ভাৰতৰ বিমান পৰিবহণ খণ্ডই আজিৰে পৰা এক নতুন উৰণ কৰিবলৈ সাজু হৈছে, ছাফ্ৰানৰ নতুন ব্যৱস্থাই ভাৰতক বিশ্বৰ এম আৰ অ’ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিবঃ প্ৰধানমন্ত্ৰী
শেহতীয়া বছৰবোৰত ভাৰতৰ বিমান পৰিবহণ খণ্ড অভূতপূৰ্ব গতিত আগবাঢ়িছে, আজি ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল ঘৰুৱা বিমান পৰিবহণ বজাৰৰ ভিতৰত আছেঃ প্ৰধানমন্ত্ৰী
আমি ডাঙৰ সপোন দেখিছো, ডাঙৰ কাম কৰি আছো আৰু সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিছোঃ প্ৰধানমন্ত্ৰী
ভাৰতত আমি বিনিয়োগ কৰাসকলক কেৱল বিনিয়োগকাৰী হিচাপেই নহয়, বৰঞ্চ সহ-সৃষ্টিকৰ্তা-উন্নত ৰাষ্ট্ৰৰ দিশত আমাৰ যাত্ৰাত অংশীদাৰ হিচাপে গণ্য কৰোঃ প্ৰধানমন্ত্ৰী

ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰাম মোহন নাইডু জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডী জী, ছাফ্ৰান গ্ৰুপৰ সৈতে জড়িত সকলো গণ্যমান্য ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল!

মোৰ সময় অলপ কম  আছে , কাৰণ মই সংসদত উপস্থিত  হ’ব লাগিব; মাননীয় ৰাষ্ট্ৰপতিৰ সৈতে এটা কাৰ্যসূচী আছে। সেয়ে দীঘলীয়াকৈ কথা নোকোৱাকৈয়ে ক্ষন্তেকতে কেইটামান কথা শ্বেয়াৰ কৰি মোৰ মন্তব্যৰ সামৰণি মাৰিম। আজিৰ পৰা ভাৰতৰ বিমান পৰিবহণ খণ্ডই নতুনকৈ  এক গতি লাভ কৰিছে। ছাফ্ৰানৰ এই নতুন প্ৰকল্পই ভাৰতক বিশ্বব্যাপী এম আৰ অ’ হাব হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। এই এম আৰ অ’ সুবিধাই উচ্চ প্ৰযুক্তিৰ মহাকাশ জগতখনত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগৰ সৃষ্টি কৰিব। শেহতীয়াকৈ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড আৰু মেনেজমেণ্টক লগ পাইছো, ইয়াৰ আগতেও লগ পাইছো। প্ৰতিটো আলোচনাতে ভাৰত সন্দৰ্ভত তেওঁলোকৰ আস্থা আৰু আশা দেখিছোঁ। মোৰ বিশ্বাস যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একে গতিৰে চলি থাকিব৷ আজি এই প্ৰকল্পৰ  বাবে টিম ছাফ্ৰানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল ,

ছাফ্ৰানৰ বিশ্বজোৰা  প্ৰশিক্ষণ, জ্ঞানৰ  হস্তান্তৰ আৰু ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্বই দেশত এনে এক কৰ্মশক্তি সৃষ্টি কৰাত সহায় কৰিব যিয়ে অনাগত বছৰবোৰত সমগ্ৰ এম আৰ অ’ পৰিৱেশ তন্ত্ৰক নতুন গতি আৰু দিশ প্ৰদান কৰিব। এই সুবিধাই দক্ষিণ ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে অসংখ্য কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।  আমি কেৱল বিমান পৰিবহণৰ এম আৰ অ’ত সীমাবদ্ধ থাকিব নিবিচাৰো; আমি বিমান  চলোৱাৰ সৈতেও জড়িত এম আৰ অ’ পৰিৱেশ তন্ত্ৰৰ বিকাশৰ বাবেও অতি বৃহৎ পৰিসৰত কাম কৰি আছো।

 

বন্ধুসকল ,

আমি প্ৰতিটো খণ্ডতে ভাৰতত ডিজাইনিঙক বৃহৎ পৰিসৰত প্ৰচাৰ কৰিছো। মই ছাফ্ৰানৰ দলটোক অনুৰোধ কৰিম যে ভাৰততো বিমানৰ ইঞ্জিন আৰু কম্পোনেণ্ট ডিজাইনৰ সম্ভাৱনা অন্বেষণ কৰক। ইয়াত আমাৰ এম এছ এম ইৰ বিশাল নেটৱৰ্ক আৰু আমাৰ যুৱ প্ৰতিভাই আপোনালোকক বহুখিনি সহায় কৰিব। ছাফ্ৰানে মহাকাশ প্ৰপালচন ব্যৱস্থাৰ  বিষয়ত ব্যাপকভাৱে কাম কৰে। মই বিচাৰো যে আপোনালোকে ভাৰতৰ প্ৰতিভা আৰু ইয়াত উপলব্ধ সুযোগসমূহ প্ৰপালচন ডিজাইন আৰু নিৰ্মাণৰ বাবেও ব্যৱহাৰ কৰক।

বন্ধুসকল,

আজিৰ ভাৰতে কেৱল ডাঙৰ সপোন দেখা নাই; ভাৰতে ডাঙৰ ডাঙৰ সিদ্ধান্ত লৈ বহু ডাঙৰ ফলাফল লাভ কৰিছে। আমি ডাঙৰ সপোন দেখিছো, ডাঙৰ কাম কৰিছো, আৰু সৰ্বোত্তম ফলাফল দিছো।  ভাৰতে ব্যৱসায় কৰাত সহজতাৰ বিষয়ত  দৃঢ়ভাৱে মনোনিৱেশ কৰিছে।

বন্ধুসকল ,

আমি স্বতন্ত্ৰ ভাৰতত বিশ্বব্যাপী বিনিয়োগ আৰু বিশ্ব উদ্যোগসমূহক আকৰ্ষণ কৰিবলৈ কিছুমান বৃহৎ সংস্কাৰ সাধন কৰিছো। প্ৰথমে আমি আমাৰ অৰ্থনীতিৰ দুৱাৰ খুলি দিছো। দ্বিতীয়তে, আমি আমাৰ মৌলিক দিশবোৰ শক্তিশালী কৰিছো। তৃতীয়তে, আমি ব্যৱসায় কৰাটো সহজ কৰি তুলিছো ।

 

বন্ধুসকল,

আজি বেছিভাগ খণ্ডতে ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়া হৈছে। আনকি প্ৰতিৰক্ষাৰ দৰে খণ্ডতো, য’ত পূৰ্বে ব্যক্তিগত খণ্ডৰ বাবে  ঠাই নাছিল, আমি এতিয়া তাত  ৭৪ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ মুকলি কৰিছো। মহাকাশ খণ্ডতো এক সাহসী পন্থা গ্ৰহণ কৰা হৈছে। এই পদক্ষেপসমূহে বিশ্ববাসীলৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে ভাৰতে বিনিয়োগক আদৰণি জনাইছে, ভাৰতে উদ্ভাৱনক আদৰণি জনাইছে। প্ৰডাকচন লিংকড ইনচেন্টিভ আঁচনিসমূহে বিশ্বৰ  নিৰ্মাতাসকলক মেক ইন ইণ্ডিয়াৰ প্ৰতি আকৰ্ষিত কৰিছে। যোৱা ১১ বছৰত আমি ৪০ হাজাৰতকৈ অধিক অনুপালনৰ  প্ৰয়োজনীয়তা হ্ৰাস কৰিছো। ভাৰতে ব্যৱসায় সম্পৰ্কীয় শ শ বিধানক অপৰাধমুক্ত কৰিছে। ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাই একক মঞ্চত অসংখ্য অনুমোদন জনোৱাত সুবিধা কৰি দিছে । জি এছ টি সংস্কাৰ, ফেচলেছ মূল্যায়ন, নতুন শ্ৰম সংহিতা আৰু আই বি চিয়ে শাসন ব্যৱস্থাক পূৰ্বতকৈ অধিক সহজ আৰু স্বচ্ছ কৰি তুলিছে। এই প্ৰচেষ্টাসমূহৰ বাবেই ভাৰত এতিয়া এক বিশ্বাসযোগ্য অংশীদাৰ, এখন ডাঙৰ বজাৰ আৰু উত্থানশীল উৎপাদন কেন্দ্ৰ হিচাপে  পৰিগণিত হৈছে।

 

বন্ধুসকল,

ভাৰতৰ দ্ৰুত বৃদ্ধি, সুস্থিৰ চৰকাৰ, সংস্কাৰমুখী মানসিকতা, বিশাল যুৱ প্ৰতিভা, বৃহৎ ঘৰুৱা বজাৰ আৰু সৰ্বোপৰি ভাৰতত বিনিয়োগ কৰাসকলক আমি কেৱল বিনিয়োগকাৰী  হিচাবে নহয়, সহ-সৃষ্টিকৰ্তা বুলি গণ্য কৰোঁ। আমি তেওঁলোকক ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ যাত্ৰাৰ অংশীদাৰ হিচাপে গ্ৰহণ কৰিছো।  গতিকে সকলো বিনিয়োগকাৰীকে ক’ব বিচাৰিছো - ভাৰতে প্ৰমাণ কৰি আছে যে ভাৰতক গন্তব্যস্থান হিচাবে বিবেচনা কৰাটো  এই দশকৰ আটাইতকৈ চতুৰ ব্যৱসায়িক সিদ্ধান্ত। আকৌ এবাৰ আপোনালোক সকলোকে এই আধুনিক এম আৰ অ’ প্ৰকল্পৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকক অশেষ ধন্যবাদ। মোৰ সময় কম, গতিকে যাবলৈ আপোনালোকৰ  পৰা অনুমতি বিচাৰিছো। অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India overtakes US to become second-largest solar growth market in 2025

Media Coverage

India overtakes US to become second-largest solar growth market in 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam honoring Sage Patanjali and the virtues of Yoga
June 04, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam paying homage to Sage Patanjali and highlighting the profound benefits of Yoga. Shri Modi observed that the regular practice of Yoga keeps the body healthy and the mind calm, noting that making it a part of one's daily routine makes life balanced and energetic.

The Prime Minister posted on X:

"योग का नियमित अभ्यास तन को स्वस्थ और मन को शांत रखता है। इसे अपनी दिनचर्या का हिस्सा बनाने से जीवन संतुलित और ऊर्जावान बनता है।

योगेन चित्तस्य पदेन वाचां
मलं शरीरस्य च वैद्यकेन।

योऽपाकरोत् तं परवरं मुनीनां
पतञ्जलिं प्राञ्जलिरानतोऽस्मि॥"

I bow down with folded palms to Sage Patanjali, the most exalted among the contemplative sages, who has removed impurity of the mind-content through Yoga, of speech through grammar and of the body through Ayurveda.