৈ গৈ মেডিকেল, ইঞ্জিনিয়াৰিং, বিজনেছ মেনেজমেন্ট আনকি ফাৰ্মাচিষ্টৰ পাঠ্যক্ৰম পঢ়িবলগীয়া হৈছিল?

বন্ধুসকল,

হিমাচলক শক্তিৰ ভিত্তিত নহয়, বিপৰীতে ইয়াৰ সংসদৰ আসনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰিহে ইয়াক বিচাৰ কৰিছিল বাবে পূৰ্বৰ চৰকাৰসমূহে এই বিষয়সমূহত গুৰুত্ব আৰোপ কৰা নাছিল। গতিকে হিমাচলে আইআইটি ৰ বাবে, ট্ৰিপল আইটি ৰ বাবে, আইআইএম ৰ বাবে, এইমছ ৰ বাবে ডাবল ইঞ্জিনৰ চৰকাৰখনলৈ অপেক্ষা কৰিবলগীয়া হৈছিল। আজি উনাত ট্ৰিপল আইটি ৰ স্থায়ী ভৱনটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক সুবিধাজনক হ’ব। ইয়াত অধ্যয়ন কৰা হিমাচলৰ পুত্ৰ-কন্যাসকলে হিমাচলৰ ডিজিটেল বিপ্লৱকো সুদৃঢ় কৰিব।

মোৰ মনত পৰিছে, আপোনালোকে মোক এই ট্ৰিপল আইটি ৰ ভৱনৰ আধাৰশিলা স্থাপনৰ সুযোগ দিছিল। মই আধাৰশিলা স্থাপন কৰিছিলো আৰু আজি আপোনালোকে মোকেই উদ্বোধনীৰ বাবেও এটা সুযোগ দিছে। আমি আধাৰশিলা স্থাপন কৰিছিলো, আমিয়েই উদ্বোধনো কৰিছো। আৰু এইদৰেই ডাবল ইঞ্জিনৰ চৰকাৰে কাম কৰে। আমাৰ চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো সংকল্পকে পূৰণ কৰি দেখুৱায়। লগতে ট্ৰিপল আইটি ৰ স্থাপনেৰে জড়িত সকলো সহকৰ্মীকে অভিনন্দন জনাইছো। তেওঁলোকে ক’ভিডৰ বাধা-নিষেধৰ মাজতো ইয়াৰ কাম ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিলে।

বন্ধুসকল,

যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধি কৰা, যুৱক-যুৱতীসকলৰ সম্ভাৱনাক সাকাৰ কৰাত আজি আমি সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছো। সেয়েহে সমগ্ৰ দেশৰে উদ্ভাৱন আৰু দক্ষতাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ সম্প্ৰসাৰণ কৰা হৈছে। হিমাচলৰ বাবে এয়া মাত্ৰ আৰম্ভণিহে। হিমাচলৰ যুৱক-যুৱতীসকলে সেনাবাহিনীত থকাৰ সময়তে দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত নতুন মাত্ৰাৰ সৃষ্টি হৈছে। এতিয়া বিভিন্ন ধৰণৰ দক্ষতাই তেওঁলোকক সেনাবাহিনীৰ উচ্চ পদবীতো কাৰ্য্যনিৰ্বাহ কৰাত সহায় কৰিব। হিমাচলৰ উন্নয়নৰ বাবে ডাবল ইঞ্জিনৰ চৰকাৰখন সদায়েই আপোনালোকৰ সৈতে আছে।

বন্ধুসকল,

সপোন ডাঙৰ, সংকল্প বিশাল হোৱাৰ সমান্তৰালকৈ প্ৰচেষ্টাৰাজি সমানে কৰা হয়। আজি এই প্ৰচেষ্টা ডাবল ইঞ্জিনৰ চৰকাৰখনৰ সকলোতে দৃশ্যমান। সেইবাবেই মই জানো যে হিমাচলবাসীয়েও পুৰণি ৰীতি-নীতি সলনি কৰাৰ সিদ্ধান্ত লৈছে। আপোনাসৱে সিদ্ধান্ত লৈছেনে? সিদ্ধান্ত লৈছেনে? এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰখনে এক নতুন ইতিহাস সৃষ্টি কৰিব আৰু হিমাচলবাসীয়ে সৃষ্টি কৰিব এক নতুন প্ৰথা

মই দৃঢ়তাৰে কওঁ যে স্বাধীনতাৰ অমৃত কালত হিমাচলৰ বিকাশৰ সোণালী সময় আৰম্ভ হৈছে। এই সোণালী সময়ছোৱাই হিমাচলক এনে উন্নয়নৰ শিখৰত আৰোহণ কৰাব, যাৰ বাবে আপোনালোক সকলোৱে দশক-দশক ধৰি অপেক্ষা কৰি আহিছে। এই সকলোবোৰ প্ৰকল্পৰ বাবে মই আকৌ এবাৰ আপোনালোকক অভিনন্দন জনাইছো। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু আগন্তুক সকলো গুৰুত্বপূৰ্ণ উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

ভাৰত মাতা কী – জয়

ভাৰত মাতা কী – জয়

ভাৰত মাতা কী – জয়

ধন্যবাদ! 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Number of Indian women with digital access doubled since 2021: Survey

Media Coverage

Number of Indian women with digital access doubled since 2021: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets people of Goa on Goa Statehood Day
May 30, 2026

The Prime Minister, Shri Narendra Modi, today extended his greetings to the people of Goa on the occasion of Goa Statehood Day.

The Prime Minister said that Goa is widely known for its vibrant culture, rich heritage, natural beauty and warm-hearted people.

The Prime Minister noted that the occasion is an opportunity to remember with gratitude all those who worked tirelessly for the progress and identity of Goa.

The Prime Minister expressed hope that Goa will continue to prosper and play an important role in building a Viksit Bharat.

Shri Modi also prayed for the good health and prosperity of every Goan.

The Prime Minister wrote on X;

“Greetings to the people of Goa on the special occasion of Goa Statehood Day. Goa’s vibrant culture, rich heritage, natural beauty and warm-hearted people are widely known. This day is also an opportunity to remember with gratitude all those who worked tirelessly for its progress and identity. May Goa continue to prosper and play an important role in building a Viksit Bharat. Praying for the good health and prosperity of every Goan.”