The warmth and affection of the Indian diaspora in Kuwait is extraordinary: PM
After 43 years, an Indian Prime Minister is visiting Kuwait: PM
The relationship between India and Kuwait is one of civilizations, seas and commerce: PM
India and Kuwait have consistently stood by each other:PM
India is well-equipped to meet the world's demand for skilled talent: PM
In India, smart digital systems are no longer a luxury, but have become an integral part of the everyday life of the common man: PM
The India of the future will be the hub of global development, the growth engine of the world: PM
India, as a Vishwa Mitra, is moving forward with a vision for the greater good of the world: PM

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

নমস্কাৰ,

মই মাত্ৰ আঢ়ৈ ঘণ্টা আগতে কুৱেইটত উপস্থিত হৈছোহি আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰা মই চাৰিওফালে এক বেলেগ সম্পৰ্ক, এক পৃথক উষ্ণতা অনুভৱ কৰিছোঁ। আপোনালোক সকলো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে। কিন্তু আপোনালোক সকলোকে দেখি এনে লাগিছে যেন মোৰ সন্মুখত এখন ক্ষুদ্ৰ ভাৰতহে গঢ়ি উঠিছে। ইয়াত, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ প্ৰতিটো অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলক মোৰ সন্মুখত দেখিবলৈ পাইছোঁ। কিন্তু সকলোৰে হৃদয়ত একেই প্ৰতিধ্বনি অনুৰণিত হৈ আছে। সকলোৰে হৃদয়ত কেৱল এটাই প্ৰতিধ্বনি অনুৰণিত হৈ আছে— ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।

ইয়াত ‘হাল সংস্কৃতি’ৰ উৎসৱ চলি আছে। আপোনালোকে এতিয়া খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ বাবে প্ৰস্তুতি চলাই আছে। আকৌ পোংগল-ও আহি আছে। মকৰ সংক্ৰান্তিয়েই হওঁক, লোহৰিয়েই হওঁক বা বিহুৱেই হওঁক, এনে বহুতো উৎসৱলৈ বেছি দিন নাই। মই আপোনালোক সকলোকে বৰদিন, নৱবৰ্ষ আৰু দেশৰ প্ৰতিটো কোণত উদযাপন কৰা সকলো উৎসৱৰ বাবে শুভেচ্ছা জনাইছোঁ।

বন্ধুসকল,

ব্যক্তিগতভাৱে আজিৰ দিনটো মোৰ বাবে এটা বিশেষ দিন। ৪৩ বছৰৰ পিছত, চাৰি দশকতকৈয়ো অধিক, ৪৩ বছৰৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী কুৱেইটলৈ আহিছে। যদি আপুনি ভাৰতৰ পৰা ইয়ালৈ আহিব লগা হয়, তেন্তে চাৰি ঘণ্টা সময় লাগে, প্ৰধানমন্ত্ৰীয়ে চাৰি দশক সময় ল’লে। আপোনালোকৰ বহুতে প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি কুৱেইটত বাস কৰি আহিছে। বহুতৰ চাগৈ জন্মই ইয়াত হৈছে। আৰু প্ৰতি বছৰে, শ শ ভাৰতীয়ই আপোনালোকৰ গোটত যোগদান কৰিছেহি। আপোনালোক কুৱেইটৰ সমাজত ভাৰতীয়ত্বৰ এক স্পৰ্শ যোগ কৰিছে, আপোনালোকে ভাৰতীয় প্ৰতিভাৰে কুৱেইটৰ কেনভাছখনত অংকন কৰিছে। আপোনালোকে কুৱেইটত ভাৰতৰ প্ৰতিভা, প্ৰযুক্তি আৰু পৰম্পৰাৰ মচলা মিহলি কৰিছেহি। আৰু সেয়েহে মই আজি ইয়ালৈ কেৱল আপোনালোকক লগ কৰিবলৈকে নহয়, আপোনালোক সকলোৰে কৃতিত্ব উদযাপন কৰিবলৈকো আহিছোঁ।

 

সতীৰ্থসকল,

অলপ আগতে, মই ভাৰতীয় শ্ৰমিক আৰু পেছাদাৰসকলক লগ পাইছিলোঁ। এই সঙ্গীসকল ইয়াত নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত। তেওঁলোকে আন বহুতো ক্ষেত্ৰতো তেওঁলোকৰ শ্ৰমদান কৰিছে। ভাৰতীয় সম্প্ৰদায়ৰ চিকিৎসক, নাৰ্ছ, ‘পেৰামেডিক্স’ হৈছে কুৱেইটৰ চিকিৎসা আন্তঃগাঁথনিৰ এক বৃহৎ শক্তি। আপোনালোকৰ শিক্ষকসকলে কুৱেইটৰ পৰৱৰ্তী প্ৰজন্মক শক্তিসমৃদ্ধ কৰাত সহায় কৰি আছে। আপোনালোকৰ মাজৰ যিসকল অভিযন্তা আৰু স্থপতিবিদ তেওঁলোকে কুৱেইটৰ পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে।

আৰু বন্ধুসকল,

যেতিয়াই মই কুৱেইটৰ নেতৃত্বৰ সৈতে কথা পাতোঁ। তেতিয়াই তেওঁলোকে আপোনালোক সকলোকে বহুত প্ৰশংসা কৰে। কুৱেইটৰ নাগৰিকসকলেও আপোনালোক সকলো ভাৰতীয়ক কঠোৰ পৰিশ্ৰম, আপোনালোকৰ সততা, আপোনালোকৰ দক্ষতাৰ বাবে আপোনালোকক যথেষ্ট সন্মান কৰে। আজি, বিদেশৰ পৰা ধন-প্ৰেৰণৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ শীৰ্ষস্থানত আছে, সেয়েহে ইয়াৰ বাবে যথেষ্ট কৃতিত্ব সকলো পৰিশ্ৰমী সহকৰ্মীলৈকো যায়। দেশবাসীয়েও আপোনালোকৰ অৱদানক সন্মান কৰে।

সতীৰ্থসকল,

ভাৰত আৰু কুৱেইটৰ মাজৰ সম্পৰ্ক হৈছে সভ্যতা, সাগৰ, স্নেহ, বাণিজ্য আৰু ব্যৱসায়ৰ সম্পৰ্ক। ভাৰত আৰু কুৱেইট আৰৱ সাগৰৰ দুটা ফালে অৱস্থিত। কেৱল কূটনীতিয়েইযে আমাক একেলগে বান্ধি ৰাখিছে এনে নহয়, আমাৰ হৃদয়েও পৰস্পৰক বান্ধি ৰাখিছে। কেৱল আমাৰ বৰ্তমানেই নহয় আমাৰ অতীতেও আমাক সংযোগ কৰে। এটা সময় আছিল যেতিয়া কুৱেইটৰ পৰা ভাৰতলৈ মুক্তা, খজুৰ আৰু সুন্দৰ প্ৰজাতিৰ ঘোঁৰা গৈছিল। আৰু ভাৰতৰ পৰাও বহুতো বস্তু ইয়ালৈ আহি থাকিছিল। ভাৰতৰ চাউল, ভাৰতৰ চাহ, ভাৰতৰ মচলা, কাপোৰ, কাঠ ইয়ালৈ আহিছিল। কুৱেইটৰ নাবিকসকলে ভাৰতৰ পৰা চেগুন কাঠেৰে নিৰ্মিত নাৱত দীঘলীয়া যাত্ৰা কৰিছিল। কুৱেইটৰ মুক্তা ভাৰতৰ বাবে হীৰাতকৈ কম নাছিল। আজি, ভাৰতৰ গহনা সমগ্ৰ বিশ্বতে জনপ্ৰিয়, সেয়েহে কুৱেইটৰ মুক্তাবোৰেও ইয়াত অৰিহণা যোগাই আহিছে। গুজৰাটত, আমি বয়োজ্যেষ্ঠসকলৰ পৰা শুনি আহিছো যে বিগত শতিকাত কুৱেইটৰ পৰা কেনেকৈ মানুহ আহিছিল, ব্যৱসায়ীসকলে কেনেদৰে অহা-যোৱা কৰিছিল। বিশেষকৈ ঊনবিংশ শতিকাতেই কুৱেইটৰ ব্যৱসায়ীসকলে চুৰাটলৈ আহিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত, চুৰাট কুৱেইটৰ মুক্তাৰ বাবে আন্তৰ্জাতিক বজাৰ আছিল। চুৰাট, পোৰবন্দৰ, ভেৰাৱল বা গুজৰাটৰ বন্দৰসমূহ এই পুৰণি সম্পৰ্কৰ সাক্ষী হৈ আহিছে।

কুৱেইটৰ ব্যৱসায়ীসকলে গুজৰাটী ভাষাতো বহুত কিতাপ প্ৰকাশ কৰিছে। গুজৰাটৰ পিছত, কুৱেইটৰ ব্যৱসায়ীসকলেও মুম্বাই আৰু অন্যান্য বজাৰত এক পৃথক পৰিচয় গঢ়ি তুলিছিল। বিখ্যাত ব্যৱসায়ী আব্দুল লতিফ আল-আব্দুল ৰজ্জাকৰ ‘হাউ টু কেলকুলেট পাৰ্ল ৱেইট’ নামৰ কিতাপখন মুম্বাইত প্ৰকাশিত হৈছিল। কুৱেইটৰ বহু ব্যৱসায়ীয়ে ৰপ্তানি আৰু আমদানিৰ বাবে মুম্বাই, কলকাতা, পোৰবন্দৰ, ভেৰাৱল আৰু গোৱাত তেওঁলোকৰ কাৰ্যালয় খুলিছে। কুৱেইটৰ বহুতো পৰিয়ালে এতিয়াও মুম্বাইৰ মহম্মদ আলী ষ্ট্ৰীটত বাস কৰে। এই কথা জানি বহুতো মানুহেই আচৰিত হ'ব। ৬০-৬৫ বছৰ আগতে, ভাৰতীয় টকা যেনেকৈ ভাৰতত চলে ঠিক তেনেদৰেই কুৱেইটতো চলিছিল। অৰ্থাৎ ইয়াত দোকান এখনৰ পৰা কিবা কিনিলে কেৱল ভাৰতীয় টকাহে গ্ৰহণ কৰা হৈছিল। সেই সময়ত ভাৰতীয় মুদ্ৰাৰ পৰিভাষাসমূহ যেনে টকা, পইচা, আনা আদি কুৱেইটৰ লোকসকলৰ বাবেও অতি তেনেই সাধাৰণ আছিল।

বন্ধুসকল,

স্বাধীনতাৰ পিছত কুৱেইটক স্বীকৃতি দিয়া ভাৰত বিশ্বৰ প্ৰথমকেইখন দেশৰ ভিতৰত অন্যতম আছিল। আৰু সেয়েহে যিখন দেশৰ সৈতে বহুতো স্মৃতি সংলগ্ন হৈ আছে সেইখন হৈছে সেই সমাজ যাৰ সৈতে আমাৰ বৰ্তমান সংযুক্ত হৈ আছে। তাত থকাটো মোৰ বাবে অতি স্মৰণীয়। মই কুৱেইটৰ জনসাধাৰণৰ প্ৰতি, ইয়াৰ চৰকাৰৰ প্ৰতি অত্যন্ত কৃতজ্ঞ। মই তেওঁৰ মহামান্য আমিৰক তেওঁৰ নিমন্ত্ৰণৰ বাবে বিশেষভাৱে ধন্যবাদ জনাইছোঁ।

 

বন্ধুসকল,

অতীতত সংস্কৃতি আৰু বাণিজ্যৰ মাজৰ সম্পৰ্ক নতুন শতিকাত নতুন উচ্চতাৰ দিশে আগবাঢ়িছে। আজি কুৱেইট হৈছে ভাৰতৰ এক অতি গুৰুত্বপূৰ্ণ শক্তি আৰু বাণিজ্যিক অংশীদাৰ। ভাৰত কুৱেইটৰ কোম্পানীসমূহৰ বাবেও হৈছে এক মুখ্য বিনিয়োগৰ গন্তব্যস্থান। মোৰ মনত আছে ‘হিজ হাইনেছ, দ্য ক্ৰাউন প্ৰিন্স অব কুৱেইট’-য়ে নিউয়ৰ্কত আমাৰ বৈঠকৰ সময়ত এটা কথা উল্লেখ কৰিছিল। তেওঁ কৈছিল— "যেতিয়াই আপোনালোকৰ প্ৰয়োজনীয়তা থাকিব, ভাৰত হব আপোনালোকৰ গন্তব্যস্থান"। ভাৰত আৰু কুৱেইটৰ নাগৰিকসকলে দুখৰ সময়ত আৰু আনকি সংকটৰ সময়তো সদায় ইজনে সিজনক সহায় কৰি আহিছে। ক’ৰোনা মহামাৰীৰ সময়ত, দুয়োখন দেশে প্ৰতিটো স্তৰত পৰস্পৰক সহায় কৰিছিল। যেতিয়া ভাৰতক ইয়াৰ আটাইতকৈ বেছি প্ৰয়োজন হৈছিল, কুৱেইটে ভাৰতক তৰল অক্সিজেনৰ যোগান ধৰিছিল। মহামান্য যুৱৰাজ নিজেই আগবাঢ়ি আহিছিল আৰু সকলোকে দ্ৰুতগতিত কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। মই সন্তুষ্ট যে ভাৰতেও কুৱেইটলৈ প্ৰতিষেধক আৰু চিকিৎসা দল প্ৰেৰণ কৰি এই সংকটৰ বিৰুদ্ধে যুঁজিবলৈ সাহস দিছিল। ভাৰতে ইয়াৰ বন্দৰসমূহ মুকলি ৰাখিছিল যাতে কুৱেইট আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহত খাদ্য সামগ্ৰীৰ কোনো অভাৱ নহয়। এই বছৰৰ জুন মাহত কুৱেইটত কি এক হৃদয়বিদাৰক দুৰ্ঘটনা সংঘটিত হৈছিল। মংগফত সংঘটিত অগ্নিকাণ্ডত বহু ভাৰতীয়ই প্ৰাণ হেৰুৱাইছিল। যেতিয়া মই খবৰটো পাইছিলো, মই খুব চিন্তিত হৈছিলোঁ। কিন্তু সেই সময়ত কুৱেইট চৰকাৰে যি ধৰণৰ সহযোগিতা আগবঢ়াইছিল, কেৱল এজন ভাতৃয়েহে সেয়া কৰিব পাৰে। মই কুৱেইটৰ এই আত্মীয়তাক অভিবাদন জনাইছোঁ।

বন্ধুসকল,

প্ৰতিটো সুখ আৰু দুখৰ মুহুৰ্তত একেলগে বাস কৰাৰ এই পৰম্পৰা হৈছে আমাৰ পাৰস্পৰিক সম্পৰ্ক আৰু পাৰস্পৰিক বিশ্বাসৰ ভেটি। আগন্তুক দশকবোৰত আমি আমাৰ সমৃদ্ধিৰ ক্ষেত্ৰতো ডাঙৰ অংশীদাৰ হ'ম। আমাৰ লক্ষ্যবোৰ বেছি বেলেগ নহয়। কুৱেইটৰ লোকসকল নৱ কুৱেইট নিৰ্মাণত নিয়োজিত হৈ আছে। ভাৰতৰ জনসাধাৰণেও ২০৪৭ চনৰ ভিতৰত দেশখনক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত নিয়োজিত হৈ আছে। কুৱেইটে বাণিজ্য আৰু উদ্ভাৱনৰ জৰিয়তে এক গতিশীল অৰ্থনীতি হ'ব বিচাৰে। ভাৰতেও আজি উদ্ভাৱন গুৰুত্ব আৰোপ কৰি আছে আৰু ইয়াৰ অৰ্থনীতি নিৰন্তৰ শক্তিশালী কৰি আছে। এই দুটা লক্ষ্যই পৰস্পৰক সমৰ্থন কৰিবলৈ আগবাঢ়িছে। নতুন কুৱেইট গঢ়ি তুলিবলৈ যি প্ৰয়োজনীয় উদ্ভাৱন, দক্ষতা, প্ৰযুক্তি, জনশক্তিৰ প্ৰয়োজন হব সেয়া ভাৰতৰ আছে। ষ্টাৰ্ট-আপ, ফিনটেকৰ পৰা স্বাস্থ্যসেৱালৈকে, স্মাৰ্ট চিটীৰ পৰা সেউজ প্ৰযুক্তিলৈকে, কুৱেইটৰ প্ৰতিটো প্ৰয়োজনীয়তাৰ বাবে ভাৰতে অত্যাধুনিক সমাধান সৃষ্টি কৰিব পাৰে। ভাৰতৰ দক্ষ যুৱক-যুৱতীসকলে কুৱেইটৰ ভৱিষ্যত যাত্ৰাকো নতুন শক্তি প্ৰদান কৰিব পাৰে।

বন্ধুসকল,

ভাৰতৰো বিশ্বৰ দক্ষতাৰ ৰাজধানী হোৱাৰ সামৰ্থ্য আছে। ভাৰত আহিবলগীয়া বহু দশকৰ বাবে বিশ্বৰ আটাইতকৈ কম বয়সীয়া দেশ হ'বলৈ আগবাঢ়িছে। এনে পৰিস্থিতিত, বিশ্বৰ দক্ষতাৰ চাহিদা পূৰণ কৰাৰ ক্ষমতা ভাৰতৰ আছে। আৰু ইয়াৰ বাবে বিশ্বৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে ইয়াৰ যুৱসকলৰ দক্ষতা বিকাশ কৰি আছে, তেওঁলোকৰ দক্ষতা উন্নত কৰি আছে। ভাৰতে শেহতীয়া বছৰবোৰত প্ৰায় দুই ডজন দেশৰ সৈতে প্ৰব্ৰজন আৰু নিযুক্তি সম্পৰ্কীয় চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত উপসাগৰীয় দেশসমূহৰ উপৰিও জাপান, অষ্ট্ৰেলিয়া, ফ্ৰান্স, জাৰ্মানী, মৰিচাছ, ইউকে আৰু ইটালীৰ দৰে দেশসমূহ আছে। বিশ্বৰ দেশসমূহেও ভাৰতৰ দক্ষ জনশক্তিৰ বাবে দুৱাৰ মুকলি কৰি দিছে।

 

বন্ধুসকল,

বিদেশত কাম কৰা ভাৰতীয়সকলৰ কল্যাণ আৰু সুবিধাৰ বাবে বহুতো দেশৰ সৈতে চুক্তি স্বাক্ষৰ কৰা হৈছে। আপোনালোকে চাগৈ ‘ই-মাইগ্ৰেট পৰ্টেল’ৰ সৈতে পৰিচিত হৈছে। ইয়াৰ জৰিয়তে, বিদেশী কোম্পানী আৰু পঞ্জীভুক্ত এজেণ্টসকলক একেখন প্লেটফৰ্মলৈ অনা হৈছে। ইয়াৰ সৈতে, য'ত জনশক্তিৰ প্ৰয়োজন, কেনে ধৰণৰ জনশক্তিৰ প্ৰয়োজন, কোনটো কোম্পানীৰ প্ৰয়োজন, এই সকলোবোৰ সহজে জনা যায়। এই পৰ্টেলৰ সহায়ত যোৱা ৪-৫ বছৰতে লাখ লাখ বন্ধু উপসাগৰীয় দেশসমূহলৈ আহিছে। এনে ধৰণৰ প্ৰতিটো প্ৰচেষ্টাৰ আঁৰত মাত্ৰ এটাই লক্ষ্য আছে। ভাৰতৰ প্ৰতিভাৰ সৈতে বিশ্বৰ উন্নতি হোৱা উচিত আৰু যিসকলে কামৰ বাবে বাহিৰলৈ গৈছে তেওঁলোকৰ বাবে প্ৰক্ৰিয়াসমূহ যাতে সদায় আৰামদায়ক হয়। কুৱেইটতো আপোনালোক সকলোৱে ভাৰতৰ এই প্ৰচেষ্টাৰ পৰা যথেষ্ট লাভান্বিত হ'বলৈ গৈ আছে।

বন্ধুসকল,

আমি বিশ্বৰ য'তেই বাস নকৰোঁ কিয়, সেই দেশকে সন্মান কৰোঁ, আৰু ভাৰতে নতুন উচ্চতা অৰ্জন কৰা দেখিও সমানেই সুখীও হওঁ। আপোনালোক সকলোৱেই ভাৰতৰ পৰা ইয়ালৈ আহিছে, ইয়াত আছে, কিন্তু আপোনালোকে ভাৰতীয়ত্বক আপোনালোকৰ হৃদয়ত সযতনে ৰাখিছে। এতিয়া মোক কওঁকচোন, কোন ভাৰতীয়ই ‘মঙ্গলযান’ৰ সফলতাৰ বাবে গৌৰৱান্বিত নহ'ব? ‘চন্দ্ৰযান’ৰ চন্দ্ৰত অৱতৰণত কোন ভাৰতীয় সুখী নহ'লহেঁতেন? মই কথাটো সঠিককৈ কৈছো নাই বাৰু। আজিৰ ভাৰতে এক নতুন মনোভাৱৰে সৈতে আগবাঢ়িছে। আজি ভাৰত হৈছে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি। আজি, বিশ্বৰ এক নম্বৰ ‘ফিনটেক পৰিস্থিতিতন্ত্ৰ’ ভাৰতত আছে। আজি, ভাৰতত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ আছে। আজি, ভাৰত হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাতা দেশ।

মই আপোনালোকক এটা পৰিসংখ্যা দিম আৰু আপোনালোকে এইটো শুনি নিশ্চয় ভাল পাব। যোৱা ১০ বছৰত ভাৰতে স্থাপন কৰা ‘অপ্টিকেল ফাইবাৰ’ৰ দৈৰ্ঘ্য পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্বতকৈ আঠ গুণ বেছি। আজি ভাৰত হৈছে বিশ্বৰ আটাইতকৈ অদিক ডিজিটেল ভাৱে সংযোজিত দেশসমূহৰ অন্যতম দেশ। সৰু চহৰৰ পৰা গাঁৱলৈকে, প্ৰতিগৰাকী ভাৰতীয়ই ডিজিটেল সঁজুলি ব্যৱহাৰ কৰি আছে। ভাৰতত স্মাৰ্ট ডিজিটেল প্ৰণালী এতিয়া বিলাসিতা নহয়, বৰং সাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ এক অংশহে। ভাৰতত মানুহে চাহ খায়, ৰাস্তাত ফল ক্ৰয় কৰে আৰু ডিজিটেল মাধ্যমেৰে পৰিশোধ কৰে। ৰেচন ফৰমাইচ দিব লাগিব, খাদ্যসামগ্ৰী ফৰমাইচ দিব লাগে, ফল আৰু পাচলিৰ ফৰমাই দিব লাগে, ঘৰৰ খুচুৰা সামগ্ৰীৰ ফৰমাইচ দিব লাগে, ডেলিভাৰী অতি কম সময়ৰ ভিতৰত কৰিব লাগে আৰু ফোনযোগে পৰিশোধও কৰি দিয়ে। নথিপত্ৰ ৰাখিবলৈ মানুহৰ ওচৰত ডিজি লকাৰ আছে, বিমানবন্দৰত নিৰৱচ্ছিন্ন ভ্ৰমণৰ বাবে মানুহৰ ডিজিযাত্ৰা আছে, টোল বুথত সময় বচাবলৈ মানুহৰ ফষ্টটেগ আছে, ভাৰত নিৰন্তৰ ডিজিটেল ভাৱে স্মাৰ্ট হৈ আছে আৰু এয়া মাত্ৰ আৰম্ভণিহে। ভৱিষ্যতৰ ভাৰতে এনে উদ্ভাৱনৰ দিশত আগবাঢ়িব, যি সমগ্ৰ বিশ্বক মাৰ্গদৰ্শন কৰাব। ভৱিষ্যতৰ ভাৰত বিশ্বৰ বিকাশৰ কেন্দ্ৰ বিন্দু হ'ব, ই হ'ব বিশ্বৰ বিকাশৰ ইঞ্জিন। সেই সময় বেছি দূৰৈত নাই যেতিয়া ভাৰত বিশ্বৰ সেউজ শক্তিকেন্দ্ৰ হ'ব, ই হ'ব ফাৰ্মা হাব, এটা ইলেক্ট্ৰনিক্স হাব, এটা অটোমোবাইল হাব, এটা অৰ্ধপৰিবাহী কেন্দ্ৰ, আইনী, বীমা কেন্দ্ৰ, চুক্তি আৰু বাণিজ্যিক কেন্দ্ৰ। আপোনালোকে দেখিবলৈ পাব, বিশ্বৰ ডাঙৰ ডাঙৰ অৰ্থনৈতিক কেন্দ্ৰবোৰ ভাৰতত যেতিয়া হৈ উঠিব। গোলকীয় সামৰ্থ্য কেন্দ্ৰ, গোলকীয় প্ৰযুক্তি কেন্দ্ৰ বা গোলকীয় অভিযান্ত্ৰিক কেন্দ্ৰই হওঁক, ভাৰত তেওঁলোকৰ বাবে এক মুখ্য কেন্দ্ৰ হৈ উঠিব।

 

বন্ধুসকল,

আমি গোটেই পৃথিৱীখনক এটা পৰিয়াল হিচাপে গণ্য কৰোঁ। বিশ্বৰ মঙ্গলৰ কথা ভাবি ভাৰত বিশ্ববন্ধু হিচাপে আগবাঢ়িছে। আৰু বিশ্বয়ো ভাৰতৰ এই অনুভূতিক স্বীকৃতি দিছে। আজি, ২১ ডিচেম্বৰ, ২০২৪ তাৰিখে বিশ্বই ইয়াৰ প্ৰথম ‘বিশ্ব ধ্যান দিৱস’ উদযাপন কৰিছে। ই ভাৰতৰ হাজাৰ হাজাৰ বছৰীয়া ধ্যান পৰম্পৰাৰ নামত উৎসৰ্গিত। ২০১৫ চনৰ পৰা বিশ্বই ২১ জুনত ‘আন্তৰ্জাতিক যোগ দিৱস’ উদযাপন কৰি আহিছে। ই ভাৰতৰ যোগ পৰম্পৰাৰ প্ৰতি সমৰ্পিত। ২০২৩ বৰ্ষটো বিশ্বই ‘আন্তৰ্জাতিক বাজ্ৰা বৰ্ষ’ হিচাপে উদযাপন কৰিছিল, এইটো কেৱল ভাৰতৰ প্ৰচেষ্টা আৰু প্ৰস্তাৱৰ দ্বাৰাহে সম্ভৱ হৈছিল। আজি ভাৰতৰ যোগ-য়ে বিশ্বৰ প্ৰতিটো অঞ্চলক সংযোজিত কৰিছে। আজি ভাৰতৰ পৰম্পৰাগত ঔষধ, আমাৰ আয়ুৰ্বেদ, আমাৰ আয়ুষ সামগ্ৰীয়ে বিশ্বব্যাপী সুস্থতাক সমৃদ্ধ কৰিছে। আজি, আমাৰ ‘ছুপাৰফুড’ বাজ্ৰাবোৰ পুষ্টি আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ এক মুখ্য আধাৰ হৈ উঠিছে। আজি, নালন্দাৰ পৰা আইআইটিলৈকে, আমাৰ জ্ঞান প্ৰণালীয়ে বিশ্বব্যাপী জ্ঞান পৰিস্থিতিতন্ত্ৰক শক্তি প্ৰদান কৰিছে। আজি ভাৰতো বিশ্বব্যাপী সংযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোগ হৈ উঠিছে। যোৱা বছৰ ভাৰতত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত ‘ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ কৰিডৰ’ ঘোষণা কৰা হৈছিল। এই কৰিডৰে ভৱিষ্যতৰ পৃথিৱীখনক এক নতুন দিশ প্ৰদান কৰিবলৈ গৈ আছে।

বন্ধুসকল,

আপোনালোকৰ সমৰ্থন আৰু প্ৰবাসী ভাৰতীয়সকলৰ অংশগ্ৰহণ অবিহনে উন্নত ভাৰতৰ যাত্ৰা অসম্পূৰ্ণ। মই আপোনালোক সকলোকে এক উন্নত ভাৰত গঢ়ি তোলাৰ সংকল্পত মোৰ সৈতে যোগ দিবলৈ আমন্ত্ৰণ জনাইছোঁ। নতুন বছৰৰ প্ৰথম মাহ, জানুৱাৰী ২০২৫, এইবাৰ বহুতো ৰাষ্ট্ৰীয় উৎসৱৰ মাহ হ'ব। এই বছৰৰ ৮ ৰ পৰা ১০ জানুৱাৰীলৈ ভূৱনেশ্বৰত প্ৰৱাসী ভাৰতীয় দিৱস অনুষ্ঠিত হ'ব, সমগ্ৰ বিশ্বৰ লোক আহিব। মই আপোনালোক সকলোকে এই কাৰ্যসূচীলৈ আমন্ত্ৰণ জনাইছোঁ। এই যাত্ৰাত আপোনালোকে পুৰীত মহাপ্ৰভু জগন্নাথ জীৰ আশীৰ্বাদ ল'ব পাৰিব। ইয়াৰ পিছত, আপোনালোক প্ৰয়াগৰাজৰ মহাকুম্ভত যোগদান কৰিবলৈ প্ৰয়াগৰাজলৈ আহিব। ই ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ চলিবকে, প্ৰায় ডেৰ মাহ। ২৬ জানুৱাৰীত আপোনালোকে গণতন্ত্ৰ দিৱস চোৱাৰ পিছতহে উভতি আহিব। আৰু হয়, আপোনালোকে আপোনালোকৰ কুৱেইটৰ বন্ধুসকলকো ভাৰতলৈ আনিব পাৰে, তেওঁলোকক ভাৰতলৈ লৈ যাব পাৰে, ইয়াত এটা সময় আছিল, দিলীপ কুমাৰ চাহেবে প্ৰথম ভাৰতীয় ৰেষ্টুৰেণ্ট উদ্বোধন কৰিছিল। ভাৰতৰ প্ৰকৃত সোৱাদ কেৱল তালৈ গৈহে জনা যাব। গতিকে আপোনালোকে ইয়াৰ বাবে আপোনালোকৰ কুৱেইটী বন্ধুসকলক প্ৰস্তুত কৰিব লাগিব।

বন্ধুসকল,

মই জানো যে আজিৰ পৰা আৰম্ভ হোৱা ‘আৰৱীয়ান গল্ফ কাপ’ৰ বাবে আপোনালোক সকলোৱে অতি উৎসাহিত হৈ আছে। আপোনালোকে কুৱেইটৰ দলটোক উৎসাহিত কৰিবলৈ বাট চাই আছে। উদ্বোধনী অনুষ্ঠানত মোক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে মই মহামান্য আমিৰৰ প্ৰতি কৃতজ্ঞ। ই দেখুৱায় যে আপোনালোক সকলোৰে বাবে ৰাজপৰিয়াল আৰু কুৱেইট চৰকাৰৰ ভাৰতৰ প্ৰতি কিমান সন্মান আছে। আপোনালোক সকলোৱে এনেদৰে ভাৰত-কুৱেইট সম্পৰ্ক শক্তিশালী কৰি থাকক, এই ইচ্ছাৰে, আপোনালোক সকলোকে আকৌ বহুত বহুত ধন্যবাদ জনাইছোঁ!

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়!

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
New train services to boost Purvanchal connectivity from June 19

Media Coverage

New train services to boost Purvanchal connectivity from June 19
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, the world does not suffer from a shortage of resources; it suffers from a shortage of trust: PM Modi at G7 Summit in Evian, France
June 16, 2026

राष्ट्रपति मैक्रों,
Your Excellencies,

नमस्कार!

G-7 समिट में हमारे गर्मजोशी भरे स्वागत के लिए मैं राष्ट्रपति मैक्रों का हार्दिक आभार व्यक्त करता हूँ।

Friends,

आज का विश्व पहले से कहीं अधिक inter-connected और inter-dependent है। किसी भी देश की ऊर्जा सुरक्षा, खाद्य सुरक्षा, स्वास्थ्य सुरक्षा, साइबर सुरक्षा और आर्थिक समृद्धि केवल उसकी सीमाओं के भीतर तय नहीं होती। Mobility, data, capital, technology, ये सभी हमें आपस में जोड़ते हैं।

ऐसे समय में Partnerships का महत्व स्वाभाविक रूप से बढ़ जाता है। लेकिन साझेदारियाँ तभी सफल होती हैं जब उनके केंद्र में विश्वास हो। आज सबसे महत्वपूर्ण Strategic Asset कोई mineral, technology या market नहीं, बल्कि आपसी विश्वास है।

विश्वास कि टेक्नॉलजी और supply chains को हथियार के रूप में नहीं, global good के लिए इस्तेमाल किया जाएगा। विश्वास कि विकास के अवसर कुछ देशों तक सीमित नहीं रहेंगे। विश्वास कि वैश्विक संस्थान सभी देशों की आकांक्षाओं को पूरा करने में सक्षम होंगे।

Friends,

पिछली सदी में मानवता को दो विश्व युद्धों से गुज़रना पड़ा। अनेक बलिदानों के बाद विश्व समुदाय ने शांति, स्थिरता और समृद्धि की ओर बढ़ने के लिए व्यवस्थाएं विकसित की। इन व्यवस्थाओं का आधार भी trust ही था।

किन्तु अनेक दशकों से, अनेक पीढ़ियों के योगदान से बनाए गए विश्वास को आज चोट पहुँच रही है। कोविड ने हमें आईना दिखाया कि trust और solidarity के दावे कितने खोखले थे।

Today the world does not suffer from a shortage of resources; it suffers from a shortage of trust. And the future of our partnerships depends on building this trust.

अमेरिका के राष्ट्रपति रोनल्ड रेगन ने कहा था: Trust but Verify. यह आज के समय में भी प्रासंगिक है। भावी पीढ़ियों के प्रति हमारा दायित्व है कि हम नए युग के अनुरूप trusted rules based order का निर्माण करें।

Friends,

भारत ने सदैव विश्व को एक परिवार के रूप में देखा है। हमारे सभी प्रयास “सर्वजन हिताय, सर्वजन सुखाय” यानि, welfare and happiness for all के मूल सिद्धांत पर आधारित रहे हैं।

भारत का अनुभव दिखाता है कि विकास सबसे अधिक प्रभावी तब होता है जब वह लोगों की आकांक्षाओं से जुड़ा हो। यही सिद्धांत हमारी अंतरराष्ट्रीय साझेदारियों का भी आधार है। इसी सोच के साथ भारत ने International Solar Alliance, Coalition for Disaster Resilient Infrastructure, ग्लोबल बायोफ्यूल्स एलायंस, Mission LiFE, और “एक पेड़ माँ के नाम” जैसी वैश्विक पहलों को आगे बढ़ाया है।

संकट के समय भारत ने First Responder के रूप में सभी देशों की सहायता करना अपना दायित्व समझा है। कोविड महामारी के दौरान भारत ने डेढ़ सौ से अधिक देशों को दवाइयाँ और vaccines उपलब्ध कराईं।

श्रीलंका में cyclone हो, अफगानिस्तान में भूकंप हो, मोज़ाम्बिक में floods हों, या क्यूबा और जमैका में hurricane, भारत ने सदैव "Humanity First" के सिद्धांत पर कार्य किया है। हमारी विकास साझेदारियाँ भी इसी भावना को प्रतिबिंबित करती हैं। हमारे प्रयास पार्टनर देशों में capacity building और कौशल विकास पर केन्द्रित रहे हैं।

भारत का मानना है: The true test of partnership is not what we build for others, but what we enable others to build for themselves.

Friends,

आज ग्लोबल साउथ की विश्व समुदाय से बहुत उम्मीदें हैं। किन्तु उनकी अपेक्षा सहारे की नहीं, साथ की है। वे वैश्विक विकास के लाभार्थी नहीं, उसके भागीदार बनना चाहते हैं।

हमें donor–recipient की सोच से आगे बढ़कर, equal पार्टनर्स के रूप में काम करना होगा। उनके पास-पास नहीं, साथ-साथ चलना होगा। साझेदारी को dependency के बजाय, dignity से जोड़ना होगा। इन प्रयासों से हम भावी पीढ़ियों के सतत विकास की मजबूत नींव रख सकेंगे।

Friends,

अंतरराष्ट्रीय साझेदारियाँ और वैश्विक एकजुटता तभी सार्थक बन सकती हैं, जब हम साझा चुनौतियों का मिलकर समाधान करें। भारत का दृढ विश्वास है कि विश्व के विभिन्न हिस्सों में चल रहे तनावों और युद्धों का स्थायी समाधान dialogue, diplomacy और अंतरराष्ट्रीय सहयोग के मार्ग से ही संभव है।

हम west asia में शांति प्रयासों में हुई प्रगति का स्वागत करते हैं। इस संघर्ष से west asia में हमारे मित्र देशों को जान-माल का नुकसान झेलना पड़ा है। होर्मुज़ स्ट्रेट में maritime ट्रेड में आई बाधा के कारण पूरे विश्व की अर्थव्यवस्था को नुकसान पहुंचा। भारत के कई civilians को जान गंवानी पड़ी। Global maritime ट्रेड के माध्यम से सभी देशों को आपस में जोड़ने वाले नाविकों की सुरक्षा हमारा दायित्व है। हमें यह सुनिश्चित करना होगा कि समुद्री मार्ग सुरक्षित रहें, और Seafarers बिना भय के अपना कार्य कर सकें।

Friends,

भारत इन विषयों पर सभी पार्टनर्स के साथ मिलकर काम करने के लिए पूरी तरह से तैयार है।

बहुत-बहुत धन्यवाद।