New National Education Policy focuses on learning instead of studying and goes ahead of the curriculum to focus on critical thinking: PM
National Education Policy stresses on passion, practicality and performance: PM Modi
Education policy and education system are important means of fulfilling the aspirations of the country: PM Modi

নমস্কাৰ!

আদৰণীয় ৰাষ্ট্ৰপতি মহোদয়, মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী ৰমেশ পখৰিয়াল নিশাংক মহোদয়, সঞ্জয় ধত্ৰে মহোদয়, এই সন্মিলনত অংশগ্ৰহণ কৰা সকলো মাননীয় ৰাজ্যপাল, উপ-ৰাজ্যপাল, ৰাজ্যসমূহৰ শিক্ষা মন্ত্ৰী, ৰাষ্ট্ৰীয় শিক্ষা নীতিক বাস্তৱায়িত কৰাত মুখ্য ভূমিকা পালন কৰা ডাঃ কস্তুৰীৰংগন মহোদয়া, তেওৰ দল, বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, শিক্ষাবিদ, ভদ্ৰপুৰুষ তথা ভদ্ৰ মহিলাসকল!

সৰ্ব প্ৰথমে মই মাননীয় ৰাষ্ট্ৰপতি মহোদয়ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সন্দৰ্ভত এই আয়োজন অতিশয় প্ৰাসংগিক তথা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ শিক্ষা জগতৰ শ শ বৰ্ষৰ অভিজ্ঞতা ইয়াত সমন্বিত হৈছে৷ মই সকলোকে স্বাগতম জনাইছো, অভিনন্দন জনাইছো৷

মান্যবৰ,

দেশৰ প্ৰত্যাশা পূৰণ কৰাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হ’ল শিক্ষা নীতি আৰু শিক্ষা ব্যৱস্থা৷ শিক্ষা ব্যৱস্থাৰ দায়িত্বৰ সৈতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, স্থানীয় প্ৰশাসন এই সকলোবোৰ জড়িত৷ কিন্তু এয়াও সত্য যে শিক্ষা নীতিত চৰকাৰ, তেওঁলোকৰ দখল, তেওঁলোকৰ প্ৰভাৱ অতিশয় কম হ’ব লাগে৷ শিক্ষা নীতিৰ সৈতে যিমানবোৰ শিক্ষক জড়িত হ’ব, অভিভাৱক জড়িত হ’ব, শিক্ষাৰ্থী জড়িত হ’ব, সিমানেই ইয়াৰ প্ৰাসংগিকতা আৰু ব্যাপকতা, দুয়োটাই বৃদ্ধি হ’ব৷

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কাম চাৰি-পাঁচ বছৰ পূৰ্বে আৰম্ভ হৈছিল৷ দেশৰ লক্ষাধিক লোকে, চহৰত বাস কৰা লোকসকলে, গাঁৱত বাস কৰা লোকসকলে, শিক্ষা খণ্ডৰ সৈতে জড়িত লোকসকলে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, পৰামৰ্শ দিছে৷ অৰ্থাৎ অভিভাৱক, ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, শিক্ষক, শিক্ষা প্ৰৱন্ধক, পেছাদাৰী, সকলোৱে ইয়াৰ নিৰ্মাণত নিজৰ যোগদান দিছে৷ ইমান গভীৰ, ইমান ব্যাপক, ইমান বৈচিত্ৰতাৰে ভৰা মন্থনৰ পিছত এতিয়া এই যি অমৃত নিৰ্গত হৈছে, সেইবাবে এতিয়া সকলোতে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিক স্বাগতম জনোৱা হৈছে৷

গাঁৱৰ কোনো শিক্ষকেই হওক অথবা ডাঙৰ ডাঙৰ শিক্ষাবিদেই হওক, সকলোৱে ৰাষ্ট্ৰীয় শিক্ষা নীতিত নিজৰ বুলি আঁকোৱালি লৈছে৷ সকলোৰেই মনত এটা চিন্তা আছিল যে শিক্ষা নীতিত এই সংস্কাৰেই যাতে হওক৷ এয়াই এক বৃহৎ কাৰণ যে ৰাষ্ট্ৰীয় শিক্ষা নীতিক সকলোৱে স্বীকাৰ কৰি লৈছে৷

শিক্ষা নীতি কেনে হওক, কি হওক, ইয়াৰ স্বৰূপ কি হওক, এয়া নিৰ্ণয় কৰাৰ পিছত দেশে আন এটা পদক্ষেপ আগবঢ়াইছে৷ এতিয়া সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ, ইয়াৰ প্ৰণয়নক লৈ ব্যাপক চিন্তা-চৰ্চা হৈছে৷ এই ব্যাপক চিন্তা-চৰ্চা এই বাবেই প্ৰয়োজনীয় কিয়নো ৰাষ্ট্ৰীয় শিক্ষা নীতি কেৱল পঢ়া-শুনাৰ প্ৰণালী পৰিৱৰ্তন কৰাৰ বাবে নহয়৷ এই নীতিয়ে একবিংশ শতিকাৰ ভাৰতৰ সামাজিক আৰু আৰ্থিক জীৱনক নতুন দিশ প্ৰদান কৰিব৷

এই নীতিয়ে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প আৰু সামৰ্থক বাস্তৱায়িত কৰিব৷ অৱশ্যেই এই বৃহৎ সংকল্পৰ বাবে আমাৰ প্ৰস্তুতি, আমাৰ সজাগতাও সিমানেই বৃহৎ হ’ব লাগে৷ আপোনালোকৰ অধিকাংশ মহানুভৱে ৰাষ্ট্ৰীয় শিক্ষা নীতিক খুব ভালকৈ অধ্যয়ন কৰিছে৷ কিন্তু ইমান বৃহৎ সংস্কাৰৰ প্ৰক্ৰিয়াসমূহ, ইয়াৰ লক্ষ্য সন্দৰ্ভত নিৰন্তৰে চৰ্চা কৰাটোও এতিয়া সিমানেই আৱশ্যক৷  সকলো সন্দেহ আৰু প্ৰশ্নৰ সমাধান কৰিলেহে ৰাষ্ট্ৰীয় শিক্ষা নীতিক সফলতাৰে প্ৰণয়ন কৰিব পৰা যাব৷

মান্যবৰ,

আজি বিশ্বই ভৱিষ্যতে দ্ৰুত গতিত পৰিৱৰ্তিত চাকৰি, কামৰ প্ৰকাৰ আদিক লৈ ব্যাপক ৰূপত চৰ্চা কৰি আছে৷ এই নীতিয়ে দেশৰ যুৱ সমাজক ভৱিষ্যতৰ প্ৰয়োজনীয়তা অনুসৰি জ্ঞান আৰু দক্ষতা, দুয়োটা ক্ষেত্ৰতেই প্ৰস্তুত কৰি তুলিব৷ নতুন শিক্ষা নীতিত অধ্যয়নৰ পৰিৱৰ্তে শিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু পাঠ্যক্ৰমৰ ঊৰ্ধলৈ গৈ গুৰুত্বপূৰ্ণ চিন্তাৰ ওপৰতো জোৰ দিব লাগিব৷ এই নীতিত প্ৰক্ৰিয়াতকৈ অধিক ইচ্ছা, ব্যৱহাৰিক কাৰুকাৰ্যতা আৰু প্ৰদৰ্শনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷ ইয়াত বুনিয়াদী শিক্ষা আৰু ভাষাতো গুৰুত্ব প্ৰদান কৰা হৈছে৷ ইয়াত অভিগমতা আৰু পৰীক্ষণক লৈও ব্যাপক সংস্কাৰ সাধন কৰা হৈছে৷ ইয়াত প্ৰতিজন শিক্ষাৰ্থীক সৱলীকৃত কৰাৰ পথ দেখুওৱা হৈছে৷

এফালে চাবলৈ গ’লে ই হ’ল one size fits allৰ প্ৰণালীৰ জৰিয়তে আমাৰ শিক্ষা ব্যৱস্থাক পোহৰলৈ উলিয়াই অনাৰ এক শক্তিশালী প্ৰয়াস৷ আৰু আপোনালোক সকলো বিদ্বানেও অনুভৱ কৰিছে যে এই প্ৰয়াস অসামান্য, সাধাৰণ নহয়৷ বিগত দশকৰ পৰা আমাৰ শিক্ষা প্ৰণালীত যি অভাৱ অনুভূত হৈছে, যি যি সমস্যা আমি অনুভৱ কৰিছিলো সেইসমূহ দূৰ কৰাৰ বাবে বিস্তৃত ৰূপত এই নীতিত চৰ্চা কৰা হৈছে৷ এতিয়া যিদৰে দীৰ্ঘ সময় ধৰি এটা কথাৰ চৰ্চা হৈ আছিল যে আমাৰ শিশুসকলে বেগ আৰু ব’ৰ্ড পৰীক্ষাৰ বোজাত, পৰিয়াল আৰু সমাজৰ চাপত ভাৰাক্ৰান্ত হৈ আছিল৷ এই নীতিত উক্ত সমস্যাসমূহক কাৰ্যকৰী ধৰণে আলোকপাত কৰা হৈছে৷ আমাৰ ইয়াত কোৱা হয় যে ‘সা বিদ্যা যা বিমুক্তে’৷ অৰ্থাৎ আমাৰ মনক উদাৰীকৰণ কৰাটোৱেই হ’ল জ্ঞান৷

যেতিয়া বুনিয়াদী পৰ্যায়তেই শিশুসকলক তেওঁলোকৰ সংস্কৃতি, ভাষা, পৰম্পৰাৰ সৈতে জড়িত কৰোৱা হ’ব তেতিয়া শিক্ষা ব্যৱস্থা স্বয়ং অতিশয় প্ৰভাৱশালী হ’ব, সহজ হ’ব আৰু শিশু মনে সহজে ইয়াৰ সৈতে জড়িত হৈ পৰিব৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিত প্ৰকৃতাৰ্থতেই বিনা চাপত, বিনা অভাৱে আৰু বিনা প্ৰভাৱে শিক্ষণৰ গণতান্ত্ৰিক মূল্যক আমাৰ শিক্ষা ব্যৱস্থাৰ অংশ হিচাপে গঢ়ি তোলা হৈছে৷ যি প্ৰণালীৰ বাবে শিশুসকলে চাপ অনুভৱ কৰিছিল এতিয়া সেইসমূহ আঁতৰাই দিয়া হৈছে৷

এতিয়া আমাৰ যুৱ সমাজে নিজৰ আগ্ৰহ, নিজৰ যোগ্যতা হিচাপত অধ্যয়ন কৰিব পাৰিব৷ অন্যথা আগেয়ে কি আছিল যে বিদ্যাৰ্থীসকলে চাপৰ প্ৰভাৱত নিজৰ ক্ষমতাৰ বাহিৰত কোনো এটা বিষয় নিৰ্বাচন কৰিছিল আৰু যেতিয়ালৈ তেওঁলোকে সেইবিষয়ে অনুভৱ কৰিছিল তেতিয়ালৈ পলম হৈ গৈছিল৷  পৰিণামস্বৰূপে বিদ্যাৰ্থীসকলে ক্লান্ত হৈ ড্ৰপ কৰিছিল অথবা কোনোমতে ডিগ্ৰীটো লাভ কৰিছিল৷ ইয়াৰ দ্বাৰা কি ধৰণৰ সমস্যাৰ দেশত সৃষ্টি হয়, এই সমস্যা কিমান বিশাল, মই ভাবো যে মোতকৈ ভালকৈ আপোনালোকে জানে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ এনে সমস্যাসমূহৰ সমাধান প্ৰদান কৰাৰ লগতে একাডেমিক বেংক অব্ ক্ৰেডিটৰ পৰাও শিক্ষাৰ্থীসকল অতিশয় উপকৃত হ’ব৷

মান্যবৰ,

আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ বাবে যুৱ সমাজ দক্ষ হোৱাটো অতিশয় আৱশ্যক৷ কম বয়সতেই কাৰিকৰী শিক্ষা লাভৰ দ্বাৰা আমাৰ যুৱ সমাজ ভৱিষ্যতৰ বাবে অধিক সুন্দৰভাৱে প্ৰস্তুত হ’ব৷ ব্যৱহাৰিক শিক্ষণৰ দ্বাৰা আমাৰ যুৱ সমাজৰ মাজত নিয়োজনৰ সৃষ্টি হোৱাৰ লগতে বিশ্বৰ চাকৰিৰ বজাৰখনতো আমাৰ অংশীদাৰীত্ব বৃদ্ধি হ’ব৷ আমাৰ ইয়াত কোৱা হয় যে, ‘‘আ নো ভদ্ৰাঃ ক্ৰতবো য়ন্তু বিশ্বতঃ’’৷ অৰ্থাৎ সুবিচাৰ যি দিশৰ পৰাই আহে তাৰে পৰাই গ্ৰহণ কৰিব লাগে৷ ভাৰত প্ৰাচীন কালৰ পৰাই জ্ঞানৰ এক বিশ্বজনীন কেন্দ্ৰ হিচাপে বিবেচিত হৈ আহিছে৷ একবিংশ শতিকাতো ভাৰতক আমি এক জ্ঞানৰ একাডেমী হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰি আছো৷ নতুন শিক্ষা নীতিত এই সংকল্পক বাস্তৱায়িত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ব্ৰেইন ড্ৰেইনক মোকাবিলা কৰাৰ বাবে আৰু সাধাৰণতকৈও সাধাৰণ পৰিয়ালৰ যুৱ প্ৰজন্মৰ বাবেও শ্ৰেষ্ঠতম আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ কেম্পাছ ভাৰতত স্থাপন কৰাৰ কৰা পথ মুকলি কৰিছে৷ যেতিয়া দেশতেই আন্তৰ্জাতিক পৰ্যায়ৰ শীৰ্ষতম কেম্পাছ থাকিব, তেতিয়া অধ্যয়ন কৰিবলৈ বিদেশলৈ যোৱাৰ প্ৰবৃত্তি হ্ৰাস হ’ব আৰু আমাৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহো অধিক প্ৰতিদ্বন্ধীতামূলক হৈ উঠিব৷ ইয়াৰ আন এক পদক্ষেপ অনলাইন শিক্ষাৰ ওপৰতো আছো যাৰ দ্বাৰা অধ্যয়নৰ বাবে স্থানীয়ই হওক অথবা আন্তৰ্জাতিকেই হওক, সকলো প্ৰকাৰৰ সীমা ইয়াত সমাপ্ত হৈ পৰে৷

মাননীয়,

যেতিয়া কোনো প্ৰণালীত এনে ব্যাপক পৰিৱৰ্তন হয়, যেতিয়া কোনো এক নতুন ব্যৱস্থাৰ দিশত আমি আগবাঢ়ো তেতিয়া শংকা-আশংকাৰ সৃষ্টি হোৱাটো স্বাভাৱিক৷ পিতৃ-মাতৃয়ে ভাবিব পাৰে যে যদি শিশুসকলে ইমান স্বাধীনতা লাভ কৰে, যদি  stream ৰ ব্যৱস্থা অন্ত পৰে তেন্তে আগলৈ মহাবিদ্যালয়ত কিদৰে নাম ভৰ্তি কৰিব, তেওঁলোকৰ শিশুসকলৰ কেৰিয়াৰ কি হ’ব? অধ্যাপক, শিক্ষকসকলৰ মনত এই প্ৰশ্নৰ উদয় হ’ব পাৰে যে তেওঁলোকে নিজকে এই পৰিৱৰ্তনৰ বাবে কিদৰে প্ৰস্তুত কৰিব? এনে ধৰণৰ পাঠ্যক্ৰম কিদৰে ব্যৱস্থাপিত কৰিব পাৰিব? আপোনালোকৰো মনত অনেক প্ৰশ্নৰ উদয় হৈছে যাৰ ওপৰত আপোনালোকে চৰ্চাও কৰি আছে৷ এই প্ৰণয়নৰ সৈতেও জড়িত৷ যেনে, ইয়াত পাঠ্যক্ৰমৰ ডিজাইন কিদৰে হ’ব? স্থানীয় ভাষাত ছিলেবাছ আৰু পাঠ্যক্ৰম কিদৰে প্ৰস্তুত কৰা হ’ব? পুথিভঁৰালক লৈ, ডিজিটেল আৰু অনলাইন কণ্টেণ্ট তথা পঢ়া-শুনাক লৈও ইয়াত আলোকপাত কৰা হৈছে৷ সাধন-সংসাধনৰ অভাৱত আমি আমাৰ লক্ষ্যৰ পৰা পিছলি নপৰোতো? প্ৰশাসনক লৈও অনেক প্ৰকাৰৰ প্ৰশ্ন আপোনালোকৰ মনত স্বাভাৱিকতে উদয় হৈছে৷ এই প্ৰশ্নসমূহো অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷

প্ৰতিটো প্ৰশ্নৰ সমাধানৰ বাবে আমি সকলোৱে ঐক্যৱদ্ধ হৈ কাম কৰি আছো৷ শিক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰাও প্ৰয়াস অব্যাহত আছে৷ ৰাজ্যসমূহতো প্ৰতিজন ষ্টেকহ’ল্ডাৰৰ মনৰ কথা, প্ৰতিক্ৰিয়াক গুৰুত্ব-সহকাৰে শুনা হৈছে৷ অৱশ্যেই আমি সকলোৱেই মিলি এই আটাইবোৰ শংকা আৰু আশংকা সমাধান কৰিব লাগিব৷ যিধৰণৰ নমনীয়তাৰ দৃষ্টিভংগীক লৈ এই নীতি প্ৰণয়ন কৰা হৈছে, সেই ধৰণৰ সৰ্বোচ্চ নমনীয়তাও আমি সকলোৱেই প্ৰণয়নৰ সময়তো দেখুৱাব লাগিব৷

এই শিক্ষা নীতি চৰকাৰৰ শিক্ষা নীতি নহয়৷ ই দেশৰ নীতি৷ যিদৰে বৈদেশিক নীতি কোনো চৰকাৰৰ নহয়, দেশ আৰু বিদেশৰ নীতি হয়, প্ৰতিৰক্ষা নীতি কোনো চৰকাৰৰ নহয়, দেশৰ প্ৰতিৰক্ষা নীতি হয়, ঠিক সেইদৰেই শিক্ষা নীতিও কোন চৰকাৰ আছে, কাৰ চৰকাৰ আছে, কোন শাসনত আছে, কোন নাই, তাৰ ভিত্তিত নচলে৷ শিক্ষা নীতি দেশৰ নীতি৷ আৰু সেইবাবে ৩০ বছৰৰ পিছত, কিমানখন চৰকাৰ অহাৰ পিছতো ই চৰকাৰী বন্ধনৰ মুক্ত আছিল৷ কিয়নো ই দেশৰ প্ৰত্যাশাৰ সৈতে জড়িত৷

মাননীয়,

ৰাষ্ট্ৰীয় শিক্ষা নীতিত দ্ৰুত গতিত পৰিৱৰ্তিত সময়ৰ প্ৰতি লক্ষ্য ৰাখি, ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক প্ৰাৱধান ৰখা হৈছে৷ যিধৰণে প্ৰযুক্তিৰ প্ৰসাৰণ গাঁৱে-গাঁৱে হৈছে, দেশৰ দৰিদ্ৰতম ব্যক্তি, প্ৰতিজন বঞ্চিত, পিছপৰা, আদিবাসী লোকসকল পৰ্যন্ত আধুনিক প্ৰযুক্তিৰ সৈতে জড়িত হৈছে, ঠিক সেইদৰে তথ্য আৰু জ্ঞানৰ ওপৰতো তেওঁলোকৰ অভিগমন বৃদ্ধি হৈছে৷

আজি মই দেখিবলৈ পাইছো যে ভিডিঅ’ ব্লগৰ জৰিয়তে, ভিডিঅ’ ষ্ট্ৰিমিং ছাইটত অনেক যুৱ সহযোগীয়ে বহু চেনেল মুকলি কৰিছে, প্ৰতিটো বিষয়ৰ উন্নত কোচিং প্ৰদান কৰিছে, ইয়াৰ বিষয়ে পূৰ্বে দৰিদ্ৰ ঘৰৰ ল’ৰা-ছোৱালীয়ে ভবাই নাছিল৷ প্ৰযুক্তিৰ এই অভিগমনৰ দ্বাৰা সামাজিক অসন্তুলনৰ এক বৃহৎ সমস্যা দ্ৰুত গতিত হ্ৰাস হৈছে৷ আমাৰ দায়িত্ব এয়াই যে আমি প্ৰতিখন বিশ্ববিদ্যালয়, প্ৰতিখন মহাবিদ্যালয়ত প্ৰযুক্তিগত সমাধানক অধিক পৰিসৰত প্ৰচাৰ কৰিব লাগে৷

মান্যবৰ,

যিকোনো এটা প্ৰণালী তেতিয়াহে কাৰ্যকৰী আৰু সমন্বিত হ’ব পাৰে যেতিয়া ইয়াৰ উন্নত প্ৰশাসনীয় মডেল প্ৰস্তুত কৰা হয়৷ এই চিন্তা-ধাৰাই শিক্ষাৰ সৈতে জড়িত প্ৰশাসনকো এই নীতিয়ে প্ৰতিফলিত কৰে৷ উচ্চ শিক্ষাৰ প্ৰতিটো পৰ্যায়, লাগিলে সেয়া শৈক্ষিকেই হওক, প্ৰযুক্তিগতই হওক, কাৰিকৰীয়েই হওক, প্ৰতিটো প্ৰকাৰৰ শিক্ষাক ঠেৰু লগাৰ পৰা বাহিৰলৈ উলিয়াই অনাৰ প্ৰয়াস কৰা হৈছে৷ প্ৰশাসনিক পৰ্যায় ন্যূনতম কৰা হৈছে, তেওঁলোকৰ মাজত অধিক সমন্বয় স্থাপন হওক, এই প্ৰয়াসো এই মাধ্যমৰ জৰিয়তে কৰা হৈছে৷ উচ্চ শিক্ষাৰ নিয়ামকো এই নীতিৰ জৰিয়তে অধিক সৰলীকৰণ আৰু সংৰেখিত কৰা হ’ব৷  বৰ্গীকৃত স্বায়ত্বশাসনৰ ধাৰণাৰ অন্তৰালত এয়াই প্ৰয়াস কৰা হৈছে যে প্ৰতিখন মহাবিদ্যালয়, প্ৰতিখন বিশ্ববিদ্যালয়ৰ মাজত এক সুস্থ প্ৰতিযোগিতাৰ বাবে উৎসাহিত কৰা হওক আৰু যি প্ৰতিষ্ঠানে উন্নত প্ৰদৰ্শন কৰে তেওঁলোকক পুৰস্কৃত কৰা হওক৷ এতিয়া আমাৰ সকলোৰে এয়া এক সামূহিক দায়িত্ব যে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি-২০২০)ৰ এই চিন্তা-ধাৰাক সৰ্বতোপ্ৰকাৰে প্ৰণয়ন কৰা৷ মই আপোনালোক সকলোকে বিশেষ আহ্বান জনাইছো যে ২৫ ছেপ্টেম্বৰৰ পূৰ্বে নিজৰ ৰাজ্য, কেন্দ্ৰীয়শাসিত প্ৰদেশৰ বিশ্বাবিদ্যালয়সমূহত এই ধৰণৰ ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰা হওক৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ আমি নিৰন্তৰে চিন্তা-চৰ্চা কৰো, আমাৰ চিন্তা-ধাৰা উন্নত হওক, ইয়াৰ বাবে প্ৰয়াস কৰা উচিত৷ পুনৰবাৰ আপোনালোক সকলোকে নিজৰ সময় উলিয়াই ইয়াত সন্মিলিত হোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো৷

মই আদৰণীয় ৰাষ্ট্ৰপতি মহোদয়ক পুনৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ আপোনালোক সকলোলৈ অশেষ শুভকামনা থাকিল৷

ধন্যবাদ!!!

 
Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Cheetah population crosses 50 after new cubs born at Kuno

Media Coverage

India's Cheetah population crosses 50 after new cubs born at Kuno
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasising on sacred Earth as a source of strength to the nation
March 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam emphasising on sacred Earth as a source of strength to the nation:

“यार्णवेऽधि सलिलमग्र आसीद्यां मायाभिरन्वचरन्मनीषिणः।

यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः।

सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे॥”

The Subhashitam conveys that, the Earth, which is filled with water within the oceans, and surrounded by water outside, which thoughtful scholars have understood through their wisdom, and whose heart is covered by the eternal truth in the vast sky – may that earth, sustain our energy and strength in a noble nation.

The Prime Minister wrote on X;

“यार्णवेऽधि सलिलमग्र आसीद्यां मायाभिरन्वचरन्मनीषिणः।

यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः।

सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे॥”