For ages, conservation of wildlife and habitats has been a part of the cultural ethos of India, which encourages compassion and co-existence: PM Modi
India is one of the few countries whose actions are compliant with the Paris Agreement goal of keeping rise in temperature to below 2 degree Celsius: PM

প্রিয় বন্ধুগণ!

মহাত্মা গান্ধীৰ পৱিত্ৰ এই ভূমি গান্ধীনগৰতপৰিভ্ৰমী পশু-পক্ষী সংক্রান্তীয় ত্রয়োদশ সন্মিলনলৈ আপোনালোক সকলোকে স্বাগতম জনাবলৈ পাই নথৈ আনন্দিত হৈছো।

ভাৰত বিশ্বৰ অন্যতম বৈচিত্র্যপূর্ণ দেশ। বিশ্বৰ মুঠ ভৌগোলিক এলেকাৰ ২.৪ শতাংশৰ অধিকাৰী দেশ হলেও সমগ্ৰ বিশ্বৰ জৈৱ বৈচিত্র্যৰ প্রায় ৮ শতাংশ ভাৰততে পোৱা যায়। ভাৰতত বাস্তুতন্ত্রৰ বৈচিত্র্য আছে, য’ত বিভিন্ন পশু-পক্ষীৰ বসবাস। এই বাস্তুতন্ত্রগত বন্য পৰিৱেশবোৰ হৈছে পূর্ব হিমালয় এলেকা, পশ্চিম ঘাট এলেকা, ইণ্ডো – ম্যানমাৰ এলেকা আৰু আন্দামান – নিকোবৰ দ্বীপপুঞ্জ। ইয়াৰ উপৰিও, ভাৰতত প্রায় ৫০০ প্রজাতিৰ পৰিভ্ৰমীপক্ষী পোৱা যায়।

উপস্থিত মোৰ আদৰৰ ভাই-ভনীসকল,

যুগ যুগ ধৰি বন্যপ্রাণী আৰুইয়াৰ বাসস্থানৰ সংৰক্ষণ ভাৰতীয় সংস্কৃতিৰ অংগ হৈ আহিছে। এই ধৰণৰ সংস্কৃতিয়ে পাৰস্পৰিক কৰুণা আৰু সহাৱস্থানক অনুপ্রাণিত কৰে। আমাৰ ‘বেদ’-ত পশু-পক্ষীৰ সুৰক্ষাৰ কথা উল্লেখ আছে। সম্রাট অশোকেঅৰণ্য ধ্বংস আৰু বন্য পশু-পক্ষী নিধনপ্ৰতিৰোধৰ দৰে বিষয়বোৰক বিশেষভাৱে অগ্ৰাধিকাৰ দিছিল, গুৰুত্ব প্ৰদান কৰিছিল। গান্ধীজীৰ আদর্শৰে অনুপ্রাণিত হৈ অহিংসা নীতি, পৰিৱেশ তথা পশু-পক্ষীৰ সুৰক্ষাৰ বিষয়টোক ভাৰতীয় সংবিধানত যথাযথভাৱে স্থান দিয়া হৈছে। আনকি, পশু-পক্ষীবোৰৰ সুৰক্ষাৰ বিষয়টো বিভিন্ন আইন আৰু নীতি-নির্দেশনাতো সুস্পষ্টভাৱে প্রতিফলিত হৈছে।

বহু বছৰ ধৰি ধাৰাবাহিক প্রয়াসৰ ফলত উৎসাহজনকফলাফল লাভ কৰা গৈছে। ভাৰতত সংৰক্ষিত এলেকাৰ সংখ্যা ২০১৪ চনৰ ৭৪৫ ৰ পৰা বৃদ্ধি হৈ ২০১৯ চনলৈ ৮৭০ হৈছে। ঠিক তেনেদৰে, সংৰক্ষিত এলেকাৰ পৰিধিও বৃদ্ধি হৈ প্ৰায় ১ লক্ষ ৭০ হাজাৰ বর্গ কিলোমিটাৰ হৈছেগৈ।

ভাৰতৰ বনানীকৰণৰ দিশটোও লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। শেহতীয়া পৰিসাংখ্যিক সমীক্ষাযোগে জনা গৈছে যে দেশৰ মুঠ ভৌগোলিক এলেকাৰ ২১.৬৭ শতাংশ এলেকা আৱৰি আছে অৰণ্যৰে।

সংৰক্ষণ, সুস্থায়ী জীৱনশৈলী আৰু আদর্শ সেউজকৰণৰ মূল্যবোধৰ ওপৰত ভিত্তি কৰি, ভাৰতে জলবায়ু পৰিৱর্তনৰ সৈতে প্রভাৱী ৰূপত মোকাবিলা কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। আমাৰ উচ্চাকাঙ্ক্ষী উদ্দেশ্যবোৰৰ ভিতৰত আছে ৪৫০ মেগাৱাট পুনর্নবীকৰণযোগ্য শক্তি উৎপাদন, বিদ্যুৎ বা বেটাৰীচালিত যান-বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰা, স্মার্ট চিটি গঢ়ি তোলা, জল সংৰক্ষণ ইত্যাদি।

আন্তর্জাতিক সৌৰ মৈত্ৰীআৰু বিপর্যয় প্রতিৰোধী পৰিকাঠামো চুক্তিত বিভিন্ন দেশৰ অংশগ্রহণত উৎসাহ দেখা গৈছে। বিশ্বৰ এমুঠিমান দেশৰ ভিতৰত ভাৰতো অন্যতম, য’ত ভূ-পৃষ্ঠৰ তাপমাত্রা ২ ডিগ্ৰীছেলছিয়াছতকৈকম কৰি ৰখাৰ ক্ষেত্ৰত পেৰিছ চুক্তিৰ উদ্দেশ্যবোৰ পালন কৰা হৈছে।

বন্ধুগণ,

ভাৰতেকিছুমান বিশেষ পশু-পক্ষী সংৰক্ষণৰ বাবে প্রকল্প তথাকাৰ্যসূচী গ্রহণ কৰিছে। এই উদ্যোগবোৰৰ পৰা বহু ভাল ভাল ফলাফল লাভ কৰা গৈছে। ভাৰতৰ ব্যাঘ্র সংৰক্ষণ এলেকা ৯ ৰ পৰা বৃদ্ধি হৈ বর্তমানে ৫০ হৈছে। বর্তমান ভাৰতত বন্য পৰিৱেশত বাঘৰ সংখ্যা প্রায় ২,৯৭০। ২০২২-চনৰ পূৰ্বে বাঘৰ সংখ্যা দ্বিগুণ কৰাৰ যি লক্ষ্য গ্ৰহণ কৰা হৈছিল, ভাৰতে তাৰ দুবছৰ পূৰ্বেই সেয়া অর্জন কৰিবলৈ সক্ষম হৈছিল। বন্য পৰিৱেশত বাঘৰ অস্তিত্ব ৰক্ষাৰ বাবে ইয়াত উপস্থিত থকা দেশবোৰৰ উপৰি অন্যান্য দেশবোৰকো মই ব্যাঘ্ৰ সংৰক্ষণত অভিনৱ পন্থা-পদ্ধতিবোৰৰ বিনিময়ৰ মাধ্যমেৰে সমগ্র সংৰক্ষণ ব্যৱস্থাটোক আৰু অধিক জোৰদাৰ কৰাৰ বাবে একেলগে কাম কৰাৰ বাবে আহ্বান জনাইছো।

ভাৰত হৈছে এছীয় প্রজাতিৰ হাতীৰ ৬০ শতাংশতকৈও অধিক বাসস্থান। দেশৰ মুঠ ৩০ খন অৰণ্যক হাতীৰ বাসস্থান হিচাপে চিহ্নিত কৰা হৈছে। ভাৰতে হাতী সংৰক্ষণত একাধিক পদক্ষেপ গ্ৰহণ কৰিছে আৰু এছীয় প্রজাতিৰ হাতীৰ সংৰক্ষণৰ নতুন মাপকাঠি প্রণয়ন কৰিছে।

হিমালয়ৰ সুউচ্চ এলেকাত তুষাৰ চিতা আৰু ইয়াৰ বাসস্থান সুৰক্ষিত কৰাৰ বাবে আমি তুষাৰ চিতা সংৰক্ষণ প্রকল্প আৰম্ভ কৰিছো। অলপতে ভাৰতে ১২খন দেশক লৈ গঠিত এই তুষাৰ চিতা বাস্তুতন্ত্র কাৰ্যসূচী সংক্রান্তীয় বিশ্ব ষ্টিয়াৰিং কমিটিৰ বৈঠক আয়োজন কৰে। নতুন দিল্লীক আয়োজিত এই বৈঠকত তুষাৰ চিতা সংৰক্ষণৰ বাবে সংশ্লিষ্ট দেশবোৰৰমাজত সুনির্দিষ্ট পৰিকাঠামো আৰু সহযোগিতা গঢ়ি তোলাৰ কথা ঘোষণা কৰা হয়। মই আপোনালোকক এই কথা জনাবলৈ পাই নথৈ আনন্দিত যে ভাৰতেশীঘ্ৰেই সাধাৰণ জনতাৰ অংশগ্রহণৰ মাধ্যমেৰে পার্বত্য এলেকাৰ বাস্তুতন্ত্রৰ সংৰক্ষণসহ সেউজ অর্থনীতিৰ প্রসাৰত গুৰুত্বপূর্ণ ভুমিকা গ্ৰহণ কৰিব।

বন্ধুগণ,

গুজৰাটৰ গিৰ জাতীয় উদ্যান এছীয় প্রজাতিৰ সিংহৰ একমাত্র বাসস্থান আৰু দেশৰো গর্ব। আমিবিগত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই এই প্রজাতিৰ সিংহৰ সংৰক্ষণৰ এক কাৰ্যসূচী গ্রহণ কৰিছো। আমি আজি এই কথা আপোনালোককজনাবলৈ পাই অত্যন্ত সুখী যে, বর্তমান এছীয় প্রজাতিৰ সিংহৰ সংখ্যা ৫২৩ টা।

ভাৰততএশিঙীয়া গড় তিনিখন ৰাজ্যতেই পোৱা যায়, সেয়া হৈছে অসম, উত্তৰপ্রদেশ আৰু পশ্চিমবঙ্গ। ভাৰত চৰকাৰে ২০১৯ চনত ভাৰতীয় এশিঙীয়া গড়ৰ সংৰক্ষণত ৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ ৰণকৌশল গ্রহণ কৰিছে।

বিলুপ্তপ্রায় পক্ষী গ্রেড ইণ্ডিয়ান বাষ্টার্ডৰ সংৰক্ষণত আমি পদক্ষেপ গ্ৰহণ কৰিছো। এই প্রজাতিৰ চৰাইক পৃথকভাৱেৰাখি কৃত্রিম প্রজননৰ মাধ্যমেৰে বন্য পৰিৱেশৰ পৰা সংগ্রহ কৰা নটাকৈ কণী সফলতাৰে ফুটোৱা হৈছে। আবু ধাবিস্থিত আন্তর্জাতিক সংস্থা ফাণ্ড ফৰ হৌবাৰা কনজাৰভেশ্যনৰ কাৰিকৰীসাহায্যৰেইণ্ডিয়ান ছায়েণ্টিষ্টছ এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট এই কাৰ্যত সফল হৈছে।

আমি সেইবাবেই বিলুপ্তপ্রায় চৰাই গ্রেট ইণ্ডিয়ান বাষ্টাৰ্ডৰ প্রতি সন্মানৰ নিদর্শন হিচাপে ‘জিবি – দ্য গ্রেট’ মেছকট প্ৰস্তুত কৰিছো।

বন্ধুগণ,

গান্ধীনগৰতপৰিভ্ৰমী পশু-পক্ষীৰ ত্রয়োদশ কনফাৰেন্স অৱ পার্টিজ বা চিঅ’পি সন্মিলন আয়োজন কৰিবলৈ পাই ভাৰতে সন্মানিতবোধ কৰিছে। আপোনালোকে এই কথা নিশ্চয়কৈ লক্ষ্য কৰিছে যে এই সন্মিলনৰ প্রতীক প্ৰস্তুত কৰা হৈছে দক্ষিণ ভাৰতৰ ঐতিহ্যবাহী ‘কোলাম’ৰ পৰা অনুপ্রাণিত হৈ। প্রকৃতিৰ সৈতে সম্প্রীতি বজাইৰাখি বসবাসৰ ক্ষেত্রত এই প্রতীকৰ যথেষ্ট তাৎপর্য আছে।

বন্ধুগণ,

এইবাৰৰ সন্মিলনৰ মূল বিষয়বস্তু আছিল ‘পৰিভ্ৰমী পশু-পক্ষীয়ে সমগ্র বিশ্বতে যোগসূত্র গঢ়ি তোলে আৰু আমি সকলোৱেই তেওঁলোকক ঘৰলৈ স্বাগতম জনাইছো।’ সন্মিলনৰ এই বিষয়বস্তু, আমাৰ চিৰাচৰিত যি ‘অতিথি দেৱো ভবঃ’ মন্ত্রকেই সাৰোগত কৰিছে আৰু সেয়া প্রতিফলিত হৈছে। পৰিভ্ৰমী পশু-পক্ষীবোৰে পাছপ’র্ট বা ভিছা অবিহনেই ইখন দেশৰ পৰা সিখন দেশলৈ অবাধ যাত্ৰা কৰে। এয়াই শান্তি আৰু সমৃদ্ধিৰ বার্তাবাহক। সেয়ে এইবোৰৰ সুৰক্ষাআমাৰ কর্তব্য।

মোৰ আদৰৰ ভাই-ভনীসকল,

ভাৰতেআগন্তুক তিনিবছৰ চিঅ’পি-ৰ এই সন্মিলনৰঅধ্যক্ষতাৰ দায়িত্ব পালন কৰিব। দায়িত্ব পালনৰ সময়ত ভাৰতে নিম্নোলিখিত একাধিক বিষয়ৰ ওফৰত গুৰুত্ব প্ৰদান কৰিব।

পৰিভ্ৰমী চৰাইৰ যাতায়াতৰ ক্ষেত্রত, ভাৰত হৈছে মধ্য এছীয় এক এলেকা। মধ্য এছীয় অঞ্চলৰ পৰিভ্ৰমী চৰাই আৰু ইয়াৰ বাসস্থানৰ সুৰক্ষাৰ বাবে ভাৰতে মধ্য এছীয় এলেকাৰ সমমান পৰিভ্ৰমী চৰাইৰ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত এক কাৰ্যপন্থা যুগুত কৰিছে। পৰিভ্ৰমী চৰাইৰ সংৰক্ষণত অন্যান্য দেশবোৰেও নিজ নিজ কাৰ্যপন্থা যুগুত কৰি ভাৰতক সহায় কৰিবলৈ সাজু। আমিও মধ্য এছিয়া অঞ্চলৰ অন্যান্য দেশৰ সক্রিয় সহযোগিতাতপৰিভ্ৰমী চৰাইৰ সংৰক্ষণত এক নতুন উচ্চতাত উপনীত হ’বলৈ বিচাৰো। আমি বিচাৰো, এই ধৰনৰ চৰাইৰ সংৰক্ষণ, গৱেষণা, অধ্যয়ন, মূল্যায়ন আৰু দক্ষতা বৃদ্ধিৰ দৰে ক্ষেত্রত প্রতিষ্ঠানিক ব্যৱস্থা গঢ়ি তোলা হওঁক।

বন্ধুগণ,

ভাৰততসুদীর্ঘ ৭,৫০০ কিলোমিটাৰ উপকূল এলেকা আছে। সাগৰ আৰু মহাসাগৰত ভাৰতীয় জল সীমনাতপ্ৰচুৰ পৰিমাণ জৈৱ বৈচিত্র্য আছে। ইয়াৰ উপৰিওঅসংখ্য প্রজাতিৰ জলজ প্রাণী ইয়াত উপলব্ধ হয়। ভাৰতত এই ধৰনৰ প্রাণীকূলৰ সংৰক্ষণৰ বাবে আছিয়ান আৰু পূর্ব এছীয় দেশবোৰৰসৈতে সহযোগিতাক আৰু ঘনিষ্ঠকৰাৰ প্রস্তাৱ দিয়া হৈছে। ভাৰতে ২০২০ সামুদ্রিক কাছ নীতি আৰু সামুদ্রিক স্থিতাৱস্থাব্যৱস্থাপনা নীতি গ্ৰহণ কৰিব। এই যৌথ নীতিৰ ফলতে সমুদ্রত মাইক্র প্লাষ্টিকজনিত প্ৰদূষণ প্ৰতিৰোধতো কার্যকৰী ভূমিকা পালন কৰিব পৰা যাব। একক ব্যৱহাৰযোগ্য প্লাষ্টিক পৰিৱেশ সুৰক্ষাৰ দিশেৰে এক বৃহৎ প্ৰত্যাহ্বান। আৰু সেইবাবেই আমি এই ধৰণৰ একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে অভিযান আৰম্ভ কৰিছো।

বন্ধুগণ,

ভাৰতৰ এনে অনেক সংৰক্ষিত এলেকা আছে, যিবোৰৰ সীমা প্রতিবেশী দেশবোৰৰ সংৰক্ষিত এলেকাৰ সৈতে সংযোজিত হৈ আছে। বন্যপ্রাণীৰ সংৰক্ষণত সীমান্ত সিপাৰৰ সুৰক্ষা নীতি গ্রহণ কৰি ইতিবাচক ভুমিকা পালন কৰাটো সম্ভৱ।

বন্ধুগণ,

আমাৰ চৰকাৰ সুস্থায়ী উন্নয়নৰ কামৰ ক্ষেত্ৰত দৃঢ় বিশ্বাসী। আমি পৰিৱেশৰ ক্ষতিসাধন নোহোৱাকৈ উন্নয়ন আনিবলৈ সদায়েই সচেষ্ট হৈ থাকো। বাস্তুতান্ত্রিক দিশৰ পৰা অত্যন্ত স্পর্শকাতৰ এলেকাবোৰলৈ সকলোতে উন্নয়নৰ বাবে আমি যথোপযুক্ত পৰিকাঠামোগত নীতি-নির্দেশনা গ্রহণ কৰিছো।

ভৱিষ্যৎ প্রজন্মৰ স্বার্থত প্রাকৃতিক সহায়সম্পদৰ সুৰক্ষাতসৰ্বসাধাৰণ ৰাইজে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব লাগিব। আৰু সেই অনুসৰি গুৰুত্ববাহী কৰি তোলাও হৈছে। আমাৰ চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’-ৰ মন্ত্রৰে আগুৱাই গৈছো। অৰণ্যৰ সৈতে সংযোজিত হৈ থকা অঞ্চলত বসবাস কৰা লক্ষ লক্ষ লোকক যৌথ বনাঞ্চল পৰিচালনা কমিটি তথা ইকো ডেভেলপমেণ্ট কমিটি গঠনৰ মাধ্যমেৰেচামিল কৰি লোৱা হৈছে, যাতে অৰণ্য আৰু বন্যজীৱনৰ সুৰক্ষা কাৰ্যত তেওঁলোকক সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা যায়।

বন্ধুগণ,

মই অত্যন্ত আশাবাদী যে এই সন্মিলন বন্য পশু-পক্ষী আৰু সিঁহতৰ বাসস্থান সংৰক্ষণৰ ক্ষেত্রত অভিজ্ঞতা বিনিময় তথা দক্ষতা বিকাশৰ ক্ষেত্রত এক উপযুক্ত মঞ্চ হৈ উঠিব। সন্মিলনত উপস্থিত থকা সকলে ভাৰতৰ আতিথ্য তথা সমৃদ্ধ বৈচিত্র্য উপলব্ধি কৰাৰ সময় পাব বুলি আশা ৰাখিছো।

ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves increase in the Judge strength of the Supreme Court of India by Four to 37 from 33
May 05, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the proposal for introducing The Supreme Court (Number of Judges) Amendment Bill, 2026 in Parliament to amend The Supreme Court (Number of Judges) Act, 1956 for increasing the number of Judges of the Supreme Court of India by 4 from the present 33 to 37 (excluding the Chief Justice of India).

Point-wise details:

Supreme Court (Number of Judges) Amendment Bill, 2026 provides for increasing the number of Judges of the Supreme Court by 04 i.e. from 33 to 37 (excluding the Chief Justice of India).

Major Impact:

The increase in the number of Judges will allow Supreme Court to function more efficiently and effectively ensuring speedy justice.

Expenditure:

The expenditure on salary of Judges and supporting staff and other facilities will be met from the Consolidated Fund of India.

Background:

Article 124 (1) in Constitution of India inter-alia provided “There shall be a Supreme Court of India consisting of a Chief Justice of India and, until Parliament by law prescribes a larger number, of not more than seven other Judges…”.

An act to increase the Judge strength of the Supreme Court of India was enacted in 1956 vide The Supreme Court (Number of Judges) Act 1956. Section 2 of the Act provided for the maximum number of Judges (excluding the Chief Justice of India) to be 10.

The Judge strength of the Supreme Court of India was increased to 13 by The Supreme Court (Number of Judges) Amendment Act, 1960, and to 17 by The Supreme Court (Number of Judges) Amendment Act, 1977. The working strength of the Supreme Court of India was, however, restricted to 15 Judges by the Cabinet, excluding the Chief Justice of India, till the end of 1979, when the restriction was withdrawn at the request of the Chief Justice of India.

The Supreme Court (Number of Judges) Amendment Act, 1986 further augmented the Judge strength of the Supreme Court of India, excluding the Chief Justice of India, from 17 to 25. Subsequently, The Supreme Court (Number of Judges) Amendment Act, 2008 further augmented the Judge strength of the Supreme Court of India from 25 to 30.

The Judge strength of the Supreme Court of India was last increased from 30 to 33 (excluding the Chief Justice of India) by further amending the original act vide The Supreme Court (Number of Judges) Amendment Act, 2019.