নতুন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ’য়ে মুম্বাইৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাক ৰূপান্তৰিত কৰিবঃ প্ৰধানমন্ত্ৰী
বিকশিত ভাৰতত গতি আৰু প্ৰগতি উভয়ে বিদ্যমান, ইয়াত লোককল্যাণ সৰ্বোচ্চ আৰু চৰকাৰী আঁচনিসমূহে প্ৰতিগৰাকী নাগৰিকৰে জীৱনযাত্ৰা সহজ কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
উড়ান যোজনাৰ ফলশ্ৰুতিত বিগত দশকটোত পোন-প্ৰথমবাৰৰ বাবে লক্ষ-লক্ষ লোকে নিজৰ সপোন পৰিপূৰণেৰে আকাশলৈ উৰা মাৰিছেঃ প্ৰধানমন্ত্ৰী
নতুন বিমানবন্দৰ আৰু উড়ান যোজনাই বিমান যাত্ৰা সহজ কৰি তোলাৰ লগতে ভাৰতক বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ ঘৰুৱা বিমান বজাৰ হিচাপে পৰিগণিত কৰিছেঃ প্ৰধানমন্ত্ৰী
তেখেতে শেহতীয়াকৈ বিজয়াদশমী আৰু শাৰদ পূৰ্ণিমা উদযাপনৰ কথা উল্লেখ কৰে তথা আগন্তুক দীপাৱলী উৎসৱ উপলক্ষে শুভেচ্ছা জনায়।
শ্ৰী মোদীয়ে আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ’ক উন্নয়নশীল ভাৰতৰ জীৱন্ত প্ৰতীক বুলি অভিহিতকৰণেৰে উল্লেখ কৰে যে মুম্বাইৰ দৰে এখন ব্যস্ত চহৰত এই উল্লেখযোগ্য মেট্ৰ’ ঐতিহাসিক অট্টালিকা সংৰক্ষণেৰে মাটিৰ তলত নিৰ্মাণ কৰা হৈছে। তেখেতে এই প্ৰকল্পৰ সৈতে জড়িত শ্ৰমিক আৰু অভিযন্তাসকলক অভিনন্দন জ্ঞাপন কৰে।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ ৰামদাস আঠৱালে ডাঙৰীয়া, কে.আৰ. নাইডু ডাঙৰীয়া আৰু মুৰলীধৰ মহল ডাঙৰীয়া, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে ডাঙৰীয়া আৰু অজিত পাৱাৰ ডাঙৰীয়া, আন-আন মন্ত্ৰী, ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অনো ডাঙৰীয়া, আন-আন বিশিষ্ট অতিথি, ভাই-ভনীসকল!

বিজয়াদশমী আৰু শাৰদ পূৰ্ণিমা পালন কৰা হ’ল। আগন্তুক দহ দিনত আমি দীপাৱলী উদযাপন কৰিম। মই সকলোকে এই উৎসৱৰ শুভেচ্ছা জনালোঁ।

বন্ধুসকল,

মুম্বাইয়ে এতিয়া দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লাভৰ লগে-লগে চহৰখনৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিছে। এই বিমানবন্দৰে অঞ্চলটোক এছিয়াৰ অন্যতম বৃহৎ সংযোগ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাত এটি মুখ্য ভূমিকা পালন কৰিব। মুম্বাইত এতিয়া সম্পূৰ্ণ আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ’ৰ চলাচল আৰম্ভ হৈছে, ইয়াৰ ফলশ্ৰুতিত যাতায়াত সহজ হ’ব আৰু যাতায়াতৰ সময় ৰাহি হ’ব। আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ’ হৈছে উন্নয়নশীল ভাৰতৰ জীৱন্ত প্ৰতীক। মুম্বাইৰ দৰে এখন ব্যস্ত চহৰত এই উল্লেখযোগ্য মেট্ৰ’ ঐতিহাসিক অট্টালিকা সংৰক্ষণেৰে মাটিৰ তলত নিৰ্মাণ কৰা হৈছে। মই এই প্ৰকল্পৰ সৈতে জড়িত শ্ৰমিক আৰু অভিযন্তাসকলক অভিনন্দন জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

ভাৰতে ইয়াৰ যুৱক-যুৱতীসকলৰ বাবে অগণন সুযোগ আগবঢ়াইছে। সমগ্ৰ দেশৰ অগণন আইটিআইক উদ্যোগৰ সৈতে সংযুক্তকৰণৰ লক্ষ্যৰে শেহতীয়াকৈ ৬০,০০০ কোটি টকাৰ পিএম সেতু আঁচনি মুকলি কৰা হৈছে। আজিৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰে শ-শ আইটিআই আৰু কাৰিকৰী বিদ্যালয়ত এই নতুন কাৰ্য্যসূচী ৰূপায়ণ কৰিছে। এই পদক্ষেপসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে উদীয়মান প্ৰযুক্তি যেনেঃ ড্ৰোন, ৰবটিক্স, বৈদ্যুতিক বাহন, সৌৰশক্তি আৰু সেউজ হাইড্ৰ’জেন সন্দৰ্ভত প্ৰশিক্ষণ লাভ কৰিব। মই ইয়াৰ বাবে মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

মই মহাৰাষ্ট্ৰৰ সু-পুত্ৰ, লোকনেতা প্ৰয়াত ডি.বি. পাটিললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। সমাজ আৰু কৃষক ৰাইজৰ প্ৰতি তেওঁৰ সমৰ্পিত সেৱাৰ মনোভাৱ স্মৰণীয়। তেওঁৰ জীৱন-পৰিক্ৰমাই ৰাজহুৱা জীৱনত কাম কৰাসকলক প্ৰেৰণা যোগাই থাকিব।

বন্ধুসকল,

আজি সমগ্ৰ ৰাষ্ট্ৰ এখনি বিকশিত ভাৰতৰ সংকল্প পৰিপূৰণৰ বাবে সংকল্পবদ্ধ— বিকশিত ভাৰতত গতি আৰু প্ৰগতি উভয়ে বিদ্যমান, ইয়াত লোককল্যাণ সৰ্বোচ্চ আৰু চৰকাৰী আঁচনিসমূহে প্ৰতিগৰাকী নাগৰিকৰে জীৱনযাত্ৰা সহজ কৰি তুলিছে। বিগত এঘাৰ বছৰে এই মনোভাৱেই দেশৰ প্ৰতিটো প্ৰান্তত উন্নয়নমূলক প্ৰচেষ্টাৰাজি গ্ৰহণৰ ক্ষেত্ৰত পথ-প্ৰদৰ্শন কৰি আহিছে। বন্দে ভাৰত ছেমি হাই-স্পীড ৰেল ট্ৰেকত চলি থকাৰ সময়তে, বুলেট ট্ৰেইন প্ৰকল্পই গতি লাভ কৰাৰ সময়তে, বহল ঘাইপথ আৰু এক্সপ্ৰেছৱে’-এ নতুন চহৰক সংযোগ কৰাৰ সময়তে, পাহাৰৰ মাজেৰে দীঘলীয়া সুৰংগ স্থাপনৰ সময়তে আৰু ওখ সমুদ্ৰ দলঙে দূৰৈৰ পাৰক সংযোগ কৰাৰ সময়তে ভাৰতৰ গতি আৰু প্ৰগতি উভয়েই দৃশ্যমান হৈছে। এনে অগ্ৰগতি কাৰ্য্যই ভাৰতৰ যুৱক-যুৱতীসকলৰ আকাংক্ষাক উদ্দীপনা যোগাইছে।

 

বন্ধুসকল,

আজিৰ এই কাৰ্য্যসূচীয়ে ভাৰতৰ উন্নয়ন যাত্ৰাৰ গতি অক্ষুণ্ণ ৰাখিছে। নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে এখনি উন্নত ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰা এটা প্ৰকল্প। ছত্ৰপতি শিৱাজী মহাৰাজৰ ভূমিত নিৰ্মিত বিমানবন্দৰটো পদুম ফুলৰ আকৃতিৰ, যি আমাৰ সংস্কৃতি আৰু সমৃদ্ধিৰ প্ৰতীক। এই নতুন বিমানবন্দৰটোৱে মহাৰাষ্ট্ৰৰ কৃষকসকলক ইউৰোপ আৰু মধ্যপ্ৰাচ্যৰ চুপাৰ মাৰ্কেটৰ সৈতে সংযোগ কৰিব, ইয়াৰ ফলত সতেজ উৎপাদিত সামগ্ৰী, ফল-মূল, শাক-পাচলি আৰু মীনজাত সামগ্ৰী বিশ্বৰ বজাৰত দ্ৰুতগতিত উপনীত হ’ব। বিমানবন্দৰটোৱে ওচৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে ৰপ্তানি ব্যয় হ্ৰাস কৰিব, বিনিয়োগ বৃদ্ধি কৰিব আৰু নতুন উদ্যোগ স্থাপনৰ সূচনা কৰিব। মই নতুন বিমানবন্দৰৰ বাবে মহাৰাষ্ট্ৰ আৰু মুম্বাইবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

সপোন পূৰণৰ সংকল্প গ্ৰহণ আৰু নাগৰিকৰ দ্ৰুত উন্নয়ন সাধনৰ দৃঢ় ইচ্ছাশক্তি থকা মাত্ৰেকে ফলাফল অনিবাৰ্য্য। ভাৰতৰ বিমান পৰিবহণ খণ্ড এই অগ্ৰগতিৰ এক গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে প্ৰতিপন্ন হৈছে। ২০১৪-ত কাৰ্য্যভাৰ গ্ৰহণৰ সময়ত মই কৈছিলোঁ, হাৱাই চপল পিন্ধাসকলেও হাৱাই জাহাজ যোগে যাত্ৰা কৰিব পাৰিব লাগে। এই সপোন বাস্তৱায়িত কৰিবলৈ সমগ্ৰ দেশতে নতুন বিমানবন্দৰ স্থাপন কৰাটো অতিশয় প্ৰয়োজনীয় আছিল। চৰকাৰে এই অভিযানক গুৰুত্বসহকাৰে লৈছিল আৰু যোৱা এঘাৰ বছৰত ইটোৰ পিছত সিটোকৈ নতুন বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। ২০১৪-ত ভাৰতত মাত্ৰ ৭৪ টা বিমানবন্দৰ আছিল; আজি এই সংখ্যাই ১৬০ টা অতিক্ৰম কৰিছে।

বন্ধুসকল,

সৰু চহৰসমূহত বিমানবন্দৰ স্থাপনৰ ফলশ্ৰুতিত বাসিন্দাসকলে বিমান যাত্ৰাৰ বাবে নতুন বিকল্প লাভ কৰিছে। আৰ্থিক অসুবিধা দূৰ কৰিবলৈ চৰকাৰে উড়ান আঁচনি আৰম্ভ কৰিছিল, ইয়াৰ লক্ষ্য আছিল সাধাৰণ নাগৰিকৰ বাবে বিমানৰ টিকট সুলভ কৰি তোলা। বিগত দশকটোত পোন-প্ৰথমবাৰৰ বাবে লক্ষ-লক্ষ লোকে নিজৰ সপোন পৰিপূৰণেৰে আকাশলৈ উৰা মাৰিছে।

 

বন্ধুসকল,

নতুন বিমানবন্দৰ নিৰ্মাণ আৰু উড়ান আঁচনিয়ে নাগৰিকসকলক সুবিধা প্ৰদান কৰিছে। ভাৰত এতিয়া বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ ঘৰুৱা বিমান বজাৰত পৰিণত হৈছে। ভাৰতীয় বিমান সংস্থাসমূহৰ অহৰহভাৱে সম্প্ৰসাৰণ ঘটিছে আৰু শ-শ নতুন বিমানৰ অৰ্ডাৰ দিছে। এই বৃদ্ধিয়ে পাইলট, কেবিন ক্ৰু, অভিযন্তা আৰু গ্ৰাউণ্ড কৰ্মীৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।

বন্ধুসকল,

বিমানৰ সংখ্যা বৃদ্ধিৰ লগে-লগে ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ কামৰ চাহিদাও বৃদ্ধি পাইছে। এই প্ৰয়োজনীয়তা পূৰণৰ বাবে ভাৰতে ঘৰুৱাভাৱে নতুন সা-সুবিধা বিকশিত কৰি আছে। এই দশকৰ শেষৰ ফালে ভাৰতক এক বৃহৎ এমআৰঅ’ (ৰক্ষণাবেক্ষণ, মেৰামতি আৰু অভাৰহ’ল) হাব হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই পদক্ষেপে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে অসংখ্য নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিছে।

বন্ধুসকল,

আজি ভাৰত বিশ্বৰ সৰ্বাধিক যুৱ-প্ৰধান দেশ, আমাৰ যুৱক-যুৱতীসকলৰ মাজত আমাৰ শক্তি নিহিত হৈ আছে। প্ৰতিটো চৰকাৰী নীতিয়ে যুৱক-যুৱতীসকলৰ বাবে সৰ্বাধিক নিয়োগৰ সুযোগ সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে। আন্তঃগাঁথনিত বিনিয়োগ বৃদ্ধিয়ে নিয়োগ সৃষ্টিৰ সূচনা কৰিছে, ৭৬,০০০ কোটি টকাৰ বাধৱন বন্দৰ প্ৰকল্প হৈছে ইয়াৰ উদাহৰণ। বাণিজ্যৰ সম্প্ৰসাৰণ আৰু লজিষ্টিক খণ্ডই গতি লাভ কৰা মাত্ৰেকে কৰ্মসংস্থাপনৰ সৃষ্টি হয়।

ভ্ৰাতৃ-ভগ্নীসকল,

ভাৰত এখনি এনে প্ৰমূল্যবোধ সম্পন্ন দেশ, য’ত ৰাষ্ট্ৰীয় নীতিয়ে ৰাজনীতিৰ ভিত্তি গঠন কৰে। চৰকাৰৰ বাবে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ব্যয় কৰা প্ৰতিটো টকা হৈছে নাগৰিকৰ সুবিধা আৰু সামৰ্থ্য বৃদ্ধিৰ এক মাধ্যম। ইয়াৰ বিপৰীতে দেশৰ এক ৰাজনৈতিক ধাৰাই জনকল্যাণৰ বিপৰীতে ক্ষমতাক অগ্ৰাধিকাৰ প্ৰদান কৰিছিল। এনে ধাৰাত বিশ্বাসী ব্যক্তিয়ে কেলেংকাৰি আৰু দুৰ্নীতিৰ জৰিয়তে উন্নয়নমূলক কামত বাধাৰ সৃষ্টি কৰে আৰু প্ৰকল্পসমূহক পথৰ পৰা নমাই আনে। ৰাষ্ট্ৰখন দশক-দশক ধৰি এনে অপশাসনৰ বলি হৈছিল।

 

বন্ধুসকল,

আজি উদ্বোধন কৰা মেট্ৰ’ লাইনে পূৰ্বৰ প্ৰশাসনৰ কেতবোৰ কাৰ্য্যকলাপৰ কথা মনত পেলাই দিছে। মই ইয়াৰ আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। এই কাৰ্য্যই মুম্বাইৰ লক্ষ-লক্ষ পৰিয়ালৰ কষ্ট লাঘৱৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু পৰৱৰ্তী চৰকাৰে এই প্ৰকল্পটো বন্ধ কৰি দিয়াৰ পৰিণতিত ৰাষ্ট্ৰৰ হাজাৰ-হাজাৰ কোটি লোকচান হোৱাৰ লগতে কেইবাবছৰ ধৰি দীৰ্ঘদিনীয়া অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। এই মেট্ৰ’ লাইন সম্পূৰ্ণ হোৱাৰ লগে-লগে দুঘন্টাৰ পৰা আঢ়ৈ ঘন্টাৰ যাত্ৰাত এতিয়া মাত্ৰ ৩০-ৰ পৰা ৪০ মিনিট সময় লাগিব। মুম্বাইৰ দৰে চহৰত প্ৰতিটো মিনিটৰে গুৰুত্ব আছে। নাগৰিকসকল তিনি-চাৰি বছৰ ধৰি এই সুবিধাৰ পৰা বঞ্চিত হৈ আহিছিল, এই কাৰ্য্য আছিল এক গুৰুতৰ অন্যায়।

বন্ধুসকল,

যোৱা এঘাৰ বছৰে চৰকাৰে নাগৰিকসকলৰ জীৱন-যাত্ৰাৰ অগ্ৰগতি সাধনত অধিক গুৰুত্ব আৰোপ কৰিছে। ৰেলৱে, পথ, বিমানবন্দৰ, মেট্ৰ’ আৰু ইলেক্ট্ৰিক বাছৰ দৰে সুবিধাসমূহত অভূতপূৰ্ব বিনিয়োগ কৰা হৈছে। এই উন্নয়নৰ উদাহৰণ হৈছে অটল সেতু আৰু উপকূলীয় পথৰ দৰে প্ৰকল্প।

বন্ধুসকল,

যাতায়াতকাৰীসকলে অসুবিধাৰ বাবে পদ্ধতি সলনি কৰাৰ প্ৰয়োজনীয়তা নোহোৱা কৰি নিৰৱচ্ছিন্ন যাত্ৰা নিশ্চিত কৰিবলৈ সকলো পৰিবহণ পদ্ধতিক একত্ৰিতকৰণৰ প্ৰচেষ্টা অব্যাহত আছে। ভাৰত এক ৰাষ্ট্ৰ, এক ম’বিলিটি দৃষ্টিভংগীৰ দিশত আগবাঢ়িছে। মুম্বাই ওৱান এপ এই দিশত আন এক পদক্ষেপ, ইয়াৰ জৰিয়তে নাগৰিকসকল টিকটৰ বাবে দীঘলীয়া শাৰীৰ পৰা হাত সাৰিব পাৰিব। এই এপটোৰ জৰিয়তে স্থানীয় ৰেল, বাছ, মেট্ৰ’ আৰু টেক্সিৰ টিকট সংগ্ৰহ কৰিব পাৰিব।

বন্ধুসকল,

ভাৰতৰ বিত্তীয় ৰাজধানী আৰু ইয়াৰ অন্যতম স্পন্দনশীল মহানগৰ হোৱাৰ বাবে ২০০৮-ত সন্ত্ৰাসবাদীয়ে মুম্বাইক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। সেই সময়ত ক্ষমতাত থকা চৰকাৰখনে দুৰ্বলতাৰ বাৰ্তা প্ৰেৰণ কৰিছিল আৰু সন্ত্ৰাসবাদৰ আগত আত্মসমৰ্পণ কৰা যেন দেখা গৈছিল। শেহতীয়াকৈ বিৰোধী দলৰ এজন জ্যেষ্ঠ নেতা তথা প্ৰাক্তন গৃহমন্ত্ৰীয়ে কৈছে যে মুম্বাই আক্ৰমণৰ পিছত ভাৰতৰ সশস্ত্ৰ বাহিনী পাকিস্তানত আক্ৰমণ কৰিবলৈ সাজু হৈছে। সমগ্ৰ ৰাষ্ট্ৰই এনে কাৰ্যক সমৰ্থন কৰে। কিন্তু বিৰোধী নেতাগৰাকীৰ মতে বিদেশী দেশৰ হেঁচাত চৰকাৰে সামৰিক সঁহাৰি বন্ধ কৰিছে। মই বিৰোধী দলৰ এই সিদ্ধান্তক কোনে প্ৰভাৱিত কৰিলে সেয়া স্পষ্ট কৰিবলৈ দাবী জনালোঁ, যিয়ে মুম্বাই আৰু ৰাষ্ট্ৰৰ আৱেগক ভেঙুচালি কৰিছে। বিৰোধী দলৰ দুৰ্বলতাই সন্ত্ৰাসবাদীক সাহসী কৰি তুলিছে আৰু বিৰোধীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰিছে, ইয়াৰ পৰিণতিত দেশৰ নিৰীহ লোকৰ অপমৃত্যু হৈছে।

 

বন্ধুসকল,                            

আমাৰ বাবে আমাৰ ৰাষ্ট্ৰখন আৰু ইয়াৰ নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা সৰ্বাধিক গুৰুত্বপূৰ্ণ। আজিৰ ভাৰতে শক্তিৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু শত্ৰুৰ ভূখণ্ডৰ ভিতৰলৈ গৈ প্ৰত্যুত্তৰ দিয়ে। এই কাৰ্য্য অপাৰেচন সিন্দূৰৰ সময়ত বিশ্বজুৰি প্ৰত্যক্ষ হৈছে আৰু ইয়াক স্বীকাৰ কৰিছে।

বন্ধুসকল,

দৰিদ্ৰ, নব্য-মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীক সবলীকৰণ কৰাটো ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ বিষয়। এই পৰিয়ালসমূহে সুবিধা আৰু সন্মান লাভ কৰা মাত্ৰেকে তেওঁলোকৰ সামৰ্থ্য বৃদ্ধি পায়। নাগৰিকৰ সামূহিক শক্তিয়ে ৰাষ্ট্ৰখনক শক্তিশালী কৰি তোলে। শেহতীয়াকৈ জিএছটিৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সাধন কাৰ্য্যই একাধিক সামগ্ৰীক অধিক সুলভ কৰি তুলিছে, ইয়াৰ ফলত জনসাধাৰণৰ ক্ৰয় ক্ষমতা অধিক বৃদ্ধি পাইছে। বজাৰৰ তথ্যলৈ চালে দেখা যায় যে এই নৱৰাত্ৰিৰ বতৰত বহু বছৰীয়া বিক্ৰীৰ অভিলেখ ভংগ হৈছে, অভিলেখ সংখ্যক লোকে স্কুটাৰ, বাইক, টেলিভিছন, ফ্ৰীজ, ৱাশ্বিং মেচিন ক্ৰয় কৰিছিল।

 

বন্ধুসকল,

চৰকাৰে নাগৰিকৰ জীৱন-যাত্ৰাৰ অগ্ৰগতি সাধনৰ লগতে ৰাষ্ট্ৰখনক সবল কৰি তোলা পদক্ষেপ গ্ৰহণ কাৰ্য্য অব্যাহত ৰাখিব। মই সকলোকে স্বদেশীক আকোৱালি ল’বলৈ আহ্বান জনাইছোঁ আৰু গৌৰৱেৰে “এইটো স্বদেশী” বুলি ক’বলৈ কৈছোঁ। এই মন্ত্ৰ প্ৰতিঘৰ গৃহস্থী আৰু বজাৰতে প্ৰতিধ্বনিত হ’ব লাগে। প্ৰতিজন নাগৰিকে স্বদেশী কাপোৰ আৰু জোতা ক্ৰয়, স্বদেশী সামগ্ৰী ঘৰলৈ অনা আৰু স্বদেশী সামগ্ৰীক উপহাৰ হিচাপে প্ৰদান কৰা মাত্ৰেকে ৰাষ্ট্ৰৰ ধন দেশৰ ভিতৰতে থাকে। ইয়াৰ ফলশ্ৰুতিত ভাৰতীয় শ্ৰমিকসকলৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব আৰু যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি হ’ব। সমগ্ৰ ৰাষ্ট্ৰই স্বদেশী সামগ্ৰী গ্ৰহণ কৰিলে ভাৰতে কিমান অপৰিসীম শক্তি লাভ কৰিব, সেই কথা কল্পনা কৰিবলৈ মই জনসাধাৰণক আহ্বান জনালোঁ।

বন্ধুসকল,

ভাৰতৰ উন্নয়নক ত্বৰান্বিতকৰণৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰই সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে। কেন্দ্ৰ আৰু ৰাজ্যৰ তেওঁলোকৰ চৰকাৰসমূহে মহাৰাষ্ট্ৰৰ প্ৰতিখন চহৰ আৰু গাঁৱৰ সামৰ্থ্য বৃদ্ধিৰ বাবে অক্লান্তভাৱে কাম কৰি যাব। মই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে সকলোকে অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া মোৰ সৈতে কওঁকঃ ভাৰত মাতা কী জয়! আপোনালোকৰ দুয়োখন হাত দাঙি এই জয় উদযাপন কৰক!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.