Share
 
Comments
PM launches Pradhan Mantri Gram Sadak Yojana (PMGSY) - III
“The next 25 years are very crucial for 130 crore Indians”
“Himachal today realizes the strength of the double-engine government which has doubled the pace of development in the state”
“A Maha Yagya of rapid development is going on in the hilly areas, in the inaccessible areas”
“Your (people’s) order is supreme for me. You are my high command”
“Such works of development take place only when the service spirit is strong”
“Only the double-engine government recognizes the power of spirituality and tourism”

ভাৰত মাতা কী-জয়

ভাৰত মাতা কী-জয়

“সিৱৰী মহাৰাজেৰী, ইস পৱিত্তৰ ধৰতী অপণে, ইক হাজাৰ সালৱে, পুৰাণে ৰিৱাজাঁ, তে বিৰাশতা জো দিখান্দা  চম্বা, মে অপ্পু জো, তুস্সা সবনিয়া-ৰে বিচ্ছ, আই কৰী, অজ্জ বড়া, খুশ হে বুজ্জেয় কৰদা”।

পোন প্ৰথমেতো মই চম্বাবাসীৰ ওচৰত ক্ষমা বিচাৰিছো, কিয়নো এইবাৰ মই ইয়ালৈ আহোতে বৰ দেৰি কৰিলো, ইয়াৰ মাজত বহুকেইটা বছৰ পাৰ হৈ গ’ল। কিন্তু মোৰ সৌভাগ্য যে আজি পুনৰবাৰ সকলোৰে মাজত উপস্থিত হৈ আপোনালোকক দৰ্শন কৰাৰ, আপোনালোকৰ আশীৰ্বাদ প্ৰাপ্ত কৰাৰ মই সুযোগ পাইছো।

দুদিন আগতে মই উজ্জয়িনীত ‘মহাকালৰ নগৰী’ত আছিলো আৰু আজি ‘মণিমহেশ’ৰ সান্নিধ্যলৈ আহিছো। আজি যেতিয়া এই ঐতিহাসিক স্থানলৈ আহিছো, তেতিয়াতো পুৰণি কথা মনত পৰাটো তেনেই স্বাভাৱিক। ইয়াৰ বন্ধুসকলৰ সৈতে কটোৱা মুহূৰ্তবোৰ আৰু ‘ৰাজমাহৰ মদৰা’, সঁচাকৈয়ে এক অদ্ভুত অনুভৱ আছিল সেয়া।

চম্বাই মোক অনেক চেনেহ দিছে, বহুত আশীৰ্বাদ দিছে। হয়তো সেয়ে কেইমাহমান আগতে অনুষ্ঠিত ইয়াৰ ‘মিঞ্জৰ মেলা’ৰ সময়ত ইয়াৰ এগৰাকী শিক্ষক-বন্ধুৱে চিঠি লিখি চম্বাৰ বহুত কথা মোক জনাইছিল। এই কথা মই ‘মন কী বাত’ত উল্লেখ কৰি দেশ-দেশান্তৰৰ শ্ৰোতাৰ সৈতে ‘শ্বেয়াৰ’ কৰিছিলো। সেয়ে আজি ইয়াৰ পৰা চম্বাসহ হিমাচল প্ৰদেশৰ দুৰ্গম গাঁওসমূহৰ বাবে পথ আৰু কৰ্ম-সংস্থাপন দিব পৰা বিজুলী প্ৰকল্প উপহাৰ দিয়াৰ মোৰ বাবে অত্যন্ত আনন্দৰ সুযোগ লাভ কৰিছো।

মই যেতিয়া ইয়াত আপোনালোকৰ মাজত আছিলো, তেতিয়া প্ৰায়ে কৈছিলো যে “পাহাৰৰ পানী আৰু পাহাৰৰ জৱানী কেতিয়াও পাহাৰৰ কামত নাহে” বুলি কোৱা কথাষাৰ নোহোৱা কৰিব লাগে। আজি আমি সেইষাৰ কথাকে সলাই পেলালো। এতিয়াৰে পৰা ইয়াৰ পানীও আপোনালোকৰ কামত আহিব আৰু, আৰু ‘জৱানী’ অৰ্থাত্ ন-জোৱানসকলে ইয়াৰ বিকাশ যাত্ৰাকো অন্তঃকৰণেৰে আগুৱাই নিয়াত অৰিহণা যোগাব। আপোনালোকৰ জীৱনক সহজ আৰু সৰল কৰি তুলিব লগা এই সকলোবোৰ প্ৰকল্পৰ বাবে আপোনালোক আটাইকে অভিনন্দন জনাইছো।

ভাই-ভনীসকল,

কেইদিনমান আগতে মাত্ৰ ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। এই সময়ত আমি আহি যিটো মোৰত উপস্থিত হৈছোহি, এইটো মোৰ উন্নয়ণৰ দৃষ্টিৰে অতিকে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কিয়নো ইয়াৰ পাৰ আমি এনে এটা জাঁপ মাৰিব লাগিব, যিটো জাঁপৰ কথা আগতে চাগৈ কোনেও কল্পনাও কৰিব পৰা নাছিল। ভাৰতৰ ‘স্বাধীনতাৰ অমৃতকাল’ ইতিমধ্যেই আৰম্ভ হৈছে, যিটো কালত আমি বিকশিত ভাৰতৰ সপোনটোক বাস্তৱায়িত কৰিব লাগিব। প্ৰতিগৰাকী হিন্দুস্তানীৰ সংকল্পকে এতিয়া সম্পূৰ্ণ কৰিব লাগিব। আগন্তুক কেইটামান মাহৰ পিচতে হিমাচল প্ৰদেশৰ গঠনৰো ৭৫টা বছৰ সম্পূৰ্ণ হ’ব। অৰ্থাত্ যেতিয়া দেশৰ স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ হবগৈ তেতিয়ালৈ হিমাচল প্ৰদেশেও ১০০ বছৰ পূৰ্ণ কৰিবগৈ। সেয়ে আগন্তুক ২৫টা বছৰৰ প্ৰতিটো দিনেই, প্ৰতিটো মুহূৰ্তই আমাৰ সকলোৰে বাবে, সকলো দেশবাসীৰ বাবে বিশেষভাবে গুৰুত্বপূৰ্ণ হ’ব।

বন্ধুসকল,

আজি আমি যেতিয়া পাৰ হৈ যোৱা দশকবোৰলৈ উভতি চাওঁ, তেতিয়া আমাৰ অনুভৱে কি কব বিচাৰে! আমি ইয়াত শান্তা জীক, ধুমল জীক নিজৰ জীৱন পাত কৰা দেখিছো। তেওঁলোকৰ মুখ্যমন্ত্ৰিত্বৰ কালৰ সেইবোৰ দিনবোৰত হিমাচলৰ বাবে প্ৰতিটো সৰু সৰু বস্তুৰ বাবে, হিমাচলৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলে, কৰ্যকৰ্তাসকলে দিল্লীলৈ গৈ গোঁহাৰি জনাবগৈলগীয়া হৈছিল, আন্দোলন কৰিবলগীয়া হৈছিল। কেতিয়াবা বিজুলীৰ অধিকাৰ বিচাৰি, কেতিয়াবা পানীৰ অধিকাৰ যদি কেতিয়াবা বিকাশৰ অধিকাৰ বিচাৰি। কেতিয়াবা সেয়া পাই, কেতিয়াবা অংশীদাৰিত্ব পায়। কিন্তু তেতিয়া দিল্লীত নিৰ্বাচন অনুষ্ঠিত নহৈছিল, হিমাচলৰ গোঁহাৰি, হিমাচলৰ ফাইল ইফালৰ পৰা সিফালকৈ ঘূৰি ফুৰিছিল। সেয়ে চম্বাৰ দৰে প্ৰাকৃতিক, সাংস্কৃতিক আৰু আস্থাৰে ইমান সমৃদ্ধ অঞ্চলৰ বিকাশ দৌৰত পিচ পৰি ৰবলগীয়া হৈছিল। ৭৫ ডছৰৰ পিচত মই এখন মহতাকাংক্ষী জিলাৰ ৰূপত ইয়াৰ ওপৰত বিশেষ ভাবে ধ্যান দিবলগীয়া হল, কিয়নো মই ইয়াৰ সামৰ্থ্যৰে খুবেই পৰিচিত আছিলো, বন্ধুসকল!

সা-সুবিধাৰ অভাৱত আপোনালোকৰ ইয়াত বসবাস কৰা সকলৰ জীৱন সমস্যাৰে ভৰা আছিল। এনে পৰিস্থিতিত বাহিৰৰ পৰা অহা পৰ্যটকসকলনো ইয়ালৈ আহে কেনেকৈ! আৰু আমাৰ ইয়াৰ চম্বাৰ গীত অলপ আগতে জয়ৰাম জীয়ে আওৰাইছিল-

জম্মু এ দী ৰাহে, চম্বা কিতনা অক্ দূৰ,

এইষাৰ বাণী সেই স্থিতিৰ বিষয়ে কবলৈ নিস্চয় পৰ্যাপ্ত হ’ব। অৰ্থাত্ ইয়ালৈ আহিবলৈ আগ্ৰহ কৰা লোকতো বহুতেই আছিল, পিচে ইয়ালৈ অহাটো ইমান সহজ নাছিল। আৰু যেতিয়া জয়ৰাম জীয়ে কেৰালাৰ ছোৱালী দিব্যাৰ কথা কৈছিল, দেৱিকাই কেনেকৈ আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সপোনটো এনেকৈয়ে বাস্তৱায়িত হয়। চম্বাৰ লোকগীত কেৰালাৰ ভূমিত, যিজনী ছোৱালীয়ে কাহানিও হিমাচল দেখাই নাই, কেতিয়াও যাৰ হিন্দী ভাষাৰে সম্পৰ্কই হোৱা নাছিল, সেই জনী ছোৱালীয়েই যেতিয়া মনোযোগ দি চম্বাৰ গীত গাই, তেতিয়া চম্বাৰ সামৰ্থ্যনো কিমান, দৰাচলতে আমি তাৰ প্ৰমাণ পাই যাওঁ বন্ধুসকল! আৰু মই চম্বাৰ প্ৰতি কৃতজ্ঞ, তেওঁলোকে দেৱিকাক ইমানকৈ প্ৰশংসা কৰিছে, ইমানকৈ বাঃ বাঃ দিছে যে সমগ্ৰ দেশেতে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ বাৰ্তা বিয়পি পৰিছে। এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ প্ৰতি চম্বাৰ ৰাইজৰ এই ভাৱনা দেখি ময়ো অভিভূত হৈছো।

বন্ধুসকল,

আজি হিমাচলৰ সৈতে ‘ডাবল ইঞ্জিন’ চৰকাৰৰ বল আছে। এই ডাবল ইঞ্জিনৰ বলে হিমাচলৰ বিকাশক ‘ডাবল’ বেগেৰে আগবঢ়াই নিছে। আগৰ চৰকাৰবোৰে সা-সুবিধাসমূহ সেইবোৰ ঠাইতহে দিছিল, য’ত কামবোৰ সহজতে হৈছিল। য’ত পৰিশ্ৰম কমকৈ কৰিলেও হৈছিল আৰু ৰাজনৈতিক লাভ বেছিকৈ পাইছিল। সেয়ে যিবোৰ দুৰ্গম অঞ্চল, জনজাতীয় অঞ্চল আছিল সেইবোৰ অঞ্চলে সা-সুবিধাবোৰ সকলোৰে শেষতহে পাইছিল। অথচ, সকলোতকৈ বেছি প্ৰয়োজনতো সেইবোৰ অঞ্চলৰহে আছিল। আৰু ইয়াৰ পৰিণতিত কি হৈছিল! পথেই হওক কিম্বা বিজুলী, পানীৰ দৰে সা-সুবিধাৰ বাবেও পাহাৰীয়া অঞ্চলৰ, জনজাতীয় অঞ্চলৰ নম্বৰ সকলোৰে শেষতহে আহিছিল। পিচে ডাবল ইঞ্জিন চৰকাৰৰ কাম, আমাৰ কাম কৰাৰ পদ্ধতিয়েই বেলেগ। আমাৰ প্ৰথমিকতা হৈছে জনতাৰ জীৱন সহজ কৰি তোলা। সেয়ে আমি জনজাতীয় অঞ্চল, পাহাৰীয়া অঞ্চলৰ প্ৰতি সকলোতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছো।

বন্ধুসকল,

আগতে পাহাৰীয়া অঞ্চলত গেছৰ সংযোগ নাম মাত্ৰ লোকৰ ঘৰতহে সম্ভৱ হৈছিল। আমাৰ ধুমল জী যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া ঘৰবোৰলৈ বিজুলীৰ চৌকা কেনেকৈ পঠোৱা যায় সেই লৈ ওৰে ৰাতি চিন্তা কৰি থাকিবলগীয়া হোৱাৰ কথা মোৰ মনত আছে। সেই সমস্যাৰ সমাধান আমি আহি কৰি দিছিলো বন্ধুসকল। ডাবল ইঞ্জিনৰ চৰকাৰে ইয়াক ঘৰে ঘৰে পোৱাৰ ব্যৱস্থা কৰিলে।

পানীৰ নল যাৰ ঘৰত আছিল, তেওঁলোকক ধনী বুলিয়েই গণ্য কৰা হৈছিল, ভবা হৈছিল তেওঁলোকৰ চাগৈ ৰাজনৈতিক হাত দীঘল, টকা-পইচাও বহু আছে চাগৈ, সেি কাৰমেহে তেওঁলোকৰ ঘৰ পৰ্যন্ত পানী উপলব্ধ হৈছে- সেয়াও কি যে সময় আছিল! কিন্তু আজি চাওকচোন, হৰ ঘৰ জল অভযানৰ মাধ্যমেৰে হিমাচলৰ সকলোতকৈ আগতে চম্বা, লাহৌল-স্পিতি আৰু কিন্নৌৰত এশ শতাংশ নল-সংযোগী পানীৰ দিহা কৰা হ’ল। এইবোৰ জিলাৰ সন্দৰ্ভত আগৰ চৰকাৰবোৰ কৈছিল যে এইবোৰ দুৰ্গম ঠাই, সেয়ে বিকাশ সম্ভৱ নহয়। এই য়ে পানীৰ যোগান সম্ভৱ কৰা হৈছে তাৰ বাবে ভগ্নীহঁতৰ সুবিধা হৈছে, কথাটো কিন্তু সিমনতে সীমিত নহয়। বৰঞ্চ বিশুদ্ধ খোৱাপানীৰ সুবাদত নৱজাতক শিশুৰ জীৱনো ৰক্ষা পৰিছে। সেইদৰে গৰ্ভৱতী বাই-ভনীহঁতেই হওক অথবা সৰু সৰু ল’ৰা-ছোৱালীয়েই হওক, এওঁলোকৰ টীকাকৰণ আগতে কিমান সমস্যাৰ বিষয় আছিল। কিন্তু আজি গাঁৱৰ স্বাস্থ্যকেন্দ্ৰতে সকলো প্ৰকাৰৰ প্ৰতিষেধক উপলব্ধ হয়। আশা আৰু অংগণৱাড়ীৰে জড়িত ভনীহঁতে ঘৰে ঘৰে গৈ সেৱা আগবঢ়াই আহিছে। গৰ্ভৱতী মাতৃসকলৰ বাবে মাতৃবন্দনা যোজনাৰ মাধ্যমেৰে হাজাৰৰো অধিক টকা আগবঢ়োৱা হৈছে। আজিকালি আয়ুষ্মান যোজনাৰ জৰিয়তে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা সেৱা প্ৰদানৰ দিহা কৰা হৈছে। এই যোজনাৰ পৰা উপকৃত হোৱা সকলৰ ভিতৰত ইমান দিনে যিসকলে হাস্পটাললৈ গৈয়েই পোৱা নাছিল, সেইসকলৰ সংখ্যাই অধিক। আৰু আমাৰ আই-ভনীসকলে তেওঁলোকৰ যিমানেই অসুখ নহওক কিয় পৰিয়ালৰ অসুবিধা হয় বুলি, ঘৰ কাকো তেওঁৰ অসুখৰ কথা জানিবলৈ নিদিয়াকৈয়ে ৰাখিব বিচাৰে। তেওঁলোকে ভাবে যদি লৰা-ছোৱালী বা পৰিয়ালৰ কোনোবাই গম পাই যায়, তেন্তে তেওঁলোকে ধাৰ-ঋণ কৰি হ’লেও তেওঁৰ চিকিত্সাৰ ব্যৱস্থা কৰিব বিচাৰিব। ফলত দাৰিদ্ৰ পীড়িত পৰিয়ালটোৰ সমস্যা বাঢ়িবহে। ততাকৈ তেওঁ ৰোগৰ বেদনাকে সহি থাকিব বিচাৰে। ঘৰৰ কাম-কাজত অসুবিধা নোহোৱাকৈ নিজৰ দায়িত্ব পালন কৰি যাব বিচাৰে। কিন্তু আপোনালোকৰ সেই বেদনা আপোনালোকৰ এইটো সন্তানে যদি নুবুজে, আন কোনে বুজিব! আৰু সেয়ে আয়ুষ্মান ভাৰত যোজনাৰ মাধ্যমেৰে পাঁচলাখ টকা পৰ্যন্ত পৰিয়ালসমূহক বিনামূলীয়া চিকিত্সাৰ সুবিধা প্ৰদান কৰা হৈছে ভাইসকল।

বন্ধুসকল,

পথ-ঘাটৰ অভাৱত এইটো অঞ্চলত পঢ়া-শুনাৰ দিশতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছিল। বহুদূৰ খোজ কাঢ়ি যাবলগীয়া হোৱাৰ বাবেইতো বহু বাই-ভনীয়ে বিদ্যালয়লৈ যোৱাটো বন্ধ কৰিবলগীয়া হৈছিল। এনেবোৰ দিশ চালি-জাৰি চায়েই আমি আজি গাঁৱৰ কাষতে যেনেকৈ দাতব্য চিকিত্সালয় নিৰ্মাণ কৰিছো, কল্যাণ কেন্দ্ৰ নিৰ্মাণ কৰিছো, ঠিক তেনেকৈ জিলাসমূহত চিকিত্সা মহাবিদ্যালয় খুলিছো, বন্ধুসকল।

আমি যেতিয়া টীকাকৰণ অভযান চলাই আছিলো তেতিয়া মোৰ অন্তৰত এটা কথাই খুন্দিয়াই আছিল হিমাচলত যাতে পৰ্যটনৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা নাহে। সেয়ে সকলোৰে আগতে হিমাচলত প্ৰতিষেধক প্ৰদানৰ কাম দ্ৰুত গতিৰে আগবঢ়োৱা উচিত হব। আন ৰাজ্য সমূহে পিচত কৰিলে যদিও হিমাচলে প্ৰতিষেধক প্ৰদানৰ কাম আগতে সম্পূৰ্ণ কৰিলে। আৰু মই জয়ৰাম জী আৰু তেওঁৰ চৰকাৰক ধন্যবাদ জনাইছো যে আপোনালোকৰ জীৱনৰ বাবে তেওঁলোকে দিন-ৰাতি একাকাৰ কৰি প্ৰশ্ৰম কৰিলে, ভাইসকল।

আজি ‘ডাবল-ইঞ্জিন’ চৰকাৰ প্ৰচেষ্টা এয়াও যে প্ৰতিখন গাঁৱকে পকী পথেৰে দ্ৰুতগতিত সংযোজিত কৰা হওক। আপোনালোকে ভাবকচোন ২০১৪ চনৰ আগৰ ৮টা বছৰত হিমাচলত ৭ হাজাৰ কিলোমিটাৰ গ্ৰামীণ পথ নিৰ্মাণ কৰা হৈছিল। আপোনালোকে ক’ব, মই ক’ম, মনত ৰাখিব। সাতহাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ, কিমান! সাত হাজাৰ আৰু সেই সময়ত খৰছৰ পৰিমাণ কিমান আছিল ১৮শ কোটি টকা। এতিয়া চাওক সাত হাজাৰ আৰু ইয়াত চাওক আমি ৮ বছৰত, এয়া মই স্বাধীনতাৰ পিচৰ কথা কৈছো সাতহাজাৰ আৰু আমি আঠটা বছৰত এই পৰ্যন্ত ১২ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰামীণ পথ নিৰ্মাণ কৰিছো। আৰু ৫ হাজাৰ কোটি টকা বিনিয়োগৰে আপোনালোকৰ জীৱন সলনি কৰাৰ বাবে অন্তঃকৰণৰে প্ৰয়াস অব্যাহত ৰাখিছো ভাইসকল। অৰ্থাত্, আগৰ তুলনাত প্ৰায় দুগুণৰো অধিক পথ নিৰ্মিত হৈছে, দুগুণৰো অদিক ধন হিমাচলৰ পথত বিনিয়োগ কৰা হৈছে।

হিমাচলৰ বহু শ গাঁও প্ৰথমবাৰৰ বাবে পথৰে সংযোজিত হৈছে। আজি যিখন আঁচনিৰ শুভাৰম্ভ হৈছে, ইয়াৰ মাধ্যেৰেও ৩ হাজাৰ কিলোমিটাৰ পথ গাঁওসমূহৰ বাবে নতুনকৈ নিৰ্মিত হ’ব। ইয়াৰ পৰা আটাইতকৈ অধিক লাভ হ’ব চম্বা আৰু আন জনজাতীয় গাঁওসমূহৰ। চম্বাৰ অনেক অঞ্চল ‘অটল টানেল’ৰ জৰিয়তেও লাভান্বিত হৈছে। ইয়াৰ জৰিয়তে এই অঞ্চল বছৰৰ কেউটা মাহ ধৰি দেশৰ অন্য প্ৰান্তৰ সৈতে সংযোজিত হৈ থাকিব পৰা হৈছে। এইদেৰই কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৰ্বতমালা যোজনাও আমাৰ বাজেটত ঘোষণা কৰা হৈছিল, আপোনালোকে চাগৈ দেখিছিল। ইয়াৰ মাধ্যমেৰেও চম্বাসহ, কাংৰা, বিলাসপুৰ, সিৰমৌৰ, কুল্লুৰ দৰে জিলাসমূহত ৰোপৱেৰ নেটৱৰ্ক গঢ়ি তোলা হৈছে। ইয়াৰ ফলত স্থানীয় লোকসকলৰ লগতে পৰ্যটক উভয়ে লাভ আদায় কৰিব পাৰিব, বহুত সুবিধা হ’ব।

ভাই-ভনীসকল,

বিগত আঠোটা বছৰত আপোনালোকে মোক যি সেৱা কৰাৰ সুযোগ দিলে, আপোনালোকৰ এজন সেৱকৰ ৰূপত হিমাচলক বহুবোৰ আঁচনি দিয়াৰ সৌভাগ্য মই লাভ কৰি মোৰ জীৱনত এক সন্তোষৰ অনুভূতি প্ৰাপ্ত কৰিছো। এতিয়া জয়ৰাম জী দিল্লীলৈ আহে, আগতে গৈছিল মানুহবোৰ নো কি গৈছিল, আবেদন লৈ গৈছিল, অলপমানতো কিবা-কিবি কৰক, অলপমানতো আমাকো দিয়ক, ভগবানে তোমাৰ কুশল কৰিব, সেয়া কেনে অৱস্থাৰ সৃষ্টি কৰিছিল দিল্লীৱালাই। কিন্তু আজি, আজি যদি হিমাচলৰ মুখ্যমন্ত্ৰী মোৰ কাষলৈ আহিছে, তেন্তে লগতে বহুত আনন্দৰ সৈতে কেতিয়াবা চম্বাৰ ৰূমাল লৈ আহিছে, কেতিয়াবা আকৌ চম্বা থালৰ উপহাৰ লৈ আহিছে। আৰু লগতে এই কথাৰো তথ্য দিয়েহি, বোলে মোদীজী মইতো শুভ-সংবাদ লৈ আহিছো, অমুকটো প্ৰকল্প আমি সম্পূৰ্ণ কৰিলো, অমুকটো প্ৰকল্পৰ কাম আমি আৰম্ভ কৰিলো।

এতিয়া হিমাচলবাসীয়ে অধিকাৰ বিচাৰি চকুপানী নোটোকে, এতিয়া দিল্লীত তেওঁলোকে তেওঁলোকৰ অধিকাৰ সাব্যস্তহে কৰে আৰু আমাক আদেশহে দিয়ে। আপোনালোকৰ আদেশক মই আশীৰ্বাদ বুলি গণ্য কৰো ভাই-ভনীসকল! সেয়ে, আপোনালোকক সেৱা কৰাৰ আনন্দৰ অনুভৱ তেনেই সুকীয়া, ইয়াৰ পৰা পোৱা উদ্দীপণা অন্য ধৰণৰ।

বন্ধুসকল

আজিকালি এবাৰতে হিমাচলে যিমানবোৰ উন্নয়ণী কাৰ্যৰ উপহাৰ লাভ কৰে, সিমান আগৰ চৰকাৰসমূহৰ দিনত কোনোবাই কল্পনাও কৰিব পৰা নাছিল। বিগত ৮টা বছৰত সমগ্ৰ দেশৰ পাহাৰীয়া অঞ্চলসমূহত, জনজাতীয় এলেকাসমূহত বিকাশৰ এক মহাযজ্ঞ চলিছে। ইয়াৰ সুফল হিমাচলৰ চম্বা বাৰুকৈয়ে লাভ কৰিছে, পাংগী-ভাৰমোৰে বাৰুকৈয়ে লাভ কৰিছে, লাভ কৰিছে বড়া ভংগাল, গিৰিপাৰ, কিন্নৌৰ আৰু লাহৌল স্পীতিৰ দৰে অঞ্চলসমূহে।

যোৱাটো বছৰততো চম্বাই বিকাশৰ ক্ষেত্ৰত সংস্কাৰ প্ৰসংগত দেশৰ ১০০ৰো অধিক ‘মহতাকাংক্ষী জিলা’ৰ দ্বিতীয় স্থান প্ৰাপ্ত কৰিছিল। মই চম্বা বিশেষ ভাবে অভিনন্দন জনাইছো, এইন জিলাই দেশৰ সন্মুখত ইমান ডাঙৰ কাম কৰি দেখুৱালে। কিছু দিন আগতে আমাৰ চৰকাৰে এটা অতিকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সিৰমৌৰৰ গিৰিপাৰ অঞ্চলৰ হাতী সম্প্ৰদায়ক জনজাতীয় স্বীকৃতি প্ৰদান কৰাৰ সিদ্ধান্তই এই কথাকে প্ৰতিপন্ন কৰে যে আমাৰ চৰকাৰ জনজাতীয় লোকৰ বিকাশৰ বাবে তেওঁলোকক কিমান প্ৰথমিকতা প্ৰদান কৰে।

বন্ধুসকল,

দীৰ্ঘ দিন ধৰি যিসকলে দিল্লী আৰু হিমাচলত চৰকাৰ চলাইছিল, তেওঁলোকে কিন্তু আমাৰ এই দুৰ্গম এলেকাসমূহক তেতিয়াহে মনত পেলাইছিল, যেতিয়া নিৰ্বাচন আহিছিল। কিন্ত ‘ডাবল-ইঞ্জিন’ চৰকাৰে দিনে ৰাতিয়ে ২৪ ঘণ্টাই, সপ্তাহৰ সাতোটা দিনতে আপোনালোকৰ সেৱাত নিজকে নিয়োজিত কৰি আহিছে। কৰোনাৰ সংকটৰ সময়ততো আপোনালোকৰ যাতে কোনো ধৰণৰ সমস্যা নহওক তাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।

এতিয়া গাঁৱৰ পৰিয়াল, দৰিদ্ৰ পৰিয়ালসমূহক বিনামূলীয়াকৈ ৰেচন প্ৰদান কৰি থকা হৈছে। পৃথিৱীৰ মানুহে যেতিয়া এই কথা শুনে তেতিয়াতো তেওঁলোক আশ্চৰ্যচকিত হৈ উঠে, কাৰণ ডেৰ-দুই বছৰ ধৰি ৮০কোটি লোকক ভাৰত চৰকাৰে কাৰো ঘৰত চৌকা নজ্বলাকৈ থাকিবলৈ দিয়া নাই, প্ৰতিটো ঘৰৰে চৌকা জ্বলাই ৰাখিছে, বিনামূলীয়াকৈ খাদ্যসামগ্ৰী উপলব্ধ কৰা হয় যাতে মোৰ কোনো দুখীয় পৰিয়ালে ভোকত শুবলগীয়া নহয়।

ভাই-ভনীসকল,

সকলোৱে যাতে সময়মতেই প্ৰতিষেধক লব পাৰে, ইয়াৰো দ্ৰুতগতিৰে ব্যৱস্থা কৰা হ’ল। হিমাচল প্ৰদেশক প্ৰথমিকতাও প্ৰদান কৰা হল। আৰু ইয়াৰ বাবে মই  অংগণবাড়ী, আশাৰ ভগ্নীসকলক, স্বাস্থ্য বিভাগৰ কৰ্মীসকলক অভিনন্দন জনাইছো। জয়ৰাম জীৰ নেতৃত্বত আপোনালোকে হিমাচলক কভিডৰ টীকাকৰণত, এই প্ৰসংগত দেশৰ ভিতৰতে আগত ৰাখিছিল।

বন্ধুসকল,

বিকাশৰ এনে কাম তেতিয়াহে হয় যেতিয়া সেৱাৰ ভাব স্বভাৱত পৰিণত হয়, যেতিয়া সেৱাৰ ভাব সংকল্প হৈ উঠে, যেতিয়া সেৱাৰ ভাব সাধানা হৈ উঠে তেতিয়াহে গৈ পেলাই সকলোবোৰ কাম সম্পন্ন হয়গৈ। পাহাৰ আৰু জনজাতীয় অঞ্চলসমূহত জীৱিকাৰ সংস্থাপন দৰাচলতেই এক ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে। সেয়ে ইয়াৰ যি শক্তি, সেই শক্তিক জনতাৰ শক্তি কৰি তোলাৰ প্ৰয়াস আমি কৰিছো। জনজাতীয় অঞ্চলসমূহত জল আৰু জংঘলৰ সম্পদ হৈছে অমূল্য। চম্বাতো দেশৰ সেইবোৰ অঞ্চলৰ অন্যতম যত জলবিদ্যুত প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভ হৈছিল। আজি যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে, ইয়াৰ জৰিয়তে বিদ্যুত্ উত্পাদনৰ ক্ষেত্ৰত চম্বাৰ, হিমাচলৰ অংশীদাৰিত্ব আৰু অধিক হ’ব। ইয়াত যি বিদ্যুত্ উত্পাদন হ’ব, তাৰ দ্বাৰা চম্বাই, হিমাচলে বহু কোটি টকাৰ আয় কৰিব পাৰিব। ইয়াৰ যুৱক-যুৱতীসকলে কৰ্ম সংস্থাপন লাভ কৰিব। যোৱাটো বছৰতো ৪টা বৃহত্ জল বিদ্যুত্ প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছিলো। কিছুদিন আগতে বিলাসপুৰত ইঞ্জিনীয়াৰিং মহাবিদ্যালয়ৰ শুভাৰম্ভ হৈছে তাৰ পৰাও হিমাচলৰ যুৱ-প্ৰজন্ম লাভান্বিত হ’ব।

বন্ধুসকল,

এই অঞ্চলৰ আৰু এটা শক্তি আছে, সেয়া হৈছে বাগৱানী, এয়া হৈছে কলা, এয়া হৈছে শিল্প। চম্বাৰ ফুল, ‘চম্বাৰ ছুখ’, ‘ৰাজমাহৰ মদৰা’, ‘চম্বা-চপ্পল’, ‘চম্বা থাল’ আৰু ‘পাংগীৰ ঠংগী’ এনে অনেক সামগ্ৰী, এই সকলোবোৰ হৈছে আমাৰ ঐতিহ্য। মই স্বেচ্ছাসেৱী সংস্থাসমূহৰ ভগ্নীহঁতকো প্ৰশংসা কৰিছো। কিয়নো তেওঁলোকে ‘ভোকেল ফৰ লোকেল’, অৰ্থাত এইসমূহ সামগ্ৰীৰ বিক্ৰী উত্সাহিত কৰাৰ বাবে চৰকাৰে কৰা প্ৰয়াসক সহযোগিতা আগবঢ়াই আহিছে। মই নিজেও প্ৰয়াস কৰি আহিছো যাতে বিদেশী অথিথিসকলক এনে সামগ্ৰী উপহাৰ হিচাপে দি হিমাচলৰ নাম সমগ্ৰ পৃথিৱীতে, যিমান পাৰি সিমানবোৰ দেশতে হিমাচলৰ সা-সামগ্ৰীৰ কদৰ বঢ়াব পাৰো। হিমাচলৰ বিষয়ে জনাব পাৰো।।

ভাই-ভনীসকল,

ডাবল ইঞ্জিন চৰকাৰ হৈছে আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য আৰু আস্থাক সন্মান প্ৰদৰ্শন কৰা চৰকাৰ। চম্বাৰ লগতে সমগ্ৰ হিমাচল আস্থা আৰু ঐতিহ্যৰ ধৰা, এয়াতো দেৱভূমি। এফালে যত ‘মণিমহেশ ধাম’ আছে, সেইদৰেই ‘চৌৰাশী মন্দিৰ’ও আছে ভাৰমৌৰত। ‘মণিমহেশ যাত্ৰা’ই হওক কিম্বা চিমলা, কিন্নৌৰ, কুল্লু হৈ যোৱা ‘শ্ৰীখণ্ড মহাদেৱৰ যাত্ৰা’ই হওক, পৃথিৱীৰ মহাদেৱ-ভক্তৰ বাবে এয়া অতিকে মহত্বপূৰ্ণ।  অলপতে জয়ৰাম জীয়ে কৈছিল, এই দশেৰাৰ দিনা মই কুল্লুত ‘আন্তঃৰাষ্ট্ৰীয় দশেৰা উত্সৱ’ত অংশগ্ৰহণ কৰাৰ মই সুযোগ পাইছিলো। কেইদিনমান আগতে দশেৰাৰ মেলাত আছিলো আৰু আজি ‘মিঞ্জৰ মেলা’ৰ ধৰালৈ অহাৰ সৌভাগ্য লাভ কৰিলো।

এফালে যদি ঐতিহ্যৰ সম্ভাৰ, আনফালে আকৌ দেলহৌজী, খজিয়াৰৰ দৰে দৰ্শনীয় পৰ্যটন স্থলী আছে। এই সকলোবোৰ বিকশিত হিমাচলৰ শক্তি হিচাপে পৰিগণিত হ’বলৈ আগবাঢ়িছে। এই শক্তিক কেৱল আৰু কেৱল ‘ডাবল ইঞ্জিন’ৰ চৰকাৰেহে চিনি পাইছে। সেয়ে এইবাৰ হিমাচলে মন বান্ধি লৈছে। হিমাচলে এইবাৰ পুৰণি পৰম্পৰাৰ পৰিৱৰ্তন কৰিব, হিমাচলে এইবাৰ নতুন পৰম্পৰাৰ সূচনা কৰিব।

বন্ধুসকল,

মই যেতিয়া সভাস্থলীত উপস্থিত হৈছিলোহি, মই সকলোবোৰ দেখিছিলো। মই জানো হিমাচলত ইমান, প্ৰতিটো গলি প্ৰতিটো চুবুৰীকে মই জানো। কিমানবোৰ ৰাজ্যত কিমান সমাৱেশত ভাগ ল’লো, তথাপি হিমাচলত ইমান ডাঙৰ সমাৱেশ দেখি চকুলৈ পানী আহি গৈছিল। মই মুখ্যমন্ত্ৰী জীক সুধিছিলো সমগ্ৰ ৰাজ্যখনৰে সমাৱেশনেকি এয়া, প্ৰথম দেখিয়েই।

বন্ধুসকল,

এয়া কেৱল সমাৱেশ নহয়, এয়া হিমাচলৰ উজ্জ্বল ভৱিষ্যতৰ সংকল্পকহে মই দেখিবলৈ পাইছো। মই আজি ইয়াত এক সমাৱেশ নহয়, হিমাচলৰ উজ্জ্বল ভৱিষ্যতৰ সামৰ্থ্য দেখিবলৈ পাইছো আৰু মই হৈছো আপোনালোকৰ এই সামৰ্থ্যৰ পূজাৰী। মই আপোনালোকৰ এই সংকল্পৰ পিচত থকা দেৱালৰ দৰেই থিয় দি ৰ’ম, এই বিশ্বাসকে মই প্ৰদান কৰিবলৈ আহিছো বন্ধুসকল। শক্তি হৈ লগত থাকিম, এই ভৰসাকে দিবলৈ আহিছো। ইমান বিশাল কাৰ্যক্ৰম কৰাৰ বাবে আৰু সুন্দৰকৈ কৰাৰ বাবে, তাকো এই উত্সৱৰ বতৰত। এনে বতৰত আমাৰ মাতা-ভগ্নীসকল ওলাই অহাটো খুবেই টান কথা, তথাপি তেওঁলোক আহিছে আমৰ সকলোকে আশীৰ্বাদ দিবলৈ, ইয়াতকৈ ডাঙৰ সৌভাগ্য আৰু কি হ’ব পাৰে!

মই পুনৰ বাৰ সকলোকে বিকাশ-প্ৰকল্পৰ বাবে আৰু ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ বাবে আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰি বক্তব্যৰ সামৰণি মাৰিলো।

দুয়োহাত ওপৰলৈ তুলি সকলোৱে সমস্বৰে কওকচোন-

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বহুত বহুত ধন্যবাদ!

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
India's textile industry poised for a quantum leap as Prime Minister announces PM MITRA scheme

Media Coverage

India's textile industry poised for a quantum leap as Prime Minister announces PM MITRA scheme
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India is rapidly moving towards the next step of the digital revolution: PM Modi
March 22, 2023
Share
 
Comments
Unveils Bharat 6G Vision Document and launches 6G R&D Test Bed
Launches ‘Call before u Dig’ App
India is a role model for countries looking for digital transformation to grow their economies: ITU Secy Gen
“India has two key strengths - trust and scale. We can not take technology to all corners without trust and scale”
“Telecom technology for India is not a mode of power, but a mission to empower”
“India is rapidly moving towards the next step of the digital revolution”
“The vision document presented today will become a major basis for the 6G rollout in the next few years”
“India is working with many countries to change the work culture of the whole world with the power of 5G”
“World Telecommunications Standardization Assembly of ITU will be held in October next year in Delhi”
“This decade is India's tech-ade”

केंद्रीय मंत्रिमंडल के मेरे सहयोगी डॉक्टर एस जयशंकर जी, श्री अश्विनी वैष्णव जी, श्री देवुसिंह चौहान जी, ITU की सेक्रेटरी जनरल, अन्य महानुभाव, देवियों और सज्जनों !

आज का दिन बहुत विशेष है, बहुत पवित्र है। आज से ‘हिन्दू कैलेंडर’ का नया वर्ष शुरू हुआ है। मैं आप सभी को और सभी देशवासियों को विक्रम संवत 2080 की बहुत-बहुत शुभकामनाएं देता हूं। हमारे इतने विशाल देश में, विविधता से भरे देश में सदियों से अलग-अलग कैलेंडर्स प्रचलित हैं। कोल्लम काल का मलयालम कैलेंडर है, तमिल कैलेंडर है, जो सैकड़ों वर्षों से भारत को तिथिज्ञान देते आ रहे हैं। विक्रम संवत भी 2080 वर्ष पहले से चल रहा है। ग्रेगोरियन कैलेंडर में अभी वर्ष 2023 चल रहा है, लेकिन विक्रम संवत उससे भी 57 वर्ष पहले का है। मुझे खुशी है कि नव वर्ष के पहले दिन टेलिकॉम, ICT और इससे जुड़े इनोवेशन को लेकर एक बहुत बड़ी शुरुआत भारत में हो रही है। आज यहां International Tele-communication Union (ITU) के एरिया ऑफिस और सिर्फ एरिया ऑफिस नहीं, एरिया ऑफिस और इनोवेशन सेंटर की स्थापना हुई है। इसके साथ-साथ आज 6G Test-Bed को भी लॉन्च किया गया है। इस टेक्नोलॉजी से जुड़े हमारे विजन डॉक्यूमेंट को unveil किया गया है। ये डिजिटल इंडिया को नई ऊर्जा देने के साथ ही साउथ एशिया के लिए, ग्लोबल साउथ के लिए, नए समाधान, नए इनोवेशन लेकर आएगा। खासकर हमारे एकेडिमिया, हमारे इनोवेटर्स-स्टार्ट अप्स, हमारी इंडस्ट्री के लिए इससे अनेक नए अवसर बनेंगे।

Friends,

आज जब भारत, जी-20 की प्रेसीडेंसी कर रहा है, तो उसकी प्राथमिकताओं में Regional Divide को कम करना भी है। कुछ सप्ताह पहले ही भारत ने Global South Summit का आयोजन किया है। Global South की Unique जरूरतों को देखते हुए, Technology, Design और Standards की भूमिका बहुत अहम है। Global South, अब Technological Divide को भी तेजी से Bridge करने में जुटा है। ITU का ये एरिया ऑफिस एवं इनोवेशन सेंटर, इस दिशा में एक बहुत बड़ा कदम है। मैं ग्लोबल साउथ में यूनिवर्सल कनेक्टिविटी के निर्माण को लेकर भारत के प्रयासों को भी ये अत्यंत गति दायक और गति देने वाला होगा। इससे साउथ एशियाई देशों में ICT सेक्टर में cooperation और collaboration भी मजबूत होगा और इस अवसर पर विदेश के भी बहुत-बहुत मेहमान आज हमारे यहां मौजूद हैं। मैं आप सबको बहुत-बहुत बधाई देता हूं, बहुत-बहुत शुभकामनाएं देता हूं।

साथियों,

जब हम टेक्नॉलॉजिकल डिवाइड को ब्रिज करने की बात करते हैं तो भारत से अपेक्षा करना भी बहुत स्वाभाविक है। भारत का सामर्थ्य, भारत का इनोवेशन कल्चर, भारत का इंफ्रास्ट्रक्चर, भारत का स्किल्ड और इनोवेटिव मैनपावर, भारत का Favorable policy environment, ये सारी बातें इस अपेक्षा का आधार हैं। इनके साथ ही भारत के पास जो दो प्रमुख शक्तियां हैं, वो हैं Trust और दूसरा है Scale. बिना Trust और Scale, हम टेक्नॉलॉजी को कोने-कोने तक नहीं पहुंचा सकते हैं और मैं तो कहूंगा कि Trust की ये टेक्नॉलॉजी जो वर्तमान की है, उसमें Trust एक पूर्व शर्त है। इस दिशा में भारत के प्रयासों की चर्चा आज पूरी दुनिया कर रही है। आज भारत, 100 करोड़ मोबाइल फोन के साथ Most connected democracy of the world है। सस्ते स्मार्टफोन और सस्ते इंटरनेट डेटा ने भारत के डिजिटल वर्ल्ड का कायाकल्प कर दिया है। आज भारत में हर महीने 800 करोड़ से अधिक UPI आधारित डिजिटल पेमेंट्स होते हैं। आज भारत में हर दिन 7 करोड़ e-authentications होते हैं। भारत के कोविन प्लेटफार्म के माध्यम से देश में 220 करोड़ से अधिक वैक्सीन डोज लगी है। बीते वर्षों में भारत ने 28 लाख करोड़ रुपए से अधिक, सीधे अपने Citizens के बैंक खातों में भेजे हैं, Direct Benefit Transfer। जनधन योजना के माध्यम से हमने अमेरिका की कुल आबादी से भी ज्यादा लोगों के बैंक खाते खोले हैं। और उसके बाद यूनिक डिजिटल आइडेंटिटी यानि आधार के द्वारा उन्हें authenticate किया, और फिर 100 करोड़ से ज्यादा लोगों को मोबाइल के द्वारा कनेक्ट किया। जनधन – आधार – मोबाइल- JAM, JAM ट्रिनिटी की ये ताकत विश्व के लिए एक अध्ययन का विषय है।

साथियों,

भारत के लिए टेलीकॉम टेक्नोलॉजी, mode of power नहीं है। भारत में टेक्नोलॉजी सिर्फ mode of power नहीं है बल्कि mission to empower है। आज डिजिटल टेक्नॉलॉजी भारत में यूनिवर्सल है, सबकी पहुंच में है। पिछले कुछ वर्षों में भारत में बड़े स्केल पर digital inclusion हुआ है। अगर हम ब्रॉडबैंड कनेक्टिविटी की बात करें तो 2014 से पहले भारत में 6 करोड़ यूजर्स थे। आज ब्रॉडबैंड यूजर्स की संख्या 80 करोड़ से ज्यादा है। 2014 से पहले भारत में इंटरनेट कनेक्शन की संख्या 25 करोड़ थी। आज ये 85 करोड़ से भी ज्यादा है।

साथियों,

अब भारत के गांवों में इंटरनेट यूजर्स की संख्या शहरों में रहने वाले इंटरनेट यूजर्स से भी अधिक हो गई है। ये इस बात का प्रमाण है कि डिजिटल पावर कैसे देश के कोने-कोने में पहुंच रही है। पिछले 9 वर्षों में, भारत में सरकार और प्राइवेट सेक्टर ने मिलकर 25 लाख किलोमीटर ऑप्टिकल फाइबर बिछाया है। 25 लाख किलोमीटर ऑप्टिकल फाइबर, इन वर्षों में ही लगभग 2 लाख ग्राम पंचायतों तक ऑप्टिकल फाइबर से जोड़ा गया है। देशभर के गांवों में आज 5 लाख से अधिक कॉमन सर्विस सेंटर, डिजिटल सर्विस दे रहे हैं। इसी बात का प्रभाव है और ये सबका प्रभाव है कि आज हमारी डिजिटल इकोनॉमी, देश की ओवरऑल इकोनॉमी से भी लगभग ढाई गुना तेजी से आगे बढ़ रही है।

साथियों,

डिजिटल इंडिया से नॉन डिजिटल सेक्टर्स को भी बल मिल रहा है और इसका उदाहरण है हमारा पीएम गतिशक्ति नेशनल मास्टर प्लान। देश में बन रहे हर प्रकार के इंफ्रास्ट्रक्चर से जुड़े डेटा लेयर्स को एक प्लेटफार्म पर लाया जा रहा है। लक्ष्य यही है कि इंफ्रास्ट्रक्चर के विकास से जुड़े हर रिसोर्स की जानकारी एक जगह हो, हर स्टेकहोल्डर के पास रियल टाइम इंफॉर्मेशन हो। आज यहां जिस ‘Call Before you Dig’ इस ऐप की लॉन्चिंग हुई है और वो भी इसी भावना का विस्तार है और ‘Call Before you Dig’ का मतलब ये नहीं कि इसको political field में उपयोग करना है। आप भी जानते हैं कि अलग-अलग प्रोजेक्टस के लिए जो Digging का काम होता है, उससे अक्सर टेलीकॉम नेटवर्क को भी नुकसान उठाना पड़ता है। इस नए ऐप से खुदाई करने वाली एजेंसियों और जिनका अंडरग्राउंड असेट है, उन विभागों के बीच तालमेल बढ़ेगा। इससे नुकसान भी कम होगा और लोगों को होने वाली परेशानियां भी कम होंगी।

साथियों,

आज का भारत, डिजिटल रिवॉल्यूशन के अगले कदम की तरफ तेजी से आगे बढ़ रहा है। आज भारत, दुनिया में सबसे तेजी से 5G रोलआउट करने वाला देश है। सिर्फ 120 दिन में, 120 दिनों में ही 125 से अधिक शहरों में 5G रोल आउट हो चुका है। देश के लगभग साढ़े 300 जिलों में आज 5G सर्विस पहुंच गई है। इतना ही नहीं, 5G रोलआउट के 6 महीने बाद ही आज हम 6G की बात कर रहे हैं और ये भारत का कॉन्फिडेंस दिखाता है। आज हमने अपना विजन डॉक्यूमेंट भी सामने रखा है। ये अगले कुछ वर्षों में 6G रोलआउट करने का बड़ा आधार बनेगा।

साथियों,

भारत में विकसित और भारत में सफल टेलीकॉम टेक्नोलॉजी आज विश्व के अनेक देशों का ध्यान अपनी तरफ खींच रही है। 4G और उससे पहले, भारत टेलीकॉम टेक्नोलॉजी का सिर्फ एक यूज़र था, consumer था। लेकिन अब भारत दुनिया में telecom technology का बड़ा exporter होने की दिशा में आगे बढ़ रहा है। 5G की जो शक्ति है, उसकी मदद से पूरी दुनिया का Work-Culture बदलने के लिए, भारत कई देशों के साथ मिलकर के काम कर रहा है। आने वाले समय में भारत, 100 नई 5G labs की स्थापना करने जा रहा है। इससे 5G से जुड़ी opportunities, business models और employment potential को जमीन पर उतारने में बहुत मदद मिलेगी। ये 100 नई लैब्स, भारत की unique needs के हिसाब से 5G applications डेवलप करने में मदद करेंगी। चाहे 5जी स्मार्ट क्लासरूम हों, फार्मिंग हो, intelligent transport systems हों या फिर healthcare applications, भारत हर दिशा में तेजी से काम कर रहा है। भारत के 5Gi standards, Global 5G systems का हिस्सा हैं। हम ITU के साथ भी future technologies के standardization के लिए मिलकर के काम करेंगे। यहां जो Indian ITU Area office खुल रहा है, वो हमें 6G के लिए सही environment बनाने में भी मदद करेगा। मुझे आज ये घोषणा करते हुए भी खुशी हो रही है कि ITU की World Tele-communications Standardization Assembly, अगले वर्ष अक्टूबर में दिल्ली में ही आयोजित की जाएगी। इसमें भी विश्व भर के प्रतिनिधि भारत आएंगे। मैं अभी से इस इवेंट के लिए आप सबको शुभकामनाएं तो देता हूं। लेकिन मैं इस क्षेत्र के विद्वानों को चुनौती भी देता हूं कि हम अक्टूबर के पहले ऐसा कुछ करें जो दुनिया के गरीब से गरीब देशों को अधिक से अधिक काम आए।

साथियों,

भारत के विकास की इसी रफ्तार को देखकर कहा जाता है ये decade, भारत का tech-ade है। भारत का टेलीकॉम और डिजिटल मॉडल smooth है, secure है, transparent है और trusted and tested है। साउथ एशिया के सभी मित्र देश इसका लाभ उठा सकते हैं। मेरा विश्वास है, ITU का ये सेंटर इसमें एक अहम भूमिका निभाएगा। मैं फिर एक बार इस महत्वपूर्ण अवसर पर विश्व के अनेक देशों के महानुभाव यहां आए हैं, उनका स्वागत भी करता हूं और आप सबको भी अनेक-अनेक शुभकामनाएं देता हूं।

बहुत-बहुत धन्यवाद!