মহামাৰীটোৰ বিৰুদ্ধে যুঁজত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কাশী আৰু উত্তৰ প্ৰদেশক প্ৰশংসা
কাশী পূৰ্বাঞ্চলৰ এটা বৃহৎ চিকিৎসা কেন্দ্ৰ হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
মা গংগা আৰু কাশীৰ স্বচ্ছতা আৰু সৌন্দৰ্য্য হৈছে এটি আকাংক্ষা আৰু অগ্ৰাধিকাৰঃ প্ৰধানমন্ত্ৰী
অঞ্চলটোত ৮০০০ কোটি টকা মূল্যৰ আঁচনিৰ বাবে কাম অব্যাহত আছেঃ প্ৰধানমন্ত্ৰী
উত্তৰ প্ৰদেশ হৈছে দেশখনৰ দ্ৰুত বৰ্ধমান শীৰ্ষস্থানীয় বিনিয়োগ লক্ষ্যস্থানঃ প্ৰধানমন্ত্ৰী
আইনৰ শাসন আৰু উন্নয়নত মনোযোগে উত্তৰ প্ৰদেশৰ জনতাই আঁচনিসমূহৰ লাভালাভ অৰ্জন কৰাটো নিশ্চিত কৰিছেঃ প্ৰধানমন্ত্ৰী
ত্তৰ প্ৰদেশৰ জনতাই ভাইৰাছটোৰ বিৰুদ্ধে সাৱধানতা অৱলম্বনৰ কথা দোহাৰে

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়! হৰ-হৰ মহাদেৱ!

বহু সময়ৰ পিছত আপোনালোক সকলোকে মুখামুখিকৈ লগ পোৱাৰ সুযোগ পাইছো৷ কাশীৰ সকলো লোককে প্ৰণাম! আমাৰ সকলো লোকৰে দুখ পৰিহাৰ কৰা ভোলেনাথ, মাতা অন্নপূৰ্ণাৰ চৰণতো নত শিৰে সেৱা জনাইছো!

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পাটেলজী, উত্তৰ প্ৰদেশৰ সফল, উদ্যমী আৰু পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল আৰু বাৰাণসীৰ মোৰ ভাই আৰু ভনীসকল,

আজি মই কাশীৰ বিকাশৰ সৈতে জড়িত ১৫ শ কোটি টকাতকৈও অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনৰ সুযোগ লাভ কৰিছো৷ বাৰাণসীৰ বিকাশৰ বাবে যিসমূহ হৈ আছে, সেই সকলো মহাদেৱৰ আশীৰ্বাদ আৰু বাৰাণসীৰ বাসিন্দাসকলৰ প্ৰয়াসৰ বাবেই অব্যাহত আছে৷ বিপদৰ সময়তো কাশীয়ে দেখুৱাই দিছে যে তেওঁ ৰৈ নাযায়, তেওঁ ভাগৰি নাযায়৷

ভাই আৰু ভনীসকল,

যোৱা কিছু মাহত আমাৰ সকলোৰে বাবে, সমগ্ৰ মানৱ জাতিৰ বাবে বহুত কঠিন সময় গৈছে৷ ক’ৰোনা ভাইৰাচৰ পৰিবৰ্তিত আৰু বিপদজনক ৰূপে সম্পূৰ্ণ শক্তিৰে আক্ৰমণ কৰিছে৷ কিন্তু কাশীসহ, উত্তৰ প্ৰদেশে সম্পূৰ্ণ সমৰ্থৰে সৈতে ইমান ডাঙৰ বিপদৰ মোকাবিলা কৰিছে৷ দেশৰ সকলোতকৈ ডাঙৰ প্ৰদেশ, যাৰ জনসংখ্যা বিশ্বৰ বহুতো ডাঙৰ ডাঙৰ দেশতকৈ বেছি হয়, তাত ক’ৰোনাৰ দ্বিতীয় ঢৌক যিদৰে উত্তৰ প্ৰদেশে চম্ভালি ল’লে, দ্বিতীয় ঢৌৰ সময়ত উত্তৰ প্ৰদেশে যিদৰে ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধিত বাধা দিলে, সেয়া অভূতপূৰ্ব৷ নহ’লে উত্তৰ প্ৰদেশৰ মানুহে সেইটো সময়ো দেখিছে যেতিয়া মূৰত জ্বৰ, এনকেফেলাইটিচৰ দৰে বেমাৰসমূহ মুখামুখী হোৱাত ইয়াত কিমান সমস্যা হৈছিল৷

আগৰ সময়ত, স্বাস্থ্য সুবিধাসমূহৰ অভাৱ আৰু ইচ্ছা শক্তিসমূহৰ অভাৱত সৰু-সৰু সংকতটো উত্তৰ প্ৰদেশত বিশাল হৈ পৰিছিল৷ আৰু এয়াটো ১০০ বছৰত সমগ্ৰ বিশ্বত অহা সবাতোকৈ ডাঙৰ বিপদ, সবাতোকৈ ডাঙৰ মহামাৰী৷ সেয়েহে ক’ৰোনাৰ সৈতে মোকাবিলা কৰাত উত্তৰ প্ৰদেশৰ প্ৰচেষ্টা উল্লেখনীয়৷ মই কাশীত মোৰ বন্ধুসকলৰ, ইয়াৰ শাসন-প্ৰশাসনৰ পৰা ক’ৰোনা যোদ্ধাৰ সম্পূৰ্ণ দলটোৰ প্ৰতি বিশেষভাৱে কৃতজ্ঞ৷ আপোনালোকে দিনে-ৰাতি একাকাৰ কৰি যিদৰে কাশীত ব্যৱস্থা দৃঢ় কৰিলে, সেয়া বহুত ডাঙৰ সেৱা৷

মোৰ মন আছে যে মাজৰাতিও মই যেতিয়া এই ব্যৱস্থাত জড়িত লোকসকলক ফোন কৰিছিলো, তেতিয়া তেওঁলোক কৰ্মত সষ্টম হৈ থকা পাইছিলো৷ কঠিন সময় আছিল, কিন্তু নিজৰ প্ৰচেষ্টাত অলপো অভাৱ ৰখা নাছিল৷ আপোনালোক সকলোৰে এনে কাৰ্য্যৰে ফল হ’ল যে আজি উত্তৰ প্ৰদেশৰ পৰিস্থিতি পুনৰ ভাল অৱস্থালৈ উভটি আহিব ধৰিছে৷

আজি উত্তৰ প্ৰদেশ, ক’ৰোনাৰ সকলোতকৈ অধিক পৰীক্ষা কৰা ৰাজ্য৷ আজি উত্তৰ প্ৰদেশ, সমগ্ৰ দেশত সকলোতকৈ অধিক টীকাকৰণ প্ৰদান কৰা ৰাজ্য৷ সকলোৰে টীকা-বিনামূলীয়া টীকা অভিযানৰ মাধ্যমেৰে, দুখীয়া, মধ্যবিত্ত, কৃষক-যুৱচাম, সকলোকে চৰকাৰৰ দ্বাৰা বিনামূলীয়া টীকা প্ৰদান কৰা হৈছে৷

ভাই আৰু ভনীসকল,

চাফ-চাফাই আৰু স্বাস্থ্যৰ সৈতে জড়িত যি আন্তঃগাঠনি উত্তৰ প্ৰদেশত তৈয়াৰ হৈ আছে সেয়া ভৱিষ্যতেও ক’ৰোনাৰ সৈতে যুঁজত বহুত সহায় কৰিব৷ আদি উত্তৰ প্ৰদেশৰ গাঁৱৰ স্বাস্থ্য কেন্দ্ৰ হওঁক, চিকিৎসা মহাবিদ্যালয় হওঁক, এইমচ হওঁক, চিকিৎসা আন্তঃগাঠনিত অভূতপূৰ্ব সংস্কাৰ হৈ আছে৷ ৪ বছৰ আগত যত উত্তৰ প্ৰদেশত কেইখনমানহে চিকিৎসা মহাবিদ্যালয় আছিল, সেইবোৰৰ সংখ্যা এতিয়া প্ৰায় ৪ গুণ হৈ গৈছে৷ বহুতো চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কামো দ্ৰুত গতিত চলি আছে৷ আজি বাৰাণসীতে ১৪ টা অক্সিজেন প্লেন্ট ইয়াত উদ্বোধনো কৰা হৈছে৷ প্ৰতিখন জিলাতে শিশুৰ বাবে বিশেষ অক্সিজেন আৰু ICU ৰ দৰে সুবিধা নিৰ্মাণৰ যি দ্বায়িত্ব উত্তৰ প্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছে, সেয়াও প্ৰশংসনীয়৷ ক’ৰোনাৰ সৈতে জড়িত নতুন স্বাস্থ্য সুবিধাসমূহ নিৰ্মাণৰ বাবে শেহতীয়াকৈ কেন্দ্ৰ চৰকাৰে ২৩ হাজাৰ কোটি টকাৰ এক বিশেষ পেকেজ ঘোষণা কৰিছে৷ ইয়াৰ পৰাও উত্তৰ প্ৰদেশৰ বহুত লাভান্বিত হ’ব৷

বন্ধুসকল,

কাশী নগৰী আজি পূৰ্বাঞ্চলত চিকিৎসাৰ এক বৃহৎ কেন্দ্ৰস্থল হ’বলৈ গৈ আছে৷ যিবোৰ বেমাৰৰ চিকিৎসাৰ বাবে কেতিয়াবা দিল্লী আৰু মুম্বাই যাবলগীয়া হৈছিল, সেইবোৰৰ চিকিৎসা এতিয়া কাশীতে উপলব্ধ৷ ইয়াত চিকিৎসাৰ আন্তঃগাঠনিত আৰু কিছুমান সংযোজন যোগ হ’বলৈ গৈ আছে৷ আজি মহিলা আৰু শিশুসকলৰ চিকিৎসাৰ সৈতে জড়িত নতুন চিকিৎসালয় কাশীয়ে লাভ কৰিব৷ ইয়াৰ মাজৰ ১০০ খন বিচনা ক্ষমতা BHU ত আৰু ৫০ খন বিচনা জিলা চিকিৎসালয়সমূহত যোগ কৰা হৈ আছে৷ এই দুটা প্ৰকল্পৰ আধাৰশিলা মই স্থাপন কৰিছিলো, এতিয়া আজি সেই দুটাৰ উদ্বোধনো হ’বলৈ গৈ আছে৷ BHU ত যি নতুন সুবিধা নিৰ্মাণ কৰা হৈছে, অলপ সময় পিছতে মই সেইটো চাবলৈও যাম৷ বন্ধুসকল, আজি BHU ত আঞ্চলিক নেত্ৰ সংস্থাৰো উদ্বোধন কৰা হৈছে৷ এই সংস্থানত লোকসকলে চকুৰ সৈতে জড়িত বেমাৰসমূহৰ আধুনিক চিকিৎসা লাভ কৰিব৷

ভাই আৰু ভনীসকল,

যোৱা সাত বছৰত কাশীয়ে, নিজৰ মৌলিক পৰিচয় বৰ্তাই ৰাখিও বিকাশৰ পথত ক্ষিপ্ৰতাৰে আগবাঢ়ি আছে৷ সমগ্ৰ অঞ্চলতে, লাগিলে সেয়া ৰাজমাৰ্গে কামে হওঁক, ফ্লাই অভাৰ হওঁক বা ৰেলৱে অভাৰব্ৰীজ হওঁক বা তাঁৰৰ সমস্যা দূৰ কৰাৰ বাবে ভূনিম্ন বিদ্যুৎ পৰিবাহী তাঁৰ স্থাপনৰ পদ্ধতিয়ে হওঁক, খোৱাপানী আৰু নলী-নৰ্দমা প্ৰণালীৰ সমাধানৰ হওঁক, পৰ্যটন বৃদ্ধিৰ বাবে বিকাশৰ কামসমূহে হওঁক, সকলোতে অভূতপূৰ্ব কাম হৈছে৷ এই সময়তো এই ক্ষেত্ৰত প্ৰায় ৮ হাজাৰ কোটি টকাৰ যোজনাৰ ওপৰত কাম চলি আছে৷ নতুন প্ৰকল্প, নতুন সংস্থানে কাশীৰ বিকাশৰ ধাৰাক আৰু অধিক জীৱন্ত কৰি তুলি আছে৷

বন্ধুসকল,

কাশীৰ, মা গংগাৰ, স্বচ্ছতা আৰু সৌন্দৰ্য্য, আমাৰ সকলোৰে আকাংশা আৰু প্ৰাথমিকতা৷ তাৰ বাবে পথ হওঁক, নলী-নৰ্দমা প্ৰণালী হওঁক, উদ্যান আৰু ঘাটৰ সৌন্দৰ্য্যবৰ্ধন হওঁক, এনে সকলো ক্ষেত্ৰতে কাম হৈ আছে৷ পঞ্চকাশী মাৰ্গৰ প্ৰশস্তকৰণ সম্পূৰ্ণ হ’লে ভক্তসকলৰ সুবিধা হ’ব আৰু এই মাৰ্গত থকা বহুতো গাঁৱৰ জীৱনো সহজ হৈ পৰিব৷ বাৰাণসী-গাজীপুৰ মাৰ্গ যি সেতু আছে, সেইখন খুলিলে বাৰাণসীৰ উপৰিও প্ৰয়াগৰাজ, গাজীপুৰ, বলিয়া, গৌৰখপুৰ আৰু বিহাৰ অহা-যোৱা কৰা সকলৰ বাবে বহুত সহজ হ’ব৷ গৌদৌলিয়াত মাল্টিলেভেল দুচকীয়া বাহনৰ পাৰ্কিং নিৰ্মাণ কৰিলে কিমান ‘কিটকিচ’ কম হ’ব, সেয়া বাৰাণসীৰ লোকসকলেও বহুত ভালদৰে জানে৷ তাৰোপৰি লেহেৰতাৰাৰ পৰা চৌকা ঘাট ফ্লাইঅভাৰৰ তলত পাৰ্কিংৰ লগতে অন্যান্য জনসুবিধাসমূহৰ নিৰ্মাণ অতি সোনকালেই সম্পূৰ্ণ কৰা হ’ব৷ বাৰাণসীৰ, উত্তৰ প্ৰদেশৰ, কোনো ভনীয়ে, কোনো পৰিয়ালে বিশুদ্ধ পানীৰ বাবে সমস্যাত ভুগিব নালাগে, তাৰ বাবে ‘প্ৰতি ঘৰতে জল অভিযান’ ৰো ক্ষিপ্ৰতাৰে কাম হৈ আছে৷

বন্ধুসকল,

উন্নত সুবিধাসমূহ, উন্নত সংযোগ, সুন্দৰ হ’বলৈ ধৰা গলি আৰু ঘাটবোৰ, এই প্ৰাচীন-পৌৰাণিক কাশীৰ নতুন অভিব্যক্তি৷ চহৰৰ ৭০০ ৰো অধিক স্থানত উন্নত পৰিদৰ্শন কেমেৰা সংযোগৰো কাম ক্ষিপ্ৰতাৰে চলি আছে৷ চহৰত ঠায়ে-ঠায়ে লগোৱা ডাঙৰ-ডাঙৰ LED স্ক্ৰিণ আৰু ঘাটসমূহত লগোৱা প্ৰযুক্তিৰে সুসজ্জিত তথ্যসমৃদ্ধ বৰ্ড, এইবোৰে কাশী অহাসকলক বহুত সহায় কৰিব৷ কাশীৰ ইতিহাস, বাস্তু, শিল্প, কলা, তেনে সকলো তথ্য আকৰ্ষণীয় ধৰণেৰে প্ৰস্তুত কৰা এই সুবিধাসমূহ ভক্তসকলৰ বহুত কামত আহিব৷ ডাঙৰ স্ক্ৰিণৰ মাধ্যমেৰে সমগ্ৰ চহৰত গংগাজীৰ ঘাটত আৰু কাশী বিশ্বনাথ মন্দিৰত হোৱা আৰতিৰ সম্প্ৰসাৰণ সম্ভৱপৰ হৈছে৷

ভাই আৰু ভনীসকল,

আজিৰ পৰা যি ৰো-ৰো সেৱা আৰু ক্ৰুজ বোটৰ পৰিসেৱা আৰম্ভ হৈছে, ইয়াৰ পৰা কাশীৰ পৰ্যটন ক্ষেত্ৰ আৰু অধিক সমৃদ্ধ হ’বলৈ গৈ আছে৷ সেয়ে নহয় মা গংগাৰ সেৱাত জড়িত আমাৰ নাবিক বন্ধুসকলকো উন্নত সুবিধা প্ৰদান কৰা হৈছে৷ ডিজেল নাওবোৰক CNG লৈ পৰিবৰ্তিত কৰা হৈ আছে৷ ইয়াৰ ফলত তেওঁলোকৰ ব্যয় কম হ’ব, পৰিবেশো লাভ হ’ব আৰু পৰ্যটকসকলো আকৰ্ষিত হ’ব৷ ইয়াৰ নাতি দূৰতে ৰূদ্ৰাক্ষৰ ৰূপত আন্তৰ্জাতিক সন্মিলন কেন্দ্ৰটোও কাশীবাসীসকলক সমৰ্পিত কৰিবলৈ গৈ আছো৷ কাশীৰ বিশ্বমানৰ সাহিত্যিক, সংগীতকাৰ তথা অন্য শিল্পীসকলে বিশ্ব স্তৰত আলোড়ন সৃষ্টি কৰিছে৷ কিন্তু কাশীতে তেওঁলোকৰ কলাৰ প্ৰদৰ্শনৰ বাবে বিশ্বমানৰ সুবিধা নাছিল৷ আজি মই সুখী যে কাশীৰ কলাকাৰ-আৰ্টিষ্টসকলে তেওঁলোকৰ নিজৰ ধৰণসমূহ দেখুৱাৰ বাবে, নিজৰ কলা দেখুৱাবলৈ, এক আধুনিক মঞ্চ লাভ কৰিব৷

বন্ধুসকল,

কাশীৰ পৌৰাণিক বৈভৱৰ সমৃদ্ধি, জ্ঞানৰ গংগাৰ সৈতেও জড়িত হৈ আছে৷ তেনে ক্ষেত্ৰত কাশী আধুনিক জ্ঞান আৰু বিজ্ঞানৰ কেন্দ্ৰ ৰূপেও অবিৰত বিকাশ প্ৰয়োজনীয়৷ যোগী জীৰ চৰকাৰ গঠন হোৱাৰ পিছত এই দিশত যি প্ৰয়াস হৈ আছিল, সেইবোৰত আৰু ক্ষিপ্ৰতা আহিল৷ আজিও ম’ডেল স্কুল, আইটিআই,পলিটেকনিক, এনে বহুতো সংস্থা আৰু নতুন সুবিধা কাশীয়ে লাভ কৰিছে৷ আজি চিপেট ৰ Centre for Skilling & Technical Support ৰ যি আধাৰশিলা স্থাপন কৰা হ’ল, ই কেৱল কাশীয়ে নহয় পূৰ্বাঞ্চলৰ উদ্যোগিক বিকাশকো শক্তি প্ৰদান কৰিব৷ এনে সংস্থা আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণৰ বাবে দক্ষ যুৱসকলকৰ প্ৰশিক্ষমণত কাশীৰ ভূমিকাক আৰু অধিক শক্তিশালী কৰিব৷ মই বাৰাণসীৰ যুৱসকলক, শিক্ষাৰ্থীসকলক চিপেট কেন্দ্ৰৰ বাবে বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছো৷

ভাই আৰু ভনীসকল,

এতিয়া পৃথিৱীৰ বহুতো ডাঙৰ-ডাঙৰ বিনিয়োগকাৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ মহাযজ্ঞৰ সৈতে জড়িত আছে৷ ইয়াৰ ভিতৰতো উত্তৰ প্ৰদেশ, দেশৰ অগ্ৰণী বিনিয়োগ লক্ষ্যস্থান হিচাপে পৰিগণিত হৈছে৷ কিছুবছৰ আগলৈ যিখন উত্তৰ প্ৰদেশত ব্যৱসায়-বাণিজ্য কৰাটো বিপদজনক হিচাপে ধৰা হৈছিল, আজি মেক ইন ইণ্ডিয়া ৰ বাবে উত্তৰ প্ৰদেশ পচন্দৰ স্থানলৈ ৰূপান্তৰিত হ’বলৈ ধৰিছে৷

তাৰ এক ডাঙৰ কাৰণ হ’ল উত্তৰ প্ৰদেশত যোগী জীৰ চৰকাৰৰ দ্বাৰা আন্তঃগাঁথনিত মনোনিবেশ৷ স্থলপথ, ৰেলপথ আৰু বায়ু যোগাযোগত অহা অভূতপূৰ্ব সংশোধনৰ বাবে ইয়াৰ জীৱনটো সহজ হৈ গৈয়ে আছে, ব্যৱসায় কৰাৰ ক্ষেত্ৰটো অধিক সুবিধা হৈছে৷ উত্তৰ প্ৰদেশৰ প্ৰান্তসমূহ প্ৰসস্ত আৰু আধুনিক পথ-এক্সপ্ৰেচৱে ৰ সৈতে সংযোজিত কৰাৰ কাম ক্ষিপ্ৰতাৰে হৈ আছে৷ ডিফেঞ্চ কৰিডৰ হওঁক, পূৰ্বাঞ্চল এক্সপ্ৰেচৱে হওঁক বা বুন্দেলখণ্ড এক্সপ্ৰেচৱে, গোৰখপুৰ সংযোগী এক্সপ্ৰেচৱে হওঁক বা গংগা এক্সপ্ৰেচৱে, এইবোৰ এইটো দশকত উত্তৰ প্ৰদেশক বিকাশৰ নতুন শিখৰ প্ৰদান কৰিব৷ ইয়াত কেৱল গাড়ীয়ে নচলে আনকি ইয়াৰ আশেপাশে আত্মনিৰ্ভৰ ভাৰতক শক্তিশালী কৰা নতুন উদ্যোগিক ক্লাষ্টাৰো তৈয়াৰ হ’ব৷

ভাই আৰু ভনীসকল,

আত্মনিৰ্ভৰ ভাৰতত আমাৰ খেতিৰ সৈতে জড়িত আন্তঃগাঁথনি আৰু কৃষিমূলক উদ্যোগসমূহৰো বহুত ডাঙৰ ভূমিকা হ’বলৈ গৈ আছে৷ শেহতীয়াভাৱে কেন্দ্ৰ চৰকাৰে কৃষি আন্তঃগাঁথনিক শক্তিশালী কৰাৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ দেশৰ আধুনিক কৃষি আন্তঃগাঠনিৰ বাবে যি ১ লাখ কোটি টকাৰ বিশেষ পুঁজি তৈয়াৰ কৰা হৈছে, সেইবোৰৰ লাভ এতিয়া আমাৰ কৃষি মণ্ডীসমূহেও পাব৷ ইয়ে দেশৰ কৃষি মণ্ডীসমূহৰ তন্ত্ৰটোক আধুনিক আৰু সুবিধা সম্পন্ন কৰি তোলাৰ দিশত এক বহৎ পদক্ষেপ৷ চৰকাৰে ক্ৰয়ৰ সৈতে জড়িত পদ্ধতিটোক অধিক উন্নত কৰিবলৈ কৃষকসকলক অধিক বিকল্প প্ৰদান কৰা, এইটোই চৰকাৰৰ প্ৰাথমিকতা৷ এইবাৰ ধান আৰু ঘেঁহুৰ ৰেকৰ্ড চৰকাৰী ক্ৰয় ইয়াৰেই পৰিণাম৷

বন্ধুসকল,

কৃষিক সৈতে জড়িত আন্তঃগাঠনিক লৈও উত্তৰ প্ৰদেশত অবিৰতভাৱে কাম চলি আছে৷ বাৰাণসী হওক, বা পূৰ্বাঞ্চল হওক, ইয়াত পৌৰিশেবল কাৰ্গো চেণ্টাৰ, ইণ্টাৰনেচনেল ৰাইচ চেন্টাৰৰ দৰে আধুনিক ব্যৱস্থাসমূহ আজি কৃষকৰ কামত আহিছে৷ এনেধৰণৰ বহুতো প্ৰয়াসৰ বাবে আমাৰ লেংৰা আৰু দশহৰী আম আজি ইউৰোপৰ পৰা লৈ উপসাগৰীয় দেশসমূহত নিজৰ মিঠা স্বাদ প্ৰদান কৰি আছে৷ আজি যি মেংগো এণ্ড ভেজিটেবোল ইন্টিগ্ৰেটেড পেকহাউচৰ আধাৰশিলা স্থাপন কৰা হ’ল, সেইটো এই ক্ষেত্ৰক এগ্ৰো এক্সপোৰ্ট হাব ৰূপত বিকশিত কৰাৰ সহায় কৰিব৷ ইয়াৰ ফলত বিশেষকৈ ক্ষুদ্ৰ কৃষকসকল, যি ফল-পাচলি খেতি কৰে, তেওঁলোকৰ অধিক লাভ হ’ব৷

বন্ধুসকল,

কাশী আৰু সমগ্ৰ উত্তৰ প্ৰদেশৰ বিকাশৰ ইমান বেছি কামৰ চৰ্চা মই ইমান দেৰিৰ পৰা কৰি আছে, কিন্তু এই তালিকা ইমান দীঘল যে ইমান সোনকালে অন্ত নপৰিব৷ যেতিয়া সময়ৰ অভাৱ হয় তেতিয়া ময়ো বহুবাৰ ভাবিবলগীয়া হয় যে উত্তৰ প্ৰদেশৰ কোনবোৰ বিকাশৰ চৰ্চা কৰো, কোনবোৰ কামৰ চৰ্চা পৰিহাৰ কৰো! এইবোৰ যোগী জীৰ নেতৃত্ব আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ কৰ্মনিষ্ঠতাৰ বিস্ময়৷

ভাই আৰু ভনীসকল,

এনে নহয় যে ২০১৭ৰ আগত উত্তৰ প্ৰদেশৰ বাবে যোজনা অহা নাছিল, টকা পঠিওৱা নহৈছিল! তেতিয়াও ২০১৪ ত আমাক সেৱা কৰাৰ সুযোগ দিছিল তেতিয়াও দিল্লীৰ পৰা দ্ৰুত প্ৰয়াস হৈছিল৷ কিন্তু তেতিয়া লক্ষ্ণৌত সেইবোৰত বাধা লাগি গৈছিল৷ আজি যোদী জী নিজেই কঠোৰ পৰিশ্ৰম কৰি থাকে৷ কাশীৰ লোকসকলেতো দেখাটো পায়েই কিদৰে যোগী জী সঘণে ইয়ালৈ আহে, এটা-এটাকৈ বিকাশৰ যোজনাৰ সমীক্ষা কৰে, নিজেই শক্তি প্ৰয়োগ কৰি কামসমূহক গতি প্ৰদান কৰে৷ এনেধৰণৰ পৰিশ্ৰমেই তেওঁ সমগ্ৰ ৰাজ্যৰ বাবে কৰে৷ প্ৰতিখন জিলাতে যায়, প্ৰতিটো কামৰ সৈতে নিজে জড়িত হয়৷ এইটোই কাৰণ যাৰ বাবে উত্তৰ প্ৰদেশত পৰিবৰ্তনৰ এই প্ৰয়াসে আজি এক আধুনিক উত্তৰ প্ৰদেশ নিৰ্মাণত ক্ষিপ্ৰতাৰে আগুৱাই গৈ আছে৷

আজি উত্তৰ প্ৰদেশত আইনৰ শাসন আছে৷ মাফিয়াৰাজ আৰু সন্ত্ৰাসবাদ, যি কেতিয়াবা নিয়ন্ত্ৰণহীন হৈ পৰিছিল, সেইবোৰত এতিয়া আইনৰ আওঁতাত আছে৷ ভনী-কন্যাসকলৰ সুৰক্ষাৰ বাবে মাক-দেউতাক যিদৰে সদায়ে ভয় আৰু শংকাত জীয়াই আছিল, সেই পৰিস্থিতিৰো পৰিবৰ্তন হৈছে৷ আজি ভনী-কন্যাৰ ওপৰত নজৰ দিয়া অপৰাধীসকল জ্ঞাত যে তেওঁলোক আইনৰ পৰা সাৰি নাযায়৷ অন্য এটা ডাঙৰ কথা, উত্তৰ প্ৰদেশত আজি চৰকাৰৰ ভ্ৰষ্টাচাৰ আৰু ভাই-ভতিজাবাদৰে সৈতে নহয় বিকাশবাদৰে চলি আছে৷ সেয়েহে, উত্তৰ প্ৰদেশৰ আজি নাগৰিকসকলক যোজনাসমূহৰ লাভ পোনপতীয়াভাৱে নাগৰিকে লাভ কৰি আছে৷ সেয়েহে, আজি উত্তৰ প্ৰদেশত নতুন নতুন উদ্যোগসমূহৰ বিনিয়োগ হৈ আছে, সংস্থাপন সুযোগ বৃদ্ধি পাইছে৷

বন্ধুসকল,

বিকাশ আৰু প্ৰগতিৰ এই যাত্ৰাত উত্তৰ প্ৰদেশৰ সকলো নাগৰিকৰে অৱদান আছে, ইয়াত জন-জন ৰ অংশীদাৰীত্ব আছে৷ আপোনাৰ এই অৱদান, আপোনাৰ এই আশীৰ্বাদে উত্তৰ প্ৰদেশক বিকাশৰ নতুন শিখৰলৈ লৈ যাব৷ আপোনাৰ এক বহুত ডাঙৰ দ্বায়ীত্ব এইটোও আছে যে আপুনি ক’ৰোনাক পুনৰাই প্ৰভাৱ বিস্তাৰ কৰিবলৈ দি নালাগিব৷

কিয়নো, ক’ৰোনা সংক্ৰমণৰ হাৰ নিশ্চয় লেহেমীয়া হৈছে, কিন্তু অসাৱধানতা বৃদ্ধি পালে ই প্ৰচণ্ড লহৰলৈও ৰূপান্তৰিত হ’ব পাৰে৷ পৃথিৱী বহুতো দেশৰ অভিজ্ঞতা আজি আমাৰ সন্মুখত আছে৷ সেয়েহে আমি সকলো নিয়ম-কানুন কঠোৰভাৱে পালন কৰি থাকিব লাগিব৷ সকলোকে টীকা-বিনামূলীয়া টীকা- এই অভিযানৰ সৈতেও আমি সকলো জড়িত হ’ব লাগিব৷ টীকা অৱশ্যেই গ্ৰহণ কৰক৷ বাবা বিশ্বনাথ আৰু মা গংগাৰ আশীৰ্বাদ আমাৰ সকলোৰে সৈতে থাকে যেন৷ এই কামনাৰে সৈতে আপোনালোক সকলোকে বহুত-বহুত ধন্যবাদ!

হৰ-হৰ মহাদেৱ!!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Safran’s Hyderabad engine MRO starts operations, targets 300 LEAP engines annually

Media Coverage

Safran’s Hyderabad engine MRO starts operations, targets 300 LEAP engines annually
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”