“Kingsway i.e. Rajpath, the symbol of slavery, has become a matter of history from today and has been erased forever”
“It is our effort that Netaji’s energy should guide the country today. Netaji’s statue on the ‘Kartavya Path’ will become a medium for that”
“Netaji Subhash was the first head of Akhand Bharat, who freed Andaman before 1947 and hoisted the Tricolor”
“Today, India’s ideals and dimensions are its own. Today, India's resolve is its own and its goals are its own. Today, our paths are ours, our symbols are our own”
“Both, thinking and behaviour of the countrymen are getting freed from the mentality of slavery”
“The emotion and structure of the Rajpath were symbols of slavery, but today with the change in architecture, its spirit is also transformed”
“The Shramjeevis of Central Vista and their families will be my special guests on the next Republic Day Parade”
“Workers working on the new Parliament Building will get a place of honour in one of the galleries”
“ ‘Shramev Jayate’ is becoming a mantra for the nation”
“Aspirational India can make rapid progress only by giving impetus to social infrastructure, transport infrastructure, digital infrastructure and cultural infrastructure as a whole”

আজিৰ এই ঐতিহাসিক কাৰ্যক্ৰমৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি আছে, সকলো দেশবাসীয়েই এই মুহূৰ্তত এই কাৰ্যক্ৰমেৰে জড়িত হৈছে। মই এই মুহূৰ্তটোৰ সাক্ষী হোৱা সকলো দেশবাসীক আন্তৰিকতাৰে স্বাগত জনাইছো, অভিনন্দন জনাইছো। এই ঐতিহাসিক ক্ষণত মোৰ সৈতে মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ শ্ৰী হৰদীপ পুৰী জী, শ্ৰী জি কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুনৰাম মেঘৱাল জী, শ্ৰীমতী মীনাক্ষী লেখী জী, শ্ৰী কৌশল কিশোৰ জী, আজি মোৰ সৈতে মঞ্চত উপস্থিত আছে। দেশৰ অনেক গণ্যমান্য ব্যক্তিসকলো আজি ইয়াত উপস্থিত আছে।

বন্ধুসকল,

স্বাধীনতাৰ অমৃত্ মহোত্সৱত দেশে আজি এক নতুন প্ৰেৰণা লাভ কৰিলে, এক নতুন শক্তি উপলব্ধ কৰিলে। আজি আমি পাৰ হৈ যোৱা অতীতক ত্যাগ কৰি আগন্তুক ভৱিষ্যতৰ প্ৰতিচ্ছৱি এখন নতুন ৰঙেৰে ৰঙাই তুলিব বিচাৰিছো। আজি সকলো দিশতে যি নতুন আভা দেখিবলৈ পোৱা গৈছে, সেয়া হৈছে নতুন ভাৰতৰ আত্মবিশ্বাসৰ আভা। দাসত্বৰ প্ৰতীক ‘কিংছৱে’ অৰ্থাত্ ‘ৰাজপথ’, আজিৰে পৰা ইতিবাসৰ তথ্য হৈ পৰিল, চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল। আজি ‘কৰ্তব্য পথ’ৰ ৰূপত নতুন ইতিহাসৰ সূচনা হল। মই সকলো দেশবাসীক স্বাধীনতাৰ এই অমৃতকালত দাসত্বৰ আৰু এটা পৰিচিতিৰ পৰা মুক্তিৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল,

আজি ‘ইণ্ডিয়া গে’ট’ৰ কাষত আমাৰ ৰাষ্ট্ৰনায়ক ‘নেতাজী’ সুভাষচন্দ্ৰ বসুৰ বিশাল প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছে। পৰাধীনতাৰ সময়ত ইয়াত ব্ৰিটিছৰ ৰাজসত্বাৰ প্ৰতিনিধিৰ প্ৰতিমূৰ্তি ৰখা হৈছিল। আজি দেশে সেই একেডোখৰ ঠাইতে ‘নেতাজী’ৰ প্ৰতিমূৰ্তি স্থাপন কৰি আধুনিক আৰু ‘সৱল ভাৰতৰ প্ৰাণো প্ৰতিস্থা কৰিলে’। দৰাচলতেই এইটো এটা ঐতিহাসিক মুহূৰ্ত, এই উপলক্ষ অভুপূৰ্ব। আমাৰ সকলোৰে সৌভাগ্য যে আমি আজিৰ এই দিনটো দেখিবলৈ পালো, ইয়াৰ সাক্ষী হ’বলৈ পালো।

বন্ধুসকল,

সুভাষচন্দ্ৰ বসু এনে মহামানৱ আছিল যি পদ আৰু সংসাধনৰ বিচাৰৰ বাহিৰত আছিল। তেওঁৰ ইমানেই গ্ৰহণযোগ্যতা আছিল যে তেওঁক সমগ্ৰ বিশ্বই নেতা বুলি গ্ৰহণ কৰিছিল। তেওঁ সাহসী আছিল, স্বাভিমানী আছিল। তেওঁৰ বিচাৰধাৰা আছিল, তেওঁৰ দৃষ্টিভংগী আছিল। তেওঁৰ নেতৃত্ব প্ৰদানৰ ক্ষমতা আছিল, নীতি আছিল। নেতাজী সুভাষে কৈছিল-ভাৰত সেইখন দেশ নহয় যিয়ে নিজৰ গৌৰৱময় ইতিহাসক পাহৰি যাব। ভাৰতৰ গৌৰৱময়ী ইতিহাস প্ৰতিগৰাকী ভাৰতীয়ৰ তেজত আছে, তেওঁৰ পৰম্পৰাত আছে। ‘নেতাজী’ সুভাষে ভাৰতৰ ঐতিহ্যক লৈ গৰ্ব কৰিছিল আৰু ভাৰতক অনতি বিলম্বে অধুনিক কৰি গঢ়িবও বিচাৰিছিল। যদি স্বাধীনতাৰ পিচত আমাৰ ভাৰত সুভাষবাবুৰ পথেৰে ধাৱমান হ’লহেতেন তেন্তে আজি দেশে কিমান উচ্চতাত অৱস্থান কৰিলেহেতেন! কিন্তু দুৰ্ভাগ্যবশতঃ স্বাধীনতাৰ পিচত আমাৰ এইগৰাকী মহানায়কক পাহৰাই পেলোৱা হ’ল। তেওঁ চিন্তাধাৰা, তেওঁৰে বিজড়িত প্ৰতীসমূহ পৰ্যন্ত আওকাণ কৰা হ’ল। সুভাষবাবুৰ ১২৫ সংখ্যক জয়ন্তী বৰ্ষৰ আয়োজনৰ সময়ত মই কলকাতাত তেওঁৰ ঘৰলৈ যোৱাৰ সৌভাগ্য লাভ কৰিছিলো। ‘নেতাজী’ৰে সম্পৰ্কিত স্থানসমূহত তেওঁৰে সংপৃক্ত অনন্ত শক্তিৰ অনুভৱ মই কৰিবলৈ পাইছিলো। আজি দেশৰ কামনা এয়ে যে নেতাজীৰ সেই শক্তিয়ে যেন দেশক পথ-প্ৰদৰ্শন কৰে। কৰ্তব্য পথত ‘নেতাজী’ৰ প্ৰতিমূৰ্তি ইয়াৰ মাধ্যম হৈ উঠিব। দেশৰ নীতি আৰু নিৰ্ণয়সমূহত সুভাষবাবুৰ ছাপ পৰিস্ফূৰ্ত হওক, এই প্ৰতিমূৰ্তি ইয়াৰ বাবে প্ৰেৰণাস্ৰোত হৈ উঠিব।

ভাই-ভনীসকল,

বিগত আঠোটা বছৰত আমি এটাৰ পিচত এটাকৈ এনে কিমানবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছো, যাৰ ওপৰত নেতাজীৰ আদৰ্শ আৰু সপোনৰ ছাপ নিৰ্ঘাত পৰিছে। ‘নেতাজী’ সুভাষ অখণ্ড ভাৰতৰ প্ৰথমগৰাকী প্ৰধান আছিল যিয়ে ১৯৪৭ চনৰো আগতে আন্দামানক স্বাধীন কৰি ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল। সেই সময়ত আমি কল্পনাও কৰিব পৰা নাছিলো যে লালকিল্লাত ত্ৰিৰংগ পতাকা উত্তোলন কৰিলে কেনে অনুভূতি লাভ কৰিব পৰা যাব। এই অনুভূতিৰ সাক্ষাত্ লাভ মই নিজেই কৰিছো, যেতিয়া মই ‘আজাদ হিন্দ চৰকাৰ’ৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিত লালকিল্লাত ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ সৌভাগ্য লাভ কৰিছিলো। আমাৰ চৰকাৰৰেই প্ৰয়াসৰে লালকিল্লাত ‘নেতাজী’ আৰু ‘আজাদ হিন্দ ফৌজ’ৰে জড়িত সংগ্ৰহালয়ো স্থাপন কৰা হৈছিল।

বন্ধুসকল,

২০১৯ চনৰ ‘গণতন্ত্ৰ দিৱস’ৰ পেৰেডত যেতিয়া ‘আজাদ হিন্দ ফৌজ’ৰ চিপাহীসকলেও অংশগ্ৰহণ কৰিছিল, সেইদিনটোৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম। এই সন্মানৰ বাবে তেওঁলোকে বহু দশক ধৰি অপেক্ষা কিৰ্বলগীয়া হৈছিল। আন্দামানৰ যিডোখৰ স্থানত ‘নেতাজী’য়ে ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল, মই সেই স্থানলৈ যাবলগীয়া আছিল, যোৱাৰ সুযোগ লাভ কৰিছিলো, ত্ৰিৰংগ পতাকা উত্তোলনৰ সৌভাগ্য লাভ কৰিছিলো। সেইটো ক্ষণ প্ৰতিগৰাকী দেশবাসীৰ বাবেই গৌৰৱৰ ক্ষণ আছিল।

ভাই-ভনীসকল,

আন্দামানৰ সেইটো দ্বীপ, যাক নেতাজীয়ে সকলোতকৈ আগতে স্বাধীনতা প্ৰদান কৰিছিল, সেইটোও কিছুদিন আগলৈকে দাসত্বৰ পৰিচিতি দিবলৈ বাধ্য হ’বলগীয়া হৈছিল! স্বাধীন ভাৰততো সেইটো দ্বীপৰ নাম ইংৰাজ শাসকৰ নামৰে নামাংকিত আছিল। আমি পৰাধীনতাৰ সেই পৰিচিতি নোহোৱা কৰি এই দ্বীপৰ নাম ‘নেতাজী’ সুভাষৰে বিজড়িত কৰি ভাৰতীয়ৰ নাম দিছিলো, ভাৰতীয়ৰ পৰিচিতি প্ৰদান কৰিছিলো।

বন্ধুসকল,

স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাত দেশে নিজৰ বাবে ‘পঞ্চপণ’ৰ ‘ভিজন’ গ্ৰহণ কৰিছে। এই ‘পঞ্চপণ’ৰ ভিতৰত বিকাশৰ বৃহত্ লক্ষ্যৰ সংকল্প আছে, কৰ্তব্যৰ প্ৰেৰণাও আছে। ইয়াত দাসত্বৰ মানসিকতা ত্যাগৰ আহ্বান আছে, নিজৰ ঐতিহ্যক লৈ গৰ্ববোধো আছে। আজি ভাৰতৰ আদৰ্শ নিজৰ, পদ্ধতি নিজৰ। আজি ভাৰতৰ সংকল্প নিজৰ, লক্ষ্য নিজৰ। আজি আমাৰ পথ নিজৰ, প্ৰতীকো নিজৰ। আৰু বন্ধুসকল, আজি যদি ৰাজপথৰ অস্তিত্ব সমাপ্ত হৈ কৰ্তব্য পথ হৈছে, আজি যদি জৰ্জ পঞ্চমৰ প্ৰতিমূৰ্তিৰ চিন-মোকাম নোহোৱা কৰি ‘নেতীজী’ৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে, এয়া দাসত্বৰ মানসিকতা পৰিত্যাগৰ প্ৰথমটো উদাহৰণ নহয়নে! এয়া আৰম্ভণি নহয়, অন্তও নহয়। এয়া হৈছে মন আৰু মানসৰ স্বাধীনতাৰ লক্ষ্য আহৰণ কৰা পৰ্যন্ত নিৰন্তৰ চলিবলগীয়া সংকল্পৰ যাত্ৰা। ভাৰতৰ প্ৰধানমন্ত্ৰী যত থাকি আহিছে, সেই ডোখৰ ঠাইৰ নাম ‘ৰে’চ-ক’ৰ্ছ ৰোড’ৰ পৰা সলাই ‘লোক-কল্যাণ মাৰ্গ’ কৰা হৈছে। আমাৰ গণতন্ত্ৰ দিৱস সমাৰোহত এতিয়া ভাৰতীয় বাদ্য যন্ত্ৰৰো গুঞ্জন শুনিবলৈ পোৱা যায়। ‘বীটিং ৰীট্ৰিত চেৰিমণী’ত এতিয়া দেশভক্তিৰে সংপৃক্ত গীতবোৰ শুনি ভাৰতীয়ৰ মন আনন্দৰে ভৰি উঠে। এই অলপতে ভাৰতীয় নৌসেনাইয়ো দাসত্বৰ চিন আঁতৰাই, ‘ছট্টপতি’ শিৱাজী মহাৰাজৰ প্ৰতীক ধাৰণ কৰি লৈছে। ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’ নিৰ্মাণ কৰি দেশে সমস্ত দেশবাসীৰ বহু বছৰ জোৰা ইচ্ছাকো পূৰা কৰিছে।

বন্ধুসকল,

এই পৰিৱৰ্তন কেৱল প্ৰতীকী ৰূপতে সীমাবদ্ধ নহয়, এই পৰিৱৰ্তন দেশৰ নীতিৰো অংশ হৈ উঠিছে। আজি দেশে ইংৰাজৰ দিনৰে পৰা চলি অহা শ শ আইনকো সলাই পেলাইছে। ভাৰতীয় বাজেট, যি ইমান দশক ধৰি ব্ৰিটিছ সংসদৰ সময়ৰ অনুসৰণ কৰি আহিছিল, তাৰ সময় আৰু তাৰিখো সলাই পেলোৱা হৈছে। ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ জৰিয়তে এতিয়া বিদেশী ভাষাৰ বাধ্যবাধকতাৰ পৰা দেশৰ যুৱ-প্ৰজন্মক মুক্ত কৰা হৈছে। অৰ্থাত্, আজি দেশৰ বিচাৰ আৰু দেশৰ ব্যৱহাৰ দুয়োটাই পৰাধীনতাৰ মানসিকতাৰ পৰা মুক্ত হবলৈ ধৰিছে। এই মুক্তিয়ে আমাক বিকশিত ভাৰতৰ লক্ষ্যলৈ লৈ যাব।

বন্ধুসকল,

মহাকবি ভৰতীয়াৰে ভাৰতৰ মহানতা সন্দৰ্ভত তামিল ভাষাত বহুত সুন্দৰ কবিতা লিখিছিল। এই কবিতাৰ শীৰ্ষক হৈছে- ‘পাৰুকুলে নল্ল নাডঅ-য়িংগল, ভাৰত নাড-অ’, মহাকবি ভৰতীয়াৰৰ এইটো কবিতাই প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱৰে পৰিপূৰ্ণ কৰি তুলিব। তেওঁৰ কবিতাটোৰ অৰ্থ হৈছে, ‘আমাৰ দেশ ভাৰত, সমগ্ৰ বিশ্ব ভিতৰতে মহান। জ্ঞানত, আধ্যাত্মত, গৰিমাত, অন্নদানত, সংগীতত, শাশ্বত কবিতাত, আমাৰ দেশ ভাৰত, সমগ্ৰ বিশ্বৰ ভিতৰতে মহান। বীৰত্বত, সেনাৰ শৌৰ্যত, কৰুণাত, আনক সেৱা কৰাত, জীৱনৰ সত্য অন্বেষণত, বৈজ্ঞানিক অনুসন্ধানত, আমাৰ দেশ ভাৰত, সমগ্ৰ বিশ্বৰ ভিতৰতে মহান’। এয়া তামিল কবি ভৰতীয়াৰৰ, তেওঁৰ কবিতাৰ একো একোটা শব্দ, একো একোটা ভাবৰ অনুভৱ কৰকচোন!

বন্ধুসকল,

পৰাধীনতাৰ সেইছোৱা সময়ত, এয়া সমগ্ৰ বিশ্বৰ প্ৰতি ভাৰতৰ হুংকাৰ আছিল। এয়া আমাৰ স্বতন্ত্ৰতা সেনানীৰ আহ্বান আছিল। যিখন ভাৰতৰ বৰ্ণন ভৰতীয়াৰে তেওঁৰ কবিতাত কৰিছে, আমি সেই ‘সৰ্বশ্ৰেষ্ঠ ভাৰত’ৰ নিৰ্মাণ কৰিবই লাগিব। আৰু ইয়াৰ পথ এই ‘কৰ্তব্য পথ’ হৈয়ে যায়।

বন্ধুসকল,

‘কৰ্তব্য পথ’ কেৱল ইটা-শিলৰে নিৰ্মিত পথেই নহয়। ই হৈছে ভাৰতৰ গণতান্ত্ৰিক অতীত আৰু সৰ্বকালীন আদৰ্শৰ জীৱন্ত মাৰ্গ। ইয়ালৈ যেতিয়া দেশৰ মানুহ আহিব, তেতিয়া ‘নেতাজী’ৰ প্ৰতিমূৰ্তি, ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’, এই সকলোবোৰে তেওঁলোকক কিমান ডাঙৰ প্ৰেৰণা দিব, তেওঁলোকক কৰ্তব্যবোধেৰে উদ্বেলিত কৰি তুলিব! এই স্থানত দেশৰ চৰকাৰে কাম কৰি আছে। আপোনালোকে কল্পনা কৰকচোন, দেশে যাক জনতাৰ সেৱা কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে, তেওঁলোকক ‘ৰাজপথে’ জনতাৰ সেৱক হোৱাৰ অনুভৱ কেনেকৈ কৰাব? যদি পথেই ‘ৰাজপথ’ হয়, তেন্তে যাত্ৰা লোকমুখী কেনেকৈ হ’ব? ‘ৰাজপথ’ ব্ৰিটিছ ৰাজৰ বাবে আছিল, যাৰ বাবে ভাৰতৰ মানুহ দাস আছিল। ৰাজপথৰ চিন্তাও দাসত্বৰ প্ৰতীক আছিল, তাৰ সংৰচনাও দাসত্বৰ প্ৰতীক আছিল। আজি ইয়াৰ স্থাপত্যও সলনি হৈছে, আৰু ইয়াৰ আত্মাও সলনি হৈছে।  এতিয়া দেশৰ সাংসদ, মন্ত্ৰী, বিষয়াসকলে যেতিয়াই এই পথেৰে পাৰ হৈ যাব তেওঁলোকে ‘কৰ্তব্য পথে’ৰে দেশৰ প্ৰতি কৰ্তব্যৰ বোধ হব, তাৰ বাবে নতুন উত্সাহ লাভ কৰিব, প্ৰেৰণা লাভ কৰিব। ৰাষ্ট্ৰীয় সমৰ স্মাৰকৰ পৰা ‘কৰ্তব্য পথ’ হৈ ৰাষ্ট্ৰপতি ভৱনৰ এই সম্পূৰ্ণ এলেকাটোতেই ‘নেশ্যন ফাৰ্ষ্ট’, ‘ৰাষ্ট্ৰই প্ৰথম’, এই ভাৱনাৰ প্ৰবাহ প্ৰতিটো পলতে সঞ্চাৰিত হ’ব।

বন্ধুসকল,

আজিৰ এই উপলক্ষত, মই আমাৰ সেইসকল শ্ৰমিক বন্ধুৰ প্ৰতি বিশেষ ভাবে কৃতজ্ঞতা প্ৰকাশ কৰিব খুজিছো, যিসকলে ‘কৰ্তব্য পথ’ক কেৱল নিৰ্মাণেই কৰা নাই, বৰঞ্চ নিজৰ শ্ৰমৰ পৰাকাষ্ঠাৰে দেশক ‘কৰ্তব্য পথ’ৰ প্ৰদৰ্শনো কৰায়। মই এতিয়া সেইসকল শ্ৰমজীৱিৰে মিলিত হোৱাৰো সুযোগ লাভ কৰিছিলো। তেওঁলোকৰ সৈতে কথা-বতৰা হোৱাৰ সময়ত মই কথা অনুভৱ কৰিছিলো যে, দেশৰ দুখীয়া, মজদূৰ আৰু সাধাৰণ মানুহৰ ভিতৰত ভাৰতৰ কিমানযে বৰ্ণাঢ্য সপোনে বাস কৰিছে। নিজৰ ঘাম পেলোৱাৰ সময়ত তেওঁলোকে সেই সপোনকে সজীৱ কৰি দিয়ে আৰু আজি যেতিয়া মই, এই উপলক্ষে সেইসকল দৰিদ্ৰ শ্ৰমিককো দেশৰ হৈ ধন্যবাদ জনাইছো, তেওঁলোকক অভিনন্দন জনাইছো, যিসকলে দেশৰ অভুতপূৰ্ব বিকাশক গতি প্ৰদান কৰিছে, তেওঁলোক হৈছে আমাৰ এই শ্ৰমিক ভাইসকল। আৰু যেতিয়া মই আজি এইসকল শ্ৰমিক ভাই-ভনীৰে মিলিত হৈছিলো, তেতিয়া মই তেওঁলোকক কৈছিলো যিসকলে ইয়াত কাম কৰিছিল, সেইসকল শ্ৰমিক ভাই-ভনী তেওঁলোকৰ পৰিয়াল সৈতে এইবাৰৰ ২৬ জানুৱাৰীৰ কাৰ্যক্ৰমত মোৰ বিশেষ অতিথি হ’ব। মোৰ ভাল লাগিছে যে নতুন ভাৰতত আজি শ্ৰম আৰু শ্ৰমজীৱিসকল সন্মান জনোৱাৰ এক সংস্কৃতি গঢ়ি উঠিছে, এক পৰম্পৰা পুনৰুজ্জীৱিত হৈ উঠিছে। আৰু বন্ধুসকল, যেতিয়া নীতিসমূহত সংবেদনশীলতা থাকে, তেতিয়া সিদ্ধান্তও সিমানেই সংবেদনশীল হবলৈ ধৰে। সেয়ে, দেশে এতিয়া নিজৰ শ্ৰম-শক্তিৰ ওপৰত গৌৰৱ কৰিবলৈ লৈছে। ‘শ্ৰম এৱ জয়তে’ আজি দেশৰ মন্ত্ৰ হৈ উঠিছে। সেয়ে, যেতিয়া বেনাৰসত, কাশীত, বিশ্বনাথ ধামৰ লোকাৰ্পণৰ অলৌকিক সুযোগ আহিছিল, তেতিয়াও শ্ৰমজীৱিসকলৰ সন্মানতো পুষ্পবৰ্ষণ হৈছিল। যেতিয়া প্ৰয়াগৰাজত কুম্ভৰ পবিত্ৰ পৰ্ব অনুষ্ঠিত হয়, তেতিয়া ‘শ্ৰমিক স্বচ্ছতা কৰ্মীসকল’ক কৃতজ্ঞতা জ্ঞাপন কৰা হয়। এই কিছুদিন আগতে মাত্ৰ দেশে স্বদেশী বিমান বাহক যুদ্ধতৰি ‘আইএনএছ বিক্ৰান্ত’ লাভ কৰিছে। মই তেতিয়াও ‘আইএনএছ বিক্ৰান্ত’ৰ নিৰ্মাণত দিন-ৰাতি একাকাৰ কৰা শ্ৰমিক ভাই-ভনীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গৰে মিলিত হোৱাৰ সুযোগ পাইছিলো। মই তেওঁলোকৰে মিলিত হৈ তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছিলো। শ্ৰমৰ সন্মানৰ এই পৰম্পৰা দেশৰ সংস্কাৰৰ অমিত অংগ হৈ উঠিছে। আপোনালোকে জানিব পাৰি ভাল পাব যে নতুন সংসদৰ নিৰ্মাণৰ পিচত তাত কাম কৰা শ্ৰমিকসকলকো এটা বিশেষ বিথিকাত স্থান দিয়া হ’ব। এই বিথিকাই আগন্তুক প্ৰজন্মসমূহকো এই কথা মন পেলাই দিব যে গণতন্ত্ৰৰ বুনিয়াদ নিৰ্মাণত এফালে যদি সংবিধান আছে, তেন্তে আনফালে শ্ৰমিকসকলৰ অৱদানো আছে। এই প্ৰেৰণাই প্ৰতিগৰাকী দেশবাসীক এই ‘কৰ্তব্যপথে’ও দিব। এই প্ৰেৰণাই শ্ৰমৰে সাফল্যৰ পথ প্ৰশস্ত কৰিব।

বন্ধুসকল,

আমাৰ ব্যৱহাৰত, আমাৰ সাধনসমূহত, আমাৰ সংসাধনসমূহত, আমাৰ আন্তঃগাঁথনিত, আধুনিকতা হৈছে এই অমৃতকালৰ প্ৰধান লক্ষ্য। আৰু বন্ধসকল, আমি যেতিয়া আন্তঃগাঁথনিৰ কথা কওঁ তেতিয়া অধিকাংশ মানুহৰ মনলৈকে অহা প্ৰথমখন ছবি হৈছে পথ বা উৰণসেঁতুৰে। কিন্তু অধুনিক হৈছে ভাৰতত আন্তঃগাঁথনিৰ বিস্তাৰতকৈও বহুত ডাঙৰ, তাৰ আছে বহুবোৰ দিশ। আজি ভাৰত সামাজিক আন্তঃগাঁথনি, পৰিবহণ আন্তঃগাঁথনি, ডিজিটেল আন্তঃগাঁথনিৰ সৈতেই সাংস্কৃতিক আন্তঃগাঁথনি ওপৰতো সিমানেই দ্ৰুত গতিৰে কাম কৰি থকা হৈছে। মই আপোনালোকক সামাজিক আন্তঃগাঁথনিৰ উদাহৰণ দিব খুজিছো। আজি দেশত এইমছৰ সংখ্যা আগৰ তুলনাত তিনিগুণে বাঢ়িছে। চিকিত্সা মহাবিদ্যালয়ৰ সংখ্যাও ৫০শতাংশ হাৰে বৃদ্ধি পাইছে। এই কথাই প্ৰদৰ্শিত কৰে ভাৰতে আজি নিজৰ নাগৰিকসকলৰ স্বাস্থ্য উন্নত কৰাৰ বাবে, তেওঁলোকক চিকিত্সাৰ আধুনিক সা-সুবিধাসমূহ উপলব্ধ কৰোৱাৰ বাবে কেনে ধৰণে কাম কৰি আচে। আজি দেশত নতুন আইআইটি, ট্ৰিপল আইটি, বৈজ্ঞানিক সংস্থাসমূহৰ আধুনিক ‘নেটৱৰ্ক’ নিৰন্তৰ বিস্তাৰিত কৰা হৈছে, সাজু কৰি তোলা হৈছে। বিগত তিনিটা বছৰত চাৰে ৬ কোটিৰো অধিক গ্ৰামীণ ঘৰলৈ প্াইপেৰে পানীৰ যোগান সুনিশ্চিত কৰা হৈছে। আজি দেশৰ প্ৰতিখন জিলাত ৭৫টাকৈ অমৃত সৰোবৰ নিৰ্মাণৰ মহা অভিযানো চলি আছে। ভাৰত এই সামাজিক আন্তঃগাঁথনি, সামাজিক ন্যায়ক আৰু সমৃদ্ধ কৰি তুলিছে।

বন্ধুসকল,

পৰিবহণ আন্তঋগাঁথনিৰ উন্নয়ণৰ বাবে আজি ভাৰতত যিমানবোৰ কাম চলি আছে, সিমানখিনি আগতে কেতিয়াও চলা নাছিল। আজি এফালে যদি গ্ৰামীণ পথৰ অভিলেখ সংখ্যাত নিৰ্মাণ হৈছে, তেন্তে আনফালে আকৌ অভিলেখ পৰিমাণ আধুনিক এক্সপ্ৰেছৱেও নিৰ্মাণ কৰা হৈছে। আজি যি হাৰত দেশত দ্ৰুতগতিৰে ৰেলপথৰ বৈদ্যুতিকীকৰণ চলি আছে, সেই হাৰতে বেলেগ বেলেগ চহৰত মেট্ৰোৰ বিস্তাৰো হবলৈ ধৰিছে। আজি দেশত বহুবোৰ নতুন বিমানবন্দৰ স্থাপন কৰা হৈছে, সেইদৰে জলপথৰ সংখ্যাও অভুপূৰ্ব ভাবে বৃদ্ধি পাইছে। ডিজিটেল আন্তঃগাঁথনিৰ নিৰ্মাণতো ভাৰত আজি সমগ্ৰ বিশ্বৰে অগ্ৰণী দেশৰ তালিকাভুক্ত হৈছে। ডেৰলাখৰো অধিক পঞ্চায়তলৈ অপ্টিকেল ফাইবাৰৰ সংযোগ স্থাপন কৰাই হওক, ‘ডিজিটেল পে’মেণ্ট’ৰ নতুন অভিলেখেই হওক, ভাৰতৰ ‘ডিজিটেল’ প্ৰগতিৰ চৰ্চা সমগ্ৰ পৃথিৱীতে হ’বলৈ ধৰিছে।

ভাই-ভনীসকল,

আন্তঃগাঁথনিৰ এইবোৰ কামৰ মাজত, ভাৰতত সাংস্কৃতিক আন্তঃগাঁথনি নিৰ্মাণৰ যি কাম কৰা হৈছো, সেই সন্দৰ্ভত সিমানকৈ আলোচনা কৰা হোৱা নাই। ‘প্ৰসাদ আঁচনি’ৰ অধীনত দেশৰ অনেক তীৰ্থস্থানৰ পুনৰুদ্ধাৰ কৰা হৈছে। কাশী-কেদাৰনাথ-সোমনাথৰ পৰা ‘কৰ্টাৰপুৰ সাহিব ক’ৰিডৰ’ পৰ্যন্ত যিমানখিনি কাম হৈছে, সেয়া নিতান্তই অভুতপূৰ্ব। আৰু বন্ধুসকল, যেতিয়া আমি সাংস্কৃতিক আন্তঃগাঁথনিৰ কথা কওঁ তেতিয়া তাৰ অৰ্থ কেৱল ঠাইসমূহৰে জড়িত আন্তঃগাঁথনিয়েই কেৱল নহয়। আন্তঃগাঁথনি, যি আমাৰ ইতিহাসৰে জড়িত হৈ আছে, যি আমাৰ ৰাষ্ট্ৰ নায়কসকলৰে, ৰাষ্ট্ৰনায়িকাসকলৰে জড়িত, যি আমাৰ ঐতিহ্যসমূহৰে জড়িত, সেইসমূহৰো সিমান তত্পৰতাৰেই নিৰ্মাণ কৰা হৈছে। চৰ্দাৰ পেটেলৰ ‘ষ্টেচ্যু অব ইউনিটী’য়েই হওক কিম্বা আদিবাসী স্বাধীনতা সংগ্ৰামীসকলক সমৰ্পিত সংগ্ৰহালয়েই হওক, ‘পিএম সংগ্ৰহালয়ে’ই হওক বা ‘বাবা চাহেব আম্বেডকৰ স্মাৰক’, ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’ বা ‘ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক’য়েই হওক, এই সকলোবোৰেই হৈছে সাংস্কৃতিক আন্তঃগাঁথনিৰ উদাহৰণ। এয়াই পৰিভাষিত কৰে যে এখন ৰাষ্ট্ৰ হিচাপে আমাৰ সংস্কৃতিনো কি, আমাৰ প্ৰমূল্যনো কি, আৰু কেনেকৈ আমি এইসমূহক প্ৰতিপালন কৰি আহিছো। এখন ‘আকাংক্ষী’ ভাৰতে সামাজিক আন্তঃগাঁথনি, পৰিবহণ আন্তঃগাঁথনি, ডিজিটেল আন্তঃগাঁথনিৰ সৈতে সাংস্কৃতিক আন্তঃগাঁথনিক গতি দি দ্ৰুগতিৰে প্ৰগতি সম্ভৱ কৰিব পাৰে। মোৰ ভাল লাগিছে যে আজি কৰ্তব্যপথৰ ৰূপত দেশে সাংস্কৃতিক আন্তঃগাঁথনিৰ আৰু এটা সুন্দৰ উদাহৰণ লাভ কৰিলে। স্থাপত্যৰ পৰা আদৰ্শ পৰ্যন্ত, আপোনালোকে ইয়াত ভাৰতীয় সংস্কৃতিৰ দৰ্শন লাভ কৰিব, আৰু বহুত কিবা শিকিবলৈও পাব। মই দেশৰ প্ৰতিগৰাকী নাগৰিকক আহ্বান জনাইছো, আপোনালোক আটাইকে আমন্ত্ৰণ জনাইছো, আহক, এই নৱনিৰ্মিত ‘কৰ্তব্য পথ’লৈ আহি চাওকহিচোন। এই নিৰ্মাণত আপোনালোকে ভৱিষ্যতৰ ভাৰতক দেখিৱলৈ পাব। ইয়াৰ অনুভৱে আপোনালোকক আমাৰ বিশাল ৰাষ্ট্ৰৰ বাবে এক নতুন দৃষ্টিভংগী প্ৰদান কৰিব, এক নতুন বিশ্বাস দিব আৰু কাইলৈৰ পৰা অহা তিনিদিন অৰ্থাত্ শুক্ৰ, শনি আৰু দেও, এই তিনিটা দিন ধৰি ইয়াত নেতাজী সুভাষ বাবুৰ জীৱন আধাৰিত কাহিনীৰে সন্ধিয়া ‘ড্ৰোন শ্ব’ আয়োজিত হ’ব। মই ভাবো কৰ্তব্যপথৰ এই প্ৰেৰণাই দেশত কৰ্তব্যবোধৰ যি প্ৰবাহ উত্পন্ন কৰিব, এই প্ৰবাহেই আমাক নতুন আৰু বিকশিত ভাৰতৰ সংকল্পৰ সিদ্ধ পৰ্যন্ত লৈ যাব। এই বিশ্বাসকে বুকুত বান্ধি, আপোনালোক সকলোকে পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাইছো। মোৰ সৈতে সকলোৱে কওক, মই ক’ম ‘নেতাজী’, আপোনালোকে ক’ব ‘অমৰ হওক! অমৰ হওক’!

নেতাজী, অমৰ হওক!

নেতাজী, অমৰ হওক!

নেতাজী, অমৰ হওক!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates successful candidates of Civil Services Examination, 2025
March 06, 2026

The Prime Minister, Shri Narendra Modi has congratulated all those who have successfully cleared the Civil Services Examination, 2025. He said that their dedication, perseverance and hard work have enabled them to achieve this significant milestone.

The Prime Minister noted that clearing the Civil Services Examination marks the beginning of an important journey of public service. He wished the successful candidates the very best as they embark on the path of serving the nation and fulfilling the aspirations of the people.

The Prime Minister also conveyed his message to those who may not have secured the desired outcome in the examination. He acknowledged that such moments can be difficult, but emphasised that this is only one step in a larger journey.

Highlighting that many opportunities lie ahead, both in future examinations and in the many avenues through in which individuals can contribute to the nation, the Prime Minister extended his best wishes to them for the road ahead.

The Prime Minister wrote on X;

“Congratulations to all those who have successfully cleared the Civil Services Examination, 2025. Their dedication, perseverance and hard work have led to this significant milestone.

Wishing them the very best as they embark on a journey of serving the nation and fulfilling the aspirations of the people.”

“To those who may not have secured the desired outcome in the Civil Services Examination, I understand that such moments can be difficult. However, this is only one step in a larger journey. Many opportunities lie ahead, both in future examinations and in the many avenues through which you can contribute to our nation. My best wishes for the road ahead.”