PM also inaugurates the New Exhibition Complex at Pragati Maidan
“With the resolve of Aatmnirbhar Bharat, the foundation of India for the next 25 years is being laid”
“People of India, Indian industry, Indian business, Indian manufacturers, Indian farmers are at the centre of this great campaign of Gati Shakti”
“We have not only developed a work culture of completing the projects in time but efforts are to complete the projects ahead of time”
“With the whole-of-government approach, the collective power of the government is being channelled into fulfilling the schemes”
“Gati Shakti is an extension of holistic governance”

নমস্কাৰ!

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী নিতিন গাডকাৰী জী, শ্ৰী পীযুষ গোয়েল জী, শ্ৰী হৰদীপ সিংহ পুৰী জী, শ্ৰী সৰ্বানন্দ সোণোৱাল জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী, শ্ৰী ৰাজ কুমাৰ সিংহ জী, বেলেগ বেলেগ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী, লেফ্টেনেণ্ট গৱৰ্নৰ্ছ, ৰাজ্য মন্ত্ৰীসভাৰ সদস্য, উদ্যোগ জগতৰ বন্ধু, অন্য মহানুভৱ আৰু মোৰ মৰমৰ ভাই আৰু ভনীসকল,

আজি দুৰ্গা অষ্টমী। সমগ্ৰ দেশতে আজি শক্তি স্বৰূপাৰ পূজা হৈ আছে, কন্যা পূজন হৈ আছে। আৰু শক্তিৰ উপাসনাৰ এই পূণ্য উপলক্ষত দেশৰ প্ৰগতিৰ গতিকো শক্তি দিয়াৰ শুভ-কাৰ্য হৈ আছে।

এই সময় ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ, স্বাধীনতাৰ অমৃত কালৰ। আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পৰ সৈতে আমি, অহা ২৫ বছৰৰ ভাৰতৰ ভেটী ৰচনা কৰি আছো। পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনে ভাৰতৰ এই আত্মবলক, আত্মবিশ্বাসক, আত্মনিৰ্ভৰতাৰ সংকল্পলৈ লৈ যোৱাৰ পথত। এই নেচনেল মাষ্টাৰ প্লেনে ২১ শতিকাৰ ভাৰতক গতিশক্তি দিব। নেকষ্ট জেনেৰেচন ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু মাল্টিমডেল কানেক্টিভিটিয়ে এই নেচনেল প্লেনৰ পৰা গতিশক্তি পাব। ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত চৰকাৰী নীতিসমূহত প্লেনিঙৰ পৰা আৰম্ভ কৰি এক্জিকিউচনলৈকে সকলোকে এই নেচনেল প্লেনে গতি শক্তি দিব। চৰকাৰৰ প্ৰজেক্টছ নিৰ্ধাৰণ সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হওক, তাৰ বাবে এই গতি শক্তি নেচনেল প্লেনে সঠিক তথ্য আৰু সঠিক পথ প্ৰদৰ্শন কৰিব। 

গতি শক্তিৰ এই মহা অভিযানৰ কেন্দ্ৰত আছে ভাৰতৰ জনসাধাৰণ, ভাৰতৰ ইণ্ডাষ্ট্ৰী, ভাৰতৰ বাণিজ্য জগত, ভাৰতৰ মেনুফেকচাৰাৰ্ছ, ভাৰতৰ কৃষক, ভাৰতৰ গাঁও। ই ভাৰতৰ বৰ্তমান আৰু অনাগত প্ৰজন্মক ২১ শতিকাৰ ভাৰতৰ নিৰ্মাণৰ বাবে নতুন শক্তি দিব, তেওঁলোকৰ ৰাস্তাৰ অৱৰোধ সমাপ্ত কৰিব। এয়া মোৰ সৌভাগ্য যে আজিৰ এই পৱিত্ৰ দিনত পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনইয়াৰ শুভাৰম্ভ কৰাৰ মই সুযোগ পাইছো।

বন্ধুসকল,

আজিয়েই ইয়াত প্ৰগতি মৈদানত হৈ থকা International Exhibition-cum-Convention Centreৰ ৪টা প্ৰদৰ্শনী হলৰ লোকাৰ্পণো হৈছে। দিল্লীত আধুনিক ইনফ্ৰাৰে জড়িত ইও এক বিশেষ পদক্ষেপ। এই Exhibition Centresয়ে আমাৰ MSMEs, আমাৰ হেণ্ডিক্ৰাফ্ট, আমাৰ কুটীৰ উদ্যোগক নিজৰ প্ৰডাক্টছ, বিশ্বৰ বজাৰৰ বাবে ছ'কেশ্ব কৰা, গ্ল'বেল মাৰ্কেটলৈকে নিজৰ উপস্থিতি বঢ়োৱাত বহুত ডাঙৰ সহায় কৰিব। মই দিল্লীৰ জনসাধাৰণক, দেশৰ জনসাধাৰণক বহুত অভিনন্দন জনাইছো, শুভকামনা জনাইছো।

বন্ধুসকল,

আমাৰ ইয়াত দশক দশক ধৰি চৰকাৰী ব্যৱস্থাবিলাকে যেনেকৈ কাম কৰিলে, তাৰ ফলত চৰকাৰী শব্দ আহিলেই মানুহৰ মনলৈ আহিছিল, বেয়া কোৱালিটী, কামত বছৰ বছৰ ধৰি পলম, অকাৰণতে বাধা, জনতাৰ পইচাৰ অপমান। মই অপমান বুলি এই কাৰণেই কৈছো কিয়নো যি টেক্সৰ ৰূপত দেশৰ জনসাধাৰণে চৰকাৰক দিয়ে, সেই পইচাৰ ব্যৱহাৰ কৰাৰ সময়ত, চৰকাৰৰ এইটো চিন্তাই নহৈছিল যে এপইচাও নষ্ট হ'ব নালাগে। সকলো এনেদৰেই চলি আছিল। দেশবাসীও অভ্যস্ত হৈ পৰিছিল যে দেশ এনেদৰেই চলিব। তেওঁলোক বিব্ৰত হৈছিল, অন্য দেশৰ প্ৰগতি দেখি উদাস হৈছিল আৰু এই ভাবনাৰে ভৰি পৰিছিল যে একো সলনি হ'ব নোৱাৰে। যেনেকৈ এতিয়া আমি ভিডিঅ'তো দেখি আছিলো, প্ৰত্যেক ঠাইত দেখিবলৈ পাইছিলো -Work In Progress. কিন্তু সেই কাম কেতিয়াবা সম্পূৰ্ণ হ'ব নে নহয়, সময়ত সম্পূৰ্ণ হ'ব নে নহয়, ইয়াক লৈ কোনো বিশ্বাস জনতাৰ মনত নাছিল। Work in Progressৰ ব'ৰ্ড, এক প্ৰকাৰৰ অবিশ্বাসৰ প্ৰতীক হৈ পৰিছিল। এনেকুৱা স্থিতিত দেশে প্ৰগতি কেনেকৈ কৰিব? প্ৰগতিও তেতিয়াহে স্বীকাৰ কৰা যাব যেতিয়া তাত গতি থাকিব, গতিৰ বাবে এক অধীৰতা থাকিব, গতিৰ বাবে সামূহিক প্ৰয়াস থাকিব।

আজি ২১শ শতিকাৰ ভাৰতে চৰকাৰী ব্যৱস্থাবিলাকৰ সেই পুৰণি ধাৰণা পিছপেলাই থৈ আগবাঢ়ি গৈছে। আজিৰ মন্ত্ৰ হৈছে -Will for Progress. Work for Progress.Wealth for Progress. Plan for progress. Preference for progress. আমি কেৱল পৰিকল্পনাবিলাক নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ work-culture বিকশিত কৰা নাই, বৰং আজি সময়ৰ পূৰ্বে প্ৰজেক্টছ সম্পূৰ্ণ কৰাৰ প্ৰয়াস হৈ আছে। যদি আজি ভাৰতে আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণৰ বাবে অধিক Investment কৰিবৰ বাবে সংকল্পবদ্ধ, তেন্তে আজিৰ ভাৰতে তেনে প্ৰতিটো পদক্ষেপো দিছে যাৰ ফলত প্ৰজেক্টছত পলম নহয়, বাধা নাহে, কাম সময়মতে সম্পূৰ্ণ হয়।

বন্ধুসকল,

দেশৰ সাধাৰণ মানুহে এটা সৰু ঘৰ বনালেও, তাৰ বাবে নিখুঁট প্লেনিং কৰে। কোনো ডাঙৰ ইউনিভাৰছিটী নিৰ্মাণ হ'বলৈ, কোনো কলেজ নিৰ্মাণ কৰিবলগীয়া হ'লে, তেতিয়াও সম্পূৰ্ণ প্লেনিঙেৰে সজা হয়। সময়ে সময়ে তাৰ বিস্তাৰৰ সম্ভাৱনাও প্ৰথমৰে পৰা ভাবি লোৱা হয়। আৰু ই এই ক্ষেত্ৰত প্ৰত্যেকৰে অনুভৱ, প্ৰত্যেকৰে এই অনুভৱেৰে আপুনি আগবাঢ়ে, কিন্তু দুৰ্ভাগ্যবশতঃ আমি, ভাৰতত ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত প্ৰজেক্টছত Comprehensive Planningৰে জড়িত বহুতো নাটনি নিতৌ অনুভৱ কৰো। কম-বেছি য'ত হৈছে, তেতিয়াও আমি দেখিছো যে ৰে'লৱেই নিজৰ প্লেনিং কৰি আছে, ৰোড ট্ৰেন্সপ'ৰ্ট ডিপাৰ্টমেণ্টে নিজৰ প্লেনিং কৰি আছে, টেলিকম ডিপাৰ্টমেণ্টৰ নিজৰ প্লেনিং থাকে, গেছ নেটৱৰ্কৰ কাম বেলেগ প্লেনিঙেৰে হৈ আছে। এনেকৈয়ে বহুত ডিপাৰ্টমেণ্টে বেলেগ বেলেগ প্লেনিং কৰে।

আমি সকলোৱে এয়াও দেখিছো যে আগতে ক'ৰবাত পথ নিৰ্মাণ হয়, পথ সম্পূৰ্ণ নিৰ্মাণ হৈ যায়। আৰু আকৌ সেই পানীৰ ডিপাৰ্টমেণ্ট আহিব, তেওঁলোকে পানীৰ পাইপৰ বাবে আকৌ গাঁত খান্দে, আকৌ পানীৰ মানুহ আহে, এনেকৈয়ে কাম হৈ থাকে। এনেকুৱাও হয় যে ৰাস্তা বনোৱা মানুহে ডিভাইডাৰ বনায় আৰু আকৌ ট্ৰেফিক পুলিচে কয় যে ইয়াৰ বাবে তো জাম লাগিয়েই থাকিব, ডিভাইডাৰ আঁতৰাব লাগে। কেতিয়াবা চাৰিআলিত চাৰ্কোল বনাই দিয়া হয়, তেতিয়া ট্ৰেফিক সুচাৰুৰূপে চলাৰ সলনি তাত অব্যৱস্থা হ'বলৈ ধৰে। আৰু আমি দেশজুৰি এনেকুৱা হৈ থকা দেখিছো। এনে পৰিস্থিতিৰ মাজত, যেতিয়া সকলো প্ৰজেক্টছক ছিংক্ৰ'নাইজ কৰাৰ দৰকাৰ হয়, তেতিয়া তাৰ বাবে বহুত বেছি  Effort কৰিবলগীয়া হয়। বিনষ্ট হোৱাটো ঠিক কৰাত বহুত মেহনত লাগে।

বন্ধুসকল,

এই যিমানেই সংকটবোৰ আছে, তাৰ মূল কাৰণটো হৈছে Macro Planning আৰু Micro-Implementationত আকাশ-পাতালৰ ব্যৱধান থাকে। বেলেগ বেলেগ বিভাগে গম নাপায় যে কোন বিভাগে কোনটো প্ৰজেক্ট ক'ত আৰম্ভ কৰাৰ প্ৰস্তুতি চলাই আছে। ৰাজ্যসমূহৰ ওচৰতো এনেকুৱা তথ্য advance নাথাকে। এনেকুৱা silosৰ কাৰণে, নিৰ্ণয় প্ৰক্ৰিয়াও প্ৰভাৱিত হয় আৰু বাজেটৰো অপচয় হয়। সবাতোকৈ ডাঙৰ লোকচান এইটো হয় যে শক্তি লগোৱাৰ সলনি, শক্তি multiply হোৱাৰ সলনি, শক্তি বিভাজিত হৈ যায়। যিসকল আমাৰ প্ৰাইভেট প্লেয়াৰ্ছ আছে, তেওঁলোকেও এই কথা ভালদৰে নাজানে যে ভৱিষ্যতে এইফালে ৰাস্তা হ'ব, বা এইফালে কেনেল নিৰ্মাণ হ'ব, বা ইয়াত কোনো পাৱাৰ ষ্টেচন লাগিব। এই কাৰণেই তেওঁলোকেও কোনো ক্ষেত্ৰক লৈ, কোনো ছেক্টৰক লৈ ভাল প্লেন কৰিব নোৱাৰে। এই সকলো সমস্যাৰ সমাধান, পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ পৰাই ওলাব। যেতিয়া আমি মাষ্টাৰ প্লেনক আধাৰ হিচাপে লৈ চলিম, তেতিয়া আমাৰ Resourcesৰো Optimum Utilisation হ'ব।

বন্ধুসকল,

আমাৰ দেশত ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়টো বেছিভাগ ৰাজনৈতিক দলৰ প্ৰাথমিকতাৰ পৰা আঁতৰত আছে। তেওঁলোকৰ ঘোষণা পত্ৰতো চকুত নপৰে। এতিয়া তো এনেকুৱা স্থিতি আহি পৰিল যে কিছুমান ৰাজনৈতিক দলে দেশৰ বাবে জৰুৰী ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণক সমালোচনা কৰি আছে। যি সময়ত বিশ্বত এইটো স্বীকৃত কথা যে Sustainable Developmentৰ কাৰণে Quality ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণ এটা এনেকুৱা ৰাস্তা, যি বহুত অৰ্থনৈতিক গতিবিধিৰ জন্ম দিয়ে, বৃহৎ পৰিমাণৰ নিয়োগৰ সৃষ্টি কৰে। যেনেকৈ Skilled Manpower অবিহনে আমি কোনো ক্ষেত্ৰতে বিচৰা পৰিণাম আহৰণ কৰিব নোৱাৰো, তেনেকৈ উন্নত আৰু আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰ অবিহনে আমি চাৰিওফালে বিকাশ কৰিব নোৱাৰো।

বন্ধুসকল,

ৰাজনৈতিক ইচ্ছাশক্তিৰ নাটনিৰ লগতে, দেশৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টক সবাতোকৈ অধিক লোকচান কৰিলে চৰকাৰী বিভাগসমূহৰ মাজত পাৰস্পৰিক সহযোগিতাৰ অভাৱে, পাৰস্পৰিক টনা-আঁজোৰাই। ৰাজ্যসমূহতো আমি ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়ৰ মাজত এই বিষয়ে দুশ্চিন্তা হোৱা দেখিছো। এই কাৰণেই যি প্ৰজেক্ট দেশৰ economic growth বঢ়োৱাত সহায়ক হ'ব লাগিছিল, সেই প্ৰজেক্ট দেশৰ বিকাশৰ সন্মুখত একোখন দেৱাল হৈ পৰে। সময়ৰ লগে লগে, বছৰ বছৰ ধৰি ওলমি থকা এই প্ৰজেক্টবিলাকে নিজৰ প্ৰয়োজনীয়তা, নিজৰ প্ৰাসংগিকতাও হেৰুৱাই পেলায়। মই যেতিয়া ২০১৪ত ইয়ালৈ, দিল্লীলৈ এক নতুন দায়িত্বৰ সৈতে আহিলো, তেতিয়াও এনেকুৱা বহুত প্ৰজেক্ট আছিল, যিবোৰ দশক দশক ধৰি ৰৈ আছিল। লাখ লাখ, কোটি কোটি টকাৰ এনেকুৱা বহু প্ৰজেক্টৰ মই নিজে সমীক্ষা কৰিছো, চৰকাৰৰ সকলো বিভাগ, সকলো মন্ত্ৰালয়ক এখন প্লেটফৰ্মত আনি থিয় কৰালো, সকলো প্ৰতিবন্ধকতা আঁতৰ কৰাৰ চেষ্টা চলালো। মই সন্তোষ পাইছো যে এতিয়া সকলোৰে মনোযোগ এইফালে গৈছে যে পাৰস্পৰিক তালমিল নোহোৱা বাবে পৰিকল্পনাত যাতে পলম নহয়। এতিয়া whole of government approachৰ সৈতে, চৰকাৰৰ সামূহিক শক্তি যোজনাবিলাক সম্পূৰ্ণ কৰাত লাগি আছে। সেই কাৰণেই এতিয়া দশক দশক ধৰি আধৰুৱা হৈ থকা বহুতো পৰিকল্পনা সম্পূৰ্ণ হৈ আছে।

বন্ধুসকল,

পিএম গতিশক্তিয়ে এতিয়া এই কথা সুনিশ্চিত কৰিব যে ২১শ শতিকাৰ ভাৰত ইনফ্ৰা প্ৰজেক্টছত ক'-অৰ্ডিনেচনৰ নাটনিৰ বাবে না পইচাৰ লোকচান ভৰিব, আৰু না সময়ৰ অপচয় কৰিব। পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ জৰিয়তে, ৰোডৰ পৰা ৰে'লৱেলৈকে, এভিয়েচনৰ পৰা এগ্ৰিকালচাৰলৈকে, বিভিন্ন মন্ত্ৰালয়ক, বিভাগক, ইয়াৰ সৈতে সংলগ্ন কৰা হৈছে। মই সকলোকে আহ্বান জনাওঁ যে অতি সোনকালে আপোনালোকৰ ৰাজ্যখনো পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ সৈতে সংযুক্ত হৈ নিজৰ ৰাজ্যৰ যোজনাসমূহক গতি দিয়ক। ইয়াৰ ফলত ৰাজ্যৰ জনসাধাৰণৰো বহুত লাভ হ'ব।

বন্ধুসকল,

পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনে চৰকাৰী প্ৰছেছ আৰু তাৰ সৈতে জড়িত বেলেগ বেলেগ ষ্টেকহল্ডাৰসকলক তো লগত লয়েই, ই ট্ৰেন্সপ'ৰ্টেচনৰ বেলেগ বেলেগ ম'ডছক পৰস্পৰৰ সৈতে সংযুক্ত কৰাতো সহায় কৰে। ই হলিষ্টিক গভাৰ্ণেঞ্চৰ বিস্তাৰ। এতিয়া যেনেকৈ দুখীয়াৰ গৃহৰ সৈতে জড়িত যোজনাত কেৱল চাৰিখন দেৱালেই বনোৱা নহয়, বৰং তাত টইলেট, বিজুলী, পানী, গেছ কানেকচনো লগতে আহে, ঠিক তেনেকৈ ভিজন ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰৰ বাবেও আছে। অতীতত আমি দেখিছো যে উদ্যোগৰ বাবে স্পেছিয়েল জ'নৰ ঘোষণা তো কৰা হৈছিলেই কিন্তু তালৈকে কানেক্টিভিটি বা আকৌ বিজুলী, পানী, টেলিকম উপলব্ধ কৰোৱাত গুৰুত্ব আৰোপ কৰা হোৱা নাছিল।

বন্ধুসকল,

এইটোও বহুত সাধাৰণ কথা আছিল যে য'ত সকলোতকৈ বেছি মাইনিঙৰ কাম হয়, তাত ৰে'ল কানেক্টিভিটি নহৈছিল। আমি সকলোৱে এইটোও দেখিছো যে ক'ৰবাত প'ৰ্ট হৈছিল, তেন্তে প'ৰ্টক চহৰৰ সৈতে কানেক্ট কৰিবলৈ ৰে'ল বা পথৰ সুবিধাৰ অভাৱ হৈছিল। এনেকুৱা কাৰণতে ভাৰতত প্ৰডাকচন কষ্ট বাঢ়ি থাকে, আমাৰ Exportsৰ Cost বাঢ়ি থাকে, আমাৰ লজিষ্টিক কষ্ট বহুত বেছি হয়। নিশ্চিতভাৱে এয়া আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণত বহুত ডাঙৰ অন্তৰায়।

এটা ষ্টাডি আছে যে ভাৰতত লজিষ্টিক কষ্ট, GDPৰ প্ৰায় ১৩ শতাংশ। বিশ্বৰ ডাঙৰ ডাঙৰ দেশত এনেকুৱা স্থিতি নহয়। অধিক লজিষ্টিক কষ্টৰ ফলত ভাৰতৰ Exportsৰ কম্পিটিটিভনেছ বহুত কম হৈ যায়। য'ত প্ৰডাকচন হৈ আছে, তাৰ পৰা প'ৰ্টলৈ নিয়াৰ যি খৰচ, তাৰ ওপৰতে ভাৰতৰ এক্সপ'ৰ্টে লাখ লাখ, কোটি কোটি টকা খৰচ কৰিবলগীয়া হয়। সেয়ে খৰচী হৈ যায়। সেয়ে এই পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেন বহুত ডাঙৰ আৰু বহুত গুৰুত্বপূৰ্ণ পদক্ষেপ। এই দিশত আগুৱাই যাবলৈ সকলো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰে অন্য ইনফ্ৰাষ্ট্ৰাকচাৰক ছাপৰ্ট কৰিব, তাৰ পৰিপূৰক হ'ব। আৰু মই উপলব্ধি কৰো যে প্ৰতিটো কাৰণত, প্ৰতিজন ষ্টেকহল্ডাৰেও আৰু অধিক উৎসাহেৰে ইয়াৰ সৈতে জড়িত হোৱাৰ প্ৰেৰণা লাভ কৰিব।

বন্ধুসকল,

পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেন দেশৰ পলিচী মেকিঙৰ সৈতে জড়িত সকলো ষ্টেকহল্ডাৰক, ইনভেষ্টৰক এক এনালিটিকেল আৰু ডিছিজন মেকিং টুলো হ'ব। ইয়াৰ জৰিয়তে চৰকাৰে প্ৰভাৱশালী প্লেনিং আৰু পলিচী বনোৱাত সহায় পাব, চৰকাৰৰ অনাৱশ্যকীয় খৰচ বাচিব আৰু উদ্যমীসকলেও প্ৰজেক্টৰ সৈতে জড়িত তথ্য পাই থাকিব। ইয়াৰ ফলত ৰাজ্য চৰকাৰসমূহেও নিজৰ প্ৰাথমিকতা নিৰ্ধাৰণ কৰাত সহায় হ'ব। যেতিয়া এনেকুৱা ডেটাবেছড মেকানিজম দেশত হ'ব, তেতিয়া প্ৰতিখন ৰাজ্যৰ চৰকাৰ, বিনিয়োগকাৰীৰ বাবে সহায় হ'ব। ইয়াৰ ফলত ইনভেষ্টমেণ্ট ডেষ্টিনেচনৰ ৰূপত ভাৰতৰ বৰ্ধিত কাৰ্যক্ৰমে নতুন পৰিসৰ লাভ কৰিব, নতুন উৎসাহ পাব। ইয়াৰ ফলত দেশবাসীয়ে কম দামত উন্নত কোৱালিটী লাভ কৰিব, যুৱক-যুৱতীসকলে নিয়োগৰ বহুত নতুন সুযোগ লাভ কৰিব।

বন্ধুসকল,

দেশৰ বিকাশৰ বাবে এইটো বহুত জৰুৰী যে চৰকাৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত সকলো বিভাগে এটাই আনটোৰ সৈতে বহিব লাগে, এটাই আনটোৰ collective powerৰ ব্যৱহাৰ কৰিব লাগে। যোৱা বছৰবিলাকত এই এপ্ৰ'চেই ভাৰতক অভূতপূৰ্ব গতি দিছে। যোৱা ৭০ বছৰৰ তুলনাত, আজি ভাৰতে আগতকৈ বহুত বেছি Speed আৰু Scaleত কাম কৰি আছে।

বন্ধুসকল,

ভাৰতত প্ৰথম ইণ্টাৰষ্টেট নেচাৰেল গেছ পাইপলাইন চন ১৯৮৭ত কমিছন হৈছিল। ইয়াৰ পিছত চন ২০১৪লৈকে, অৰ্থাৎ ২৭ বছৰত দেশত ১৫ হাজাৰ কিলোমিটাৰ নেচাৰেল গেছ পাইপলাইন তৈয়াৰ হয়। আজি দেশজুৰি, ১৬ হাজাৰ কিলোমিটাৰতকৈ অধিক নতুন গেছ পাইপলাইনৰ ওপৰত কাম হৈ আছে। এই কাম অহা ৫-৬ বছৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্য আছে। অৰ্থাৎ যিমান কাম ২৭ বছৰত হ'ল, আমি তাতকৈ বেছি কাম, তাৰ আধা সময়ত কৰাৰ লক্ষ্যৰে গৈ আছো। কাম কৰাৰ এই গতিয়েই আজি ভাৰতৰ পৰিচয় হৈ পৰিছে। ২০১৪ৰ আগৰ পাঁচ বছৰত মাত্ৰ ১৯০০ কিলোমিটাৰ ৰে'ল লাইনৰ উন্নতকৰণ হৈছিল। যোৱা ৭ বছৰত আমি ৯ হাজাৰ কিলোমিটাৰতকৈ অধিক ৰে'ল লাইনৰ ডাব্লিং কৰিছো। ক'ত ১৯শ  আৰু ক'ত ৭ হাজাৰ। ২০১৪ৰ আগৰ ৫ বছৰত কেৱল ৩০০০কিলোমিটাৰ ৰে'লৱেৰ বৈদ্যুতিকীকৰণ হৈছিল। যোৱা ৭ বছৰত আমি ২৪ হাজাৰ কিলোমিটাৰতকৈও অধিক ৰে'লৱে ট্ৰেকৰ বৈদ্যুতিকীকৰণ কৰিছো। ক'ত তিনি হাজাৰ, ক'ত ২৪ হাজাৰ। ২০১৪ৰ আগতে প্ৰায় ২৫০ কিলোমিটাৰ ট্ৰেকতহে মেট্ৰ' চলি আছিল, আজি ৭শ কিলোমিটাৰলৈকে মেট্ৰ'ৰ বিস্তাৰ হৈছে আৰু এহেজাৰ কিলোমিটাৰ নতুন মেট্ৰ' ৰুটত কাম চলি আছে। ২০১৪ৰ আগৰ ৫ বছৰত কেৱল ৬০খন পঞ্চায়তক হে অপ্টিকেল ফাইবাৰৰে সংযুক্ত কৰা হৈছিল। যোৱা ৭ বছৰত আমি দেৰলাখতকৈও অধিক গাঁও পঞ্চায়তক অপ্টিকেল ফাইবাৰৰে কানেক্ট কৰিছো। কানেক্টিভিটিৰ পৰম্পৰাগত মাধ্যমৰ বিস্তাৰৰ লগে inland waterways আৰু seaplanes নতুন ইনফ্ৰাষ্ট্ৰাকচাৰো দেশে লাভ কৰিছে। ২০১৪লৈকে দেশত কেৱল ৫টা ৱাটাৰৱেজ আছিল। আজি দেশত ১৩টা ৱাটাৰৱেজে কাম কৰি আছে। ২০১৪ৰ পূৰ্বে আমাৰ প'ৰ্টছত vessel turnaround time 41 ঘণ্টাতকৈও অধিক আছিল। এতিয়া সেয়া কমি ২৭ ঘণ্টা হৈছেগৈ। ইয়াক আৰু কম কৰাৰ প্ৰয়াসো কৰি থকা হৈছে।

বন্ধুসকল,

কানেক্টিভিটিৰ উপৰিও জৰুৰী আন ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণকো নতুন গতি দিয়া হৈছে। বিজুলীৰ প্ৰডাকচনৰ পৰা আৰম্ভ কৰি ট্ৰেন্সমিছনৰ সকলো নেটৱৰ্কক ট্ৰেন্সফৰ্ম কৰা হৈছে, ৱান নেচন ৱান পাৱাৰ গ্ৰিডৰ সংকল্প সিদ্ধ হৈছে। ২০১৪লৈকে দেশত য'ত ৩ লাখ ছাৰ্কিট কিলোমিটাৰ পাৱাৰ ট্ৰেন্সমিছন লাইন আছিল, তাৰ ঠাইত আজি সেয়া বাঢ়ি চাৰে চাৰি লাখ ছাৰ্কিট কিলোমিটাৰতকৈও অধিক হৈছেগৈ। ২০১৪ৰ ইনষ্টলড কেপাচিটীতকৈ প্ৰায় তিনিগুণ কেপাচিটী, অৰ্থাৎ ১০০ গিগাৱটতকৈ অধিক ভাৰতে আহৰণ কৰিছে।

বন্ধুসকল,

আজি দেশত এভিয়েচনৰ আধুনিক ইকো-ছিষ্টেম বিকশিত কৰাত দ্ৰুতগতিত কাম হৈ আছে। কানেক্টিভিটি বঢ়াবলৈ দেশত নতুন এয়াৰপৰ্ট নিৰ্মাণৰ লগতে আমি এয়াৰস্পেচকো আৰু বেছি খুলি দিছো। যোৱা এক দুই বছৰতে ১০০তকৈও অধিক এয়াৰৰুটৰ সমীক্ষা কৰি সিবিলাকৰ দূৰত্ব হ্ৰাস কৰা হৈছে। যিবোৰ ক্ষেত্ৰৰ ওপৰেৰে পেছেঞ্জাৰ ফ্লাইট উৰাত বাধা আছিল, সেয়াও আঁতৰোৱা হৈছে। এই এটা সিদ্ধান্তৰ ফলত বহুতো চহৰৰ মাজত এয়াৰটাইম কম হৈছে, উৰণৰ সময় কম হৈছে। এভিয়েচন ছেক্টৰক শক্তি দিবৰ বাবে নতুন MRO পলিচী বনোৱাই হওক, GSTৰ কাম সম্পূৰ্ণ কৰাই হওক, পাইলটৰ ট্ৰেইনিঙৰ কথাই হওক, এই সকলোৰে ওপৰত কাম কৰা হৈছে।

বন্ধুসকল,

এনেকুৱা প্ৰয়াসৰ জৰিয়তেই দেশৰ বিশ্বাস হৈছে যে আমি দ্ৰুত গতিত কাম কৰিব পাৰো, ডাঙৰ লক্ষ্য, ডাঙৰ সপোনো পূৰণ হ'ব পাৰে। এতিয়া দেশৰ অপেক্ষা আৰু আকাংক্ষা, দুয়োটা বাঢ়ি গৈছে। সেয়ে অনাগত ৩-৪ বছৰৰ বাবে আমাৰ সংকল্পও বহুত ডাঙৰ হৈ গৈছে। এতিয়া দেশৰ লক্ষ্য হৈছে, লজিষ্টিক কষ্ট ন্যূনতম কৰা, ৰে'লৱেৰ কাৰ্গো ক্ষমতা বঢ়োৱা, প'ৰ্ট কাৰ্গো কেপাচিটী বঢ়োৱা, টাৰ্ণ এৰাউণ্ড আৰু কম কৰা। অহা ৪-৫ বছৰত দেশত মুঠ ২০০তকৈ অধিক এয়াৰপ'ৰ্ট, হেলিপেড আৰু ৱাটাৰ এৰোডোমৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত। এতিয়া যি ১৯ হাজাৰ কিলোমিটাৰৰ ওচৰৰ আমাৰ গেছ পাইপলাইন নেটৱৰ্ক আছে, তাকো বঢ়াই প্ৰায় দুগুণ কৰা হ'ব।

বন্ধুসকল,

দেশৰ কৃষক আৰু মৎস্যজীৱীৰ আয় বঢ়াবৰ বাবে প্ৰছেচিঙেৰে জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰকো দ্ৰুত গতিত বিস্তাৰ কৰি থকা হৈছে। ২০১৪ত দেশত মাত্ৰ ২খন মেগা ফুড পাৰ্ক আছিল। আজি দেশত ১৯খন মেগা ফুড পাৰ্কে কাম কৰি আছে। এতিয়া ইয়াৰ সংখ্যা ৪০তকৈ অধিক কৰাৰ লক্ষ্য আছে। যোৱা ৭ বছৰত ফিছিং ক্লাষ্টাৰ, ফিছিং হাৰ্বাৰ আৰু লেণ্ডিং চেণ্টাৰৰ সংখ্যা ৪০ৰ পৰা বাঢ়ি ১০০তকৈ অধিক পৰ্যন্ত হৈছেগৈ। ইয়াত দুগুণতকৈ অধিক বৃদ্ধিৰ লক্ষ্য লৈ আমি আগুৱাই আছো।

বন্ধুসকল,

ডিফেঞ্চ ছেক্টৰতো প্ৰথমবাৰ ব্যাপক প্ৰয়াস হৈ আছে। এতিয়া তামিলনাডু আৰু ইউপিত ২টা ডিফেঞ্চ কৰিডৰৰ ওপৰত কাম চলি আছে। ইলেক্ট্ৰনিক আৰু আইটি মেনুফেকচাৰিঙত আজি আমি দ্ৰুত গতিত অগ্ৰণী দেশত অন্তৰ্ভুক্ত হৈ আছো। এসময়ত আমাৰ ইয়াত ৫টা মেনুফেকচাৰিং ক্লাষ্টাৰ আছিল। আজি ১৫টা মেনুফেকচাৰিং ক্লাষ্টাৰ আমি প্ৰস্তুত কৰিলো। আৰু ইয়াকো দুগুণলৈকে বৃদ্ধিৰ টাৰ্গেট আছে। যোৱা বছৰবিলাকত ৪টা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ আৰম্ভ হৈছে আৰু এতিয়া এনেকুৱা কৰিডৰৰ সংখ্যা এক ডজনলৈকে বঢ়াই থকা হৈছে।

বন্ধুসকল,

আজি চৰকাৰে যি এপ্ৰোচেৰে কাম কৰি আছে, তাৰ এটা উদাহৰণ প্লাগ এণ্ড প্লে ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণো। এতিয়া দেশৰ ইণ্ডাষ্ট্ৰীক এনেকুৱা সুবিধা দিয়াৰ প্ৰয়াস কৰা হৈছে যি প্লাগ এণ্ড প্লে ইনফ্ৰাষ্ট্ৰাকচাৰৰে যুক্ত হ'ব। অৰ্থাৎ দেশ আৰু দুনিয়াৰ বিনিয়োগকাৰীসকলে কেৱল নিজৰ ছিষ্টেম লগাব লাগে আৰু কাম আৰম্ভ কৰিব লাগে।  যেনেকৈ গ্ৰেটাৰ নইদাৰ দাদৰীত এনেকুৱাই ইণ্টেগ্ৰেটেড ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ নিৰ্মাণ হৈ আছে। ইয়াক পূব আৰু পশ্চিম ভাৰতৰ প'ৰ্টবিলাকৰ সৈতে ডেডিকেটেড ফ্ৰেট কৰিডৰেৰে সংলগ্ন কৰি থকা হৈছে। দেশৰ বেলেগ বেলেগ অংশত এনেকুৱা সুবিধাৱলীৰ নিৰ্মাণেৰে ভাৰতে পৃথিৱীৰ Business Capital হোৱাৰ সপোন সাকাৰ কৰিব পাৰে।

বন্ধুসকল,

এই যিমানবোৰ লক্ষ্য মই গণিলো, এই লক্ষ্যসমূহ সাধাৰণ নহয়। সেয়ে এইবিলাক আহৰণ কৰাৰ প্ৰয়াসো অভূতপূৰ্ব হ'ব, ইয়াৰ পদ্ধতিও অভূতপূৰ্ব হ'ব। আৰু এইবিলাকক সবাতোকৈ অধিক শক্তি পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনেই দিব। যেনেকৈ JAM ত্ৰিনিটিয়ে অৰ্থাৎ জনধন-আধাৰ-মোবাইলৰ শক্তিৰে দেশত চৰকাৰী সুবিধাৱলীক দ্ৰুত গতিত সঠিক কৰিব। ই সমগ্ৰ দেশৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্লেনিঙৰ পৰা আৰম্ভ কৰি এক্জিকিচনলৈকে এক হলিষ্টিক ভিজন লৈ আহি আছে। এবাৰ আকৌ মই সকলো ৰাজ্য চৰকাৰ ইয়াৰ সৈতে জড়িত হ'বলৈ আমন্ত্ৰণ কৰিছো, আহ্বানো জনাইছো। এই সময় একত্ৰিত হোৱাৰ, স্বাধীনতাৰ এই ৭৫তম বৰ্ষত দেশৰ বাবে কিবা কৰি দেখুউৱাৰ। এই কাৰ্যক্ৰমৰ সৈতে জড়িত সকলো ব্যক্তিলৈ মোৰ এইটোৱেই আহ্বান, মোৰ এয়াই আশা।

 আপোনালোক সকলোকে এই মহত্বপূৰ্ণ কাৰ্যক্ৰমত উপস্থিত থকা বাবে মই আপোনালোকক ধন্যবাদ দিছো আৰু মোৰ বিশ্বাস আছে যে প্ৰধানমন্ত্ৰী গতিশক্তি মাষ্টাৰ প্লেনপ্ৰাইভেট পাৰ্টিয়েও ইয়াক বহুত ফঁহিয়াই চাব। তেওঁলোকো ইয়াৰ সৈতে জড়িত হৈ নিজৰ সম্ভাব্য ৰণনীতি প্ৰস্তুত কৰিব পাৰে। বিকাশৰ নতুন পৰিসৰ স্পৰ্শ কৰিব পাৰে। মই আপোনালোক সকলোকে বহুত বহুত শুভকামনা। দেশবাসীক আজি নৱৰাত্ৰিৰ পৱিত্ৰ পৰ্বত শক্তিৰ এই উপাসনাৰ সময়ত, শক্তিৰ এই ভগীৰথ কাৰ্যৰ বাবে অনেক অনেক শুভকামনা জনাই মোৰ বক্তব্য সামৰিছো।

বহুত বহুত ধন্যবাদ!

শুভকামনা!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India identifies 102 GWp floating solar potential, eyes new push for reservoir-based projects

Media Coverage

India identifies 102 GWp floating solar potential, eyes new push for reservoir-based projects
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 11th Governing Council Meeting of NITI Aayog
June 11, 2026
Vision of Viksit Bharat should become the collective resolve of every State, district, block and village: PM
PM calls India's 70 crore youth its asset, urges States to transform this Demographic dividend into Development dividend
PM encourages States to create opportunities for youth and MSMEs and actively attract investments from countries with which India has signed FTAs
States to strengthen ODOP and leverage opportunities in defence manufacturing: PM
PM emphasizes that AI should be viewed as an opportunity and people should be equipped with future ready skills
PM highlights the need for coordinated efforts to address emerging social challenges such as drug abuse and cyber fraud
PM draws attention to concerns arising from El Niño and urges States to conserve water and promote natural farming
CMs/LGs/Administrators congratulate PM Modi on completing 12 years in office
States express solidarity with the Centre to withstand the global geo-political crisis and to strengthen India’s resilience
All States and 5 UTs attend meeting; first time when CMs of all 28 States participate
Theme of meeting : Inclusive Human Development for Viksit Bharat@2047

Prime Minister Shri Narendra Modi chaired the 11th Governing Council Meeting of NITI Aayog at Rashtrapati Bhavan Cultural Centre, New Delhi, earlier today. This year’s theme was Inclusive Human Development for Viksit Bharat@2047. It was attended by Chief Ministers, Lt. Governors and Administrators representing 28 States and 5 UTs. This was the first time when Chief Ministers of all 28 States participated in the Governing Council Meeting of NITI Aayog.

Prime Minister noted that at a time when many major economies are facing uncertainty and economic challenges, India’s growth story continues to inspire the world. He emphasized the need to further strengthen the nation’s resolve towards self-reliance and highlighted the importance of adopting and implementing global best practices, particularly in the renewable energy sector.

Underscoring the importance of cooperative federalism, Prime Minister stated that the Centre and the States must work together to achieve the goal of a Viksit Bharat. He stressed that the vision of Viksit Bharat should become the collective resolve of every State, district, block and village.

Highlighting the strength of India’s demographic profile, Prime Minister observed that the country’s youth constitute its greatest asset, with nearly 70 crore Indians below the age of 25 years. Calling this a demographic dividend, he urged States to focus on transforming it into a development dividend through education, skilling and capacity-building initiatives that prepare young people for future opportunities and challenges.

Referring to India’s recently concluded trade agreements with several countries, Prime Minister encouraged States to create opportunities for youth and MSMEs and to equip stakeholders to effectively leverage the benefits arising from these agreements. He also urged States to actively attract investments from partner countries.

Emphasizing women-led development, Prime Minister called upon States to work towards increasing the number of Lakhpati Didis from 3 crore to 6 crore and stressed the importance of ensuring a safe and secure environment for Nari Shakti.

Prime Minister urged States to focus on One District One Product (ODOP) initiatives and develop export-oriented strategies around it. He also identified defence manufacturing as an emerging sector where India is establishing a distinct identity and encouraged States to formulate policies to leverage the opportunities arising from its growth.

Prime Minister highlighted the need for coordinated efforts to address emerging social challenges such as drug abuse and cyber fraud through preventive measures, awareness campaigns and effective governance.

Prime Minister also drew attention to concerns arising from El Niño conditions and appealed to States to promote water conservation and encourage natural and organic farming practices. He noted that the purchase of 11 lakh tonnes of organic manure by farmers during the current Kharif season reflected growing confidence in sustainable agriculture.

Prime Minister emphasized the need to evaluate progress at the district level, particularly through aspirational district parameters. Prime Minister suggested that on similar lines, 100 districts should be identified in the field of agriculture to bring positive results. He urged the States to take lead in this pursuit so that a phenomenal change can be achieved through the aspirational approach.

Prime Minister emphasised the need for a monitoring framework and targeted 100-day and five-year goals towards achieving the vision of Viksit Bharat@2047.

Highlighting the importance of good governance, transparency, and infrastructure for attracting investment, he urged States to focus on branding, ease of doing business, and emerging opportunities in sectors such as data centres and artificial intelligence. He emphasized that AI should be viewed as an opportunity and called for greater efforts to equip people with the skills required for the future economy.

The Chief Ministers/Lt. Governors/Administrators congratulated Prime Minister Modi on completing 12 years in his office. They also expressed solidarity with the Centre to withstand the global geo-political crisis and to strengthen India’s resilience with respect to energy requirements, and sustain its growth trajectory.

Prime Minister noted that the discussions were constructive and reflected the aspirations, hopes, experiences, best practices, and challenges of the States. Prime Minister expressed his gratitude to all the CMs, LGs and Administrators for participating in the meeting and expressed confidence that Together, through cooperation, innovation, and a shared commitment to development, India can accelerate its journey towards a Viksit Bharat by 2047.