আয়ুষ্মান ভাৰত ডিজিটেল মিছনে সহজে ব্যৱহাৰযোগ্য এনে এখন প্লেটফর্ম প্ৰস্তুত কৰিব, যাৰ ডিজিটেল স্বাস্থ্য ইকোছিষ্টেমৰ মাজত অন্যান্য স্বাস্থ্য সম্পর্কিত পোর্টেলবিলাকৰ সৈতে সমন্বয় থাকিব
জন ধন – আধাৰ আৰু মোবাইল – এই ত্রিমুখী ব্যৱস্থাৰ উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে বিশ্বৰ ক'তো ইমান বৃহৎ পৰিমাণৰ পাৰস্পৰিক সম্পর্ক যুক্ত পৰিকাঠামো নাই
ৰেছনৰ পৰা পুষ্টিলৈকে সর্বত্রই ডিজিটেল পৰিকাঠামোৱে দ্রুত আৰু স্বচ্ছতাৰে সাধাৰণ মানুহৰ কাষত পৰিসেৱা উপলব্ধ কৰিছে
টেলিমেডিচিন ক্ষেত্রতো অভাবনীয় অগ্রগতি হৈছে
আয়ুষ্মান ভাৰত – পিএমজেএৱাইয়ে দৰিদ্র মানুহৰ জীৱনত এক ডাঙৰ সমস্যাৰ সমাধান কৰিছে। এতিয়ালৈকে ২ কোটিৰো অধিক দেশবাসীয়ে, যাৰ অর্ধেক মহিলা এই কর্মসূচীৰ সুবিধা লৈছে
আয়ুষ্মান ভাৰত – ডিজিটেল মিছনে সমগ্ৰ দেশত হাস্পতালবিলাকৰ সৈতে ডিজিটেল স্বাস্থ্য পৰিসেৱাৰ ক্ষেত্রত পাৰস্পৰিক যোগসূত্র গঢ়ি তুলিব
চৰকাৰী স্বাস্থ্য পৰিসেৱা দেশৰ বর্তমান আৰু ভৱিষ্যতৰ লক্ষ্যত বৃহৎ বিনিয়োগ
আমাৰ স্বাস্থ্য পৰিকাঠামো যেতিয়া সংহত আৰু শক্তিশালী হ'ব, তেতিয়া পর্যটন ক্ষেত্রৰ বিকাশ ঘটাব

নমস্কাৰ!

কাৰ্যক্ৰমত উপস্থিত থকা মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱীয়া জী, মন্ত্ৰীমণ্ডলৰ মোৰ আন সহযোগীসকল, জ্যোষ্ঠ বিষয়াবৰ্গ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা চৰকাৰী আৰু বে-চৰকাৰী হাস্পটালসমূহৰ চিকিত্সক, পৰিচলনাৰে জড়িত বিষয়ববীয়াবৃন্দ, কাৰ্যক্ৰমত উপস্থিত থকা মহানুভৱ আৰু মোৰ প্ৰিয় ভাই-ভনীসকল।

একৈশ শতিকাত আগবাঢ়ি যোৱা ভাৰতৰ বাবে আজিৰ দিনটো সঁচাকৈ এক গুৰুত্বপূৰ্ণ দিন। বিগত সাতোটা বছৰত, দেশৰ স্বাস্থ্য সা-সুবিধাসমূহ শক্তিশালী কৰি তোলাৰ বাবে চলোৱা অভিযানে আজিৰে পৰা আৰু এটা নতুন পৰ্বত প্ৰৱেশ কৰিব। এয়া কিন্তু সাধাৰণ পৰ্ব নহয়, এয়া দৰাচলতেই এক অসামান্য পৰ্ব। আজি এক এনেকুৱা মিছনৰ শুভাৰম্ভ হৈছে, যিয়ে ভাৰতৰ স্বাস্থ্য সা-সুবিধাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিব।

বন্ধুসকল,

তিনিবছৰৰ আগতে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম-জয়ন্তীৰ উপলক্ষত পণ্ডিতজীক উচৰ্গা কৰা ‘আয়ুষ্মান ভাৰত যোজনা’, সমগ্ৰ দেশতে ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছিল। মোৰ ভাল লাগিছে যে আজিৰে পৰা ‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’ও সমগ্ৰ দেশতে আৰম্ভ হ’ব। এই মিছনে দেশৰ দুখীয়া আৰু মধ্যবিত্তসকলৰ চিকিত্সাৰ ক্ষেত্ৰত হোৱা সমস্যা আঁতৰোৱাৰ ক্ষেত্ৰত বহুখিনি সহায় আগবঢ়াব পাৰিব। প্ৰযুক্তিৰ সহায়ত দেশৰ বহু সহস্ৰ চিকিত্সালয়ৰ সৈতে যোগাযোগ কৰাৰ যি কাম ‘আয়ুষ্মান ভাৰতে’ কৰিছে, আজিৰে পৰা ই আৰু অধিক ৰূপত বিস্তাৰিত হ’ব পাৰিব। নাগৰিকসকলে এক শক্তিশালী প্ৰযুক্তি-মঞ্চৰ সুযোগ লাভ কৰিব।

বন্দুসকল,

সাম্প্ৰতিক ভাৰতত ‘সু-শাসন’ৰ ক্ষেত্ৰত যেনেদৰে প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰা হৈছে, যেনেদৰে শাসনৰ সংস্কাৰৰ আধাৰ নিৰ্মাণ কৰা হৈছে, সেয়াই স্বতঃস্ফূৰ্ত ভাবেই জনসাধাৰণৰ সবলীকৰণ সম্ভৱ কৰি তুলিছে। এয়া নিতান্তই অভুতপূৰ্ব বুলি পৰিগণিত হৈছে। ‘ডিজিটেল ইণ্ডিয়া’ অভিযানে ভাৰতৰ সৰ্ব-সাধাৰণ নাগৰিকসকলক ডিজিটেল প্ৰযুক্তিৰে সংযোজিত কৰি, দেশৰ শক্তিকে অনেক গুণে বঢ়াই দিছে আৰু ভালকৈয়ে জানো যে, আমাৰ দেশে গৌৰৱৰে ক’ব পাৰে, ১৩০কোটি আধাৰ নম্বৰ, ১১৮কোটি মোবাইল ব্যৱহাৰকাৰী, প্ৰায় ৮০কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰী, প্ৰায় ৪৩কোটি জনধন একাউণ্ট, ইমান ডাঙৰ সংযোগৰ আন্তঃগাঁথনি পৃথিৱীৰ আন ক’তো নাই। এই ডিজিটেল আন্তঃগাঁথনিয়ে ৰেচনৰ পৰা প্ৰশাসন পৰ্যন্ত প্ৰতিটো ক্ষেত্ৰকে দ্ৰুত আৰু পাৰদৰ্শী পদ্ধতিৰে সাধাৰণ ভাৰতীয়ৰ কাষলৈ চপাই নিছে। ‘ইউপিআই’-ৰ মাধ্যমেৰে সকলো সময়তে, সকলোতে, ডিজিটেল লেন-দেনত আজি ভাৰতে পৃথিৱীত এক পৰিচিতি গঢ়ি তুলিছে। অলপতে দেশত ‘ই-ৰূপী ভাওচাৰ’ৰ প্ৰচলন কৰা হৈছে, সেয়াও এক উল্লেখনীয় সংযোজন।

বন্ধুসকল,

ভাৰতৰ ডিজিটেল সমাধানসমূহে ক’ৰোনাৰে যুঁজতো প্ৰতিগৰাকী ভাৰতীয়ক সহায়ৰ হাত আগবঢ়াইছে, এক নতুন শক্তি প্ৰাদন কৰিছে। এতিয়া ‘আৰোগ্য সেতু এপ্’-ৰে ক’ৰোনাৰ সংক্ৰমণ হোৱাত বাধা প্ৰদান কৰাৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰা, জাগৃতিৰ সৃষ্টি কৰা, সমগ্ৰ পৰিস্থিতিক বিশ্লেষণ কৰা, নিজৰ আশ-পাশৰ বিষয়ে তথ্য অৱগত হোৱা আদিৰ দৰে ক্ষেত্ৰত ‘আৰোগ্য সেতু এপ্’-য়ে বহুত ডাঙৰ সহায় কৰিছে। সেইদৰে ‘সকলোকে প্ৰতিষেধক, বিনামূলীয়া প্ৰতিষেধক আভিযান’-ৰ অধীনত ভাৰতে আজি প্ৰায় ৯০কোটি পালি প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হৈছে। এইধৰণৰ তথ্য-পাতি উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত ‘কো-উইন’-য়েও বহুত ডাঙৰ ভূমিকা পালন কৰিছে। পঞ্জীয়ণৰ পৰা প্ৰত্যয়িতকৰণ পৰ্যন্ত ইমান বৃহত্ পৰিসৰৰ ডিজিটেল মঞ্চ, পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশসমূহেও সম্ভৱ কৰিব পৰা নাই।

বন্ধুসকল,

ক’ৰোনাৰ সময়ছোৱাত ‘টেলি-মেডিচিন’ৰ প্ৰসাৰ অভুপূৰ্ব ৰূপত হৈছে। ‘ই-সঞ্জীৱনী’ৰ মাধ্যমৰে এই পৰ্যন্ত প্ৰায় একোটি পঁচিশ লাখ ‘দূৰ-সঞ্চালিত পৰামৰ্শ দান’ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। এই সুবিধাৰে দেশৰ দূৰ-দূৰণিত বসবাস কৰা দেশবাসীসকলে ঘৰত থাকিয়েই চহৰৰ ডাঙৰ ডাঙৰ হাস্পটালসমূহত কৰ্মৰত ডাঙৰ ডাঙৰ চিকিত্সকসকলৰে সংযোজিত হ’ব পাৰে। বিখ্যাত চিকিত্সকসকলৰ পৰা সহজেই চিকিত্সা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। মই আজি এই সুযোগতে দেশৰ সকলো চিকিত্সক, নাৰ্ছ আৰু ‘পেৰা-মেডিকেল’ কৰ্মীসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব খুজিছো। টীকাকৰণেই হওক, ক’ৰোনা আক্ৰান্ত ৰোগীৰ চিকিত্সাই হওক, তেওঁলোকৰ প্ৰয়াস, ক’ৰোনাৰে যুঁজি দেশক বহু পৰিমাণে সকাহ দান কৰিব পাৰিছে, বহুত ডাঙৰ সহায়ৰ হাত আগবঢ়াব পাৰিছে।

বন্ধুসকল,

‘আয়ুষ্মান ভাৰত-পিএম জেএওৱাই’-য়ে দুখীয়া লোকসকলক জীৱনৰ বহুত ডাঙৰ চিন্তাৰ পৰা সকাহ দান কৰিলে। এই পৰ্যন্ত দেশৰ ২কোটিৰো অধিক লোকে এই যোজনাৰ অধীনত বিনামূলীয়া চিকিত্সাৰ সুবিধা গ্ৰহণ কৰিছে আৰু ইয়াৰো আধাখিনি হিতাধিকাৰী আমাৰ মাতৃ, আমাৰ ভগ্নী, আমাৰ জীয়াৰীসকল। এয়া সঁচাকৈয়ে নিশ্চিন্ত কৰিব পৰা, সন্তোষ দিব পৰা কথা নহয় জানো! আমি সকলোৱেই জানো যে আমাৰ পৰিয়ালসমূহৰ অৱস্থা, সু চিকিত্সাৰ অভাৱৰ বেদনা অধিক ভাবে বহণ কৰিবলগীয়া হয় আমাৰ মাতৃ আৰু ভগ্নীসকলে। ঘৰৰ চিন্তা, ঘৰৰ খা-খৰছৰ চিন্তা, ঘৰৰ আন সদস্যসকলৰ চিন্তাত আমাৰ মা-বাই-ভনীসকলে তেওঁলোকৰ চিকিত্সাৰ বাবে হ’বলগীয়া খৰছক সদায়ে এৰাই চলিবহে বিচাৰে, নিৰন্তৰ এৰাই চলাৰ চেষ্টা কৰে, তেওঁলোকে কয়, ‘এতিয়াই ভাল হৈ যাব’, ‘এ, এয়াতো এদিনৰ কথা’, ‘নাই, এনেই এপালি ঔষধ লৈ ল’ম সকলো ঠিক হৈ যাব’, কিয়নো মাকৰ মন নহয় জানো, তেওঁ দুখ সহ্য কৰি ল’ব, কিন্তু পৰিয়ালৰ ওপৰত আৰ্থিক বোজা দিবলৈ নিবিচাৰে।

বন্ধুসকল,

যিসকলে ‘আয়ুষ্মান ভাৰত’ৰ জৰিয়তে, ইতিমধ্যে লাভ আদায় কৰিছে, অথবা যিসকলে চিকিত্সা গ্ৰহণ কৰি আছে, তাৰ মাজত বহু লক্ষ এনে লোকো আছে যিসকলে এই যোজনাৰ আগতে চিকিত্সালয়লৈ যাবলৈ সাহসেই কৰিব পৰা নাছিল, তেওঁলোকে সেয়ে এই কথাটো এৰাইহে চলি আহিছিল। তেওঁলোকে দুখ-বেদনা সহ্য কৰি গৈছিল, জীৱন গাড়ীৰ চকা কেনেবাকৈ চলাই ৰাখিছিল, কিন্তু পইচাৰ অভাৱৰ বাবেই চিকিত্সালয়ৰ পিনে মু-কে কৰা নাছিল। এই সমস্যাই আমাক ভিতৰ পৰ্যন্ত আক্ৰান্ত কৰি পেলায়। এই ক’ৰোনা কালতে মই এনেকুৱা পৰিয়ালকো লগ পাইছো আৰু তাৰো আগতে যিসকলে এই ‘আয়ুষ্মান’-ৰ সেৱা গ্ৰহণ কৰিছিল। কিছুমান বয়োজ্যেষ্ঠ ব্যক্তিয়ে কৈছিল যে ‘মই এই কাৰণেই চিকিত্সা কৰোৱা নাছিলো, কিয়নো মই মোৰ সন্তানৰ ওপৰত ধাৰৰ কোনো বোজা দি মৰিব বিচৰা নাছিলো’। নিজেই সহ্য কৰি যাব, পাৰিলেতো সোনকালেই যোৱাৰ কথা ভাবিব, ঈশ্বৰে বিচাৰিলেতো গুছিয়েই যাব, কিন্তু সন্তানৰ ওপৰত, ল’ৰা-ছোৱালীৰ ওপৰত কোনো আৰ্থিক বোজা এৰি থৈ নাযায়, সেয়ে চিকিত্সাই কৰোৱা নাছিলে আৰু ইয়াত, এই কাৰ্যক্ৰমত উপস্থিত আমাকতৈ অধিক সংখ্যকেই নিজৰ পৰিয়ালত, নিজৰ আশ-পাশত এনে বহুত লোকক চাগৈ দেখিবলৈ পাইছে। আমাতকৈয়ো অধিক ব্যক্তিয়ে সম্ভৱ নিজেই এনে পৰিস্থিতিৰ মাজৰে দিন পাৰ কৰিছে।

বন্ধুসকল,

এতিয়াতো ক’ৰোনা-কাল, কিন্তু তাৰ আগতে, মই যেতিয়া দেশত ভ্ৰমণ কৰিছিলো, ৰাজ্যসমূহলৈ গৈছিলো, তেতিয়া মই ‘আয়ুষ্মান আঁচনি’ৰ হিতাধিকাৰীসকলক লগ পাবলৈ চেষ্টা কৰিছিলো। মই তেওঁলোকক লগ পাইছিলো, তেওঁলোকৰ সৈতে কথা-বতৰা পাতিছিলো। তেওঁলোকৰ বেদনা, তেওঁলোকৰ অনুভৱ, তেওঁলোকে দিয়া পৰামৰ্শ মই পোনপতীয়াকৈ পাইছিলো। এইবোৰ কথা অৱশ্যে সংবাদ মাধ্যমত সিমানকৈ প্ৰচাৰ বা চৰ্চা হোৱা নাছিল, কিন্তু এই কামটোক মই মোৰ দৈনন্দিন কাম তালিকাত অন্তৰ্ভুক্ত কৰি লৈছিলো। ‘আয়ুষ্মান ভাৰত’ৰ লাখ লাখ হিতাধিকাৰীৰ সৈতে মই নিজে সন্মুখা সন্মুখীকে বাৰ্তালাপ কৰিছিলো। মই বাৰু কেনেকৈ পাহৰো সেই গৰাকী বৃদ্ধা মাতৃক, যিয়ে বছৰ বছৰ ধৰি বেদনা সহ্য কৰাৰ পিচত পাথ্থৰ-নিষ্কাষণৰ অস্ত্ৰোপচাৰ কৰিব পাৰিছিল, সেইগৰাকী যুৱক যিয়ে কিডনীৰ অসুখত জীয়াতু ভুগীবলগীয়া হৈছিল। কাৰোবাৰ ভৰিৰ বিষ, কাৰোবাৰ আক’ কামীহাড়ৰ বিষ, সেইসকল লোকৰ মুখবোৰ মই হয়তো কেতিয়াও পাহৰিব নোৱাৰিম! এতিয়া ‘আয়ুষ্মান ভাৰত’ এনেবোৰ লোকক সকাহ দিয়াৰ সম্বল হৈ উঠিছে। অলপ সময়ৰ আগতে যিখন ছবি ইয়াত প্ৰদৰ্শিত কৰা হ’ল, যিখন ‘কফীটোবুল বুক’ৰ উন্মোচন কৰা হ’ল তাত বিশেষকৈ সেইসকল মাতৃ-ভগ্নীৰ কথা আলোচনা কৰা হৈছে। বিগত তিনিটা বছৰত চৰকাৰে হাজাৰ-কোটি টকা ব্যয় কৰিছে তাৰ দ্বাৰা লাখ লাখ পৰিয়ালে দাৰিদ্ৰৰ কৰাল গ্ৰাসত পৰাৰ পৰা ৰক্ষা পৰিছে। কোনেও দুখীয়া হৈ জীৱন কটাব নিবিচাৰে। কঠোৰ পৰিশ্ৰম কৰি দাৰিদ্ৰৰ পৰা মুক্ত হোৱাৰ বাবে সকলোৱেই চেষ্টা অব্যাহত ৰাখে, সুযোগৰ সন্ধান কৰি থাকে। কেতিয়াবা এনে লাগে যেন আৰু অলপ দিনৰ ভিতৰতে দাৰিদ্ৰৰ পৰা মুক্ত হ’ব পৰা যাব, কিন্তু তেনে সময়তে হঠাত্ পৰিয়াল কাৰোবাৰ এনে ৰোগ আৰম্ভ হয় আৰু সকলো শ্ৰম পণ্ড হৈ পৰে। আৰু পৰিয়ালটো আকৌ প্ৰচণ্ড দাৰিদ্ৰৰ কৱলত নিমৰ্জ্জিত হৈ পৰে। এনে ৰোগ-ব্যাধিয়ে পৰিয়ালসমূহক দাৰিদ্ৰৰ বৱলৰ পৰা ওলাবলৈ নিদিয়ে। আৰু সেয়ে, ‘আয়ুষ্মান ভাৰত’ৰ লগতে, স্বাস্থ্যসেৱাৰে জড়িত যিবোৰ সমাধান চৰকাৰে প্ৰস্তুত কৰি উলিয়াইছে সেয়া দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে বহুত ডাঙৰ বিনিয়োগ বুলিয়ে পৰিগণিত হৈছে।

ভাই-ভনীসকল, 

আয়ুষ্মান ভাৰত-ডিজিটেল মিছন-য়ে চিকিত্সালয়ত ব্যৱস্থাসমূহক কেৱল সৰল কৰাই নহয়, বৰং ‘স্বাচ্ছন্দ্যৰে জীৱন অতিবাহিত কৰা’ৰ সম্ভৱনাকো (ইজ অব লিভিং) বৃদ্ধি কৰিব। সাম্প্ৰতিক সময়ত চিকিত্সালয়সমূহত প্ৰযুক্তিৰ যি ব্যৱহাৰ হৈছে, সেয়া সদ্যহতে কেৱল এখন চিকিত্সালয়ত অথবা এটা গোটৰ মাজতে সীমাবদ্ধ আছে। নতুন হাস্পটাল অথবা নতুন চহৰলৈ যেতিয়া ৰোগী যায়, তেওঁলোকে পুনৰাই সেই একেই প্ৰক্ৰিয়াৰ মাজৰে আগবাঢ়িবলগীয়া হয়। ‘ডিজিটেল হেল্থ ৰেকৰ্ডছ’ৰ অবৰ্তমানত তেওঁলোকে বছৰ বছৰ ধৰি সংগৃহীত তথ্য-পাতিৰে তৈয়াৰ কৰা ‘ফাইল’ লৈ ফুৰিব লগা হয়। জৰুৰীকালীন পৰিস্থিতিততো সেয়াও সম্ভৱ নহয়গৈ। ইয়াৰ ফলত ৰোগী আৰু ডাক্টৰ, দুয়োৰে বহুত সময় অপচয় হয়, সমস্যাও অদিক হয় আৰু চিকিত্সাৰ খৰছো অধিক হয়গৈ। আমি প্ৰায়েই দেখা পাওযে বহুত ব্যক্তিৰ আকৌ চিকিত্সালয়লৈ যোৱাৰ সময়ত তেওঁলোকৰ চিকিত্সা সম্পৰ্কীয় ‘ৰেকৰ্ডে’ই নাথাকে। এনে পৰিস্থিতিত যিবোৰ ডাক্টৰৰ পৰামৰ্শ থাকে, পৰীক্ষা-পাতি কৰা হয়, সেয়া আকৌ শূণ্যৰ পৰা কৰিবলগীয়া হয়, নতুনকৈ কৰিবলগীয়া হয়। চিকিত্সা সংক্ৰান্তীয়  ‘ৰেকৰ্ড’ নথকাৰ বাবেই সময়তো অধিক লাগেই, খৰছো অধিক ভৰিবলগীয়া হয়, কেতিয়াবাতো উপচাৰো বিপৰীত ধৰণৰ হৈ পৰে আৰু আমাৰ গাঁও-বস্তিৰ পৰা যোৱা বহু ভাই-ভনীয়ে এইবোৰ কাৰণতে বহুত অসুবিধাৰ সন্মুখীন হ’বলগীয়াতো পৰেগৈ। কেৱল এয়াই নহয়, চিকিত্সকসকলৰ কেতিয়াবতো কাকতত এডভাৰ্টাইজমেণ্টয়েই নোলায়। কাণ বাগৰিয়েই খবৰ প্ৰচাৰিত হয়, বোলে ‘অমুক ডাক্টৰ বৰ ভাল, মই গৈছিলো আৰু মই ভাল পালো’। আৰু তেনেকৈয়ে ডাক্টৰৰ বিষয়ে সকলোৱে জানিব আৰু তাৰ পিচত আৰু কোন ডাক্টৰ ভাল, কোন কি বিষয়ত এক্সপাৰ্ট, কাৰ তালৈ যোৱা উচিত আদিৰ দৰে কথবোৰৰ প্ৰচাৰ চলি যায়। সত্যাসত্য নিৰূপণ কৰাৰ প্ৰয়োজন কোনেও অনুভৱেই নকৰে। মই এটা কথা ক’ব খুজিছো, দেশৰ সকলো নাগৰিককে এইধৰণৰ সমস্যাৰ পৰা মুক্তি দিয়াৰ ক্ষেত্ৰত ‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’-য়ে বহুত ডাঙৰ ভূমিকা পালন কৰিব।

বন্ধুসকল,

আয়ুষ্মান ভাৰত-ডিজিটেল মিছন-য়ে এতিয়া সমগ্ৰ দেশৰ চিকিত্সালয়সমূহৰ ‘ডিজিটেল হেল্থ ছলিউশ্যন’ক এজনৰ সৈতে আন এজনক সংযোজিত কৰিব। ইয়াৰ জৰিয়তে দেশবাসীয়ে এতিয়া একোটাকৈ ‘ডিজিটেল আৰ্হি’ লাভ কৰিব। সকলো নাগৰিকৰে স্বাস্থ্য সম্বন্ধীয় তথ্য পাতি ‘ডিজিটেলী’ সংৰক্ষিত হ’ব। ‘ডিজিটেল হেল্থ আইডি’ৰ মাধ্যমেৰে প্ৰতিগৰাকী ৰোগীয়ে নিজেও আৰু চিকিত্সকসকলেও পুৰণি তথ্য-পাতিৰ প্ৰয়োজন হ’লে পৰীক্ষা কৰিব পাৰিব। কেৱল এয়াই নহয়, ইয়াত চিকিত্সক, নাৰ্ছ, ‘পেৰা-মেডিক্স’ বন্ধুসকলৰো পঞ্জীয়ণ কৰা হ’ব। দেশৰ চিকিত্সালয়সমূহ, ক্লিনিক, পৰীক্ষাগাৰ, ফাৰ্মেচী এইসকলোবোৰৰে পঞ্জীয়ণ কৰা হ’ব। অৰ্থাত্ এই ‘ডিজিটেল মিছন’, স্বাস্থ্যৰে জড়িত সংশ্লিষ্ট প্ৰতিটো পক্ষকে একেখন মঞ্চতে একত্ৰিত কৰিবগৈ।

বন্ধুসকল,

এই মিছনৰ সকলোতকৈ ডাঙৰ লাভটো হ’ব দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীকেইটাৰ। এটা সুবিধা হ’ব যে ৰোগীয়ে দেশৰ যিকোনো স্থানৰ ভাল চিকিত্সকক অতি সহজেই বিচাৰিব পাৰিব, যিয়ে তেওঁৰ ভাষাও জানিব আৰু বুজিব আৰু তেওঁৰ অসুখৰ ভালৰো ভাল অনুভৱীও হ’ব। ইয়াৰ দ্বাৰা ৰোগীয়ে দেশৰ যিকোনো স্থানত থকা বিশেষজ্ঞ চিকিত্সকৰে সম্পৰ্ক কৰাৰ সুযোগ অধিক হ’ব। কেৱল চিকিত্সকেই নহয়, বৰং উন্নত মানৰ পৰীক্ষণৰ বাবে পৰীক্ষাগাৰ আৰু ঔষধ-পাতিৰ দোকানো বিচাৰি উলিওৱাত সহজ হ’ব।

বন্ধুসকল,

এই আধুনিক মঞ্চৰ জৰিয়তে চিকিত্সা আৰু স্বাস্থ্যসেৱা নীতি-নিৰ্দ্ধাৰণৰে জড়িত সম্পূৰ্ণ বাতাবৰণ আৰু অধিক প্ৰভাৱশালী হ’ব পৰা বিধৰ হ’ব। চিকিত্সক আৰু হাস্পটালে এই মঞ্চৰ উপযোগ নিজৰ সেৱাক ‘ৰিম’ট হেল্থ ছাৰ্ভিচ’ প্ৰদান কৰাত কৰিব পাৰিব। ‘প্ৰভাৱশালী আৰু বিশ্বস্ত তথ্যভাণ্ডাৰ’ৰ সৈতে ইয়াত চিকিত্সাও অধিক উন্নত হ’ব আৰু ৰোগীসকলৰ পা-পইচাও ৰাহি হ’ব।

ভাই-ভনীসকল,

দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থাটোক সহজ আৰু সুলভ কৰি তোলাৰ বাবে দেশত যি অভিযানৰ শুভাৰম্ভ হৈছে, এয়া ৬-৭বছৰ ধৰি চলা এক আন্তৰিক প্ৰক্ৰিয়াৰ অংশহে। যোৱা বছৰসমূহত ভাৰতে দেশত আৰোগ্যৰে জড়িত দশকজোৰা চিন্তা আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তন সাধন কৰিছে। এতিয়া ভাৰতত এনে এক স্বাস্থ্য আৰ্হিৰে কাম চলি আছে, যি ‘বিস্তৃত পৰিসৰ’ৰ হোৱাৰ লগতে ‘সমাৱেশী’ও হোৱাত গুৰুত্ব আৰোপ কৰা হৈছে। এনে এক আৰ্হি, য’ত ৰোগৰ পৰা বাচোৱাত গুৰুত্ব আৰোপ কৰা হৈছে, অৰ্থাত্ ‘প্ৰিভেণ্টিভ হেল্থকেয়াৰ’, ৰোগীৰ ক্ষেত্ৰত চিকিত্সা সুলভ হওক, সস্তা হওক আৰু সকলোৱে সুবিধা গ্ৰহণ কৰিব পৰা বিধৰ হওক। ‘যোগ আৰু আয়ুৰ্বেদ’ৰ দৰে আয়ুষৰ আমাৰ পাৰম্পৰিক চিকিত্সা পদ্ধতিত গুৰুত্ব আৰোপ কৰা হৈছে, এনেবোৰ কাৰ্যক্ৰম দুখীয়া আৰু মধ্যবিত্তীয়সকলক বেমাৰৰ কুচক্ৰৰ পৰা বচোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে। দেশত স্বাস্থ্য আন্তঃগাঁথনিৰ বিকাশ আৰু উন্নত চিকিত্সাৰ সা-সুবিধাসমূহ, দেশৰ কোণে কোণে পোৱোৱাৰ ব্যৱস্থা কৰাৰ বাবে, নতুন স্বাস্থ্য নীতি যুগুতাই উলিওৱা হৈছে। আজিৰ তাৰিখত দেশত এইমছ-ৰ দৰে বহুত ডাঙৰ আৰু আধুনিক স্বাস্থ্য সংস্থানসমূহৰ নেটৱৰ্ক গঢ়ি তোলা হৈছে। লোকসভাৰ প্ৰতি ৩টা সমষ্টিৰ মাজত এখন চিকিত্সা মহাবিদ্যালয়ৰ কামো আগবাঢ়ি আছে।

বন্ধুসকল,

ভাৰতত স্বাস্থ্য সা-সুবিধাসমূহ উন্নত কৰাৰ বাবে গাঁৱৰ চিকিত্সা সেৱাব্যৱস্থাৰ সংস্কাৰ সাধনত গুৰুত্ব প্ৰদান কৰাতো আৱশ্যক। আজি দেশত গাঁও আৰু ঘৰৰ কাষতে প্ৰাথমিক স্বাস্থ্যসেৱাৰে জড়িত নেটৱৰ্কক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহৰে শক্তিশালী কৰি তোলা হৈছে। এই পৰ্যন্ত এনে প্ৰায় ৮০হাজাৰ কেন্দ্ৰই কাম-কাজ অব্যাহত ৰাখিছে। এই কেন্দ্ৰসমূহত সাধাৰণ ৰোগ-পৰীক্ষণ আৰু টীকাকৰণৰ পৰা  গুৰুতৰ ধৰণৰ ৰোগৰ প্ৰাথমিক পৰ্যায়ৰ পৰীক্ষণ আৰু অনেক ধৰণৰ পৰীক্ষাৰ সুবিধা আছে। এই কেন্দ্ৰসমূহৰ মাধ্যমৰে সজাগতা সৃষ্টিৰ লগতে গুৰুতৰ ধৰণৰ ৰোগবোৰ সময় থাকোতেই চিনাক্ত কৰাৰ প্ৰয়াস কৰা হৈছে।

বন্ধুসকল,

পৃথিৱী জুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনাৰ মাজতো চিকিত্সা পৰিগাঁথনি নিৰ্মাণক নিৰন্তৰ গতি প্ৰদান কৰি থকা হৈছে। দেশৰ জিলা-চিকিত্সালয়সমূহত ‘ক্ৰিটিকেল কেয়াৰ ব্লক’-ৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে, শিশুসকলৰ চিকিত্সাৰ বাবে জিলা আৰু খণ্ড উন্নয়ণ পৰ্যায়ত থকা চিকিত্সালয়সমূহত বিশেষ সুবিধা নিৰ্মাণ কৰি থকা হৈছে। জিলা পৰ্যায়ৰ চিকিত্সালয়ত নিজাববীয়া ‘অক্সিজেন প্ৰকল্প’ও স্থাপন কৰা হৈছে।

বন্ধুসকল,                               

ভাৰতৰ স্বাস্থ্য খণ্ডক ৰূপান্তৰিত কৰাৰ বাবে চিকিত্সাবিজ্ঞানৰ শিক্ষাৰো অভুতপূৰ্ব সংস্কাৰ সাধন কৰি থকা হৈছে। ৭-৮টা বছৰত আগৰ তুলনাত আজি অধিক চিকিত্সক আৰু পেৰা-মেডিকেল কৰ্ম-বাহিনী নিৰ্মাণ কৰি থকা হৈছে। কেৱল কৰ্মীয়েই নহয় বৰঞ্চ স্বাস্থ্যসেৱাৰে জড়িত আধুনিক প্ৰযুক্তি, জৈৱপ্ৰযুক্তিৰে জড়িত গৱেষণা, ঔষধ-পাতি আৰু উপকৰণত আত্মনিৰ্ভৰশীলতাৰ সৈতে দেশত ‘মিছন মোড’ত কাম চলি আছে। ক’ৰোনাৰ প্ৰতিষেধক বিকশিত কৰা আৰু উত্পাদন কৰাত ভাৰতে যেনেদৰে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে, সেয়াই আমাক গৰ্বৰে ভৰাই তুলিছে। স্বাস্থ্য উপকৰণ আৰু ঔষধৰ কেঁচামালৰ বাবে ‘পিএলআই আঁচনি’ৰেও এই ক্ষেত্ৰত ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’কো বহুত সহযোগিতা আগবঢ়াই আহিছে।

বন্ধুসকল,

উন্নত চিকিত্সা পদ্ধতিৰ লগতে দুখীয়া আৰু মধ্যবিত্তীয়সকলে যাতে কম দামত ঔষধ-পাতি কিনিব পাৰে সেই কথা নিশ্চিত কৰাৰো প্ৰয়োজন আছে। সেয়ে কেন্দ্ৰীয় চৰকাৰে অত্যাৱশ্যকীয় ঔষধ, অস্ত্ৰেপচৰাত ব্যৱহৃত উপকৰণ, ‘ডায়েলেছিছ’ৰ দৰে অনেক সেৱা আৰু বয়-বস্তুৰ দাম কম কৰাৰ দিহা কৰিছে। ভাৰতত প্ৰস্তুত কৰা পৃথিৱীৰ শ্ৰেষ্ঠ ‘জেনেৰিক ঔষধ’সমূহক চিকিত্সাৰ ক্ষেত্ৰত অধিক হাৰত ব্যৱহাৰ কৰাৰ বাবে উত্সাহিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৮হাজাৰৰো অধিক ‘জনৌষধী কেন্দ্ৰ’ই দুখীয়া আৰু মধ্যবিত্তীয় পৰিয়ালসমূহক বহু পৰিমাণে সকাহ দি আহিছে আৰু ‘জনৌষধী কেন্দ্ৰ’ত যিবোৰ ঔষধ কিনে, তেনে ৰোগীৰ সৈতেও মই বহু কেইবাৰ কথা-বতৰা পাতিছো আৰু মই দেখিছো এনে কেতবোৰ পৰিয়াল আছে তেওঁলোকে দিনৌ ঔষধ কিনিবলগীয়া হয়। কোনোবাই বয়সত হোৱা অসুখৰ বাবে আন কোনোবাই আকৌ অন্য কেতবোৰ বিশেষ ৰোগৰ বাবে। এই ‘জনৌষধী কেন্দ্ৰ’সমূহৰ বাবে এনে পৰিয়ালসমূহৰ হাজাৰ-পোন্ধৰশ টকা মাহেকত ৰাহি হৈ আহিছে।

বন্ধুসকল,

আজিৰ কাৰ্যক্ৰম ‘বিশ্ব পৰ্যটন দিৱস’ত অনুষ্ঠিত কৰা হৈছে। কোনোবাই হয়তো ভাবিব পাৰে স্বাস্থ্যসেৱাৰে বিজড়িত এক কাৰ্যক্ৰমৰ আকৌ পৰ্যটন দিৱসৰে কি সম্পৰ্ক আছে! কিন্তু স্বাস্থ্যৰ পৰ্যটনৰে এক গভীৰ সম্পৰ্ক আছে। কিয়নো আমাৰ স্বাস্থ্য আন্তঃগাঁথনি যেতিয়া সংহত হয়, তেতিয়া তাৰ প্ৰভাৱ পৰ্যটন ক্ষেত্ৰখনৰ ওপৰতো পৰে। কোনোবা পৰ্যটক বাৰু এনে ঠাইলৈ যাব বিচাৰিবনে য’ত কোনো জৰুৰী পৰিস্থিতিত চিকিত্সাৰ বাবে উন্নত সুবিধা নাথাকিব? আৰু ক’ৰোনাৰ পিচৰে পৰাতো এয়া এতিয়া আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে। য’ত প্ৰতিষেধক প্ৰদানৰ পৰিমাণ বাঢ়িব, পৰ্যটকসকলে তেনেবোৰ ঠাইলৈ যোৱাৰ বাবে সিমানেই সুৰক্ষিত অনুভৱ কৰিব। আৰু আপোনালোকে নিশ্চয় দেখিছে যে, হিমাচলেই হওক, উত্তৰাখণ্ডই হওক, ছিক্কিম, গোৱাৰ দৰে আমাৰ ‘টুৰিষ্ট ডেষ্টিনেশ্যন ৰাজ্য’সমূহে, আন্দামান নিকোবৰৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলে দ্ৰুতগতিৰে টীকাকৰণৰ কাম আগুৱাই নিছে যাতে আগন্তুক সময়ত এইসমূহ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চললৈ আহিব লগা পৰ্যটকসকলে এক ধৰণৰ সুৰক্ষাৰ নিশ্চয়তা অনুভৱ কৰিব পাৰে। আগন্তুক বছৰটোত এই সকলোবোৰ কাৰকেই আৰু অধিক শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। অৰ্থাত, ‘হাস্পটাল আৰু হস্পটেলিটী’ পৰস্পৰে পৰস্পৰৰ হাতত হাত ধৰি আগুৱাব পাৰিব।

বন্ধুসকল,

আজি ভাৰতৰ চিকিত্সক আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ ওপৰত পৃথিৱীয়ে কৰা ভৰসা নিৰন্তৰ বাঢ়িবলৈ ধৰিছে। আমাৰ দেশৰ চিকিত্সকসকলে পৃথিৱী জুৰি বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে, ভাৰতৰ নাম উজলাই তুলিছে। পৃথিৱীৰ ডাঙৰ ডাঙৰ ব্যক্তিসকলক আপুনি যদি সোধে তেতিয়া তেওঁলোক কয়, ‘হয় মোৰ এগৰাকী চিকিত্সক হিন্দুস্তানী হয়’। অৰ্থাত ভাৰতৰ চিকিত্সকৰ কদৰ বাঢ়িছে। ভাৰতৰ আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠিলেই পৃথিৱীৰ লোকে চিকিত্সা বিচাৰি ভাৰতলৈ আহিবলৈ হেতা-ওপৰা লগাব। আজিৰ প্ৰেক্ষাপটতো চিকিত্সা ল’বলৈ বুলি ভাৰতলৈ অহা বিদেশীৰ সংখ্যা কম নহয়। কেতিয়াবাতো বৰ আবেগিক হ’বলগীয়া ধৰণৰ কথাবতৰাও শুনিবলৈ পোৱা যায়। সৰু সৰু শিশু আমাৰ চুবুৰীয়া দেশসমূহৰ পৰা যেতিয়া আমাৰ ইয়ালৈ আহে আৰু আৰোগ্য লাভ কৰি দেশলৈ ওভতে তেতিয়া তেওঁলোকৰ মুখত দেখা আনন্দৰ অভিব্যক্তিয়ে আমাক আহ্লাদিত কৰি তোলে।

বন্ধুসকল,

আমাৰ টীকাকৰণ কাৰ্যক্ৰম, ‘কো-উইন প্ৰযুক্তি মঞ্চ’ আৰু ‘ফাৰ্মা খণ্ড’ই ভাৰতৰ মান আৰু বঢ়াইছে। যেতিয়া ‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’ৰ দ্বাৰা প্ৰযুক্তিৰ নতুন ব্যৱস্থা বিকশিত হব, তেতিয়া পৃথিৱীৰ যিকোনো দেশৰ ৰোগীয়ে ভাৰতৰ চিকিত্সকৰ সৈতে ৰোগ সম্বন্ধে আলোচনা কৰাৰ, চিকিত্সা কৰোৱাৰ, নিজৰ ৰোগ-সম্পৰ্কীয় তথ্য পাতি তেওঁলোকলৈ প্ৰেৰণ কৰি পৰামৰ্শ গ্ৰহণ কৰিবলৈ তেনেই সহজ হৈ পৰিব। নিশ্চিত ভাবেই ইয়াৰ প্ৰভাৱ ‘হেল্থ টুৰিজম’ৰ ওপৰতো পৰিব।

বন্ধুসকল,

সুস্থ ভাৰতৰ পথ, ‘স্বাধীনতাৰ অমৃতকাল’ত, ভাৰতৰ বৃহত্ সংকল্পসমূহক সিদ্ধ কৰাৰ ক্ষেত্ৰত, বৃহত্ সপোনক সাকাৰ কৰাৰ বাবে বহুত অৱশ্যক। ইয়াৰ বাবে আমি মিলিজুলি আমাৰ প্ৰয়াস অব্যাহত ৰাখিব লাগিব। মোৰ বিশ্বাস, চিকিত্সা ক্ষেত্ৰৰে জড়িত সকলো ব্যক্তি, আমাৰ চিকিত্সকসকল, ‘পেৰামেডিক্স’সকল, চিকিত্সা সংস্থানসমূহে এই নতুন ব্যৱস্তাক দ্ৰুতগতিৰে আদৰি ল’ব। আকৌ এবাৰ ‘আয়ুষ্মান ভাৰত-ডিজিটেল মিছন’ৰ বাবে দেশক বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো!!

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt

Media Coverage

UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s address on the occasion of completion of two years of the Government of Odisha
June 20, 2026
I extend my heartfelt birthday greetings to President Smt. Droupadi Murmu Ji, I wish her long life and excellent health: PM
Pahadpur village will now be rapidly developed as a solar village, that is, solar power will be ensured in every home here: PM
The vision of the Central Government is the development of India through the development of Eastern India: PM
To uplift tribal society, we are connecting tribal youth with opportunities for education and employment: PM
These children should get better facilities for studies; for this, around 500 Eklavya Model Schools have been opened across the country: PM

जॉय जगन्नाथ! जॉय मां किचकेश्वरी! मोर सबू भाई,भौणी,मां,मौसी मानंकु मोर नमोस्कार।

माननीय राष्ट्रपति द्रौपदी मुर्मू जी, राज्यपाल श्री हरि बाबु जी, यहां के लोकप्रिय मुख्यमंत्री मोहन चरण माझी जी, उप मुख्यमंत्री कनक वर्धन सिंह देव जी, प्रवती परीदा जी, ओडिशा के मंत्री गणेश सिंह खूंटिया जी, कृष्ण चंद्र महापात्र जी, सांसद नबा चरण माझी जी, मनमोहन सामल जी, बैजयंत पांडा जी, अन्य महानुभाव, भाइयों और बहनों।

हमारा ओडिशा इन दिनों उत्सवों के आनंद में डूबा हुआ है। यहाँ का गणपर्व रज, पिछले हफ्ते ही धूमधाम से मनाया गया है। महाप्रभु जगन्नाथ जी की रथ यात्रा की तैयारियां भी पुरजोश चल रही है। मयूरभंज के बारीपदा रथ यात्रा को लेकर भी उत्साह का माहौल है। और, इस सबके बीच ही लोकतन्त्र का विकास का उत्सव भी चल रहा है। ओडिशा की बीजेपी सरकार ने अपने 2 साल भी पूर्ण किए हैं। इस मौके पर, आप सबके बीच आना, मयूरभंज आने का ये सौभाग्य, और इतनी बड़ी संख्या में आप सबकी उपस्थिति, ये अवसर मेरे लिए बहुत खास है। आपका अपनापन मुझे बार-बार यहां खींच लाता है। मैं आप सभी का हृदय से बहुत-बहुत अभिनंदन करता हूँ। और ओडिशा की जनता को डबल इंजन सरकार में विकास यात्रा की भी बधाई देता हूँ, शुभकामनाएं देता हूं। साथ ही, इस अवसर पर मैं पंडित रघुनाथ मुर्मू जी, डॉ. दमयंती बेश्रा जी, और श्री चरण हेम्ब्रम जी जैसी विभूतियों को भी नमन करता हूँ। रघुनाथ मुर्मू जी ने संथाली भाषा के लिए ओल चिकी लिपि का निर्माण किया था। हमारी सरकार ने संथाली भाषा में भारत के संविधान को प्रस्तुत किया है। ओडिशा की संतानों को पद्म सम्मान देकर सम्मानित किया है। पिछले 2 वर्षों में ओडिशा सरकार भी इन सभी विभूतियों के सपनों को पूरा करने में दिन रात पुरुषार्थ कर रही है।

साथियों,

आज का ये अवसर इसलिए भी विशेष है, क्योंकि मयूरभंज की धरती पर पली-बढ़ीं, ओडिशा की बेटी, माननीय राष्ट्रपति जी हमारे बीच उपस्थित हैं। आज उनका जन्मदिन भी है। मैं राष्ट्रपति द्रौपदी मुर्मू जी को जन्मदिन की हार्दिक बधाई और शुभकमानाएं देता हूं, मैं उनके दीर्घायु होने और उत्तम स्वास्थ्य की कामना करता हूं। जनगन्नाथ जी भगवान के श्री चरणों में प्रार्थना करता हूं। ओडिशा की बेटी आज देश के इतने बड़े पद पर पहुंची हैं, हमारा मार्गदर्शन कर रही हैं, ये हम सभी के लिए बहुत गौरव की बात है। राष्ट्रपति जी का व्यक्तित्व, उनका उदार और सहृदय स्वभाव, राष्ट्र और समाज की सेवा के लिए उनका अटल समर्पण, उन्होंने मयूरभंज ही नहीं, पूरे ओडिशा की पहचान सशस्त की है। मैं इस अवसर पर, उनका विशेष रूप से अभिनंदन करता हूँ।

साथियों,

ये कार्यक्रम जब बना, तो इसमें मूल कारण तो लॉजिस्टिक था, लंबे अर्से से यहां आने के लिए चर्चा चल रही थी, लेकिन कोई तालमेल नहीं बैठता था। 21 जून को अंतर्राष्ट्रीय योगा दिवस कोलकाता में तय हुआ, तो फिर मैंने कहा अच्छा है, आज बंग दिवस भी है, तो क्यों न मैं सुबह मयूरभंज होकर के शाम को फिर कोलकाता के कार्यक्रम में जाऊं। और इसके कारण ये 20 जून तय हुई। लेकिन कुछ चीजें ऐसी होती हैं, जिसकी मंगल कामनाएं ईश्वरआधीन होती हैं, और इसलिए आज एक शुभ मंगल हो गया, कि राष्ट्रपति का जन्मदिन भी, मुझे आज उनके गांव में जाकर के, उनको शुभकामनाएं देने का अवसर मिला।

साथियों,

आज मैं राष्ट्रपति जी के साथ पहाड़पुर भी गया था। मैं इस क्षेत्र के बच्चों के लिए उनके द्वारा बनवाए गए स्कूल भी गया। बच्चों के साथ कुछ यादगार समय बिताने का अवसर मुझे मिला। मैं देख रहा था, बच्चों के चेहरों की चमक, राष्ट्रपति जी की उपस्थिति और आत्मीयता, वहां मुझे ऐसा कुछ भी नहीं लगा, किसी बच्चे को ये लगा हो कि राष्ट्रपति जी आई हैं, हर बच्चे को लगता था उनकी मां आई है। वे बच्चे भी बहुत भाग्यवान हैं, कैसे इस क्षेत्र के गरीब, वंचित और आदिवसी समाज के बच्चों को प्रेरणा मिल रही है, उन्हें देश के लिए कुछ बड़ा करने का आत्मविश्वास मिल रहा है। मैं राष्ट्रपति जी का आभारी हूं कि उन्होंने इन अनुभवों से गुजरने का आज मुझे अवसर दिया। ये मेरा दिन, एक प्रकार से मेरी शिक्षा का दिवस था, कुछ सीखने का अवसर था मेरे लिए।

साथियों,

मैं आपको सरकार का ये निर्णय भी बताना चाहता हूं कि पहाड़पुर गांव को, अब तेजी से सुर्यग्राम, सोलर विलेज के रूप में विकसित किया जाएगा। यानी यहां हर घर में सोलर बिजली बने, इसे सुनिश्चित किया जाएगा। और हम तो बड़ा गर्व के साथ कह सकते हैं कि यही ओडिशा है, जहां कोणार्क में सुर्य मंदिर की एक पहचान है, वैसे ही पहाड़पुर सुर्यग्राम की पहचान बन जाएगा। सुर्यग्राम, से पूरा गांव सोलर विलेज के रूप में पहचाना जाए, इस दिशा में काम तुरंत शुरू हो ऐसा मेरा प्रयास रहेगा। इस अभियान से, पहाड़पुर के लोगों को मुफ्त सोलर बिजली भी मिलेगी और जो ज्यादा बिजली होगी, वो उनकी आय भी बढ़ाएगी।

साथियों,

ओडिशा में डबल इंजन सरकार के 2 साल कई मायनों में ऐतिहासिक रहे हैं। मुख्यमंत्री मोहन चरण माझी जी के नेतृत्व में, आज ओडिशा तेज गति से विकास के रास्ते पर आगे बढ़ रहा है। आज यहां गरीब कल्याण की योजनाओं से सामान्य मानवी का जीवन बदल रहा है। ओडिशा में आर्थिक गतिविधियाँ निवेश और उद्योगों को आकर्षित करने का सामर्थ्य आज नज़र आ रहा है। यहाँ रोजगार के नए अवसरों के लिए तेजी से काम हो रहा है।

साथियों,

केंद्र सरकार का विज़न है- पूर्वी भारत के विकास से भारत का विकास। इसीलिए, हम पूर्वोदय की नीति पर काम कर रहे हैं। जिस पूर्वी भारत को काँग्रेस के दौर में पिछड़ेपन का पर्याय बना दिया गया था, आज वो प्रगति का प्रवेश द्वार बन रहा है। आज ओडिशा खुद इस बदलाव का साक्षी बन रहा है।

साथियों,

ओडिशा के पास समुद्र है, खनिज संपदा है, कृषि की शक्ति है और सबसे सामर्थ्यवान यहां युवा प्रतिभा है। इस सामर्थ्य का पूरा उपयोग करने के लिए हम मिलकर काम कर रहे हैं। इसीलिए, आज ओडिशा में रेलवे इनफ्रास्ट्रक्चर में रिकॉर्ड निवेश हो रहा है। नई सड़कें और आर्थिक कॉरिडोर बन रहे हैं। पोर्ट्स का विस्तार हो रहा है। ऊर्जा, सेमीकंडक्टर, ग्रीन एनर्जी और आधुनिक उद्योगों में निवेश आ रहा है। आज भी यहां ओडिशा के विकास से जुड़ी अनेक महत्वपूर्ण परियोजनाओं का लोकार्पण और शिलान्यास हुआ है। इन परियोजनाओं पर लगभग 47 हजार करोड़ रुपये खर्च किए जाएंगे। बिजली, सड़क, रेलवे, स्वास्थ्य और शिक्षा से जुड़ी इन परियोजनाओं से, आप सभी लोगों को बहुत सुविधा होने वाली है। मैं इन परियोजनाओं के लिए ओडिशा के लोगों को बहुत बहुत बधाई देता हूं।

साथियों,

हमारी सरकार ओडिशा के संसाधनों को, ओडिशा की संभावनाओं में बदल रही है। ओडिशा में बड़ा निवेश आए, यहाँ नए उद्योग लगें, इसके लिए उत्कर्ष ओडिशा जैसे अभियान चलाए जा रहे हैं। इसके तहत, अब तक करीब 20 लाख करोड़ रुपए के निवेश प्रस्ताव मिल चुके हैं। साढ़े 3 लाख करोड़ रुपए से ज्यादा की अनेक मेगा परियोजनाओं पर भी काम चल रहा है। उद्योगों के लिए अनुकूल वातावरण बने, इसके लिए ओडिशा के समग्र विकास पर ध्यान दिया जा रहा है। पावर सेक्टर में 6 हजार करोड़ रुपए से ज्यादा का निवेश हो रहा है। समृद्ध शहर योजना के तहत शहरी विकास को गति दी जा रही है। आने वाले वर्षों में इन प्रयासों का परिणाम हमें देखने को मिलने वाला है।

साथियों,

डबल इंजन सरकार की बड़ी विशेषता ये है कि वो खुद जनता तक पहुँचती है। हमारा प्रयास है कि सामान्य नागरिक को किसी समस्या के समाधान के लिए अनावश्यक चक्कर न लगाने पड़े। इन्हीं प्रयासों का परिणाम है कि युवाओं, महिलाओं, किसानों और आम लोगों की अपेक्षाएँ आज पूरी हो रही हैं। आप देखिए, धान खरीद में किसानों को 3,100 रुपये प्रति क्विंटल देने का निर्णय लिया गया। सुभद्रा योजना के माध्यम से एक करोड़ से अधिक माताओं और बहनों तक आर्थिक सहायता पहुंचाई गई। आयुष्मान भारत को लागू करके ओडिशा के परिवारों के लिए देशभर के अस्पतालों में इलाज का रास्ता खोला गया। आदिवासी विद्यार्थियों की पढ़ाई बीच में न छूटे, इसके लिए माधो सिंह हाथ-खर्चा योजना शुरू की गई। महाप्रभु श्री जगन्नाथ जी के भक्तों की भावनाओं का सम्मान करते हुए श्रीमंदिर के श्रद्धालुओं के लिए सारे द्वार खोल दिए गए, चारों-चार द्वार खोल दिए गए। डबल इंजन की ताकत मिलने से आज यहां चारों दिशाओं में विकास सुनिश्चित हो रहा है।

साथियों,

यहां बीते दिनों स्वच्छता को लेकर जो विशेष अभियान चला है, उसकी भी मुझे जानकारी मिली है। और मैं देख रहा था सोशल मीडिया में तो सफाई अभियान छाया हुआ है, यानी स्वच्छता से स्वागत, मैं ओडिशा की इस पहल के लिए, यहां के नगारिको का, सरकार का, मुख्यमंत्री जी का, इस प्रशंसनीय पहल के लिए बहुत ही प्रशंसा करता हूं, संतोष व्यक्त करता हूं।

साथियों,

स्वच्छता हमारे जीवन शैली का हिस्सा होनी चाहिए, हर रोज की आदत होनी चाहिए। मैं यहां स्वच्छता अभियान से जुड़े सभी लोगों का हृदय से बहुत-बहुत अभिनंदन करता हूं।

साथियों,

मैंने अपने जीवन का कुछ महत्वपूर्ण कालखंड जनजातीय क्षेत्रों में एक वालंटियर के रूप में काम करते हुए बिताया है। माननीय राष्ट्रपति जी तो बरसों तक ऐसे क्षेत्रों में चुनौतियां का सामना करती रही हैं। आप और हम जानते हैं कि जनजातीय क्षेत्रों में जीवन की सुविधाएं आसानी से नहीं पहुंचती थीं। इसलिए, हमारी सरकार ने जनजातीय विकास को बहुत प्राथमिकता दी है। हमने ऐसे इलाकों को सुविधाओं से जोड़ने के लिए धरती आबा जनजातीय ग्राम उत्कर्ष अभियान शुरू किया। इसके तहत स्वास्थ्य, शिक्षा, सड़क, आवास से जुड़े विभाग मिलकर के सर्वागीण विकास के लिए काम कर रहे हैं। ताकि वहां रहने वाले लोगों की कठिनाइयां दूर हो सकें। इसी तरह, पीएम जनमन अभियान तो राष्ट्रपति जी के साथ हुई चर्चाओं का, उनके मार्गदर्शन का ही परिणाम है। ये विशेष रूप से देश के ऐसे जनजातीय समूहों के लिए है, जो जनजातीय समुदाय में भी सबसे पीछे रह गए हैं। ऐसे जनजातीय समुदायों तक अब सरकार स्वयं चलकर उनके गांव, उनके दरवाजे तक पहुंच रही है।

साथियों,

आदिवासी समाज के उत्थान के लिए हम आदिवासी युवाओं को शिक्षा और रोजगार के अवसरों से जोड़ रहे हैं। इन बच्चों को पढ़ाई की बेहतर सुविधा मिले, इसके लिए देश में करीब 500 एकलव्य मॉडल स्कूल खोले गए हैं। करीब साढ़े सात सौ एकलव्य स्कूल स्वीकृत किए गए हैं। प्री-मैट्रिक और पोस्ट मैट्रिक लेवल पर, डेढ़ करोड़ से अधिक आदिवासी बच्चों को सैकड़ों करोड़ रुपए की स्कॉलर्शिप दी गई है। मुझे ये बताते हुए भी खुशी है कि यहां मयूरभंज में एक और नवोदय विद्यालय बनाने के लिए भी स्वीकृति दे दी गई है।

साथियों,

दूर-दराज इलाकों में रहने के कारण, जनजातीय समाज स्वास्थ्य से जुड़ी कठिनाइयों का भी शिकार रहा है। सिकल सेल एनीमिया जैसी बीमारियाँ एक बहुत बड़ी चुनौती रही हैं। हमने इनके खिलाफ देश भर में अभियान चलाया, चार करोड़ से ज्यादा हेल्थ कार्ड बांटे, मुफ्त इलाज के लिए करोड़ों आदिवासी लाभार्थियों को आयुष्मान कार्ड दिये। जल जीवन मिशन के तहत घर-घर साफ पानी पहुंचाया जा रहा है। इन प्रयासों का परिणाम आज हमें दिख रहा है। आदिवासी समाज दशकों पुरानी कठिनाइयों से बाहर आ रहा है, और, विकास की मुख्यधारा का हिस्सा बन रहा है।

साथियों,

आने वाले समय में हमारे सामने दो महत्वपूर्ण पड़ाव हैं। 2036 में ओडिशा के गठन के 100 वर्ष पूरे होंगे। और, 2047 में भारत की स्वतंत्रता के 100 वर्ष पूरे होने वाले हैं। यानी, ओडिशा और देश का लक्ष्य एक ही दिशा में है। ओडिशा की अर्थव्यवस्था मजबूत होगी, तो भारत मजबूत होगा। मुझे ओडिशा के सामर्थ्य पर भरोसा है। हमें मिलकर ओडिशा को विकास की बुलंदियों पर पहुंचाना है।

साथियों,

कल 21 जून को अंतर्राष्ट्रीय योग दिवस भी मनाया जाना है। ज्ञान और योग की धरती ओडिशा, योग यहाँ के संस्कारों का हिस्सा रहा है। मैं ओडिशा की धरती से पूरे देश से, पूरी दुनिया के लोगों से आह्वान करता हूँ, आप सब ज्यादा से ज्यादा संख्या में योग दिवस में हिस्सा लें। मैं एक बार फिर आप सभी को आज के अवसर, और विकास परियोजनाओं की बहुत-बहुत बधाई देता हूं। मैं माननीय राष्ट्रपति जी का विशेष रूप से आभार प्रकट करता हूं, कि मुझे उनके साथ उनकी कर्मभूमि को देखने का मौका मिला। एक बार फिर उन्हें जन्मदिन की बहुत-बहुत बधाई। बहुत-बहुत धन्यवाद।

जय जगन्नथ।

जय जगन्नथ।

जय जगन्नथ।