Lauds Goa on the completion of 100% first dose coverage for the adult population
Remembers services of Shri Manohar Parikkar on the occasion
Goa has shown the great results of ‘Sabka Saath, Sabka Vikas, Sabka Vishwas and Sabka Prayas: PM
I have seen many birthdays and have always been indifferent to that but, in all my years, yesterday was a day that made me deeply emotional as 2.5 crore people got vaccinated: PM
Yesterday witnessed more than 15 lakh doses administered every hour, more than 26 thousand doses every minute and more than 425 doses every second: PM
Every achievement of Goa that epitomises the concept of Ek Bharat -Shreshth Bharat fills me with great joy: PM
Goa is not just a state of the country but also a strong marker of Brand India: PM

গোৱাৰ শক্তিবান আৰু লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্ত জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ, গোৱাৰ সু-সন্তান শ্ৰীপদ নায়ক জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ মিত্ৰ ডা০ ভাৰতী...পৱাৰ জী, গোৱাৰ মন্ত্ৰীসকল, সাংসদ আৰু বিধায়কসকল, উপস্থিত জন প্ৰতিনিধি, ‘ক’ৰোনা-যোদ্ধা’ আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!


গোঁয়ছ্যা মহজা মোগাল ভাৱা বহীঁনো, তুমছে অভিনন্দন।


আপোনালোক আটাইকে ‘শ্ৰী গণেশ’ পৰ্বৰ বহুত বহুত শুভকামনা জনাইছো! কাইলৈ ‘অনন্ত চতুৰ্দশী’ৰ পবিত্ৰ উপলক্ষত আমি সকলোৱে ‘বাপ্পা’ক বিদায় জনাম, হাতত ‘অনন্ত সূত্ৰ’ও বান্ধিম। ‘অনন্ত সূত্ৰ’, অৰ্থাত্, জীৱনৰ বাবে সুখ-সমৃদ্ধি আৰু সুদীৰ্ঘ আয়ুসৰ আশীৰ্বাদ বিচাৰিম।


মোৰ ভাল লাগিছে যে এই পবিত্ৰ দিনটোৰ পূৰ্বে গোৱাৰ ৰাইজে নিজৰ হাতত, বাহুত জীৱন ৰক্ষা সূত্ৰ, অৰ্থাত্, প্ৰতিষেধক লোৱাৰো কাম সম্পূৰ্ণ কৰিলে। গোৱাৰ প্ৰতিগৰাকী যোগ্যতা লাভ কৰা ব্যক্তিয়ে প্ৰতিষেধকৰ এটা পালি গ্ৰহণ কৰিলে। ক’ৰোনা বিৰোধী যুঁজখনৰ বাবে এয়া সঁচাকৈ ডাঙৰ কথাই। ইয়াৰ বাবে গোৱাৰ সকলো ব্যক্তিকে বহুত বহুত অভিনন্দন জনাইছো।


বন্ধুসকল,
গোৱা এনেকুৱা এখন ৰাজ্য, য’ত ভাৰতৰ বৈচিত্ৰ্যৰ দৰ্শন কৰিব পৰা যায়। পূব আৰু পশ্চিমৰ সংস্কৃতি, থকা-মেলা, খোৱা-বোৱাৰ আচাৰ-আচৰণ ইয়াত একত্ৰে দেখিবলৈ পোৱা যায়। ইয়াত গণেশোত্সৱো উদযাপন কৰা হয়, দীপাৱলীও আড়ম্বৰপূৰ্ণ ভাবে পালন কৰা হয়, আৰু খ্ৰীষ্টমাছৰ সময়ত গোৱাৰ সৌন্দৰ্যই বাঢ়ি যায়। এইবোৰ কৰি গোৱাই নিজৰ পৰম্পৰাৰ নিৰ্বহণ কৰে। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাককো নিৰন্তৰ শক্তিশালী কৰি ৰখা গোৱাৰ প্ৰতিটো উপলব্ধিয়ে কেৱল মোকেই নহয়, সমগ্ৰ দেশকে আনন্দ দিয়ে, গৌৰৱবোধ কৰায়।


ভাই-ভনীসকল,
এই মহত্বপূৰ্ণ উপলক্ষত মোৰ বন্ধু, প্ৰকৃত কৰ্মযোগী, স্বৰ্গীয় মনোহৰ পাৰিকৰ জীৰ স্মৃতি মনলৈ অহাটো নিতান্তই স্বাভাৱিক। ১০০বছৰৰ সবাতোকৈ বৃহত্ সংকটৰে গোৱাই যিধৰণে যুঁজিছে, পাৰিকৰ জী যদি আজি আমাৰ মাজত উপস্থিত থাকিলহেতেন, তেঁৱো আপোনালোকৰ এই সাফল্যৰ বাবে, আপোনালোকৰ এই সিদ্ধিৰ বাবে গৌৰৱবোধ কৰিলেহেতেন!
গোৱাই, পৃথিৱীৰ সকলোতকৈ বৃহত্ আৰু দ্ৰুতগতিত সম্পন্ন হোৱা টীকাকৰণ অভিযান- সকলোকে প্ৰতিষেধক, বিনামূলীয়া প্ৰতিষেধক-ৰ সফলতাত উল্লেখনীয় ভূমিকা পালন কৰিছে। যোৱা কেইটামান মাহত গোৱাই মুষলধাৰ বৰষুণ, ঘূৰ্ণী, বানৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সৈতেও খুউব দক্ষতাৰে যুদ্ধ কৰিছিল। এইসমূহ প্ৰকৃতিক প্ৰত্যাহ্বানৰ মাজতো প্ৰমোদ সাৱন্ত জীৰ নেতৃত্বত বহুত পাৰদৰ্শিতাৰে এই যুদ্ধত যুঁজিছে। এইবোৰ প্ৰাকৃতিক দুৰ্যোগৰ মাজতো ক’ৰোনাৰ টীকাকৰণ অভিযানৰ গতিবেগ অব্যাহত ৰখাৰ বাবে প্ৰতিগৰাকী ‘ক’ৰোণা-যোদ্ধা’ৰ লগতে স্বাস্থ্যকৰ্মী, ‘টীম গোৱা’, আৰু এই অভিযানৰে জড়িত প্ৰতিগৰাকী ব্যক্তিকে মই অভিনন্দন জ্ঞাপন কৰিছো।


এই অনুষ্ঠানত বহু সংখ্যক বন্ধুয়ে আমাৰ সৈতে যিবোৰ অভিজ্ঞতাৰ কথা বিনিময় কৰিছে, তাৰ পৰা এটা কথা অনুমান কৰিব পাৰিছো যে এই অভিযান দৰাচলতেই এক কঠিন পৰিক্ৰমাই আছিল। বাৰিষাৰ কোবাল নদীয়ো পাৰ হৈ, প্ৰতিষেধকক সুৰক্ষিত ৰাখি, দূৰ-দূৰণি পৰ্যন্ত লৈ যোৱাৰ বাবে নিশ্চয় আন্তৰিকতা-কৰ্তব্যনিষ্ঠাৰ প্ৰয়োজন হয়। সমাজৰ প্ৰতি গভীৰ ভালপোৱা আৰু অপ্ৰতীম সাহস নাথাকিলে এয়া কেতিয়াও সম্ভৱ নহয়। আপোনালোক আটায়ে থমকি নৰৈ, ভাগৰক প্ৰশ্ৰয় নিদি মানৱতাৰ সেৱাত ব্ৰতী হৈ আছে। আপোনালোকৰ এই সেৱাক চিৰদিন মনত ৰখা হ’ব।


বন্ধুসকল,
সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস- এই সকলো কথাই কেনেকৈ উত্তম পৰিণাম প্ৰদান কৰিব পাৰে, এই কথা গোৱাৰ চৰকাৰ, গোৱাৰ নাগৰিক, গোৱাৰ ‘ক’ৰোনা-যোদ্ধা’, আগশাৰীত থাকি সেৱা আগবঢ়াওতা কৰ্মীসকলে কৰি দেখুৱালে। সামাজিক আৰু ভৌগলিক প্ৰত্যাহ্বানৰে যুঁজাৰ বাবে যিধৰণৰ সমন্বয়ৰ নিদৰ্শন গোৱাই দাঙি ধৰিলে, সেয়া দৰাচলতেই প্ৰশংসনীয়। প্ৰমোদ জী, আপোনাৰ লগতে আপোনাৰ সমগ্ৰ ‘টীম’টোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। ৰাজ্যখনৰ দূৰ-দূৰণিত, সকলো প্ৰান্ততো আন ৰাজ্যসমূহৰ দৰেই যে বহুত গতিবেগৰে টীকাকৰণ চলিছে এয়া তাৰেই ডাঙৰ উদাহৰণ।


মোৰ ভাল লাগিছে যে গোৱাই নিজৰ গতিবেগক লেহেমীয়া হ’বলৈ দিয়া নাই। এইখিনি সময়তো; আমি কথা-পাতি থকা সময়খিনিতো দ্বিতীয়টো পালি প্ৰদানৰ বাবে ৰাজ্যখনত ‘টীকা উত্সৱ’ চলি আছে। এনেধৰণৰ আন্তৰিক আৰু একনিষ্ঠ প্ৰয়াসৰ দ্বাৰাইহে সম্পূৰ্ণ টীকাকৰণৰ ক্ষেত্ৰত গোৱাই দেশৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে অগ্ৰসৰ হ’ব পাৰিছে। আৰু এয়াও ভাল কথা হৈছে যে, গোৱাই কেৱল ইয়াৰ স্থায়ী ভাবে বসতি কৰা নাগৰিকসকলকে নহয়, বৰং ইয়ালৈ অহা পৰ্যটক, বাহিৰৰ পৰা অহা শ্ৰমিকসকলকো প্ৰতিষেধক প্ৰদান কৰি আছে।


বন্ধুসকল,
মই আজি এই সুযোগতে দেশৰ সকলো চিকিত্সক, স্বাস্থ্যকৰ্মী, প্ৰশাসনৰে জড়িত সকলো বিষয়া-কৰ্মচাৰীৰো শলাগ ল’ব খুজিছো। সকলোৰে প্ৰয়াসৰ সুবাদতে কালি ভাৰতে এটা দিনতে আঢ়ৈ কোটিৰো অধিক লোকক প্ৰতিষেধক প্ৰদান কৰি অভিলেখ ৰচনা কৰিছিল। পৃথিৱীৰ ডাঙৰ ডাঙৰ, সমৃদ্ধ  আৰু সামৰ্থ্যবান বুলি গণ্য কৰা দেশসমূহেও কৰিব নোৱাৰা কাম ভাৰতে কৰি দেখুৱালে। কালি আমি দেখিছিলো, কেনেকৈ সংখ্যাৰ বিস্তাৰ হৈছিল, কেনেকৈ ‘ক’ভিড-ডেছবৰ্ড’-ৰ তথ্য দ্ৰুতগতিত পৰিৱৰ্তন হৈছিল। সেয়া দেখি মন উত্সাহৰে উথলি উঠিছিল।


কালি প্ৰতিটো ঘণ্টাত ১৫লাখৰো অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছিল, প্ৰতিটো মিনিটত ২৬হাজাৰৰো অধিক টীকা, প্ৰতিটো ছেকেণ্ডত ৪২৫ৰো অধিক লোকক প্ৰতিষেধক দিয়া হৈছিল। দেশৰ প্ৰান্তে প্ৰান্তে স্থাপন কৰা একলাখৰো অধিক টীকাকৰণ কেন্দ্ৰত ৰাইজক প্ৰতিষেধক প্ৰদানৰ দিহা কৰা হৈছিল। ভাৰতৰ নিজা প্ৰতিষেধক, প্ৰতিষেধকৰ বাবে ইমান বৃহত্ পৰিসৰৰ নেটৱৰ্ক, দক্ষতাসম্পন্ন মানৱ সম্পদ, এই সকলোবোৰে ভাৰতৰ প্ৰবল সামৰ্থ্যকে প্ৰতীয়মান কৰিছে।


বন্ধুসকল,
কালি আপোনালোকে যি সাফল্য আহৰণ কৰিলে, সেয়াই সমগ্ৰ বিশ্বকে, কেৱল প্ৰতিষেধকৰ সংখ্যাৰেই নহয়, ভাৰতৰ ওচৰত থকা সামৰ্থ্যৰ হিচাপেৰেও তৱধ মনাব। আৰু সেয়ে ইয়াৰ গৌৰৱগাঁথাৰ চৰ্চা কৰাটো প্ৰতিগৰাকী ভাৰতীয়ৰ কৰ্তব্য হোৱাৰ উপৰি ইয়াক স্বভাৱতো পৰিণত কৰা উচিত।


বন্ধুসকল, মই আজি মোৰ মনৰ কথাও ক’ব খুজিছো। জন্মদিন বহুত আহিল বহুত গ’ল, মই মনৰে সদায়ে এইবোৰ কথাৰ পৰা নিৰ্লিপ্ত হৈয়ে আহিছিলো। কিন্তু, মোৰ জীৱনত কালিৰ দিনটো সঁচাকৈয়ে আৱেগিক কৰি দিয়া দিন আছিল। জন্মদিন হয়তো বিভিন্ন ধৰণে উদযাপনৰ কৰিব পাৰি। মানুহে বেলেগ বেলেগ ধৰণে উদযাপন কৰেও চাগৈ। এয়া ভুল বুলি ভবা বিধৰ মানুহ মই নহয়। পিচে, আপোনালোক আটাইৰে প্ৰয়াসৰ বাবে কালিৰ দিনটো মোৰ বাবে বহুত বিশেষ দিন হৈ উঠিল।
চিকিত্সা ক্ষেত্ৰৰে জড়িত লোকসকল, যিসকলে যোৱা ডেৰটা-দুটা বছৰ কালে দিনে-ৰাতি একাকাৰ কৰিছে, নিজৰ জীৱনৰ কথা চিন্তা নকৰি, ক’ৰোনাৰে যুঁজাৰ ক্ষেত্ৰত দেশবাসীক সহায়ৰ হাত আগবঢ়াই আহিছে, তেওঁলোকেই কালি যি ধৰণে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত অভিলেখ ৰচনা কৰি দেখুৱালে, সেয়া নিতান্তই বহুত ডাঙৰ কথা আছিল। সকলোৱে এইক্ষেত্ৰত বহুত সহযোগিতা আগবঢ়াইছিল। ৰাইজে ইয়াক সেৱা বুলি গ্ৰহণ কৰিছিল। এয়া তেওঁলোকৰ কৰুণাসিক্ত অনুভৱ, কৰ্তব্যবোধ আছিল, যাৰ প্ৰেৰণাৰে আঢ়ৈকোটি টীকা প্ৰদানৰে অসম্ভৱো সম্ভৱ হৈ উঠিছিল।


আৰু মই ভাবো, প্ৰতিষেধকৰ প্ৰতিটো পালিয়ে, একোটা জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আঢ়ৈকোটিৰো অধিক গৰাকী ব্যক্তিক ইমান কম সময়ৰ ভিতৰত, ইমান ডাঙৰ সুৰক্ষা কৱচ প্ৰদান কৰা কথাই সঁচাকৈ অনাবিল আনন্দ দান কৰে। জন্মদিন আহিব, যাব, কিন্তু কালিৰ এই দিনটোৱে মোৰ মনটোক বাৰুকৈয়ে চুই গ’ল; ই মোৰ বাবে অবিস্মৰণীয় হৈ উঠিল। মই যিমানেই ধন্যবাদ নিদিও কিয় সেয়া কমেই হ’ব। মই হৃদয়ৰ নিৰ্ভৃতকোণৰ পৰা প্ৰতিগৰাকী দেশবাসীক প্ৰণিপাত জনাইছো, সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো।


প্ৰিয় ভাই-ভনীসকল,
ভাৰতৰ টীকাকৰণ অভিযান, কেৱল স্বাস্থ্য সুৰক্ষাৰে কৱচ নহয়, বৰং এক প্ৰকাৰে জীৱিকাৰো সুৰক্ষা কৱচ হয়। এতিয়া আমি যদি চাও হিমাচলত, প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ১০০শতাংশ সম্পূৰ্ণ হৈছে, গোৱাত ১০০শতাংশ সম্পূৰ্ণ হৈছে, চণ্ডীগড় আৰু লাক্ষাদ্বীপতো সকলো যোগ্যতাসম্পন্ন ব্যক্তিকে প্ৰথম পালি প্ৰদান কৰা হৈছে। ছিক্কিমতো অতি সোনকালেই ১০০শতাংশ সম্পূৰ্ণ হ’ব। আন্দামান নিকোবৰ, কেৰালা, লাডাক্ষ, উত্তৰাখণ্ড, দাদ্ৰা আৰু নগৰ হাভেলীও বহুত পিচ পৰি থকা নাই।


বন্ধুসকল,
এই কথাৰ বিশেষ চৰ্চা হোৱা নাই যদিও ভাৰতে নিজৰ টীকাকৰণ অভিযানত পৰ্যটন খণ্ডৰে জড়িত ৰাজ্যসমূহক বহুত প্ৰথমিকতা প্ৰদান কৰিছে। আৰম্ভণিতে আমি এই কথা উল্লেখ কৰা নাছিলো, কিয়নো ইয়াক লৈয়ো ৰাজনীতি হ’লহেতেন। পিচে, আমাৰ পৰ্যটন স্থলীসমূহ যিমান পাৰি সিমান সোনকালে খোলাটো খুবেই জৰুৰী আছিল। এতিয়া উত্তৰাখণ্ডতো ‘চাৰ-ধাম যাত্ৰা’ কৰিব পৰা যাব। আৰু এইবোৰ প্ৰয়াসৰ মাজত, গোৱাত ১০০শতাংশ হোৱাটো খুবেই গুৰুত্বপূৰ্ণ কথা হিচাপে পৰিগণিত হৈছে।


দেশৰ পৰ্যটন খণ্ডক পুনৰ জাগৃত কৰাৰ ক্ষেত্ৰত গোৱাৰ ভূমিকা বহুতেই গুৰুত্বপূৰ্ণ। আপোনালোকে ভাবকচোন, ‘হোটেল ইণ্ডাষ্ট্ৰী’ৰ মানুহখিনিয়েই হওক, টেক্সি চালকেই হওক, ফেৰীৱালাই হওক, অথবা দোকানীসকলেই হওক, যেতিয়া এই সকলোৱেই প্ৰতিষেধক গ্ৰহণ কৰিছে, তেতিয়াতো পৰ্যটকসকলেও সুৰক্ষাৰ এক নিশ্চয়তা অনুভৱ কৰি ইয়ালৈ আহিবলৈ সাহস কৰিব পাৰিব। এতিয়া গোৱাই পৃথিৱীৰ আঙুলিৰ মূৰত গণিব পৰা কেইখনমান আন্তঃৰাষ্ট্ৰীয় পৰ্যটন স্থলীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আগবাঢ়িছে, য’ত মানুহে প্ৰতিষেধকৰ সুৰক্ষা কৱচ লাভ কৰিব পাৰিছে।


বন্ধুসকল,
আগন্তুক পৰ্যটন ঋতুত ইয়াত আগৰ দৰেই ‘টুৰিষ্ট এক্টিভিটিজ’ হ’ব, দেশ আৰু পৃথিৱীৰ পৰ্যটকে যাতে ইয়াত আনন্দ উপভোগ কৰিবহি পাৰে আমি সকলোৱে তাকেই কামনা কৰিছো। এয়া তেতিয়াহে সম্ভৱ হ’ব, আমি যেতিয়া টীকাকৰণৰ দৰেই ক’ৰোনাৰে জড়িত সৱধানতাসমূহৰ ওপৰতো সিমানেই গুৰুত্ব প্ৰদান কৰিম। সংক্ৰমণ কমিছে যদিও এতিয়াও আমি এই ভাইৰাছটোক সহজ বুলি গণ্য কৰিলে নহ’ব। সুৰক্ষা আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি যিমান গুৰুত্ব দিম, পৰ্যটকো সিমান অধিক হাৰত ইয়ালৈ আহিব। 


বন্ধুসকল,
কেন্দ্ৰীয় চৰকাৰেও অলপতে বিদেশী পৰ্যটকক উত্সাহিত কৰাৰ বাবে বহুবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতে আগন্তক ৫লাখ পৰ্যটকক ‘বিনামূলীয়া ভিছা’ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ভ্ৰমণ আৰু পৰ্যটনৰে জড়িত সংশ্লিষ্ট পক্ষসমূহকো ১০লাখ টকা পৰ্যন্ত ঋণ এশ শতাংশ চৰকাৰী ‘গেৰেণ্টী’ৰে দিয়াৰ ব্যৱস্থা কৰিছে। পঞ্জীয়ণকৃত ‘টুৰিষ্ট গাইড’সকলকো ১লাখ টকা পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰ আগলৈও এনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যিবোৰ পদক্ষেপ দেশৰ পৰ্যটন খণ্ডটোক দ্ৰুতগতিৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায়ক হ’ব।


বন্ধুসকল,
গোৱাৰ পৰ্যটন খণ্ডক আকৰ্ষণীয় কৰি তোলাৰ বাবে, ইয়াৰ কৃষক, মাচুৱৈ আৰু আন সকলো লোকৰ সুবিধাৰ বাবে আন্তঃগাঁথনিৰ ‘ডবল ইঞ্জিন’-ৰ চৰকাৰৰ ‘ডবল’ শক্তি পাই আছে। বিশেষকৈ ‘কানেক্টিভিটী’ৰে জড়িত আন্তঃগাঁথনিৰ ক্ষেত্ৰত গোৱাত অভুতপূৰ্ব ৰূপত কাম চলি আছে। মোপা-ত নিৰ্মিত ‘গ্ৰীণফিল্ড এয়াৰপ’ৰ্ট’টো আগন্তুক কেইটামান মাহৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব। এই বিমানবন্দৰক ৰাষ্ট্ৰীয় ঘাইপথৰে সংযোজিত কৰিবলৈ প্ৰায় ১২হাজাৰ কোটি টকাৰ বিনিয়োগৰে ৬লেনযুক্ত এটা আধুনিক ‘কানেক্টিং হাইৱে’’ও নিৰ্মাণ কৰি থকা হৈছে। গোৱাত কেৱল ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণতেই বিগত বছৰচেৰেকত বহু হাজাৰ কোটি টকাৰ বিনিয়োগ কৰা হৈছে।


আনন্দৰ কথা যে, ‘নৰ্থ গোৱা’ক ‘ছাউথ গোৱা’ৰে সংযোজিত কৰাৰ বাবে নিৰ্মাণ কৰা ঝুৰী ব্ৰিজ-ৰ উদ্বোধন আগন্তুক কেইটামান মাহৰ ভিতৰতে কৰিব পৰা যাব। আপোনালোকেও হয়তো জানে যে, পাণাজীৰ মাগোৰে ই সংযোজিত হ’ব। মোক জনোৱা মতে, গোৱাৰ মুক্তি সংগ্ৰামৰ অনন্য গাঁথাৰ সাক্ষী অগৌড়া ফৰ্টও অতি সোনকালেই ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব।


ভাই-ভনীসকল,
গোৱাৰ বিকাশৰ যি উত্তৰাধিকাৰিত্ব মনোহৰ পাৰিকৰ জীয়ে এৰি থৈ গৈছিল, সেয়া মোৰ বন্ধু ড০ প্ৰমোদ জী আৰু তেওঁৰ টীমে সম্পূৰ্ণ আন্তৰিকতাৰে আগবঢ়াই আনিছে। স্বাধীনতাৰ অমৃতকালত যেতিয়া দেশে আত্মনিৰ্ভৰতাৰ নতুন সংকল্পৰ সৈতে আগবাঢ়িব খুজিছে, তেতিয়াই গোৱাইয়ো স্বয়ংপূৰ্ণ গোৱাৰ সংকল্প গ্ৰহণ কৰিছে। মোক কোৱা হৈছে যে ‘আত্মনিৰ্ভৰ ভাৰত’, ‘স্বয়ংপূৰ্ণ গোৱা’ৰ এই সংকল্পৰ আধাৰত গোৱাত ৫০ৰো অধিক ‘কম্পনেণ্টছ’-ৰ নিৰ্মাণ আৰম্ভ কৰা হৈছে। এই কথাই ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাৰ বাবে গোৱাই যুৱপ্ৰজন্মৰ বাবে কৰ্মসংস্থানৰ নতুন সুযোগ তৈয়াৰ কৰাৰ বাবে কিমান গম্ভীৰতাৰে কাম কৰি আছে সেই কথাকে আঙুলিয়াই দিছে।


বন্ধুসকল,
আজি গোৱা কেৱল ক’ভিডৰ টীকাকৰণতে অগ্ৰণী নহয়, বৰং বিকাশৰ অনেক ক্ষেত্ৰতো দেশৰ অগ্ৰণী ৰাজ্যসমূহৰ অন্যতম হয়। গোৱাৰ গ্ৰামীণ আৰু চহৰাঞ্চলসমূহ সম্পূৰ্ণ ৰূপে ‘মুকলিত শৌচৰ পৰা মুক্ত’ হৈ উঠিছে। বিজুলী আৰু পানীৰ দৰে সা-সুবিধাসমূহৰ ক্ষেত্ৰতো গোৱাত ভালকৈ কাম চলি আছে। গোৱা দেশৰ এনে এখন ৰাজ্য য’ত এশ শতাংশ বিজুলীকৰণ সম্ভৱ কৰা হৈছে। প্ৰতি ঘৰকে নল সংযোজিত পানী যোগানৰ ক্ষেত্ৰতো গোৱাই অদ্ভুত সাফল্য লাভ কৰিছে। গোৱাৰ গাঁও অঞ্চলৰ প্ৰতিটো ঘৰলৈ নলৰে পানী যোগানৰ প্ৰয়াস সঁচায়ে প্ৰশংসনীয় হৈছে। ‘জল জীৱন মিছন’ৰ অধীনত বিগত ২টা বছৰত দেশে এই পৰ্যন্ত প্ৰায় ৫কোটি পৰিয়ালক নল সংযোজিত পানীৰ যোগান দিবলৈ সক্ষম হৈছে। গোৱাই এই অভিযানক যিধৰণে আগুৱাই নিছে, সেয়া গুড গভাৰ্নেন্স আৰু ইজ অব লিভিং-ক লৈ গোৱা চৰকাৰ প্ৰাথমিকতাকে স্পষ্ট কৰি তুলিছে।


ভাই-ভনীসকল,
‘সুশাসন’ৰ এই প্ৰশ্ৰুতিবদ্ধতাকে গোৱা চৰকাৰে ক’ৰোনা কালতো প্ৰদৰ্শিত কৰিছে। সকলো ধৰণৰ প্ৰত্যাহ্বান থকা স্বত্বেও, কেন্দ্ৰীয় চৰকাৰে গোৱালৈ যি সহায় আগবঢ়াইছে, তাক দ্ৰুতগতিৰে, কোনো বৈষম্যৰ অৱকাশ নৰখাকৈ প্ৰতিগৰাকী হিতাধিকাৰীক দিয়াৰ বাবে গোৱাৰ ‘টীম’য়ে কাম কৰিছে। প্ৰতিগৰাকী দুখীয়া, কৃষক, মাচুৱৈবন্ধুক সাহায্য দিয়াৰ ক্ষেত্ৰত সকলো উদ্যোগেই গ্ৰহণ কৰিছে। মাহ মাহ ধৰি গোৱাৰ দৰিদ্ৰ পৰিয়ালসমূহক বিনামূলীয়া ৰেচন সম্পূৰ্ণ সততাৰে দিয়াৰ ব্যৱস্থা কৰা হৈছে। বিনামূলীয়া গেছ চীলিণ্ডাৰ পোৱাত গোৱাৰ বহুসংখ্যক বাই-ভনীয়ে সংকটৰ মুহূৰ্তত সকাহ লাভ কৰিব পাৰিছে।


গোৱাৰ কৃষক পৰিয়ালসমূহক ‘পিএম কিষাণ সন্মান নিধি’-ৰ পৰা বহু কোটি টকা পোণপতীয়া ভাবে ‘বেংক একাউণ্ট’ৰ জৰিয়তে পোৱাৰ ব্যৱস্থা কৰা হৈছে। ক’ৰোনাকালতে ইয়াৰ ক্ষুদ্ৰ খেতিয়কসকলক ‘মিছন মোড’-ত ‘কিষাণ ক্ৰেডিট কাৰ্ড’ প্ৰদান কৰা হৈছে। এয়াই নহয়, গোৱাৰ পশুপালক, মাচুৱৈসকলকো প্ৰথমবাৰৰ বাবে বিশাল সংখ্যত ‘কিষাণ ক্ৰেডিট কাৰ্ড’ৰ সুবিধা প্ৰদান কৰা হৈছে। ‘পিএম স্বনিধি যোজনা’ৰ অধীনত গোৱাত পথৰ দাঁতিৰ দোকানীসকলক তাত্ক্ষণিক ঋণ দিয়াৰো কাম চলি আছে। এই সকলো প্ৰয়াসৰ সুবাদত গোৱাৰ ৰাইজে বানৰ সময়ত বহুখিনি সকাহ লাভ কৰিলে।


ভাই-ভনীসকল,
গোৱা অসীম সম্ভাৱনাপূৰ্ণ এখন প্ৰদেশ। গোৱা দেশৰ এখন ৰাজ্যই নহয়, বৰং ‘ব্ৰেণ্ড ইণ্ডিয়া’ৰো এক শক্তিশালী পৰিচয়ো হয়। সেয়ে গোৱাৰ এই ভূমিকাক বিস্তাৰিত ৰূপ দিয়াত আমি সকলোৱে হাত উজান দিয়াতো আমাৰ সকলোৰে এক দায়িত্বই হোৱা উচিত। গোৱাত আজি যিবোৰ ভাল কাম হৈ আছে, তাক অব্যাহত ৰখাতো বহুতেই আৱশ্যক হ’ব। বহু দিনৰ পিচত গোৱাই ৰাজনৈতিক স্থিৰতা আৰু সুশাসনৰ লাভ পাবলৈ সক্ষম হৈছে।


এই গতিশীলতাক গোৱাৰ ৰাইজে এনেদৰেই অব্যাহত ৰাখিব, এই কামনাৰেই আপোনালোক আটাইকে পুনৰাই বহুত বহুত শুভকামনা জনালো। প্ৰমোদজী আৰু তেওঁৰ সম্পূৰ্ণ ‘টীম’টোকো অভিনন্দন জনালো। 
 
সগল্যাঁক দেৱ বৰে কৰু
ধন্যবাদ !

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, the world does not suffer from a shortage of resources; it suffers from a shortage of trust: PM Modi at G7 Summit in Evian, France
June 16, 2026

राष्ट्रपति मैक्रों,
Your Excellencies,

नमस्कार!

G-7 समिट में हमारे गर्मजोशी भरे स्वागत के लिए मैं राष्ट्रपति मैक्रों का हार्दिक आभार व्यक्त करता हूँ।

Friends,

आज का विश्व पहले से कहीं अधिक inter-connected और inter-dependent है। किसी भी देश की ऊर्जा सुरक्षा, खाद्य सुरक्षा, स्वास्थ्य सुरक्षा, साइबर सुरक्षा और आर्थिक समृद्धि केवल उसकी सीमाओं के भीतर तय नहीं होती। Mobility, data, capital, technology, ये सभी हमें आपस में जोड़ते हैं।

ऐसे समय में Partnerships का महत्व स्वाभाविक रूप से बढ़ जाता है। लेकिन साझेदारियाँ तभी सफल होती हैं जब उनके केंद्र में विश्वास हो। आज सबसे महत्वपूर्ण Strategic Asset कोई mineral, technology या market नहीं, बल्कि आपसी विश्वास है।

विश्वास कि टेक्नॉलजी और supply chains को हथियार के रूप में नहीं, global good के लिए इस्तेमाल किया जाएगा। विश्वास कि विकास के अवसर कुछ देशों तक सीमित नहीं रहेंगे। विश्वास कि वैश्विक संस्थान सभी देशों की आकांक्षाओं को पूरा करने में सक्षम होंगे।

Friends,

पिछली सदी में मानवता को दो विश्व युद्धों से गुज़रना पड़ा। अनेक बलिदानों के बाद विश्व समुदाय ने शांति, स्थिरता और समृद्धि की ओर बढ़ने के लिए व्यवस्थाएं विकसित की। इन व्यवस्थाओं का आधार भी trust ही था।

किन्तु अनेक दशकों से, अनेक पीढ़ियों के योगदान से बनाए गए विश्वास को आज चोट पहुँच रही है। कोविड ने हमें आईना दिखाया कि trust और solidarity के दावे कितने खोखले थे।

Today the world does not suffer from a shortage of resources; it suffers from a shortage of trust. And the future of our partnerships depends on building this trust.

अमेरिका के राष्ट्रपति रोनल्ड रेगन ने कहा था: Trust but Verify. यह आज के समय में भी प्रासंगिक है। भावी पीढ़ियों के प्रति हमारा दायित्व है कि हम नए युग के अनुरूप trusted rules based order का निर्माण करें।

Friends,

भारत ने सदैव विश्व को एक परिवार के रूप में देखा है। हमारे सभी प्रयास “सर्वजन हिताय, सर्वजन सुखाय” यानि, welfare and happiness for all के मूल सिद्धांत पर आधारित रहे हैं।

भारत का अनुभव दिखाता है कि विकास सबसे अधिक प्रभावी तब होता है जब वह लोगों की आकांक्षाओं से जुड़ा हो। यही सिद्धांत हमारी अंतरराष्ट्रीय साझेदारियों का भी आधार है। इसी सोच के साथ भारत ने International Solar Alliance, Coalition for Disaster Resilient Infrastructure, ग्लोबल बायोफ्यूल्स एलायंस, Mission LiFE, और “एक पेड़ माँ के नाम” जैसी वैश्विक पहलों को आगे बढ़ाया है।

संकट के समय भारत ने First Responder के रूप में सभी देशों की सहायता करना अपना दायित्व समझा है। कोविड महामारी के दौरान भारत ने डेढ़ सौ से अधिक देशों को दवाइयाँ और vaccines उपलब्ध कराईं।

श्रीलंका में cyclone हो, अफगानिस्तान में भूकंप हो, मोज़ाम्बिक में floods हों, या क्यूबा और जमैका में hurricane, भारत ने सदैव "Humanity First" के सिद्धांत पर कार्य किया है। हमारी विकास साझेदारियाँ भी इसी भावना को प्रतिबिंबित करती हैं। हमारे प्रयास पार्टनर देशों में capacity building और कौशल विकास पर केन्द्रित रहे हैं।

भारत का मानना है: The true test of partnership is not what we build for others, but what we enable others to build for themselves.

Friends,

आज ग्लोबल साउथ की विश्व समुदाय से बहुत उम्मीदें हैं। किन्तु उनकी अपेक्षा सहारे की नहीं, साथ की है। वे वैश्विक विकास के लाभार्थी नहीं, उसके भागीदार बनना चाहते हैं।

हमें donor–recipient की सोच से आगे बढ़कर, equal पार्टनर्स के रूप में काम करना होगा। उनके पास-पास नहीं, साथ-साथ चलना होगा। साझेदारी को dependency के बजाय, dignity से जोड़ना होगा। इन प्रयासों से हम भावी पीढ़ियों के सतत विकास की मजबूत नींव रख सकेंगे।

Friends,

अंतरराष्ट्रीय साझेदारियाँ और वैश्विक एकजुटता तभी सार्थक बन सकती हैं, जब हम साझा चुनौतियों का मिलकर समाधान करें। भारत का दृढ विश्वास है कि विश्व के विभिन्न हिस्सों में चल रहे तनावों और युद्धों का स्थायी समाधान dialogue, diplomacy और अंतरराष्ट्रीय सहयोग के मार्ग से ही संभव है।

हम west asia में शांति प्रयासों में हुई प्रगति का स्वागत करते हैं। इस संघर्ष से west asia में हमारे मित्र देशों को जान-माल का नुकसान झेलना पड़ा है। होर्मुज़ स्ट्रेट में maritime ट्रेड में आई बाधा के कारण पूरे विश्व की अर्थव्यवस्था को नुकसान पहुंचा। भारत के कई civilians को जान गंवानी पड़ी। Global maritime ट्रेड के माध्यम से सभी देशों को आपस में जोड़ने वाले नाविकों की सुरक्षा हमारा दायित्व है। हमें यह सुनिश्चित करना होगा कि समुद्री मार्ग सुरक्षित रहें, और Seafarers बिना भय के अपना कार्य कर सकें।

Friends,

भारत इन विषयों पर सभी पार्टनर्स के साथ मिलकर काम करने के लिए पूरी तरह से तैयार है।

बहुत-बहुत धन्यवाद।