নমস্কাৰ!

কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান হৰদ্বীৰ সিং পুৰীজী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ জী, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ভাই হেমন্ত সোৰেণজী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, মধ্য প্ৰদেশ মুখ্যমন্ত্ৰী শ্ৰীমান শিৱৰাজ সিং চৌহানজী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীমান বিজয় ৰূপানীজী, তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু ই কে পালানীস্বামীজী, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী ৱাই এছ জগনমোহন ৰেড্ডীজী, কাৰ্যসূচীত উপস্থিত সকলো আদৰণীয় গৱৰ্ণৰ মহোদয়, উপস্থিত অন্য মহানুভৱ, ভাতৃ আৰু ভগ্নীসকল, আপোনালোক সকলোলৈ, সকলো দেশবাসীলৈ ২০২১ৰ অলেখ শুভকামনা, অনেক মংগল কামনা থাকিল৷ আজি নতুন শক্তিৰ সৈতে, নতুন সংকল্পৰ সৈতে আৰু নতুন সংকল্প ৰূপায়ন কৰিবলৈ ক্ষীপ্ৰতাৰে আগবঢ়াৰ বাবে শুভাৰম্ভ কৰা হৈছে৷ আজি দুখীয়াসকলে ,মধ্যবিত্তসকলে ঘৰ নিৰ্মাণ কৰাৰ নতুন প্ৰযুক্তি লাভ কৰিছে৷ প্ৰযুক্তিগত ভাষাত আপোনালোকে ইয়াক লাইট হাউচ প্ৰকল্প বুলি কয়৷ মই ভাবো যে এই ৬টা প্ৰকল্প অৱশ্যেই লাইট হাউচ- প্ৰকাশ স্তম্ভৰ দৰে৷ এই ৬টা লাইট হাউট প্ৰকল্পই দেশত গৃহ নিৰ্মাণক নতুন দিশ প্ৰদৰ্শিত কৰোৱাব৷ দেশৰ পূব-পশ্চিম, উত্তৰ-দক্ষিণ, প্ৰতি ক্ষেত্ৰৰ পৰা ৰাজ্যসমূহে এই অভিযানৰ সৈতে জড়িত হোৱা কাৰ্যই কৰ্পৰেট-সংঘৰ প্ৰতি আমাৰ ভাৱনাক অধিক শক্তিশালী কৰি তুলিছে৷

বন্ধুসকল,

এই লাইট হাউচ প্ৰকল্প এতিয়া দেশৰ কাম কৰাৰ প্ৰণালীসমূহৰো এটা উত্তম উদাহৰণ হিচাপে বিবেচিত হৈছে৷ আমি ইয়াৰ অন্তৰালৰ বীক্ষণো অনুধাৱন কৰিব লাগিব৷ এটা সময়ত আৱাস যোজনাসমূহ কেন্দ্ৰ চৰকাৰৰ প্ৰাথমিকতা নাছিল৷ চৰকাৰে ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰু গুণগতমানৰ ওপৰত গুৰুত্ব প্ৰদান নকৰিছিল৷ কিন্তু আমি জানো যে এতিয়া যি পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তন নহ’লে কিমান কঠিন হ’লহেঁতেন৷ আজি দেশে এক ভিন্ন আচৰণ বাচনি কৰিছে, এক পৃথক পথ আঁকোৱালি লৈছে৷

বন্ধুসকল,

আমাৰ ইয়াত এনে বহু বস্তু আছে যি প্ৰক্তিয়াত পৰিৱৰ্তন নকৰাকৈয়ে এনেদৰেই নিৰন্তৰে চলি যায়৷ গৃহ নিৰ্মাণৰ সৈতে জড়িত বিষয়সমূহ এনেকুৱাই৷ আমি ইয়াক পৰিৱৰ্তন কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞা গ্ৰহণ কৰিলো৷ আমাৰ দেশে উন্নত প্ৰযুক্তি লাভ কৰিব লাগে নে নালাগে? আমাৰ দৰিদ্ৰসকলে দীৰ্ঘ সময়লৈ ভালে থকা ঘৰ লাভ কৰিব লাগে নে নালাগে? আমি যি ঘৰ নিৰ্মাণ কৰো সেয়া ক্ষীপ্ৰতাৰে কিয় সম্পূৰ্ণ নহয়? চৰকাৰৰ মন্ত্ৰালয়সমূহৰ বাবে এয়া আৱশ্যক যে এইসমূহ বৃহৎ গাঁথনিৰ দৰে নহয় বৰঞ্চ ষ্টাৰ্ট-আপৰ দৰে গাঁথনি হওক৷ সেইবাবে আমি গ্ল’বেল হাউচিং টেকন’ল’জী চেলেঞ্জৰ আয়োদন কৰিছো আৰু বিশ্বৰ অগ্ৰণী উদ্যোগসমূহক ভাৰতলৈ নিমন্ত্ৰণ জনাইছো৷ বিশ্বৰ ৫০ৰো অধিক উদ্ভাৱনী নিৰ্মাণ প্ৰযুক্তিখণ্ডই এই সমাৰোহত অংশগ্ৰহণ কৰিছে, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, তাৰবাবে মই সুখী৷ এই বিশ্বজনীন প্ৰত্যাহ্বানত আমি নতুন প্ৰযুক্তিক লৈ উদ্ভাৱন আৰু ইনকিউবেট কৰাৰ সুযোগ লাভ কৰিছো৷ এই প্ৰক্ৰিয়াৰ আগন্তুক পৰ্যায়ত আজিৰে পৰা বিভিন্ন ছাইটত ৬টা লাইট হাউচ প্ৰকল্পৰ কাম আৰম্ভ হ’বলৈ ধৰিছে৷ এই লাইট হাউট প্ৰকল্প আধুনিক প্ৰযুক্তি আৰু উদ্ভাৱনীমূলক পদ্ধতিৰে নিৰ্মাণ হ’ব৷ ইয়াৰ দ্বাৰা নিৰ্মাণৰ সময় হ্ৰাস হ’ব আৰু দুখীয়াসকলে অধিক স্থিতিশীল, ব্যয়সাধ্য আৰু স্বাচ্ছন্দ্যমূলক ঘৰ লাভ কৰিব৷ যিসকলে বিশেষজ্ঞ তেওঁলোকে এই বিষয়ে জানে কিন্তু দেশবাসীয়েও এই বিষয়ে জনাটো আৱশ্যক৷ কাৰণ আজি এই প্ৰযুক্তি এখন চহৰত ব্যৱহৃত হৈছে, কাইলৈ ইয়াক সমগ্ৰ দেশতে ব্যৱহাৰ কৰা হ’ব৷

বন্ধুসকল,

ইন্দোৰত যি ঘৰ নিৰ্মাণ হৈছে তাত ইটা আৰু বালিৰ দেৱাল নাথাকিব, বৰঞ্চ তাত Pre-fabricated Sandwich Panel system ব্যৱহাৰ হ’ব৷ ৰাজকোটত সুৰংগৰ জৰিয়তে Monolithic Concrete Construction এই প্ৰযুক্তিত ব্যৱহৃত হ’ব৷ ফ্ৰান্সৰ প্ৰযুক্তিৰ দ্বাৰা ক্ষীপ্ৰতা লাভ হ’ব আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পৰাৰ শক্তিও আমি লাভ কৰিম৷ চেন্নাইত আমেৰিকা আৰু ফিনলেণ্ডৰ Precast Concrete system ব্যৱহাৰ হ’ব যাৰ দ্বাৰা ঘৰ ক্ষীপ্ৰতাৰে নিৰ্মাণো হ’ব আৰু সস্তাও হ’ব৷ ৰাঁচীত জাৰ্মানীৰ 3D construction system দ্বাৰা ঘৰ নিৰ্মাণ কৰা হ’ব৷ ইয়াত প্ৰতিটো কোঠালি পৃথকে নিৰ্মাণ হ’ব আৰু সমগ্ৰ গাঁথনি লিগ’ ব্লকৰ খেলনাৰ দৰে সংযুক্ত কৰা হ’ব৷ আগৰতলাত নিউজিলেণ্ডৰ তীখা ফ্ৰেমৰ সৈতে জড়িত প্ৰযুক্তিৰ দ্বাৰা ঘৰ নিৰ্মাণ কৰা হৈছে৷ য’ত ভূমিকম্পৰ ক্ষতিশংকা অধিক তাত এনেকুৱা ঘৰ নিৰ্মাণ কৰাটো উত্তম হয়৷ লক্ষ্ণৌত কানাডাৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে য’ত প্লাষ্টাৰ আৰু পেইণ্টৰ প্ৰয়োজন নহয় আৰু ইয়াত পূৰ্বৰ পৰাই প্ৰস্তুত সমগ্ৰ দেৱালৰ ব্যৱহাৰ কৰা হ’ব৷ ইয়াৰ দ্বাৰা ঘৰসমূহ দ্ৰুত গতিত নিৰ্মাণ হ’ব৷ প্ৰতিটো স্থানত ১২ মাহত সহস্ৰাধিক ঘৰ নিৰ্মাণ হ’ব৷ এবছৰত হাজাৰ ঘৰ৷ ইয়াৰ অৰ্থ হ’ল প্ৰতিদিনে গড়ে আঢ়ৈ অথবা তিনিটা ঘৰ নিৰ্মাণ কৰা হ’ব৷ এমাহত প্ৰায় ৯০টা ঘৰ নিৰ্মাণ কৰা হ’ব আৰু বছৰটোত এহেজাৰটা ঘৰ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ আগন্তুক ২৬ জানুৱাৰীৰ পূৰ্বে এই কামত এই সফলতা প্ৰাপ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

বন্ধুসকল,

এই প্ৰকল্প এক প্ৰকাৰে ইনকিউবেচন কেন্দ্ৰৰ দৰে হ’ব৷ যাৰ দ্বাৰা আমাৰ প্লেনাৰ, আৰ্কিটেক্ট, অভিযন্তা আৰু শিক্ষাৰ্থীসকলে শিকিব পাৰিব আৰু নতুন প্ৰযুক্তিৰ পৰীক্ষণ কৰিব পাৰিব৷ মই দেশৰ এই ধৰণৰ সকলো বিশ্ববিদ্যালয়ক আহ্বান জনাইছো৷ সকলো ইঞ্জিনীয়াৰিং কলেজক আহ্বান জনাইছো যে এই ক্ষেত্ৰৰ সৈতে জড়িত আপোনালোকৰ অধ্যাপক, আপোনালোকৰ ফেকাল্টী, আপোনালোকৰ বিদ্যাৰ্থীসকলৰ দহ-দহ, পোন্ধৰ-পোন্ধৰৰ এটা গোট গঠন কৰক, এটা এটা সপ্তাহৰ বাবে এনে ৬টা ছাইটত থাকিবলৈ গুচি যাওক, সম্পূৰ্ণৰূপে ইয়াৰ অধ্যয়ন কৰক, তাৰে চৰকাৰেও তেওঁলোকক সহায় কৰক আৰু এক প্ৰকাৰে দেশৰ আমাৰ যি বিশ্ববিদ্যালয়সমূহ আছে, এই যি পাইলট প্ৰকল্প চলি আছে, এক প্ৰকাৰে ইনকিউবেটৰৰ দৰে হ’বলৈ ধৰিছে৷ তালৈ গৈ এই প্ৰযুক্তি চাওক আৰু মই ভাবো যে আমি চকু বন্ধ কৰি কোনো প্ৰযুক্তি গ্ৰহণ কৰা উচিত নহয়৷ আমি চাব লাগিব যে আমাৰ দেশৰ আৱশ্যকতা অনুসৰি, আমাৰ দেশৰ সংসাধনৰ হিচাপত, আমাৰ দেশৰ প্ৰয়োজনীয়তাৰ হিচাপত এই প্ৰযুক্তিৰ আকাৰ পৰিৱৰ্তন কৰিব পাৰি নেকি? ইয়াৰ কাৰ্যকলাপ পৰিৱৰ্তন কৰিব পাৰি নেকি? ইয়াৰ দক্ষতাৰ পৰ্যায় পৰিৱৰ্তন কৰিব পাৰি নেকি? মই ভাবো যে আমাৰ দেশৰ যুৱচামে এয়া প্ৰত্যক্ষ কৰিলে ইয়াত নিশ্চয়কৈ মূল্য সংযোজিত কৰিব পাৰিব, নতুনত্ব সংযোজন কৰিব পাৰিব আৰু সঁচাকৈয়ে দেশক এক নতুন দিশলৈ দ্ৰুত গতিত আগুৱাই নিব পাৰিব৷ ইয়াৰ সৈতে ঘৰ নিৰ্মাণৰ সৈতে জড়িত লোকসকলক নতুন প্ৰযুক্তিৰ সৈতে জড়িত দক্ষতা উন্নীতকৰণৰ চাৰ্টিফিকেট পাঠ্যক্ৰমো প্ৰদান কৰা হৈছে৷ এয়া এক ডাঙৰ কাম৷ আমি ইয়াৰ সৈতে মানৱ সম্পদ বিকাশ, দক্ষতা উন্নয়নো একেলগে আৰম্ভ কৰিছো৷ আপুনি অনলাইন পঢ়িব পাৰে৷ এই নতুন প্ৰযুক্তি বুজিব পাৰে৷ পৰীক্ষাত অৱতীৰ্ণ হৈ চাৰ্টিফিকেট লাভ কৰিব পাৰে৷ এয়া এই কাৰণেই কৰা হৈছে যাতে দেশবাসীসকলে ঘৰ নিৰ্মাণত বিশ্বৰ সবাতোকৈ শ্ৰেষ্ঠ প্ৰযুক্তি আৰু সামগ্ৰী লাভ কৰিব পাৰে৷

বন্ধুসকল,

দেশত হোৱা আধুনিক হাউচিং প্ৰযুক্তিৰ সৈতে জড়িত গৱেষণা আৰু ষ্টাৰ্ট আপক উত্তৰণ কৰাৰ বাবে আশা-ইণ্ডিয়া কাৰ্যসূচী প্ৰণয়ন কৰা হৈছে৷ ইয়াৰ জৰিয়তে ভাৰততেই একবিংশ শতিকাৰ ঘৰ নিৰ্মাণৰ নতুন আৰু সস্তীয়া প্ৰযুক্তি বিকশিত হ’ব৷ এই অভিযানৰ অধীনত ৫টা সৰ্বশ্ৰেষ্ঠ প্ৰযুক্তি বাচনি কৰা হৈছে৷ এতিয়া মই উন্নত নিৰ্মাণ প্ৰযুক্তিৰ আধাৰত কিতাপ আৰু অনলাইন চাৰ্টিফিকেট পাঠ্যক্ৰৰ সৈতে জড়িত কিতাপ উন্মোচন কৰাৰো অৱকাশ লাভ কৰিছো৷ ইয়াৰ সৈতে জড়িত সকলো সহযোগীলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো৷

বন্ধুসকল,

চহৰত বাস কৰা দৰিদ্ৰ অথবা মধ্যবিত্ত লোকসকলৰ আটাইতকৈ ডাঙৰ সপোনটো কি? সকলোৰে সপোন হ’ল- নিজৰ ঘৰ৷ যাকেই সোধক তেওঁৱেই ঘৰ নিৰ্মাণৰ কথা ক’ব৷ সন্তানৰ জীৱন সুন্দৰ হ’ব৷ যি ঘৰত তেওঁলোকৰ সুখ-দুখ জড়িত হৈ থাকে, সন্তানৰ লালন-পালন জড়িত হৈ থাকে, কঠিন সময়ত এটা গেৰাণ্টীও জড়িত হৈ থাকে যে অন্য নহ’লেও নিজৰ ঘৰ এটাতো আছে৷ কিন্তু বিগত বৰ্ষসমূহত নিজৰ ঘৰক লৈ মানুহৰ বিশ্বাস অৱনমিত হৈ আহিছিল৷ জীৱনৰ সমস্ত সঞ্চয়ৰ ধনৰাশিৰে ঘৰ ক্ৰয় কৰিলে, ধন জমা কৰিলে, কিন্তু সেই ঘৰ কাগজতেই থাকি গ’ল, ঘৰ পোৱাৰ কোনো নিশ্চিতি নাছিল৷ উপাৰ্জন থকা স্বত্বেও নিজৰ আৱশ্যকতা অনুসৰি ঘৰ ক্ৰয় কৰিব পাৰিব, এই বিশ্বাসো থৰক-বৰক হৈছিল৷ কাৰণ, মূল্য অত্যাধিক আছিল৷ আৰু এটা কাৰণত বিশ্বাস ভংগ হৈছিল যে আইনে তেওঁলোকৰ পক্ষে মাত মাতে নে নামাতে৷ যদি বিল্ডাৰৰ সৈতে কাজিয়া হয়, সমস্যা হয় তেতিয়া এয়াও এক চিন্তাৰ বিষয় আছিল৷ ঘৰ নিৰ্মাণ ক্ষেত্ৰৰ এনেকুৱা স্থিতি হৈ পৰিছিল যে সাধাৰণ জনতাৰ মনৰ পৰা এই বিশ্বাস ভংগ হৈছিল যে আইন তেওঁলোকৰ পক্ষত নাথাকিব৷

বন্ধুসকল,

এই সকলো সমস্যাৰ পৰা আগবাঢ়িলেও বেংকৰ উচ্চ হাৰৰ সুত, ঋণ পোৱাত সমস্যা আদিৰ বাবে তেওঁলোকৰ সপোন পুনৰ ভংগ হৈছিল৷ আজি মই সুখী কিয়নো বিগত ৬টা বৰ্ষত দেশত যিমানবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, তাৰ দ্বাৰা সাধাৰণ জনতাৰ, বিশেষকৈ পৰিশ্ৰমী মধ্যবিত্ত পৰিয়ালৰ বিশ্বাস উভতি আহিছে যে তেওঁলোকৰো নিজাকৈ একোখন ঘৰ হ’ব পাৰে৷ এতিয়া দেশে দৰিদ্ৰ আৰু মধ্যবিত্ত লোকৰ আৱশ্যকতাসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে, এতিয়া দেশে প্ৰাথমিকতা প্ৰদান কৰিছে চহৰত বাস কৰা লোকসকলৰ সংবেদনাৰ ওপৰত, তেওঁলোকৰ ভাৱনাৰ ওপৰত৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চহৰত অতিশয় কম সময়ৰ ভিতৰত লক্ষাধিক গৃহ নিৰ্মাণ কৰা হৈছে৷ লক্ষাধিক গৃহৰ নিৰ্মাণৰ কাম চলি আছে৷

বন্ধুসকল,

যদি আমি পিএম আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা লক্ষাধিক ঘৰৰ কামৰ ওপৰত দৃষ্টি নিক্ষেপ কৰো তেন্তে তাত দেখা পাম যে উদ্ভাৱন আৰু প্ৰণয়ন, এই দুয়োটাৰ ওপৰত গুৰুত্ব নিৱেশ কৰা হৈছে৷ নিৰ্মাণ সামগ্ৰীত স্থানীয় প্ৰয়োজনীয়তা আৰু ঘৰৰ মালিকৰ আশা অনুসৰি উদ্ভাৱন কৰা হৈছে৷ ঘৰৰ সৈতে আন সমূহ যোজনাকো এটা পেকেজৰ হিচাপত ইয়াত সংযোজিত কৰা হৈছে৷ ইয়াৰ দ্বাৰা যিসকলে দৰিদ্ৰ লোকে ঘৰ লাভ কৰিছে তাত পানী, বিদ্যুৎ, গেছ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় সুবিধাসমূহো সুনিশ্চিত কৰা হৈছে৷ এয়াই নহয়, পাৰদৰ্শিতা সুনিশ্চিত কৰাৰ বাবে প্ৰতিটো ঘৰৰ জিঅ’ টেগিং কৰা হৈছে, জিঅ’-টেগিঙৰ ফলত প্ৰতিটো কথা গম পোৱা যায়৷ ইয়াতো প্ৰযুক্তিৰ পূৰ্ণ ব্যৱহাৰ কৰা হৈছে৷ ঘৰ নিৰ্মাণৰ প্ৰতিটো পৰ্যায়ৰ আলোকচিত্ৰ ৱেবছাইটত আপলোড কৰিব লাগে৷ আৰু মই ৰাজ্যসমূহকো ধন্যবাদ প্ৰদান কৰিছো কিয়নো এই কামসমূহ অধিক সক্ৰিয়তাৰে কৰা হৈছে৷ আজি বহু ৰাজ্যক ইয়াৰ বাবে সন্মানিত কৰাৰ সৌভাগ্যও মই লাভ কৰিছো৷ মই এই বিজয়ী ৰাজ্যসমূহক বিশেষ ৰূপত অভিনন্দন জ্ঞাপন কৰিছো৷

বন্ধুসকল,

চৰকাৰৰ প্ৰয়াসসমূহৰ বৃহৎ লাভ চহৰত বাস কৰা মধ্যবিত্তসকলে পাইছে৷ মধ্যবিত্তসকলে নিজৰ পূৰ্বৰ ঘৰৰ বাবে এক নিৰ্ধাৰিত ৰাশিৰ গৃহ ঋণত সুতত ৰেহাই লাভ কৰিছে৷ এতিয়া ক’ৰোনা সংকটৰ সময়ছোৱাত চৰকাৰে গৃহ ঋণৰ সুতত ৰেহাই প্ৰদান কৰাৰ বিশেষ যোজনা আৰম্ভ কৰিছে৷ যিসকল মধ্যবিত্তৰ ঘৰ বৰ্ষজুৰি আধৰুৱা হৈ আছিল, তেওঁলোকৰ বাবে ২৫ হাজাৰ কোটি টকাৰ এক বিশেষ পুঁজি গঠন কৰা হৈছে৷

বন্ধুসকল,

এই আটাইবোৰ সিদ্ধান্তৰ সৈতে জনসাধাৰণৰ ওচৰত এতিয়া RERAৰ দৰে আইনৰ শক্তিও আছে৷ RERAই জনসাধাৰণক এইবুলি বিশ্বাস প্ৰদান কৰিছে যে যি প্ৰকল্পত তেওঁলোকে ধন বিনিয়োগ কৰিছে, সেয়া সম্পূৰ্ণ হ’ব৷ আজি দেশত প্ৰায় ৬০ হাজাৰ ৰিয়েল ইষ্টেট প্ৰকল্প RERAৰ অধীনত পঞ্জীকৃত কৰা হৈছে৷ এই আইনৰ অধীনত সহস্ৰাধিক অভিযোগ খণ্ডন কৰা হৈছে, অৰ্থাৎ সহস্ৰাধিক লোকে তেওঁলোকৰ ঘৰ লাভ কৰাত সহায় লাভ কৰিছে৷

বন্ধুসকল,

হাউচিং ফ’ৰ অল, অৰ্থাৎ সকলোৰে বাবে ঘৰ, এই লক্ষ্য প্ৰাপ্তিৰ বাবে যি সৰ্ব উন্নয়নমূলক কাম কৰা হৈছে, ইয়াৰ দ্বাৰা কোটি কোটি দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলৰ জীৱনত বৃহৎ পৰিৱৰ্তন সাধিত হৈছে৷ এই ঘৰে দৰিদ্ৰসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে৷ এই ঘৰে দেশ যুৱচামৰ সামৰ্থ বৃদ্ধি কৰিছে৷ এই ঘৰৰ চাবিৰ জৰিয়তে অসংখ্য তলা খোলা গৈছে৷ যেতিয়া কোনোবাই ঘৰৰ চাবি লাভ কৰে তেতিয়া এক সন্মানজনক জীৱনৰ দুৱাৰ মুকলি হয়, এক সুৰক্ষিত ভৱিষ্যতৰ দুৱাৰ মুকলি হয়৷ এই চাবিয়ে জনসাধাৰণক বিকাশৰ, তেওঁলোকৰ প্ৰগতিৰ দুৱাৰ খুলিছে৷ এয়াই নহয়, এই চাবি দুৱাৰৰ চাবি হ’লেও মগজুৰো দুৱাৰ মুকলি কৰিছে, যিয়ে নতুন সপোন ৰচিছে, নতুন সংকল্পৰ দিশত আগবাঢ়িছে আৰু জীৱনত কিবা এটা কৰাৰ সপোন নতুন ধৰণে ৰচাৰ দিশত আগবাঢ়িছে৷ এই চাবিৰ ইমানেই শক্তি৷

বন্ধুসকল,

যোৱা বছৰ ক’ৰোনাৰ সংকটৰ সময়ত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ এই পদক্ষেপ হ’ল- ব্যয়সাধ্য ভাড়া ঘৰ কমপ্লেক্স যোজনা৷ এই যোজনাৰ লক্ষ্য হ’ল আমাৰ সেইসকল শ্ৰমিক সহযোগী যিয়ে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ অথবা গাঁৱৰ পৰা চহৰলৈ আহে৷ ক’ৰোনাৰ পূৰ্বে আমি দেখা পাইছিলো যে কিছুমান ঠাইৰ পৰা অন্য ঠাইলৈ যোৱা লোকসকলৰ বিষয়ে আবোল-তাবোল কথা কোৱা হৈছিল৷ তেওঁলোকক অপমানিত কৰা হৈছিল৷ কিন্তু ক’ৰোনাৰ সময়ত যেতিয়া শ্ৰমিকসকল নিজৰ ঠাইলৈ উভতি গ’ল তেতিয়া গম পোৱা গ’ল যে তেওঁলোকৰ অবিহনে জীৱন কিমান কঠিন৷ ব্যৱসায় চলোৱা কিমান কঠিন৷ উদ্যোগ চলোৱা কিমান কঠিন৷ তেতিয়া এওঁলোকক হাতে-ভৰিয়ে ধৰি উভতি আহিবলৈ খাটনি জোৰা হ’ল৷ ক’ৰোনাই আমাৰ শ্ৰমিকসকলৰ সামৰ্থক যিকে পূৰ্বে স্বীকাৰ কৰা নাছিল, তেওঁলোকক স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱা হ’ল৷ আমি দেখিছো যে চহৰত আমাৰ শ্ৰমিক বন্ধুসকলে উপযুক্ত ভাড়াত ঘৰ বিচাৰি নাপায়৷ এইবাবে তেওঁলোকে সৰু সৰু কোঠালিত বহুকেইজন লোকৰ সৈতে বাস কৰিবলগীয়া হয়৷ এই ঠাইসমূহত পানী-বিদ্যুৎ, টয়লেটকৈ লৈ অস্বচ্ছতাৰ দৰে অনেক সমস্যা থাকে৷ ৰাষ্ট্ৰৰ সেৱাত নিয়োজিত এই লোকসকলে যাতে গৰিমাৰ সৈতে জীৱন-যাপন কৰিব পাৰে, এয়া আমাৰ সকলো দেশবাসীৰেই দায়িত্ব৷ এই চিন্তাৰ সৈতে চৰকাৰে উদ্যোগৰ সৈতে আৰু আন বিনিয়োগকাৰীৰ সৈতে লগ হৈ উচিত ভাড়াৰ ঘৰ নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিছে৷ কাম চলি থকা অঞ্চলত এই আৱাসৰ যাতে নিৰ্মাণ হয় তাৰ বাবেও প্ৰয়াস কৰা হৈছে৷

বন্ধুসকল,

ৰিয়েল ইষ্টেট খণ্ডক উৎসাহিত কৰাৰ বাবেও নিৰন্তৰে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ক্ৰেতাসকলৰ মাজত উৎসাহ বৃদ্ধিৰ বাবে ঘৰত কৰ ৰেহাই দিয়া হৈছে৷ সস্তীয়া ঘৰত যি কৰ পূৰ্বে ৮ শতাংশ আছিল এতিয়া সেয়া ১ শতাংশ কৰা হৈছে৷ সাধাৰণ ঘৰৰ পূৰ্বৰ ১২ শতাংশ কৰৰ স্থানত এতিয়া কেৱল ৫ শতাংশ জিএছটি গ্ৰহণ কৰা হয়৷

বন্ধুসকল,

বিগত বৰ্ষসমূহত যিবোৰ সংস্কাৰ সাধন কৰা হৈছে, সেইসমূহত নিৰ্মাণ অনুমতিক লৈ তিনি বছৰতেই আমাৰ ৰেংকিং ১৮৫ৰ পৰা ২৭লৈ ঊৰ্ধগামী হৈছে৷ নিৰ্মাণৰ সৈতে জড়িত অনুমচিৰ বাবে অনলাইন ব্যৱস্থাৰ বিস্তাৰো ২ হাজাৰতকৈ অধিক চহৰত প্ৰণয়ন কৰা হৈছে৷ এতিয়া এই নতুন বৰ্ষত সমগ্ৰ দেশতে প্ৰণয়ন কৰাৰ বাবে আমি ঐক্যৱদ্ধ হৈ কাম কৰিব লাগিব৷

বন্ধুসকল,

আন্তঃগাঁথনি আৰু নিৰ্মাণৰ ক্ষেত্ৰত হোৱা বিনিয়োগ, বিশেষকৈ হাউচিং খণ্ডত হোৱা ব্যয়ে অৰ্থ ব্যৱস্থাত force-multiplierৰ কাম কৰিছে৷ ইমান বৃহৎ মাত্ৰাত ষ্টীলৰ ব্যৱহাৰ, চিমেণ্টৰ ব্যৱহাৰ, নিৰ্মাণ সামগ্ৰীৰ ব্যৱহাৰ আদিয়ে সমগ্ৰ খণ্ডটোক গতি প্ৰদান কৰিছে৷ ইয়াত চাহিদা বৃদ্ধি হোৱাৰ লগতে ৰোজগাৰো বৃদ্ধি হৈছে৷ দেশৰ ৰিয়েল ইষ্টেট খণ্ড শক্তিশালী হওক, তাৰবাবে চৰকাৰে নিৰন্তৰে প্ৰয়াস কৰিছে৷ মোৰ বিশ্বাস যে হাউচিং ফ’ৰ অল-ৰ সপোন নিশ্চয় পূৰণ হ’ব৷ গাঁৱতো এই সময়ছোৱাত ২ কোটি গৃহ নিৰ্মাণ কৰা হৈছে৷ আমাৰ দেশক দ্ৰুত গতিত আগুৱাই নিয়াৰ বাবে আমি সকলোৱে নিজকে ক্ষীপ্ৰতাৰে আগুৱাই নিব লাগিব, ঐক্যৱদ্ধ হৈ আগবাঢ়িব লাগিব৷ নিৰ্ধাৰিত দিশত আগবাঢ়িব লাগিব৷ লক্ষ্য বিচলিত হ’বলৈ দিব নালাগিব, আগবাঢ়ি যাব লাগিব৷ সিদ্ধান্তও ক্ষীপ্ৰ গতিত গ্ৰহণ কৰিব লাগিব৷ এই সংকল্পৰ সৈতে আজি মই আপোনালোকক এই ৬ লাইট হাউচ এক প্ৰকাৰে আমাৰ নতুন প্ৰজন্মক, আমাৰ প্ৰযুক্তি আৰু ইঞ্জিনীয়াঙৰ বিদ্যাৰ্থীসকলৰ বাবে সকলোতকৈ উপযোগী হওক, এয়া মোৰ ইচ্ছা থাকিব৷ মই বিচাৰিম যে সকলো বিশ্ববিদ্যালয়, মহাবিদ্যালয়ে এই ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বিষয়ে অধ্যয়ন কৰক৷ ইয়াত প্ৰযুক্তিৰ ব্যৱহাৰ কিদৰে হৈছে সেয়া প্ৰত্যক্ষ কৰক৷ ইয়াৰ জৰিয়তে শিক্ষাৰ পৰিসৰো বৃদ্ধি হ’ব আৰু সেইবাবে মই দেশৰ সকলো যুৱ অভিযন্তাক বিশেষ ৰূপত আমন্ত্ৰণ জনাইছো৷ এই লাইট হাউচৰ দ্বাৰা যিমান প্ৰকাশ তেওঁলোকে ল’ব পাৰে আৰু যিমান প্ৰকাশ তেওঁলোকে দিব পাৰে, দিয়ক, নিজৰ মগজুৰ প্ৰকাশ ইয়াত ব্যৱহাৰ কৰক৷ আপোনালোক সকলোলৈ এই নতুন বৰ্ষৰ বাবে অশেষ শুভকামনা থাকিল৷ এই ৬টা লাইট হাউচৰ বাবে অশেষ শুভকামনা থাকিল৷

অশেষ অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s PC exports double in a year, US among top buyers

Media Coverage

India’s PC exports double in a year, US among top buyers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Congratulates India’s Men’s Junior Hockey Team on Bronze Medal at FIH Hockey Men’s Junior World Cup 2025
December 11, 2025

The Prime Minister, Shri Narendra Modi, today congratulated India’s Men’s Junior Hockey Team on scripting history at the FIH Hockey Men’s Junior World Cup 2025.

The Prime Minister lauded the young and spirited team for securing India’s first‑ever Bronze medal at this prestigious global tournament. He noted that this remarkable achievement reflects the talent, determination and resilience of India’s youth.

In a post on X, Shri Modi wrote:

“Congratulations to our Men's Junior Hockey Team on scripting history at the FIH Hockey Men’s Junior World Cup 2025! Our young and spirited team has secured India’s first-ever Bronze medal at this prestigious tournament. This incredible achievement inspires countless youngsters across the nation.”