বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশকে জনস্বাস্থ্যৰ ক্ষেত্ৰত উদ্ভাৱনৰ শক্তি ব্যৱহাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰক প্ৰশংসা কৰে
মহানিৰ্দেশকে প্ৰধানমন্ত্ৰীক কয়, "আপোনাৰ সমৰ্থনে পৰম্পৰাগত ঔষধৰ ব্যৱহাৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব"
প্ৰধানমন্ত্ৰীয়ে ড০ টেড্ৰোছ ঘেব্ৰেয়েচাছক গুজৰাটী নাম 'তুলসী ভাই' দিয়ে
"আয়ুষ খণ্ডত বিনিয়োগ আৰু উদ্ভাৱনৰ অপৰিসীম সম্ভাৱনা"
"২০১৪ চনত ৩ বিলিয়ন ডলাৰতকৈও কম পৰিমাণৰ আয়ুষ খণ্ড আজি ১৮ বিলিয়ন ডলাৰতকৈও অধিক হৈছে"
"ভাৰত হৈছে বনৌষধিৰ ভাণ্ডাৰ, এক প্ৰকাৰে ই আমাৰ 'সেউজীয়া সোণ'"
"যোৱা কেইবছৰমানত বিভিন্ন দেশৰ সৈতে ৫০ খনতকৈও অধিক বুজাবুজিচুক্তি আনুষ্ঠানিক কৰা হৈছে। আমাৰ আয়ুষ বিশেষজ্ঞসকলে ভাৰতীয় মানদণ্ড ব্যুৰোৰ সহযোগত আইএছঅ' মানদণ্ড বিকশিত কৰি আছে, ই ১৫০ খনতকৈও অধিক দেশত আয়ুষৰ বাবে বৃহৎ ৰপ্তানি বজাৰ মুকলি কৰিব"
" FSSAI-ৰ আয়ুষ আহাৰে ভেষজ পুষ্টিগত পৰিপূৰকৰ উৎপাদন বৃদ্ধি কৰিব"
"ভাৰতেও এক বিশেষ আয়ুষ চিহ্ন সৃষ্টি কৰিবলৈ গৈ আছে, ই বিশ্বজুৰি লোকসকলক আয়ুষ
তিনিদিনীয়া সন্মিলনখনত প্ৰায় ৯০ জন বিশিষ্ট বক্তা আৰু ১০০ জন প্ৰদৰ্শকৰ উপস্থিতিৰ সৈতে ৫খন পূৰ্ণাংগ অধিৱেশন, ৮ খন গোলমেজ, ৬ খন কৰ্মশালা আৰু ২ খন আলোচনাচক্ৰ অনুষ্ঠিত হ'ব।
এই সন্মিলনে বিনিয়োগৰ সম্ভাৱনা কঢ়িয়াই অনাত সহায় কৰিব, আৰু উদ্ভাৱন, গৱেষণা আৰু বিকাশ, ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ আৰু সুস্থতা উদ্যোগক উৎসাহ িত কৰিব।
ই উদ্যোগপতি, শিক্ষাবিদ আৰু পণ্ডিতসকলক একত্ৰিত কৰাত সহায় কৰিব আৰু ভৱিষ্যতৰ সহযোগিতাৰ মঞ্চ হিচাপে কাম কৰিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত বিশ্বব্যাপী আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলনৰ শুভাৰম্ভ কৰে।

নমস্তে!

কেম ছো! (আপোনালোক কেনে আছে?)

মৰিছাছৰ প্ৰধানমন্ত্ৰী আদৰণীয় প্ৰবিন্দ জগন্নাথ জী, WHOৰ ডাইৰেক্টৰ জেনেৰেল ডাক্তৰ টেড্ৰোছ, গুজৰাটৰ শক্তিশালী মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, মনসুখ ভাই মাণ্ডৱিয়া জী, মহেন্দ্ৰ ভাই মুঞ্জপৰা জী, দেশ-বিদেশৰ পৰা অহা সকলো diplomats, scientists, entrepreneurs আৰু experts, দেৱী আৰু সুধীসমাজ!

Global Ayush Investment and Innovation Summitলৈ, মই আপোনালোক সকলোকে বহুত-বহুত স্বাগত কৰিছো। আমি প্ৰায়ে দেখিছো যে ভিন ভিন ছেক্টৰত বিনিয়োগৰ বাবে ইনভেষ্টমেণ্ট ছামিট হৈ থাকে আৰু গুজৰাটে তো বিশেষভাৱে এক বহুত ব্যাপক ৰূপত এই পৰম্পৰাক আগবঢ়াই নিছে। কিন্তু এয়া প্ৰথমবাৰ হৈ আছে, যি সময়ত আয়ুষ ছেক্টৰৰ বাবে এনেধৰণৰ ইনভেষ্টমেণ্ট ছামিট হৈ আছে।

 

বন্ধুসকল,

এনেকুৱা ইনভেষ্টমেণ্ট ছামিটৰ ভাব মোৰ সেই সময়ত আহিছিল, যেতিয়া কৰোণাৰ কাৰণে সমগ্ৰ পৃথিৱীত দুৰ্ভাবনা বিয়পি পৰিছিল। আমি সকলোৱে দেখি আছিলো যে সেই সময়ত, কেনেকৈ আয়ুৰ্বেদিক ঔষধে, আয়ুষ কাঢ়া আৰু এনেকুৱা অনেক প্ৰডাক্টছে ইমিউনিটি বঢ়োৱাত মানুহক সহায় কৰি আছিল আৰু তাৰ পৰিণাম যেতিয়া এই কৰোণা কালখণ্ড আছিল, তেতিয়া ভাৰতৰ পৰা হালধিৰ ৰপ্তানি কেইবাগুণো বাঢ়ি গৈছিল। অৰ্থাৎ এয়া ইয়াৰ প্ৰমাণ, এই সময়তে আমি দেখিলো যে যিবোৰ মডাৰ্ণ ফাৰ্মা কোম্পানী আছে, ভেকচিন মেনুফেকচাৰাৰ্ছ আছে, তেওঁলোকে উচিত সময়ত সুবিধা পোৱাত তেওঁলোকে কিমান ডাঙৰ কাম কৰি দেখুৱালে। কোনে কল্পনা কৰিব পাৰিছিল যে ইমান সোনকালেই আমি কৰোণাৰ ভেকচিন বিকশিত কৰিব পাৰিম- মেড ইন ইণ্ডিয়া। ইন'ভেচন আৰু ইনভেষ্টমেণ্টে যিকোনো ক্ষেত্ৰৰ সামৰ্থ্য কেইবাগুণো বঢ়াই দিয়ে। এতিয়া সময় আহি গৈছে যে আয়ুষ ক্ষেত্ৰতো ইনভেষ্টমেণ্ট যিমান পাৰি সিমান বঢ়াব লাগে। আজিৰ এই অনুষ্ঠান, এই ছামিট, ইয়াৰ এটা চমকপ্ৰদ আৰম্ভণি।

 

বন্ধুসকল,

আয়ুষৰ ক্ষেত্ৰখনত Investment আৰু Innovationৰ সম্ভাৱনা অসীম। আয়ুষ ঔষধবোৰ, supplements আৰু

কস্মেটিকছৰ উৎপাদনত আমি প্ৰথমেই অভূতপূৰ্ব দ্ৰুততা দেখিছো। আপোনালোকে জানি আনন্দ পাব, ২০১৪ৰ আগতে, য'ত আয়ুষ ছেক্টৰত ৩ বিলিয়ন ডলাৰতকৈও কমৰ কাম আছিল। আজি এয়া বাঢ়ি ১৮ বিলিয়ন ডলাৰৰো পাৰ হৈ গৈছে। যিদৰে সমগ্ৰ পৃথিৱীত আয়ুষ প্ৰডাক্টৰ চাহিদা বাঢ়ি আছে, ইয়াৰ জৰিয়তে এই গ্ৰ'থ অহা বছৰবিলাকত আৰু বেছি বাঢ়িব। Nutritional supplements হওক, medicinesৰ supply chain management  হওক, আয়ুষ-আধাৰিত diagnostic tools হওক, বা telemedicine, সকলো ফালে Investment আৰু Innovationৰ নতুন সম্ভাৱনা আছে।

 

বন্ধুসকল,

আয়ুষ মন্ত্ৰালয়ে ট্ৰেডিচনেল মেডিচিনৰ ক্ষেত্ৰত ষ্টাৰ্টআপ কালচাৰক উদগণি দিবৰ বাবে কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেইদিনমানৰ আগতে All India Institute of Ayurvedaৰ দ্বাৰা বিকাশিত কৰা এটা incubation centreৰ উদ্ঘাটন কৰা হৈছে। যি startup challenge আয়োজিত কৰা হৈছে, তাতো যেনেধৰণৰ উৎসাহ যুৱক-যুৱতীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে, সেয়া বহুত encouraging আৰু আপোনালোক সকলো মোৰ নজোৱান বন্ধুসকলে তো বেছি জানে যে এক প্ৰকাৰে ভাৰতৰ ষ্টাৰ্টআপৰ এয়া সোণালী যুগ আৰম্ভ হৈ গৈছে। এক প্ৰকাৰে ভাৰতত আজি ইউনিকৰ্ণৰ দৌৰ চলিছে। ২০২২ চনত অৰ্থাৎ ২০২২ৰ এতিয়াও চাৰি মাহ সম্পূৰ্ণ হোৱা নাই। ২০২২ চনতে এতিয়ালৈকে ভাৰতৰ ১৪টা ষ্টাৰ্টআপ ইউনিকৰ্ণ ক্লাবৰ সৈতে সংযুক্ত হৈছে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে অতি সোনকালেই আয়ুষৰ আমাৰ ষ্টাৰ্টআপৰ সৈতেও ইউনিকৰ্ণ জিলিকি সন্মুখলৈ আহিব।

 

বন্ধুসকল,

ভাৰতত হাৰ্বেল প্লাণ্টৰ উৎস আছে আৰু হিমালয় ইয়াৰ বাবেই পৰিচিত, এয়া এক প্ৰকাৰৰ আমাৰ 'গ্ৰীণ গ'ল্ড'। আমাৰ ইয়াত কোৱাও হয় যে অমন্ত্ৰং অক্ষৰং নাস্তি, নাস্তি মূলং জনৌষধং। অৰ্থাৎ এনেকুৱা কোনো আখৰ নাই, যাৰে কোনো মন্ত্ৰ আৰম্ভ হোৱা নাই, এনেকুৱা কোনো জড় নাই, জড়ী বুটী নাই, যাৰে কোনো ঔষধ বনোৱা নাযায়। এই প্ৰাকৃতিক সম্পদকে মানৱতাৰ হিতৰ বাবে ব্যৱহাৰ কৰিবলৈ আমাৰ চৰকাৰে হাৰ্বেল আৰু মেডিচিনেল প্লাণ্টৰ উৎপাদনক নিৰন্তৰ উৎসাহিত কৰি আছে।

 

বন্ধুসকল,

হাৰ্বছ আৰু মেডিচিনেল প্লাণ্টৰ উৎপাদন, কৃষকৰ আয় আৰু জীৱিকা বঢ়োৱাৰ ভাল সম্পদ হ'ব পাৰে। ইয়াত

Employment Generationৰো বহুত সুবিধা আছে। কিন্তু আমি দেখিছো যে এনেকুৱা প্লাণ্ট আৰু প্ৰডাক্টৰ মাৰ্কেট বহুত সীমিত হয়, স্পেচিয়েলাইজড হয়। বহুত জৰুৰী হয় যে মেডিচিনেল প্লাণ্টৰ উৎপাদনৰ সৈতে জড়িত কৃষকে সহজে মাৰ্কেটৰ সৈতে সংযুক্ত হোৱাৰ সুচলতা পাব লাগে। ইয়াৰ বাবে চৰকাৰে আয়ুষ ই-মাৰ্কেট প্লেচৰ আধুনিকীকৰণ আৰু তাৰ বিস্তাৰৰ ওপৰতো বহুত দ্ৰুতগতিত কাম কৰি আছে। এই পৰ্টেলৰ জৰিয়তে, হাৰ্বছ আৰু মেডিচিনেল প্লাণ্টৰ খেতিৰ সৈতে জড়িত কৃষকক, সেই কোম্পানীৰ সৈতে সংযুক্ত কৰা হ'ব যি আয়ুষ প্ৰডাক্ট বনায়।

বন্ধুসকল,

আয়ুষ প্ৰডাক্টৰ ৰপ্তানি উৎসাহিত কৰিবলৈও যোৱা বছৰবিলাকত অভূতপূৰ্ব প্ৰয়াস হৈছে। অন্য দেশৰ সৈতে আয়ুষ ঔষধিৰ পৰস্পৰ মান্যতাৰ ওপৰত জোৰ দিয়া হৈছে। ইয়াৰ বাবে আমি যোৱা বছৰবিলাকত বেলেগ বেলেগ দেশৰ সৈতে ৫০তকৈ অধিক এমঅ'ইউ কৰিলো। আমাৰ আয়ুষ বিশেষজ্ঞই Bureau of Indian Standardsৰ সৈতে লগ হৈ ISO standards বিকশিত কৰি আছে। ইয়াৰ জৰিয়তে আয়ুষৰ বাবে ১৫০খনতকৈও অধিক দেশত এক বিশাল ৰপ্তানিৰ বজাৰ মুকলি হ'ব। এনেকৈ FSSAIয়েও যোৱা সপ্তাহত নিজৰ নিয়মাৱলীত 'আয়ুষ আহাৰ' নামৰ এটা নতুন শাখা ঘোষিত কৰিছে। ইয়াৰ জৰিয়তে হাৰ্বেল nutritional supplementsৰ সামগ্ৰীয়ে বহুত সুবিধা পাব। মই আপোনালোকক আৰু এটা খবৰ দিব খুজিছো। ভাৰতে এটা বিশেষ আয়ুষ মাৰ্কো বনাবলৈ গৈ আছে, যাৰ এটা বৈশ্বিক পৰিচয়ো হ'ব। ভাৰতত প্ৰস্তুত হোৱা উচ্চ গুণ সম্পন্ন আয়ুষ প্ৰডাক্টৰ ওপৰত এই মাৰ্ক লগোৱা হ'ব। এই আয়ুষ মাৰ্ক আধুনিক টেকনলজিৰ ব্যৱস্থাৰে যুক্ত হ'ব। ইয়াৰ জৰিয়তে বিশ্বজুৰি মানুহে মানসম্পন্ন আয়ুষ প্ৰডাক্টৰ ভৰসা পাব। অলপতে গঠন হোৱা আয়ুষ export promotion councilৰ পৰাও ৰপ্তানি উৎসাহিত হ'ব আৰু বিদেশী বজাৰ বিচৰাত সহায় হ'ব।

 

বন্ধুসকল,

আজি আৰু এটা ঘোষণা মই আপোনালোকৰ মাজত কৰি আছো। দেশজুৰি আয়ুষ প্ৰডাক্টৰ প্ৰচাৰ প্ৰসাৰৰ বাবে, ৰিছাৰ্চ আৰু মেনুফেকচাৰিঙক উদগণি দিবলৈ আমাৰ চৰকাৰে Ayush Parksৰ নেটৱৰ্ক বিকশিত কৰিব। এই আয়ুষ পাৰ্কে দেশত আয়ুষ মেনুফেকচাৰিঙক নতুন দিশ দিব।

 

বন্ধুসকল,

আমি দেখি আছো যে মেডিকেল টুৰিজম, আজি ভাৰত মেডিকেল টুৰিজমৰ বাবে, পৃথিৱীৰ বহু দেশৰ বাবে এক বহুত আকৰ্ষণীয় ডেষ্টিনেচন হৈ পৰিছে। এই কথা মনত ৰাখি মেডিকেল টুৰিজমৰ এই ছেক্টৰত য'ত ইনভেষ্টমেণ্টৰ বহুত সম্ভাৱনা আছে। আমি দেখিছো যে কেনেকৈ কেৰালাৰ টুৰিজমক বঢ়োৱাত Traditional Medicineয়ে সহায় কৰিছে। এই সামৰ্থ্য সমগ্ৰ ভাৰতত আছে, ভাৰতৰ প্ৰতিটো কোণত আছে। ‘Heal in India’ এই দশকৰ বহুত ডাঙৰ ব্ৰেণ্ড হ'ব পাৰে। আয়ুৰ্বেদ, ইউনানী, সিদ্ধা আদি বিদ্যাৰ ওপৰত আধাৰিত wellness centres বহুত প্ৰচলিত হ'ব পাৰে। দেশত দ্ৰুত গতিত বিকশিত হৈ থকা আধুনিক কানেক্টিভিটি ইনফ্ৰাষ্ট্ৰাকচাৰে ইয়াক আৰু অধিক সহায় কৰিব। যি বিদেশী নাগৰিক, যেনেকৈ মই ক'লো যে আজি হেল্থ টুৰিজমৰ বাবে ভাৰত এক আকৰ্ষণীয় ডেষ্টিনেচন হৈ পৰিছে, সেয়ে যেতিয়া বিদেশী নাগৰিকে ভাৰতলৈ আহি আয়ুষ চিকিৎসাৰ মুনাফা ল'ব বিচাৰে, তেওঁলোকৰ বাবে চৰকাৰে আৰু এটা ব্যৱস্থা কৰি আছে। সোনকালেই ভাৰতে এক বিশেষ আয়ুষ ভিছা কেটেগৰী আৰম্ভ কৰিবলৈ গৈ আছে। ইয়াৰ ফলত মানুহে আয়ুষ চিকিৎসাৰ বাবে ভাৰতলৈ অহাযোৱা কৰাত সুচল হ'ব।

 

বন্ধুসকল,

যিহেতু আমি আয়ুৰ্বেদৰ কথা পাতি আছো, সেয়ে মই আজি আপোনালোকক এটা বৰ বিশেষ খবৰ দিব বিচাৰিছো। মই মোৰ মিত্ৰ আৰু কেনিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাইলা ওডিংগা জী আৰু তেওঁৰ কন্যা ৰোজমেৰীৰো প্ৰশংসা কৰিব খোজোঁ। Rosemary, are you here? Yes, she is there. Rosemary welcome to Gujarat. ৰোজমেৰীৰ ঘটনা বৰ আমোদজনক, মই আপোনালোকক ক'ব বিচাৰো। কেইদিনমানৰ আগতে তেওঁৰ পিতৃ মোৰ বহুত ভাল বন্ধু, তেওঁ মোক ওডিংগা জীয়ে দিল্লীত লগ কৰিবলৈ আহিছিল, দেওবাৰৰ দিন আছিল আৰু ময়ো যথেষ্ট সময় বহিম বুলি সিদ্ধান্ত কৰি গৈছিলো, বহু দীঘলীয়া ব্যৱধানৰ পিছত আমি দুজন লগ হৈছিলো। তেতিয়া তেওঁ মোক ৰোজমেৰীৰ জীৱনত যি ডাঙৰ বিপদ আহিছিল, ডাঙৰ অৰ্থাৎ এক প্ৰকাৰে তেওঁ বহুত ভাবুক হৈ পৰিছিল আৰু ৰোজমেৰীৰ জীৱনৰ বিপদৰ কথা বৰ্ণনা কৰি তেওঁ মোক কৈছিল যে ৰোজমেৰীৰ চকুত কিছু সমস্যা হৈছিল আৰু তাৰ অস্ত্ৰোপচাৰ হৈছিল আৰু সেই অস্ত্ৰোপচাৰত ৰোজমেৰীয়ে নিজৰ চকু হেৰুৱাই পেলায়। তেওঁ দেখা পোৱা নাছিল, আপোনালোকে কল্পনা কৰক, জীৱনৰ এই স্তৰত চকু গুছি গ'লে, মানুহ হতাশ হৈ যাব, নিৰাশ হৈ যাব। আৰু এজন দেউতাক হিচাপে মোৰ মিত্ৰ ওডিংগা জীয়ে সমগ্ৰ পৃথিৱী ঘূৰিলে। তেওঁ কেনিয়াৰ বহুত ডাঙৰ জ্যেষ্ঠ নেতা আছিল, তেওঁৰ বাবে বিশ্বত যাবলৈ কোনো কঠিন কাম নহয়। বিশ্বৰ কোনো ডাঙৰ দেশ এনেকুৱা নহ'ব, য'ত ৰোজমেৰীৰ চিকিৎসা হোৱা নাই। কিন্তু ৰোজমেৰীৰ চকুলৈ দৃষ্টি উভতি নাহিল। অৱশেষত তেওঁ সফলতা ভাৰতত পালে আৰু তাকো আয়ুৰ্বেদ উপচাৰৰ পাছত। আয়ুৰ্বেদৰ উপচাৰ কৰা হ'ল আৰু ৰোজমেৰীৰ দৃষ্টি উভতি আহিল, তেওঁ আজি দেখি আছে। যেতিয়া তেওঁ প্ৰথমবাৰ নিজৰ সন্তানক পুনৰ দেখে তেতিয়া মোক ওডিংগা জীয়ে কৈ আছিল, সেই পল তেওঁৰ জীৱনৰ সোণালী পল আছিল। মই আনন্দিত যে ৰোজমেৰীয়েও আজি এই ছামিটত ভাগ লৈছে, তেওঁৰ বায়েকো আহিছে। তেওঁৰ বায়েকে তো traditional medicineতে এতিয়া পঢ়াই আছে আৰু কাইলৈ হয়তো তেওঁ নিজৰ অভিজ্ঞতাও আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব।

বন্ধুসকল,

২১শ শতিকাৰ ভাৰতে পৃথিৱীক নিজৰ অনুভৱ, নিজৰ জ্ঞান, নিজৰ তথ্য অৱগত কৰি আগবাঢ়িব বিচাৰে।  আমাৰ ঐতিহ্য, সমগ্ৰ মানৱতাৰ বাবে ঐতিহ্যৰ দৰে। আমি বসুধৈৱ কুটুম্বকম মনা মানুহ। আমি পৃথিৱীৰ দুখ কম কৰিবলৈ কৃতসংকল্প মানুহ। সৰ্বে সন্তু নিৰাময়া:, এয়াই আমাৰ জীৱন মন্ত্ৰ। আমাৰ আয়ুৰ্বেদ হাজাৰ হাজাৰ বছৰৰ পৰম্পৰা, হাজাৰ হাজাৰ বছৰৰ তপস্যাৰ প্ৰতীক আৰু আমি ৰামায়ণৰ পৰা যি শুনি আহিছো, লক্ষ্মণ জী যেতিয়া অজ্ঞান হৈ পৰিছিল তেতিয়া হনুমান জী হিমালয়লৈ গ'ল আৰু তাৰ পৰা জড়ী বুটী লৈ আহে। আত্মনিৰ্ভৰ ভাৰত তেতিয়াও আছিল। আয়ুৰ্বেদৰ সমৃদ্ধিৰ অন্তৰালত এটা মুখ্য কাৰণ তাৰ Open Source মডেল আছে। আজি ডিজিটেল ৱৰ্ল্ডত Open Sourceৰ বহুত চৰ্চা হয় আৰু কিছু লোকে ধাৰণা কৰে যে এয়া তেওঁলোকৰে সন্ধান। তেওঁলোকে নাজানে যে এই মাটিত হাজাৰ হাজাৰ বছৰৰ পৰা এই Open Sourceৰ পৰম্পৰা আছে আৰু আয়ুৰ্বেদ সম্পূৰ্ণ ৰূপে সেই পৰম্পৰাৰ পৰাই বিকশিত হ'ব পাৰিছে। পৰম্পৰাগত ঔষধৰ সৈতে জড়িত জ্ঞানৰ বিকাশ আৰু বিস্তাৰ তেতিয়াহে সম্ভৱ যেতিয়া আমি তাক scientific spiritত দেখিম, তাক দেশ-কাল-পৰিস্থিতি অনুসৰি গঢ় দিম।

 

বন্ধুসকল,

কালিয়েই জামনগৰত WHO- Global Centre for Traditional Medicineৰ উদ্ঘাটন হ'ল, অৰ্থাৎ গুজৰাটৰ মাটিত জামনগৰত বিশ্বৰ Traditional Medicineৰ কেন্দ্ৰ হোৱাটো প্ৰতিজন হিন্দুস্তানীৰ বাবে গৌৰৱৰ বিষয়। আৰু আজি আমি প্ৰথম আয়ুষ ইন'ভেচন আৰু ইনভেষ্টমেণ্ট ছামিটত ভাগ লৈছো, এয়া এক শুভ আৰম্ভণি। মোৰ বিশ্বাস আছে যে আজিৰ গ্লবেল আয়ুষ ইনভেষ্টমেণ্ট এণ্ড ইন'ভেচন ছামিটে আয়ুষৰ ক্ষেত্ৰখনত বিনিয়োগ, বাণিজ্য আৰু উদ্ভাৱনৰ নতুন পথ মুকলি কৰিব। আজি যি বিদেশৰ অতিথি আহিছে আৰু যি প্ৰথমবাৰ ভাৰতৰে অন্য অংশৰ মানুহ আহিছে, তেওঁলোকক মই আহ্বান জনাওঁ যে এই মহাত্মা মন্দিৰত এটা দাণ্ডি কুটীৰ আছে। মহাত্মা গান্ধী পৰম্পৰাগত চিকিৎসাৰ প্ৰণেতা আছিল। মই বিচাৰো যে সময় উলিয়াই আপোনালোকে জৰুৰ দাণ্ডি কুটীৰৰ সাক্ষাৎ কৰক। আজি মই আৰু এটা আনন্দৰ খবৰ দিব বিচাৰিছো। ডব্লিউ এইচ অ'ৰ আমাৰ ডাইৰেক্টৰ জেনেৰেল টেড্ৰোছ মোৰ বহুত ভাল বন্ধু আৰু যেতিয়াই লগ পাইছিলো এটা কথা নিশ্চিতভাৱে কৈছিল যে চাওক মোদী জী, মই যিয়েই হওঁ, মোক সৰুৰে পৰা পঢ়াইছিল, ভাৰতৰ শিক্ষক আমাৰ ইয়াত আছিল, মোৰ জীৱনৰ মহত্বপূৰ্ণ স্তৰত ভাৰতীয় শিক্ষকসকলৰ বহুত ডাঙৰ ভূমিকা আছে আৰু মোৰ বহুত ডাঙৰ গৌৰৱ হয় ভাৰতৰ সৈতে সংযুক্ত হোৱাত। আজি যেতিয়া পুৱা মোৰ সৈতে লগ হয় তেতিয়া তেওঁ কয় যে চোৱা ভাই মই তো পাক্কা গুজৰাটী হৈ গৈছো। তেতিয়া তেওঁ মোক ক'লে যে মোৰ নাম গুজৰাটীত ৰাখি লোৱা। এতিয়া মঞ্চতো পুনৰ মোক সোঁৱৰাই আছিল যে ভাই মোৰ নাম স্থিৰ কৰিলা নে নাই কৰা। তেতিয়া মই আজি মহাত্মা গান্ধীৰ এই পৱিত্ৰ ভূমিত মোৰ এই পৰম মিত্ৰক গুজৰাটী হিচাপে তুলশীভাই, তুলশী সেই গছ যি বৰ্তমান প্ৰজন্মই তো পাহৰি আছে কিন্তু প্ৰজন্মৰ পিছত প্ৰজন্মই ভাৰতৰ ভিতৰত প্ৰতিটো ঘৰৰ সন্মুখত সেই গছ ৰোপণ কৰাটো, তাৰ পূজা কৰা, এটা পৰম্পৰা আছে। এই মহাত্মা মন্দিৰৰ পৱিত্ৰ মাটিৰ পৰা মই আপোনাক তুলশীভাই বুলি মতাত বিশেষ আনন্দ পাই আছো। মই আকৌ এবাৰ আপোনালোক দুয়োজন মহানুভৱ এই মহত্বপূৰ্ণ সমাৰোহত আমাৰ মাজলৈ আহিল, মই আপোনালোকৰ বহুত বহুত কৃতজ্ঞতা প্ৰকাশ কৰিছো। বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s 5G traffic surges 70% Y-o-Y: Nokia report

Media Coverage

India’s 5G traffic surges 70% Y-o-Y: Nokia report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
A bunch of moments from PM Modi’s Assam visit that stood out
April 01, 2026

Prime Minister Narendra Modi visited a tea garden in Assam’s Dibrugarh and interacted with the women working there. Walking through the plantation, he briefly joined them in plucking tea leaves and observed their work up close.

The PM’s interaction with the plantation workers was a memorable one. Calling tea the soul of Assam, the Prime Minister acknowledged the contribution of tea garden workers in shaping the state’s identity and sustaining a sector that reaches markets across the world.

The women working in the tea plantation shared various aspects of their culture. The PM praised the tea garden communities for their hard work and perseverance, noting that it has strengthened Assam’s pride.

In a special gesture, the women also sang a traditional song paying homage to Jagat Janani Maa. It reflected how tradition remains closely linked with everyday life in the tea gardens, offering a glimpse into the lives and contributions of those who form the backbone of Assam’s tea industry.