“যি পৰিস্থিতিত সোমনাথ মন্দিৰ ধ্বংস কৰা হৈছিল আৰু যি পৰিস্থিতিত চৰ্দাৰ পেটেলৰ উদ্যোগত মন্দিৰৰ সংস্কাৰ হৈছিল–এই দুয়োটা পৰিস্থিতিৰ মাজতে এক ডাঙৰ বার্তা আছে”
“বর্তমান পর্যটন কেন্দ্রসমূহৰ মান উন্নয়ন কেৱল চৰকাৰী কাৰ্যসূচীৰ অংগ নহয় বৰঞ্চ জনগণৰ অংশগ্রহণত এক অভিযান হৈ পৰিছে; দেশৰ ঐতিহ্যপূৰ্ণ স্থান আৰু আমাৰ সাংস্কৃতিক পৰম্পৰাৰ পুনৰুজ্জীৱিতকৰণ এই অভিযানৰ এক উজ্জ্বল নিদৰ্শন”
দেশত এতিয়া পর্যটন ক্ষেত্রক এক উৎকৰ্ষমূলক দৃষ্টিভংগীৰে চোৱা হৈছে; পর্যটনৰ পৰিকল্পনাৰ লগতে স্বচ্ছতা, সময় আৰু সঠিক চিন্তাভাৱনাৰ দৰে বিষয়সমূহত গুৰুত্ব দিয়া হৈছে
“আমাৰ চিন্তাভাৱনা উদ্ভাৱনী আৰু আধুনিক হোৱা দৰকাৰ; একেসময়তে আমি প্রাচীন ঐতিহ্যক লৈও গৌৰৱবোধ কৰা উচিৎ”

জয় সোমনাথ!

কাৰ্যক্ৰমত উপস্থিত থকা গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, প্ৰদেশ ‘ভাজপা’ৰ অধ্যক্ষ আৰু সংসদত মোৰ সতীৰ্থ শ্ৰী চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ মন্ত্ৰী পূৰ্ণেন্দ্ৰ মোদী, অৰৱিন্দ ৰয়াণী, দেৱাভাই মালম, জুনাগড়ৰ সাংসদ ৰাজেশ চুড়াসমা, ‘সোমনাথ মন্দিৰ ন্যাস’ৰ সদস্যসকল, মহানুভৱ, আইসকল আৰু সজ্জনসকল!

ভগৱান সোমনাথৰ আৰাধনা সংক্ৰান্তত আমাৰ শাস্ত্ৰত কোৱা হৈছে:

শক্তি প্ৰদানায় কৃপা অৱতীৰ্ণম্, তম্ সোমনাথম্ শৰনম্ প্ৰপদ্ধে।।

অৰ্থাত, ভগবান সোনাথৰ কৃপা অৱতীৰ্ণ হয়, কৃপাৰ ভাণ্ডাৰ খুলি যায়। বিগত কিছু সময়ৰ পৰা যেনেকৈ ইয়াত এটাৰ পিচত এটাকৈ বিকাশমূলক কাৰ্য হ’বলৈ ধৰিছে, এয়া ‘সোমনাথ দাদা’ৰেই বিশেষ কৃপা বুলি ধৰিব লাগিব। সোমনাথ ন্যাসৰে জড়িত হোৱাৰ পিচত মই ইমানবোৰ কাণ্ড হোৱা দেখিবলৈ পাইছো যে মই ইয়াক নিজৰ সৌভাগ্য বুলিয়ে গ্ৰহণ কৰি আহিছো। কেইটামান মাহৰ আগতে ইয়াত প্ৰদৰ্শনী বিথিকা আৰু ‘প্ৰমেনেড’ সহ বহুকেইটা উন্নয়ণী কামৰ উদ্বোধন কৰা হৈছিল। পাৰ্বতী মন্দিৰৰ আধাৰশিলাও স্থাপন কৰা হৈছিল। আৰু আজি সোমনাথ আৱৰ্ত ভৱনৰ দ্বাৰ উন্মোচনও সম্পন্ন হৈছে। মই এই মহত্বপূৰ্ণ উপলক্ষত গুজৰাট চৰকাৰক, ‘সোমনাথ মন্দিৰ ন্যাস’ৰ লগতে আপোনালোক আটাইকে আন্তৰিক অভিনন্দন জনাইছো।

বন্ধুসকল,

এটা আৱৰ্ত ভৱনৰ অভাৱ নিশ্চয় আছিল, আৱৰ্ত ভৱন এটা নথকা সময়ত বাহিৰৰ পৰা অহাসকলক ৰখাৰ বাবে মন্দিৰ ন্যাসে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এতিয়া যেনিবা আৱৰ্ত ভৱনটো নিৰ্মাণৰ পিচত, এটা সতন্ত্ৰ ব্যৱস্থা উপলব্ধ হোৱাৰ পিচত, সেয়াও মন্দিৰৰ পৰা বেছি দূৰৈত নোহোৱাৰ বাবে, মন্দিৰে ইমান দিন সন্মুখীন হৈ অহা সমস্যাও বহু পৰিমাণে হ্ৰাস পাব। মোক কোৱ হৈছে যে এই ভৱনটো এনেকৈ নিৰ্মাণ কৰা হৈছে যে ইয়াত থাকিব খোজা সকলে সমুদ্ৰ দৰ্শনো কৰিব পাৰিব। অৰ্থাত্, ইয়াত থাকিব বিচৰা সকলে কোঠাত বহি বহিয়েই সাগৰৰ ঢৌও দেখিব আৰু সোমনাথৰ শিখৰো প্ৰত্যক্ষ কৰিব পাৰিব। এই বৰ্দ্ধিত সুবিধাৰ বাবেই ভৱিষ্যতে দীৱয়েই হওক, কিম্বা গীৰেই হওক, দ্বাৰকা, বেদ দ্বাৰকাই হওক, এই সমগ্ৰ অঞ্চলটোৰ পৰা যিসকল যাত্ৰী আহিব, সোমনাথৰ এই পৰ্যটন কেন্দ্ৰ একপ্ৰকাৰে এক মধ্যস্থল হিচাপে পৰিগণিত হ’বগৈ।

বন্ধুসকল,

যেতিয়া আমি আমাৰ সভ্যতাৰ প্ৰত্যাহ্বানপূৰ্ণ যাত্ৰাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰো, তেতিয়া অনুমান কৰিব পাৰি যে ভাৰতে বহু শ বছৰ ধৰি পৰাধীনতাৰ কি এক দুৰ্দশাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়াত পৰিছিল। যি পৰিস্থিতিত সোমনাথ মন্দিৰক ধ্বংস কৰা হৈছিল, আৰু যি পৰিস্থিতিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰয়াসৰে মন্দিৰৰ জীৰ্ণোদ্ধাৰ কৰা হৈছিল, সেই দুই ঘটনাই আমাৰ বাবে এক ডাঙৰ বাৰ্তা। আজি স্বাধীনতাৰ ‘অমৃত মহোত্সৱ’ত আমি দেশৰ অতীতৰ পৰা যিবোৰ শিক্ষা গ্ৰহণ কৰিব বিচাৰো, সোমনাথৰ দৰে আস্থা আৰু সংস্কৃতিৰ স্থল তাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ।

বন্ধুসকল,

বেলেগ বেলেগ ৰাজ্যৰ পৰা, দেশ আৰু পৃথিৱীৰ বিভিন্ন প্ৰন্তৰ পৰা, সোমনাথ মন্দিৰ দৰ্শন কৰিবলৈ প্ৰতি বছৰে প্ৰায় এক কোটি দৰ্শনাৰ্থী আহে। এই সকল শ্ৰদ্ধালুৱে যেতিয়া ইয়াৰ পৰা উভতি যায় তেতিয়া নিজৰ সৈতে বহুবোৰ নতুন অনুভৱ, বহুবোৰ নতুন ভাব-ধাৰণা, একোটা নতুন চিন্তা লৈ যায়। সেয়ে, একোটা যাত্ৰা যিমানেই গুৰুত্বপূৰ্ণ হয়, সিমানেই গুৰুত্বপূৰ্ণ হয় তাৰ অনুভৱো। তীৰ্থযাত্ৰাততো বিশেষকৈ, আমাৰ ইচ্ছা হয় যে আমাৰ মন ভগৱানৰ সৈতে বিলীন হৈ থাকক, যাত্ৰাৰে জড়িত অন্য অসুবিধাসমূহৰে যুঁজিব যাতে নালাগে, জঞ্জালত যাতে পৰিবলগীয়া নহয়। চৰকাৰ আৰু সংস্থাসমূহৰ প্ৰয়াসে কেনেকৈ বিভিন্ন তীৰ্থসমূহক পৰিচালিত কৰিছে, সোমনাথ মন্দিৰৰো তাৰ এক জীৱন্ত উদাহৰণ। আজি ইয়ালৈ আহিবলগীয়া শ্ৰদ্ধালুসকলৰ বাবে থকা-মেলাৰ বাবে ভাল ব্যৱস্থা কৰি থকা হৈছে, পথ আৰু পৰিবহণৰ সুবিধা বৃদ্ধি পাইছে। ইয়াত উন্নত মান ‘প্ৰমোনাড’ বিকশিত কৰা হৈছে, ‘পাৰ্কিং’-ৰ ব্যৱস্থা কৰা হৈছে, তীৰ্থযাত্ৰীসকলৰ সেৱাকেন্দ্ৰ নিৰ্মাণ কৰা হৈছে, চাফ-চিকুণতাৰ বাবে আৱৰ্জনা-প্ৰবন্ধনৰ আধুনিক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। এটা সুন্দৰ ‘পিলগ্ৰিম প্লাজা আৰু কমপ্লেক্স’ৰ প্ৰস্তাৱো আপোনালোকে অন্তিম চৰণত ৰাখিছে। আমি জানো যে, অলপতে আমাৰ পূৰ্ণেশ ভায়ে ইয়াৰ বৰ্ণনাও কৰিছিল। ‘মা অম্বাজী মন্দিৰ’তো এনেধৰণৰ বিকাশ আৰু যাত্ৰীসকলৰ সা-সুবিধাসমূহৰ নিৰ্মাণৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে। ‘দ্বাৰিকাধীশ মন্দিৰ’, ‘ৰুক্মিনী মন্দিৰ’ আৰু ‘গোমতিঘাট’সহ আৰু এনে বহুত উন্নয়ণমূলক কাৰ্যও আমি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছো। এইসমূহে যাত্ৰীসকললৈ সুবিধাও আগঢ়াইছে, আৰু গুজৰাটৰ সাংস্কৃতিক পৰিচিতিকো শক্তিশালী কৰি তুলিছে।

মই এইসমূহ অভিজ্ঞতাৰ মাজত, গুজৰাটৰ সকলো ধৰ্মীয় আৰু সামাজিক সংগঠনকো এই সুযোগতে নিশ্চিত ভাবেই সাধুবাদ জনাইছো, তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছো। আপোনালোকৰ দ্বাৰা ব্যক্তিগত স্তৰতো যি ধৰণৰ বিকাশ আৰু সেৱামূলক কাম-কাজ সততে কৰি থকা হৈছে, সেইসমূহো মোৰ দৃষ্টিত ‘সকলোৰে প্ৰয়াস’ৰ চিন্তাৰ উত্তম উদাহৰণ। ‘সোমনাথ মন্দিৰ ন্যাস’য়ে ক’ৰোনাৰ এই দুৰ্যোগপূৰ্ণ সময়ছোৱাত যি ধৰণে যাত্ৰীসকলৰ চোৱাচিতা কৰিছে, সমাজৰ দায়িত্ব গ্ৰহণ কৰিছে, তাত ‘জীৱ মাত্ৰেই শিৱ’ৰ আমাৰ যি বিচাৰধাৰা আছিল তাৰেই দৰ্শন হোৱা যেন অনুভৱ হৈছে।

বন্ধুসকল,

আমি পৃথিৱীৰ বহুবোৰ দেশৰ বিষয়ে শুনো যে তেওঁলোকৰ অৰ্থব্যৱস্থাত পৰ্যটনৰ যোগদান সকলোতকৈ অধিক, ইয়াক বহুত অগ্ৰধিকাৰ দি বৰ্ণনা কৰা হয়। আমাৰ দেশতো প্ৰতিখন ৰাজ্যত, প্ৰতিটো স্থানত, পৃথিৱীৰ দেশসমূহৰ এখন এখন দেশত যিমানখিনি শক্তি আছে, সিমানখিনি আমাৰ এখন এখন ৰাজ্যতে আছে। এনে অনন্ত সম্ভাৱনা আছে। আপোনালোকে যিকোনো এখন ৰাজ্যৰ নামেই ল’ব পাৰে, সকলোতকৈ আগত মনলৈ কি আহে! গুজৰাটৰ নাম লও যদি সোমনাথ, দ্বাৰিকা, ‘ষ্টেচ্যু অব ইউনিটী’, ‘ধোলাবীৰা’, কচ্ছৰ ৰাণ, এনে অদ্ভুত স্থানসমূহৰ নামেই মনত উবুৰি খাই পৰেহি। উত্তৰ প্ৰদেশৰ নাম ল’লেই অযোধ্যা, মথুৰা, কাশী, প্ৰয়াগ, কুশীনগৰ, বিন্ধাচলৰ দৰে অনেক নামে এক প্ৰকাৰে মনক আচ্ছন্ন কৰি তোলে। সাধাৰণ লোকসকলে সদায়ে বিচাৰে এইবোৰ স্থানলৈ যদি যাব পাৰিলোহেতেন! উত্তৰাখণ্ডততো দেৱভূমিয়েই আছে। বদ্ৰীনাথ জী, কেঁদাৰনাথ জী, তাতে আছে। হিমাচল প্ৰদেশৰ কথা যদি কোৱা হয় তেন্তে, ‘মা জ্বালাদেৱী’ তাতে আছে, ‘মা নয়নাদেৱী’ আছে, সম্পূৰ্ণ পূৰ্বোত্তৰখনতো দৈৱীয় আৰু প্ৰাকৃতিক আভাৰেই পৰিপূৰ্ণ। এইদৰেই ৰামেশ্বৰমলৈ যোৱাৰ বাবে তামিলনাডু, পুৰীলৈ যোৱাৰ বাবে ওড়িশা, ‘তিৰুপতি বালাজী’ৰ দৰ্শনৰ বাবে অন্ধ্ৰ প্ৰদেশ, ‘সিদ্ধি বিনায়ক জী’ৰ বাবে মহাৰাষ্ট্ৰ, সাবৰীমালাৰ বাবে কেৰালাৰ নাম মনলৈ আহিয়েই যায়। আপোনালোকে যিখন ৰাজ্যৰ নামেই লয়, তীৰ্থস্থান আৰু পৰ্যটনৰ কোনো একোটা কেন্দ্ৰৰ নাম একেলগতে আমাৰ মনলৈ আহিবই। এইবোৰ স্থানে আমাৰ ৰাষ্ট্ৰীয় একতাক, ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ ভাৱনাক প্ৰতিনিধিত্ব কৰে। এইসমূহ স্থানলৈ কৰা যাত্ৰাই ৰাষ্ট্ৰীয় একতা বৃদ্ধি কৰে, আজি দেশে এইসমূহ ঠাই সমৃদ্ধিৰ এক স্ৰোতৰ ৰূপতো প্ৰত্যক্ষ কৰিবলৈ লৈছে। এইসমূহ বিকাশৰে আমি এক বৃহত্ অঞ্চলৰ উন্নয়ণক গতি দিব পাৰিম।

বন্ধুসকল,

বিগত ৭টা বছৰত দেশে পৰ্যটনৰ সম্ভাৱনাসমূহক সাকাৰ কৰাৰ বাবে নিৰবিচ্ছিন্ন ভাবে কাম কৰি আছে। পৰ্যটন কেন্দ্ৰৰ এই বিকাশ আজি কেৱল চৰকাৰী আঁচনিৰ অংগই নহয়, বৰঞ্চ জন-অংশীদাৰিত্বৰো এক অভিযান হৈ উঠিছে। দেশৰ ঐতিহ্য-ক্ষেত্ৰসমূহ, আমাৰ সাংস্কৃতিক বৈভৱসমূহৰ বিকাশ ইয়াৰ বহুত ডাঙৰ উদাহৰণ। আগতে যিসমূহ ঐতিহ্য-ক্ষেত্ৰ উপেক্ষিত হৈ আছিল, সেইসমূহ এতিয়া সকলোৰে সহযোগিতাৰে বিকশিত কৰাৰ দিহা কৰা হৈছে। ব্যক্তিগত খণ্ডসমূহেও এই কাৰ্যত সহযোগ কৰাৰ বাবে আগবাঢ়ি আহিছে। ‘ইনক্ৰেডিবল ইণ্ডিয়া’ আৰু ‘দেখো আপনা দেশ’ৰ দৰে অভিযানে আজি দেশৰ গৌৰৱসমূহক পৃথিৱীৰ সন্মুখত বাংময় কৰি তুলিছে, পৰ্যটনক উত্সাহিত কৰি আহিছে।

‘স্বদেশ দৰ্শন আঁচনি’ৰ অধীনত দেশত ১৫টা ‘থীম বেছড টুৰিষ্ট-চাৰ্কিট’ও বিকশিত কৰি থকা হৈছে। এইসমূহ ‘চাৰ্কিট’-য়ে কেৱল দেশৰ ভিন ভিন প্ৰান্তকে পৰস্পৰে সংযুক্ত নকৰে, বৰং নতুন পৰিচিতি প্ৰদান কৰি পৰ্যটনক সুগমো কৰি তুলে। ‘ৰামায়ণ চাৰ্কিট’ৰ জৰিয়তে আপোনালোকে ভগৱান ৰামৰে বিজড়িত যিমানবোৰ স্থান আছে, ভগৱান ৰামৰ সৈতে যিবোৰ বস্তুৰ উল্লেখ কৰা হয়, সেই প্ৰতিটো স্থানক এটাৰ পিচত এটাকৈ দৰ্শন কৰিব পাৰিব। ইয়াৰ বাবে ৰে’লবিভাগৰ দ্বাৰা বিশেষ ৰে’লগাড়ীৰ চলাচলো আৰম্ভ কৰা হৈছে, আৰু মোক কোৱা মতে এয়া বহুত জনপ্ৰিয়ও হৈ উঠিছে।

এখন বিশেষ ৰে’লগাড়ী কাইলৈৰ পৰা ‘দিব্য কাশী যাত্ৰা’ৰ বাবেও দিল্লীৰ পৰা আৰম্ভ কৰা হ’ব। বুদ্ধ চাৰ্কিট-য়ে দেশ-বিদেশৰ পৰ্যটকৰ বাবে ‘ভিছা’ নিয়মাৱলীকো সৰল কৰি তুলিছে, যাৰ সুফলো দেশে লাভ কৰিব। এতিয়া ক’ভিডৰ বাবে অলপ-অচৰপ সমস্যা নিশ্চয় হৈছে কিন্তু মোৰ বিশ্বাস সংক্ৰমণৰ হাৰ অলপ কমিলেই, পৰ্যটকৰ সংখ্যা পুনৰ দ্ৰুতগতিৰে বৃদ্ধি পাব। চৰকাৰে যি টীকাকৰণ অভিযান চলাই আছে, তাতো এই কথাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে, যাতে আমাৰ পৰ্যটন কেন্দ্ৰসমূহত প্ৰাথমিকতাৰ আধাৰত সকলোকে প্ৰতিষেধক প্ৰদান কৰা হয়। গোৱা, উত্তৰাখণ্ডৰ দৰে ৰাজ্যসমূহেতো এই ক্ষেত্ৰত বহুত দ্ৰুতগতিৰে কাম কৰিছে।

বন্ধুসকল,

আজি দেশে পৰ্যটনক ‘সমগ্ৰ ৰূপ’ত, ‘হ’লিষ্টিক ৱে’-ৰে চাবলৈ লৈছে। আজিৰ তাৰিখত পৰ্যটনৰ পৰিসৰ বঢ়োৱাৰ বাবে চাৰিটা কথা আৱশ্যক। সেয়া হৈছে, প্ৰথম: ‘স্বচ্ছতা’- আগতে আমাৰ পৰ্যটন স্থলীসমূহ, পবিত্ৰ তীৰ্থস্থানসমূহ অপৰিচ্ছন্ন আছিল। আজি ‘স্বচ্ছ ভাৰত অভিযান’য়ে এই প্ৰতিচ্ছৱি সলাই পেলাইছে। যিমানেই স্বচ্ছতা আহিবলৈ ধৰিছে, পৰ্যটনৰ ক্ষেত্ৰতো লাভ হোৱা পৰিলক্ষিত হৈছে। পৰ্যটন বঢ়োৱাৰ বাবে দ্বিতীয়টো গুৰুত্বপূৰ্ণ তত্ব হৈছে: ‘সুবিধা’। কিন্তু সুবিধাসমূহৰ সীমা কেৱল পৰ্যটন স্থল পৰ্যন্ত সীমিত হোৱা উচিত নহয়। সুবিধা পৰিবহণৰ, ইণ্টাৰনেটৰ, শুদ্ধ তথ্য-পাতিৰ, চিকিত্সাব্যৱস্থাৰ, প্ৰতিটো বস্তুৰে হোৱা উচিত। আৰু এই দিশতো দেশত চৌফালৰ পৰা কাম কৰি থকা হৈছে।

বন্ধুসকল,

পৰ্যটন বৃদ্ধিৰ বাবে তৃতীয়টো গুৰুত্বপূৰ্ণ কথা হৈছে ‘সময়’। আজিকালি ‘টুৱেণ্টী-টুৱেণ্টী’-ৰ দৌৰ চলি আছে। মানুহে কম সময়তে অধিকৰ পৰা অধিক স্থানলৈ যাব বিচাৰে। আজি দেশত যিসমূহ ‘হাইৱে’, ‘এক্সপ্ৰেছ ৱে’ নিৰ্মাণ কৰা হৈছে, আধুনিক ৰে’লগাড়ী চলি আছে, নতুন বিমানবন্দৰ আৰম্ভ হৈছে, সেইবোৰৰ পৰা এই ক্ষেত্ৰত বহুখিনি সহযোগিতা লাভ কৰিব পৰা গৈছে। ‘উড়ান যোজনা’ৰ আধাৰত বিমানৰ ভাড়াও বহুখিনি কম কৰা হৈছে। অৰ্থাত্ যাত্ৰাৰ সময় যিমানেই কমিছে, খৰছ কম হ’বলৈ ধৰিছে, সিমানেই পৰ্যটন বাঢ়িবলৈ ধৰিছে। আমি যদি গুজৰাটৰ কথাই কও তেন্তে আমাৰ ইয়াত বনাসকাণ্ঠাত ‘অম্বাজী দৰ্শন’ৰ বাবে, পৱনগঢ়ত ‘কালিকা মাতা’ৰ দৰ্শনৰ বাবে, গিৰনাৰত এতিয়াতো ‘ৰোপ ৱে’ও হৈ গ’ল, সতপুড়াত মুঠতে চাৰিটা ‘ৰোপ ৱে’ৰ কাম কৰি থকা হৈছে। এইসমূহ ‘ৰোপ ৱে’ আৰম্ভ হোৱাৰ পিচত পৰ্যটকৰ সুবিধা বৃদ্ধি হৈছে আৰু পৰ্যটকৰ সংখ্যাও বাঢ়িবলৈ ধৰা দেখা গৈছে। এতিয়া ক’ৰোনাৰ প্ৰভাৱ বহুখিনি কমিছে, কিন্তু আমি দেখিছো যে যেতিয়া স্কুল-কলেজৰ ছাত্ৰ্-ছাত্ৰীসকল শিক্ষামূলক ভ্ৰমণত যায়, তেওঁলোককো এইসমূহ ঐতিহাসিক স্থানে বহু কথাই শিকায়। দেশৰ এইসমূহ স্থানত যিহেতু সা-সুবিধা বাঢ়িছে, সেয়ে বিদ্যাৰ্থীসকলৰো শিকা-বুজাৰ ক্ষেত্ৰত সহজ হ’ব, তেওঁলোকেও দেশৰ ঐতিহ্যসমূহৰ সৈতে আত্মীয়তা অনুভৱ কৰিব পাৰিব।

বন্ধুসকল,

পৰ্যটন বঢ়োৱাৰ বাবে চতুৰ্থ আৰু অতিকে গুৰুত্বপূৰ্ণ কথটো হৈছে- ‘আমাৰ মানসিকতা’। আমাৰ মানসিকতা ‘উদ্ভাৱনশীল’ আৰু ‘আধুনিক’ হোৱাটো নিতান্তই প্ৰয়োজন। কিন্তু লগতে প্ৰাচীন ঐতিহ্যসমূহক লৈ আমি যে কিমান গৰ্ব কৰো এই কথাৰো বিশেষ গুৰুত্ব আছে। আমাৰ মনত এইবোৰক লৈ গৌৰৱ ভাৱ আছে, সেয়ে আমি ভাৰতৰ পৰা চুৰি কৰি নিয়া মূৰ্তিসমূহ, পুৰণি ঐতিহ্যসমূহক পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ওভতাই অনাৰ কাম কৰি আছো। আমাৰ বাবে আমাৰ পূৰ্বজসকলে ইমানবোৰ সম্পদ এৰি থৈ গৈছে। কিন্তু এটা সময় আছিল যেতিয়া আমাৰ ধৰ্মীয় সাংস্কৃতিক পৰিচয় সম্পৰ্কে কথা পাতিবলৈকে সংকোচ কৰা হৈছিল। স্বাধীনতাৰ পিচত দিল্লীত কেইটামান আঙুলিৰে গণিব পৰা পৰিয়ালৰ বাবে নতুনকৈ নিৰ্মাণ হৈছিল। কিন্তু আজি দেশে সেই সংকীৰ্ণ মনোভাৱক পিচত এৰি থৈ, নতুন গৌৰৱ স্থলৰ নিৰ্মাণ কৰিবলৈ ধৰিছে, সেইসমূহক ভব্যতা প্ৰদান কৰিবলৈ ধৰিছে। এয়া আমাৰেই চৰকাৰ যিয়ে দিল্লীত ‘বাবা চাহাব স্মাৰক’ৰ নিৰ্মাণ কৰিছে। এয়া আমাৰেই চৰকাৰ যিয়ে ৰামেশ্বৰমত এ পি জে আব্দুল কালাম স্মাৰক নিৰ্মাণ কৰিছে। এইদেৰেই, নেতাজী সুভাষ চন্দ্ৰ বসু আৰু শ্যামজী কৃষ্ণ বৰ্মাৰ দৰে মহাপুৰুষৰ সৈতে বিজড়িত স্থানসমূহকো ভব্যতা প্ৰদান কৰিছে। আমাৰ আদিবাসী সমাজৰ গৌৰৱশালী ইতিহাসক সন্মুখলৈ অনাৰ বাবে দেশ জুৰি আদিবাসী সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। আজি কেৱড়িয়াত নিৰ্মাণ কৰা ‘ষ্টেচ্যু অব ইউনিটী’য়ে সমগ্ৰ দেশকে গৌৰৱান্বিত কৰিছে। ক’ৰোনা কাল আৰম্ভ হোৱাৰ আগতে বহুত কম সময়তে ৪৫লাখৰো অধিক লোক ‘ষ্টেচ্যু অব ইউনিটী’ চাবলৈ গৈছিল। ক’ৰোনা কালৰ মাজতো এই পৰ্যন্ত ৭৫লাখৰো অধিক লোকে এই বিশাল প্ৰতিমূৰ্তি দৰ্শন কৰিছে। আমাৰ নৱ-নিৰ্মিত স্থলসমূহৰ এনে সামৰ্থ্য আছে, এনে আকৰ্ষণ আছে। সমাগত সময়ত এই প্ৰয়াসে পৰ্যটনৰ লগতে আমাৰ পৰিচয়কো নতুন উচ্চতা প্ৰদান কৰিব।

আৰু বন্ধুসকল,

যেতিয়া মই ‘ভোকেল ফৰ লোকেল’-ৰ কথা কও, তেতিয়া মই দেখিবলৈ পাও কিছু সংখ্যক লোকৰ এনে লাগে যেন মোদীৰ ‘ভোকেল ফৰ লোকেল’ৰ অৰ্থ কেৱল দিৱালীৰ সময়ত চাকি ক’ৰ পৰা কিনিব লাগিব ধৰণৰহে! ইমান সীমিত পৰিসৰত কথাটো নাভাবিব ভাইহঁত। মই যেতিয়া ‘ভোকেল ফৰ লোকেল’ৰ কথা কও তেতিয়া মোৰ চকুত ‘টুৰিজম’ও ইয়াৰ মাজলৈ আহি পৰে। মইতো সদায়ে বিচাৰো যে যিয়েই, যদি পৰিয়ালত ল’ৰা-ছোৱালীবোৰে বিদেশ ভ্ৰমণ কৰিবলৈ আশা কৰে, ডুবাইলৈ যাব বিচাৰে, ছিংগাপুৰ যাব বিচাৰে, যাব বিচাৰিছে, কিন্তু বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰাৰ আগতে পৰিয়ালে সিদ্ধান্ত কৰক, হিন্দুস্থানৰ ১৫-২০টা প্ৰসিদ্ধ স্থানলৈ যোৱাৰ। প্ৰথমে হিন্দুস্থানক অনুভৱ কৰক, পিচত পৃথিৱীৰ যিকোনো ঠাইলৈ যাব।

বন্ধুসকল,

‘ভোকেল ফৰ লোকেল’ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত অংগীকাৰ কৰিবই লাগিব। দেশক সমৃদ্ধ কৰিব লাগিব, দেশৰ ন-জোৱানসকলৰ বাবে সুযোগ সৃষ্টি কৰিব যদি লাগে এই পথৰে আগবাঢ়িব লাগিব। আজি স্বাধীনতাৰ ‘অমৃত মহোত্সৱ’ত আমি এনেকুৱা এখন ভাৰতৰ বাবে সংকল্প গ্ৰহণ কৰিছো, যিখন যিমানেই আধুনিক হ’ব সিমানেই নিজৰ পৰম্পৰাৰেও সংযোজিত হৈ থাকিব। আমাৰ তীৰ্থ স্থান, আমাৰ পৰ্যটন স্থলসমূহে এই নতুন ভাৰতক ৰঙীন কৰাৰ কাম কৰিব। এইসমূহ আমাৰ ঐতিহ্য আৰু বিকাশ দুয়োটাৰে প্ৰতীক হৈ উঠিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে, ‘সোমনাথ দাদা’ৰ আশীৰ্বাদৰে দেশৰ বিকাশৰ এই যাত্ৰা এইদৰেই অনবৰতে অব্যাহত থাকিব।

আকৌ এবাৰ নতুন আৱৰ্ত ভৱনৰ বাবে আপোনালোক আটাইকে অভিনন্দন জনালো।

বহুত বহুত ধন্যবাদ।

জয় সোমনাথ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches UPI at department store in France

Media Coverage

India launches UPI at department store in France
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights India's defence transformation over the last decade
June 17, 2026

The Prime Minister, Shri Narendra Modi has highlighted the significant transformation witnessed in India’s defence capabilities over the last decade.

Shri Modi said that India’s defence capabilities have undergone a major transformation, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

The Prime Minister noted that the progress made in the defence sector over the last 12 years reflects India’s growing focus on strengthening national security through self-reliance.

The Prime Minister further stated that India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

The Prime Minister wrote on X;

“India’s defence capabilities have witnessed significant transformation over the last decade, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

This thread gives a glimpse of the strides India has made in the defence sector over the last 12 years.

#12YearsOfSurakshitBharat”

“This thread explains how India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

#12YearsOfSurakshitBharat”