It is a matter of great joy to have handed over appointment letters for government jobs to 51 thousand youth in the Rozgar Mela
It is our commitment that the youth of the country should get maximum employment: PM
Today India is moving towards becoming the third largest economy in the world: PM
We promoted Make in India in every new technology,We worked on self-reliant India: PM
Under the Prime Minister's Internship Scheme, provision has been made for paid internships in the top 500 companies of India: PM

নমস্কাৰ।

দেশৰ বিভিন্ন অঞ্চলত উপস্থিত থকা মোৰ মন্ত্ৰীসভাৰ সহকৰ্মীসকল... সাংসদসকল... বিধায়কসকল... দেশৰ যুৱপ্ৰজন্মৰ বন্ধুসকল... ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল।  

আজি হৈছে ‘ধনতেৰছ’ৰ পবিত্ৰ উৎসৱ। ‘ধনতেৰছ’ উপলক্ষে সকলো দেশবাসীক বহুত বহুত অভিনন্দন জনাইছোঁ। দুদিনৰ পিছত আমি সকলোৱে ‘দীপাৱলী’ উৎসৱ উদযাপন কৰিম। আৰু এই বছৰৰ দেৱালী অতিকে বিশেষ হ’ব, বাৰুকৈয়ে বিশেষ হ’ব। আপোনালোকে জানে যে দেৱালী প্ৰতিবাৰেই আহে, তেন্তে এইবাৰনো একেটা উত্সৱেই কিয় বিশেষ হৈ উঠিছে, বিশেষ হোৱাৰ কাৰণ মই আপোনালোকক ক'ম। ৫০০ বছৰৰ পিছত ভগৱান শ্ৰী ৰাম তেওঁৰ অযোধ্যাৰ বিশাল মন্দিৰত উপৱিষ্ট হৈছেহি। আৰু ভব্য মন্দিৰত উপৱিষ্ট হোৱাৰ পিছত এইটো হৈছে প্ৰথমটো দীপাৱলী, আৰু এনে এটা দীপাৱলীৰ বাবে অপেক্ষা কৰি কৰিয়েই বহু প্ৰজন্মই জীৱনপাত কৰিছিল, লাখ লাখ লোকে বলিদান দিছিল আৰু যাতনা ভূগিবলগীয়া হৈছিল। আমি সকলোৱেই বহুত সৌভাগ্যশালী কিয়নো আমি ইমান বিশেষ, অন্যন্য, বিশাল দীপাৱলী প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছোঁ। এই উৎসৱৰ পৰিৱেশত... আজি এই শুভ দিনত... ‘নিযুক্তি মেলা’ত ৫১ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তিপত্ৰ দিয়া হৈছে। মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

বন্ধুসকল,

লাখ লাখ যুৱক-যুৱতীক স্থায়ী চৰকাৰী চাকৰি দিয়াৰ বাবে ভাৰত চৰকাৰে চলাই অহা প্ৰক্ৰিয়া অব্যাহত আছে। বিজেপি আৰু এন ডি এ শাসিত ৰাজ্যসমূহতো লাখ লাখ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আৰু, হাৰিয়ানাত নতুন চৰকাৰ গঠন হোৱাৰ পিছত এতিয়াই ২৬ হাজাৰ যুৱক-যুৱতীয়ে চাকৰিৰ উপহাৰ লাভ কৰিছে। আৰু, আপোনালোকৰ মাজৰ যিসকল হাৰিয়ানাৰ সৈতে পৰিচিত তেওঁলোকে জানে যে আজিকালি হাৰিয়ানাত এক উৎসৱৰ পৰিৱেশ চলি আছে, আৰু ইয়াৰ বাবে যুৱপ্ৰজন্ম সুখী। আৰু, আপোনালোকে জানে যে হাৰিয়ানাত আমাৰ চৰকাৰৰ পৰিচয়, আমাৰ চৰকাৰৰ পৰিচয় হৈছে এক বিশেষ পৰিচয়। তাত থকা চৰকাৰখনৰ পৰিচয় হৈছে – এইখন চৰকাৰে চাকৰি দিয়ে কোনোধৰণৰ খৰছ কৰিবলগীয়া নোহোৱাকৈয়ে, চিফাৰিছ নোহোৱাকৈয়ে তাত চাকৰি দিয়া হয়। আজি হাৰিয়ানা চৰকাৰত নিযুক্তি পত্ৰ লাভ কৰা ২৬,০০০ যুৱক-যুৱতীক মই বিশেষ অভিনন্দন জনাইছোঁ। হাৰিয়ানাত ২৬ হাজাৰ, আৰু আজি এই কাৰ্যসূচীত ৫১ হাজাৰ।

বন্ধুসকল,

দেশৰ যুৱপ্ৰজন্মক সৰ্বাধিক নিযুক্তি প্ৰদান কৰাটো আমাৰ হৈছে প্ৰতিশ্ৰুতিবদ্ধতা। চৰকাৰী নীতি আৰু সিদ্ধান্তবোৰেও নিযুক্তি সৃষ্টিত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। আজি দেশৰ প্ৰতিটো কোণত এক্সপ্ৰেছৱে’, ঘাইপথ, পথ, ৰে'ল, বন্দৰ, বিমানবন্দৰ, ‘ফাইবাৰ লাইন’ স্থাপন, ‘মোবাইল টাৱাৰ’ স্থাপন, দেশৰ প্ৰতিটো কোণত নতুন উদ্যোগৰ সম্প্ৰসাৰণৰ কাম চলি আছে। নতুন ঔদ্যোগিক চহৰ নিৰ্মাণ কৰা হৈছে... পানীৰ পাইপলাইন, গেছ পাইপলাইন স্থাপন কৰা হৈছে। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বৃহৎ সংখ্যাত খোলা হৈছে। আন্তঃগাঁথনিৰ বাবে ধন ব্যয় কৰি, চৰকাৰে ‘লজিষ্টিক’ৰ ব্যয় হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে। এই সকলোবোৰ কামে কেৱল দেশৰ জনসাধাৰণক সুবিধা প্ৰদান কৰাই নহয়, একে সময়তে কোটি কোটি সংখ্যাত নতুন নিযুক্তিৰ সুযোগো সৃষ্টি কৰিছে।

বন্ধুসকল,

কালি মই বদোদৰাত আছিলোঁ। তাত মই প্ৰতিৰক্ষা খণ্ডৰ বাবে বিমান নিৰ্মাণৰ বাবে এটা কাৰখানা উদ্বোধন কৰাৰ সুযোগ পাইছিলোঁ। হাজাৰ হাজাৰ লোকে এই কাৰখানাত পোনপটীয়া নিযুক্তি লাভ কৰিব। কিন্তু সৃষ্টি হ'বলগীয়া চাকৰিৰ সুযোগতকৈ, বিমানখনৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত অংশ, যন্ত্ৰাংশ তৈয়াৰ কৰিবলৈ বহুতো সৰু সৰু কাৰখানাৰ ‘নেটৱৰ্ক’ নিৰ্মাণ কৰা হ'ব, সেইবোৰ এই সৰু সৰু কাৰখানাসমূহৰ পৰা যোগান ধৰা হ'ব। এই অংশবোৰ দেশৰ প্ৰতিটো কোণত থকা ‘এমএছএমই’সমূহে নিৰ্মাণ কৰিব, নতুন ‘এমএছএমই’ স্থাপিত হ’ব। এখন বিমানত ১৫ৰ পৰা ২৫ হাজাৰ সৰু-ডাঙৰ অংশ, যন্ত্ৰাংশ থাকে। অৰ্থাৎ, প্ৰতিটো কাৰখানাৰ চাহিদা পূৰণ কৰিবলৈ সমগ্ৰ দেশত হাজাৰ হাজাৰ সৰু আৰু ডাঙৰ কাৰখানা সক্ৰিয় হ'ব। আপোনালোকে কল্পনা কৰিব পাৰিবনে যে আমাৰ ‘এমএছএমই’ উদ্যোগ ইয়াৰ পৰা কিমান লাভান্বিত হ'ব, সেইবোৰত কিমান নিযুক্তিৰ সুযোগ সৃষ্টি হ'ব।

বন্ধুসকল,

আজি যেতিয়া আমি এটা পৰিকল্পনা আৰম্ভ কৰোঁ... তেতিয়া আমাৰ গুৰুত্ব কেৱল মানুহে লাভ কৰিব লগা লাভৰ ওপৰত নিবদ্ধ হয়, এনে নহয় যে আমি এক বৃহৎ পৰিসৰত চিন্তা কৰোঁ। ইয়াৰ পৰিৱৰ্তে, আমি ইয়াৰ জৰিয়তে নিযুক্তি সৃষ্টিৰ সমগ্ৰ পৰিস্থিতিতন্ত্ৰও বিকশিত কৰোঁ। ‘প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি’ৰ দৰে। দেখাত এনেকুৱা লাগিছে যে মানুহক বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰিবলৈকে এই আঁচনিখন ৰূপায়নৰ দিহা কৰা হৈছে। কিন্তু ভালকৈ লক্ষ্য কৰিলে আপুনি কি দেখিব? এতিয়া চাওক, যোৱা ৬ মাহত, প্ৰায় ১.২৫ কোটি, ১.৫ কোটি লোকে, গ্ৰাহকে এই আঁচনিখনৰ বাবে নাম পঞ্জীয়ন কৰিছে। আঁচনিখনৰ সৈতে ৯ হাজাৰৰো অধিক বিক্ৰেতা জড়িত হৈ আছে, যিসকলে এইবোৰ সংস্থাপিত কৰাৰ কাম কৰিব। ইতিমধ্যে ৫ লাখতকৈয়ো অধিক ঘৰত সৌৰপাত সংস্থাপিত কৰা হৈছে। অনাগত দিনত এই আঁচনিৰ অধীনত এক আৰ্হি হিচাপে, দেশৰ বিভিন্ন কোণত ৮০০ খন ‘সৌৰ গাঁও’ নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। এতিয়ালৈকে, ৩০ হাজাৰ লোকে ছাদত সৌৰপাত স্থাপনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। অৰ্থাৎ, এই এটা আঁচনিয়ে নিৰ্মাতা, বিক্ৰেতা, সংলগ্নকাৰী আৰু মেৰামতকাৰীসকলৰ বাবে লাখ লাখ নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে। ‘প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি’য়ে দেশত লাখ লাখ নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিবলৈ আগবাঢ়িছে।

 

বন্ধুসকল,

মই আপোনালোকক আৰু এটা উদাহৰণ দিব খুজিছোঁ, আৰু আজি মই আপোনালোকক সৰু সৰু গাঁওবোৰৰ উদাহৰণ দিছোঁ। স্বাধীনতাৰ পিছৰে পৰা আমাৰ দেশত খাদীৰ বিষয়ে আলোচনা হৈ আহিছে। কিন্তু খাদী গ্ৰামোদ্যোগে আজি কেনে আশ্চৰ্যকৰ কাম কৰি আছে। যোৱা ১০টা বছৰত আমাৰ চৰকাৰৰ নীতিয়ে খাদী গ্ৰামোদ্যোগৰ সমগ্ৰ ছবিখনকে সলনি কৰিছে, ই গাঁওবাসীৰ সমগ্ৰ ছবিখনকে সলনি কৰিছে, ই এই কামৰ সৈতে জড়িত লোকসকলৰ ভাগ্যও সলনি কৰিছে। আজি, খাদী গ্ৰামোদ্যোগে এবছৰত ১.৫ লাখ কোটি টকাৰো অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। যদি আমি পৰিস্থিতিটো ১০ বছৰ আগৰ পৰিস্থিতিৰ সৈতে তুলনা কৰোঁ, যেনেকৈ ড০ জীতেন্দ্ৰ সিংজীয়ে চৰকাৰী চাকৰিৰ পুৰণি আৰু নতুন চৰকাৰৰ পৰিসংখ্যা দিছিল, কিমান আচৰিত হ’বলগীয়া আছিল আপোনালোকে নিশ্চয় দেখিছে। মই ইয়াত আৰু এটা কথা ক’ব বিচাৰিছোঁ, যদি আমি ‘ইউপিএ’ চৰকাৰ আৰু ‘এন ডি এ’ চৰকাৰৰ খাদীৰ প্ৰসংগত তুলনা কৰোঁ, আজি খাদীৰ বিক্ৰী ‘ইউপিএ’ চৰকাৰতকৈ ৪০০ শতাংশ অধিক হাৰে বৃদ্ধি পাইছে। যেতিয়া ব্যৱসায় বাঢ়ে, ইয়াৰ অৰ্থ হৈছে যে ইয়াৰ সৈতে জড়িত শিল্পী, শিপিনী, ব্যৱসায়ীসকলেও এক বৃহৎ লাভ সম্ভৱ কৰে। এই ক্ষেত্ৰত নতুন নতুন মানুহে সুযোগ লাভ কৰিছে, বৃহৎ সংখ্যক চাকৰিৰ সৃষ্টি হৈছে। একেদৰে, আমাৰ ‘লাখপতি দিদি’ যোজনাই গাঁও অঞ্চলৰ মহিলাসকলক নিযুক্তি আৰু স্ব-নিয়োজনৰ নতুন সাধন প্ৰদান কৰিছে। যোৱা দশকত ১০ কোটি মহিলা ‘আত্ম-সহায়ক গোট’ৰ সৈতে জড়িত হৈছে, আৰু আপোনালোকে জানে যে আত্ম-সহায়ক গোটবোৰে অৰ্থনৈতিক কাৰ্যকলাপৰে জড়িত হয়, কিবা নহয় কিবা এটা কৰি উপাৰ্জন কৰে, অৰ্থাৎ ১০ কোটি মহিলাই উপাৰ্জন আৰম্ভ কৰিছে, নিযুক্তি-স্ব-নিয়োজনৰ বাবে, তেওঁলোকৰ ঘৰলৈ ধন আহি আছে, তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আহি আছে। এইটো হৈছে ১০ কোটিৰ সংখ্যা, আৰু কেৱল মহিলাসকলৰ, পিচে, এনে বহু মানুহ আছে যিসকলে তেওঁলোকক দেখা নাপায়। আৰু চৰকাৰে তেওঁলোকক সম্পূৰ্ণ সহযোগিতা কৰি আহিছে, সংসাধনত সমৰ্থন কৰিছে আৰু ধন দিয়াত সহযোগিতা কৰিছে। এই মহিলাসকলে কিবা নহয় কিবা কৰ্ম কৰি উপাৰ্জন কৰি আহিছে। আমাৰ চৰকাৰে এই মহিলাসকলৰ মাজৰে ৩ কোটি মহিলাক ‘লাখপতি দিদি’ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, তেনেই সামান্য উপাৰ্জন নহয়, আমি উপাৰ্জনো বঢ়াব বিচাৰিছোঁ। এই পৰ্যন্ত, প্ৰায় ১.২৫ কোটি মহিলা ‘লাখপতি দিদি’ হৈ উঠিছে, অৰ্থাৎ তেওঁলোকৰ বাৰ্ষিক উপাৰ্জনে এক লাখ টকাৰ ঘৰ অতিক্ৰম কৰিছে, আৰু এইদৰে তেওঁলোকে প্ৰতি বছৰেই উপাৰ্জন কৰিব।

বন্ধুসকল,

আজি ভাৰত বিশ্বৰ ‘তৃতীয় বৃহত্তম অৰ্থনীতি’ হোৱাৰ দিশে আগবাঢ়িছে। দেশৰ এই অগ্ৰগতি দেখি দেশৰ যুৱপ্ৰজন্মই এই প্ৰশ্ন সুধিছে, আৰু এয়া নিতান্তই স্বাভাৱিকো, তেওঁলোকৰ মনৰ প্ৰশ্নটো হৈছে আজি যি গতি লাভ কৰিছে, আজি যি বিস্তাৰ লাভ কৰিছে সেই গতি আগতে কিয় লাভ কৰিব পৰা নাছিল? উত্তৰটো হ'ল– আগতে চৰকাৰবোৰত নীতি আৰু অভিপ্ৰায় দুয়োটাৰে অভাৱ আছিল।

বন্ধুসকল,

আপোনালোকে মনত পেলাওকচোন আগতে এনে বহুতো খণ্ড আছিল য'ত ভাৰত নিৰন্তৰ ভাৱে পিছ পৰি আছিল... বিশেষকৈ প্ৰযুক্তিৰ ক্ষেত্ৰত... পৃথিৱীত নতুন প্ৰযুক্তি আহিছিল, কিন্তু ভাৰতত আমি সেইবোৰৰ বাবে অপেক্ষা কৰিছিলোঁ, ভাবিছিলোঁ যে পৃথিৱীলৈতো আহিছে, পিচে আমাৰ ইয়ালৈবা আহিব কেতিয়া। পশ্চিমীয়া দেশবোৰত প্ৰযুক্তিটো যেতিয়া পুৰণি হৈ যায়, অপ্ৰয়োজনীয় হৈ যায়, তেতিয়াহে ই আমাৰ দেশলৈ আহিছিল। এনে চিন্তাধাৰা সৃষ্টি কৰা হৈছিল যে আমাৰ দেশত আধুনিক প্ৰযুক্তিৰ বিকাশ যেন হ’বই নোৱাৰে। এই মানসিকতাই কিমান ডাঙৰ ক্ষতি কৰিছিল। ভাৰত কেৱল আধুনিক উন্নয়নৰ দৌৰত পিছ পৰি থকাই নহয়, নিযুক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসবোৰো আমাৰ পৰা আঁতৰি গৈছিল। আধুনিক পৃথিৱীত, যেতিয়া নিযুক্তি সৃষ্টি কৰিব পৰা উদ্যোগবোৰই নাছিল, তেতিয়া নিযুক্তি হ'ব কৰপৰা? সেইকাৰণে আমি দেশখনক পুৰণি চৰকাৰৰ সেই পুৰণি চিন্তাধাৰাৰ পৰা মুক্ত কৰিবলৈ কাম আৰম্ভ কৰিছিলোঁ। ‘মহাকাশ খণ্ড’ৰ পৰা ‘অৰ্ধপৰিবাহী’লৈ, ‘ইলেক্ট্ৰনিক্স’ৰ পৰা ‘বৈদ্যুতিক বাহন’লৈ... আমি প্ৰতিটো নতুন প্ৰযুক্তিত ‘মে’ক ইন ইণ্ডিয়া’ক আগবঢ়াই নিছোঁ। আমি ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণৰ বাবে কাম কৰি আছোঁ। আমি দেশলৈ নতুন প্ৰযুক্তি আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগ অনাৰ বাবে ‘পিএলআই’ আঁচনি আৰম্ভ কৰিছোঁ। ‘মে’ক ইন ইণ্ডিয়া’ অভিযান আৰু ‘পিএলআই’ আঁচনিয়ে একেলগে নিযুক্তি সৃষ্টিৰ গতি বহুগুণে ত্বৰান্বিত কৰিছে। আজি প্ৰতিটো খণ্ডৰ উদ্যোগসমূহে এক উদগণি লাভ কৰিছে, ই বিভিন্ন ক্ষেত্ৰৰ যুৱসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। আজি দেশত বৃহৎ বিনিয়োগ হৈছে, আৰু অভিলেখ পৰিমাণত সুযোগৰ সৃষ্টি হৈছে। যোৱা ৮ বছৰত ১.৫ লাখতকৈওয়ো অধিক ‘ষ্টাৰ্টআপ’ স্থাপন কৰা হৈছে। আজি, ভাৰতত ‘বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ’ পৰিস্থিতিতন্ত্ৰ আছে। এই সকলো ক্ষেত্ৰতে, আমাৰ যুৱক-যুৱতীসকলে আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিছে, তেওঁলোকে নিযুক্তি লাভ কৰিছে।

বন্ধুসকল,

ভাৰতৰ যুৱপ্ৰজন্মৰ সামৰ্থ্য বৰ্দ্ধনৰ বাবে আজি চৰকাৰে তেওঁলোকৰ দক্ষতা বিকাশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। সেয়েহে, আমি ‘স্কিল ইণ্ডিয়া’-ৰ দৰে অভিযান আৰম্ভ কৰিছোঁ। আজি, যুৱপ্ৰজন্মক শ শ দক্ষতা বিকাশ কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হৈছে। আমাৰ যুৱক-যুৱতীসকলে অভিজ্ঞতা আৰু সুযোগৰ বাবে ঘূৰিফুৰিবলগীয়া নহয়। আমি তাৰ বাবেও ব্যৱস্থা কৰিছোঁ। প্ৰধানমন্ত্ৰীৰ ‘ইণ্টাৰ্নশ্বিপ’ আঁচনিৰ অধীনত ভাৰতৰ শীৰ্ষ ৫০০টা কোম্পানীত ‘পেইড ইণ্টাৰ্নশ্বিপ’ৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিগৰাকী ‘ইণ্টাৰ্ন’ক এবছৰৰ বাবে প্ৰতি মাহে ৫,০০০কৈ টকা দিয়া হ'ব। আমাৰ লক্ষ্য হৈছে পৰৱৰ্তী ৫ বছৰত এক কোটি যুৱক-যুৱতীক ‘ইন্টাৰ্ণশ্বিপ’-ৰ সুযোগ প্ৰদান কৰা। ই যুৱক-যুৱতীসকলক বিভিন্ন ক্ষেত্ৰত বাস্তৱ জীৱনৰ ব্যৱসায়িক পৰিৱেশৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰিব। তেওঁলোকৰ অভিজ্ঞতা তেওঁলোকৰ কেৰিয়াৰৰ বাবে বহুত লাভজনক হ'ব।

 

বন্ধুসকল,

ভাৰত চৰকাৰে ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে বিদেশত সহজে চাকৰি পোৱাৰ নতুন সুযোগ সৃষ্টি কৰিছে। আপোনালোকে বাতৰি কাকতত পঢ়িছে চাগৈ, দিনদিয়েক আগতে জাৰ্মানীয়ে ভাৰতৰ বাবে এক ‘দক্ষ কৰ্মশক্তি ৰণনীতি’ মুকলি কৰিছে। জাৰ্মানীয়ে দক্ষতাসম্পন্ন দক্ষ ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে ইমান দিনে প্ৰতি বছৰে ২০,০০০ লোকৰ বাবে ভিছা প্ৰদান কৰিছিল। তেওঁলোকে এতিয়াৰে পৰা প্ৰতি বছৰে এনে যুৱক-যুৱতীসকলক ৯০ হাজাৰ ভিছা দিয়াৰ সিদ্ধান্ত লৈছে, যাৰ অৰ্থ হৈছে ৯০ হাজাৰ লোকে তালৈ চাকৰিৰ বাবে যোৱাৰ সুযোগ পাব। আৰু ই আমাৰ যুৱক-যুৱতীসকলক যথেষ্ট উপকৃত কৰিব। ভাৰতে শেহতীয়া বছৰবোৰত ২১ খন দেশৰ সৈতে প্ৰব্ৰজন আৰু নিযুক্তি সম্পৰ্কীয় চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত উপসাগৰীয় দেশবোৰৰ উপৰিও জাপান, অষ্ট্ৰেলিয়া, ফ্ৰান্স, জাৰ্মানী, মৰিচাছ, ইজৰাইল, ইউকে আৰু ইটালীৰ দৰে অতি অৰ্থনৈতিকভাৱে সমৃদ্ধ দেশবোৰো আছে। আজিৰ তাৰিখত প্ৰতি বছৰে ৩,০০০ ভাৰতীয়ই ইউকেত কাম আৰু অধ্যয়নৰ বাবে দুবছৰীয়া ভিছা লাভ কৰিব পাৰে। প্ৰতি বছৰে আমাৰ ৩ হাজাৰ শিক্ষাৰ্থীয়ে অষ্ট্ৰেলিয়াত অধ্যয়ন কৰাৰ সুযোগ পাব। ভাৰতৰ প্ৰতিভাই কেৱল ভাৰতৰ প্ৰগতিতে নহয়, বিশ্বৰ প্ৰগতিৰ ক্ষেত্ৰতো অৰিহণা আগবঢ়াই আহিছে আৰু ইয়াৰ অংশীদাৰিত্ব বৃদ্ধি পাই আছে আৰু আমি সেই দিশত আগবাঢ়ি গৈছোঁ।

বন্ধুসকল,

আজি চৰকাৰৰ ভূমিকা হৈছে এনে এক আধুনিক ব্যৱস্থা প্ৰস্তুত কৰা, য'ত প্ৰতিগৰাকী যুৱক-যুৱতীয়ে সুযোগ পায় আৰু তেওঁলোকে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰে। সেয়েহে, আপোনালোক যি স্থিতিত থাকক, আপোনাৰ লক্ষ্য হ'ব লাগে যুৱসকলক উৎসাহিত কৰা... নাগৰিকসকলে সৰ্বাধিক সুবিধা পাব লাগিব।

বন্ধুসকল,

দেশৰ কৰদাতা আৰু নাগৰিকসকলৰ চৰকাৰী চাকৰি পোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান আছে। আমি লাভ কৰা সুযোগবোৰ আমি আমাৰ নাগৰিকসকলৰ বাবেহে লাভ কৰিছোঁ, আমি যি লাভ কৰিছো সেয়া দেশৰ নাগৰিকসকলৰ বাবেই পাইছোঁ। আৰু, আমি কেৱল নাগৰিকসকলৰ সেৱা কৰিবলৈহে এই নিযুক্তি লাভ কৰিছোঁ। আমি নাগৰিকসকলক সেৱা কৰি আৰু তেওঁলোকৰ জীৱনৰ সমস্যা হ্ৰাস কৰি এই ঋণ পৰিশোধ কৰিব লাগিব। আৰু আমি যি পদতে নাথাকো কিয়, আমাৰ দায়িত্ব যিয়েই নহওঁক কিয়, সেয়া ডাকোৱালৰ পদেই হওঁক বা অধ্যাপকেই হওঁক, আমাৰ কাম হৈছে দলিত, নিপীড়িত, জনজাতীয় বা মহিলাই হওঁক দেশবাসীৰ সেৱা কৰা, দৰিদ্ৰতম লোকসকলৰ সেৱা কৰা। যুৱপ্ৰজন্মই যিয়েই সেৱা কৰাৰ সুযোগ পায়, আমি ইয়াক আমাৰ ভাগ্য বুলি বিবেচনা কৰা উচিত আৰু দেশবাসীৰ সেৱা কৰা উচিত। আপোনালোক এনে এক সময়ত ভাৰত চৰকাৰত চাকৰি কৰিবলৈ আহিছে যি মুহূৰ্তত দেশখনে ‘বিকাশিত ভাৰত’ৰ সংকল্প গ্ৰহণ কৰিছে। এই লক্ষ্য প্ৰাপ্ত কৰিবলৈ, আমি প্ৰতিটো ক্ষেত্ৰতে উন্নত প্ৰদৰ্শন কৰিব লাগিব, আৰু আপোনালোকৰ দৰে যুৱ বন্ধুৰ সহযোগ অবিহনে এয়া কেতিয়াও সম্ভৱ নহ'ব। সেয়েহে, আপোনালোকে কেৱল ভাল কাম কৰিলেই নহব, আপোনালোকে সৰ্বশ্ৰেষ্ঠ কাম কৰি দেখুৱাব লাগিব। আমাৰ দেশৰ চৰকাৰী কৰ্মচাৰীসকল এনেকুৱা হ'ব লাগে যাতে তেওঁলোকক নিদৰ্শন হিচাপে পৃথিৱী জুৰি আলোচনা কৰিবগৈ পাৰে। দেশখনে আমাৰ পৰা আশা কৰাটো স্বাভাৱিক, আৰু আজি যেতিয়া উচ্চাকাংক্ষী ভাৰতৰ পৰিৱেশে বিৰাজ কৰিছে, প্ৰত্যাশা অলপতো বেছি হবই। কিন্তু সেই প্ৰত্যাশাবোৰেইতো আমাৰ বাবে পুঁজি, এই প্ৰত্যাশাবোৰেতো দেশক আগবাঢ়ি যাবলৈ শক্তি প্ৰদান কৰিব। আৰু তেতিয়াহে দেশবাসীৰ আশা পূৰণ কৰাটো আমাৰ দায়িত্ব হৈ উঠে।   

 

বন্ধুসকল,

এই নিযুক্তিৰ সৈতে আপোনালোকে আপোনালোকৰ ব্যক্তিগত জীৱনৰ এটা নতুন যাত্ৰা আৰম্ভ কৰিবলৈ আগবঢ়িছে। মোৰ অনুৰোধ হৈছে সদায় নম্ৰ হৈ থাকিব, আমি সেৱকহে, আমি শাসক নহয়... আপোনালোকৰ যাত্ৰাকালত নতুন কিবা নহয় কিবা শিকাৰ অভ্যাস কেতিয়াও এৰি নিদিব, আপোনালোকে নিৰন্তৰ নতুন বস্তু শিকি থাকিব লাগিব। আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে, ভাৰত চৰকাৰে ‘আইজিঅটি কৰ্মযোগী’ মঞ্চত বিভিন্ন প্ৰকাৰৰ পাঠ্যক্ৰম প্ৰদান কৰি আহিছে। আপোনালোকে ‘অনলাইন’ত গৈ সেই ‘প্লেটফৰ্ম’ত যোগদান কৰিব পাৰে আৰু যেতিয়াই আপোনালোকৰ সময়ৰ সুবিধা থাকে ‘ডিজিটেল প্ৰশিক্ষণ মডিউল’ৰ সুবিধা ল'ব পাৰে, আপোনালোকে যি বিষয়তে আগ্ৰহী, আপোনালোকে যিমান পাৰে সিমান পাঠ্যক্ৰম সম্পূৰ্ণ কৰা উচিত। আৰু মই বিশ্বাস কৰোঁ যে আপোনালোকৰ প্ৰচেষ্টাৰ সুবাদত দেশে ২০৪৭ চনত এখন উন্নত ভাৰত হ'বগৈ পাৰিব। আপোনালোকৰ বয়স আজি ২০-২২-২৫ হ'ব, আপোনালোকে আপোনালোকৰ চাকৰিজীৱনৰ সৰ্বশ্ৰেষ্ঠ পৰ্যায়ত উপনীত হ’বগৈ, তেতিয়া দেশখন এখন ‘উন্নত ভাৰত’ত পৰিণত হ'ব, আপোনালোকে গৌৰৱেৰে ক'বগৈ পাৰিব যে এয়া ‘মই বিগত ২৫ বছৰে কৰা কঠোৰ শ্ৰমৰ ফল যে আজি মোৰ দেশ এখন উন্নত ভাৰতত পৰিণত হৈছে। কি যে এক মহান সৌভাগ্য, আপোনালোকে যে কিমান ডাঙৰ সুযোগ পাইছে। এয়া এনে নহয় যে আপোনালোকে কেৱল নিযুক্তিহে লাভ কৰিছে, আপোনালোকে দৰাচলতে এটা সুযোগ পাইছে। আৰু মই বিচাৰিম এই সুযোগ গ্ৰহণ কৰি, সপোন সাৰ্থক কৰাৰ বাবে সামৰ্থ্য ব্যৱহাৰ কৰি আৰু সংকল্পৰ গ্ৰহণৰে জীৱনপাত কৰাৰ সাহস জাগ্ৰত কৰক। ‘বিকশিত ভাৰত’ৰ সপোন পূৰণ নোহোৱালৈকে আমি বিশ্ৰাম নলোৱাৰ পণ লওক। আমাক যিয়েই দায়িত্ব দিয়া হওঁক, আমি ৰাজহুৱা সেৱাৰ জৰিয়তে ইয়াক পূৰণ কৰিমেই।

আজি নিযুক্তি পত্ৰ লাভ কৰা সকলো বন্ধু-বান্ধৱীলৈকে মই আকৌ এবাৰ অভিনন্দন জনাইছোঁ। মই আপোনালোকক আপোনালোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জনাইছোঁ। আজি আপোনালোকৰ পৰিয়ালসমূহতো এক বিশেষ সুখৰ পৰিৱেশে বিৰাজ কৰিব, মই আপোনালোকৰ পৰিয়ালসমূহকো শুভকামনা জনাইছোঁ। দেৱালীৰ এই উৎসৱ, লগতে এটা নতুন সুযোগো লাভ কৰিছে, এয়াতো আপোনালোকৰ বাবে দুগুণ দেৱালী। ইয়াৰ মজা লওক বন্ধুসকল, বহুত বহুত শুভকামনা জনাইছোঁ।  

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of Prime Minister's statement during the G7 Summit Session on Ensuring a Safe, Rapid and Efficient Rollout of AI
June 17, 2026

Excellencies,

मैं इस महत्वपूर्ण विषय को हमारी चर्चा का भाग बनाने के लिए मेरे मित्र राष्ट्रपति मैक्रों का अभिनंदन करता हूँ। इसमें कोई शक नहीं है कि Artificial Intelligence मनुष्य द्वारा बनाई गई सबसे परिवर्तनकारी technologies में से एक है।

आज मानव जीवन का शायद ही कोई पहलू होगा, जिसे AI ने स्पर्श न किया हो। AI scientific रिसर्च को अभूतपूर्व गति दे रही है। Governance को अधिक effective और responsive बना रही है। स्वास्थ्य, शिक्षा, manufacturing जैसे क्षेत्रों को नई ताकत प्रदान कर रही है।

किन्तु, AI की वास्तविक कसौटी यह नहीं है कि हमारी मशीनें कितनी शक्तिशाली बनेंगी। इसकी असली कसौटी यह है कि सामान्य मानवी कितना empowered होगा। इस वर्ष भारत द्वारा आयोजित AI Impact Summit में हमने इसी सोच के साथ human-centric AI बनाने पर बल दिया। इस समिट में भारत ने अपना MANAV विज़न प्रस्तुत किया। यह vision AI में भारत के सभी प्रयासों को प्रेरित करता है।

हाल ही में “हिज़ होलीनेस द पोप” ने AI के विषय पर अपने पत्र में human values, inclusivity और meaningful human control को AI के विकास का आधार बनाने पर बल दिया है। भारत का MANAV vision और हिज़ होलीनेस का संदेश, दोनों एक ही मूल विचार को अभिव्यक्त करते हैं: टेक्नोलॉजी कितनी भी advanced क्यों न हो, उसके केंद्र में मानव ही रहना चाहिए।

Friends,

AI rollout में बच्चों के लिए safety सुनिश्चित करना अत्यंत आवश्यक है। AI बच्चों को उनकी अपनी भाषा में शिक्षा दे सकती है, उनकी creativity को बढ़ा सकती है, और learning को personalised बना सकती है। लेकिन safeguards के बिना यही टेक्नॉलजी उन्हें misinformation, deepfakes और exploitation के खतरे में डाल सकती है।

इन दोनों scenarios में फ़र्क टेक्नॉलजी का नहीं है। फ़र्क values का है, design का है, और governance का है। Digital space को हमें बच्चों के लिए learning का playground बनाना होगा, manipulation का tool नहीं।

Friends,

Frontier AI Models से Cyber Security के क्षेत्र में अभूतपूर्व संभावनाएं बन रही हैं। लेकिन Cyber Space में कोई भी देश तब तक पूरी तरह सुरक्षित नहीं हो सकता, जब तक सभी देश सुरक्षित न हों। इसलिए भारत ने हमेशा से Cyberspace को एक Global Public Good के रूप में देखा है। इसलिए इन महत्वपूर्ण AI Technologies तक पहुंच भी व्यापक और समावेशी होनी चाहिए। सभी लोकतांत्रिक देशों को ऐसे AI Models का access मिलना चाहिए, ताकि वे अपनी Critical Information Infrastructure की सुरक्षा कर सकें और बढ़ते Cyber Threats का सामना कर सकें।

Friends,

Safety, speed और efficiency की integrated approach पर आगे बढ़ने के लिए मैं कुछ सुझाव रखना चाहूँगा:

पहला, हमें safe-by-design AI systems को बढ़ावा देना चाहिए। Safety को बाद में जोड़ा गया feature नहीं, बल्कि design का मूल तत्व बनाना होगा।

दूसरा, AI deployment के लिए हमें common standards, testing frameworks और regulatory sandboxes विकसित करने चाहिए, ताकि innovation और governance साथ-साथ आगे बढ़ें। हमारे सामने सिविल एविएशन और मेरीटाइम ट्रांसपोर्ट ऐसे उदाहरण है जहाँ हमने global rules सफलतापूर्वक विकसित किये, और पूरे विश्व को इसका लाभ मिला।

तीसरा, deepfakes, misinformation और cyber fraud के विरुद्ध वैश्विक सहयोग को मजबूत करना होगा। हमें वॉटरमार्क्स जैसी टेक्नोलॉजीज़ को बढ़ावा देना चाहिए ताकि deepfakes से बचा जा सके।

चौथा, हमारा प्रयास होना चाहिए कि AI का लाभ ग्लोबल साउथ के सभी देशों तक पहुंचे, ताकि वह विभाजनकारी नहीं समावेशी शक्ति बने।

Friends,

AI के विषय में हमारी सोच और नीति स्पष्ट होनी चाहिए। AI must expand human potential, empower human choice, and protect human dignity. हम इस अत्यंत महत्वपूर्ण विषय पर सभी पार्टनर्स के साथ संवाद और सहयोग जारी रखेंगे।

बहुत-बहुत धन्यवाद।