“যেতিয়া শিক্ষণৰ লগত জড়িত থাকে, তেতিয়া বিজয় নিশ্চিত হয়”
“দেশৰ নিৰাপত্তাৰ কথা আহিলেই সদায় বাকীসকলতকৈ আগৰণুৱা ৰাজস্থানৰ যুৱক-যুৱতীসকল”
“জয়পুৰ মহাখেলৰ সফল আয়োজন ভাৰতৰ প্ৰচেষ্টাৰ দিশত পৰৱৰ্তী গুৰুত্বপূৰ্ণ যোগসূত্ৰ”
“দেশখনে নতুন সংজ্ঞাৰে অমৃত কালত এক নতুন শৃংখলা সৃষ্টি কৰিছে”
“২০১৪ চনৰ পৰা দেশৰ ক্ৰীড়া বাজেট প্ৰায় তিনিগুণ বৃদ্ধি পাইছে”
“দেশত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে, খেল মহাকুম্ভৰ দৰে ডাঙৰ ডাঙৰ অনুষ্ঠানো পেছাদাৰীভাৱে আয়োজন কৰা হৈছে”
“কোনো যুৱক-যুৱতী টকাৰ যাতে অভাৱত পিছ পৰি নৰয়, সেই দিশত আমাৰ চৰকাৰ মনোযোগ দিছে”
“আপুনি ফিট থাকিলেহে, আপুনি ছুপাৰহিট হ’ব”
“ৰাজস্থানৰ শ্ৰী আন্না-বাজৰা আৰু শ্ৰী আন্না-জ্বৰ এই ঠাইৰ পৰিচয়”
“বহু প্ৰতিভাশালী আৰু বহুমাত্ৰিক সামৰ্থ্যৰ বাবে আজিৰ যুৱক-যুৱতীসকলে কেৱল এটা ক্ষেত্ৰতে আবদ্ধ হৈ থাকিব নিবিচাৰে”
“ক্ৰীড়া কেৱল এটা ধাৰা নহয়, ই এটা উদ্যোগ”
“যেতিয়া সম্পূৰ্ণ হৃদয়েৰে প্ৰচেষ্টা কৰা হয়, তেতিয়া ফলাফল নিশ্চিত হয়”
“আপোনালোকৰ মাজৰই পৰা দেশৰ বাবে পৰৱৰ্তী স্বৰ্ণ-ৰূপৰ পদক বিজয়ীসকল ওলাই আহিব”

জয়পুৰ গ্ৰামীণৰ সাংসদ তথা আমাৰ সহযোগী ভাতৃ ৰাজ্যবৰ্ধন সিংহ ৰাঠোড়, সকলো খেলুৱৈ, প্ৰশিক্ষক গণ আৰু যুৱ বন্ধুসকল!

সৰ্বপ্ৰথমে জয়পুৰ মহাখেলত মেডেল জয় কৰা, এই প্ৰতিযোগিতাত ভাগ লোৱা প্ৰত্যেক খেলুৱৈ, প্ৰশিক্ষক আৰু তেওঁলোকৰ পৰিয়ালক বহুত-বহুত অভিনন্দন। আপোনালোক সকলোৱে জয়পুৰৰ খেলপথাৰত কেৱল খেলিবলৈ নমা নাই। আপোনালোকে জিকিবলৈও নামিল, আৰু শিকিবলৈও নামিল। আৰু য'ত শিকা হয়, তাত জয় নিজেনিজেই সুনিশ্চিত হৈ যায়। খেলপথাৰৰ পৰা কেতিয়াও কোনো খেলুৱৈ শুদা হাতে ঘূৰি নাযায়।

বন্ধুসকল,

এতিয়া আমি সকলোৱে কাবাডী খেলুৱৈৰ চমকপ্ৰদ খেলো দেখিলো। মই দেখি আছো, আজিৰ এই সমাপন সমাৰোহত কোনো এনেকুৱা চেহেৰা আছে যি খেলত আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ নাম উজ্জ্বল কৰিছে। এছিয়ান গেমছৰ মেডেলিষ্ট ৰাম সিংহক দেখি আছো, ধ্যানচন্দ খেল ৰত্নৰে সন্মানিত পেৰা এথলীট ভাই দেৱেন্দ্ৰ ঝাঁঝড়িয়াক দেখি আছো, অৰ্জুন এৱাৰ্ডী সাক্ষী কুমাৰী আৰু অন্য ছিনিয়ৰ খেলুৱৈও আছে। ইয়ালৈ অহা খেল জগতৰ এই তাৰকাসকলক জয়পুৰ গ্ৰামীণৰ খেলুৱৈৰ উৎসাহ বৰ্ধন কৰা দেখি মই বৰ সন্তুষ্ট হৈছো।

বন্ধুসকল,

আজি দেশত খেল প্ৰতিদ্বন্দ্বিতা আৰু খেল মহাকুম্ভৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেয়া এক ডাঙৰ পৰিৱৰ্তনৰ প্ৰতিবিম্ব। ৰাজস্থানৰ মাটি তো নিজৰ যুৱক-যুৱতীৰ উদ্যম আৰু সামৰ্থ্যৰ বাবে জনাজাত। ইতিহাস সাক্ষী আছে, এই বীৰ ধৰাৰ সন্তানে ৰণভূমিকো নিজৰ শৌৰ্যৰে খেলপথাৰত পৰিণত কৰে। সেয়ে, অতীতৰ পৰা আজিলৈকে, যেতিয়াই দেশৰ ৰক্ষাৰ কথা আহে তেতিয়া ৰাজস্থানৰ যুৱক-যুৱতী কেতিয়াও কাৰো পাছত নাথাকে। ইয়াৰ যুৱক-যুৱতীৰ এই শাৰীৰিক আৰু মানসিক সামৰ্থ্য বিকশিত কৰাত ৰাজস্থানী খেল পৰম্পৰাৰ ডাঙৰ অৰিহণা আছে। শ শ বছৰৰ পৰা মকৰ সংক্ৰান্তিত আয়োজন হোৱা খেল 'দড়া', 'দড়া'ই হওক, বা শৈশৱৰ স্মৃতিৰে জড়িত তোলিয়া, ৰুমাল ঝপট্টাৰ দৰে পৰম্পৰাগত খেল হওক, এইবোৰ ৰাজস্থানৰ শিৰাই শিৰাই সোমাই আছে। সেয়ে, এই ৰাজ্যখনে দেশক কিমান যে খেল প্ৰতিভা দিছে, কিমান যে মেডেল দি ত্ৰিৰংগৰ সৌন্দৰ্য বঢ়াইছে, আৰু আপোনালোক জয়পুৰবাসীয়ে তো নিজৰ সাংসদো অলিম্পিক পদক বিজেতা নিৰ্বাচিত কৰিছে। মই আনন্দিত যে ৰাজ্যবৰ্ধন সিংহ ৰাঠোড় জী তেওঁক দেশে যি দিছে, তেওঁ সেয়া 'সাংসদ খেল প্ৰতিদ্বন্দ্বিতা'ৰ জৰিয়তে নতুন প্ৰজন্মক উভতাই দিয়াৰ কাম কৰি আছে। আমি এই প্ৰয়াসক আৰু বিস্তৃত কৰিব লাগিব, যাতে ইয়াৰ প্ৰভাৱ আৰু ব্যাপক হয়। 'জয়পুৰ মহাখেল'ৰ সফল আয়োজন আমাৰ এনে প্ৰয়াসৰে পদক্ষেপ। এই বছৰ ৬০০ৰো অধিক টীমৰ, চাৰে ৬ হাজাৰ যুৱক-যুৱতীৰ ইয়াত ভাগ লোৱা, ইয়াৰ সফলতাৰ প্ৰতিবিম্ব। মোক কোৱা হৈছে যে এই আয়োজনত কন্যাসকলৰো দেৰশৰো অধিক টীমে ভাগ লৈছে। কন্যাসকলৰ এই বৰ্ধিত অংশগ্ৰহণে এক আনন্দদায়ক বাৰ্তা দিছে।

বন্ধুসকল,

স্বাধীনতাৰ এই অমৃত কালত, দেশে নতুন নতুন পৰিভাষা গঢ়ি আছে, নতুন ব্যৱস্থাৰ নিৰ্মাণ কৰি আছে। দেশত আজি প্ৰথমবাৰ খেলকো চৰকাৰী চশমাৰে নহয়, বৰং খেলুৱৈৰ দৃষ্টিৰে চোৱা হৈছে। মই জানো, যুৱ ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে অসম্ভৱ একো নাই। যুৱক-যুৱতীয়ে যেতিয়াই সামৰ্থ্য, স্বাভিমান, স্বাৱলম্বন, সুবিধা আৰু সম্পদৰ শক্তি লাভ কৰে, তেতিয়াই প্ৰতিটো লক্ষ্য সহজ হৈ পৰে। দেশৰ এই পদক্ষেপৰ ৰেঙনি এইবাৰৰ বাজেটতো দেখা গৈছে। এইবাৰ দেশৰ বাজেটত খেল বিভাগে প্ৰায় ২৫০০ কোটি টকাৰ বাজেট পাইছে। ইয়াৰ বিপৰীতে ২০১৪ৰ আগতে খেল বিভাগৰ বাজেট আঠশ, চাৰে আঠশ কোটি টকাৰ আশেপাশে ৰৈ গৈছিল। অৰ্থাৎ ২০১৪ৰ তুলনাত দেশৰ খেল বিভাগৰ বাজেটত প্ৰায় তিনিগুণ বৃদ্ধি হৈছে। এইবাৰ, অকল 'খেলো ইণ্ডিয়া' অভিযানৰ বাবে ১ হাজাৰ কোটি টকাৰ বেছি বাজেট দিয়া হৈছে। এই ধন খেলৰ সৈতে জড়িত প্ৰতিটো ক্ষেত্ৰত সম্পদ আৰু সুবিধাৰ নিৰ্মাণ কৰাৰ দিশত কামত আহিব।

বন্ধুসকল,

আগতে দেশৰ যুৱক-যুৱতীৰ মাজত খেলৰ উৎসাহ আছিল, প্ৰতিভাও আছিল, কিন্তু প্ৰায়ে সম্পদ আৰু চৰকাৰী সহযোগৰ অভাৱে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল। এতিয়া আমাৰ খেলুৱৈৰ এই প্ৰত্যাহ্বানৰো সমাধান কৰি থকা হৈছে। মই আপোনালোকক এই জয়পুৰ মহাখেলৰে উদাহৰণ দিম। জয়পুৰত এই আয়োজন যোৱা ৫-৬ বছৰৰ পৰা চলি আছে। এনেকৈয়ে দেশৰ কোণে কোণে ভাৰতীয় জনতা পাৰ্টীৰ সাংসদে নিজৰ নিজৰ ক্ষেত্ৰত খেল মহাকুম্ভৰ আয়োজন কৰাই আছে। এই শ শ খেল মহাকুম্ভত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে, হাজাৰ হাজাৰ প্ৰতিভাৱান খেলুৱৈয়ে বেলেগ বেলেগ খেলত ভাগ লৈ আছে। সাংসদ খেল মহাকুম্ভৰ ফলত দেশৰ হাজাৰ হাজাৰ নতুন প্ৰতিভা ওলাই আহিছে। 

বন্ধুসকল,

এই সকলো এই বাবেই সম্ভৱ হৈছে কিয়নো কেন্দ্ৰ চৰকাৰে এতিয়া জিলা স্তৰত আৰু স্থানীয় স্তৰলৈকে ক্ৰীড়া ব্যৱস্থাপনা বনাই আছে। এতিয়ালৈকে দেশৰ শ শ জিলাত লাখ লাখ যুৱক-যুৱতীৰ বাবে ক্ৰীড়া আন্তঃগাঁথনি তৈয়াৰ কৰা হৈছে। ৰাজস্থানতো কেন্দ্ৰ চৰকাৰৰ দ্বাৰা অনেক চহৰত ক্ৰীড়া আন্তঃগাঁথনিৰ নিৰ্মাণ হৈ আছে। আজি দেশত ক্ৰীড়া বিশ্ববিদ্যালয়ো হৈ আছে, আৰু খেল মহাকুম্ভৰ দৰে ডাঙৰ আয়োজনো প্ৰফেচনেল ৰূপত হৈ আছে।

এইবাৰ নেচনেল স্পৰ্টছ ইউনিভাৰছিটিকো অধিকতম বাজেট প্ৰদান কৰা হৈছে। আমাৰ প্ৰয়াস আছে যে স্পৰ্টছ মেনেজমেণ্ট আৰু স্পৰ্টছ টেকনলজিৰে জড়িত প্ৰতিটো বিদ্যা শিকাৰ পৰিৱেশ হওক। যাৰ ফলত যুৱক-যুৱতীয়ে এইখন ক্ষেত্ৰত কেৰিয়াৰ গঢ়াৰ সুযোগ পাব।

বন্ধুসকল,

ধনৰ নাটনিৰ বাবে কোনো যুৱক-যুৱতী পিছপৰি নাথাকক, ইয়াৰ ওপৰতো আমাৰ চৰকাৰৰ মনোযোগ আছে। উন্নত প্ৰদৰ্শন কৰা খেলুৱৈক কেন্দ্ৰীয় চৰকাৰে এতিয়া বছৰি ৫ লাখ টকালৈকে সহায় কৰে। প্ৰধান খেল পুৰস্কাৰত দিয়া ধনো তিনিগুণলৈকে বঢ়াই দিয়া হৈছে। অলিম্পিকৰ দৰে ডাঙৰ বিশ্বজনীন প্ৰতিযোগিতাতো এতিয়া চৰকাৰে সম্পূৰ্ণ শক্তিৰে খেলুৱৈসকলৰ সৈতে থিয় দিয়ে। TOPSৰ দৰে আঁচনিৰ জৰিয়তে কেইবা বছৰ আগৰ পৰা খেলুৱৈয়ে অলিম্পিকৰ প্ৰস্তুতি চলাই আছে।

বন্ধুসকল,

খেলত আগবাঢ়িবলৈ যিকোনো খেলুৱৈৰ বাবে আটাইতকৈ দৰকাৰ হৈছে নিজৰ ফিটনেছ বজাই ৰখা। আপুনি ফিট হ'লেহে ছুপাৰহিট হ'ব। আৰু, ফিটনেছ যিমান খেলপথাৰত দৰকাৰ, সিমানেই জীৱনৰ পথাৰতো দৰকাৰ। সেয়ে, আজি খেলো ইণ্ডিয়াৰ লগতে দেশৰ বাবে ফিট ইণ্ডিয়াও এটা ডাঙৰ মিছন। আমাৰ ফিটনেছত বহুত ডাঙৰ ভূমিকা আমাৰ খোৱাবোৱাৰ, আমাৰ পোষণৰো থাকে। সেয়ে, মই আপোনালোক সকলোকে এটা এনেধৰণৰ অভিযানৰ আলোচনা কৰিব বিচাৰো, যাৰ আৰম্ভণি তো ভাৰতে কৰিছে, কিন্তু সেয়া এতিয়া এটা গ্লবেল কেম্পেইন হৈ গৈছে। আপোনালোকে শুনিছে চাগৈ, ভাৰতৰ প্ৰস্তাৱৰ ওপৰত ৰাষ্ট্ৰসংঘই ২০২৩ চনটো ইণ্টাৰনেচনেল মিলেট ইয়াৰ হিচাপে পালন কৰি আছে। আৰু ৰাজস্থান তো মিলেট অৰ্থাৎ, মোটা শস্যৰ এক বহুত সমৃদ্ধ পৰম্পৰাৰ ঘৰ। আৰু এতিয়া দেশব্যাপি তাৰ পৰিচয় হৈছে সেয়ে এই মোটা শস্যক শ্ৰী অন্ন এই নামেৰে মানুহে জনাটো বৰ দৰকাৰ। এইবাৰ বাজেটতো এই কথা উল্লেখ কৰা হৈছে। এয়া ছুপাৰ ফুড, এয়া শ্ৰী অন্ন। আৰু সেয়ে ৰাজস্থানৰ শ্ৰী অন্ন বাজৰা, শ্ৰী অন্ন জোৱাৰ, এনেধৰণৰ বহু মোটা শস্য এই শ্ৰী অন্নৰ নামৰ সৈতে এতিয়া সংযুক্ত হৈছে, তাৰ পৰিচয় আছে। আৰু এয়া কোনে নাজানে যি ৰাজস্থানক জানে। এয়া আমাৰ ৰাজস্থানৰ বাজৰাৰ খিচিৰি আৰু চুৰমাক কোনোবাই পাহৰিব পাৰে নেকি? মোৰ আপোনালোক সকলো যুৱক-যুৱতীৰ প্ৰতি বিশেষ আহ্বান, আপোনালোকে নিজৰ খাদ্যত শ্ৰী অন্ন, অৰ্থাৎ মোটা শস্যক অন্তৰ্ভুক্ত কৰক। ইমানেই নহয়, স্কুল-কলেজৰ যুৱ প্ৰজন্ম নিজেই ইয়াৰ ব্ৰেণ্ড এম্বেছেডৰ হৈ লাগি যাওক।

বন্ধুসকল,

আজিৰ যুৱক-যুৱতী কেৱল এটা ক্ষেত্ৰত লিপিট খাই থাকিব নালাগে। তেওঁলোক multi-talented-ও, আৰু multi-dimensional-ও। দেশেও সেয়ে যুৱক-যুৱতীৰ সৰ্বাংগীন উন্নতিৰ বাবে কাম কৰি আছে। এফালে যুৱক-যুৱতীৰ বাবে আধুনিক ক্ৰীড়া আন্তঃগাঁথনি হৈ আছে, আৰু লগতে শিশু তথা যুৱক-যুৱতীৰ বাবে নেচনেল ডিজিটেল লাইব্ৰেৰীৰো প্ৰস্তাৱ এই বাজেটত কৰা হৈছে। নেচনেল ডিজিটেল লাইব্ৰেৰীৰ জৰিয়তে বিজ্ঞান, ইতিহাস, সমাজশাস্ত্ৰ, সংস্কৃতৰ দৰে ভাষা প্ৰতিটো বিষয়ৰ কিতাপ চহৰৰ পৰা গাঁৱলৈকে, প্ৰতিটো স্তৰত ডিজিটেল ৰূপত উপলব্ধ হ'ব। ই আপোনালোক সকলোৰে লাৰ্ণিং এক্সপেৰিয়েঞ্চক নতুন উচ্চতা দিব, সকলো সম্পদ আপোনালোকৰ কম্পিউটাৰ আৰু মোবাইলত উপলব্ধ কৰাব।

বন্ধুসকল,

ক্ৰীড়া কেৱল এটা বিদ্যাই নহয়, ক্ৰীড়া এটা বহুত ডাঙৰ উদ্যোগো। ক্ৰীড়াৰে জড়িত বস্তু আৰু সম্পদ বনোৱাত বৃহৎ সংখ্যক লোকে সংস্থাপনো পায়। এই কাম বেছিভাগ আমাৰ দেশত লঘু উদ্যোগ এমএছএমইয়ে কৰে। এইবাৰ বাজেটত ক্ৰীড়া খণ্ডৰে জড়িত এমএছএমইক শক্তিশালী কৰিবলৈও কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা হৈছে। মই আপোনালোকক এটা আৰু যোজনাৰ বিষয়ে ক'ব খুজিছো। এই যোজনা হৈছে- পিএম বিশ্বকৰ্মা কৌশল সন্মান অৰ্থাৎ পিএম বিকাশ যোজনা। এনে লোক যি নিজৰ হাতৰ কৌশলেৰে, হাতেৰে চলোৱা সঁজুলিৰে স্বৰোজগাৰ কৰে, সৃজন কৰে, নিৰ্মাণ কৰে তেওঁলোকক এই যোজনাই বহুত সহায় কৰিব। তেওঁলোকক আৰ্থিক সহযোগৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বাবে নতুন বজাৰ নিৰ্মাণ কৰালৈকে, সকলো ধৰণৰ সহায়, পিএম বিশ্বকৰ্মা যোজনাৰ দ্বাৰা দিয়া হ'ব। আমাৰ যুৱক-যুৱতীৰ বাবে ইও সংস্থাপনৰ, আত্ম সংস্থাপনৰ ডাঙৰ সুযোগ সৃষ্টি কৰিব।

বন্ধুসকল,

য'ত প্ৰয়াস সম্পূৰ্ণ মনৰ পৰা হয়, তাত পৰিণামো সুনিশ্চিত হয়। দেশে প্ৰয়াস কৰিছে, পৰিণাম আমি টকিঅ' অলিম্পিকত দেখিলো, কমনৱেলথ খেলত দেখিলো। জয়পুৰ মহাখেলতো আপোনালোক সকলোৰে প্ৰয়াসে ভৱিষ্যতে এনেধৰণৰেই চমকপ্ৰদ পৰিণাম দিব। আপোনালোকৰ মাজৰ পৰাই দেশৰ বাবে অনাগত গোল্ড আৰু ছিলভাৰ মেডেলিষ্ট ওলাব। আপোনালোকে যদি সংকল্প লয়, তেন্তে অলিম্পিকলৈকে ত্ৰিৰংগৰ সৌন্দৰ্য বঢ়াব। আপোনালোক যি ঠাইলৈ যাব, তাত দেশৰ নাম উজ্জ্বল কৰিব। মোৰ বিশ্বাস আছে, আমাৰ যুৱক-যুৱতীয়ে দেশৰ সফলতাক বহুত আগলৈ লৈ যাব। এই ভাবনাৰেই, আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। বহুত বহুত শুভকামনা।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold

Media Coverage

India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Weightlifter, Bindyarani Devi Sorokhaibam on winning Bronze at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Weightlifter, Bindyarani Devi Sorokhaibam on winning the Bronze medal in the women’s 58 kg weightlifting event at the Commonwealth Games 2026.

The Prime Minister said that her success is the result of her hard work and determination.

Shri Modi extended his best wishes to her for her future endeavours.

The Prime Minister wrote on X;

“Yet another medal for India in Weightlifting! Proud of Bindyarani Devi Sorokhaibam for winning a Bronze in the Women's 58kg event at the Glasgow Commonwealth Games. Her success is due to her hard work and determination. Wishing her the very best for the endeavours ahead.

#CWG2026”