শ্বিলঙৰ নেইগ্ৰিমছ-ত স্থাপিত ৭৫০০সংখ্যক ‘জনৌষধী কেন্দ্ৰ’টো প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰিলে
দুখীয়া জনসাধাৰণক উচ্চ হাৰৰ চিকিত্সা ব্যয়ৰ পৰা সকাহ দিছে ‘জনৌষধী আঁচনি’য়ে : প্ৰধানমন্ত্ৰী
‘জনৌষধী কেন্দ্ৰ’ৰ পৰা সুলভ মূল্যত ঔষধ ক্ৰয়ৰ আহ্বান
আপোনালোক মোৰ পৰিয়াল, আপোনালোকৰ অসুস্থতা মোৰ পৰিয়ালৰ সদস্যৰ অসুস্থতা, মোৰ দেশবাসী সুস্থ হৈ থকাটো মই কামনা কৰো : প্ৰধানমন্ত্ৰী

এই কাৰ্যক্ৰমত মোৰ সৈতে সংযোজিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ শ্ৰী ডি ভি সদানন্দ গৌড়া জী, শ্ৰী মনসুখ মাণ্ডবীয়া জী, শ্ৰী অনুৰাগ ঠাকুৰ জী, হিমাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী জয়ৰাম ঠাকুৰ জী, মেঘালয়ৰ মুখ্য মন্ত্ৰী শ্ৰী কনৰাড চাংমা জী, উপ মুখ্য মন্ত্ৰী শ্ৰী প্ৰেষ্টন তিনছং জী, গুজৰাটৰ উপ মুখ্য মন্ত্ৰী ভাই নীতীন পেটেল জী, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা জনৌষধী কেন্দ্ৰ সঞ্চালক, হিতাধিকাৰীসকল, চিকিত্সক আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!

‘জনৌষধী চিকিত্সক’, ‘জনৌষধী জ্যোতি’ আৰু ‘জনৌষধী সাৰথি’, এই তিনি প্ৰকাৰৰ গুৰুত্বপূৰ্ণ বঁটা লাভ কৰোতাসকল, সন্মানিত হোৱা সকলোকে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলো!!

বন্ধুসকল,

‘জনৌষধী যোজনা’ক দেশৰ প্ৰান্তে প্ৰান্তে সঞ্চালিত কৰোতাসকলৰ লগতে একাংশ হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰাৰ মই সুযোগ লাভ কৰিছো। আৰু এই কথা-বতৰাত যি আলোচনা হৈছিল তাৰ পৰা এটা কথা স্পষ্ট হ’ল যে এই যোজনা দুখীয়া আৰু মধ্যবিত্তীয় পৰিয়ালসমূহৰ বহুত ডাঙৰ সাৰথি হৈ উঠিছে। এইখন আঁচনি সেৱা আৰু জীৱিকা দুয়োটাৰে সাধন হৈয়ো উঠিছে। ‘জনৌষধী কেন্দ্ৰ’সমূহত সুলভ মূল্যৰ ঔষধৰ লগতে যুৱক-যুৱতীসকলে আয় কৰাৰ সুযোগো লাভ কৰিব পাৰিছে।

বিশেষকৈ আমাৰ ভগ্নীসকলক, আমাৰ জীয়ৰীসকলক কেৱল আঢ়ৈ টকাত ‘ছেনিটেৰী পেডছ’ৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে, ইয়াৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত এক ইতিবাচক প্ৰভাৱ নিশ্চিত ভাবেই পৰিছে। এইসমূহ কেন্দ্ৰৰ জৰিয়তে এই পৰ্যন্ত ১১কোটিৰো অধিক ‘ছেনিটেৰী নেপকিন্ছ’ বিক্ৰী হৈছে। সেইদৰে, ‘জনৌষধী জননী অভিযান’ৰ জৰিয়তে গৰ্ভৱতীসকলৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ দ্ৰব্য আৰু পথ্যও এতিয়া ‘জনৌষধী কেন্দ্ৰ’সমূহত উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। কেৱল এয়াই নহয়, এহেজাৰৰো অধিক ‘জনৌষধী কেন্দ্ৰ’ এতিয়া মহিলাসকলেই চলাইছে। অৰ্থাত্ ‘জনৌষধী যোজনা’ই এতিয়া আমাৰ কন্যাসকলক আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈও লৈছে।

ভাই-ভনীসকল,

এই যোজনাৰ জৰিয়তে পাহাৰীয়া অঞ্চলসমূহত, উত্তৰ পূৰ্বাঞ্চলত, জনজাতি অধ্যুষিত এলেকাসমূহত বসবাস কৰা দেশবাসী পৰ্যন্ত সুলভ মূল্যৰ ঔষধ যোগান ধৰাৰ ক্ষেত্ৰত সুবিধা হৈছে। আজিও শ্বিলঙত ৭৫০০সংখ্যক কেন্দ্ৰটো জনসাধৰণৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰা হৈছে। এই কথাই উত্তৰ পূৰ্বাঞ্চলত ‘জনৌষধী কেন্দ্ৰ’সমূহৰ বিস্তাৰণৰ পৰিসৰকে প্ৰতিপন্ন কৰিছে

বন্ধুসকল,

৭৫০০টা কেন্দ্ৰ মুকলি কৰিব পৰা কথাটো এই কাৰণেই তাতপৰ্যপূৰ্ণ বুলি ক’ব পাৰি, কিয়নো, ৬টা বছৰৰ আগতে সমগ্ৰ দেশতে ১০০টা কেন্দ্ৰও নাছিল। আৰু আমি যিমান পাৰো সিমান দ্ৰুতগতিৰে ১০হাজাৰৰ লক্ষ্যত উপনীত হ’বলৈ বিচাৰিছো। মই আজি ৰাজ্যচৰকাৰসমূহৰ লগতে বিভাগীয় লোকসকলক এটা আহ্বান জনাব বিচাৰিছো। স্বাধীনতাৰ ৭৫বছৰত আমাৰ সন্মুখলৈ এটা গুৰুত্বপূৰ্ণ সুযোগ আহিছে। আমি বাৰু এনেকুৱা কৰিব পাৰিম নে যে, দেশৰ কমেও ৭৫খন জিলাৰ প্ৰতিখনতে ৭৫টাতকৈয়ো অধিক ‘জনৌষধী কেন্দ্ৰ’ স্থাপিত হ’ব। আগন্তুক কিছু সময়ৰ ভিতৰতে আমি সেয়া সম্ভৱ কৰি তুলিম। আপোনালোকে চাবচোন ইয়াৰ পৰিসৰ কিমান বাঢ়িব।

সেইদৰে, ইয়াৰ লাভ আদায় কৰোতাৰ সংখ্যা বৃদ্ধিৰ বাবেও লক্ষ্য নিৰ্দ্ধাৰণ কৰা উচিত। এতিয়া এনেকুৱা এটাও ‘জনৌষধী কেন্দ্ৰ’ নাই যে, আজিৰ তাৰিখত এই কেন্দ্ৰসমূহলৈ যিমান মানুহ আহিছে তাৰ সংখ্যা দুই-তিনি গুণলৈ বৃদ্ধি নাপাব। এই দুয়োটা কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি কাম কৰি যাব লাগিব। এই কাম যিমান সোনকালে কৰিব পৰা যাব সিমান সোনকালেই দেশৰ দুখীয়া-দৰিদ্ৰ ৰাইজ উপকৃত হ’ব। এইসমূহ ‘জনৌষধী কেন্দ্ৰ’ই প্ৰতিবছৰে দুখীয়া আৰু মধ্যবিত্তীয় পৰিয়ালসমূহৰ প্ৰায় ৩৬০০কোটি টকা ৰাহি কৰিবলৈ সক্ষম হৈছে, এয়া কম কথা নহয়। এই টকা আগতে অধিক দামত ক্ৰয় কৰিবলগীয়া হোৱা ঔষধত ব্যয় কৰিবলগীয়া হৈছিল। অৰ্থা্ত্, এইসমূহ পৰিয়ালৰ ৩৫০০কোটি টকা ঘৰৰ আন কামত খটুৱাব পৰা হৈছে।

বন্ধুসকল,

‘জনৌষধী যোজনা’ৰ খৰটকীয়া প্ৰসাৰ সম্ভৱ কৰাৰ বাবে এইসমূহ কেন্দ্ৰলৈ আগবঢ়াই অহা ‘ইনচেণ্টিভ’ৰ পৰিমানো এতিয়া ২.৫লাখৰ পৰা ৫লাখ টকালৈ বৃদ্ধি কৰা হৈছে। তদুপৰি দলিত, আদিবাসী, মহিলা আৰু পূৰ্বোত্তৰৰ লোকসকলৰ বাবে ২লাখ টকাৰ ‘ইনচেণ্টিভ’ অতিৰিক্ত ভাবে দিয়াৰো ব্যৱস্থা কৰা হৈছে। এই ধন তেওঁলোকে ষ্টোৰ নিৰ্মাণ কৰা, ইয়াৰ বাবে সা-সৰঞ্জাম তৈয়াৰ কৰা দৰে কামত ব্যৱহাৰ কৰিব পাৰিব। এনে প্ৰয়াসৰ সুবাদত ‘ফাৰ্মা খণ্ড’ৰ সম্ভাৱনাসমূহে অন্য এক মাত্ৰা লাভ কৰিব পাৰিব।

ভাই-ভনীসকল,

আজি ‘মে’ড ইন ইণ্ডিয়া’ ঔষধ আৰু অস্ত্ৰোপচাৰৰ চাহিদাও বাঢ়িবলৈ ধৰিছে। চাহিদা বঢ়াৰ লগে লগে উত্পাদনো বঢ়াইছে। ইয়াৰ ফলতো নিয়োগ সম্ভাৱনাৰ সৃষ্টি হৈছে। এতিয়া ‘জনৌষধী কেন্দ্ৰ’সমূহত হোমিঅ’পেথী, আয়ুৰ্বেদিক ঔষধৰ লগতে ৭৫বিধ ‘আয়ুষ ঔষধ’ উপলব্ধ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি শুনি মই ভাল পাইছো। আয়ুষৰ ওষধ সুলভ মূল্যত উপলব্ধ হ’লে ৰোগীসকল উপকৃততো হ’বই লগতে আয়ুৰ্বেদ আৰু আয়ুষ-ঔষধৰ ক্ষেত্ৰখনো লাভান্বিত হ’ব।

আজি পৃথিৱীয়ে ভাৰতৰ সামৰ্থ্য স্বীকাৰ কৰি লৈছে। আমাৰ পৰম্পৰাগত ঔষধসমূহৰ সামৰ্থ্যকো এতিয়া পৃথিৱীয়ে স্বীকাৰ কৰিবলৈ ধৰিছে। আমাৰ ইয়াত খোৱা-বোৱাত ‘ৰাগী’, ‘কোৰ্ৰা’, ‘কোদা’, ‘জৱাৰ’, ‘বাজৰা’ৰ দৰে যিবোৰ ‘মোটা দনা’ৰ খাদ্য দ্ৰব্য অধিক পৰিমাণে ব্যৱহাৰ কৰা হৈছিল, সেয়া দৰাচলতেই আমাৰ দেশৰ সমৃদ্ধ খাদ্য পৰম্পৰা আছিল। যোৱাটো বছৰত মই কৰ্ণাটকলৈ যাওতে আমাৰ মুখ্যমন্ত্ৰী য়েদুৰাপ্পা জীয়ে ‘মোটা দানা’ৰ খাদ্য-সম্ভাৰৰ এখন বহুত ডাঙৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। আৰু সৰু সৰু খেতিয়কসকলে উত্পাদন কৰা কিমান প্ৰকাৰৰ যে খাদ্য দ্ৰব্য সংগ্ৰহ কৰি আনাইছিল। তাত মোটা দানাৰ খাদ্য দ্ৰব্যৰ পৌষ্টিকতা সন্দৰ্ভত বৰ সুন্দৰকৈ বিশ্লেষণ দাঙি ধৰি প্ৰদৰ্শনৰ দিহা কৰাইছিল। আমাৰ দেশত এইসমূহ খাদ্যৰ পৌষ্টিকতা সন্দৰ্ভত কিন্তু বৰ বিশেষ উত্সাহ প্ৰদানৰ ব্যৱস্থা হোৱা নাই। ‘ক’বলৈ গ’লে এনে খাদ্য দ্ৰব্য দুখীয়াসকলেহে অধিক ব্যৱহাৰ কৰে, পইচাৰ অভাৱ থকাসকলেহে এনে দ্ৰব্য খায়’-এনেধৰণৰ মানসিকতা এটাই চলি আহিছিল।

পিচে, এতিয়া পৰিস্থিতি হঠাতে সলনি হৈছে। আৰু পৰিস্থিতি সলোৱাৰ বাবে আমি নিৰন্তৰ প্ৰয়াস কৰি আহিছো। আজি মোটা দানাৰ খাদ্যদ্ৰব্যক কেৱল প্ৰোত্সাহিত কৰাই নহয়, বৰং এতিয়া ভাৰতৰ প্ৰস্তাৱৰ ভিত্তিত ৰাষ্ট্ৰসংঘই ২০২৩চনক ‘আন্তঃৰাষ্ট্ৰীয় মিলেট্ছ(মোটা দানাৰ খাদ্যদ্ৰব্য) বৰ্ষ’ হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰিছে। এই ‘মিলেটছ’ অৰ্থাত্ ‘মোটা দানাৰ খাদ্য দ্ৰব্য’ৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ ফলত দেশে পৌষ্টিক খাদ্য লাভ কৰাৰ লগতে আমাৰ খেতিয়কসকলৰ আয়ো বৃদ্ধি পাব। আৰু আজি-কালিতো পঞ্চতাৰকা হোটেলতো মোটা দানাৰ খাদ্য-সম্ভাৰৰ ফৰমাইচ দিয়া দেখিবলৈ পোৱা গৈছে। কাৰণ লাহে লাহে সকলোৱে বুজি উঠিছে যে মোটা দানাৰ খাদ্য দ্ৰব্য শৰীৰৰ বাবে খুবেই উপযোগী।

আৰু এতিয়াতো ৰাষ্ট্ৰসংঘয়ো মানি লৈছে, পৃথিৱীয়ে মানি লৈছে, ২০২৩ত সমগ্ৰ পৃথিৱীয়েই এটি বৰ্ষ হিচাপে ইয়াক উদযাপন কৰিবগৈ। আৰু ইয়াৰ সকলোতকৈ অধিক লাভ হ’ব আমাৰ ক্ষুদ্ৰ খেতিয়কসকলৰ, কাৰণ তেওঁলোকেই বেচিকৈ এনে খাদ্য দ্ৰব্য উত্পাদন কৰে।

বন্ধুসকল,

যোৱা বছৰচেৰেকত চিকিত্সাৰ ক্ষেত্ৰত থকা বৈষম্যৰ অন্ত পেলোৱাৰ বাবে প্ৰয়াস কৰা হৈছে। প্ৰতিগৰাকী দুখীয়া ব্যক্তিলৈকে চিকিত্সা উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। অত্যাৱশ্যকীয় ঔষধসমূহক, হৃদযন্ত্ৰৰ সমস্যাৰ নিদানত প্ৰয়োজনীয় উপকৰণেই হওক কিম্বা আঁঠুৰ অস্ত্ৰোপচাৰৰে জড়িত উপকৰণেই হওক, এনেবোৰ সামগ্ৰীৰ দাম বহু পৰিমাণে হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত ৰাইজৰ প্ৰতিবছৰে প্ৰায় চাৰে ১২হাজাৰ কোটি টকা ৰাহি হ’বলৈ ধৰিছে।

‘আয়ুষ্মান যোজনা’ৰ সুবাদত দেশৰ ৫০হাজাৰৰো দুখীয়া পৰিয়ালক ৫লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা সুনিশ্চিত কৰা হৈছে। এই পৰ্যন্ত ডেৰ কোটিৰো অধিক ব্যক্তিয়ে এই যোজনাৰ সুযোগ গ্ৰহণ কৰি আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাত্, জনৌষধী, আয়ুষ্মান, স্টেণ্ট তথা অন্য উপকৰণসমূহৰ দাম কমোৱাৰ ফলত হোৱা ৰাহিৰ পৰিমাণকো যদি আমি যোগ দিও, মই কেৱল স্বাস্থ্য সংক্ৰান্তীয় বিষয়ত হোৱা খৰছৰ কথাহে কৈছো...তেন্তে আজিৰ তাৰিখত মধ্যবিত্তীয়ৰ সাধাৰণ পৰিয়ালসমূহৰ প্ৰতিবছৰে প্ৰায় ৫০হাজাৰ কোটি টকা ৰাহি হ’বলৈ ধৰিছে।

বন্ধুসকল,

ভাৰত পৃথিৱীৰ ফাৰ্মাচী, এই কথা ইতিমধ্যে সাব্যস্ত হৈ গৈছে। পৃথিৱীয়ে আমাৰ ‘জেনেৰিক’ ঔষধ গ্ৰহণ কৰে, কিন্তু আমাৰ ইয়াতহে সেই ঔষধৰ প্ৰতি একধৰণৰ উদাসীনতা থকা দেখা যায়, এনে ঔষধক প্ৰোত্সাহিত কৰাৰ উদ্যোগ গ্ৰহণ কৰা হোৱা নাছিল। আমি ‘জেনেৰিক’ ঔষধৰ ক্ষেত্ৰত যিমানখিনি গুৰুত্ব দিব লাগে দিছো যাতে সৰ্ব সাধাৰণ মানুহৰ পইচা বাচিব পাৰে আৰু অসুখো ভাল হ’ব পাৰে।

ক’ৰোনা কালত পৃথিৱীয়ে ভাৰতৰ ঔষধৰ শক্তি-সামৰ্থ্যৰ উমান পালে। এই স্থিতি আমাৰ প্ৰতিষেধক উত্পাদক উদ্যোগৰ ক্ষেত্ৰতো প্ৰযোজ্য আছিল। ভাৰতৰ অনেক অসুখৰ প্ৰতিষেধক তৈয়াৰ কৰাৰ সামৰ্থ্য আছিল, পিচে, প্ৰয়োজনীয় উত্সাহৰ অভাৱ আছিল। আমি উদ্যোগটোক উত্সাহিত কৰিলো আৰু আজি ভাৰতত প্ৰস্তুত কৰা প্ৰতিষেধকে আমাৰ শিশুসকলক সুৰক্ষা দিয়াৰ কামত আহিছে।

বন্ধুসকল,

দেশ আজি নিজৰ বিজ্ঞানীসকলক লৈ গৌৰৱান্বিত। আমাৰ হাতত এতিয়া ‘মে’ড ইন ইণ্ডিয়া ভেকচিন’ নিজৰ বাবেও আছে আৰু পৃথিৱীক সহায় কৰাৰ বাবেও আছে। আমাৰ চৰকাৰে ইয়াতো দেশৰ দুখীয়াৰ, মধ্যমবৰ্গৰ প্ৰতি বিশেষ ধ্যান দিছে। আজি চৰকাৰী হাস্পটালসমূহত ক’ৰোনাৰ বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে। প্ৰতিদিনে লক্ষ লক্ষ সতীৰ্থক ভাৰতৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। মোৰ নম্বৰ পৰোতে ময়ো প্ৰতিষেধকৰ প্ৰথমটো পালি ইতিমধ্যে গ্ৰহণ কৰিছো।

বন্ধুসকল,

দেশত সুলভ আৰু প্ৰভাৱশালী চিকিত্সাৰ ব্যৱস্থা হোৱাৰ লগতে পৰ্যাপ্ত সংখ্য চিকিত্সা-কৰ্মী উপলব্ধ হোৱাটোও সিমানেই প্ৰয়োজনীয়তা আছে। সেয়ে, আমি গাঁৱৰ হাস্পটালসমূহৰ পৰা চিকিত্সা মহাবিদ্যালয় আৰু ‘এইমছ’-ৰ দৰে সংস্থান পৰ্যন্ত, এক সংহত মনোভাৱৰে কাম আৰম্ভ কৰি দিছো। গাঁৱত ডেৰ লাখ ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ স্থাপন কৰা হৈছে, ইয়াৰে ৫০হাজাৰৰো অধিক কেন্দ্ৰত সেৱা আৰম্ভ কৰা হৈছে। এয়া কেৱল সাধাৰণ জ্বৰ-কাঁহৰ দৰে অসুখৰে নিদান কেন্দ্ৰ নহয়, বৰং ইয়াত জটিল ৰোগৰ পৰীক্ষণৰো সুবিধা প্ৰদানৰ প্ৰয়াস কৰা হৈছে। আগতে যিবোৰ সাধাৰণ ৰোগ-পৰীক্ষণৰ বাবেই চহৰ-নগৰলৈ যাবলগীয়া হৈছিল, তেনেধৰণৰ পৰীক্ষণ এতিয়া এইসমূহ নিদান কেন্দ্ৰতে কৰিব পৰা গৈছে।

বন্ধুসকল,

এই বছৰৰ বাজেটত স্বাস্থ্য শিতানত অভুতপূৰ্ব হাৰত পুঁজি আৱণ্টিত কৰা হৈছে আৰু স্বাস্থ্য-সমস্যাৰ সম্পূৰ্ণ সমাধানৰ বাবে ‘প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বাস্থ্য যোজনা’ যোষণা কৰা হৈছে। সকলো জিলাতে পৰীক্ষণ কেন্দ্ৰ, ৬০০ৰো অধিক জিলাত জটিল ৰোগৰ চিকিত্সা কৰিব পৰা হাস্পটাল স্থাপনৰ দৰে বহু প্ৰস্তাৱ উথ্থাপণ কৰা হৈছে। আগন্তুক সময়ত ক’ৰোনাৰ দৰে মহামাৰীয়ে আমাক যাতে ইমানকৈ সমস্যাত পেলাব নোৱাৰে, তাৰ বাবে দেশৰ স্বাস্থ্য আন্তঃগাঁথনিৰ সংস্কাৰ সাধন কাৰ্যক্ৰমকো ত্বৰান্বিত কৰা হৈছে।

লোকসভাৰ প্ৰতি তিনিটা সমষ্টিৰ মাজত এখনকৈ চিকিত্সা মহাবিদ্যালয় স্থাপন কৰাৰ বাবে কাম চলাই থকা হৈছে। যোৱা ৬টা বছৰত প্ৰায় ১৮০খন চিকিত্সা মহাবিদ্যালয় স্থাপন কৰা হৈছে। ২০১৪চনৰ আগতে দেশত থকা ‘এমবিবিএছ’ পাঠ্যক্ৰমৰ প্ৰায় ৫৫হাজাৰ আসনৰ লগত যোৱা ৬টা বছৰত আৰু ৩০হাজাৰৰো অধিক আসন সংযোজিত কৰা হৈছে। সেইদৰে স্নাতকোত্তৰ পাঠ্যক্ৰমৰো পূৰ্বৰ ৩০হাজাৰ আসনৰ লগত আৰু ২৪হাজাৰ আসন নতুনকৈ সংযোজিত কৰা হৈছে।

 

বন্ধুসকল,

আমাৰ শাস্ত্ৰত কোৱা হৈছে:

‘নাত্মাৰ্থম নাপি কামাৰ্থম, অদ্ভুত দয়াম প্ৰতি’

অৰ্থাত্, ‘ঔষধৰ, চিকিত্সাৰ এই বিজ্ঞান সকলো জীৱৰ প্ৰতি কৰুণা প্ৰদৰ্শনৰ বাবে’। এই মনোভাৱৰেই, আজি চৰকাৰেও চিকিত্সা বিজ্ঞানে আগবঢ়োৱা উপকাৰিতাসমূহৰ পৰা যাতে কোনোৱেই বঞ্চিত নহয় সেই কথা নিশ্চিত কৰাৰ প্ৰয়াসত ব্ৰতী হৈছে। চিকিত্সা সুলভ কৰা, চিকিত্সা সৰ্বজনৰ বাবে উপলব্ধ কৰাৰ বাবে আজি নীতি আৰু কাৰ্যক্ৰম ৰূপায়ণৰ দিহা কৰা হৈছে।

‘প্ৰধানমন্ত্ৰী জনৌষধী পৰিযোজনা’ৰ নেটৱৰ্কৰ পৰিসৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হওক, অধিকৰ পৰা অধিক লোকক সামৰি লওক এই কামনাৰেই মই আপোনালোক সকলোকে বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু যিসমূহ পৰিয়ালত অসুস্থ লোক আছে, যিসকলে ‘জনৌষধী’য়ে আগবঢ়োৱা সুযোগ গ্ৰহণ কৰিছে, তেওঁলোকক মই ক’ম যে আপোনালোকেও ‘জনৌষধী’ৰ লাভ আদায় কৰাৰ বাবে আপোনালোকৰ ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজন, বন্ধু-বান্ধৱক অনুপ্ৰাণিত কৰক। ‘জনৌষধী’ সন্দৰ্ভত জন-সজাগতা সৃষ্টি কৰাত অংশগ্ৰহণ কৰি নিজৰ লগতে আনকো সেৱা কৰাৰ সুযোগ গ্ৰহণ কৰক। আৰু আপোনালোক সুস্থ হৈ থাকক, ঔষধৰ লগতে জীৱনত কেতবোৰ অনুশাসন পালনৰো সুস্থতাৰ বাবে বহুত প্ৰয়োজন হয়, সেয়ে এই কথাতো গুৰুত্ব দিয়ক।

মই আপোনালোকৰ সু-স্বাস্থ্য সদায়ে কামনা কৰি যাম। মোৰ দেশৰ প্ৰতিগৰাকী নাগৰিক, ব্যক্তি আপোনালোক আটায়ে মোৰ পৰিয়ালৰ সদস্য, আপোনালোকেই মোৰ পৰিয়াল। আপোনালোকৰ অসুখ মানেই মোৰ পৰিয়ালৰ অসুখ। আৰু সেয়ে, মই মোৰ দেশৰ সকলো নাগৰিকৰে সু-স্বাস্থ্য কামনা কৰো। তাৰ বাবে স্বচ্ছতাৰ প্ৰয়োজন, সেয়ে স্বচ্ছতাত গুৰুত্ব দিয়ক, খোৱা-বোৱাত নিয়ম মানি চলক। ‘যোগ’ৰ আৱশ্যক হোৱা পৰিস্থিতিত যোগাভ্যাস কৰক। অলপ-অচৰপ ব্যায়াম কৰক, যিকোনো ‘ফিটনেছ আন্দোলন’ৰে জড়িত হৈ থাকক। আমাৰ দেহাৰ বাবে কিবা নহয় কিবা এটা কৰি থাকক, তেনে কৰিলে অসুখৰ পৰা বাচি থাকিব পাৰিব আৰু তথাপিও ৰোগত আক্ৰান্ত হ’লে ‘জনৌষধী’য়ে আমাক ৰোগৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিব।

এই কামনাৰেই আকৌ এবাৰলৈ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আৰু সকলোকে বহুত শুভকামনা জনাই সামৰণি মাৰিছো।

ধন্যবাদ!

দায়িত্ব অস্বীকাৰ : এয়া প্ৰধনমন্ত্ৰীৰ ভাষণৰ থুলমূল অনুবাদহে। মূল ভাষণ প্ৰদান কৰিছিল

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the US Vice President
August 08, 2026
PM and Vice President Vance review progress in the India-U.S. Strategic Partnership.
PM and Vice President Vance exchange views on regional and global developments.
PM warmly congratulates Vice President Vance and Ms. Usha Vance on the birth of their son.

Prime Minister Shri Narendra Modi received a telephone call today from the Vice President of the United States, Mr. J.D. Vance.

Prime Minister and Vice President Vance reviewed progress in the India-U.S. Comprehensive Global Strategic Partnership. They noted the sustained momentum in the high-level engagements and reaffirmed their commitment to further strengthening cooperation in trade, defence, critical and emerging technologies, energy security and critical minerals.

They also exchanged views on regional and global developments of mutual interest.

Prime Minister warmly congratulated Vice President Vance and Ms. Usha Vance on the birth of their son and conveyed best wishes to the family.