জল জীৱন মিছনৰ অধীনত ইয়াদগিৰ মাল্টি-ভিলেজ খোৱা পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে
নাৰায়ণপুৰ বাওঁ বেংক খাল উদ্বোধন – সম্প্ৰসাৰণ নৱীকৰণ আৰু আধুনিকীকৰণ প্ৰকল্প
৬ লেন প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড ঘাইপথৰ ৬৫.৫ কিলোমিটাৰ শাখাৰ আধাৰশিলা স্থাপন কৰে বাদাদলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ-১৫০চিৰ মাৰাদাগী এছ এণ্ডোলালৈ
"আমি এই অমৃত কালৰ সময়ত বিকশিত ভাৰত সৃষ্টি কৰিব লাগিব"
"আনকি দেশৰ এখন জিলা উন্নয়নৰ মাপকাঠিত পিছ পৰি থাকিলেও, দেশখন বিকশিত হ'ব নোৱাৰে"
"শিক্ষা, স্বাস্থ্য বা সংযোগ হওক, ইয়াদগিৰ উচ্চাকাংক্ষী জিলা কাৰ্যসূচীৰ শীৰ্ষ ১০ খন প্ৰদৰ্শনকাৰীৰ ভিতৰত আছে"
"ডাবল ইঞ্জিন চৰকাৰে সুবিধা প্ৰদান আৰু একত্ৰীকৰণৰ দৃষ্টিভংগীৰে কাম কৰি আছে"
"ইয়াদগিৰৰ প্ৰায় ১.২৫ লাখ কৃষক পৰিয়ালে প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ পৰা প্ৰায় ২৫০ কোটি টকা লাভ কৰিছে"
"ক্ষুদ্ৰ কৃষকসকল হৈছে দেশৰ কৃষি নীতিৰ আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ"
"আন্তঃগাঁথনি আৰু সংস্কাৰৰ ক্ষেত্ৰত দ্বৈত ইঞ্জিন চৰকাৰৰ গুৰুত্বই কৰ্ণাটকক বিনিয়োগকাৰীৰ পছন্দৰ স্থানলৈ পৰিণত কৰিছে&qu

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

 

কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰচান্দ গেহলটজী, মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ বোম্মাইজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী ভগৱন্ত খুবাজী, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ সমবেত হোৱা মোৰ মৰমৰ ভাই-ভনীসকল!

“কৰ্ণাটক দা, এলা, সহোদাৰা সহোদাৰিয়াৰিগে, নান্না বন্দানগুডু”! মোৰ চকু য’লৈকে গৈছে, মানুহকে দেখিবলৈ পাইছো। হেলিপেডতো সকলো ফালেই মানুহৰে ভৰি আছিল। আৰু ইয়াতো মই পিছলৈ ঘূৰি চাই আছোঁ, হাজাৰ হাজাৰ মানুহ এই মণ্ডপৰ বাহিৰত ৰ'দত থিয় হৈ আছে। আপোনালোকৰ মৰম, আপোনাৰ আশীৰ্বাদ আমাৰ সকলোৰে বাবে এক ডাঙৰ শক্তি।

বন্ধুসকল,

য়াদগীৰে এক সমৃদ্ধ ইতিহাস বহণ কৰি আহিছে। ৰতিহাল্লিৰ প্ৰাচীন দুৰ্গটো আমাৰ অতীতৰ, আমাৰ পূৰ্বপুৰুষৰ শক্তি-সামৰ্থ্যৰ প্ৰতীক। আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি আৰু আমাৰ ঐতিহ্যৰ বহুতো অংশ আমাৰ এই অঞ্চলত সিচঁৰিত হৈ আছে। ইয়াত সুৰাপুৰৰ ৰাজকীয় ঐতিহ্য আছে, যাক মহান ৰজা ভেংকটাপ্পা নায়কে তেওঁৰ স্বৰাজ আৰু সুশাসনৰে দেশতে বিখ্যাত কৰি তুলিছিল। আমি সকলোৱেই এই ঐতিহ্যক লৈ গৌৰৱান্বিত।

ভাই-ভনীসকল,

আজি মই কৰ্ণাটকৰ উন্নয়নৰে সম্পৰ্কিত বহু হাজাৰ কোটি টকাৰ প্ৰকল্প হস্তান্তৰ কৰিবলৈ আহিছো আৰু নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিছো। বৰ্তমান পানী আৰু পথ সম্পৰ্কীয় বহুতো ডাঙৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু ইয়াত উদ্বোধন কৰা হৈছে। নাৰায়ণপুৰা ‘লেফ্ট বেংক’ খালৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণে য়াদগিৰ, কালাবুৰ্গী আৰু বিজয়পুৰ জিলাৰ লাখ লাখ কৃষকক পোনপটীয়াকৈ লাভান্বিত কৰিব। য়াদগীৰ গাওঁ বহুমুখী পানা যোগান আঁচনিয়ে জিলাখনৰ লাখ লাখ পৰিয়ালক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব।

‘চুৰাট-চেন্নাই অৰ্থনৈতিক ক’ৰিডৰ’ৰ কৰ্ণাটকত পৰা অংশটোৰ কামো আজি আৰম্ভ হৈছে। ইয়াৰ ফলত য়াদগীৰ, ৰাইশূৰ আৰু কালবুৰ্গীকে ধৰি এই সমগ্ৰ অঞ্চলটোত জীৱন ধাৰণ স্থিতি স্বাচ্ছন্দ্যপূৰ্ণ হৈ উঠিব, আৰু ইয়াত উদ্যোগ আৰু নিয়োগ সম্ভাৱনাৰো সৃষ্টি হব। এই সকলো উন্নয়নমূলক প্ৰকল্পৰ বাবে কৰ্ণাটকৰ য়াদগীৰৰ সকলো লোকক বহুত অভিনন্দন জনাইছো। মই বোম্মাইজী আৰু তেওঁৰ গোটেই দলটোক অভিনন্দন জনাইছো। উত্তৰ কৰ্ণাটকৰ উন্নয়নৰ বাবে যিধৰণে দ্ৰুত গতিত কাম কৰা হৈছে সেয়া প্ৰশংসনীয়।

 

ভাই-ভনীসকল,

ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বছৰ সম্পূৰ্ণ কৰিছে। এতিয়া দেশখনে পৰৱৰ্তী ২৫ বছৰৰ নতুন সংকল্প বাসেতৱায়িত কৰিবলৈ আগবাঢ়িছে। এই ২৫টা বছৰ হৈছে দেশৰ প্ৰতিজন ব্যক্তিৰ বাবে ‘অমৃত কাল’, প্ৰতিখন ৰাজ্যৰ বাবে ‘অমৃত কাল’। এই ‘অমৃত কাল’ত, আমি এখন উন্নত ভাৰত গঢ়ি তুলিব লাগিব। যেতিয়া দেশৰ প্ৰতিজন নাগৰিক, প্ৰতিটো পৰিয়াল, প্ৰতিখন ৰাজ্যই এই অভিযানত যোগদান কৰিব তেতিয়াহে ভাৰতৰ বিকাশ সম্ভৱ হ'ব। যেতিয়া পথাৰত কৃষকসকলে কাম কৰিব বা উদ্যোগত শ্ৰমিকসকলে কাম কৰিব তেতিয়া ভাৰতৰ বিকাশ সম্ভৱ হ'ব, সকলোৰে জীৱন উন্নত হ'ব। যেতিয়া পথাৰত শস্য ভাল হব আৰু কাৰখানাবোৰো সম্প্ৰসাৰিত হব তেতিয়া ভাৰত বিকশিত হ'ব।

আৰু বন্ধুসকল,

এয়া কেৱল তেতিয়াহে সম্ভৱ হয়, যেতিয়া আমি বিগত দশকবোৰৰ বেয়া অভিজ্ঞতা, ভুল নীতি-ৰণনীতিৰ পৰা শিকনি লম, সেইবোৰৰ পুনৰাবৃত্তি কৰাটো পৰিহাৰ কৰিম। আমাৰ সন্মুখত উত্তৰ কৰ্ণাটকৰ য়াদগীৰৰ উদাহৰণ আছে। এইটো অঞ্চলৰ সম্ভাৱনা আন ঠাইসমূহতকৈ কোনো গুণে কম নহয়। এই সম্ভাৱনা থকা স্বত্বেও উন্নয়নৰ যাত্ৰাত এই অঞ্চলটো কিন্তু যথেষ্ট পিছ পৰি আছিল। ইয়াৰ পূৰ্বে চৰকাৰে য়াদগিৰকে ধৰি বহুতো জিলাক পিছপৰা অঞ্চল বুলি ঘোষণা কৰিয়ে তেওঁলোকৰ দায়িত্ব সমাৰিছিল। এই অঞ্চলটো পিছ পৰি ৰোৱাৰ আঁৰৰ কাৰণবোৰনো কি, এই অৱস্থা কেনেদৰে দূৰ কৰা হ'ব, পূৰ্বৰ চৰকাৰবোৰে এই চিন্তা কৰিবলৈ সময়েই পোৱা নাছিল, কঠোৰ পৰিশ্ৰম কৰাৰ কথাতো বাদেই দিয়ক।

যেতিয়া পথ-ঘাট, বিদ্যুত আৰু পানীৰ দৰে আন্তঃগাঁথনিত বিনিয়োগ কৰাৰ সময় হৈছিল, সেই সময়ত চৰকাৰত থকা দলবোৰে ভোট বেংকৰ ৰাজনীতি কৰাতহে ব্যস্ত আছিল। এই জাতিৰ ভোট, সেই ধৰ্মৰ ভোট কেনেকৈ  নিজৰ ভাগলৈ আনিব পাৰি, প্ৰতিখন আঁচনি, প্ৰতিটো কাৰ্যসূচীকে এই মনোভাৱেৰে সৈতে বান্ধি ৰাখিছিল। ইযাৰ ফলত কৰ্ণাটকৰ বৃহৎ ক্ষতি হৈছিল, এই সমগ্ৰ অঞ্চলটোৱেই ক্ষতিগ্ৰস্ত হৈছিল, আপোনালোক সকলোৱে, মোৰ ভাই-ভনীসকলে ইয়াৰ সন্মুখীন হবলগীয়া হৈছিল।

 

বন্ধুসকল,

আমাৰ চৰকাৰৰ প্ৰাথমিকতা ভোট বেংক নহয়, আমাৰ প্ৰাথমিকতা হৈছে উন্নয়ন, উন্নয়ন আৰু উন্নয়ন। ২০১৪ চনত, আপোনালোক সকলোৱে মোক আশীৰ্বাদ দিছিল, মোক এটা ডাঙৰ দায়িত্ব অৰ্পণ কৰিছিল। মই জানো যে যেতিয়ালৈকে দেশৰ এখনো জিলা উন্নয়নৰ হিচাপত পিছ পৰি থাকিব তেতিয়ালৈকে দেশৰ বিকাশ সম্ভৱ হ'ব নোৱাৰে।

সেয়েহে, পূৰ্বৰ চৰকাৰে পিছপৰা বুলি ঘোষণা কৰা জিলাসমূহত আমি উন্নয়নৰ আকাংক্ষাক উৎসাহিত কৰিছিলো। আমাৰ চৰকাৰে য়াদগীৰকে ধৰি দেশৰ এনে ১০০ খনতকৈও অধিক জিলাত উচ্চাকাংক্ষী জিলা কাৰ্যসূচী আৰম্ভ কৰিছে।

আমি এই জিলাসমূহত সুশাসন প্ৰৱৰ্তনত গুৰুত্ব দিছো, গুড গৱাৰ্নেন্সত গুৰুত্ব আৰোপ কৰিছো। বিকাশৰ প্ৰতিটো মাত্ৰাত কাম আৰম্ভ হৈছিল। য়াদগীৰকে ধৰি সকলো উচ্চাকাংক্ষী জিলাই ইয়াৰ পৰা লাভান্বিত হৈছে। আজি চাওক, য়াদগিৰে শিশুসকলক ১০০ শতাংশ টীকাকৰণ সমূৰ্ণ কৰিছে। য়াদগীৰ জিলাত পুষ্টিহীন শিশুৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। ইয়াত থকা ১০০ শতাংশ গাওঁ ঘাইপথেৰে সংযুক্ত হৈছে।

গাঁও পঞ্চায়তত ডিজিটেল সেৱা প্ৰদানৰ বাবে উমৈহতীয়া সেৱা কেন্দ্ৰ আছে। শিক্ষা, স্বাস্থ্য, সংযোগৰ ক্ষেত্ৰত য়াদগীৰ জিলা শীৰ্ষ-১০ খন উচ্চাকাংক্ষী জিলাৰ ভিতৰত আছে। আৰু ইয়াৰ বাবে মই য়াদগীৰ জিলাৰ জনপ্ৰতিনিধিসকলক অভিনন্দন জনাইছো, যি হৈছে ইয়াত জিলা প্ৰশাসনৰ দলটোক মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। আজি য়াদগীৰ জিলালৈ  নতুন উদ্যোগ আহিবলৈ ধৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াত ফাৰ্মা উদ্যানৰ বাবে অনুমোদনো দিছে।

ভাই-ভনীসকল,

পানীৰ সুৰক্ষা হৈছে একবিংশ শতিকাৰ ভাৰতৰ বিকাশৰ বাবে অতি প্ৰয়োজনীয় বিষয়। যদি ভাৰতে বিকাশ সাধন কৰিব লগা হয়, তেন্তে পানী সুৰক্ষা সম্পৰ্কীয় প্ৰত্যাহ্বানবোৰ সীমা সুৰক্ষা, উপকূলীয় সুৰক্ষা, আভ্যন্তৰীণ নিৰাপত্তাৰ দৰেই আঁতৰ কৰিব লাগিব।

ডাবল ইঞ্জিনৰ চৰকাৰে সুবিধা আৰু সঞ্চয়ৰ চিন্তাৰে কাম কৰি আছে। ২০১৪ চনত যেতিয়া আপোনালোকে আমাক সুযোগ দিছিল, এনে ৯৯টা জলসিঞ্চন প্ৰকল্প আছিল যিকেইটাৰ কাম-কাজ কেইবাদশকো ধৰি ওলমি আছিল। আজি, ইয়াৰে প্ৰায় ৫০ টা আঁচনি সম্পূৰ্ণ কৰা হৈছে। আমি পুৰণি পৰিকল্পনাসমূহৰ ওপৰতো কাম কৰিছিলো আৰু আমাৰ ইতিমধ্যে থকা সম্পদবোৰ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছিলো।

কৰ্ণাটকত এনে ধৰণৰ বহুতো প্ৰকল্পৰ কাম কৰা হৈছে। নদীসমূহক সংযোগ কৰি খৰাং প্ৰভাৱিত অঞ্চলসমূহলৈ পানী যোগান ধৰা হৈছে। নাৰায়ণপুৰা লেফ্ট বেংক খাল প্ৰণালীৰ বিকাশ আৰু সম্প্ৰসাৰণো এই নীতিৰে অংশ। এতিয়া নতুন ব্যৱস্থা প্ৰস্তুত কৰা হৈছে, ইয়াত যোগ দিয়া নতুন প্ৰযুক্তিয়ে ৪.৫ লাখ হেক্টৰ ভূমি জলসিঞ্চনৰ অধীনলৈ আনিব। এতিয়া পৰ্যাপ্ত পানী দীৰ্ঘদিন ধৰি খালৰ শেষ পৰ্যন্ত উপলব্ধ হব।

বন্ধুসকল,

আজি দেশত প্ৰতিটো টোপালত-অধিক শস্যৰ ওপৰত, ক্ষুদ্ৰ জলসিঞ্চনৰ ওপৰত অভূতপূৰ্ব গুৰুত্ব আৰোপ কৰা হৈছে। যোৱা ৬-৭ বছৰত ৭০ লাখ হেক্টৰ ভূমি ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনলৈ অনা হৈছে। কৰ্ণাটকতো বহুতো ভাল কাম কৰা হৈছে। আজি কৰ্ণাটকত ক্ষুদ্ৰ জলসিঞ্চন সম্পৰ্কীয় প্ৰকল্পসমূহে ৫ লাখ হেক্টৰ ভূমিক লাভান্বিত কৰিব।

দ্বৈত ইঞ্জিন চৰকাৰে ভূগৰ্ভস্থ পানীৰ স্তৰ বৃদ্ধি কৰিবলৈ বিস্তৃত পৰিসৰত কাম কৰি আছে। অটল ভূজল যোজনাই হওঁক, অমৃত সৰোবৰ অভিযানেৰ অধীনত প্ৰতিখন জিলাত ৭৫টা পুখুৰী নিৰ্মাণৰ পৰিকল্পনা কৰিছে, বা কৰ্ণাটক চৰকাৰৰ নিজা পৰিকল্পনাসমূহে পানীৰ স্তৰ কৰ্তাই ৰখাত সহায় কৰিব।

ভাই-ভনীসকল,

দ্বৈত ইঞ্জিন চৰকাৰে কেনেদৰে কাম কৰি আছে তাৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ জল জীৱন মিছনতো দেখা যায়। যেতিয়া এই অভিযান চাৰে তিনি বছৰ আগতে আৰম্ভ হৈছিল, দেশৰ ১৮ কোটি গ্ৰামীন পৰিয়ালৰ ভিতৰত মাত্ৰ ৩ কোটি পৰিয়ালৰ ঘৰলৈহে নল-সংযোগী পানীৰ সংযোগ দিয়া হৈছিল। মনত ৰাখিব, যেতিয়া আমি শাসনলৈ আহিছিলো তেতিয়া তিনি কোটি পৰিয়ালে, আৰু আজি দেশৰ প্ৰায় ১১ কোটি গ্ৰামীণ পৰিয়ালে তেওঁলোকৰ ঘৰত নলৰ পানী পাবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ আমাৰ চৰকাৰে দেশৰ ৮ কোটি নতুন গ্ৰামীণ পৰিয়ালক পাইপযোগে পানী যোগান ধৰিছে। আৰু ইয়াত কৰ্ণাটকৰ ৩৫ লাখ গ্ৰাম্য পৰিয়াল অন্তৰ্ভুক্ত আছে।

মই সুখী যে য়াদগীৰ আৰু ৰাইশূৰৰ প্ৰতিটো পৰিয়ালত পানীৰ যোগানে সামৰি লোৱা পৰিসৰ কৰ্ণাটক আৰু দেশৰ সামগ্ৰিক গড়তকৈ অধিক। আৰু যেতিয়া নল-সংযোগী পানী গৈ ঘৰ পায় মাতৃ আৰু ভগ্নীসকলে মোডীক বাৰুকৈয়ে আশীৰ্বাদ দিয়ে। প্ৰতিদিনে যেতিয়া পানী আহে, মোডীৰ বাবে তেওঁলোকৰ আশীৰ্বাদ প্ৰবাহিত হ'বলৈ ধৰে। আজি স্থাপন কৰা এই আঁচনিৰ আধাৰশিলাই য়াদগীৰৰ প্ৰতিটো পৰিয়ালক নলৰ পানী যোগান ধৰাৰ লক্ষ্যক অধিক ত্বৰান্বিত কৰিব।

মই জল জীৱন মিছনৰ আন এটা লাভাৰ কথা আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰো। এক অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰতৰ জল জীৱন মিছনৰ বাবে, আমি প্ৰতি বছৰে ১.২৫ লাখতকৈও অধিক শিশুৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'ম। আপুনি কল্পনা কৰিব পাৰে, যদি প্ৰতি বছৰে ১.২৫ লাখ শিশু মৃত্যুৰ পৰা বাচে তেন্তে ইয়াৰ বাবে ঈশ্বৰেও আশীৰ্বাদ দিব, বন্ধুসকল, ৰাইজেও আশীৰ্বাদ প্ৰদান কৰে। বন্ধুসকল, দূষিত পানীৰ বাবে আমাৰ ল'ৰা-ছোৱালীৰ ওপৰত কি ডাঙৰ সংকট আছিল আৰু এতিয়া আমাৰ চৰকাৰে আপোনালোকৰ সন্তানসকলৰ জীৱন কেনেদৰে ৰক্ষা কৰিছে।

 

ভাই-ভনীসকল,

হৰ ঘৰ জল অভিযান হৈছে ডাবল ইঞ্জিন চৰকাৰৰ দ্বৈত লাভাৰ উদাহৰণ। ডাবল ইঞ্জিন অৰ্থাৎ দুগুণ কল্যাণ, দুগুণ দ্ৰুত বিকাশ। আপোনালোকে কৰ্ণাটক ইয়াৰ পৰা কেনেকৈ লাভান্বিত হৈছে সেয়া ভালদৰেই জানে। কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত ৬,০০০ টকাকৈ দিয়ে। একে সময়তে কৰ্ণাটক চৰকাৰে ইয়াৰ সৈতে আৰু ৪,০০০ টকা যোগ দিয়ে, যাতে কৃষকসকলে দুগুণে লাভ পাব পাৰে। ইয়াত, য়াদগীৰৰ প্ৰায় ১.২৫ লাখ কৃষক পৰিয়ালেও প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ পৰা প্ৰায় ২৫০ কোটি টকা লাভ কৰিছে।

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰে এখন নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ দিহা কৰিছে। একে সময়তে, কৰ্ণাটক চৰকাৰে বিদ্যা নিধি আঁচনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ সন্তানকলক ভাল শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সহায় আগবঢ়াই আছে। কেন্দ্ৰীয় চৰকাৰে মহামাৰী আৰু অন্যান্য সংকট স্বত্বেও দ্ৰুত বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ সুযোগ গ্ৰহণ কৰিয়েই ৰাজ্য চৰকাৰে কৰ্ণাটকক দেশৰ বিনিয়োগকাৰীৰ প্ৰথম পছন্দ হিচাপে গঢ়ি তুলিবলৈ আগবাঢ়িছে।

কেন্দ্ৰীয় চৰকাৰে মুদ্ৰা আঁচনিৰ অধীনত শিপিনীসকলক সহায় আগবঢ়ায়। একে সময়তে, কৰ্ণাটক চৰকাৰে মহামাৰীৰ সময়ত তেওঁলোকৰ ঋণ মাফ কৰাৰ লগতে তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰে। গতিকে, হলনে ডাবল ইঞ্জিন, অৰ্থাৎ দুগুণ লাভ।

বন্ধুসকল,

স্বাধীনতাৰ ইমান বছৰৰ পাছতো যদি কোনো ব্যক্তি বঞ্চিত হয়, কোনো এটা শ্ৰেণী বঞ্চিত হয়, যদি কোনো এটা অঞ্চল বঞ্চিত হয়, তেন্তে আমাৰ চৰকাৰে সেই বঞ্চিতসকলক সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰিছে। আৰু বঞ্চিতসকলক সৰ্বাধিক প্ৰথমিকতা, এয়াই হৈছে আমাৰ কাম কৰাৰ পথ, সংকল্প, মন্ত্ৰ। আমাৰ দেশত কেইবা দশক ধৰি কোটি কোটি ক্ষুদ্ৰ কৃষক সকলোধৰণৰ সুখ-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছিল, আনকি চৰকাৰী নীতিতো তেওঁলোকৰ প্ৰতি বিশেষ ধ্যান দিয়া হোৱা নাছিল।

আজি, এই ক্ষুদ্ৰ কৃষকজন হৈছে দেশৰ কৃষি নীতিৰ আটাইতকৈ ডাঙৰ প্ৰাথমিকতা। আজি আমি কৃষকজনক যন্ত্ৰৰ বাবে সহায় কৰিছো, তেওঁক ড্ৰোনৰ দৰে আধুনিক প্ৰযুক্তিৰ দিশে লৈ গৈছো, নেনো ইউৰিয়াৰ দৰে আধুনিক সাৰ প্ৰদান কৰিছো, আনহাতে আমি প্ৰাকৃতিক কৃষিকো উৎসাহিত কৰি আছো। আজি ক্ষুদ্ৰ কৃষকসকলক কিষাণ ক্ৰেডিট কাৰ্ডও প্ৰদান কৰা হৈছে। পশুপালন, মীন পালন, মৌপালনৰ বাবেও সহায় আগবঢ়োৱা হৈছে, যাতে ক্ষুদ্ৰ কৃষক, ভূমিহীন পৰিয়ালসমূহে অতিৰিক্ত উপাৰ্জন কৰিব পাৰে।

 

ভাই-ভনীসকল,

আজি যেতিয়া মই য়াদগীৰলৈ আহিছো, মই কৰ্ণাটকৰ কঠোৰ পৰিশ্ৰমী কৃষকসকলক আৰু এটা কথাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিম। এই এলেকাটো হৈছে দাইলৰ ভাণ্ডাৰস্বৰূপ, ইয়াৰ পৰা দাইল সমগ্ৰ দেশলৈ পঠোৱা হয়। যোৱা ৭-৮ বছৰত যদি ভাৰতে মাহজাতীয় শস্যৰ বাবে বিদেশী নিৰ্ভৰশীলতা হ্ৰাস কৰিছে, তেন্তে উত্তৰ কৰ্ণাটকৰ কৃষকসকলে ইয়াত এক বৃহৎ ভূমিকা পালন কৰিছে বুলিব লাগিব।

কেন্দ্ৰীয় চৰকাৰেও এই ৮ বছৰত কৃষকসকলৰ পৰা আগৰ তুলনাত ৮০ গুণ অধিক মাহজাতীয় শস্য  এমএছপিত ক্ৰয় কৰিছিল। ২০১৪ চনৰ আগতে দাইলৰ খেতিয়কসকলে কেইশ কোটিমান টকাহে লাভ কৰিছিল, পিছে, আমাৰ চৰকাৰে মাহজাতীয় শস্য ক্ৰয়ৰে খেতিয়কসকলক ৬০ হাজাৰ কোটি টকা দিছে।

এতিয়া দেশখনে খোৱা তেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে এক বিশেষ অভিযান চলাই আছে। কৰ্ণাটকৰ কৃষকসকলেও ইয়াৰ সুবিধা ল'ব লাগিব। আজি দেশত জৈৱ ইন্ধন, ইথানল উৎপাদন আৰু ব্যৱহাৰৰ বাবে যথেষ্ট পৰিমাণে কাম চলি আছে। চৰকাৰে পেট্ৰ'লত ইথানল মিহলি কৰাৰ লক্ষ্যও বৃদ্ধি কৰিছে। এইটোৱে কৰ্ণাটকৰ কুঁহিয়াৰ খেতিয়কসকলকো যথেষ্ট লাভান্বিত কৰিব।

বন্ধুসকল,

আজি বিশ্বত আন এক ডাঙৰ সুযোগ সৃষ্টি কৰা হৈছে, যি নিশ্চিতভাৱে কৰ্ণাটকৰ কৃষকসকলক, বিশেষকৈ ক্ষুদ্ৰ কৃষকসকলক লাভান্বিত কৰিব। ভাৰতৰ অনুৰোধত ৰাষ্ট্ৰসংঘই এইটো বছৰক আন্তৰ্জাতিক বাজৰা বৰ্ষ হিচাপে ঘোষণা কৰিছে। কৰ্ণাটকত জোৱাৰ আৰু ৰাগীৰ দৰে বহুতো মোটা শস্য উৎপাদন হয়। দ্বৈত ইঞ্জিন চৰকাৰ এই পুষ্টিকৰ মোটা শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ আৰু বিশ্বজুৰি ইয়াক প্ৰচাৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মই নিশ্চিত যে কৰ্ণাটকৰ কৃষকসকলেও ইয়াত এক অগ্ৰণী ভূমিকা পালন কৰিব।

 

ভাই-ভনীসকল,

আমাৰ চৰকাৰে উত্তৰ কৰ্ণাটকত আন এটা প্ৰত্যাহ্বান হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে। এইটো সংযোগৰ প্ৰত্যাহ্বান। কৃষি, উদ্যোগ বা পৰ্যটনেই হওঁক, সকলোৰে বাবে সংযোগ সমানে গুৰুত্বপূৰ্ণ। আজি, যেতিয়া দেশখনে সংযোগ সম্পৰ্কীয় আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, কৰ্ণাটকতো দাবল ইঞ্জিন চৰকাৰ থকাৰ বাবে ইয়াৰ পৰা অধিক লাভান্বিত হৈছে। উত্তৰ কৰ্ণাটকৰ এক বৃহৎ অংশও চুৰাট-চেন্নাই অৰ্থনৈতিক কৰিডৰৰ পৰা লাভান্বিত হ'বলৈ ওলাইছে। দেশৰ দুখন প্ৰধান বন্দৰ চহৰৰ সংযোগে এই সমগ্ৰ অঞ্চলটোত নতুন উদ্যোগৰ সম্ভাৱনা সৃষ্টি কৰিব। দেশবাসীৰ বাবে উত্তৰ কৰ্ণাটকৰ পৰ্যটন স্থলী, তীৰ্থসমূহত উপস্থিত হোৱাটো সহজ সাধ্য হৈ উঠিব। ইয়াৰ ফলত ইয়াত যুৱপ্ৰজন্মৰ বাবে হাজাৰ হাজাৰ নতুন নিযুক্তি আৰু স্ব-নিয়োজনৰ সুযোগ সৃষ্টি হ'ব।

আন্তঃগাঁথনি আৰু সংস্কাৰৰ ক্ষেত্ৰত দ্বৈত ইঞ্জিন চৰকাৰে দিয়া গুৰুত্বৰ বাবে কৰ্ণাটক বিনিয়োগকাৰীসকলৰ পছন্দৰ থলী হৈ উঠিছে। ভৱিষ্যতে এই বিনিয়োগ আৰু বৃদ্ধি হ'ব, কিয়নো ভাৰতত বিনিয়োগৰ বাবে সমগ্ৰ বিশ্বতে উৎসাহ পৰিলক্ষিত হৈছে।

মই নিশ্চিত যে উত্তৰ কৰ্ণাটকেও এই উৎসাহৰ দ্বাৰ যথেষ্ট লাভান্বিত হ'ব। এই অঞ্চলৰ উন্নয়নে সকলোৰে বাবে সমৃদ্ধি কঢ়িয়াই আনিব পাৰে, এই আশাৰে, ইমান বৃহৎ সংখ্যাত আহি সমবেত হোৱা বাবে, আৰু আমাক আশীৰ্বাদ দিয়াৰ বাবে মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছো আৰু এই বহুতো উন্নয়নমূলক আঁচনিৰ বাবে আপোনালোকক অভিনন্দন জনাইছো।

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India sets Guinness World Record with over 2.5 lakh AI responsibility pledges

Media Coverage

India sets Guinness World Record with over 2.5 lakh AI responsibility pledges
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi outlines the M.A.N.A.V. vision for AI at India AI Impact Summit 2026
February 19, 2026
Artificial Intelligence marks a transformative chapter in human history: PM
We must democratise AI; It must become a tool for inclusion and empowerment, particularly for the Global South: PM
PM outlines the M.A.N.A.V. vision for AI - Moral and Ethical Systems, Accountable Governance, National Sovereignty, Accessible and Inclusive, Valid and Legitimate
We are entering an era where humans and intelligent systems co-create, co-work and co-evolve; AI will make our work smarter, more efficient and more impactful: PM
We must develop a collective resolve of AI for Global Common Good: PM
In AI, India sees opportunity and the blueprint of tomorrow: PM

Excellencies, Honourable Ministers, Industry Leaders, Innovators, Entrepreneurs, Researchers, डेलिगेट्स, अन्य सभी महानुभाव, देवियों और सज्जनों! नमस्ते !

दुनिया की सबसे बड़ी और ऐतिहासिक AI इंपैक्ट समिट में आप सभी का हार्दिक अभिनंदन है। ये समिट जिस भारत में हो रही है, वो भारत One sixth of humanity को रिप्रजेंट करता है। भारत, दुनिया की सबसे बड़ी युवा आबादी का देश है, सबसे बड़े Tech talent pool का केंद्र है, सबसे बड़े tech-enabled eco-system का उदाहरण है। भारत नई टेक्नोलॉजी बनाता भी है, और उसे अभूतपूर्व तेजी से अपनाता भी है। नई टेक्नोलॉजी के प्रति उत्सुक 140 करोड़ भारतीयों की ओर से, मैं आप सभी Heads of Governments, Global AI eco-system के leaders और Innovators का इस समिट में स्वागत करता हूं, आपका आभार व्यक्त करता हूं।

इस समिट का भारत में होना, भारत के साथ ही पूरे ग्लोबल साउथ के लिए गर्व का विषय है। इस समिट में AI जगत के who’s who यहां पर मौजूद हैं। दुनिया के 100 से ज्यादा देशों का Representation, दुनिया के कोने-कोने से यहां आए महानुभाव, इसकी सफलता को नई ऊंचाई पर ले जा रहे हैं। इसमें Young Generation की जो उपस्थिति हमने देखी है, वो एक नया विश्वास पैदा करती है। आमतौर पर नई टेक्नोलॉजी को लेकर कुछ लोगों में, शुरुआती में संदेह होता है, लेकिन जिस तेजी और भरोसे के साथ दुनिया की युवा पीढ़ी AI को स्वीकार कर रही है, उसकी ownership ले रही है, AI का इस्तेमाल कर रही है, वो अभूतपूर्व है। यहां AI समिट की Exhibition को लेकर भी बहुत उत्साह रहा है। खासकर Young Talent बहुत बड़ी संख्या में आया है। एग्रीकल्चर, सिक्योरिटी, दिव्यांगजनों की मदद, मल्टी-लिंगुवल Population की तमाम जरूरतों से जुड़े, जो भी सॉल्यूशंस यहां प्रेजेंट किए गए हैं, वो इस फील्ड में ‘मेड इन इंडिया’ की ताकत और भारत की Innovative Capabilities का बहुत बड़ा उदाहरण हैं।

साथियों,

मानव इतिहास में हर कुछ शताब्दियों के बाद एक turning point आता है, और वो turning point सभ्यता की दिशा reset करता है, और वहीं से विकास की रफ्तार बदलती है, सोचने, समझने और काम करने के पैराडाइम्स बदलते हैं। और दिलचस्प बात यह है, जब हम transformation के उस दौर में होते हैं, तब उसके वास्तविक impact का अंदाज़ा भी नहीं होता। जब पत्थरों से पहली बार स्पार्क निकला, किसी ने नहीं सोचा था कि वही चिंगारी civilizational की foundation बनेगी। जब बोली को पहली बार लिपि में बदला गया, किसी ने नहीं जाना था कि written नॉलेज, future systems की back-bone बनेगी। जब पहली बार signals को wire-less ट्रांसमिट किया गया, किसी ने कल्पना नहीं की थी कि एक दिन पूरी दुनिया real-time में connect होगी।

साथियों,

Artificial Intelligence मानव इतिहास का ऐसा ही transformation है। आज जो हम देख रहे हैं, जो predict कर रहे हैं, वो इसके impact का सिर्फ प्रारंभिक संकेत है। AI मशीनों को intelligent बना रही है, लेकिन उससे भी अधिक, मानव सामर्थ्य को कई गुना बढ़ा रही है। अंतर सिर्फ एक है, इस बार speed भी अभूतपूर्व है और scale भी अप्रत्याशित है। पहले technology का impact दिखने में दशकों लगते थे, आज machine learning से learning machines तक का सफर तेज़ भी है, गहरा भी है, व्यापक भी है। इसलिए, हमें vision भी बड़ा रखना है और जिम्मेदारी भी उतनी ही बड़ी निभानी है। वर्तमान पीढ़ी के साथ ही हमें इस बात की भी चिंता करनी है कि आने वाली पीढ़ियों के हाथों में हम AI का क्या स्वरूप सौंपकर जाएंगे। इसलिए, आज असली प्रश्न यह नहीं कि भविष्य में Artificial Intelligence क्या कर सकती है, प्रश्न यह है कि वर्तमान में हम Artificial Intelligence के साथ क्या करते हैं। ऐसे प्रश्न मानवता के सामने पहले भी आए हैं। सबसे सशक्त उदाहरण है nuclear power, हमने उसका destruction भी देखा है, और सकारात्मक contribution भी देखा है। AI भी एक transformative power है। दिशाहीन हुई तो disruption, सही दिशा मिली तो solution. AI को machine-centric से human-centric कैसे बनाएं, संवेदनशील और उत्तरदायी कैसे बनाएं, यही इस Global AI Impact Summit का मूल उद्देश्य है।

साथियों,

भारत AI को किस दृष्टि से देखता है, उसका स्पष्ट प्रतिबिंब इस समिट की थीम में है- सर्वजन हिताय, सर्वजन सुखाय ! Welfare for all, Happiness of all. यही हमारा benchmark है। AI के लिए इंसान सिर्फ data point न बन जाए, इंसान सिर्फ raw material तक सीमित न रह जाए, इसलिए AI को डेमोक्रेटाइज करना होगा। इसे inclusion और empowerment का माध्यम बनाना होगा, और विशेष रूप से ग्लोबल साउथ में।

साथियों,

हमें AI को open sky भी देना है, और command भी अपने हाथ में रखना है। जैसे G.P.S. होता है, G.P.S. हमें रास्ता सुझाता है, लेकिन हमें किस डायरेक्शन में जाना है, इसकी फाइनल कॉल हमारी ही होती है। आज हम AI को जिस दिशा में लेकर जाएंगे, वैसा ही हमारा भविष्य तय होगा।

साथियों,

आज न्यू दिल्ली AI इंपैक्ट समिट में, मैं AI के लिए M.A.N.A.V,MANAV, मानव, मानव विजन प्रस्तुत करता हूँ। मानव का अर्थ होता है- ह्यूमन, और मानव विजन कहता है- M – Moral and Ethical Systems, यानि AI ethical guidelines पर आधारित हो। A – Accountable Governance, यानि Transparent Rules, रॉबस्ट ओवरसाइट। N – National सॉवरनिटी, यानि जिसका डेटा, उसका अधिकार। A – Accessible and Inclusive, यानि AI monopoly नहीं, multiplier बने। V – Valid and Legitimate, यानि AI lawful और वेरिफाय-एबल हो। भारत का ये ‘मानव’ विजन 21वीं सदी की AI आधारित दुनिया में, मानवता के कल्याण की अहम कड़ी बनेगा।

साथियों,

दशकों पहले जब इंटरनेट की शुरुआत हुई, तो कोई सोच भी नहीं पाता था कि इससे कितनी Jobs बनेंगी, यही बात AI में है। आज कल्पना करना मुश्किल है कि आने वाले समय इस फील्ड में किस तरह की Jobs पैदा होंगी। AI का Future of work प्रि-डिफाइन्ड नहीं है, ये हमारे निर्णय पर, हमारे कोर्स ऑफ़ एक्शन पर निर्भर होगा। मैं समझता हूं, हमारे लिए Future of work एक नई opportunity है। ये humans और intelligent systems के साथ मिलकर काम करने का युग है। “We are entering an era where humans and intelligent systems co-create, co-work, and co-evolve”. AI हमारे काम को और अधिक smart, efficient और impactful बनाएगा। हम बेहतर design करेंगे, तेज़ build करेंगे और बेहतर decisions ले सकेंगे। इससे और ज्यादा लोगों को higher-value, creative और meaningful roles भी मिलेंगे। ये innovation, entrepreneurship और new industries के लिए बड़ा मौका है। इसलिए, हमें skilling, reskilling और lifelong learning को mass movement बनाना होगा।

साथियों,

Future of work - inclusive, trusted और human-centric होगा। अगर हम मिलकर आगे बढ़ें, तो Artificial intelligence पूरी मानवता की क्षमता को नई ऊँचाइयों तक ले जाएगी।

साथियों,

कहा जाता है- Sunlight is the best disinfectant, यानी पारदर्शिता ही सबसे बड़ी सुरक्षा है। कुछ देश और कंपनियाँ मानती हैं कि AI एक “strategic asset” है, इसलिए इसे confidential तरीके से develop किया जाना चाहिए, लेकिन भारत की सोच अलग है। हम मानते हैं कि AI जैसी तकनीक तभी दुनिया के लिए लाभकारी होगी, जब उसे शेयर किया जाएगा, जब code Open होंगे और शेयर किए जाएंगे, तभी हमारे मिलियंस ऑफ यंग माइंड्स उन्हें बेहतर और सुरक्षित बना पाएंगे। इसलिए, आइए हम ये संकल्प लें कि AI को Global Common Good के रूप में विकसित किया जाएगा।

साथियों,

आज की एक बहुत बड़ी आवश्यकता global standards बनाने की भी है। Deep-fakes और फैब्रिकेटेड कॉन्टेंट, open societies में अस्थिरता ला रहे हैं। Physical world में हम food पर न्यूट्रीशन लेबल्स देखते हैं, ताकि हमें पता हो कि हम क्या खा रहे हैं। ठीक उसी तरह, digital world में content पर भी ऑथेन्टिसिटी लेबल्स होने चाहिए, ताकि लोगों को पता हो कि क्या असली है और क्या AI से बनाया गया है। जैसे-जैसे AI ज़्यादा text, images और videos बना रहा है, वैसे-वैसे इंडस्ट्री में Water-marking और Clear source standards की ज़रूरत बढ़ती जा रही है। इसीलिए, ये जरूरी है कि ये विश्वास टेक्नोलॉजी में शुरू से built-in हो।

साथियों,

हमें children safety के प्रति और अधिक सजग होना होगा। जैसे स्कूल का syllabus क्यूरेटेड होता है, वैसे ही AI space भी child-safe और family-guided होना चाहिए।

Friends,

आज दुनिया में दो तरह के लोग हैं, एक जिन्हें AI में भय दिखता है, वो हमेशा वैसी ही बात करते हैं, ऐसे लोग जिन्हें AI में भय दिखता है, औऱ दूसरे वो जिन्हें AI में भाग्य दिखता है।

और साथियों,

मैं जिम्मेवारी के साथ कहता हूं, गर्व के साथ कहता हूं, हमें भय नहीं, भारत को AI में भाग्य दिखता है, भारत को AI में भविष्य दिखता है। हमारे पास talent भी है, energy capacity भी है और policy clarity भी है। और मुझे आपको ये बताते हुए खुशी है कि इस समिट में 3 भारतीय कंपनियों ने अपने AI मॉडल्स और Apps लॉन्च किए हैं। ये मॉडल्स, हमारे Youth के टैलेंट को दिखाते हैं और भारत जो सॉल्यूशंस दे रहा है, उसकी depth और diversity का भी प्रतिबिंब है।

साथियों

भारत semi-conductor और chip making से लेकर क्वांटम कंप्यूटिंग तक एक रिजिलिएंट eco-system बना रहा है। Secure डेटा सेंटर्स, मजबूत IT back-bone, डायनामिक startup eco-system, भारत को affordable, scalable और secure AI solutions का natural hub बनाते हैं। भारत के पास diversity भी है, demography भी है और democracy भी है। जो AI model भारत में सक्सीड करता है, वो globally डिप्लॉय हो सकता है। इसलिए, मैं आप सभी को आमंत्रित करता हूँ - Design and Develop in India. Deliver to the World. Deliver to Humanity. एक बार फिर आप सभी को मेरी बहुत-बहुत शुभकामनाएँ।

Thank You !

धन्यवाद !