Today, Jind and Haryana have permanently etched their names in the pages of history. From here today, the nation has been gifted its first Hydrogen Train: PM
Besides being completely emission-free, India's Hydrogen Train, stands as a remarkably successful testament to MAKE IN INDIA: PM
Whether it is railways or roadways, such strides in connectivity provides convenience and accelerates the pace of development manifold: PM
Our government has formulated a new National Sports Policy, the Khelo Bharat policy as well; Ranging from the Khelo India campaign to the TOPS Scheme, athletes today are being provided with unprecedented facilities: PM

ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়।

হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী অসীম ঘোষ, হাৰিয়ানাৰ জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী নয়াব সিং ছাইনী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ, উপস্থিত থকা আন আন জনপ্ৰতিনিধিসকল আৰু প্ৰযুক্তিৰ জৰিয়তে হাৰিয়ানাৰ বিভিন্ন স্থানৰ পৰা অংশগ্ৰহণ কৰা মৰমৰ ভাই-ভনীসকল!

এইবোৰ ইয়ালৈ অনা কিছুমান ফটো- অনুগ্ৰহ কৰি সংগ্ৰহ কৰক, নহ’লে পিছফালে বহি থকাসকলে চাব নোৱাৰিব৷ এছ পি জিৰ কৰ্মীসকল, অনুগ্ৰহ কৰি সংগ্ৰহ কৰক। ধন্যবাদ ভাই, ইমান ধুনীয়া ছবিবোৰৰ বাবে। তাত সৰু ছোৱালী এজনীয়েও কিবা এটা আনিছে- অনুগ্ৰহ কৰি সেয়াও সংগ্ৰহ কৰক। ইয়াতো দুজন ভদ্ৰলোক দেখা গৈছে। আৰু এতিয়া, সকলোৱে অনুগ্ৰহ কৰি আৰামত বহিব। আপোনালোকৰ মৰমৰ বাবে, এই কলাত্মক সাধনাৰ বাবে সকলোকে ধন্যবাদ জনাইছো।

বন্ধুসকল,

জিন্দৰ এই গৌৰৱময় ভূমিৰ পৰা আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনালো! আজি এই পবিত্ৰ ভূমিলৈ আহি মোৰ হৃদয় আনন্দৰে ভৰি পৰিছে। এইখন কোনো সাধাৰণ ভূমি নহয়। এই ভূমি ইতিহাস, শৌৰ্য, ধৰ্ম, গৌৰৱৰ দেশ। শক্তিপীঠ মাতা জয়ন্তীৰ নাম আৰু আশীৰ্বাদ এই নগৰৰ লগত ৰৈ গৈছে। আৰু মোৰ বাবে জিন্দলৈ অহাটো পুৰণি স্মৃতিৰ বাবে খিৰিকী খুলি দিয়াৰ দৰেই। ইয়াত বহি বহু পুৰণি মুখ দেখিলোঁ, সকলোবোৰ চিনাকি মুখ। বহুতে দাবী কৰিব যে মই আগতে তেওঁলোকৰ স্কুটাৰত জিন্দলৈ আহিছিলোঁ। বহু দশকৰ আগতে মই প্ৰথমে সাংগঠনিক কামৰ বাবে জিন্দলৈ আহিছিলো। তেতিয়া, আপোনালোক সকলোৱে মোক যি মৰম আৰু চেনেহ দিলে, মই কেতিয়াও সেয়া পাহৰিব পৰা নাই। মুৰাহ ম’হৰ গাখীৰ, দৈ, ঘি, জিন্দৰ স্থানীয় ‘বুৰা’ আৰু ইয়াত থকা ঘেৱাৰ, এইবোৰ স্মৃতি জিন্দৰ লগত অবিচ্ছেদ্যভাৱে জড়িত।

বন্ধুসকল,

বছৰ বছৰ ধৰি জিন্দৰ ঘি আৰু ঘেৱাৰৰ পৰিৱৰ্তন হোৱা নাই যদিও জিন্দৰ মনোভাৱ পৰিৱৰ্তন হৈছে। আজি জিন্দ বিজেপি-এনডিএৰ সুশাসনৰ আৰ্হিৰ প্ৰতীক হৈ পৰিছে। শেহতীয়া বছৰবোৰত সমগ্ৰ হাৰিয়ানাই উন্নয়নৰ এক নতুন পথত আগবাঢ়িছে। আজিৰ কাৰ্যসূচীয়ে দ্বৈত ইঞ্জিনৰ বিজেপি চৰকাৰৰ এই অভিযানত নতুন শক্তিৰ সঞ্চাৰ কৰিছে।

 

বন্ধুসকল,

আজি জিন্দ আৰু হাৰিয়ানা ইতিহাসৰ পাতত খোদিত হৈছে। আজি ইয়াৰ পৰাই দেশে প্ৰথমখন হাইড্ৰজেন চালিত ৰেল লাভ কৰিলে।

মনত ৰাখিব বন্ধুসকল,

আজিও আমি পঢ়ো আৰু শুনো যে ভাৰতৰ প্ৰথমখন ৰেল বম্বে, যিটো আজি মুম্বাই নামেৰে জনাজাত আৰু থানেৰ মাজত চলিছিল। ঠিক তেনেদৰে ভৱিষ্যতে যেতিয়াই হাইড্ৰ’জেন ৰেলৰ কথা কোৱা হ’ব তেতিয়াই জিন্দ, শনিপট, হাৰিয়ানাৰ নাম উল্লেখ কৰাটো অনিবাৰ্য হব। ভাৰতীয় ৰেলৱেৰ আধুনিকীকৰণৰ এই বৃহৎ পদক্ষেপৰ বাবে আপোনালোক সকলোকে আৰু সমগ্ৰ দেশবাসীক অভিনন্দন জনাইছো।

বন্ধুসকল,

আজি হাৰিয়ানাই ১৪ হাজাৰ কোটিতকৈও অধিক মূল্যৰ অন্যান্য প্ৰকল্পও লাভ কৰিছে। ইয়াৰ ভিতৰত আছে বহুসংখ্যক ৰেল আৰু ঘাইপথ প্ৰকল্প, আমাৰ ঐতিহ্যৰ সৈতে জড়িত প্ৰকল্প আৰু হাৰিয়ানাৰ সেৱাৰ বাবে নিবেদিত দুখন নতুন চিকিৎসা মহাবিদ্যালয়। ভীৱানীৰ পণ্ডিত নেকি ৰাম শৰ্মা চিকিৎসা মহাবিদ্যালয় আৰু নৰনাউলৰ মহৰ্ষি চ্যাৱন চিকিৎসা মহাবিদ্যালয় আৰু ৰাও তুলাৰাম চিকিৎসালয়ে হাৰিয়ানাৰ স্বাস্থ্যসেৱা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰিব। ইয়াৰ উপৰি হাৰিয়ানাৰ যুৱক-যুৱতীসকলক চিকিৎসক আৰু অন্যান্য চিকিৎসা পেছাদাৰী হোৱাৰ নতুন পথ মুকলি কৰিব। এই প্ৰকল্পসমূহৰ বাবে মোৰ হাৰিয়ানাৰ সকলো ভাই-ভনীলৈ অশেষ অভিনন্দন।

বন্ধুসকল,

আজি মই জিন্দ আৰু হাৰিয়ানাৰ ৰাইজক আৰু এটা কথাৰ বাবে প্ৰশংসা কৰিব বিচাৰিছো। আপোনালোকে যি গুৰুত্বসহকাৰে স্বচ্ছতা সে স্বগত পদক্ষেপ লৈছে, মোৰ আগমনৰ পূর্বেও ইয়াৰ ৰাইজে নতুন শক্তিৰে স্বচ্ছতা অভিযানত পুনৰ নিয়োজিত হৈছে, সেয়া হৃদয়স্পৰ্শী। আৰু মই লক্ষ্য কৰি আহিছো যে আপোনালোকৰ এই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান যোৱা এসপ্তাহ ধৰি ছ’চিয়েল মিডিয়াত এক ভাইৰেল বিষয় হৈ পৰিছে। কিন্তু একাংশ লোকে ছ’চিয়েল মিডিয়াতো কৈছে, "মোদীজী, অনুগ্ৰহ কৰি বাৰে বাৰে আহক যাতে আমাৰ জিন্দ পৰিষ্কাৰ হৈ থাকে।" এই আৱেগ প্ৰকাশ কৰা ভদ্ৰলোকজনক ধন্যবাদ জনাইছো, কিন্তু আজি মই জিন্দবাসীৰ পৰা কিবা এটা বিচাৰি আহিছো। কওকচোন, এই স্বচ্ছতা অভিযানৰ বাবে মোদীৰ ভ্ৰমণ প্ৰয়োজনীয় নেকি? জিন্দৰ ৰাইজে, হাৰিয়ানাৰ ৰাইজে ভৱিষ্যতে লেতেৰা নকৰাৰ সিদ্ধান্ত ল’লে জিন্দ কেতিয়াবা লেতেৰা হ’বনে? হাৰিয়ানালৈ আহিব নেকি আৱৰ্জনা? গতিকে, আমি মাত্ৰ এটা কামেই কৰিব লাগিব। মোদী অহাৰ প্ৰয়োজন নাই, মাত্ৰ সিদ্ধান্ত লওক। আমি পৰিষ্কাৰ-পৰিচ্ছন্নতাক আমাৰ স্বভাৱ, আমাৰ সংস্কৃতি কৰিম আৰু আমি পৰিষ্কাৰ-পৰিচ্ছন্নতাক আমাৰ দৈনন্দিন জীৱনৰ অংশ কৰিম।

বন্ধুসকল,

যদি আমি ৰেলপথৰ ইতিহাস চাওঁ তেন্তে আমি দেখিবলৈ পাওঁ যে ১৯ শতিকাৰ ৰেলপথৰ সংজ্ঞা ভাপ ইঞ্জিনৰ দ্বাৰা কৰা হৈছিল। ২০ শতিকাত ডিজেল আৰু বৈদ্যুতিক ৰে’লৰ ব্যৱস্থা আছিল। এতিয়া হাইড্ৰজেনেৰে চলি আছে একবিংশ শতিকাৰ ৰেল। আজি ভাৰতীয় ৰে’লৱেও একবিংশ শতিকাৰ এই প্ৰযুক্তিৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আজি জিন্দ আৰু শনিপটৰ মাজত হাইড্ৰজেন ৰেল চলিল। বৰ্তমান এই যাত্ৰা ৯০ কিলোমিটাৰ যদিও ভৱিষ্যতে ইয়াৰ সম্প্ৰসাৰণৰ যথেষ্ট সম্ভাৱনা আছে। আমি ইয়াৰ ওপৰত গৱেষণা কৰি যাম, খৰচ কমোৱাৰ উপায় বিচাৰি উলিয়াম, দক্ষতা বৃদ্ধি কৰিম আৰু বিস্তৃত গৱেষণা চলাই ইটোৰ পিছত সিটো পদক্ষেপ গ্ৰহণ কৰিম। হাইড্ৰ’জেন ৰে’লবোৰ শেহতীয়াকৈহে পৃথিৱীলৈ আহিছে, মাত্ৰ প্ৰায় ৭-৮ বছৰ আগতে। বৰ্তমান বিশ্বৰ মাত্ৰ তিনি-চাৰিখন দেশতহে হাইড্ৰ’জেন ৰে’ল চলোৱাৰ ক্ষমতা আছে। আৰু যিবোৰ দেশত বৰ্তমান এনে হাইড্ৰ’জেন ৰে’ল চলি আছে, সেইবোৰ দেশতো অতি প্ৰাৰম্ভিক পৰ্যায়ত আছে। কিন্তু ভাৰতত এই হাইড্ৰজেন ৰেলৰ চলোৱাৰ সক্ষমতাৰ কথাই আপোনালোকক গৌৰৱান্বিত কৰিব, প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰিব।

 

বন্ধুসকল,

জিন্দৰ পৰা শনিপটলৈ চলি থকা হাইড্ৰ’জেন ৰে’লখন বিশ্বৰ আটাইতকৈ শক্তিশালী হাইড্ৰ’জেন ৰে’ল। এই হাইড্ৰজেন ৰেলৰ শক্তি ৩২০০ হৰ্চপাৱাৰ। ই কেৱল আটাইতকৈ শক্তিশালীয়েই নহয়, ভাৰতৰ হাইড্ৰজেন ৰেলখনো আটাইতকৈ দীঘল। বিশ্বৰ বেছিভাগ হাইড্ৰ’জেন ৰে’লত সাধাৰণতে তিনিটা বা চাৰিটা দবা থাকে। ভাৰতে প্ৰথমবাৰৰ বাবে ১০ টা দবাৰ হাইড্ৰ’জেন ৰে’ল চলাই বিশ্বত নিজকে প্ৰতিষ্ঠা কৰিছে।

বন্ধুসকল,

মই আপোনালোকক আৰু এটা গৌৰৱৰ কথা ক’ব বিচাৰিছো। এই ভাৰতীয় হাইড্ৰজেন ৰেল কেৱল ধোঁৱাবিহীন নহয়, ই মেক ইন ইণ্ডিয়াৰ এক অতি সফল উদাহৰণো। এই হাইড্ৰজেন ৰেলখন ভাৰতীয় অভিযন্তাই প্ৰস্তুত কৰা আৰ্হিৰ ভিত্তিত ভাৰতীয় কোম্পানী এটাই নিৰ্মাণ কৰিছে।

বন্ধুসকল,

এই হাইড্ৰজেন ৰেলখন আন ৰেলতকৈ সম্পূৰ্ণ পৃথক। ইয়াৰ বাবে সম্পূৰ্ণ বেলেগ ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ প্ৰয়োজন। ইয়াৰ বাবে ইয়াত জিন্দত সকলো ব্যৱস্থা কৰা হৈছে। বন্ধুসকল, ভৱিষ্যতে ইয়াত হাইড্ৰজেন সম্পৰ্কীয় অধিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হ’ব আৰু হাইড্ৰ’জেন ৰে’ল নেটৱৰ্কৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে নতুন কাৰখানা স্থাপন কৰা হ’ব। অৰ্থাৎ এই ৰেলখনে হাৰিয়ানাৰ যুৱক-যুৱতীসকলৰ বাবে বহু নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটো নিশ্চিত।

বন্ধুসকল,

যোৱা ১২ বছৰত ভাৰতীয় ৰেলৱেৰ এই বৃহৎ পৰিৱৰ্তনে ভাৰতলৈ আন এক সুফল কঢ়িয়াই আনিছে। বুজিছা, যোৱা কেইবামাহো ধৰি পশ্চিম এছিয়াত, সমগ্ৰ হৰমুজ প্ৰণালী অঞ্চলত, ইৰাণ আৰু উপসাগৰীয় যুদ্ধ চলি আছে। হৰমুজ প্ৰণালীৰ পৰা আমাৰ কৃষকৰ বাবে বিপুল পৰিমাণৰ পেট্ৰ’ল, ডিজেল, এল পি জি আৰু সাৰ ভাৰতলৈ যি সাগৰীয় পথৰ মাজেৰে আহে, সেইটোৱেই একেটা পথ। কিন্তু যোৱা ৩-৪ মাহ ধৰি এই পথটো সংকটৰ দ্বাৰা আগুৰি থকা এক অহৰহ যুদ্ধক্ষেত্ৰত পৰিণত হৈছে।

বন্ধুসকল,

২০১৪ চনৰ আগতে যদি এই পৰিস্থিতিৰ সৃষ্টি হ’লহেঁতেন তেন্তে ভাৰতৰ ৰে’লপথৰ কাম-কাজ সম্পূৰ্ণ স্তব্ধ হৈ পৰিলহেঁতেন। কাৰণ সেই সময়ত ২০১৪ চনত দেশৰ ৰে’লৰ এক বৃহৎ অংশ কেৱল ডিজেলত চলিছিল। এতিয়া কল্পনা কৰকচোন, যদি ডিজেল অহা বন্ধ হৈ গ’লহেঁতেন তেন্তে আজি ডিজেল চালিত ৰে’ল কেনেকৈ চলিলহেঁতেন? তেতিয়া কি যে এক বৃহৎ সংকটত পৰিব দেশ।

কিন্তু বন্ধুসকল,

এয়া ২০১৪ চনৰ পৰিস্থিতি নহয়, এয়া মোদীৰ সময়। তেওঁ আগতেই চিন্তা কৰে আৰু সমস্যাৰ সমাধান কাৰ্যকৰী কৰে। এবাৰ ভাবি চাওকচোন। আপোনালোকে হয়তো শুনিলেই হতভম্ব হ’ব যে ভাৰতীয় ৰে’লৱেৰ বিদ্যুতিকীকৰণৰ কাম আৰম্ভ হৈছিল ১৯২৫ চনত, প্ৰায় ১০০ বছৰ আগতে। ১৯২৫ চনৰ পৰা ২০১৪ চনলৈকে প্ৰায় ৯০ বছৰত সমগ্ৰ দেশৰ ৰে’ল নেটৱৰ্কৰ মাত্ৰ ৩০ শতাংশ, এক তৃতীয়াংশতকৈও কম, বিদ্যুৎ সংযোগ হৈছিল। ৭০ শতাংশ অঞ্চলত ডিজেল চালিত ৰেল আছিল। আৰু যি গতিৰে ৯০ বছৰত ৩০% কাম সম্পূৰ্ণ হ’ল, সেই গতিৰে ১০০%ত উপনীত হ’বলৈ ২০০-৩০০ বছৰ লাগিলহেঁতেন। ভাৰতীয় ৰে’লৱেৰ বিদ্যুতিকীকৰণ সম্ভৱ নহ’লহেঁতেন। ৰেলবোৰ ডিজেলত চলিলহেঁতেন। কিন্তু বিগত ১২ বছৰত ভাৰতৰ প্ৰায় ৯৯% ৰেল নেটৱৰ্কত বিদ্যুৎ সংযোগ হৈছে। হাৰিয়ানাৰ ৰেল নেটৱৰ্কত ১০০% বিদ্যুৎ সংযোগ কৰা হৈছে। ইয়াৰ বাবেই যুদ্ধ আৰু তেলৰ নাটনিৰ মাজতো ভাৰতৰ ৰেলপথ বন্ধ হোৱা নাই। ভাৰতৰ উন্নয়ন স্থৱিৰ হোৱা নাই; ৰে’লৰ চলাচল অব্যাহত আছে।

 

বন্ধুসকল,

ৰেল হওক বা পথ, এনে সংযোগে সুবিধা প্ৰদান কৰে আৰু উন্নয়নৰ গতি বহুগুণে বৃদ্ধি কৰে। আজি ইমানবোৰ ঘাইপথৰ সৈতে সংযুক্ত জিন্দে এই মঞ্চৰ পৰাই তিনিটা বৃহৎ প্ৰকল্পৰ আৰম্ভণিৰ সাক্ষী হ’ল মাত্ৰ। দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ হাৰিয়ানা অংশ উদ্বোধন কৰা হয়। জিন্দ-গোহানা ৰাষ্ট্ৰীয় ঘাইপথটোও দেশৰ বাবে উৎসৰ্গা কৰা হৈছে। ইয়াৰ উপৰি আম্বালা-কালা আম্ব চাৰিলেনযুক্ত পথটোৱে হাৰিয়ানা আৰু হিমাচল প্ৰদেশ উভয়ৰে ৰাইজক বহুখিনি সুবিধা প্ৰদান কৰিব।

বন্ধুসকল,

জিন্দ এতিয়া দেশৰ ৫টা ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযুক্ত একমাত্ৰ জিলা হিচাপে পৰিগণিত হৈছে। এনে সংযোগে কৃষক আৰু পশুপালকৰ বাবে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বৃহৎ বজাৰলৈ পৰিবহণ কৰা সহজ আৰু কম খৰচী কৰি তুলিব। ইয়াৰ ফলত উদ্যোগ বৃদ্ধি পাব, পৰ্যটন বৃদ্ধি পাব আৰু বৃহৎ সংখ্যক নতুন সংস্থাপনৰ সৃষ্টি হ’ব।

বন্ধুসকল,

আপোনালোক সকলোৱে জানে যে মই মাত্ৰ কেইদিনমানৰ আগতে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড ভ্ৰমণৰ পৰা উভতি আহিছো। ভাৰতে তাত অসংখ্য চুক্তি স্বাক্ষৰ কৰিছিল, যিবোৰৰ ওপৰত বহুল চৰ্চা হৈছিল। অৱশ্যে এটা বিষয় আছে যিটোৰ ওপৰত ইমান আলোচনা হোৱা নাই। এই বিষয়টো মোৰ দেশৰ বিশেষকৈ হাৰিয়ানাৰ যুৱক-যুৱতীসকলৰে জড়িত, আৰু সেই বিষয়টো হৈছে ক্ৰীড়া।

বন্ধুসকল,

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড চৰকাৰৰ সৈতে ক্ৰীড়া সম্পৰ্কে বিস্তৃত আলোচনা হৈছে। এই দুয়োখন দেশৰ সহযোগত আমি ভৱিষ্যতে ক্ৰীড়া উদ্যোগৰ বিকাশ, খেলুৱৈক প্ৰশিক্ষণ দিয়া আৰু অন্যান্য বহুতো ক্ষেত্ৰত একেলগে কাম কৰিম। ইয়াৰ দ্বাৰা হাৰিয়ানাৰ যুৱক-যুৱতীসকলো যথেষ্ট উপকৃত হ’ব।

বন্ধুসকল,

আজি ভাৰতত ক্ৰীড়াক ফিটনেছ আৰু কৰ্মসংস্থাপনৰ প্ৰধান উৎস হিচাপে প্ৰচাৰ কৰা হৈছে। আমাৰ চৰকাৰে নতুন ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি আৰু খেলো ইণ্ডিয়া নীতি গঢ়ি তুলিছে। খেলো ইণ্ডিয়া অভিযানৰ পৰা আৰম্ভ কৰি টপছ আঁচনিলৈকে খেলুৱৈসকলে অভূতপূৰ্ব সুবিধা আৰু হাজাৰ হাজাৰ টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। ইয়াত হাৰিয়ানাতো বিজেপি চৰকাৰে ক্ৰীড়া আৰু খেলুৱৈসকলক যথেষ্ট উৎসাহিত কৰিছে।

 

বন্ধুসকল,

আজিৰ এই কার্যসূচীত হাইড্ৰজেন ৰেল আৰু অন্যান্য উন্নয়নমূলক প্রকল্পৰ বিষয়ে কোৱা হৈছে যদিও মই ইয়ালৈ আহিছো হাৰিয়ানাৰ যুৱক-যুৱতীসকলক আন কিবা এটা ক’বলৈ৷ আপোনালোকে সকলোৱে জানে যে ২০৩০ চনত ভাৰতে কমনৱেলথ গেমছ আয়োজন কৰিব। ২০৩৬ চনত ভাৰতত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছৰ বাবেও আমি সম্পূৰ্ণ প্ৰস্তুতি চলাই আছো। গতিকে প্ৰতিজন খেলুৱৈয়ে জোৰদাৰ প্ৰস্তুতি চলাব লাগিব আৰু যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। মই আপোনালোকক আশ্বাস দিছো যে দ্বৈত ইঞ্জিনৰ বিজেপি চৰকাৰে আপোনালোকক প্ৰতিটো সুবিধা প্ৰদান কৰিব। আৰু আমি ৫ৰ পৰা ১২-১৫ বছৰৰ ভিতৰৰ সেই শিশুসকলৰ ওপৰত গুৰুত্ব দিব লাগিব যিয়ে ২০৩৬ চনৰ অলিম্পিক চাব বিচাৰে। আৰু এটা কথা কওঁ- অদূৰ ভৱিষ্যতে আহমেদাবাদত অনুষ্ঠিত হ’ব বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ খেল। হাৰিয়ানাৰ পৰা অহা বন্ধুসকলক ক’ব বিচাৰিছো যে এইবোৰৰ বাবেও অধ্যৱসায়ীভাৱে প্ৰস্তুতি চলাওক। মোৰ বিশ্বাস যে হাৰিয়ানাৰ পুত্ৰ-কন্যাই সদায়ৰ দৰেই এই অনুষ্ঠানবোৰত জিলিকি উঠিব।

বন্ধুসকল,

হাৰিয়ানাৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে "সবকা সাথ, সবকা বিকাশ" (সকলোৰে বাবে উন্নয়ন) মন্ত্ৰ মানি চলিছে। নয়াব সিংজীৰ নেতৃত্বত হাৰিয়ানা চৰকাৰে যুৱক-যুৱতীয়ে হওক, খেতিয়কে হওক, ভগ্নী বা কন্যাই হওক সকলোৰে বাবে উৎকৃষ্ট কাম কৰি আছে। কোনো খৰচ নোহোৱাকৈ চাকৰিৰ ব্যৱস্থা কৰিবলৈ হাৰিয়ানা চৰকাৰে দেখুওৱা পথটো সহজ নাছিল যদিও বিজেপি চৰকাৰে সেয়া কৰিছে।

বন্ধুসকল,

ইয়াৰ কৃষকৰ কল্যাণো আমাৰ অগ্ৰাধিকাৰ। জিন্দ মাণ্ডী হাৰিয়ানাৰ অন্যতম বৃহৎ বজাৰ। দ্বৈত ইঞ্জিনৰ বিজেপি চৰকাৰৰ বাবে হাৰিয়ানাৰ কৃষকসকল যথেষ্ট উপকৃত হৈছে। হাৰিয়ানাৰ কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰা লাভ কৰিছে প্ৰায় ৮ হাজাৰ কোটি টকা। ইয়াৰে জিন্দৰ আমাৰ কৃষকসকলেও ৬০০ কোটি টকাৰ ওপৰত লাভ কৰিছে।

বন্ধুসকল,

আমাৰ দেশখন মূল্যবোধ আৰু সংস্কৃতিৰ দেশ। আৰু এই অঞ্চলটো এই চহকী ঐতিহ্যৰ এটা প্ৰধান কেন্দ্ৰ। মহাৰাজ ৰঞ্জিত সিঙৰ গৌৰৱ আৰু পাণ্ডৱৰ বাসস্থানৰূপে বিশ্বাস কৰা এইখন জিন্দৰ ভূমি। পাণ্ডু-পিন্দৰা আৰু ৰামৰাইৰ দৰে পবিত্ৰ মন্দিৰসমূহ এতিয়াও লাখ লাখ ভক্তৰ বিশ্বাসৰ কেন্দ্ৰবিন্দু।

 

বন্ধুসকল,

বিশ্বাস আৰু আধ্যাত্মিকতাৰ এই উত্তৰাধিকাৰেই আজিৰ ভাৰতে সংৰক্ষণ কৰি ৰাখিছে আৰু পৰৱৰ্তী প্ৰজন্মলৈ সন্মানেৰে আগবঢ়াই নিছে। এই মনোভাৱেৰে আজি কুৰুক্ষেত্ৰত শিখ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। হাৰিয়ানাৰ এই নতুন সংগ্ৰহালয়ে ভাৰতৰ মহান গুৰু পৰম্পৰাক ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়াই নিব।

 

বন্ধুসকল,

হাৰিয়ানা এতিয়া দ্ৰুত উন্নয়নৰ পথত আগবাঢ়িছে। কৃষিয়ে হওক বা উদ্যোগ, এই দুটা চালিকা শক্তিয়েই হাৰিয়ানাক শক্তিশালী কৰি তুলিছে। আজি যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হয়, সেইবোৰে হাৰিয়ানাৰ উন্নয়ন আৰু অধিক ত্বৰান্বিত কৰিব। আৰু হাৰিয়ানাৰ এই দ্রুত বিকাশে উন্নত ভাৰতৰ দিশে যাত্ৰাক আৰু অধিক শক্তিশালী কৰি তুলিব। এই শুভকামনাৰে মই পুনৰবাৰ আপোনালোক সকলোকে অভিনন্দন জনাইছো। লগতে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ বাবে সকলো নাগৰিকলৈও শুভেচ্ছা জনাইছো। মোৰ সৈতে কওক :

ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়!

আপোনালোকক অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles loss of lives in firecracker factory mishap in Kaushambi
August 31, 2026
PM announces ex-gratia from Prime Minister’s National Relief Fund

The Prime Minister, Shri Narendra Modi has expressed deep sorrow over the loss of lives in a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. Shri Modi conveyed his condolences to the bereaved families and prayed for the speedy recovery of the injured.

Shri Modi also announced an ex-gratia of ₹2 lakh from the Prime Minister’s National Relief Fund (PMNRF) to the next of kin of each deceased and ₹50,000 for the injured.

The Prime Minister posted on X;

Extremely saddened by the loss of lives due to a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi